ফটাঢোল

চেকমেট(মূল গল্প: চেকমেট,গল্পকাৰ : জেফ্ৰি আৰ্ছাৰ)- অনুবাদ : অলকেশ ভাগৱতী 

তেখেত কোঠাটোত সোমোৱাৰ লগে লগেই সকলোৱে তেওঁৰ ফালে আগ্ৰহেৰে ঘূৰি চালে৷ সাধাৰণতে মহিলাসকলক নয়নভৰাই চাবলৈ বেছিভাগ লোকেই মহিলাগৰাকীৰ মুখৰ পৰা আৰম্ভ কৰি দৃষ্টি তললৈ নমাই গৈ থাকে৷ মই পিচে ওলোটাহে কৰিলোঁ৷ মই তেওঁৰ ভৰিৰ পৰা আৰম্ভ কৰি লাহে লাহে ওপৰলৈ গ’লোঁ৷  লিপিট খাই ধৰা ক’লা পোচাকযোৰৰ সৈতে ভেলভেটৰ ওখ হাই হিল জোতাৰে তেওঁক অপূৰ্ব সুন্দৰী দেখাইছিল৷ মোৰ দৃষ্টিয়ে তেওঁৰ শৰীৰত বগুৱাবাই গৈ তেওঁৰ খামুচীয়া কঁকাল আৰু সুষম দেহবল্লৱীত থমকি ৰ’ল। কিন্তু তেওঁৰ দেহৰ আটাইতকৈ আকৰ্ষণীয় অংশটো আছিল তেওঁৰ মুখমণ্ডল। ডিম্বাকৃতিৰ মুখত পুৰঠ ওঁঠ, সাগৰৰ দৰে গভীৰ নীলা দুচকু আৰু কিচকিচিয়া ক’লা চুটি চুলি একোচাৰে তেওঁৰ সৌন্দৰ্য্যক জাকত জিলিকা কৰি তুলিছিল।

তেওঁ এই স্থানত উপস্থিত হোৱাটোৱেই আচলতে এক আচৰিত কথা৷ সাধাৰণতে কোনো ডাঙৰ ককটেইল পাৰ্টি বা আন তেনে অনুষ্ঠানতহে দেখাৰ সৌভাগ্য হোৱা ইমান সুন্দৰী মহিলা আজি এখন দবা খেলৰ প্ৰতিযোগিতালৈ আহিছে!

গোটেই সময়খিনি মই তেওঁকেই লক্ষ্য কৰি থাকিলোঁ৷ এই কথা মোৰ বিশ্বাসেই হোৱা নাই যে এনে অপূৰ্ব সুন্দৰী গৰাকী দবা খেলুৱৈয়ো হ’ব পাৰে। কিন্তু মোৰ সকলো বিশ্বাসক ভুল বুলি প্ৰতিপন্ন কৰি তেওঁ লাহে লাহে কিছু দূৰত বহি থকা আমাৰ খেলখনৰ সচিবৰ চকীখনলৈ আগুৱাই গ’ল আৰু তাত এখন কাগজত চহী কৰিলে৷ কাগজখনত চহী কৰাৰ পিছত সচিবজনে তেওঁৰ হাতত এক নম্বৰ তুলি দিলে৷ এই বিশেষ নম্বৰৰ খেলুৱৈজনেই হ’ব এই খেলখনত মহিলাগৰাকীৰ প্ৰথম প্ৰতিদ্বন্দী৷ যিসকল খেলুৱৈয়ে এতিয়াও তেওঁলোকৰ প্ৰতিদ্বন্দী পোৱা নাই, সেইসকলে মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰি আগ্ৰহেৰে বাট চাই ৰ’ল যে মহিলাগৰাকী যাতে তেওঁৰেই প্ৰতিদ্বন্দী হয়৷ সুন্দৰীয়ে তেওঁৰ হাতত থকা নম্বৰটো চাই কোঠাটোৰ দুৰৈৰ কোণ এটাত অকলশৰে বহি থকা এক বৃদ্ধ প্ৰতিযোগীৰ পিনে আগুৱাই গ’ল৷ উক্ত লোকজন আগতে আমাৰেই ক্লাবটোৰ অধিনায়ক আছিল৷

বৰ্তমান ক্লাবটোৰ নতুন দলপতি হিচাবে এই খেলখন মোৰ তত্বাৱধানতেই অনুষ্ঠিত হৈছে৷ প্ৰতি মাহৰ শেষ শুক্ৰবাৰে আমি ক্লাবঘৰ সদৃশ বিশাল কোঠাটোত মিলিত হওঁ৷ ঘৰটোৰ মালিকে এই দিনটোত আমাৰ বাবে ত্ৰিছখন চকী সজাই থয়৷ ইয়াৰ লগতে তেওঁ খাদ্য আৰু সুৰাৰো সুন্দৰ ব্যৱস্থা কৰে৷ এই দিনটোত চহৰখনত থকা চাৰিটা ক্লাবৰ আন তিনিটাৰ প্ৰতিটোৰ পৰাও ছজনকৈ খেলুৱৈ আমাৰ ক্লাবলৈ খেলিবলৈ আহে৷ আমি সদায় খেলি অহা খেলুৱৈসকলৰ বাহিৰেও আন নতুন নতুন খেলুৱৈ লগ পাবলৈ সেয়েহে এই দিনটোলৈ সকলোৱে আগ্ৰহেৰে বাট চাই থাকোঁ৷ খেলৰ নিয়মবোৰ অতি সৰল৷ প্ৰতিটো চাল দিবলৈ এজন খেলুৱৈক এক মিনিটতকৈ বেছি সময় দিয়া নহয়৷ গতিকে প্ৰায়বোৰ খেলেই এঘণ্টাৰ ভিতৰত শেষ হৈ যায়৷ আৰু যদিহে কোনো খেলত প্ৰথম আধাঘণ্টাৰ ভিতৰ এজনো সৈন্য কটা নাযায়, তেন্তে সেই খেলখনক ড্ৰ ঘোষণা কৰা হয়৷ এখন খেল শেষ হ’লে দুয়োজন খেলুৱৈয়ে খাবলৈ অলপ বিৰতি লয়৷ এই বিৰতিত সকলো খৰচ খেলত পৰাজিত খেলুৱৈজনে বহন কৰে৷ তাৰ পিছত দুয়ো খেলুৱৈয়ে আকৌ দুজন নতুন খেলুৱৈৰ লগত একোখনকৈ খেল খেলে৷

