ফটাঢোল

চিনেমা — জয়ন্ত দাস

JD প্ৰডাকচনৰ প্ৰথম নিবেদন

ছবি : দৰা হব কোন? :

প্ৰযোজনা: ডলী তালুকদাৰ
পৰিচালনা, সংলাপ, কাহিনী, চিত্ৰনাট্য : জয়ন্ত দাস
সহ পৰিচালনা : নয়নমণি হালৈ
কেমেৰা : কৃষ্ণ দাস
লাইট : তবিবৰ
মেকআপ : কাবেৰী মহন্ত
কণ্ঠশিল্পী : পূৰ্ণময়ী মেধী
স্পট বয় : অভিজিত মেধি
এক্সন : চন্দন
ক’ৰিঅগ্ৰাফাৰ : ৰামানুজ গোস্বামী
অভিনয়ত : ডলী তালুকদাৰ, দিগন্ত ভট্টাচাৰ্য, মৃদুল নাথ, ৰাজশ্ৰী শৰ্মা, নীলাক্ষী কাকতি, সঞ্জীৱ ভট্টাচাৰ্য, নয়নমণি হালৈ, কমলা দাস, প্ৰণীতা গোস্বামী, হেমন্ত কাকতি, তবিবৰ ৰহমান।

ডলী তালুকদাৰ : গৌৰী(নায়িকা)
দিগন্ত ভট্টাচাৰ্য : জোনাক ( সু-লেখক ও গীতিকাৰ, গৌৰীৰ প্ৰেমিক)
মৃদুল নাথ : নিয়ৰ (গৌৰীৰ প্ৰেমিক)
ৰাজশ্ৰী শৰ্মা : ৰীতা (গৌৰীৰ বান্ধৱী)
নীলাক্ষী কাকতি : মানসী (গৌৰীৰ বান্ধৱী)
সঞ্জীৱ ভট্টাচাৰ্য : মনজিত (গৌৰীৰ প্ৰেম প্ৰাৰ্থী)
নয়নমনি হালৈ : বিনয় (ৰীতাৰ প্ৰেমিক)
কমলা দাস : গৌৰীৰ মাক
প্ৰণীতা গোস্বামী বৰঠাকুৰ : নিয়ৰৰ মাক
হেমন্ত কাকতি : পল্লৱ
অতিথি শিল্পী : তবিবৰ ৰহমান

১ম দৃশ্য

লাইট, একচন, কেমেৰা

কেমেৰাই অসম আৰ্হিৰ এটা সুন্দৰ ঘৰ দেখুৱাব৷ টাবত থকা বিভিন্ন ফুলৰ গছে বাৰাণ্ডাখনৰ সৌন্দৰ্যক অনন্য মাত্ৰা প্ৰদান কৰিব৷ লাহে লাহে কেমেৰা এটা কোঠালৈ সোমাই যাব৷ ক্ল’জআপত কোঠাৰ ভিতৰত সজাই থোৱা হাৰমনিয়াম, তবলা আদিৰ লগতে দুই এখন ৱাল প’ট্ৰেইট দেখুৱাব৷ ক্ৰমাৎ কেমেৰা কোঠাৰ বিছনাখনত আবদ্ধ হ’ব৷ ক্ল’জআপত এজনী ধুনীয়া ছোৱালীয়ে কাৰোবাৰ স’তে ফোনত কথা পাতি থকা দেখুৱাব৷

ছোৱালীজনীৰ নাম গৌৰী আৰু এই ৰ’লটো কৰিব ডলী তালুকদাৰে৷

গৌৰী : তোমাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে, যেন সপোনবোৰ মোৰ আজি সফল হ’ল৷

সিফালৰ পুৰুষ কণ্ঠস্বৰ শুনোৱা হ’ব৷

: মোৰো ভাৱ হৈছে মোৰ জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি তুমি৷ তুমি অবিহনে মই শূন্য৷

এনেতে গৌৰীৰ মাকৰ কণ্ঠস্বৰ শুনা যায়৷ এই ৰ’লটো কৰিব কমলা দাসে৷

মাক : গৌৰী ভাত বাঢ়িছোঁ৷ আহ ভাত খাহি৷

গৌৰী : (ফোনত ক’ব) মায়ে ভাত খাবলৈ মাতিছে৷ ৰাখিছোঁ হে৷ লাভ ইউ৷

গৌৰীয়ে মবাইলৰ স্ক্ৰীণখনতে চুমা এটা খাব৷

লাহে লাহে কেমেৰা ডাইনিং টেবুলত আবদ্ধ হ’ব৷ গৌৰী আৰু মাকে ভাত খাই থকা দেখা যাব৷

মাক : (গৌৰীক উদ্দেশ্যি) মাজনী কথা এটা কওঁ৷

গৌৰী : কি মা?

মাক : ভাবিছোঁ কোনোবা ভাল ল’ৰা পালে এই বছৰেই তোৰ বিয়াখন পাতোঁ৷

গৌৰী : মা তুমিও যে আৰু৷ হ’ব নহয় সময়ত৷ কিয় ইমান চিন্তা কৰিব লাগে?

