ফটাঢোল

চৰচত্তী ম’ম — নীলাক্ষি কাকতি

এইকেইদিন গুণকান্ত হাজৰিকাৰ ঘৰত সাংঘাটিক ব্যস্ততা৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ গোটেই ৰুটিনখনেই সলনি হৈ গৈছে৷ মানে ধৰক ব্ৰেকফাষ্ট গুচি ব্ৰেকফাষ্টৰ ব্ৰেকফাষ্ট আৰু লাঞ্চ মিলাই ব্ৰাঞ্চ হৈছে৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দিনত এবাৰ হ’লেও হাজৰিকাই হেতা,কেৰাহী চুব লগা হৈছে৷ কিয়নো হাজৰিকানীয়ে এইকেইদিন জীয়েক ৰিমলীৰ লগত প্ৰায়ে বজাৰলৈ নাইবা পাৰ্লাৰ যাব লগা হৈছে৷ এইকেইদিন আনকি ব্যস্ততাৰ বাবে হাজৰিকানীয়ে তেওঁৰ টিভিত পচণ্ডৰ চিৰিয়েল কেইখনো চোৱা নাই৷ ৰ’ব আপোনালোকে যদি ভাবিছে ৰিমলীৰ বিয়া বুলি, এশ শতাংশই ভুল ভাবিছে৷ এই গোটেইখিনি ব্যস্ততাৰ আঁ‌ৰত আছে বিশেষ এটি দিন৷ মানে দুদিন পিছত সৰস্বতী পূজা৷

হাজৰিকাৰ জীয়ৰী ৰিমলীয়ে এইবাৰ কলেজত নাম ভৰ্তি কৰিছে৷ কলেজত তাইৰ এইবাৰ প্ৰথম সৰস্বতী পূজা৷ মিছনেৰী স্কুলত পঢ়া ৰিমলীয়ে সৰস্বতী পূজাৰ পৰিৱেশটো ভালদৰে পোৱা নাই৷ কিয়নো সিহঁতৰ স্কুলত সৰস্বতী পূজা নাপাতিছিল৷ সেয়েহে এইবাৰ তাইৰ উৎসাহ পাৰ ভাঙি গৈছে৷ হাজৰিকানীৰ উৎসাহৰ কাৰণ অৱশ্যে বেলেগ৷ আজিকালি সৰস্বতী পূজা মানেই এক অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতা৷ তাতে আকৌ দহ পোন্ধৰ দিন আগৰ পৰাই ছোৱালীবিলাকৰ তৎ নাইকিয়া কৰি দিয়ে নিউজ চেনেল কেইটাই৷ যোৱা বছৰ হাজৰিকানীৰ দূৰ সম্পৰ্কীয় পেহীয়েকৰ জীয়েক পম্পীয়ে নিউজ চেনেল এটাই পতা ‘প্ৰজ্ঞা আৰু সুন্দৰী’ প্ৰতিযোগিতাত তৃতীয় হৈছিল৷ গতিকে হাজৰিকানীয়ে এইবাৰ যেনেতেনে ৰিমলীক সৌন্দৰ্য প্ৰতিযোগিতাত জিকোৱাৰ মন থিৰাং কৰিছে৷ যিয়েই নহওঁক পম্পীতকৈ ৰিমলী কোনো গুণেই কম নহয়৷ আজিও দুয়ো মাক জীয়েক বজাৰলৈ ওলাই গৈছে৷ হাজৰিকাই বাৰণ্ডাৰ চকীখনতে বহি কলমটীয়াই আছে৷
:অ তহঁত আহি পালি? – ৰিমলীৰ ভাগৰুৱা মুখখনৰ ফালে চাই হাজৰিকাই সুধিলে৷
:পালোহি দেউতা৷
:হেৰা বৰ দেৰি কৰিলা দেখোন!
:নক’বা আৰু৷ এইৰ পচণ্ডৰ চেণ্ডেল বিচাৰোতে বিচাৰোতে দেৰি হ’ল৷ উফ্‌ পানী এগিলাচ দিয়াচোন৷
:এয়া লোৱা পানী৷ চাও ৰিমলী কি কিনিলি?
ৰিমলীয়ে দেউতাকক চেণ্ডেলযোৰ দেখুৱালে৷
:অ হৰি! তই এইযোৰ কি কিনিলি? এইযোৰচোন জখলা৷ তই এইযোৰ পিন্ধি কেনেকৈ খোজ কাঢ়িবি?
:দেউতা প্লিজ৷ কি কৈ থাকানো?
:হেই এইজন! মনে মনে থাকাচোন৷ তুমি কিবা আজিৰ যুগৰ ফেশ্বন বুজি পোৱা নেকি? ভকুৰা পৰা এন্দুৰটোৰ দৰে হৈ থাকা নিজে৷ মহিলা সমিতিৰ মোৰ লগৰ কেইজনীৰ ওচৰত মই কিমান লাজ পাওঁ মইহে জানোঁ৷ মোৰ আগত ক’ব সাহ নাপালেও তোমাৰ পিছত যে চবে ফিচিঙা ফিচিঙি কৰে এবাৰ ভাৱি চাইচানে? কিমান লাজ পাওঁ মইহে জানোঁ৷
:হেৰা মোৰ কথা বাৰু এৰা৷ তাই পূজা কৰিবলৈহে যাব৷ আমাৰ দিনত আমি আগদিনাৰপৰাই পূজাৰ কামত ব্যস্ত আছিলোঁ৷ ৰাতিপুৱাই গা পা ধুই—–
:হেৰ’ কিহে পাইছে বাৰু মানুহটোক? আৰম্ভ হৈ গ’ল ন তোমাৰ? মহাভাৰতখন এৰা৷ ‘নিউ লেডিজ টেইলৰিং’খনলৈ যোৱা আৰু ৰিমলীৰ নতুন শাৰীখনৰ চিলাব দিয়া ব্লাউজটো লৈ আনাগৈ৷ হু লোৱা এইখন ৰচিদ৷
০০০০

