ফটাঢোল

চিনেমাৰ পোক-তবিবৰ ৰহমান

মোৰ বন্ধু এজনৰ সৰুৰ পৰাই চিনেমা চোৱা, গান শুনাত খুউব নিচা আছিল। সেই সময়ত চিনেমা চাবলৈ বা গান শুনিবলৈ এতিয়াৰ দৰে  সকলো সময়তে উপলব্ধ  ডিচ, কেবল, ইউ টিউব বা আন আন সুবিধাসমূহ সহজলভ্য নাছিল। টিভিত চিনেমা চাবলৈ হ’লে শুক্ৰবাৰ, শনিবাৰলৈ অপেক্ষা কৰিব লাগে নতুবা ক’ৰবাত বোলছবি আমন্ত্ৰণ কৰালৈ ৰৈ থাকিব লাগে বা গাঁৱৰ আশে পাশে কোনোবাই ভিচিপিৰ সৈতে কেছেট ভাড়া কৰি আনালৈ মুখ মেলি চাই থাকিব লাগে। কোন ঠাইত বোলছবি আমন্ত্ৰণ কৰিছে, কোন ঠাইত কিমান তাৰিখে ফাংচন আছে, কোনে ভিচিপি ভাড়া কৰি আনিছে এই সকলোবোৰ খবৰ বন্ধুৱে মোক আগতীয়াকৈ যোগান ধৰিছিল। আৰু আমি দুয়োজনে আগতীয়াকৈ  সকলোবোৰ পৰিকল্পনা কৰি চিনেমা ফাংচন চাবলৈ গৈছিলোঁ। ৰাতি ৰাতি চিনেমা ফাংচন চাবলৈ যোৱাৰ বাবে আমি ঘৰৰ মানুহৰ পৰা মাজে সময়ে বকনি আৰু কেতিয়াবা কেতিয়াবা এচাৰিৰ কোব খাবলগীয়াও হৈছিল।

বন্ধু বৰ আৱেগিক আছিল। চিনেমাত যদি নায়িকাই নায়কক ভাল নাপায় তেতিয়া নায়িকাৰ ওপৰত সি  তামাম খং কৰে। নতুবা কাহিনীৰ দাবী অনুসৰি যদি  নায়ক বা নায়িকাই মৰিব লগা হয় তেতিয়াহ’লে সি হুকহুকাই কান্দে। এদিন তাৰ লগত ৰূপালী পৰ্দাত চিনেমা চাই আছোঁ। চিনেমাখনৰ আৰম্ভণিতে নায়িকাই নায়কক ভাল নোপোৱাৰ লগতে দেউতাকৰ  ধনৰ অহংকাৰত মত্ত হৈ অপমানো কৰিলে। লগে লগে বন্ধুৱে বহাৰ পৰা উঠি গৈ পৰ্দাৰ সন্মুখত ৰৈ নায়িকা ওলোৱালৈ ৰৈ থাকি ওলোৱাৰ লগে লগে আঙুলি দেখুৱাই চিঞৰি চিঞৰি কিবাকিবি কৈ দম দিবলৈ ধৰিলে। পিছফালৰ পৰা মানুহে হাল্লা চিল্লা কৰাতহে  চুচুক-চামাককৈ আহি বহি আছে। 

আকৌ এদিন “কয়ামতছে কয়ামত তক” চিনেমাৰ শেষত আমিৰ খান আৰু জুহি চাওলা যেতিয়া  মৰিল, বন্ধুৱে কোনোবা আপোন মানুহ মৰাৰ দৰে পেণ্ডেলৰ ভিতৰতে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। মানুহবোৰে ঘৰলৈ যাবলৈ এৰি জুমি জুমি তাক চাই আছে যদিও সেইবোৰলৈ তাৰ ভ্ৰূক্ষেপে নাই। বহু সময় পিছতহে বুজাই বঢ়াই তাক ঘৰলৈ লৈ আহিছোঁ। 