মাক : গাভৰু ছোৱালী থাকিলে মাক বাপেকৰ কিমান চিন্তা হয় তই নুবুজিবি৷ বাৰু কথা এটা সোধোঁ৷ কৰোবাক পচন্দ কৰি থৈছ নেকি?

গৌৰী : হ’ব দিয়াচোন মা এইবোৰ পাছত৷ এতিয়া ভাত খোৱা৷

২য় দৃশ্য

কেমেৰাই সন্দিকৈ কলেজৰ সন্মুখৰ ব্যস্ত ৰাজপথ দেখুৱাব৷ ক্ল’জআপত এজন ধুনীয়া চেহেৰাৰ ল’ৰা মটৰ চাইকেল এখনৰ ওপৰত বহি থকা দেখুৱাব৷ ল’ৰাটোৰ নাম জোনাক আৰু ৰ’লটো কৰিব দিগন্ত ভট্টাচাৰ্যই৷ মাজে মাজে তেওঁ হাতৰ ঘড়ীটোত সময় চাই থাকিব৷

পুনৰ কেমেৰাই কলেজৰ গেট দেখুৱাব৷ গৌৰী আৰু তেওঁৰ দুগৰাকী বান্ধৱী কলেজৰপৰা ওলাই আহি থকা দেখুৱাব৷ বান্ধৱী দুজনী ক্ৰমে ৰীতা (ৰাজশ্ৰী) আৰু মানসী (নীলাক্ষি)৷

গৌৰী : (জোনাকক দেখি) হাৰে জোনদা! তুমি? কি কৰি আছা ইয়াত?

জোনাক : তোমাৰ বাবেই ৰৈ আছিলোঁ৷ এটা নতুন গান লিখি সুৰ কৰিছোঁ৷ ভাবিলোঁ লগেলগেই তোমাক জনাওঁ৷ এইবাৰ বিহুৰ ফাংচনবোৰত গাব পাৰিবা৷

গৌৰী : তুমি কিয় ফোন কৰা নাছিলা? মিছাতে মোৰ বাবে ক্লাছ শেষ হোৱালৈ অপেক্ষা কৰিব লগা হ’ল৷ অ’ ৰ’বা৷ এয়া মোৰ বান্ধৱী ৰীতা আৰু মানসী৷

গৌৰীয়ে সিহঁতক জোনাকৰ লগত চিনাকি কৰি দিব৷

জোনাক : কি কৰিবা? ব’লা নহ’লে, পাৰ্কতে অলপ বহি গীতটি তোমাক শিকাই দিওঁ৷

গৌৰী : অ’ বেয়া নহ’ব৷ মোৰ অলপ বজাৰ কৰিবলগীয়াও আছে৷ ব’লক তেন্তে৷

গৌৰীয়ে বান্ধৱী দুজনীক বাই দিব৷ ৰীতা আৰু মানসীয়ে দুয়ো দুয়োৰে মুখৰ ফালে চাব৷ গৌৰীয়ে জোনাকৰ বাইকত বহিব৷

মানসী : ইমান হেণ্ডচাম জোনাক। দেখিয়ে প্ৰেমত পৰিলোঁ ৰে। পিচে গৌৰীয়ে এৰিলেহে।

ৰীতা : ব’লা যাওঁ। আমাৰ কামটো কৰিবলৈ আছে নহয়।

দুয়ো চিটি বাছ এখন অহাত উঠি দিয়ে।

জোনাক : প্ৰথমে তোমাৰ বজাৰখিনিয়েই কৰি লওঁ নেকি?

গৌৰী : ব’লা তেন্তে৷

কেমেৰাই মোহিনী’জ দোকানখন দেখুৱাব৷ ক্ল’জআপত গৌৰীয়ে চুৰিদাৰ চাই থকা দেখুৱাব৷

গৌৰী : (নীলা ৰঙৰ চুৰিদাৰ এযোৰ দেখুৱাই) এইযোৰ ইমান ধুনীয়া লাগিছে৷ কেনেকুৱা দেখাব মোক জোনদা?

জোনাক : বৰ ধুনীয়া লাগিব৷ লৈ লোৱা৷

গৌৰী : অঁ ভাবিছোঁ৷ (দোকানিক উদ্দেশ্যি) দাম কিমান?

দোকানি : চাৰি হাজাৰ পাঁচশ টকা৷

গৌৰী : বাপৰে ইমান দাম৷ নালাগে বাৰু এইযোৰ৷ বেলেগ এযোৰ চাওঁ৷

জোনাক : হাৰে কিয় নল’বা? লোৱাচোন একো নহয়৷ মই পইচা দি আছোঁ ৰ’বা৷

গৌৰী : নালাগে জোনদা৷

জোনাক : নাই নাই৷ তুমি পচন্দ কৰিছা যেতিয়া ল’বই লাগিব৷

জোনাকে দোকানিক বিল পৰিশোধ কৰি কাপোৰযোৰ পেক কৰিবলৈ দিব৷ বাইকত দুয়ো পুনৰ নেহেৰু পাৰ্কৰ ফালে গতি কৰিব৷

কেমেৰাই পাৰ্কৰ গেট দেখুৱাব৷ গৌৰী আৰু জোনাক গেটেৰে সোমাই যাব৷ এখন খালী বেঞ্চত দুয়ো বহিব৷