:টিং টং….

কলিংবেলটোৰ মাত শুনি হাজৰিকাই ড্ৰয়িংৰুমৰ দৰ্জাখন খুলি চালে৷ কাণত কাণফুলি, খলপা খলপিকৈ কটা চুলি, আঁঠুৰ ওচৰত কটা জীনচে্‌ৰে ল’ৰা এজন ৰৈ আছে৷
:কাক বিচাৰিছা?
:ৰিমলী আছেনে?
:ৰিমলী? আছে৷ পিছে তাইক কিয় বিচাৰিছা?
:মানে-মানে আংকল৷ আমি একে কলেজতে পঢ়োঁ৷ তাইক পিক আপ কৰিবলৈ আহিছোঁ৷
:পিক আপ কৰিবলৈ আহিছা? কিয় তাই নিজে যাব নোৱাৰে নেকি?
:অ চেমী আহিছা৷ আহা আহা৷ তাইৰ হৈছেই৷ হেৰা তুমি ল’ৰাটোক ভিতৰলৈ আহিবও ক’ব পৰা নাইনে? ভিতৰৰ পৰা হাতখন মচি মচি হাজৰিকানীয়ে মাত লগালে৷
:অ বহা বহা৷ তোমাৰ নামটো কি আছিল? মা-দেউতা? ক’ত থাকা?
:মোৰ নাম সীমান্ত শইকীয়া৷ দেউতাই ঠিকা কৰে৷ বৰুৱা চুবুৰীৰ জগত ঠিকাদাৰ বুলি ক’লে দেউতাক সকলোৱে চিনি পায়৷ মোক বন্ধুবোৰে চেমী বুলি মাতে৷
:হেৰা তোমাৰ নামটো ঠিকেই আছিল দেখোন৷ এই চেমী টেমী—!
:হেৰা তুমিনো কি কিছুমান কথা কৈ থাকা? হে হে বেয়া নাপাবা চেমী। আংকুল মানে অলপ ধেমেলীয়া৷
:নাই আন্টি মই বুজিছোঁ৷
:অ মা মোৰ হ’ল- ভিতৰৰ পৰা আহি ৰিমলীয়ে মাত লগালে৷
:অ ৰিমলী তোমাকেই ৰৈ আছোঁ৷ চেমী আৰু ৰিমলীৰ চকুৰ ইংগিতটো হাজৰিকাৰ চকুত ধৰা নপৰাকৈ নাথাকিল৷
:তোক দেখুন কিবা বেলেগ বেলেগ লাগিছে? চুলিসোপা কিয় মেলি লৈছ? পিঠিৰ ফালে এক আঙুল মান কাপোৰ থকা ব্লাউজটোৰ ফালে চাই চাই হাজৰীকাই ক’লে৷
:দেউতা প্লিজ৷ নট দিজ টাইম৷ মা দেউতাই কি কৈ থাকে এইবোৰ?
:হেৰা তুমি মনে মনে থাকাচোন৷ সিহঁতক যাব দিয়া৷ তোমাৰ সেই আগৰ দিন নাই বুজিছা৷
:বাই আংকল বাই আণ্টী৷
:মা দেউতা আহিছোঁ৷
চেমীৰ কান্ধত হাতখন থৈ দুয়োজনৰ মাজত বতাহ অকণো পাৰ হৈ যাব নোৱাৰা দূৰত্বত বহি যোৱা জীয়েকৰ ফালে চাই হাজৰিকাই হুমুনিয়াহ এটা মাৰিলে৷