মোৰ টেবুলখনলৈও চশমা পৰিহিত এজন ক্ষীণ লোক আগবাঢ়ি আহিল৷ এওঁ আজি মোৰ প্ৰথম প্ৰতিদ্বন্দী৷ প্ৰথম দৃষ্টিত দেখিলে তেওঁক কোনো প্ৰতিষ্ঠিত বিষয়া যেনেই লাগে৷ কিন্তু খেলৰ মাজতে কথা পাতি মই গম পালোঁ যে তেওঁ ওচৰৰে দোকান এখনত গাণনিকৰ কাম কৰে৷

তেওঁ অতি সুন্দৰকৈ আৰম্ভ কৰা মস্কো অপেনিঙৰ খেলখনত মই ভালকৈ মনেই বহুৱাব নোৱাৰিলোঁ৷ মোৰ দৃষ্টি বাৰে বাৰে সেই ক’লা পোচাক পৰিহিত মহিলালৈহে গৈ থাকিল৷ মাজতে এবাৰ চকুৱে চকুৱে মিলাত তেওঁ এক ক্ষীণ হাঁহিৰে সম্ভাষণো জনালে৷ খেলখনত বেছি মনোযোগ দিব নোৱাৰাৰ পিছতো কিন্তু ময়েই জয়লাভ কৰিলোঁ৷