২০০২ চনত  “তুমছে অচ্ছা কৌন হে” চিনেমাখন ৰিলিজ হোৱাৰ সময়ত বন্ধু আৰু মই গুৱাহাটীত আছিলোঁ।  চিনেমাখন ৰিলিজ হোৱাৰ আগতে গানকেইটা শুনি শুনি সি  চিনেমাখন চাবলৈ খুবেই উৎসাহিত হৈ আছিল। কোনদিনা চিনেমা ৰিলিজ হ’ব কোনদিনা চিনেমা চাবলৈ সময় পাব এইবোৰ কথা কৈ কৈ সি  মোৰ কাণ ঘোলা কৰি দিছিল। যথাসময়ত চিনেমা ৰিলিজ হ’ল আৰু সি আৰু মই অনুৰাধা  চিনেমা হলত চিনেমাখন চাবলৈ গ’লোঁ। চিনেমাখন হিৰ’ আৰু হিৰ’ইনৰ মাজত প্ৰেম নোহোৱাকৈয়ে শেষ হ’ল। প্ৰেম নোহোৱা কাৰণে চিনেমাখনৰ গান কেইটাও অকলে অকলে গাব লগা হৈছিল। মানে বেলেগ চিনেমাত প্ৰেম হোৱাৰ পিছত হিৰ’ হিৰ’ইনে লগ হৈ নাচি-বাগি হিৰ’ই এফাঁকি হিৰ’ইনে এফাঁকি গোৱাৰ দৰে গোৱা নাছিল। এই হিৰ’ হিৰ’ইনৰ মাজত প্ৰেম নোহোৱা কাৰণে তাৰ বৰ দুখ। 

চিনেমাখন শেষ হোৱাৰ পিছত সেই কথাটোকে সি  বাটে বাটে তুলা-ধূনা দি আহি থাকিল। এবাৰ যদি কয় এটা গান যদি হিৰ’ আৰু হিৰ’ইনে লগ হৈ গালেহেঁতেন তেতিয়াহ’লে চিনেমাখন পুৰৰা হিট হ’লহেঁতেন! আন এবাৰ আকৌ  হিৰোইনৰ বাপেকটোৰ কাৰণে তাই হিৰ’ক ভাল নাপালে বুলি  কৈ আক্ষেপ কৰে। মই তাক কাহিনীৰ স্বাৰ্থত এনেকৈয়ে চিনেমাখন বনোৱা বুলি কৈ শান্তনা দিবলৈ চেষ্টা কৰোঁ যদিও মোৰ চেষ্টাত সি চেঁচা পানী ঢালি দিয়ে। তাৰ মতে এটা হ’লেও গান লগ হৈ গাব লাগিছিল তেতিয়া বৰ ভাল লাগিলহেঁতেন। ৰূমত গৈ পোৱাৰ পিছতো চিনেমাৰ কথাকে কৈয়ে সি চেণ্টি ফালি থাকিল। সি চেণ্টি ফালি থকাৰ  মাজতে ভাত পানী ৰান্ধি খাই বৈ শুই থাকিলোঁ। 

টোপনিত থাকোঁতেই গাত জোকাৰি কোনোবাই মতাত থতমত খাই কি হ’ল বুলি জাঁপ মাৰি উঠিলোঁ। দেখিলোঁ সি মোক ঘৈনীয়েকে কিবা বস্তু লগাৰ সময়ত মৰমেৰে মতাৰ দৰে মাতি আছে। খঙে ৰাগে এই মাজনিশা কি হ’ল বুলি সুধিলত সি আকৌ চিনেমাখনৰ কথা উলিয়াবলৈ ধৰিলে। চিনেমাখনত যদি হিৰ’ আৰু হিৰ’ইনে লগ হৈ এটা গান গালেহেঁতেন তেতিয়া বৰ শান্তি পালোহেঁতেন বুলি কৈ পুনৰ চেণ্টি ফালিবলৈ ধৰিলে। মই বোলো চিনেমাখনৰ গান কেইটা ৰিলিজ হোৱাৰ পৰাই সেইখনক লৈ কাণ ঘোলা কৰিছা। চিনেমাখন চাই অহাৰ পৰাই মাথা ঘোলা কৰিছা। এতিয়া সেইখনক লৈ টোপনি ক্ষতি কৰি দেহা ঘোলা কৰিবলৈ মন নাই। শুই থাকা মনে মনে, নহ’লে এই মাজৰাতি বাহিৰত উলিয়াই থৈ দিম। তাৰ পিছতহে সি চুপচাপ শুই থাকিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.