০০০

:মা মা জানা আজি নিউজ চেনেলৰ ৰিপোৰ্টাৰ আহিছিল আমাৰ কলেজত৷ মোকো কিবা কিবি শুধিছিল৷
:সচাঁ? কিমান যে ভাল লাগিছে শুনি৷
:ইভিনিং নিউজত দেখুৱাব বোলে৷
:হওঁক দে৷ এইবাৰ তই প্ৰতিযোগিতাত জিকিলেই হ’ল৷ তই জিকিলে মই মহিলা সমিতিৰ মানুহকেইজনীক ডাঙৰকৈ পাৰ্টি এটা দিম৷ ইহ্‌ পম্পী কি জিকিল!দিপীকাৰ(পম্পীৰ মাক)ভেমেই নুগুচা হ’ল৷ এইবাৰ তই জিকিলে মই তাইৰ ওচৰত দুগুণ ভেম দেখুৱাম৷
:মই জিকিমেই মা৷
০০০

:হেৰা ৰিম’টতো দিয়াচোন৷
:কিয়?
:আজি ভাৰত আৰু নিউজিলেণ্ডৰ খেল আছে৷ অলপ স্ক’ৰটো চাওঁ৷
:ৰ’বাহে৷ নোপোৱা এতিয়া৷ আমাৰ মাজনীক আজি টিভিত দেখিবা৷
:কিয় ওলাব তাই টিভিত?
:চাই থাকা নিজে গম পাবা৷