বিৰতিৰ সময়ত মই যেতিয়া বাৰলৈ সোমাই গ’লোঁ, তেতিয়া দেখিলোঁ যে মই যোৱাৰ আগৰে পৰাই আমাৰ ক্লাবৰ আন তিনিজন সদস্যই তেওঁৰ লগত বহি লৈ তেওঁক পেগ যাঁচি থৈছে ৷ মই জানিছিলোঁৱেই যে মই মোৰ দ্বিতীয় খেলখনো এই মহিলাগৰাকীৰ সৈতে খেলিবলৈ পোৱাৰ কোনো সম্ভাৱনা নাই৷ কাৰণ মোৰ দ্বিতীয়খন খেল হ’ব আলহী দলৰ আন এজন দলপতিৰ সৈতে৷ কাকতালীয় ভাৱে মহিলাগৰাকীৰ দ্বিতীয়খন খেল সেই গাণনিকজনৰ বিৰুদ্ধে৷
দ্বিতীয় খেলতো মই প্ৰায় চল্লিছ মিনিটমানৰ ভিতৰতেই তেওঁক হৰুৱাবলৈ সক্ষম হ’লোঁ৷ ইয়াৰ পিছত আজৰি সময়খিনি মই কোঠাটোৰ ভিতৰত ঘূৰি থাকি আন আন খেলবোৰ চাবলৈ ধৰিলোঁ৷ মই ইচ্ছা কৰিয়েই এনে এক গোলাকাৰ দিশত ঘূৰিবলৈ ধৰিলোঁ যাতে একেবাৰে শেষত গৈ মই সেই সুন্দৰী মহিলাৰ মেজখনৰ ওচৰত উপস্থিত হওঁ৷ দূৰৈৰ পৰাই লক্ষ্য কৰিলোঁ যে তেওঁৰ বিৰুদ্ধে খেলি থকা গাণনিকজনে তেওঁক প্ৰায় হৰুৱাবলৈয়েই ওলাইছে৷ আৰু মই টেবুলখনৰ ওচৰ পোৱালৈ মহিলাগৰাকী খেলখনত হাৰিল৷
এইবাৰ মই লাহেকৈ তেওঁৰ ওচৰলৈ গৈ তেওঁৰ লগত চিনাকি হ’লোঁ৷ মই নিজেই অনুভৱ কৰিলোঁ যে তেওঁৰ লগত হাত মিলাওঁতে হোৱা সংস্পৰ্শতেই মোৰ গোটেই দেহৰ মাজেদি শিহৰণ বৈ গৈছে৷ দুয়োমূৰে খেলুৱৈ বহি খেলি থকা টেবুলবোৰৰ মাজেৰে এইবাৰ আমি দুয়ো বাৰলৈ আগবাঢ়িলোঁ৷ কথাৰ মাজতে নিজৰ চিনাকি দি তেওঁ ক’লে যে তেওঁৰ নাম আমাণ্ডা কাৰ্জন৷
বাৰলৈ গৈ বহাৰ পিছত আমাণ্ডাৰ কাৰণে ৰেড ৱাইন আৰু মোৰ কাৰণে বিয়েৰ অৰ্ডাৰ দিলোঁ৷ মদৰ গিলাছত চুমুক মাৰি আমাণ্ডাই মোক মোৰ খেলখনৰ কথা সুধিলে৷
: মই তেওঁক হৰুৱালোঁ যদিও খেলখন তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ হৈছিল৷ আপোনাৰ প্ৰথম খেলখন যে আমাৰ দলৰ পুৰণি দলপতিৰ লগত আছিল, সেইখনৰ ফলাফল কি হ’ল বাৰু ?
: সেইখন Stalemate হ’ল৷ কিন্তু মই ভাৱোঁ যে সেই খেলখনত তেওঁ সৌজন্যতাৰ খাতিৰতহে কিজানি মোক নহৰুৱালে৷
: যোৱাবছৰ ময়ো তেওঁৰ লগত খেলোঁতে আমাৰ খেলখনো ষ্টেলমেট হৈছিল৷
এইবাৰ এক মৃদু হাঁহিৰে মোলৈ চাই তেওঁ ক’লে,
: আমি দুয়োজনেও এদিন এখন খেল খেলিব লাগিব৷ নে কি কয়?
: নিশ্চয় খেলিম৷
অলপ সময় এনেকৈ সৰু সুৰা কথা পাতি থকাৰ পিছত তেওঁ এবাৰ গিলাচত শেষ শোহাটো মাৰি ক’লে,
: মই এতিয়া আপোনাক এৰিব লাগিব৷ কাৰণ মই ‘হনশ্লো’লৈ যোৱা শেষ ৰেলগাড়ীখন ধৰিব লাগিব৷
: আৰে আপুনি ৰেলেৰে গৈ কিয় ইমান কষ্ট কৰিব লাগে? মই আপোনাক গাড়ীৰে নমাই থৈ আহিম৷ আপুনি আমাৰ আলহী৷
: কিন্তু আপুনিতো মোক থ’বলৈ গ’লে বহু দূৰ অবাবতে ঘূৰিব লাগিব!
বিয়েৰৰ গিলাচটোত ওঁঠ লগাই ময়ো লগে লগেই কৈ উঠিলোঁ,
: মুঠেও নহয়৷
হনশ্লো মোৰ ঘৰৰ পৰা বিছ মিনিট দূৰৰ বাট৷ তথাপি মই মিছা মাতিলোঁ৷ আমাণ্ডাক তেওঁৰ কোটটো পিন্ধাত সহায় কৰি দি মই এবাৰ ঘৰৰ মালিকজনৰ ওচৰলৈ গ’লোঁ৷ এই প্ৰতিযোগিতাখন পাতিবলৈ তেওঁ আমাক ঘৰটো দি সহায় কৰাৰ বাবে ধন্যবাদ জনাই এইবাৰ আমি দুয়ো বাহিৰলৈ ওলাই আহিলোঁ৷ বাহিৰলৈ আহি মই মোৰ গাড়ীৰ দুৱাৰখন আমাণ্ডালৈ খুলি দিলোঁ৷ তেওঁ গাড়ীত বহি পৰিল৷
আমি এতিয়া চহৰৰ  উত্তৰ দিশলৈ আগবাঢ়িলোঁ৷ মই লাহেকৈ মন কৰিলোঁ যে মই আগতেই বৰ্ণনা কৰা আমাণ্ডাৰ সেই ক’লা পোচাকযোৰ মোৰ গাড়ীত বহাৰ পিছত আৰু বেছি ওপৰলৈ উঠি গৈছে৷ কিন্তু সেই লৈ তেওঁক একো অসহজ হোৱা যেন নালাগিল৷ দুই এটা সৰু সুৰা কথা পতাৰ পিছত মই লাহেকৈ জালখন পেলাই দিলোঁ –
: এতিয়াও সন্ধিয়া ভালকৈ লগাই নাই৷ ৰাতি হ’বলৈ বহু সময়৷ যদিহে আপোনাৰ হাতত সময় আছে, তেন্তে আমি যাওঁতে বাটত মোৰ ঘৰত সোমাই দুপেগমান খাই যাব পাৰোঁ৷
আমাণ্ডাই এবাৰ নিজৰ হাতঘড়ীটোলৈ চাই ক’লে,
: পৰা যায়৷ কিন্তু আমি খৰখেদাকৈ খাব লাগিব৷ কাইলৈ ৰাতিপুৱাই মোৰ অতি দৰকাৰী কাম এটা আছে৷
: নিশ্চয়৷ একদম সময় নালাগে৷ আমি খৰখেদাকৈ খাম৷ আপুনি এই চহৰতেই কাম কৰে?
: হয়৷ মই বাৰ্কলী স্কোৱেৰৰ এখন ফাৰ্মত ৰিচেপচনিষ্টৰ কাম কৰোঁ৷
: কিন্তু আপুনি কোনো ম’ডেল নোহোৱাতহে মই আচৰিত হৈছোঁ৷
: মই আগতে মডেলিং কৰিছিলোঁ৷
ইয়াৰ পিছত তেওঁ সেই বিষয়ত বিশেষ একো নক’লে৷ মই লক্ষ্য কৰিলোঁ যে তেওঁ অৱসৰ বিনোদনৰ বিষয়ে ফোৰব্লিজালৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ বিষয়ে মোক কৈ আহোঁতে ইমানেই উৎসাহিত হৈ পৰিছিল যে আমি কোনটো ৰাস্তাৰে আহি আছোঁ সেই বিষয়েও তেওঁ বিশেষ একো মন নকৰিলে৷
ঘৰ পোৱাৰ পিছত ঘৰৰ সন্মুখত গাড়ীখন থৈ আকৌ আমাণ্ডাৰ কাৰণে গাড়ীৰ দুৱাৰখন খুলি দিলোঁ৷ ঘৰলৈ সোমাই মই আমাণ্ডাক কোটটো খোলাত সহায় কৰি দিলোঁ।
