ফটাঢোল

চিত্ৰহাৰ – নিলাক্ষী কাকতি

এই ঘটনাটো মই পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে ঘটা৷ সৰুতে মই সাংঘাটিক দুষ্ট আছিলোঁ৷ কিন্তু ধৰা নপৰা দুষ্ট৷ মানে দুষ্টামি মই ঠিকেই কৰিছিলোঁ কিন্তু তাৰ চিন মোকাম নথৈছিলোঁ৷ মোৰ দুষ্টামিৰ সহযোগী আছিল মোৰ ভাইটি৷ পিচে মই এলাপেচা বিধৰ নাছিলোঁৱেই৷ য’ত মই মাৰ খোৱাৰ সামান্যতমো অৱকাশ থাকে তাতহে তাক পাৰ্টনাৰ বনাই লৈছিলোঁ৷ ফলত ঘটনা সংঘটিত কৰি মই “মাছৰ ঝোলৰ পৰা মাছ টুকুৰা বিচাৰি খাব নজনা” টাইপ ভাৱ এটা ফুটাই তুলিছিলোঁ৷ সমস্ত দোষ ভাইটিৰ গাত পৰাৰ পিছত সি সদায় মাৰ খাইছিল৷ পিচে সি মোৰ নাম ভুলতো নলৈছিল কিয়নো ‘ঘোঁচ’ দিয়াৰ প্ৰথাটোৰ ওপৰত মোৰ সৰুৰে পৰাই বিশ্বাস আছিল৷ এটকাৰ ভূজীয়া নাইবা পাঁচটামান অৰেঞ্জ চকলেটেৰে তাক ঘোঁচ দি মই মোৰ দুষ্টামিবোৰ নিখুতভাবেই আগবঢ়ায় লৈ গৈ আছিলোঁ৷ পিচে “এশ গৰু মাৰিলে বাঘৰো মৰণ”৷ মোৰ ক্ষেত্ৰতো অলপ তেনেকুৱাই হৈছিল৷

সেই সময়ত টিভিত কেবল্‌ৰ চেনেলবোৰ নাছিল৷ মানে মই দূৰদৰ্শনত ৰামায়ণ, মহাভাৰত দিয়াৰ সময়ৰ কথা কৈ আছোঁ৷ মনোৰঞ্জনৰ কাৰ্যসূচী সীমিত আছিল৷ ইফালে মা দেউতাৰ যি কাঢ়া শাসন! ভাল লগা কিবা চাবলৈ হ’লেও কিমান যে অনুনয়-বিনয় কৰিব লগা হৈছিল৷ কিবা প্ৰগ্ৰেম চাবলৈ হ’লে মই যে পঢ়াৰ অভিনয় কৰিছিলোঁ! সেই অভিনয় দক্ষতা বাহাল থকা হ’লে বোধকৰো এতিয়ালৈ ‘ফিল্ম ফেয়াৰ’ত কম হ’লেও ‘শ্ৰেষ্ঠ সহযোগী নায়িকা’ৰ বঁটাটো নিশ্চিত আছিল৷ বাৰু এতিয়া আহোঁ আচল কথালৈ৷ সেই সময়ত বুধবাৰ আৰু শুক্ৰবাৰে ‘চিত্ৰহাৰ’ বুলি এটা হিন্দী চিনেমাৰ গানৰ প্ৰগ্ৰেম দিছিল সন্ধিয়া চাৰে সাত বজাত৷ পিচে চিত্ৰহাৰ দিয়াৰ সময়টো ইমান বেয়া আছিল যে কেনেবাকৈ যদি পঢ়া টেবুলৰ পৰা উঠি আহি টিভিৰ সন্মুখত বহা মা-দেউতাই দেখে সেইদিনা আৰু নামঘৰৰ ডবা বাজিব নালাগে৷ মুঠতে বুধবাৰ আৰু শুক্ৰবাৰকেইটাই বৰ কৰুণভাৱে মোৰ কোমল অন্তৰখনত খুন্দিয়াই থৈ গৈছিল৷ পিচে মই আছিলোঁ চিত্ৰহাৰৰ দূৰন্ত প্ৰেমিকা৷ ইমান সহজতে হাৰ মনাটো মোৰ স্বভাৱ বিৰূদ্ধ কথা৷ গতিকে বুধবাৰ বা শুক্ৰবাৰকেইটা আহিলেই মোৰ জ্বৰ, পেটৰ বিষ, গা দূৰ্বল লগা ইত্যাদি অজুহাতবোৰ বেছি হয়৷ টিভিটো আছিল শুৱা কোঠালিত৷ গতিকে বেমাৰৰ বাহানাটো আছিল আটাইতকৈ উত্তম৷ মায়ে সেই সময়ত টিভি চাই থাকে৷ মোৰ গা বেয়া লগা বুলি ক’লে মায়ে মোক বিচনাত শুই থাকিবলৈ কয়৷ বচ্‌ মোক আৰু কোনে পায়! পিচে এইটো বাহানা সদায়তো কৰিব নোৱাৰি৷ গতিকে কেতিয়াবা পানী খোৱা, কেতিয়াবা পেচাব কৰিবলৈ যোৱাৰ বাহানাবোৰৰ মাজেদি মোৰ আৰু চিত্ৰহাৰৰ মুখামুখি হৈ আছিল৷

