ফটাঢোল

চেলিব্ৰিটি – অমিতাভ মহন্ত

কালি৷ হয় কালিয়েই মোৰ পঞ্চাশ হাজাৰ ফলোৱাৰ হৈ গৈছে৷ সেই উপলক্ষ্যে চাৰিওফালৰ পৰা শুভেচ্ছাৰ ধল বৈছে৷ গোটেই ৰাতি সকলোকে ফেচবুকত ৰিপ্লাই দি দি ভাগৰুৱা হৈ পৰিছো৷

তথাপি! পঞ্চাশ হাজাৰ ফলোৱাৰ৷ এতিয়া আৰু আগৰ দৰে থাকিলে নহ’ব৷ ৰাতিপুৱা শুই উঠিয়েই নতুন চাৰ্ট-পেণ্ট পিন্ধি টাইগাৰ শ্ৰফ টাইপ লুক এটা দি বিছনাত বহি আছো৷ আস্, যদি হাতত এটা গীটাৰ থাকিলেহেতেন৷ ঠিক সেই সময়তে মা মোৰ বেডৰুমলৈ সোমাই আহিল,

– অই, জাবৰৰ বাল্টিটোৰ জাবৰখিনি বাহিৰত পেলাই আহ এতিয়াই৷

মানে? জাবৰ? হাৰে ভাই মই এতিয়া চেলেব্ৰিটী মানুহ৷ মই আকৌ এতিয়া কিয় জাবৰ পেলাবলৈ যাম? টেমা চুটি গ’ল৷ মোৰ আকৌ টেমা চুটিলে বৈদ্য ভোক লাগে৷ ডাইনিং টেবুললৈ গ’লোঁ৷ মোৰ ভাগৰখিনি ঢাকি থোৱা আছে৷ শুকান ৰুটী আৰু পটলভাজি৷ হোৱাট্ দ্যা হেল্! মই ফেচবুক চেলেব্৷ পঞ্চাশ হাজাৰ ফলোৱাৰ৷ মই এই খাদ্য খাম? মোক কি বুলি ভাবে বাৰু? প্ৰতি মিনিটত এজনীকৈ সুন্দৰীয়ে মোক ইনবক্স কৰে৷ মই ৰিকুৱেষ্ট এক্চেপ্ট কৰিলে মানুহে স্ক্ৰীণশ্বট দি পোষ্ট দিয়ে৷ ভাইৰেল হৈ যাব বুলি মই কাকো “হাই কি ক্ৰিছা” বুলি মেছেজ দিব নোৱাৰো৷ আৰু মোক দিছে শুকান ৰুটী আৰু পটল ভাজি? আজি চাল্লা পৰঠা আৰু মাটন নহ’লে নাখাৱেই যা৷

এইফালে হোটেলত গৈ খোৱাৰ বাবে টকাও নাই৷ পকেট খালী৷ আজি একো নাখাৱেই যা৷ অকল লাভ ৰিয়েক্ট খাম আজি বাপ্পেকে৷ হঠাৎ দেখিলোঁ, এখন দুহাজাৰ টকীয়া নোট ডাইনিঙত থৈ দিয়া আছে৷ যা হওঁক, পলমকৈ হ’লেও যে মোৰ মূল্য বুজিছে৷ পঞ্চাশ হাজাৰ ফলোৱাৰ আফটাৰ অল৷ মনটো ভাল লাগি গ’ল৷

-মাম্মী, ব্লেক কফী প্লীজ্৷ নো চ্যুগাৰ৷

চেলিব্ৰিটিয়ে মা নকয়, মাম্মী কয়৷ চুগাৰ নকয়, চ্যুগাৰ কয়!

বহি আছো৷ বহিয়েই আছো৷ পঞ্চল্লিশ মিনিট হৈ গ’ল৷ কফী বাদেই লালচাহ একাপো অহা নাই৷ পাকঘৰলৈ গৈ দেখো মাম্মীয়ে আলুৰ বাকলি গুচাই আছে৷ ছিহঃ! কিমান নীচ মানসিকতাৰ হ’লে এজন চেলেব্ৰিটীৰ মাকে আলুৰ বাকলি গুচোৱাৰ দৰে নীচ কাম কৰিব পাৰে৷

– মাম্মী!! মোৰ ব্লেক কফী ক’ত?
– মুখেৰে তোৰ কফীৰ ফেন বাহিৰ কৰিম৷ দিনটো কাম বন নাই, কেৱল সেই মবাইলদাল৷ ইসস্, তাক আকৌ কফী লাগে৷ ৰুটী থৈ দিছো৷ খাই চিধাই লাইটৰ বিল দি আহ৷ বাপেৰে টেবুলত টকা থৈ গৈছে৷