দহমিনিটমান পিছত ‘নিউজ ২৪ ঘণ্টা’ নামৰ চেনেলটোত বাতৰি আৰম্ভ হ’ল৷ সৰস্বতী পূজাৰ বাতৰি আৰম্ভণিতে দিছে৷ পূজাৰ প্ৰতিমা কম সাজি কাচি অহা গাভৰুবিলাকক দেখুওৱা কামটো বেছি হৈছে৷
:সেয়া সেয়া আমাৰ ৰিমলী৷
পিছে এয়া কি? সাংবাদিকজনে ৰিমলীসহ কেইগৰাকীমান ছোৱালীক প্ৰশ্ন শুধিব আৰম্ভ কৰিছে৷
:কোৱাচোন ভন্টি সৰস্বতী পূজাৰ বিষয়ে তুমি কি ক’বা?
:মানে মানে —মই ক’ব নোৱাৰিম৷
:তুমি কোৱাচোন৷ সৰস্বতীৰ বাহন কি?- আন এজনীলৈ প্ৰশ্ন৷
:বাহন! বাঘ–অ নহয়–ডগ৷ এ মই পাহৰিলোঁ৷
:তুমি কোৱাচোন সৰস্বতীৰ স্বামী কোন আছিল?
:গণেশ- এজনীয়ে তপৰাই উত্তৰ দিলে৷
:বাৰু ভণ্টী তুমি সৰস্বতী পুজাৰ বিষয়ে কিবা কোৱাচোন- এইবাৰ সাংবাদিকজনে ৰিমলীক শুধিলে৷
:অহ্‌ মানে মই অসমীয়া গডেচৰ বিষয়ে বেছি নাজানোঁ৷ অকণমান কৈছোঁ‌ বাৰু৷ চৰচত্তী মা এজনী গডেচ৷ মা মানে ম’ম৷ তাই আমাৰ পঢ়াৰ দেৱী৷ দুৰ্গা পূজাত চৰচত্তী মাক দুৰ্গা মাৰ কাষত থিয় কৰি ৰখা হয়৷ চৰচত্তীৰ লগত এটা ডাক মানে হাঁহ থাকে৷ পাতিহাঁ‌হো হ’ব পাৰে৷
:বাৰু সৰস্বতী পূজা বুলি তুমি কি কি কৰিছা?
:মোৰ মানে এয়া ওৱান মান্থ প্ৰিপেয়াৰেচন৷ এইটো আমাৰ ট্ৰেডিচেনল ডে ন৷ শাৰীখন নতুনকৈ ল’লোঁ৷ বাকী মই মেটচিং জুৱেলাৰী আৰু ইয়েৰিং নিজে মেনেজ কৰিছোঁ৷
:ঠিক আছে বাৰু৷
সাংবাদিকজনে আকৌ আৰম্ভ কৰিছে, “চাওক চাওক৷ এয়া জ্ঞানৰ নমুনা আমাৰ নতুন প্ৰজন্মৰ৷ পূজালৈ আহি সৰস্বতী মাৰ বিষয়ে একো নজনা এইসকল উঠি অহা প্ৰজন্মৰ ওপৰত আমি কি আশা কৰিম?
:অ মা ৰিপোৰ্টাৰ জনে এয়া কি কৈ আছে? মই ভুল ক’লোঁ নেকি? -ৰিমলীয়ে কন্দনামুৱা হৈ মাকক শুধিলে৷
:হেৰা মোৰ মুৰটো বেয়া লাগিছে৷ টিভিটো বন্ধ কৰি দিয়াচোন- হাজৰিকানীয়ে ওলাই অহা চকুপানীখিনি মোহাৰি হাজৰিকাক ক’লে৷

ooo
:হেৰা শুলা নেকি? -হাজৰিকাই বিচনাত বাগৰ দি বেৰৰ ফালে মুখ কৰি শুই থকা ঘৈণীয়েকক উদ্দেশ্যি ক’লে৷
:নাই শুৱা৷
:কথা এটা কওঁ৷
:কোৱা৷
:আমাৰ মাজনী দেখিবলৈ ভালেই৷ তাইক এইবাৰ অলপ পূজা-পাতল, দেৱ দেৱীৰ বিষয়েও শিকাবাচোন৷ কিজানিবা অহাবাৰলৈ সাংবাদিকে শুধিলে শুদ্ধকৈ ক’বই পাৰে!

☆★☆★☆

7 Comments

  • মাধুৰ্য্য

    বাহ !! ধুনীয়া লিখিছেহে নিলাক্ষীবা। সুন্দৰ ব্যংগ।

    Reply
  • ডলী

    বঢ়িয়া।সময়ৰ লগত মিলি গৈছে।

    Reply
  • Rintumoni Dutta

    সুন্দৰ লিখিছা নীলাক্ষি, ভাল লাগিল পঢ়ি

    Reply
  • সুন্দৰ ব্যংগ। আজিৰ দিনৰ চিনাকী ছবি।

    Reply
  • মানসী বৰা

    অতি সুন্দৰ , সময়োপযোগী ব্যংগ…বৰ ভাল লাগিল ।

    Reply
  • মৃদুস্মিতা শৰ্মা

    বঢ়িয়া লিখিছা দেই।

    Reply
  • হেমন্ত কাকতি

    ইমান যে ধুনীয়াকৈ লিখিছা নীলাক্ষী! যোৱা বাৰৰটোও ধুনীয়া আছিল৷ এইবাৰৰটো ঝাকাছ!

    Reply

Leave a Reply

Your email address will not be published.