এইবোৰৰ মাজতেই মোৰ মনলৈ এদিন এটা ভাব আহিল৷ এনেদৰে আৰু কিমান দিন বাহানা মাৰি চলি থাকিম? কিবা এটা স্থায়ী সমাধান লাগে৷ কিন্তু কেনেকৈ? সমাধান ওলাল৷ কথাতে কয় নহয় “অভাৱেই আৱিষ্কাৰৰ মূল”৷ এনেও মই চালাখিত নাচিৰুদ্দিন মোল্লাতকৈ কোনোগুণে কম নাছিলোঁ৷ ভাইটি আৰু মোৰ পঢ়া কোঠালিটো আৰু আমাৰ শুৱা কোঠালিটো মানে য’ত টিভিটো থাকে লগালগি৷ মাজত মাত্ৰ বেৰখন৷ মই পুৰা এংগল মিলাই কাটা কম্পাচেৰে দুদিনমান খুব কষ্ট কৰি কৰি সৰুকৈ মানে এটা চকুৰে চাব পৰাকৈ এটা ফুটা কৰিলোঁ৷ তাৰ পিছত আৰু কি?মোৰ ৰামৰাজ্য৷ তেতিয়াৰ পৰা না মোৰ গা বেয়া হয় না মোৰ পানী পিয়াহ লাগে৷ মুঠতে মই আচৰিত ধৰণে মই পঢ়াত একানপটীয়া ছোৱালী হৈ পঢ়িলোঁ৷ ভাইটিক সন্ধিয়া সময়ত দেউতাই পঢ়াইছিল বেলেগ এটা ৰুমত৷ চিত্ৰহাৰ দিলে মোৰ চকু ফুটাটোত৷ মুঠতে মোৰ সুখৰ সময়বোৰে বানপানীৰ ঢল অহাদি ভৰ কৰিছিল সেই কেইদিনত৷ কিন্তু নিয়তিয়ে মোৰ সুখ সহ্য কৰা নাছিল বোধকৰো৷ কিছু দিনৰ কাৰণে দেউতা দিল্লীলৈ যাবলগা হৈছিল৷ গতিকে ভাইটি মোৰ লগত পঢ়িবলৈ আহিল আমাৰ পঢ়া ৰুমত৷ সেইদিনা বুধবাৰ৷ ভাইটি অংক কৰাত ব্যস্ত৷ মোৰ চকু ফুটাটোত৷

: ঐ তই কি চাই আছ?

ভাইটিৰ প্ৰশ্ন৷

: নাই এনেই৷

: চাওঁ চাওঁ তই কি চাই আছ? মোক চাবলৈ দে৷ নহ’লে মই মাক কৈ দিম৷

: হুহ ল৷ চাবি কিন্তু মাক ক’লে কালি তোক চানা খোৱাম৷

: অ তই টিভি চাই থাক এইটো ফুটাৰে!