ক্ল’জআপত জোনাকৰ মুখখন দেখুৱাব৷

পকেটৰ পৰা গীতটো লিখি নিয়া কাগজ এখন উলিয়াই গৌৰীক গীতৰ কথাবোৰ ক’ব আৰু সুৰ লগাই গাই যাব,

: তোমাৰ মায়াসনা চাৱনিত মই যেন দিশহাৰা পখী….৷

কেমেৰাই গৌৰীৰ মুখখন দেখুৱাব৷ তাই যেন গীতৰ কথা আৰু সুৰত আপ্লুত৷ জোনাকৰ লগতে গৌৰীয়েও গীতত কণ্ঠ নিগৰাব৷

কেমেৰাই জুম ইন কৰি গৌৰী আৰু জোনাকে আপোন ভাবত বিভোৰ হৈ গীত গাই থকা দেখাব৷

৩য় দৃশ্য:

পদুম কৃষ্টি সংঘ৷ কেমেৰাই ক্লাবটোৰ ভিতৰভাগ দেখুৱাব৷ কোঠাটোত জোনাক কেইজনমান ডেকাল’ৰাৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰৰে কাৰোবাৰ বাবে অপেক্ষা কৰি থকা দেখুৱাব৷ লাহে লাহে কেমেৰাই জোনাকৰ মুখখন দেখুৱাব৷ তেওঁ যেন কিছু চিন্তাগ্ৰস্ত৷ জোনাকে মবাইল উলিয়াই গৌৰীক ফোন লগাব৷

জোনাক : হেল্ল’ গৌৰী ক’ত তুমি? আমি ক্লাবত তোমাৰ বাবে ৰৈ আছোঁ৷

গৌৰী : অ’ জোনদা, এই পাইছোৱেই৷ মই নিয়ৰদাৰ লগত বাইকতে আহি আছোঁ৷

নিয়ৰৰ ৰ’লটো কৰিব মৃদুল নাথে৷

কেমেৰাত ক্লাবটোলৈ আহি থকা বাইক এখন দেখা যাব৷ ক্ল’জআপত নিয়ৰৰ কান্ধত হাত থৈ গৌৰীক আহি থকা দেখুৱাব৷ নিয়ৰ আৰু গৌৰী ক্লাবটোৰ ভিতৰলৈ সোমাই যাব৷ জোনাকৰ মুখখন নিয়ৰৰ লগত গৌৰীক দেখি ক’লা পৰিব। জোনাকে লিখা নতুন গীতটোৰ ৰিহাৰ্চেল আৰম্ভ হ’ব৷ আৰু গৌৰীৰ কাষত বহিব লাহেকৈ। নিয়ৰে গানৰ তালে তালে গীটাৰৰ লহৰ তুলি পৰিবেশটো মায়াময় কৰি তুলিব৷

গৌৰী : বাঃ নিয়ৰ দা বৰ সুন্দৰ বজাইছা দেই৷ মন ভৰি গৈছে৷

নিয়ৰে মৃদু হাঁহিৰে শলাগিব৷ ৰিহাৰ্চেল চলি থাকিব

৪ৰ্থ দৃশ্য

গ্ৰীণউদ ৰিজৰ্ট ৰীতা আৰু বিনয় এখন টেবুলত মুখামুখিকৈ বহি কথাপাতি থাকিব৷ বিনয়, ৰীতাৰ প্ৰেমিক৷ ৰ’লটো কৰিব নয়নমণি হালৈয়ে৷
কেমেৰা দুয়োৰে ওপৰত স্থিৰ হ’ব৷

ৰীতা : বিনয়দা কোৱা, কিমান দিন আৰু মোক ৰখাবা? ঘৰত মা-দেউতাই হাল্লা লগাই দিছে৷ এইবাৰ বোলে মোৰ বিয়াখন পাতিবই৷ চাৰিওফালে ল’ৰাৰ বাবে খবৰ দিছে৷

বিনয় : কি ক’লা তুমি?

ৰীতা : কি ক’মনো আৰু? সেই আগৰ কেচেটখনেই বজাইছোঁ৷ ৰ’বাচোন মা আৰু কেইদিনমান৷ ইমান দৌৰাদৌৰি কৰিব নালাগে৷

বিনয়ে ৰীতাৰ মুখৰ ফালে ৰ লাগি চাই থাকিব৷

ৰীতা : হ’ব চাই থাকিব নালাগে৷ কিবা এটা কৰা সোনকালে, নহ’লে তোমাৰ কপৌ কোনোবাই উঠাই লৈ যাব৷

এনেতে মানসী সোমাই আহি সিহঁতৰ ওচৰত বহে৷

মানসী : দেৰি হ’ল দেই বেয়া নাপাবি৷ মক্কেলটো কেতিয়া পাব?