: আপুনি কি খাব?
: মোৰ ৱাইন হ’লেই চলি যাব, যদিহে আপোনাৰ আগতেই খুলি থোৱা কিবা বটল আছে৷
এইবাৰ তেওঁ মোৰ বিশৃঙ্খল ঘৰটো পায়চাৰি কৰিবলৈ ধৰিলে৷ তেওঁৰ ফালে চাই মই সেমেনা সেমেনিকৈ ক’লোঁ,
: অবিবাহিত লোকৰ ঘৰ বাবেই কোঠাটো অলপ অপৰিপাটি হৈ আছে৷
‘অবিবাহিত’ শব্দটোত মই অলপ বেছিকৈয়েই জোৰ দি ক’লোঁ৷ তেওঁ মোৰ সংকেতটো বুজি পাব বুলি আশা কৰি এইবাৰ মই পাকঘৰলৈ সোমাই গ’লোঁ ৷
পাকঘৰৰ খোটালিত এটা নোখোলা ৱাইনৰ বটল দেখিহে মই স্বস্তিৰ নিস্বাস পেলালোঁ৷ বটলটোৰ সৈতে হাতত দুটা গিলাছ লৈ যেতিয়া মই ওলাই আহিলোঁ, দেখিলোঁ যে আমাণ্ডাই মই আগতেই সজাই থোৱা মোৰ দবাখেলৰ বোৰ্ডখন মনোযোগেৰে চাই আছে৷ বোৰ্ডখনত এখন খেল আধাখেলা অৱস্থাত আছে৷ এই খেলখন মই লণ্ডনৰ বন্ধু এজনৰ লগত ডাকযোগে খেলি আছোঁ৷ হাতীদাঁতেৰে বনোৱা দবাখেলৰ গুটিবোৰৰ ওপৰত এবাৰ আলফুলে আঙুলি বুলাই তেওঁ ক’লে,
: ইমান ধুনীয়া বোৰ্ড! ক’ৰ পৰা কিনিছে?
: মেক্সিকো৷
মই এই কথা নকলোঁ যে মই এইখন মেক্সিকোৰ পৰা কিনা নাই৷ তালৈ ফুৰিবলৈ যাওঁতে এবাৰ এখন টুৰ্ণামেণ্টত জিকি পুৰস্কাৰ হিচাবেহে মই এইখন পাইছোঁ৷
এইবাৰ লাহেকৈ সুযোগ বুজি লৈ মই আৰম্ভ কৰিলোঁ,
:  মোৰেই দুৰ্ভাগ্য যে আপোনাৰ লগত এবাৰ দবা খেলিবলৈ আজি আপোনাৰ হাতত সময় নাই।
মোৰ কথা শুনি আমাণ্ডাই আকৌ এবাৰ তেওঁৰ ঘড়ীটোলৈ চাই ক’লে,
: আহক, একদম খৰখেদাকৈ এখন খেলি লওঁ৷
এইবুলি কৈয়েই তেওঁৰ দবাখনত আধাখেলাকৈ সজাই থোৱা বগা গুটিবোৰৰ পিনে বহি পৰিল৷ ময়ো পলম নকৰি তেওঁৰ বিপৰীত দিশে বহি পৰিলোঁ৷ আজি মোৰ দিন ভাল!
এইবাৰ তেওঁ বোৰ্ডখনৰ পৰা এটা ক’লা হাতী আৰু এটা বগা হাতী তুলি লৈ দুয়োটা হাতী দুখন হাতেৰে মুঠি মাৰি ধৰি হাত দুখন পিছলৈ লৈ গ’ল৷ হাত দুখন পিছলৈ নিওঁতে তেওঁৰ দেহত লিপিট খাই ধৰা কাপোৰযোৰে মোক বলিয়া যেন কৰি দিলে৷
এইবাৰ আকৌ তেওঁ দুয়োখন হাত মুঠি মাৰি আনি মোৰ সন্মুখত দাঙি ধৰিলে৷ মই লাহেকৈ তেওঁৰ সোঁহাতখনত চুই দিলোঁ৷ তেওঁ সোঁহাতৰ মুঠিটো লাহেকৈ মেলি দিয়াত এটা বগা হাতী ওলাই পৰিল৷ বঢ়িয়া! মানে মই বগা গুটি লৈ খেলিম৷
খেল আৰম্ভ হোৱাৰ আগতে মই লাহেকৈ সুধিলোঁ
: আমাৰ খেলখনত বাৰু  কিবা বাজী থাকিব নেকি?
মোৰ কথা শুনি তেওঁ অপ্ৰস্তুত ভাৱে নিজৰ বেগটো খুলি ভিতৰলৈ চালে।
: মোৰ হাতত বৰ্তমান বেছি পইচা নাই৷ মই একদম কম পইচাৰহে বাজী লগাব পাৰিম৷
: হ’ব, কোনো কথা নাই৷ পইচা কি ডাঙৰ বস্তু? আপুনি পইচাৰ সলনি বেলেগ কিবা দিলেই হ’ল৷
: মানে পইচাৰ সলনি মই কি বেলেগ বস্তু দিব লাগিব?
: আপুনি কি দিব পাৰিব?
: আপুনিয়েই কওকচোন আপোনাক কি লাগে?
: আপুনি জিকিলে মই দহ পাউণ্ড দিম
:  আৰু যদিহে মই হাৰোঁ?
: আপুনি আপোনাৰ গাৰ পৰা এপদ বস্তু মোৰ সন্মুখত খুলি দিব লাগিব৷
কথাষাৰ কোৱাৰ লগে লগেই মোৰ সম্বিৎ ঘূৰি আহিল ৷ হে ভগৱান, এয়া মই কি কৈ দিলোঁ! মোৰ গালত এক প্ৰচণ্ড চৰ মাৰি মোৰ কোঠাৰ পৰা ওলাই যোৱালৈ অপেক্ষা কৰি থাকোঁতেই অতি সাধাৰণভাৱে তেওঁ ক’লে,
: আমি মাত্ৰ এখনহে খেল খেলিম৷ গতিকে মাত্ৰ এপদ বস্তু খুলি দিয়াটো একো ডাঙৰ সমস্যা নহ’ব৷ আহক খেল আৰম্ভ কৰোঁ৷
ৱাহ! আজি মোৰ দিনটো লগাতকৈ বেছিয়েই ভাল৷ আমাণ্ডাৰ উত্তৰে মোক এক সপোনৰ পৃথিৱীলৈ টানি লৈ গ’ল৷
খেল আৰম্ভ কৰাৰ পিছত মই গম পালোঁ যে তেওঁ একেবাৰে বেয়া খেলুৱৈও নহয়৷ দবাৰ সাধাৰণ অপেনিংবোৰৰ সৰু সুৰা দুই এটা কথা তেওঁ জানেও৷ কিন্তু সেই সাধাৰণ জ্ঞানখিনি মোৰ লগত ফেৰ মাৰিবলৈ যথেষ্ট নাছিল৷ বিশ মিনিটমান কোনো বিশেষ চাপ নোলোৱাকৈ খেলি থকাৰ পিছতেই এবাৰ তেওঁৰ ৰজাক চাৰিওফালৰ পৰা ঘেৰি ধৰি সকলো দবা খেলুৱৈয়ে ক’বলৈ ভাল পোৱা প্ৰিয় শব্দটো মই কৈ দিলোঁ,
: Checkmate.
নিজ পৰাজয় নম্ৰতাৰে মানি লৈ মোৰ পিনে এক মিচিকিয়া হাঁহি মাৰি বিশেষ একো প্ৰতিক্ৰিয়া নেদেখুৱাই তেওঁ নিজৰ চেণ্ডেলযোৰ খুলি মোৰ সন্মুখত থৈ দিলে৷
: আৰু এপেগ খাব নেকি? এঘাৰই বজা নাই৷
: ঠিক আছে৷ একেবাৰে সৰুকৈ এপেগ খাব পাৰি৷ কিন্তু তাৰ পিছত মই যাব লাগিব৷
তেওঁৰ কথা শুনি মই পাকঘৰলৈ গৈ বটলটো লৈ আনিলোঁ আৰু তেওঁৰ গিলাচটো ভৰাই ৱাইন বাকি দিলোঁ৷ তেওঁ কৈ উঠিল,
: ইচ্, আপুনি গিলাচটো ভৰাই দিলে৷ মোক আধা গিলাচহে দিব লাগিছিল৷
তেওঁৰ কথাটো নুশুনাৰ ভাও ধৰি থাকি মই ক’লোঁ,
: মই আজি আপোনাৰ লগত ভাগ্যৰ বলতহে জিকিলোঁ৷ আপুনি হাতীটোৰে মোৰ ঘোঁৰাটো খাই দিয়াৰ পিছত মই হাৰিম বুলিয়েই ভয় খাই গৈছিলোঁ৷