সি ফুটাটোৰে চাই ক’লে৷

: ঐ মাক নকবি কিন্তু৷

: নকওঁ কিন্তু মোকো চাবলৈ দিব লাগিব৷

: হ’ব দে দিম৷ এবাৰ তই চাবি এবাৰ মই চাম৷

এনেদৰেই আমাৰ চুক্তি হৈ গৈছিল৷ বেছ কিছুদিন আমি অতি শান্তিৰে এনেদৰেই চিত্ৰহাৰ উপভোগ কৰিছিলোঁ৷ পিচে! পিচে কি! কিয় যে মোৰ নিখুঁত পৰিকল্পনাত যতি পৰিল! সেইদিনা দৰ্জাখন জপাবলৈ পাহৰিলোঁ৷ কেতিয়াবা আত্মবিশ্বাস প্ৰবল হ’লেও বিড়ম্বনা বাঢ়ে৷ সেইদিনা আছিল শুক্ৰবাৰ৷ চিত্ৰহাৰ আহি আছে৷ চুক্তি অনুযায়ী ফুটাটোত চকু এবাৰ মোৰ এবাৰ ভাইটিৰ৷ হঠাৎ! আস!

: তহঁত দুটাই কি কৰি আছ চাওঁ৷

পিছফালে মা৷

: কি চাই আছ?

: একো নাই মা৷ আমি…আমা একো কৰা নাই৷

দুয়োটাই তেতিয়ালৈ বেঙে মূটা গৰু যেন হৈ কঁপিবলৈ আৰম্ভ কৰিছিলোঁৱেই৷

: খালে খালে৷ খালে ঐ ইহঁতে৷ অ তহঁতে ফাঁকি দি ফুটাৰে টিভি চাই আছ? মই সন্দেহ কৰিছিলোঁৱেই৷ হঠাৎ ইহঁত ইমান ভাল কেনেকৈ হ’ল! এবাৰো টিভিৰ ওচৰলৈ নাহে! পানী পিয়াহো নালাগে গাও বেয়া নালাগে৷ এতিয়াহে বুজিলোঁ৷

থাপ্‌ থাপ্‌….

ভাইটিক দুই চৰ দি মায়ে ক’লে৷

: অ মা সৰস্বতী মাৰ শপত, বিদ্যা শপত মই কৰা নাই ফুটাটো এই কৰিছে৷ মই তোমাক কৈ দিম বুলি কওঁতে মোকো ফুটাৰে চিত্ৰহাৰ চাবলৈ দিছে৷

: হাঁ!! অ’ যত কুটৰ ঘাই এওঁ৷ তাকেইতো মই ভাবিছোঁ হঠাতে এওঁ একেবাৰে তাল খোল বজালেও নুশুনি পঢ়ি থকাজনী হ’ল কেনেকৈ? কৰিবিনে আৰু কৰিবি?

কাণমলা উইথ বোনাচ সহ চৰ থাপৰ৷

: নকৰোঁ মা নকৰোঁ৷ শপত আজিৰ পৰা ভালদৰে পঢ়িম৷

: মিছা মাতিবিনে?

এচাৰিৰে পিঠিত দুই তিনিকোব!

: বিদ্যা শপত মিছা নামাতোঁ৷ মা নামাৰিবা৷ আৰু নকৰোঁ৷

: কাণত ধৰ দুয়োটাই৷ আঁঠু কাঢ়৷

আৰু কি কম মোৰ দুখ ভৰি দাস্তান৷ এনেদৰেই মোৰ চিত্ৰহাৰ চোৱাৰ সুখৰ সময়খিনিৰ কৰুণ সমাপ্তি ঘটিল৷ লগতে অসমবাসীয়ে ভৱিষ্যতৰ এগৰাকী সু-অভিনেত্ৰীক দেখা পোৱাৰ পৰা বঞ্চিত হ’ল৷
☆★☆★☆

7 Comments

  • Indra Mohan Borah

    আপোনাৰ চিট্ৰহাৰপ্ৰীতিৰ কহিনী ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া নীলাক্ষী৷ তামাম ভাল লাগিল তোমাৰ চিত্ৰহাৰ চোৱা কাহিনী৷

    Reply
  • কমলা দাস

    বঢ়িয়া নীলাক্ষী😂😂

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এ মজা।

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ!কেনে মজা বেৰৰ ফুটাৰে চিত্ৰহাৰ চোৱাৰ।

    Reply
  • কাবেৰী মহন্ত

    মজা লাগিল ৷ আমাৰো প্ৰিয় আছিল চিত্ৰহাৰ

    Reply
  • নীতাশ্ৰী নেওগ

    মোৰো এটা বুধি আছিল টি ভি চোৱাৰ।মনত পৰি গ’ল।অভাৱেই আৱিস্কাৰৰ মূল আৰু ন।তামাম বুধি কিন্তু।

    Reply

Leave a Reply

Your email address will not be published.