ফটাঢোল

চেল্ফি পুৰাণ-বৰ্ণালী এছ মূদৈ

বিপদবোৰ অকলে নাহে, লগত এশ এবুৰি সমস্যাও লৈ আহে। কেতিয়া, কোন দিশৰপৰা, কেনেকৈ বিপদ আহে একো ক’ব নোৱাৰি। সাপৰ যেনেকৈ সৰু বৰ নাই, বিপদৰো সৰু, মাজু বা ডাঙৰ নাই, এক কথাত বিপদ বিপদেই।

বেছি দিনৰ আগৰ কথা নহয়। লকডাউনৰ সময়ত ঘৰত সোমাই সোমাই আমনি লগাত এদিন মানুহজনক ক’লোঁ,

: লকডাউন খুলিলে বাহিৰত ৰেষ্টোৰেণ্টত খাবলৈ যাম দেই।

: নিজে ইমান ধুনীয়া খানা বনোৱা, ৰেষ্টোৰেণ্টলৈ কিয় যাব লাগে।

মানুহজনৰ কথাত অলপ বিপাঙত পৰিলোঁ। আচলতে সঁচাকৈ মোক প্ৰশংসা কৰিলে নে বাহিৰলৈ গ’লে যে খৰছ হ’ব, সেই খৰছ বচাবলৈ এই মধুৰ ভাষাৰ প্ৰয়োগ, সেয়া ধৰিব নোৱাৰিলোঁ। তলে-তলে মনে মনে ভাল লাগিলেও কৃত্ৰিম খং দেখুৱাই মানুহজনক ক’লোঁ,

: ঘৰতে ভাটৌটোৰ দৰে সজাত বন্দী কৰি ৰাখিবলৈ আনিছা যদি মইনো আৰু কি ক’ম?

দৰৱে কাম দিলে, মানুহজনে কথা দিলে, লকডাউন খুলিলেই বাহিৰলৈ যাব ৰেষ্টোৰেণ্টত খাবলৈ। কিছুদিন  অপেক্ষাৰ পিছত সেই দিনটো আহিল, আবেলি সময়ত সাজি কাচি পতি পৰমেশ্বৰৰ লগত  টাউনৰ দামী ৰেষ্টোৰেণ্টখনত গৈ সোমালোঁ। খোৱাৰ লগে লগে সমানে চলিল আমাৰ ‘চেল্ফি ছেচ’ন’। লাজকুৰীয়া মানুহজনৰ লাজত অৱস্থা নাই বাবে শেষত নিজেই নিজৰ চেল্ফি লোৱাত ব্যস্ত হৈ পৰিলোঁ। আবেলিটো যথেষ্ট হাঁহি ফূৰ্তিৰে কটাই গধূলি ঘৰলৈ উভতি আহি চিধাই আৰম্ভ হ’ল ফেচবুকত ‘ফটো আপলোড পৰ্ব’, ফটোৰ কেপশ্যন, “মাচ্চ ডেজায়াৰ্ড আউটিং আফটাৰ লকডাউন”। বান্ধবী নমিতাক টেগ কৰিবলৈ নাপাহৰিলোঁ। অলপ পিছতে আৰম্ভ হ’ল নটিফিকেশ্যনৰ বৰষুণ। কমেণ্টবোৰত ৰঙা কলিজাটো বহুৱাই থাকোঁতে দেখিলোঁ বান্ধবী নমিতাৰ ফ’ন, সঁহাৰি জনাই হেল্লো বুলি ক’ব নাপাওঁতেই সিফালৰপৰা আৰম্ভ হ’ল উচুপনিৰ শব্দ।

আচৰিত হৈ সুধিলোঁ,

: কি হ’ল তোৰ, কান্দিছ যে?

: কি হোৱা নাই সেইটো ক!

: খুলি কচোন?

: আজি ৰেষ্টোৰেণ্টলৈ গৈছিলি, খাইছ খা, চেল্ফি তুলিছ তোল, পিচে আপলোড কৰোঁতে এবাৰোতো চাব পাৰ!

: কেচটো কি, সেইটো ক?

: তোৰ চেল্ফিৰ পিছফালে চাচোন কোন?

লৰালৰিকৈ ফ’নকলটো কাটি দি আপলোড কৰা ফটোকেইখনত চকু ফুৰাব ধৰিলোঁ। একো অস্বাভাৱিক দেখা নাপালোঁ, অৱশ্যে কিছু আঁতৰত চুক এটাত এহাল দম্পতী, দেখিলে প্ৰেমিক প্ৰেমিকা যেনে লাগে, ইজনে সিজনক চামুচেৰে খুৱাই দি আছে। দেখি মনটো ভাল লাগি গ’ল, আমাৰজনে আকৌ আমাক এনেদৰে খুৱাই দিবনে, ক’লে ওলোটাই সাত জাঁপ মাৰি পিছুৱাই যাব। বান্ধবীজনীলৈ আকৌ ফ’ন লগালোঁ।  তাইক একো ক’বলৈ সুবিধা নিদি মই ক’লোঁ,

: ঠিকেই আছে দেখোন, তই কান্দিবলগীয়া হোৱা বেয়া দেখা নাই মই।

: পিছফালে চুকত থকা কাপ’লহালক দেখিছনে?

: অঁ, দেখিছোঁ, কি প্ৰেম দুয়োৰে, দেখিয়ে মন ভাল লাগি গৈছিল, ইমান ৰোমাণ্টিক!

এইবাৰ মোৰ বান্ধবীৰ কান্দোন বেছি হ’ল। উচুপি উচুপি ক’লে,

: কাপ’লহালৰ সেইজন মোৰ ভনীজোঁৱাই। কিন্তু লগত সেইজনী মোৰ ভণ্টি নহয়। তই মোক টেগ কৰি পোষ্ট দিয়াৰ পিছতে ভণ্টিৰ সংসাৰত এতিয়া ধুমুহা আৰম্ভ হৈছে।

এইবাৰ মই নিশ্চুপ হৈ ৰৈ গ’লোঁ। ভাবিলোঁ, সঁচাকৈ বিপদৰ সৰু বৰ নাই, কোনফালে কেতিয়া কিদৰে আহে তাৰো একো গেৰাণ্টি নাই।

☆ ★ ☆ ★ ☆

3 Comments

  • হেমন্ত কাকতি

    বহুত ভাল লাগিল বৰ্ণালী

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হৰি কৃষ্ণ

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.