ফটাঢোল

চৰ্টকাট টু ছিৰিয়াছনেছ – দিলীপ ৰঞ্জন কাকতি

নৱম শ্ৰেণীৰ কথা৷ এবছৰ পিছত দশম শ্ৰেণী আৰু মেট্ৰিক পৰিক্ষা৷ সকলো পিনৰ পৰা উপদেশ/আদেশ আহিব ধৰিলে বোলে মেট্ৰিক পৰিক্ষা দিবি ধদুৱামি এৰি অলপ ছিৰিয়াছ হব লাগে৷ তেতিয়াৰ দিনত মেট্ৰকৰ পৰীক্ষা বোৰ আজিৰ দৰে নাছিল তাতে নৱম শ্ৰেণীৰ মখাও জাপি দিয়ে গতিকে মোৰো চিন্তা লাগিল অলপ ছিৰিয়াছ হব লাগিব৷ লাহে লাহে বাকী ছাত্ৰ ছাত্ৰীবোৰেও পঢ়াত মনোযোগ দিব ধৰিছিল৷ কিন্তু মই ছিৰিয়াছ নো হ‌ওঁ কেনেকৈ পঢ়াপাতি দেখোন ঠিকেই কৰো, শ্ৰেণীৰ ৰিজাল্টও সিমান বেয়া নহয়৷ কিন্তু সকলোৱে বিছাৰে যেতিয়া অলপ হ’লে‌ও ছিৰিয়াছনেছ আনিব লাগিব৷

ছিৰিয়াছনেছ বঢ়োৱাৰ অভিযানত লাগি পৰিলোঁ৷ ধদুৱা হলেও বন্ধুত্ব আছিল শ্ৰেণীৰ প্ৰথম ছাত্ৰ কেইজনৰ সৈতেই৷ মন কৰিছিলোঁ স্কুলত সকলোৱে প্ৰথমখিনিৰ কথাহে আলোচনা কৰে, সকলোৱে মৰম কৰে, সমীহ কৰে৷ ময়ো বোলো ৰহ, এদিন ময়ো এই ৰেংক হাছিল কৰি আছোঁ৷ ময়ো সিহঁতক অনুসৰণ কৰি অলপ সলনি হবলৈ চেষ্টা কৰিলোঁ৷ সিহঁতৰো মোৰ লগত নাথাকিলে উপায় নাই কাৰণ নিষিদ্ধ জ্ঞানৰ ভাণ্ডাৰটো মোৰ তাতহে আছিল৷ বিজ্ঞানৰ ছাৰে থুলমূলকৈ কৈ যোৱা পৃষ্ঠা কেইটা মইহে বহলকৈ বুজাই দিছিলোঁ৷ লাহে লাহে মোৰো ছিৰিয়াছনেছ সচাকৈ অলপ বাঢ়িল কিন্তু ইমানতেতো নহব আৰু বঢ়াব লাগিব৷ পঢ়াকুৰ লক্ষণ গাত ফুটি ওলাব লাগিব৷ প্লেন কৰিলোঁ প্ৰথমতে পঢ়াত ছিৰিয়াছ নহলেও চলিব কিন্তু পঢ়াকু লুকছ এটা আনিব‌ই লাগিব৷

এনেতে এদিন এটা বিশেষ সূত্ৰৰ পৰা গম পালো যে বেছিকৈ পঢ়ি থাকিলে হেনো আগফালে হাউলি খোজ কাঢ়িবলগীয়া হয়৷ এইটো বোলে পঢ়াকুৰ লক্ষণ৷ বছ পিছদিনাৰ পৰাই ময়ো অলপ আগফালে হাউলি খোজ কাঢ়িবলৈ চালো৷ নাই বিশেষ সুবিধাজনক ৰিজাল্ট নাপোলো বেছি সময় থাকিলে গল, পিঠি বিষায় আৰু পাহৰি গলে কেতিয়ানো পোন হৈ খোজ কঢ়ো গমেই নাপাওঁ৷