ৰীতা : (ঘড়ীটোলৈ চাই) এই পাবৰ হৈছেই আৰু৷

মানসী : আমি আৰু বেছিদিন মক্কেলটোক খিৰাব নোৱাৰিম৷ আজিয়েই যিমান পাৰা চাঞ্চ লৈ ল’বা।

বিনয় : হেই পাৰিম ৰ’বা৷ তাৰ পৰা মিহি-মিহিকৈ খিৰাই থাকিব লাগিব৷

ৰীতা : গৌৰীয়ে গম পালে আমাক খুব বেয়া পাব৷ তাই বেচেৰীয়ে একো গমেই নাপায় এইবোৰ৷

কেমেৰাত চহৰৰ বিখ্যাত ব্যৱসায়ী ৰক্তিম কাকতিৰ পুতেক মনজিত কাকতি আহি থকা দেখা যায়৷ ৰ’লটো কৰিব সঞ্জীৱ ভট্টই৷

ৰীতা : (বিনয়ক উদ্দেশ্যি) তুমি সেই কাষৰ টেবুলখনত বহা৷ মক্কেলটো আহি পাইছে৷

মনজিত : (দূৰৈৰ পৰাই) হাই ৰীতা, হাই মানসী৷ ভাল নে তোমালোকৰ?

নীলা : হয় ভালেই দাদা৷ বহক দাদা৷

মনজিত : আচ্ছা কোৱাচোন, মোৰ কাম কিমানদূৰ আগবঢ়ালা?

ৰীতা : দাদা পুৰা আগবাঢ়িছে৷ তায়ো আপোনাৰ প্ৰেমত পাগল হৈ গৈছে৷ আপুনি দিয়া প্ৰত্যেকখন চিঠিয়েই ইমান আগ্ৰহেৰে পঢ়ে৷ মাত্ৰ গান বাজনাত লাগি আছে বাবেহে উত্তৰ দিব পৰা নাই৷

উত্তৰ শুনি মনজিতে ৰীতাক হাই চুইটি বুলি সাবটি ধৰিব খোজোঁতেই ৰীতা অলপ পিছুৱাই অহাত মনজিত ফ্ল’ৰৰ ওপৰতেই বাগৰি পৰে৷

মানসী : ইচৰাম দাদা দুখ পালে নেকি? কেনেকৈ পৰিল?

মনজিত : হাতখন অলপ মোহাৰি মোহাৰি৷ নাই নাই দুখ পোৱা নাই৷ বাৰু এটা কথা কোৱাচোন তোমালোকে মোক আজিলৈকে গৌৰীৰ ফোন নম্বৰটো নিদিলা৷ তাৰোপৰি তোমালোকে মোক সেই পুৰণা জামানাৰ দৰে অকল চিঠিহে লিখাই আছা৷ ইপিনে এখনো চিঠিৰ উত্তৰ আনিব পৰা নাই৷ কিবা এটা কৰা দেই সোনকালে৷

ৰীতা : হ’ব দাদা৷ আপুনি ভয় কৰিব নালাগে৷ আমি দ্বায়িত্ব লৈছোঁ৷

মনজিত : বাৰু ঠিক আছে৷ কিন্তু জল্দি মোক ইয়েছ লাগিবই৷ আচ্ছা তোমালোকে কিবা খালানে?

ৰীতা : নাই দাদা আপোনাৰ বাবেই ৰৈ আছোঁ৷

মনজিত : অৰ্ডাৰ কৰা কি খাবা৷

ৰীতা আৰু মানসীয়ে মেনু চাই চাই বিভিন্ন খোৱা বস্তুৰ অৰ্ডাৰ দিয়ে দুই প্লেটকৈ নিজৰ বাবে৷

মনজিত : আচ্ছা কোৱাচোন মই দিয়া কাপোৰযোৰ তাইৰ পচন্দ হৈছে নে নাই৷

মানসী : হৈছে দাদা৷ এইবাৰৰ ফাংচনত আপোনাৰ কাপোৰযোৰেই পিন্ধিব৷

মুখতে বিৰবিৰাই, “বেচেৰা, তাই আপোনাৰ নামেই শুনা নাই আৰু কাপোৰ ল’ব৷ কাপোৰ কেতিয়াবাই মোৰ ঘৰৰ আলমাৰী পালে৷”

মনজিত : (মানসীক উদ্দেশ্যি) হাঁ কিবা কৈছিলা?

মানসী : (অলপ হতভম্ব হৈ) নাই নাই একো কোৱা নাই৷ আচলতে মোৰ অলপ পইচাৰ অসুবিধা হৈছিল৷ দহ হাজাৰমান টকাৰ প্ৰয়োজন আছিল৷

মনজিত : মোক আগতেই কিয় কোৱা নাছিলা৷

পকেটৰ পৰা পাৰ্চ উলিয়াই৷

: এয়া লোৱা৷ কিন্তু কৈ থওঁ দেই এইবাৰ কিন্তু গৌৰীৰ পৰা মোৰ চিঠিৰ উত্তৰ পাবই লাগিব৷ নহ’লে কিন্তু চব হিচাব নিকাচ হ’ব৷

ৰীতা আৰু মানসীয়ে সেমেনা-সেমেনি কৰে৷

মনজিত যোৱাৰ পিছত বিনয় সিহঁতৰ কাষলৈ আহে।

বিনয় : বাঃ দহ হাজাৰ টকা! ভাগ কৰ সমানে।

মানসীয়ে বিনয় আৰু ৰীতাক তিনি হাজাৰকৈ দিয়ে। আৰু নিজে চাৰি হাজাৰ টকা লয়।

ৰীতা : তই চাৰি হাজাৰ ল’লি যে?

