ফটাঢোল

ছবি : বৌম বৌম ভোলে–ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ তৃতীয় নিবেদন
ছবি : বৌম বৌম ভোলে

পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সঙ্গীত পৰিচালনা, গীতৰ কথা : ডলী তালুকদাৰ

সহ পৰিচালনা : অভিজিত দত্ত

সহ প্ৰযোজনা : হেমন্ত কাকতি

মেকআপ : বাগ্মীতা ৰাজখোৱা বৰকাকতি

কণ্ঠ : ৰিমঝিম ৰিমা, অনু্ৰূপ মহন্ত

কেমেৰা : ৰিণ্টুমনি দত্ত

অভিনয়ত : পাৰ্থপ্ৰতীম শৰ্মা, ৰাজশ্ৰী শৰ্মা, বিজয় মহন্ত, হিতেশ বি বৰুৱা, দেৱজিত শৰ্মা, জিতু শৰ্মা, ইলি তালুকদাৰ, মিনতি মহন্ত

মুখ্য ভূমিকাত : ভাস্কৰজ্যোতি দাস আৰু নীলাক্ষী দেৱী ডেকা (শিব আৰু পাৰ্ব্বতীৰ ভূমিকাত)

প্ৰথম দৃশ্য

লাইট, কেমেৰা, একচন

(ধ্যানৰত শিৱ বহি আছে কৈলাশত(ভাস্কৰজ্যোতি দাস)আৰু কাষত পাৰ্ব্বতী(নীলাক্ষী দেৱী ডেকা) শিৱৰ মূৰত ঢলা গাখীৰবোৰৰ ওচৰত পাত্ৰ এটি লৈ থিয় হৈ আছে। অলপ দূৰত নন্দিয়ে শিৱৰ চিলিমত অঙঠা দি ফুঁৱাই আছে)।

ডায়লগ বুলি কোৱাৰ লগে লগে কেমেৰা ঘূৰিব পাৰ্ব্বতীৰ ফালে আৰু লাইট পাৰ্ব্বতীৰ মুখত পৰিব।শিৱ আৰু পাৰ্ব্বতী দুয়োকে কেমেৰাই একেলগে দেখাব।

পাৰ্ব্বতী: ভোলু (পাৰ্ব্বতীয়ে মৰমতে মতা নাম শিৱক)

শিৱ: কোৱা প্ৰিয়ে?

পাৰ্ব্বতী: আজিকালি ভক্তগণে গাখীৰ আগৰ দৰে বিশুদ্ধ নাঢালে আপোনাৰ শিৰত।

শিৱ: কি কৰিবা প্ৰিয়ে? নৰগণ আজিকালি বহুত চতুৰ হ’ল। সকলোতে কেৱল ফায়দা বিচাৰি থাকে। গাখীৰত পানী মিহলাই দিয়ে।

পাৰ্ব্বতী: হয় প্ৰাণনাথ। সেইকাৰণে আজিকালি ক্ষীৰ বনালে সুস্বাদু নহয়। গাখীৰৰ গুণসমূহো নাইকিয়া হ’ল। মোৰ গণেশ বোপা খীণায় গৈছে। আপোনাৰো ওজন ভালেখিনি হ্ৰাস হ’ল।

শিৱ: প্ৰিয়ে গণেশ বোপা খীণালে ভালেই হ’ব! নহ’লে তাৰবাবে কইনা বিচাৰি পোৱাত অসুবিধা হ’ব।

পাৰ্ব্বতী: ইহ্ কিয় হ’ব? আপোনাৰ মোক বিয়া কৰোৱাত কিবা অসুবিধা হৈছিল নেকি? বৰং মইহে কিমান তপস্যা কৰি আপোনাক পাইছোঁ।

শিৱ: (মুখৰ ভিতৰতে ভোৰভোৰাই) হুহ, তাৰে ফল পাই আছোঁ নহয়। কেতিয়াবা কালি, কেতিয়াবা দূৰ্গা হৈ মোক যি শিক্ষা দি থাকা মাজে মাজে?

পাৰ্ব্বতী: কিবা ক’লে ভোলানাথ? কি শিক্ষাৰ কথা ক’লে বা?