: হ’ব পাৰে। আমাণ্ডাৰ নিৰ্লিপ্ত উত্তৰ৷
নিজ ভাগ্যক আকৌ এবাৰ টুকুৰিয়াই চোৱাৰ মানসেৰে এইবাৰ মই কৈ উঠিলোঁ,
: আৰু এহাত খেলিব নেকি?
তেওঁ অলপ সময় চিন্তা কৰাৰ দৰে কৰিলে৷ সেয়েহে মই ক’লোঁ,
: এইবাৰ মই দুগুণ পইচাৰ বাজী মাৰিম। মই হাৰিলে বিশ পাউণ্ড দিম৷ কিন্তু আপুনি হাৰিলে আপুনি এপদেই কাপোৰ খুলিব লাগিব৷
: হৰা জিকা যিয়েই নহওক আমাৰ দুয়োৰে বৰ বিশেষ একো লোকচান নহ’ব৷ আহক এহাত খেলোঁ  বুলি তেওঁ চকীখন টানি লৈ বোৰ্ডখনৰ সন্মুখত বহি ল’লে৷
দ্বিতীয়খন খেল আগৰবাৰতকৈ অলপ দীঘলীয়া হ’ল ৷ আৰম্ভণিতেই মই মন্ত্ৰীৰ ফালে কেচলিং কৰি কৰা ভুলৰ বাবে মোৰ এইবাৰ জিকোঁতে অলপ সময় লাগিল৷ কিন্তু তথাপি মই ত্ৰিছ মিনিটৰ ভিতৰতেই খেলখন সমাপ্ত কৰিলোঁ আৰু আমাণ্ডাই মন নকৰাকৈ তেওঁৰ গিলাচটোত আকৌ মনে মনে অলপ মদ ঢালি দিলোঁ৷
আমাণ্ডাই এইবাৰ তেওঁৰ পোচাকযোৰ আঁঠুৰ ওপৰলৈ দাঙি দিলে আৰু মই তেওঁৰ দীঘল মোজাযোৰৰ ওপৰ ভাগলৈ সম্পূৰ্ণকৈ দেখিলোঁ৷
লাহেকৈ তেওঁৰ মোজাৰ ওপৰৰ বুটাম দুটা খুলি তাৰ পিছত গোটেই মোজাযোৰ খুলি মোৰ কাষৰ টেবুলখনত থৈ দিলে৷
: এইবাৰ কিন্তু মই প্ৰায় জিকিছিলোঁৱেই!
: হয়৷ এইবাৰ আপুনি প্ৰায় জিকিছিলেই৷ মই কিবাকৈহে নহৰাকৈ থাকিলোঁ৷ আৰু এহাত খেলে নেকি? এইবাৰ মই পঞ্চাছ পাউণ্ড দিম৷
মোৰ প্ৰস্তাৱটো যাতে শুনিবলৈ ভাল হয় সেয়ে এইবাৰ মই পোনচাটেই পঞ্চাছলৈ গ’লোঁ৷
: আমাৰ দুয়োৰে বাবে বাজীবোৰ লাহে লাহে ডাঙৰ হৈ গৈ আছে৷
বুলি কৈ তেওঁ আকৌ দবাখনৰ গুটিবোৰ শাৰী শাৰীকৈ সজোৱাত লাগিল৷ তেওঁৰ মনৰ ভিতৰত এতিয়া কি চলি আছে সেয়া জানিবলৈ মোৰ বিৰাট ইচ্ছা হ’ল৷
তেওঁৰ মনত যিয়েই নচলক, এইবাৰ তেওঁ মূৰ্খৰ দৰে খেলি খেলখনৰ আৰম্ভণিতেই নিজৰ নাও দুখন হেৰুৱালে আৰু মাত্ৰ কেইমিনিটমানৰ ভিতৰতেই খেলখন সমাপ্ত হ’ল৷ আকৌ তেওঁ কাপোৰ খুলিবলৈ আৰম্ভ কৰিলে৷ কিন্তু এইবাৰ কঁকালৰ অংশৰ পৰা৷
অতি সহজভাৱে পিন্ধি থকা স্কাৰ্টটো খুলি সেইটো মোজাযোৰৰ লগতে টেবুলখনত থৈ তেওঁ কৈ উঠিল,
: মোৰ দ্বিতীয়খন নাও যোৱাৰ পিছতেই মই হৰাটো নিশ্চিত আছিল৷
তেওঁৰ কথাবোৰ মই ভালকৈ শুনাই নাই৷ ভগৱান এয়া আজি মই কি দেখিছোঁ! তুমি আজি মোৰ প্ৰতি ইমানেই বেছি সদয় নে!
: আপোনাৰ কথাটো সঁচা৷ সেয়েহে আপোনাক আৰু এটা সুযোগ দিয়াটো ভাল হ’ব৷ এইবাৰ আপুনি এশ পাউণ্ড জিকিবলৈ পাৰিব৷
এইবুলি কৈয়েই মই তেওঁৰ উত্তৰলৈ বাট নাচাই দবাখন আকৌ সজাবলৈ ধৰিলোঁ৷
: ইচ, মই যাবই লাগিছিল৷ বহুত পলম হ’ল৷
পিছে তাৰ পিছতেই তেওঁ একো নকৈ নিজৰ মন্ত্ৰীৰ সন্মুখৰ সৈন্যটো দুঘৰ আগুৱাই দিলে৷ মই মোৰ হাতীটোৰ সন্মুখৰ সৈন্যটো আগুৱাই দিয়াত তেওঁ মোলৈ চাই আকৌ এবাৰ সেই সন্মোহিনী হাঁহিটো মাৰিলে৷ এইবাৰ তেওঁ গোটেই সন্ধিয়াটোৰ আটাইতকৈ ভাল খেলখন খেলিলে৷ তেওঁ  ৱাৰ্ছ’ গেম্বিটেৰে (Warshaw gambit) খেলা এই খেলখন জিকিবলৈ মোৰ চল্লিছ মিনিটৰো বেছি সময় লাগিল।
আচলতে এই খেলখনৰ প্ৰথম ভাগত মই হাৰিবলৈয়েই ওলাইছিলোঁ৷ কাৰণ আমাণ্ডাক সেই ৰূপত দেখি মই খেলখনত ভালকৈ মনযোগেই দিব পৰা নাছিলোঁ৷ খেলখনত দুবাৰমান আমাণ্ডাই মোতকৈ ভাল অৱস্থানত আহি ফূৰ্তিতে মিচিক-মাচাককৈ হাঁহিও আছিল৷ কিন্তু ময়ো জানো কম খেলুৱৈ? এনে এখন খেলতেই একেই অৱস্থাৰ পৰা এনাটলী কাৰপভে কেনেকৈ চিচিলিয়ান ডিফেন্সৰ সহায়ত তেওঁৰ প্ৰতিপক্ষক হৰুৱাইছিল, সেয়া হয়তো আমাণ্ডাই নাজানে৷ নাজানিবৰ কথাই৷
আৰু অৱশেষত আজি তৃতীয়বাৰৰ বাবে মই সেই বিশেষ শব্দটো কৈয়েই দিলোঁ,
: Checkmate.
: আস! এইবাৰ আপুনি মোক অলপ সহায় কৰি দিব লাগিব৷ এইবুলি তেওঁ মোলৈ পিঠি দি থিয় হৈ দিলে৷ মই একে জাঁপে উঠি লৈ কম্পিত হাতেৰে আমাণ্ডাই পিন্ধি থকা কাপোৰযোৰৰ পিঠিৰ ফালে থকা চেইনডাল লাহে লাহে তললৈ টানি দিলোঁ৷ আমাণ্ডাৰ শৰীৰত এবাৰ হাতখন বুলাই দিবলৈ মই ব্যগ্ৰ হৈ উঠিলোঁ৷ এনেতে তেওঁ সন্মুখলৈ ঘূৰি দিলে আৰু কোনো এক মূৰ্তিৰ উন্মোচন হোৱাৰ ভংগীমাতেই তেওঁৰ দেহৰ কাপোৰযোৰ মাটিলৈ সৰি পৰিল৷ আমাণ্ডাই এবাৰ লাহেকৈ মোৰ গালত আঙুলি দুটা ফুৰাই দিলে৷ মোৰ শৰীৰৰ মাজেৰে যেন হাজাৰ ভোল্টৰ বিজুলী পাৰ হৈ গ’ল! একে উশাহে গোটেই গিলাচটোৰ মদবোৰ গিলি দি মই আকৌ মদ অনাৰ চলেৰে পাকঘৰলৈ দৌৰ মাৰিলোঁ।
মই পাকঘৰৰ পৰা ঘূৰি অহালৈ তেওঁ একে ঠাইতে ঠিয় হৈ থাকিল৷ এতিয়া তেওঁৰ দেহত মাত্ৰ দুপদ কাপোৰ৷ কঁকালৰ তলত এপদ আৰু কঁকালৰ ওপৰত এপদ৷ এনে সুযোগ অথলে যাব দিব নোৱাৰি৷ এই দুপদ কাপোৰো মই আজি কিবাকৈ চলে বলে কৌশলে আঁতৰাবই লাগিব৷

