ফটাঢোল

চুঙাপিঠা – মনমী ভট্টাচাৰ্য

নোপোৱাটোলৈ আফচোচ আৰু দূৰত থকাটোৰ প্ৰতি হাবিয়াস আমাৰ স্বভাৱজাত বৈশিষ্ট্য। মানে টানটো বেছি। এয়া একধৰণৰ দুৰ্বলতা বুলিয়েই ক’ব পাৰি। অসমীয়া খাদ্যৰ প্ৰতি মোৰ টান প্ৰবাসী হোৱাৰ পৰা বাঢ়িবলৈ লৈছিল। তাৰ ভিতৰত পিঠা-পনা অন্যতম। বিশেষকৈ চুঙাপিঠা।

চুঙাপিঠা সময়বিশেষ, তদুপৰি বনাওতে কষ্ট কৰিবলগীয়া হয়। কলগছ কাটি আনি আখল সজোৱা, কুমলীয়া জাতি বাঁহ বিচাৰি অনা, জুই দিবলৈ খেৰ অনা, মুঠতে এশ এবুৰি কাম। সঠিক অনুপাতত দুই তিনিবিধ চাউল মিহলোৱা,  খুন্দা, নাৰিকল ৰোকা, এইবোৰ যেনিবা ঘৰতে হয়। মুঠতে এক বিশাল আয়োজন। এইহেন কামবোৰৰ বাবে আমাৰ গাঁৱত মুষ্টিমেয় স‍‍ংখ্যক সিদ্ধহস্ত ব্যক্তি আছিল, আমি চহৰলৈ অহাৰ পিছতো তাৰে এগৰাকীক প্ৰতিবছৰ এই বিশেষ আয়োজনৰ দিনা মাতি অনা হয়। বিশেষকৈ বাঁহ, খেৰ আদি যাৱতীয় সামগ্ৰী তেৱেঁই যোগান ধৰে।

মোৰ বিয়াৰ পিছত প্ৰথম চুঙাপিঠাৰ বতৰ। শহুৰ দেউতাই কেনেকৈ যে উমান পালে মোৰ পিঠাৰ প্ৰতি দুৰ্বলতা কথা! গম পালে মানে শুনানী আহিল, এইবাৰ আয়োজন তাত হ’ব লাগিব। গতিকে মোৰ ইতঃস্তত বোধ খিনি সম্পূৰ্ণ উলাই কৰি আয়োজনৰ দিন স্থিৰ হ’ল। মই ক’লো, মোৰ চিনাকি খুৰাজনক মাতিলে যাৱতীয় খিনি কৰি দিব। তেওঁ পাকৈত। সবে একেমুখে ক’লে যে তেনে কাৰো সহায়ৰ প্ৰয়োজন নাই, তেখেতসকলে নিজেই বনাই আহিছে। নতুন বোৱাৰী। চুপ হৈ থাকিলো।

আহিল বিশেষ দিনটো। গতানুগতিক চলি থাকিল প্ৰাত্যহিক সকলো কামকাজ। পুৱাৰ জলপান হ’ল। নাই একো উমঘাম নাই। দুপৰীয়াৰ সাঁজও হ’ল। মই এবাৰ ভাবিলো পাহৰিলেই চাগে। মনৰ খু-দুৱনি ৰখাব নোৱাৰি উত্থাপন কৰিলো বিষয়টো। আকৌ একেমুখে উত্তৰ আহিল, মই চিন্তা কৰিব নালাগে। এইবাৰ কিন্তু মই আশ্বস্ত হ’ব পৰা নাই। ভিতৰি একধৰণৰ অস্হিৰতাত ভুগিছোঁ। মাজে মাজে নিজেই নিজক প্ৰবোধ দিছোঁ, মোক চিন্তা কৰিব মানা কৰিছে। মোৰ বাবেই আজিৰ বিশেষ দিন। মই ভাল পাওঁ বাবে।

বেলি লহিয়ালে। ঘড়ীটোলৈ চালো। পাঁচ বজাৰ সংকেত দিছে। হঠাৎ দেখিলোঁ শহুৰ দেউতাই স্কুটাৰখন ৰখাই গেট খুলি আছে। হাতত এটা টোপোলা। কেতিয়া যে বজাৰ গৈছিল মনেই কৰা নাছিলোঁ। মনটো ভাল লাগি গ’ল। মোক চাৰপ্ৰাইজ দিবলৈ মোৰ অলক্ষিতে আয়োজন!