শিৱ: নহয় মানে তোমাৰ মাতৃ মেনকা আয়ে মোক কলৰ গুৰিত দেখি অলপ ভয় খাইছিলতো মোৰ চেহেৰা দেখি। সেইবাবে গণেশক অলপ মেইনটেইন কৰিবলৈ কৈছোঁ।

পাৰ্ব্বতী: ভোলানাথ আপোনাৰ কথা বেলেগ আছিল।আয়ে বাৰু কিয় ভয় নাখাব কওঁকচোন। আপুনি ডিঙিত সৰ্পৰ মালা, কঁকালত বাঘৰ ছাল পিন্ধি যোৱা নাছিল জানো? গাটো সুদা গাৰে গৈছিল যে! আয়ে আপোনাৰ পেটটো দেখি অলপ চক খাইছিল। তেওঁ অলপ কাপোৰ কানি ভালকৈ পিন্ধি যোৱা জোঁৱাই বিচাৰিছিল আকৌ।

লগে লগে শিৱ আৰু পাৰ্ব্বতীয়ে হাঁহি দিয়ে।

২য় দৃশ্য

ব্ৰহ্মলোকৰ চেট লগোৱা থাকে। এটা ডাঙৰ কাগজৰ পদুম ফুলত ব্ৰহ্মা(ব্ৰহ্মাৰ ভূমিকাত পাৰ্থপ্ৰতীম শৰ্মা) বহি থাকে। কাষত বীণা বজাই কবিতা আবৃতি কৰি থাকে ব্ৰহ্মা দেৱৰ পত্নী সৰস্বতীয়ে(এইটো ভূমিকাত আছে ৰাজশ্ৰী শৰ্মা)। ব্ৰহ্মাদেৱে কবিতাৰ মাজে মাজে ভাঙনি কৰি আছে। এনেতে নাৰদৰ প্ৰবেশ(এই চৰিত্ৰটো কৰিব দেৱজিত শৰ্মাই)।

লাইট, কেমেৰা, একচন

নাৰদ: নাৰায়ণ নাৰায়ণ! প্ৰণাম পিতাশ্ৰী। নাৰায়াণ নাৰায়ণ মাতে বীণাপানি প্ৰণাম।

ব্ৰহ্মদেৱ: তথাস্তু বৎস! কোননো(এইবুলি কাষত থৈ দিয়া চচমাজোৰ পিন্ধি লয়)?

সৰস্বতী: প্ৰণাম পুত্ৰ! ব্ৰহ্মালৈ চায়, স্বামী আমাৰ টুটকীয়া মুনি মানে নাৰদ মুনি আহিছে।

ব্ৰহ্মা: কোৱা নাৰদ কি সংবাদ আনিছা?

নাৰদ: মাতে আপুনি মোক টুটকীয়া বুলি ক’লে! কিন্তু মই কেৱল সকলোকে সংবাদবোৰহে দিওঁ।

সৰস্বতী: পুত্ৰ মই খন্তেক ৰগৰহে কৰিলোঁ বাচা। ড’ণ্ট টেক চিৰিয়াছলি।

নাৰদ: মাতা, আপুনি আজিকালি বিদেশী ভাষা কয় যে?

ব্ৰহ্মা: পুত্ৰ, তোমাৰ মাতা বিদ্যাৰ দেৱী। গতিকে তেওঁ সকলো ভাষা ক’ব পাৰে। আৰু তেওঁ মৰ্ত্যৰ ভাষাহে কৈছে কোনো বিদেশী ভাষা নহয়।

নাৰদ: পিতাশ্ৰী, মৰ্ত্যত আমাৰ দেৱ দেৱতাবোৰক বেছিকৈ ভাৰতবৰ্ষতহে পূজা কৰে আৰু আমাক ভাৰতীয় ভগৱান বুলিহে স্বীকৃতি দিছে। সেইবাবে মাতাই কোৱা ইংৰাজী ভাষাটো বিদেশী বুলি কৈছোঁ।

সৰস্বতী: বাৰু এতিয়া কোৱাচোন কি সকামত বা আহিলা।

নাৰদ: পিতাদেৱ, ভাৰতবৰ্ষত অসম বুলি এখন ৰাজ্য আছে। তাতে কেইগৰাকী মান নৰ নাৰীৰ বৰ কষ্ট হৈছে ভোলানাথৰ বাবে।

ব্ৰহ্মা: ভোলানাথৰ বাবে? তেওঁ আকৌ কি কৰিলে?