: আপুনিতো আৰু এখন খেল নেখেলে কিজানি?

মোৰ চঞ্চল হৈ উঠা মনৰ ব্যগ্ৰতাক ঢাকি ৰাখি কিবাকৈ কথাষাৰ ক’লোঁ৷
: নাই বহুত পলম হৈ গ’ল৷ মোক ঘৰত থৈ আহকগৈ৷
তেওঁৰ গিলাচত আৰু এবাৰ মদ ঢালি দি মই কৈয়েই দিলোঁ
: শেষবাৰৰ বাবে খেলোঁ আহকনা! এইবাৰ কিন্তু আপুনি দুয়োপদ কাপোৰ একেলগেই বাজীত লগাব লাগিব৷
: আস, না! মই হাৰিলে কি হ’ব?
: এইবাৰ মই দুশ পাউণ্ড দিম৷ কিন্তু আপুনিও দুয়োপদ কাপোৰ একেলগে বাজীত লগাব লাগিব৷ আহকনা৷ আপোনাৰেই জিকাৰ সম্ভাৱনা বেছি আছে৷ আগৰ তিনিখন খেলতো মই কিবাকৈ কাণে কাণ মাৰিহে জিকিছোঁ৷
মদৰ গিলাছটোত এঢোক মাৰি তেওঁ আকৌ এবাৰ মোৰ প্ৰস্তাৱটো ভাৱিলে৷
: ঠিক আছে৷ কিন্তু এইবাৰ শেষ খেল৷ মই সোনকালে ঘৰ পাবগৈ লাগে৷
তেওঁ এইবাৰো যদি হাৰে তাৰ পিছত ঘৰলৈ কেনেকৈ যাব পাৰিব সেই কথা তেওঁ নুলিয়ালে আৰু ময়ো সোঁৱৰাই দি নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি নললোঁ৷ কঁপা কঁপা হাতেৰে বোৰ্ডত গুটিবোৰ সজাই থাকোঁতে মই মনে মনে ঈশ্বৰক এয়ে প্ৰাৰ্থনা কৰি থাকিলোঁ আমাণ্ডাই যাতে এই কথা গম পোৱা নাই যে মই গোটেই সন্ধিয়াটোত মাত্ৰ এগিলাচ মদহে খাইছোঁ৷ মই এই খেলখন যিমান সোনকালে পাৰি শেষ কৰিব লাগে৷ অকনো বিলম্ব নকৰি মই মোৰ মন্ত্ৰীৰ সন্মুখৰ সৈন্যটো দুঘৰ আগুৱাই দিলোঁ৷ কিন্তু এইবাৰ মোক প্ৰায় আচৰিত কৰি তেঁৱো তেওঁৰ মন্ত্ৰীৰ সন্মুখৰ সৈন্যটো দুঘৰ আগুৱাই দিলে৷ ইয়াৰো উত্তৰ অৱশ্যে মোৰ ওচৰত আছিল৷ কিন্তু এইবাৰ যেন সকলো সলনি হৈ গ’ল৷ মই কি ভাবি কোনটো গুটি আগুৱাইছোঁ সেয়া তেওঁ যেন আগতেই গম পাই যায়! মই জীৱনত কোনোকালে নেদেখা নুশুনা কিছুমান গেম্বিটো তেওঁ খেলিবলৈ আৰম্ভ কৰিলে৷মোৰ চকুৰ সন্মুখতেই হঠাতে আমাণ্ডা এক অতি শক্তিশালী দবা খেলুৱৈলৈ ৰূপান্তৰিত হৈ গ’ল৷ মোৰ সমগ্ৰ দবা খেলৰ জীৱনত মই ইয়াতকৈ শক্তিশালী কোনো বিপক্ষৰ বিৰুদ্ধে খেলি পোৱা নাই৷ মাত্ৰ এঘাৰ মিনিট পিছতেই আমাণ্ডাই কৈ উঠিল সেই ভয়ংকৰ শব্দটো
: Checkmate …
ইয়াৰ পিছতো এক ৰহস্যময়ী হাঁহিৰে তেওঁ ক’লে,
: আপুনি ঠিকেই কৈছিল৷ এইবাৰ মোৰ জিকাৰ সম্ভাৱনা বেছি  আছিল৷

