ফটাঢোল

চুবুৰীয়া : নয়নমণি দত্ত নেওগ

টিট….টিট…
টিট…টিট….
টিটটট…..টিটটট….

: এহ…কোনেনো ইমানকৈ হৰ্ণডাল মাৰি আছেহে। এনে একেবাৰে গাড়ীখন। যেন পৃথিৱীত আৰু কাৰোৰে গাড়ী নাইহে হুহ।

মিছেছ বৰুৱানীয়ে পৰ্দাখন থেলি বেলকনিলৈ ওলাই আহি তেওঁৰ চকু ডাঙৰ হৈ পৰে।

: উৱা…তাৰমানে শৰ্মানীহঁতৰ গাড়ী আনিলে। ৰঙটোযে বৰ ধুনীয়া লাগিছে পায়।

গাড়ীখনলৈ চাই চাই নিজৰ মাজতে কথা পাতি থকা বৰুৱানীক দেখা পাই শৰ্মানীয়ে মাত দিবলৈ লওঁতেই বৰুৱানীয়ে নেদেখাৰ ভাও জুৰি বেলকনিত মেলি থোৱা কাপোৰবোৰ অলপ লিৰিকি-বিদাৰি ভিতৰলৈ সোমাই আহে।

: হুহহ…লোকৰ কি দেখিবা গাড়ীয়েই গাড়ী। আজি যদি এখন কালিলৈ আন এখন গাড়ী গেৰেজত সোমোৱাইহি। আৰু আমাৰ আকৌ সেইকণো ভাগ্যই নাটানে। সেই পুৰণিকলীয়া মাৰুতি এইট হান্দ্ৰেদকেই থেলি থেলি জীৱনটো যাবগৈ যেন পাইছোঁ।

মুখেৰে ভোৰভোৰাই বৰুৱানীয়ে পাকঘৰৰ কামত লাগে। ইফালে পেপাৰ পঢ়ি থকা বৰুৱাই পাকঘৰত বাচন-বৰ্তনৰ শব্দ বেছি হোৱাত পত্নীৰ কথাৰ উমান পাইয়েই বৰুৱা লাহেকৈ উঠি আহি বেলকনিৰ পৰা তললৈ এবাৰ চাই আহি পুনৰ পেপাৰ পঢ়ি থকাৰ মাজতে পৰিবাৰৰ কথাত ভোৰভোৰাই থাকে।

: অ’…তাৰমানে কথা এইটোহে। এইযে মাইকী মানুহবোৰৰো কাম নাই দেই। লোকে কিবা এটা কিনিব তাতো চকু। কিবা এযোৰ পিন্ধিব তাতো চকু। কিবা এটা খাব সেইটোতো চকু। মহা মস্কিলহে।

আজি বৰুৱানীহঁত ওচৰৰে শইকীয়ানীহঁতৰ ঘৰত বাৰ্থডে পাৰ্টি এটা খাবলৈ বুলি দুয়ো ওলাই আহে। পাৰ্টিত ওচৰৰ সকলো চুবুৰীয়া গোট খোৱাত সকলোৱে হাঁহি-স্ফূৰ্তিৰ মাজেৰে পাৰ্টি উপভোগ কৰিছে। তাৰ মাজতে শৰ্মা-শইকীয়ানীহঁতে তেওঁলোকে পিন্ধি অহা কাপোৰ গহনাবোৰক লৈ ইটো-সিটো কথা পতাত ব্যস্ত হৈ পৰিল৷

: এইযে জানা, মোৰ এই নেকলেচডাল এওঁ সিদিনা কামৰ সূত্ৰে মুম্বাইলৈ যাওঁতে ভাল দেখি লৈ আনিছিল জানা।

: হয় নেকি। বৰ ভাল দেখাইছে আপোনাক। বেছি দাম নহয় চাগে।

: ইহহ…নাই..নাই…মাত্ৰ পঞ্চাশ হাজাৰ টকাহে৷

মিছেছ শৰ্মানী আৰু শইকীয়ানীৰ কথা শুনি বৰুৱানীয়ে নিজৰ ডিঙিত পিন্ধি যোৱা সৰু চেইনডাল লাহেকৈ চুই কিবা এটা অজুহাত দেখুৱাই বৰুৱাৰ কাষ পাইহি।

: হেৰি…যাওঁ বং’লক আৰু। সময় বহুত হ’ল।

: এহহ…হয় নেকি? যদি তোমালোকৰ কথা পতা হৈ গ’ল তেনেহ’লে যাওঁ ব’লা আৰু।

বৰুৱাই অলপ ইতিকিঙৰ সুৰত কোৱাত বৰুৱানীয়ে বৰুৱালৈ ঘোপা চাৱনিৰে চাই পঠিয়ায়।

ঘৰ আহি পোৱালৈকে বৰুৱানীয়ে শৰ্মানীহঁতৰ কথাই বৰুৱাৰ আগত কৈ অহাত বৰুৱাই লাহেকৈ মাত দিয়ে।

: হেৰা, তুমিনো তেওঁলোকৰ কথাবোৰত মন দিব লাগেনে কোৱাচোন। তেওঁৰ ডিঙিত পিন্ধাডাল ইমান দামী নহ’বওতো পাৰে। তুমিনো সেইবোৰ কথাত বিশ্বাস কৰিব লাগেনে। যদি ইমানেই তোমাৰ গাত লাগিল তেনেহ’লে তুমিও ক’ব পাৰিলাহেঁতেন ।

: কি কয় হে আপুনি। মিছা মাতি মই ধৰা পৰি মোৰ মান-সন্মান শেষ কৰিব নোৱাৰোঁ দেই।

: কিয়….সিদিনাখন দেখোন আমাৰ চুবুৰীয়াৰ কলিতানীৰ আগত তোমাৰ ভনীয়েৰাৰ পাটৰ কাপোৰযোৰচোন মই তোমাক কিনি দিয়া বুলি মিছা মাতিছিলা দেখোন। তেতিয়া জানো তোমাৰ মান-সন্মান যোৱা নাছিল হ’বলা।

বৰুৱাই মিহি মিহিকৈ কথাকেইটা কৈ মুখলৈ ভেবা লাগি চাই থকা পত্নীক দুৱাৰৰ তলা খুলিবলৈ লাহেকৈ চকুৰে ইংগিত দিয়ে।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.