ফটাঢোল

চিষ্টেমটোৱে তেনে – অসীমা শইকীয়া দত্ত

আমাৰ ইয়াত চিষ্টেমটোৱে তেনে, কিনো চিষ্টেম জানোচোন আহক………

১/ বিয়া পাতিলে মিলিন্দ সুমনে, বয়সতকে সৰুজনীক ফেচবুকত গালি শপনি দি লৈ ফুৰিল আমাৰ অসমীয়া কেইটাই। ভাবিছোঁ ইয়াত যদি কোনোবা এঘৰত হ’ল হয় ঘটনাটো, কইনাই মাক বাপেকৰ ঘৰ বিয়াৰ দিনাই যি এৰিলে আৰু! মূৰ কৰিবলৈ হ’লে পুনৰ, তাই গাড়ীৰপৰা নামোতে শোকত ম্ৰিয়মাণ দুই ডৰজন ওচৰ চুবুৰীয়া গাড়ীৰ ওচৰত খাৰা হ’ব। বুঢ়াটোৱে ওভোটা বাণ মাৰি নিলে এইক। তাৰ মাজত এজনীয়ে হয়তো কইনাৰ মাকক ক’ব, হক দে পুৰুষৰ বুঢ়া ডেকা নাই দুখ নকৰিবি।

চিষ্টেমৰ দোষ…যে।…

কাজল যদি অসমত জন্ম হ’ল হয় চফা। বলিউদ নেপাইগৈ। কলী মাই নাম লৈ তাইৰ দৰাৰ চিন্তাত আধা ডৰজন ওচৰ চুবুৰীয়া। আই তই সাতদিনত বগা হোৱা ভিভেলটো সানিবিচোন, বেচন লগাবি মুখত। একডজন হাফ বিউটিচিয়ান তাইৰ ৰঙত উবুৰি খাই পৰিব।

চিষ্টেমৰ দোষ………

চালমানৰ নবৌয়েক জনীয়ে যে গিৰিয়েকটোক এৰি বয়সতকে সৰু অৰ্জুন কাপুৰৰ লগত লিলিমাই কৰিছে। বাকলি অসমত যদি হ’লহেঁতেন… বন্ধন গোটৰ ধাৰ মাৰিব নোৱাৰি সৰু ল’ৰা ফচাইছে বুলি মেমে নি মিম হৈ অতদিনে ফেচবুকত শ্বেয়াৰিং হৈ ফুৰিল হয়। সিফালে পৰাগ চেনেলে আমলখী গছত এডিটিং কৰি হ’লেও অৰ্জুন কাপুৰক বান্ধি মালাইকাৰ চকুত গান্ধাৰীৰ দৰে কাপোৰ দি চেৰেক চেৰেক কবিতা। মলাই বাদৌৰ বিলৈ …বুলি। অৰ্জুনৰ শৰত ধাৰাশায়ী মলাই বাদৌ। ঘৰৰ বাৰণ্ডাত এডিটিং কৰি বহুৱাব চালমানৰ ককায়েকটোক।……

চিষ্টেমটোৱেই তেনে যে।

ৰেখা…ঐশ্বৰ্য্য ৰায় আৰু জয়া বচ্চনৰ ভাগ্য ভাল অসমত নজগিল। অত দিনে অমিতা বচনৰ ঘৰলে দন কিমান লাগিছে, শাহুৱেক বোৱাৰীয়েকৰ জানিবলে ঘৰৰ আগত পান দোকান বহিল হয়। অমিতা বচনৰ ষ্টাইল দেখি ক’লে হয় ……ঘৈণীয়েকৰ মেথাতো চিমেণ্টৰ বস্তাৰ দৰে বগা ৰং অকন আনি নিদিয়ে দীঘলা বুঢ়াৰ ধুন চা। অকল সেই ঘৰতে বাঢ়ি বুঢ়ী হোৱা ৰেখাৰ বাবেহে অত ধুন।

২/ শক্তিকাপুৰ ভাগ্যে অসমৰ নহ’ল।চেনিৰাম বুঢ়া নাম লৈ বিয়াই ভাওনাই জোপ লোৱাটো বুলি ফালি থাকিল হয়। জীয়েক জনীৰ দৰা ঘৰ নেপায়হি। অমুকৰ ঘৰ কোনটো বুলি সোধোঁতেই উভতিব সোধাটোৰ বৰ্ণনাত। কা ঘৰ সুধিলা বোপাই সৈ চেনিৰামৰ ঘৰ। ইই তাৰ ভয়ত গাঁৱৰ মাইকীমানুহে দিনতে লাঠী লৈ ওলায়।

