ফটাঢোল

চুৰিৰ পৰা ডকাইতি লৈকে (অণুগল্প –  মূল বাংলা – বৰুণ কুমাৰ সাহা) অনুবাদক – নীলাক্ষি নাথ


শ্যামসুন্দৰ ভাৱাল কুঁজা হৈ ভৰি টিপি টিপি আগবাঢ়িলে। তাৰ পিছত লাহেকৈ বাটাৰফ্লাই ফ্রিজটো খুলিলে— ‘আহ! ৰসগোল্লাৰ পাহাৰ!’ পর্দাৰ ফাকেৰে এবাৰ সাৱধানে ভুমুকিয়াই চালে— ‘নো পবলেম… শ্রীমতী বেলকনিত ফোনত মত্ত’। মুখখন তৎক্ষণাত বৃত্তাকাৰ কৰি তেওঁ গোগ্রাসে গিলিব আৰম্ভ কৰিলে… এক-দুই-তিনি-চাৰি-পাঁচ…।

ইচ্ছা কৰিলেই শ্যামসুন্দৰে চাৰি মহলাৰ ছাদৰ ওপৰত ৰসগোল্লাৰ চুইমিংপুল বনাই তাত চব্বিশ ঘণ্টা সোমাই থাকিব পাৰে। কিন্তু নহয়, বিচক্ষণ, বুদ্ধিমতী, প্রিয়দর্শিনী, অর্ধাঙ্গিনীৰ চকুত ধুলি মাৰি ৰসগোল্লা চুৰ কৰি খোৱাৰ আনন্দই বেলেগ। হওক না ডায়েবেটিচ, তাতে কি হ’ল! হাতে-লোটে ধৰা পৰিলে যে নির্ঘাট খুন হ’ব, সেয়াও তেওঁ জানে। কিন্তু তথাপিও, মৃত্যুক নিজৰ হাতৰ মুঠিত লৈ, নিজৰ বস্তু নিজৰ ঘৰতে নিজেই চুৰ কৰি খোৱাৰ যি আনন্দ, যি থ্রিল, যি চাছপেন্স, যি এডভেঞ্চাৰ, সেয়া পয়ষষ্ঠী বছৰৰ অভিজ্ঞতাত তেওঁ কেতিয়াও পোৱা নাই!


হেল্লো, হেল্লো, অঁ শুনি আছানে? কামটো খুব স্মার্টলি কৰিব লাগিব বুজিছানে। কালি কেন্টিনৰ প্ল্যানটো কামত দিছে। বুঢ়াই সমানে গিলি আছে। নাই… নাই… কাউন্ট কৰা নাই। কিন্তু ডায়েবেটিচৰ লেভেল খুব হাই। পটাচিয়াম, চায়েনাইটোৰ প্ল্যানটো আৰু খটুৱাব নালাগে, বুজিছা। … নাই নাই, মালটো সাংঘাটিক চতুৰ। ডিডবোৰ অলপ বেলেগকৈ বনাইছে। অলপ খেলিমেলি হ’লেই গোটেইবোৰ ট্রাষ্টৰ নামত গুচি যাব। অলপ ধৈর্য্য ধৰা সোণটো। ডেথটো নেচাৰেল হ’ব লাগিব… নেচাৰেল…।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    খুব কম বাক্যতে বৰ সুন্দৰ ভাবে বৰ্ণনা কৰিছে ৷ সাবলীল অনুবাদ ৷

    Reply

Leave a Reply

Your email address will not be published.