নাৰদ: পিতাশ্ৰী, তেওঁ ভাঙৰ নিচাত যধে মধে সকলোকে বৰ দি দিয়ে। তাৰোপৰি তেওঁ আজিকালি উজনি অসমত কোনোবা ৰহিলা বাইক টুলাই নামৰ খোমৰস অবাধ ভাবে বিক্ৰি কৰাৰ আশীৰ্বাদ দিছে।

সৰস্বতী: কি? তেনেহ’লে এয়া ভীষণ বিপজ্জনক কথা।আমি শীঘ্ৰে কৈলাশলৈ গমন কৰোঁ ব’লক

স্বামী(ব্ৰহ্মদেৱলৈ চায়)

ব্ৰহ্মা: তেনেহ’লে বিলম্ব কৰা উচিত নহয়।

কেমেৰাৰে তেওঁলোক তিনিওকে নাৰদৰ ঢেকীত বহি উৰি যোৱা দেখুওৱা হয়।

৩য় দৃশ্য

(কৈলাশ পৰ্বতৰ চিন দেখুওৱা হয়। তাৰপিছত গুহা এটি বাহিৰৰ পৰা দেখুওৱা হয়। লাহে লাহে কেমেৰাই গুহাৰ ভিতৰলৈ দেখুৱাই। ভিতৰত এখন শিলৰ খাটত বহি সদাশিৱই চিলিম টানি থাকিব। কাষতে পাৰ্ব্বতীয়ে দুপৰীয়া ভাতৰ যোগাৰ কৰি থাকে আৰু ভাতৰ লগত খাবলৈ কুমলীয়া ভাঙৰ শাকৰ আগ কুটি থাকে)।

পাৰ্ব্বতী: আমাৰ গণেশ আজি এসপ্তাহ হ’ল ঘৰলৈ অহাই নাই। কাৰ্ত্তিকো দক্ষিণ ভাৰতত গৈ বছৰত এবাৰহে আহে।

শিৱ: প্ৰিয়ে তুমি কিয় চিন্তা কৰিছা? আমাৰ দুয়োজন পুত্ৰই কুশলে আছে। কাৰ্ত্তিকে আচলতে বেছি চুটি নাপায়। দক্ষিণৰ মানুহবোৰ বহুত ভক্ত। ৰাতিপুৱাৰ পৰা গধূলিলৈ পূজা অৰ্চনা চলিয়েই থাকে। সেইবাবে চুটি মিলাবলৈ অসুবিধা হয়।

পাৰ্ব্বতী: সেইটো বুজিছোঁ! কিন্তু গণেশ কিয় অহা নাই।কেনেবাকৈ মৰ্ত্যলৈ যোৱা নাইতো? আৰু যদি মৰ্ত্যৰ অসম মুলুকলৈ গৈছে কি হ’ব?

শিৱ: কি হ’বনো? এইকেইদিনে ফুৰা সময় তাৰ। দুদিন পিছত বিয়া পাতিলে ক’ত নিজৰ ইচ্ছামতে ফুৰিব পাৰিব?

পাৰ্ব্বতী: (সদাশিৱলৈ পেণ্ডোৱাকৈ চাই)ইহ্ তেওঁ যেন মোৰ ইচ্ছামতে কৰেহে? অসমত যে বানপানী হৈছে আপুনি গম পোৱা নাই নেকি? কেনেকৈ গম পাব? দিনৰ দিনটো সেই সোপা টানি থাকিলে? ঘৰখনত কি আছে কি নাই অলপো চিন্তাতো নায়েই। আজি কালিতো মৰ্ত্যত গৈ টুলাই খোমৰসো পান কৰি আহে।

শিৱই লাহেকৈ চকুমেলি চাব আৰু চিলিমৰ ধোঁৱা উৰুৱাই সমুখলৈ এৰি দিব আৰু ক’ব “আস্‌ কি তৃপ্তি!”