চিষ্টেমেই সেইটো।

অমৰীশ পুৰী যে– অসমৰ হোৱা হ’লে বলিউদ নেপায়গে। অসুৰৰ ভাও লৈ লৈ জনমতো নামঘৰতে গ’ল হয়, ধিনদেই খিতিদেই বুলি। তেলেকৰ ঘৰ বুলি ৰজনজনাই থাকিল হয় অঞ্চল। অমৰীশ নামৰ ঠাইত অমৰাগুটী হোৱাতো খেটাং।

চালমানে খানে যে অতবছৰ বৰলা হৈ আছে তাত বুলিহে পাৰিছে। বাকলি অসমত অতদিনে বৰলাকাই নাম লৈ অঞ্চলটোৰ বোৱাৰীৰ লগত যোৰা খাই খাই বাংসতিবাং হ’ল হয়। মুখে মুখে চলিল হয় অমিতা বচনৰ বোৱাৰীয়েকৰ লগত তলে তলে লিলিমাই আছে, ক’ত সি বিয়া পাতিব। তাইৰ বেজাৰতে পাগল হৈ হৰিনা মাৰিলে, ফুটপাথত গাড়ী তুলি মানুহ মাৰিছে। জুবিনক সোধাদি ল’ছালিৰ কথা চালমানকো সুধিল হয় …আপুনি অমিতাবচনৰ বোৱাৰীয়েকক আজিও পাহৰিব পৰা নাই নহ দেদা।……………

জিতেন্দ্ৰৰ পুতেকতো– আয়ৌ সৈটোৰ লাক ভাল। চিধা ক’লে হয় জিতেন্দ্ৰৰ ফালৰ নহয় বাপেক বেলেগ। চেহেৰাতো মন কৰিছনে ঘনৰ মাক সঁচ আমাৰ জিতেনৰ লগত নিমিলে অ।

কৰণ জোহৰ আইচচচচচচ। ভাওনাত মাইকীৰ ভাও লৈ ফালি থাকিল হয়।টিকটক কৰি গতা ভুকু খাই কৰণ জহৰা বুলি কমেণ্টত দগৰাজাৰণ পোৱাতো খেটাং।

৩/সেইজনী ৰেখা পলাষ্টিক চাৰ্জাৰী কৰি আজিও কি জলমল ৰূপ। ইইই বাকলি আমাৰ ইয়াত হ’পায় পাৰিবা। চিধাই ক’ব অমুকিক দেখিছ, পাঁচটালে গৈও এতিয়াও বিদেশলে গৈ পেলাষ্টিক এগাল গলাই মুখত সানি ছালবাকনি টানি একে ফিন ফিনিয়া হৈ আহিছে। যাব কোনবা এটালে আউ। …… আমাৰ দেতাই পালেতো চেচেই। যি ৰকমত লোহা পেলাষ্টিক নিবলে অহাটোক সৰা দাঁতলেকে বেচে, ৰেখাৰ দৰে মুখ পালেতো গলাই মেলি বেচিব। তোৰ সেইসোপা ক’ত কি লগাই থৈছ বাকলি মোকে দে। বেচি পোৱা দুটকা তোকো দিম।
চিষ্টেমৰ দোষ ……হিচাপত চলে যে।…

এবাৰ বিদেশী এহাল আহিল দেতাৰ লগত আমাৰ ঘৰলে। মানুহজনী নিগ্ৰো। মানুহটো আকৌ ৰঙা বগা। আইতাৰ শোকে খুন্দা মাৰি ধৰিছে। এইহেনতো গোঁসাইয়ে গুবৰুৱা ৰঙৰ জনীহে পালে। আমা পাপুৱে মিলিলহেঁতেন হেৰৌ। তেনেতে … হেই চফিয়া …… বিদেশীটোৱে মাতিলে তাইক। নুশুনা দেখি বাৰে বাৰে মাতে তাইক…… হেই চফিয়া…………। আইতাৰ ওচৰত বহি থকা চফিয়াক আইতাই এক্কে ঠেলাই তাৰ ওচৰ পোৱালেগে, মাতিছে যা ঐ মৰতি তোক। চাপি আহ চাপি আহ বুলি চিঞৰি আছে তোক শুনা নাই। কলা নি তই। চাপি যা কিবা কয় তোক।