: অলপ আগতে কি হৈ গ’ল মই যেন বিশ্বাসেই কৰিব পৰা নাই৷ লাহেকৈ মূৰটো দাঙি মই দেখিলোঁ যে ইতিমধ্যে আমাণ্ডাই তেওঁৰ কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে৷ মোজাযোৰ লাহেকৈ বেগটোত সুমুৱাই লৈ সৰ্বশেষত তেওঁ জোতাযোৰো পিন্ধি ল’লে৷

মই অবাক হৈ মোৰ চেক বহীখন উলিয়াই চেকৰ পাত এখনত লিখিবলৈ ল’লোঁ –
আমাণ্ডা কাৰ্জন৷ দুশ পাউণ্ড৷ তাৰ পিছত তাত তাৰিখ লিখি চহীটো মাৰি দিলোঁ৷
মই এইখিনি কৰি থাকোঁতে তেওঁ মোৰ দবাখনৰ প্ৰতিটো গুটি তেওঁ মোৰ ঘৰলৈ অহাৰ সময়ত যেনে অৱস্থানত আছিল তেনে অৱস্থানত আকৌ সজাই থ’লে৷ এয়া দেখি মোৰ মুখ সম্পূৰ্ণ মেল খাই গ’ল৷ মিচিকিয়া হাঁহিৰে চেকখন মোৰ পৰা লৈ বেগত ভৰাই এক সৌজন্যৰ চুমা দি তেওঁ ক’লে,
: ধন্যবাদ৷ আমি কেতিয়াবা আকৌ খেলিব লাগিব৷
মই অবাক নেত্ৰে মোৰ সন্মুখত একেবাৰে নিৰ্ভুলকৈ সজাই থোৱা বোৰ্ডখন চাই থাকোঁতেই হঠাতে দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি আমাণ্ডা ওলাই যোৱাৰ শব্দ শুনা পালোঁ৷
এইবাৰ মই দৌৰ মাৰি বাহিৰলৈ গৈ চিঞৰিলোঁ
: আমাণ্ডা, একমিনিট ৰওক৷ এই ৰাতিখন আপুনি অকলে ঘৰলৈ যাব কেনেকৈ?
কিন্তু আমাণ্ডা তেতিয়া মোৰ কথা শুনিব পৰা দূৰত্বত নাছিল৷ মই দেখিলোঁ যে তেওঁ পাৰ্কিঙত গৈ এখন বিএমডব্লিউ গাড়ীৰ খোলা দুৱাৰেৰে সোমাই ভিতৰত বহি পৰিছে৷ তেওঁ বহাৰ পিছত দুৱাৰখন মাৰি দি এজন লোক তাৰ বিপৰীতফালৰ দুৱাৰখনৰ ওচৰলৈ গৈ চালকৰ আসনত বহি পৰিল। আৰে, সেইজনচোন আমাৰ গাণনিকজন!
গাণনিকজনে গাড়ীখন অলপ পিছুৱাই ল’লে আৰু তাৰ পিছত চেম্পিয়নগৰাকীক লৈ আন্ধাৰ বাটটোৰে তীব্ৰ গতিৰে গাড়ী চলাই দিলে৷
মোৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ চকুৰ সন্মুখতেই ধোঁৱা-কোৱা দেখিলোঁ৷ মোৰ চৌদিশ এতিয়া চক্ৰাকাৰে ঘূৰিবলৈ লৈছে৷ সমগ্ৰ পৃথিৱীয়ে যেন মোৰ পিনে বিদ্ৰূপৰ হাঁহি মাৰি চাই উল্লাসত চিঞৰি সেই বিশেষ শব্দটো আকৌ এবাৰ কৈছে  –
: Checkmate !
☆ ★ ☆ ★ ☆