বেকগ্ৰাউণ্ডত তুম তা না না তুম তা না মিউজিক বাজে।

পাৰ্ব্বতীৰ মুখ ক্লোজআপত দেখোৱা হয়। শিৱৰ আচৰণত অপমানিত হয় পাৰ্ব্বতী। চকু ৰঙা, চুলি খোল খায় যায় আৰু আউলি বাউলি হয়। পাৰ্ব্বতীয়ে খঙতে ভাৰত নাট্যমৰ প’জ দুটামান দিয়ে।

৪ৰ্থ দৃশ্য

(এনেতে নন্দীৰ প্ৰবেশ। কেমেৰাই ক্ল’জআপত নন্দীৰ শিং দুটা দেখাব। নন্দীৰ চৰিত্ৰ কৰিব হিতেশ বি বৰুৱাই। নন্দীয়ে দেখে পাৰ্ব্বতীৰ খঙাল ৰূপ লগতে ভাৰত নাট্যমৰ প’জ। কাষত সদাশিৱই নিচিন্ত মনে চিলিম টানি থাকে। চকু বন্ধ। পাৰ্ব্বতীৰ ৰূপ দেখি নন্দীয়ে প্ৰাৰ্থনা গীত এটি গায় কিছু শান্ত কৰে তেওঁক।

নন্দী: প্ৰণাম মাতে। আপুনি ইমান ক্ৰোধিত কিয় আজি?

পাৰ্ব্বতী: ক্ৰোধ নকৰিম? দিনটো ধ্যানত বহি থাকিব।সাৰ পোৱাৰ পিছত চিলিম টানিব। তাতে আজিকালি কিবা টুলাই নামৰ খোমৰসো পান কৰে।

শিৱ: জাপ মাৰি উঠে খাটৰ পৰা। কি কৈছা টুলাই খোমৰস পান কৰোঁ। কোনে দিয়ে তোমাক ইমান মিথ্যা সংবাদ। তোমাৰ মুখখন খুলিলে মানে বন্ধ নহয় প্ৰিয়ে।

নন্দী: কোনে দিব আৰু প্ৰভূ! নাৰদ মুনিদেৱে দিলে চাগৈ। কালি নাৰদ মুনি আহিছিল। তেওঁ যোৱাৰ পিছৰ পৰাই মাতা ক্ৰোধত আছে৷

পাৰ্ব্বতী: কি ক্ৰোধত থকা দেখিলি মোক?

নন্দী: নহয় মাতা, যেতিয়াই নাৰদ মুনি আহে আপোনাৰ আৰু ভোলাবাবাৰ মাজত কাজিয়া লাগে। বৰ টুটকীয়া তেওঁ। ইমান critisize কৰে সকলোৰে। আজিকালিতো তেওঁ শব্দযন্ত্ৰ এটি ডিঙিত ওলোমাই লৈ ফুৰে। কিবা বোলে মোবাইল ফোন নে কি কয়? তাতে তেওঁ গোটেই স্বৰ্গ, মৰ্ত্যৰ live video কৰি লৈ দেৱতা আৰু অসুৰক দেখায়।

পাৰ্ব্বতী: নন্দী আজিকালি তই বৰ ইংৰাজী কৱ?

নন্দী: মাতে প্ৰভূৰ লগত মৰ্ত্যলৈ যাওঁতে শিকিলোঁ।আজিকালি মৰ্ত্যত এই ভাষাৰ প্ৰচলনেই বেছি।বিশেষকৈ ভাৰতবৰ্ষত নিজৰ ভাষাটোতকৈ ইংৰাজী ভাষাৰ জনপ্ৰিয়তা বেছি। ইংৰাজী নাজানিলে হাঁহে তাত। নিজৰ ভাষাৰ মাজে মাজে ইংৰাজী নক’লে out dated বুলি কয়।

তেনেতে মৰ্ত্যত হুলস্থুল শুনি সকলোৱে তলৰ ফালে চাই পঠিয়ায়।

৫ম দৃশ্য

(নাৰদ, সৰস্বতী, ব্ৰহ্মা তিনিওকে একেলগে ঢেকীৰে উৰি অহা আকাশত দেখোৱা হ’ব। তেওঁলোকক দেখা পায় শিৱ পাৰ্ব্বতী ভিতৰলৈ যায়। তিনিওজনে উৰি আহি কৈলাশত নামিব ঢেকীৰ পৰা)। বাহিৰত ৰৈ থকা নন্দী আগবাঢ়ি যাব তেওঁলোকৰ ওচৰলৈ।

নন্দী: প্ৰণাম মাতা সৰস্বতী, প্ৰণাম ব্ৰহ্মাদেৱ, প্ৰণাম দেৱৰ্ষী(নাৰদ মুনিলৈ টেলেকাকে চাব)।
মনৰ ভিতৰতে ক’ব এইজননো কিয় আহিল? আকৌ কাজিয়া লগাবলৈ৷

নাৰদ: কিবা কৈছা বাচা?