মানসী : কষ্ট বেছি কাৰ হয় মোৰনে তহঁতৰ? খোজে কোনে পইচা? আৰু তাৰ সেই সাৰ গোবৰ নোহোৱা বানান ভুল চিঠিবোৰ মইহে পঢ়োঁ। উফ কেনেকৈ সহ্য কৰোঁ মইহে জানো? গতিকে মোৰ এহেজাৰ বেছি হ’বই।

বিনয় : গৌৰীয়ে গম পালে তহঁতৰ কি হ’ব?

ৰীতা : একো নহয়। গৌৰীয়ে গমে নাপাব। ই মনজিত মহা বদমাচ। পঢ়া শুনা নকৰে আৰু ধুনীয়া ছোৱালী দেখিলে প্ৰেমত পৰে। সেইকাৰণে মজা দিছোঁ।

লাইট অফ হয়।

৫ম দৃশ্য

সন্ধিয়া সময়৷ নিয়ৰৰ ঘৰ৷ কেমেৰাই ড্ৰয়িং ৰূমত নিয়ৰ আৰু মাকে চাহ খাই কথা পাতি থকা দেখুৱাব৷
মাকৰ ৰোল কৰিব প্ৰণীতা গোস্বামী বৰঠাকুৰে৷

মাক : ভাবিছোঁ এইবছৰ তোৰ বিয়াখন পাতি দিওঁ৷ কিমান আৰু মই ভাত ৰান্ধি খুৱাম৷ এজনী চপাই ল।

নিয়ৰ : মা ৰ’বাচোন৷ আগতে ভণ্টিৰ বিয়াখন হৈ লওক৷

মাক : চাকৰি কৰা ল’ৰা বেছিদিনলৈ ৰ’ব নালাগে৷ গতিকে মই এইবাৰ তোৰখন পাতিমেই৷

নিয়ৰ : নাই নাই নহ’ব দেই। ছোৱালী ঠিক নোহোৱাকে বিয়াৰ কথা নাভাবিবা।

মাক : এইচব নহ’ব৷ মই গৌৰীৰ কথা ভাবিছোঁ। তাইৰ মাকৰ লগত তোৰ বিয়াৰ কথা পাতিম৷ দুয়ো যে একেলগে ফুৰ, ফাংচনত গান গাৱ চব জানো।

নিয়ৰ : মা তুমিও যে? গৌৰী মোৰ ভাল বান্ধৱীহে৷

নিয়ৰৰ চকুৰ আগত গৌৰীৰ ধুনীয়া হাঁহিটিৰে ধুনীয়া মুখখন ভাঁহি উঠে। তাই যেন গাইছে, “তোমাৰ হাতৰ আঙুলীতে বাজে সুৰ গীটাৰৰে…”

মাক : মা হওঁ যে বুজি পাওঁ বোপাই অন্তৰৰ কথাবোৰ৷

কেমেৰাত নিয়ৰৰ লাজতে ৰঙা পৰা মুখখন দেখুৱাব৷

৬ষ্ঠ দৃশ্য:

বৈকুণ্ঠ টি কৰ্ণাৰ৷ কেমেৰাত নিয়ৰ আৰু গৌৰীক বহি থকা দেখুৱাব৷

গৌৰী : নিয়ৰদা, ইমান ভাল ভাল ৰেষ্টুৰেণ্ট থকাৰ পিছতো তুমি এইখনত চাহ খাবলৈ কিয় সোমালা?

নিয়ৰ : (গৌৰীৰ চকুলৈ চাই) আচলতে চাহকাপতকৈও তোমাক অকলশৰে লগ পোৱাৰ প্ৰয়োজন মোৰ বেছি আছিল৷

নিয়ৰে বেগৰ পৰা এডাল সোণৰ চেইন উলিয়াই গৌৰীক দেখুৱাব৷

নিয়ৰ : কোৱাচোন কেনে লাগিছে?

গৌৰী : আঃ ইমান ধুনীয়া লাগিছে! কাৰ বাবে কিনিলা?

নিয়ৰ : তোমাৰ বাবে৷

গৌৰী : সঁচা?

নিয়ৰ : অঁ সঁচা গৌৰী৷ তোমাক মোৰ কিছু কথা ক’বলগীয়া আছিল৷

গৌৰী : কোৱা নিয়ৰ দা৷ মই শুনিবলৈ প্ৰস্তুত৷

কেমেৰাত নিয়ৰে গৌৰীৰ ফালে একেথৰে চাই থকা দেখা যাব৷

গৌৰী : কি হ’ল নিয়ৰ দা? নোকোৱা কিয়?

নিয়ৰ : আচলতে মই তোমাক….

কথাষাৰ শেষ নহওঁতেই চাহ দিয়া ল’ৰাটোৱে মাত দিব (তবিবৰ ৰহমান)

: দাদা চাহত মিঠা দিম নে?

নিয়ৰ : (খঙেৰে) ধুৰ৷ চাহত মিঠা নিদি তিতা দিবা নেকি? কি ফাল্টু ৰে?

চাহ দিয়া ল’ৰাজন : নহয়, কিছুমান বয়সীয়াল মানুহে মিঠা নাখায়তো৷

নিয়ৰ : কি? মই বয়সীয়াল? মোক বয়সীয়াল যেন লাগে?