52 Comments

  • Nilakshi Devi Deka

    ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
      • ৰাজশ্ৰী শৰ্মা

        খুব ভাল লাগিল দাদা

        Reply
  • rintumoni dutta

    খুব ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Ronjon Baruoh

    চুপাৰ্ব

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • নাজিম

    ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    খুব সুন্দৰ সাৱলীল অনুবাদ, ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • ৰিমঝিম ৰিমা

    ভাল লাগিল।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • খুব ভাল লাগিল।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Shariful Islam

    ইমান সুন্দৰ অনুবাদ। বহুত ভাল লাগিল। চকুৰ আগত দৃশ্যবোৰ ভাহি আছে।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক কাহিনী৷ অনুবাদ ঝাক্কাছ

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😃

      Reply
  • Himakshi Sharma

    বহুত ভাল লাগিল ‌। পঢ়ি থাকোতেই উৎকন্ঠা বাঢ়ি গৈ আছিল কি হব বুলি। খুব সুন্দৰ অনুবাদ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😃

      Reply
  • গৌৰীশংকৰ শৰ্মা

    মোৰ অনুভৱেৰে এজন অনুবাদকক তেতিয়াই সফল বুলি ভাবোঁ যেতিয়াই লেখাটো পঢ়ি অনুবাদ যেন বোধ নহয়। আজিও এইটো গল্পৰ সাৱলীল গতিত মোহিত হ’লো। ভাল পালোঁ পঢ়ি।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😃

      Reply
  • অনুৰূপ

    সুন্দৰ অনুবাদ। সকলো দৃশ্য চকুৰ সন্মুখত দেখি থকাৰ দৰে লাগি আছিল।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Ronjon Baruoh

    কি সাবলীল অনুবাদ 😍😍

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Gitika Saikia

    গল্গটো পঢ়িছিলোঁ। অসমীয়াত পঢ়ি বিৰাট ভাল লাগিছে অনুবাদ খুবেই সাৱলীল হৈছে।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    অতি সাবলীল অনুবাদ। অলকেশ অলকেশেই। তামাম।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • HEMANTA KAKATI

    জেফৰী আৰ্চাৰ মোৰ প্ৰিয় গল্পকাৰ আৰু তুমি আমাৰ দৰে গৰীবো কা জেফৰী আৰ্চাৰ৷ আগতে পঢ়া গল্প যদিও অসমীয়াত নতুন সোৱাদ পালোঁ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Anonymous

    ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Anonymous

    সুন্দৰ

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • দিগন্ত তালুকদাৰ

    পঢ়ি ভাল লাগিল দাদা

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • SANKAR JYOTI BORA

    একদম চেকমেট৷সুন্দৰ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Utpal Saikia

    Apunar lekha npohi nwru😍,vl lgl

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Nawaz Barbhuyan

    বহুত …..বহুত…ভাল লাগিল…আৰু অনুবাদ…ৱাহ…

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Anonymous

    বহুত ভাল লাগিল।আপোনাৰ অনুবাদ সচাই বৰ ভাল লাগিল।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Charu Borah

    বহুত ভাল লাগিল।আপোনাৰ অনুবাদ সচাই বৰ ভাল লাগিল।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Abhay Neog

    ভাল লাগিল,

    Reply

Leave a Reply

Your email address will not be published.