আপোনালোকৰ বিশ্বাস হৈছে? মোৰ মা, চৰী মাম্মীয়ে মোক এনেকৈ ক’লে৷ হয় মোক! যাৰ ফলোৱাৰ পঞ্চাশ হাজাৰ, যাৰ পোষ্টত চাৰি হাজাৰ ” হা হা” পৰে৷ আৰু থাকিব নোৱাৰি এই ঘৰত৷ কাৰেণ্ট বিলৰ টকা লৈ চিধাই ফুডেক্স পালোঁ৷ কিহৰ আকৌ কাৰেণ্টৰ বিল? কৰবাত দেখিছে শ্বাহৰুখ, বিৰাটে লাইনত থিয় দি কাৰেণ্টৰ বিল দি থকা? দুশ টকাৰ বিৰিয়ানী খালোঁ, টিপচ্ দিলোঁ পাচশ টকা৷ ৱেইটাৰে মুখ মেলি দিছে৷ এপাকত গৈ মেনেজাৰক মাতি লৈ আহিল৷ মেনেজাৰে আথেবেথে নি তেওঁক কেবিনত বহুৱালে৷ তামাম আড্ডা এটা বহিল৷ কোনোবাইটো মোল বুজিলে চেলেব্ৰিটীৰ!

অলপ পিছত পুলিছ আহিল, মেনেজাৰৰ মিচিকা মিচিকি হাঁহি৷ Et tu, Brute? আহিয়েই পুলিচৰ উৎপাত৷
– সমস্যা কি আপোনাৰ? ড্ৰাগ এডিক্ট? পাচশ টকা টিপচ্ ধেমালি নেকি? অই তালুকদাৰ, চাচোন ইয়াৰ মুখখন ভালকৈ৷
– চাৰ পৰা নাই! ব্ৰাছ কৰা নাই যেন পাইছো৷

বহুত বুজালোঁ৷ বিশেষ নাজানে৷ লাইক, ৰিয়েক্ট, টেগ, পেইজ এই সকলো বুজোৱাৰ পিছত পকেটত থকা বাকী টকাখিনি পুলিচক দি ওলাই আহিলোঁ৷

ঘৰলৈ আহি দেখো দেউতা বাৰাণ্ডাত বহি আছে৷ হাতত কাৰেণ্টৰ বিলখন৷ অহ, এইখন চাগে নিবলৈ পাহৰিছিলোঁ৷ শীতল কণ্ঠৰে মোক সুধিলে,

– দুহাজাৰ টকীয়াখন ক’ত৷

কেই চেকেণ্ডমানৰ নীৰৱতা৷ দেউতাতকৈয়ো বেছি শীতল কণ্ঠত মই আৰম্ভ কৰিলোঁ৷

– ফেচবুক কি জানে? ফেচবুকত মই কোন জানে? মোৰ ফলোৱাৰ কেইজন জানে? মোৰ ইনবক্সত কিমান ছোৱালীৰ মেছেজ আহে জানে?

আগতেই আপোনালোকক কৈছো, মই চেলিব্ৰিটী মানুহ! এনেও এচি নথকা ৰূমত শুবলৈ অসুবিধা পাওঁ৷ ভাবিয়েই আছিলোঁ সোনকালেই ঘৰ এৰিম বুলি৷ মোৰ ফলোৱাৰ পঞ্চাশ হাজাৰ৷ মন্দিৰেই ভাল শুবলৈ, বতাহ মাৰি থাকে৷ নতুন অভিজ্ঞতা এটা হ’ব৷ তাকে লৈ আকৌ এটা নতুন পোষ্ট, হাজাৰ হাজাৰ লাইক৷

ভোক? ধুই ফেচবুক চলাই থাকিলে কিহৰ আকৌ ভোক?

☆ ★ ☆ ★ ☆

6 Comments

  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল৷

    Reply
  • সমুজ্জ্বল কাশ্যপ

    তামাম চেলিব্ৰিটী চোন 🙂

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Karabi Phukon

    ধুনীয়া

    Reply
  • Chandana Das

    বঢ়িয়া লাগিল

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    অকলে অকলে হাঁহি আছো, কি তামাম চেলিব্ৰেটি, মন্দিৰত থাকিব 😁😁😁

    Reply

Leave a Reply

Your email address will not be published.