গৌৰী : খং নকৰিবা৷ ইহঁত এনেকুৱাই৷ ব’লা ওলাই যাওঁ ইয়াৰ পৰা৷

নিয়ৰ : নহয় হে৷ মই কোন ইহঁতে চিনি পোৱা নাই৷ যা তা কথা ক’বলৈ আহে। বয়সীয়াল ক’বলৈ আহে ৩২ বছৰীয়া ল’ৰাটোক৷

কেমেৰাত দুয়োকে ওলাই অহা দেখা যাব৷

৭ম দৃশ্য:

কেমেৰাত সন্দিকৈ কলেজৰ গেটৰ সন্মুখত এখন হাৰ্লি ডেভিদচন বাইকত মনজিত বহি থকা দেখাব৷

কলেজৰ পৰা ছাত্ৰীবোৰ আহি থকা দেখুৱাব৷ ৰীতা, মানসী আৰু গৌৰী কলেজৰ পৰা ওলাই গেট পাৰ হোৱাৰ লগে লগেই পিছফালৰ পৰা কাৰোবাৰ ‘হাই ৰীতা’ বুলি কৰা আৱাজত ঘূৰি চাব৷

ইতিমধ্যে মনজিত সিহঁতৰ ওচৰ পাব৷ কেমেৰাই ৰীতা আৰু মানসীৰ কৌতূহলী মুখ দুখন দেখাব৷

ৰীতা : মনজিতদা আপুনি কিয় ইয়াত?

মনজিত : নাই নাই, তোমালোকক বহুত সময় দিলোঁ কিন্তু একো কৰিব নোৱাৰিলা৷ সেয়ে আজি মই নিজেই আহিছোঁ গৌৰীক প্ৰপ’জ কৰিবলৈ৷

মানসী : হাৰে আপুনি এইবোৰ কি ক’বলৈ আহিছে৷ আমি আমাৰ কাম কৰি আছোঁ নহয়৷

(গৌৰীক হাতত ধৰি টানি)

: গৌৰী আহা৷ এইবোৰ কথাত মাথা মাৰিব নালাগে৷

মনজিতে বাট আগচি ধৰিব৷

মনজিত : ৰ’বা ক’ত যোৱা? মোক সৱ কথাৰ আজি হিচাব লাগিব৷ ডাঙৰ ডাঙৰ চকলেটৰ পেকেটৰ ভিতৰত যে চিঠিবোৰ দিছিলোঁ ক’ত গ’ল? তোমালোকে যে প্ৰায়েই গৌৰীৰ অলপ পইচাৰ দৰকাৰ হৈছে বুলি মোৰপৰা আনা সেইবোৰৰ কি হ’ল? আৰু কাপোৰবোৰ? সৱ হিচাব লাগিব আজি মোক৷

গৌৰী : (বিৰক্তিৰে) কোন হয় আপুনি? আৰু এইবোৰ চিঠি, টকা, কাপোৰৰ কি কথা কৈ আছে?

মনজিত : অ’ মোৰ পৰা খাই খাই পেট ভৰিল এতিয়া আকৌ বেলেগৰ লগত আৰম্ভ কৰিবা৷

গৌৰী : চ্যাট আপ৷

মনজিতে গালি শুনি গৌৰীক একথাপ্পৰ মাৰিব খুজোঁতেই কৰবাৰ পৰা এখন হাতে হঠাতে মনজিতৰ হাতখনত থাপ মাৰি ধৰিব৷

জোনাক : মাজ ৰাষ্টাত ছোৱালীক আগচি ধৰি অপমান কৰিবলৈ লাজ নালাগে?

মনজিত : (খঙেৰে)কোন হও বে তই? লোকেল গাৰ্জেন নেকি?

জোনাক : লোকেল গাৰ্জেনই নহয় আৰু বহুত কিবা৷

এই বুলি মুখত এটা প্ৰচণ্ড ঘোঁচা দিব৷ ঘোঁচা খাই লুটি খাই পৰি আকৌ উঠি জোনাকক মাৰিবলৈ খেদি আহিব৷ এইবাৰ জোনাকে ডাবল ষ্টেপ কৰি মুখতে এটা প্ৰচণ্ড ৰাউণ্ড কিক্‌ লগাব৷ পুনৰ ওপৰতে ফ্লাইং কৰি মুখত অইন এটা বেক কিক্‌ লগাব৷ মনজিতৰ নাকমুখ ভাঙি তেজ ওলাব৷ তেজ মচি মচি আঁতৰি যায় আৰু যাওঁতে কৈ যায়৷

: হ’ব চাই ল’ম৷ গৌৰীক কোনে পাই, তই নে মই?

গৌৰী দৌৰি আহি জোনাকৰ বুকুৰ মাজত সোমাব৷

গৌৰী : তুমি আহি নাপালে আজি মোৰ কি যে হ’লহেঁতেন!

