ফটাঢোল

চিলি মাছাজ – মনালি গগৈ

-“মনা, কি মাছাজ কৰালা?”

ইলোৰা বায়ে সুধিলে৷

-“চিলি মাছাজ কৰালো বা৷”

মোৰ উত্তৰৰ একো আগ-গুৰি ধৰিব নোৱাৰাৰ ফলত তেওঁৰ মুখত প্ৰশ্নবোধক এটা জিলিকি উঠিল৷ বজাৰত সৌন্দৰ্য্য-চৰ্চাৰ নতুন কিটিপ অহা বুলি ভাবিও অলপ উৎকণ্ঠা হ’ল চাগে তেওঁৰ৷

-“উৱা, এইটো আক’ কি মাছাজ? নতুনকৈ আহিছে নেকি?”

-“যিটো মাছাজ কৰোৱাৰ পাছত মুখখন মিহি আৰু ধুনীয়া হোৱাৰ সলনি পোৰণিত থাকিব নোৱাৰা হয়, সেইটো মাছাজেই চিলি মাছাজ বা৷”

ইলোৰা বায়ে ছাছপেন্স বৰ এটা ভাল নাপায়, গতিকে ঘটনাৰ পূৰ্ণ বিৱৰণ দিবলগীয়াত পৰিল৷ ঘটনাটো এনেকুৱা ধৰণৰ…

গৰম দিনৰ কথা৷ লগৰ এজনীৰ সৈতে বিউটি পাৰ্লাৰলৈ বুলি ওলালোঁ, উদ্দেশ্য অলপ ফেইচ মাছাজ লৈ গা-মন জুৰ পেলাই অহা৷ পোনপ্ৰথমবাৰৰ বাবে পাৰ্লাৰত ফেইচ মাছাজ ল’ব গৈ আছিলোঁ…মাছাজ কৰোৱাৰ পিছত কি ঠিক, কিজানি ৰূপ-লাৱণ্যৰ গ্ৰাফডাল উৰ্ধগামী হয়েই!

বিউটি পাৰ্লাৰ পোৱাৰ পাছত বিউটিচিয়ান গৰাকীক ফ্ৰুট মাছাজৰ বাবে ক’লো…কথা মতেই কাম৷ পিছে দুই মিনিট হোৱাই নাই…এইয়া কি?…মুখখন এনেকুৱাকৈ জ্বলা-পোৰা কিয় কৰিবলৈ ধৰিছে? প্ৰথম পাঁচ মিনিটমান মনে মনে ভাবি থাকিলোঁ ‘অলপ পিছত ভাল পাম’, ‘অলপ পিছত ভাল পাম’…নাই, পোৰণি চৰিহে গ’ল৷ বাকী আৰু যি যি মুখত লেপিবলগীয়া আছিল স্থগিত কৰি দিলো ৷

বিউটিচিয়ান গৰাকীক সুধিলো কিয় ইমান বেয়াকৈ পুৰিছে? জেৰা কৰাতহে উৰহী গছৰ ওৰ ওলাল! মৰতীজনীয়ে গৰমত ভোট জলকীয়া দিয়া আম খাই উঠি হাত দুখন ভালকৈ নোধোৱাকৈ মোক মাছাজ দি আছিল অতপৰে৷ মাছাজৰ বলত সুন্দৰী হ’ব নোৱাৰিলেও নাক-মুখ ৰঙা পৰিল সেইদিনা৷ আজিও সেই জহনীত মৰাজনীক ‘চিলি মাছাজ’ কৰি দিয়াৰ বাবদ দিয়া পইছাকেইটাৰ কথা মনত পৰিলে গাটো বেজবেজাই যায় ঐ!

উপসংহাৰ:
সেইদিনাই জীৱনত আৰু কেতিয়াও মাছাজ নকৰাও বুলি শপত ললোঁ৷

★★★★

One comment

Leave a Reply

Your email address will not be published.