দেতাই বুজালত খুউব হাঁহিছে সিহঁতে। আইতাক গৱা মাৰি ধৰিছে চফিয়াই। কি সুন্দৰ ব্যৱহাৰ। আমাৰ ইয়াত …ইই বাকলি মুখ গৈ বেকেটা খাই মোমাইৰ ঘৰ পাবগে। কেন্নেকুৱা গঞা হে আমি যোৱা মানুহঘৰ। বিহেভে নেজানে…… আউত ডেটেদ সৱ। বুঢ়ীজনী যে উফফ কি কামোৰ…… ।
চিষ্টেমৰ দোষ যে …… অসমৰ নগৰত থকা কিটাই গাঁৱত থকা কিটাক হাঁহে জকাই চুকৰ …। গাঁৱৰ মুখৰ ঘৰেই হাঁহে সিমুৰৰ ঘৰক …… চুকত থাক চুক ভেকুলী বুলি। উজনিৰ ফালৰ বোৰক…গুৱাহাটীত মেলি দিলে হেৰাই থাকিব বুলি আপেদটো পাইছিলোঁ এবাৰ আই। পৰিছৰ আই ফেল টাৱাৰৰ সৈ ওপৰৰ মুধচটোৰ পৰা পোষ্ট দিছে যেন অসমৰ এটা চাইদৰ কেইটাক হাঁহি।

উজনি নামনিত দুখেল …… পাপন জুবিনত দুখেল। অসমীয়া চিনেমাৰ নামত তিনিখেল ………… নকল কৰিছে বুলি। মুঠতে ঠেট্টা মেইন।

তুমি বোলে আপদেত দিলা। আনে ভুল বুজি মাহৰ মৰনা মৰাদি মাৰিলে। তুমি যদি মনৰ কথাতো কৈ বুজাইও দিয়া যে আচলতে এইটোহে কৈছিলোঁ। নাই নহ’ব সেই কোবত কথা সলাইছ বুলি তিলৰ মৰণা মৰাদি মাৰিব। মুঠতে লোকক মৰণা মৰাতো মেইন…… তুমি বুজাইও লাভ নাই…। ঘৰত নিজৰ মাক দেউতাকে মাতষাৰ পাইছেনে নাই ঠিক নাই চ’ছিয়েল মিদিয়াত লোকৰ দেউতাকক লৈ দিয়া পোষ্ট শ্বেয়াৰ কৰি ফুৰিব………… কি পুতেক এইজন বৃদ্ধ কালত বাপেকক চোৱা নাই। পোষ্টত কমেণ্ট…… অমুক আপুনি বহুত মহান। ৰিপ্লাই টি কিউ দি ঘূৰি ফুৰিব। ঘৰৰ বিছনাত নিজৰ দেতাই তিৰিকিছে যে গম পাবলে দৰকাৰ নাই।…… ফেচবুকৰ তিৰিকাতো মেইন।

চিষ্টেমৰ দোষ।

☆ ★ ☆ ★ ☆

10 Comments

  • কমল তালুকদাৰ

    হাঃ হাঃ হাঃ চব চিষ্টেমৰ দোষ ! 🤗

    Reply
  • অনুৰূপ মহন্ত

    হয় বাকলি, চব চিষ্টেমৰেই দোষ

    Reply
  • কমলা দাস

    হাহিলো যদিও চিন্তনীয় কথা বিলাক ।

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি

    Reply
  • Gitarthi Goswami

    হয় পাই । কিনো চিষ্টেম ঐ বাকলি !!

    Reply
  • Barbie Punnag

    চালাম থুকিলোঁ বাইদেউ। আপুনিহে পাৰে কিন্তু এনেকৈ ঠেকেচিব।লাভ ইউ😘

    Reply
  • anjan sadhanidar

    হয় বাকলি৷ এইবোৰত আমাৰ দোষ নাই৷ চব চিষ্টেমটোৰ দোষ৷ মজা লাগিল

    Reply
  • HEMANTA KAKATI

    তামাম অসীমা৷ ইউ আৰ ঔচাম অলৱেইজ!

    Reply
  • চব চিষ্টেমৰ দোষ ! 🙂

    Reply
  • Monima kalita.

    আইজৌ বাকলি চিষ্টেমৰ কথাইবেলেগ আৰু ভাল হাঁহিলো একা।

    Reply

Leave a Reply

Your email address will not be published.