এই বুলি ফেকুৰিবলৈ ধৰিব৷

জোনাক : ভয় কৰিব নালাগে৷ মই আছোঁ নহয়৷ তোমাৰ কোনেও একো অপকাৰ কৰিব নোৱাৰে৷

গৌৰী : তথাপিও ভয় লাগেচোন৷

জোনাক : একো নহয়৷ মই তোমাৰ লগত সদায় থাকিম৷

নৈপথ্যত জুবিনৰ আজি তুমি নহ’লে, মোৰ মন নভৰে, সপোনৰে পখী হৈ আহানা…গীতটি বাজি উঠিব৷

৮ম দৃশ্য

গৌৰীয়ে ৰূমৰ ভিতৰত পায়চাৰি কৰি থাকিব৷ বিষণ্ণ মন৷ কেমেৰাত গৌৰীৰ শেঁতাপৰা মুখখন দেখুৱাব৷ হঠাতে মবাইল ফোনটোত ৰিং হ’ব৷

: গৌৰী, কি খবৰ? ভালে আছা?

গৌৰী : উম ভাল৷ তোমাৰ?

: আছোঁ৷ ভালেই মোৰো৷

গৌৰী : (থোকাথুকি মাতেৰে) তুমি আৰু মোক কিমান দিন এনেকৈ ৰাখিবা? ঘৰত বিয়াৰ কথা উলিয়ায়ে আছে৷ ইপিনে ৰাষ্টাই ঘাটেও ল’ৰাবোৰৰ অতপালি৷ মই ভাগৰি পৰিছোঁ দাদা৷

কান্দোনৰ শব্দ শুনা যাব৷

: হাৰে কান্দিছা কিয়? কোৱাচোন কি হ’ল?

গৌৰীৰ মুখেৰে কোনো কথা নোলাব৷ বৰং কান্দোন আৰু অলপ জোৰকৈহে ওলায়৷

: ইমান দুখ নকৰিবা৷ মই কথা দিলোঁ সোনকালেই আমাৰ বিয়াখন পাতিম৷ তাৰোপৰি মোৰ ট্ৰেন্সফাৰটোও প্ৰায় কনফাৰ্ম হৈছে৷ হয়তো আৰু সপ্তাহ-দহদিনৰ ভিতৰত হৈ যাব৷

গৌৰী : (উৎসাহেৰে) সঁচ্চা!

: অঁ ডাৰ্লিং৷ আৰু অপেক্ষা কৰিব নালাগে৷
এইবাৰ বিয়াখন হ’বই৷

গৌৰী : (ওপৰলৈ চাই) ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে৷

আবেগত গৌৰীৰ চুকু মুদ খাই যোৱা কেমেৰাত দেখা যাব৷

৯ম দৃশ্য

গৌৰীৰ ঘৰৰ ড্ৰয়িং ৰূমত জোনাক, নিয়ৰ, ৰীতা আৰু মানসী বহি থকা দেখা যায়৷ সেইদিনা কলেজৰ ঘটনাটোৰ পিছত গৌৰী এদিনো কলেজ যোৱা নাই৷ সকলোৱেই চিন্তিত৷ গৌৰীও মন মাৰি বহি আছে৷

নিয়ৰ : (গৌৰীক উদ্দেশ্যি) তুমি এনেদৰে মন মাৰি থাকিলে হ’ব নে? আৰু কলেজলৈ নগ’লেতো তোমাৰেই ক্ষতি৷

গৌৰীয়ে কোনো উত্তৰ নিদিয়ে৷

জোনাক : তুমি চাগে ভয় খাইছা সি কিবা কৰিব বুলি? কিন্তু ভয় নাখাবা সি একো কৰিব নোৱাৰে৷

কেমেৰাত ৰীতা আৰু মানসীৰ অপৰাধবোধৰ মুখকেইখন দেখা যাব৷

গৌৰী : নহয় জোনদা মই চাগে আৰু কেতিয়াও কলেজ যাবলৈ সাহস কৰিব নোৱাৰিম৷ সিদিনাৰ দৃশ্যবোৰ এতিয়াও মোৰ মনত সজীৱ হৈ আছে৷

ৰীতা : তথাপিও তাৰ ভয়ত তুমি কলেজলৈ নাযাবা নেকি? দৰকাৰ হ’লে পুলিচৰ সহায় ল’ম৷

মানসী : অঁ আকৌ৷

নিয়ৰ : কি যে কৈছা নহয়?

গৌৰী : নহয় জোনাকদা, নিয়ৰদা! মই বৰ লাজ পাইছোঁ। সেই মনজিত বোলা ল’ৰাটোৱে চাৰিওফালে মই তাক ভাল পাওঁ বুলি কৈ ফুৰিছে। মই বোলে তাৰ বহুত পইচা, গিফ্ট খাইছোঁ বুলি বদনাম কৰিছে।

ৰীতা আৰু মানসীয়ে সেমেনা-সেমেনি কৰে।

নিয়ৰ : কি অসভ্য ল’ৰা।

গৌৰী : সি আমাৰ চাৰিআলিত থিয় হৈ মোক পইচাৰ হিচাপ খুজিছে। ঘৰত মাক আহি বিল দেখুৱাইছে। চুবুৰীয়া সকলোৱে গম পাইছে। এনেকে হ’লে কোনে মোক বিয়া পাতিব? (কান্দে)

লগে লগে নিয়ৰ আৰু জোনাক গৌৰীৰ কাষত আহি কয় …

জোনাক আৰু নিয়ৰ : কিয় মই আছোঁ নহয়? মই বিয়া কৰাম তোমাক।

গৌৰীয়ে থতমত খায়।

গৌৰী : মা… মানে কি কৈছে? মই তোমালোকক বন্ধু হিচাপেহে ভাবোঁ। আৰু মই আন কাৰোবাকহে ভাল পাওঁ। মই কথা আন কাৰোবাক দিছোঁ।

জোনাক আৰু নিয়ৰ : কি?