এনেতে এদিন এটা ঘটনাই মোৰ এই অভিযানৰ জেকপট লগাই দিলে৷ এদিন দেখিলো মোৰ শ্ৰেণীৰ ১নং ধদুৱা জনে চকুৰ অসুখৰ বাবে ছছমা পিন্ধিব লৈছে৷ ছছমা পিন্ধাৰ পিছৰ পৰাই দেখিলো তাৰ প্ৰতি স্কুলৰ ছাত্ৰ ছাত্ৰী বোৰৰ ধাৰণা সলনি হব ধৰিছে৷ বহুতেই কলে বৰকৈ পঢ়ে আৰু বেছিকৈ পঢ়াৰ বাবেই চছমা লব লগা হ’ল৷ মোৰো মুৰত আইদিয়া আহি গ’ল বোলো চছমা এজোৰ ললেই দেখোন মই পঢ়াকু হৈ পৰিম৷ গতিকে আতি সোনকালেই চছমাযোৰ ল’ব লাগে৷ কিন্তু চছমা লম বুলি জানো নিজেই লব পাৰি? ঘৰত চকুৰ অসুবিধা হোৱা বুলি বাৰু বাহানা বনাম পাৰিম কিন্তু ডাক্তৰক কি কম কলেই চছমা দিব জানো? অৱশেষত কিছু বিছৰাৰ পিছত বৰ উদাৰ মনৰ ডাক্তৰ এজনৰ খবৰ পালোঁ৷ অনুসন্ধান কৰি গম পালোঁ তেওঁ হেনো কাকো নিৰাশ নকৰে, তেওঁৰ তালৈ যোৱা সকলোকে নিৰ্দিষ্ট দোকানখনত লাগিলেও নালাগিলেও চছমা ল’ব দিছিল৷ প্লেনমতেই ঘৰত এক্টিং আৰম্ভ কৰিলো৷ প্ৰথমতে মুৰৰ বিষ তাৰ পিছত চকুৰ পানী ওলাই থকা হল, হাতত ৰুমাল এখন থাকেই৷ ঘৰতো চিন্তা হল, পৰিক্ষা আহি আছে গতিকে সোনকালেই ডাক্তৰৰ তাত নিয়াৰ সিদ্ধান্ত লোৱা হল৷ প্ৰথমতে মাৰ নিজৰ চকু দেখাই থকা ডাক্তৰজনৰ তাত যাম বুলি কলে৷ মই বোলো নহয়, মই খবৰ কৰিছোঁ নহয় অমুক ডাক্তৰ জনহে আজিকালি ভাল৷ নিৰ্দিষ্ট দিনত ডক্টৰৰ ওচৰ পালো৷ বেমাৰৰ(? ) বৰ্ণনা দিলো, ডক্তৰ‌ও বিভিন্ন ধৰণে পৰিক্ষা কৰিলে৷ সুযোগৰ সৎব‍্যাবহাৰ কৰি মাতিবলৈ দিয়া a, b, c, d খনৰ শেষৰ লাইনটোত খকোজা লগালো৷ কাম সিজিল৷ জীৱনত প্ৰথম বাৰ পৰিক্ষাত ভুল উত্তৰ দি সম্পূৰ্ণ নম্বৰ পাই পাছ কৰিলোঁ৷ ডাক্তৰেও মোক নিৰাশ নকৰি চছমা এযোৰ লব লিখি দিলে৷ পিছত জানিছিলোঁ মোক দিয়া চছমাযোৰ একেবাৰে কম পাৱাৰৰ যিযোৰ নিপিন্ধিলেও হয়৷ বাৰু যিয়েই হ‌ওক চছমা দিলে যেতিয়া কোনে পায়, লগে লাগেই চছমাৰ অৰ্ডাৰ, ফ্ৰেমটো ডাক্তৰৰক ৰখি থাকোঁতে শ্বোকেছত আগতেই চাই থৈছিলো৷

চছমা পিন্ধি স্কুল আহাযোৱা চলিল৷ ছিৰিয়াছনেছ কিন্তু একেই থাকিল৷ কেৱল আনৰ চকুত পঢ়াকু লুকটো অলপ বৃদ্ধি হোৱা যেন লাগিল৷ পিছলৈ বছৰত দুবাৰকৈ ফ্ৰেম সলাই ষ্টাইল মাৰি পাছ বছৰমান পিন্ধি বাদ দিলো৷ এতিয়া আকৌ সচাকৈ মাজে মাজে চকু দুটাই অলপ আমনি দিয়ে কিন্তু চছমা পিন্ধাৰ ভয়ত ডাক্তৰৰ তাত যাবলৈ মন যোৱা নাই৷ সিদিনা মোৰ ছোৱালীও কলে “দিতা মোক চছমা এযোৰ দিবাছোন স্কুলত পিন্ধ যাম৷” মই বোলো বাহ বাপেকৰহে জীয়েক৷

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.