কিন্তু সেই অনুভৱ মাথোঁ পাঁচ মিনিটৰ। তাৰ পিছত ‘বুলাৱা’ আহিল পাকঘৰৰ পৰা। মোৰ ষষ্ঠ ইন্দ্ৰিয় শুদ্ধ প্ৰমাণিত হ’ল।

মোৰ মূৰত চিন্তাবোৰ এটা এটাকৈ কোনে জানো কেতিয়া সপি দি গ’ল। ফাট মেলা বসুমতী ধৰণৰ চিতুৱেছন। চাউলৰ কিনা গুড়ি এপেকেট মোৰ হাতত। মই ঢেঁকীত কষ্ট পাম বুলি অনাইছে। বৰা চাউল বিচাৰি পাকঘৰটো প্ৰায় টহিলং কৰিলো। (ক’বলৈ পাহৰিছিলো, শাহু হঠাৎ নামঘৰ যাবলগীয়া হৈছিল।) মিক্সিটো উলিয়াই লওঁতেই বিদ্যুতৰ লীলা। বহি থাকিলো। বৰা চাউল খিনি শুকোৱাৰ সময়লৈ আহিল যেনিবা লাইট। নাৰিকল নাই। চেনিও নালাগে হেনো। নিমখীয়া চুঙাপিঠাহে খায় হেনো তেওঁলোকে। সি যি নহওক, পিঠাৰ মিক্সাৰ ৰেডী কৰি আছুতীয়া কেঁচা পাকঘৰটোলৈ গমন কৰিলোঁ। তাত সব ৰেডী হৈ আছে বুলি কোনে জানো কৈ গৈছিল।

তাত এটা সৰু মাটিৰ চৌকা। সেয়ে আখল আজিৰ। কলগছৰ কি প্ৰয়োজন!খেৰও নালাগে। সৰু সৰু কাঠৰ চলিহাবোৰ আছেই। চুঙা কেইটা ধোওঁতে বুজিলো বাঁহ কুমলীয়া যে নহয়। মুঠতে সকলো সুকলমে হৈ আছিল। মোৰ হিতাহিত জ্ঞানহে ক্ৰমান্বয়ে লোপ পাই আহিছিল। চুঙা কেইটাত যে সামান্য ফাট কৰি দিব লাগে হুঁচ নাথাকিল।

এইবাৰ জুই দিয়াৰ পাল। সকলো লাজ সংকোচ নেওচি কৈ দিলো, এই ফেৰা মই নোৱাৰিম। ঘৰত দেখা ঠিকেই পাওঁ , কিন্তু হাত দি পোৱা নাই। কিছু পৰিমাণে  গুণাগঁথাৰ অন্তত চুবুৰীয়া জেঠা এজনক মতাই অনাই হ’ল। পিন্ধনত সামান্য চুটি কৈ ধুতি এখন আৰু গাত এড়ী চাদৰ। এইজন ডাংকোপ জেঠা । কিছুদিনৰ ভিতৰতে বহুতো কথা শুনিছোঁ তেখেতৰ বিষয়ে। মানুহজনে আত্মপ্ৰশংসা কৰাত ব্যস্ত যদিও বহুত হেল্পফুলও। মই ইপিনে পাকঘৰ সামৰাত লাগিলো।

হঠাৎ চিঞৰ শুনি দৌৰি গ’লো পিঠা পোৰা ঠাইলৈ। চুঙা পিঠা অলপ ওলাই আহে, চুঙাটোৰ খোলা পিনেহে। সেয়া দেখি আহিছো। কিন্তু ই কি! প্ৰায় আটাইকেইটা চুঙাৰ পৰা পিঠাসদৃশ অৰ্ধ গোটা পদাৰ্থবিধ আহি উফৰি পৰিছে জেঠাৰ কোচত আৰু ভৰিত। নোমাল ভৰি। ইপিনে বৰা চাউলৰ আঠা। কোনোপধ্যেই এৰুৱাবলৈ পৰা নাই। নলী বন্দুকৰ পৰা বাৰুদ ওলাই যেন বিধ্বস্ত কৰিছে জেঠাক।

বেচেৰা মানুহজনলৈ বেয়াও লাগিল। কিন্তু ফাট কৰি নিদিয়া চুঙাৰ ৰহস্য ফাদিল হোৱাৰ গোন্ধ পাই বিশেষ সহানুভূতি দেখুৱাৰ পৰা বিৰত থাকিলো।

বি:দ্ৰ: সিদিনাৰ পৰা ডাংকোপ জেঠা চুঙাপোৰা জেঠা হ’ল।

☆★☆★☆

3 Comments

  • Krishna Kanta Das

    সুন্দৰ বৰ্ণনা, চুঙা পিঠা খাব লাগিব 😂😂

    Reply
  • Deepjyoti handique

    ইচচচচ। হাঃ হাঃ হাঃ হাঃ

    Reply
  • SOMESWAR BORAH

    উজনিৰ ফালে চুঙা চাউলৰ প্ৰচলন। পিঠাগুৰিৰ সলনি বৰা চাউলহে চুঙাত
    ভৰাই পোৰা হয়।চাউল খিনি কমেও ২/৩ঘন্টা তিয়াই ৰখা হয়।পিছত কুমলীয়া জাতি বা মকাল বাঁহৰ চুঙাত জোখমতে পানীৰে সৈতে ভৰাই পোৰা হয়।।

    Reply

Leave a Reply

Your email address will not be published.