এনেতে কলিং বেলটো বাজি উঠে৷ গৌৰী উঠো-নুঠোকৈ দৰ্জাখন খুলিবলৈ যায়৷

গৌৰী : (আগন্তুকক দেখি) আৰে তুমি? কি আচৰিত? এনেকৈ হঠাতে?

কেমেৰাত ক্ল’জআপত দেখুৱাব এজন ধুনীয়া ল’ৰা। পিন্ধনত চ্যুট টাই পৰিহিত। চকুত চশমা, হাতত উপহাৰৰ পেকেট। গৌৰীক দেখিয়ে গালত চিকুটি দিব আৰু ক’ব…

: কি হ’ল? সপোন নহয় বাস্তৱ। ভিতৰলৈ নামাতা?

এই ৰ’লটো কৰিব হেমন্ত কাকতিয়ে৷

গৌৰীয়ে বিস্ময়ত তেওঁৰ ফালে একেথৰে চাই থাকে৷ আনন্দত চকুলো বাগৰি আহে৷

: চাওঁ আঁহা ভিতৰলৈ

বুলি তেওঁক ৰূমলৈ টানি লৈ আহে৷

গৌৰী : (সকলোকে উদ্দেশ্যি অতি উৎসাহৰে) চোৱাচোন এয়া কোন আহিছে৷ অ’ ৰ’বা৷ তোমালোকে এওঁক চিনি নাপাবা৷ এওঁ পল্লৱ৷ বাংগালোৰত থাকে৷ মোৰ হ’বলগীয়া জীৱন সংগী৷

গৌৰীয়ে একে উশাহে কথাখিনি কয়৷ পল্লৱে সকলোকে নমস্কাৰ দিয়ে৷ গৌৰীৰ কথা শুনি নিয়ৰ আৰু জোনাক বহাৰ পৰা থিয় হ’ব। নেপথ্যত এটা কৰুণ সুৰ বাজি উঠে৷ কেমেৰাত নিয়ৰৰ কেইটোপালমান চকুলো সৰা দেখা যায়৷ জোনাকে উদাস দৃষ্টিৰে ওপৰলৈ চায়৷

মানসীয়ে ৰীতাক কয়,

: মোৰ ৰাস্তা ভালকৈ মুকলি হ’ল দে। জোনাকক ভালকৈ পটাব পাৰিম। মনজিতৰ চিঠিসমূহত মোৰ নাম লিখি জোনাকক দিম।

ৰীতাই টেলেকাকে মানসীলৈ চায়। ৰীতা আৰু মানসীয়ে গৌৰীৰ ওচৰলৈ গৈ আনন্দতে গৌৰীক সাবটি ধৰে৷ ভিতৰৰ পৰা গৌৰীৰ মাকে চাহ লৈ আহে। আৰু পল্লৱে দেখি সেৱা কৰে।

সমাপ্ত৷৷

☆★☆★☆

20 Comments

  • ডলী

    বঢ়িয়া চিনেমা। চুপাৰ হিট

    Reply
  • ৰাজশ্ৰী শৰ্মা

    তামাম চিনেমা, চুপাৰ হিট দাদা।

    Reply
    • জয়ন্ত দাস

      ধন্যবাদ৷ খৰচ কৰা টকা কেইটা উঠিলেই হল৷

      Reply
  • Mridul Nath

    গীটাৰ বজাই লাভ নাই, চাকৰি মেইন

    Reply
  • কমলা দাস

    ৱাহ্, ফাইটিং থকা চিনেমা চোন! পিছে হেমন্ত কাকতিয়ে চবকে লং মাৰি দিলে!😂😂 মজা লাগিল

    Reply
    • জয়ন্ত দাস

      ধন্যবাদ৷ আপুনিও বৰ সুন্দৰ এক্টিং কৰিছে দেই৷

      Reply
  • হেমন্ত কাকতি!

    বাঃ তামাম দেখোন! অন্ত ভলা তো সব ভলা! চুপাৰ হিট!

    Reply
    • জয়ন্ত দাস

      দাদা আপোনাৰেই জয় জয় ময় ময়৷

      Reply
  • ছুপাৰহিট চিনেমা।

    Reply
  • কাকতি দাৰ জয় জয় ময় ময় ৷ মোৰো ৰাস্তা মুকলি হ’ল৷

    Reply
  • জয়ন্ত দাস

    ধন্যবাদ

    Reply
  • অঞ্জলি

    চিনেমা চালোঁ দে। মজা চিনেমা ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    চুপাৰ হিট চিনেমা৷

    Reply
  • মানসী বৰা

    মজা দেই…

    Reply
  • সঞ্জীৱ।

    মজা চিনেমা।এই মনজিৎ কাকতি থাকোতে অন্যক সুযোগ দিয়া নহ’ব।জয় মাহেশমতি।

    Reply
  • সুকুমাৰ গোস্বামী

    তাম্মাম

    Reply

Leave a Reply

Your email address will not be published.