নন্দী: একো কোৱা নাই মুনিবৰ! আহক সকলোৱে ভিতৰলৈ।

সৰস্বতী: তুমি আগতে আমি অহা সংবাদটো তোমাৰ প্ৰভূক দি আহা পুত্ৰ নন্দী।

নন্দী: জিবা আজ্ঞা মাতা।

ভিতৰত শিৱ পাৰ্ব্বতী বহি থাকে। শিৱই পাৰ্ব্বতীক বুজায় আৰু অতিথিৰ বাবে ক্ষীৰ বনাবলৈ কয়।

শিৱ: প্ৰিয়ে তুমি কিন্তু ব্ৰহ্মাদেৱৰ আগত তৰ্ক নকৰিবা অযথা কথাত। বিধাতা তেওঁ সকলো জানে, বুজে। দেৱী সৰস্বতীৰ দৰে জ্ঞানী আৰু মিষ্টভাষী হ’বলৈ শিকা।

পাৰ্ব্বতী: ভোলানাথ মই জানো দিয়ক। আপুনিও ব্ৰহ্মাদেৱৰ দৰে অলপ ভাবি গুণী কাম কৰিব। হুহ মোক মিষ্টভাষী হ’বলৈ কয়।

পাৰ্ব্বতী উচাৎ মাৰি যাব খোজে তেনেতে নন্দী আহে আৰু কয় যে অতিথি আহিছে। নন্দীৰ লগে লগে শিৱ পাৰ্ব্বতী বাহিৰলৈ আহি তিনিওজনকে আদৰেৰে ভিতৰলৈ নি বহিবলৈ দিয়ে।

পুনৰ হুলস্থুল শুনে মৰ্ত্যৰ পৰা। আটাইবোৰে তললৈ চায়। ব্ৰহ্মদেৱে তেওঁ অহাৰ কাৰণটো কয়। দেখা পায় এজন পুৰুষ আৰু তেওঁৰ চাৰিওফালে কেইবাজনীও মহিলা থিয় হৈ পুৰুষজনৰ ওচৰত চিঞৰি আছে।

৬ষ্ঠ দৃশ্য
টেক্‌ ওৱান…টেক্‌ টু

অসমৰ ঠাই এখন দেখুওৱা হয়। এজন আদহীয়া কিন্তু দেখাত ডেকা ল’ৰা যেন লগা মানুহ বহি থাকে চকী এখনত আৰু সমুখত থকা টেবুলখনত তেওঁ ফাইল কেইটামানৰ পৰা নথি পত্ৰ উলিয়ায় কিবা কিবি লিখি থাকে(এই চৰিত্ৰটো কৰিব জিতু শৰ্মাই)। মহিলাকেইগৰাকীক তেওঁ বুজায় আছে কিবা।

জিতু শৰ্মা: চাওক বাইদেউ মই ‘ঋণ বেংক’ৰ মেনেজাৰ। আপোনালোকে ক’লেই মই লোন দিব নোৱাৰোঁ নহয়। লোন লোৱাৰ আগতে কিছুমান নিয়ম আছে।

১ম মহিলা: কি নিয়ম আছে বাউ খুৰাদেউ? (এই ৰ’লটো কৰিব মিনতি মহন্তই)

জিতু শৰ্মা: হে বাইদেউ আপুনি মোক খুৰা বুলি মাতিছে যে? মই আপোনাতকৈ কিমান সৰু হ’ম!

২য় মহিলা: আকো নহয় দক! সন্মানহে কৈচ্ছি আপ্নাক। খুৰা মাইতলি আপ্নি কিবা বুঢ়া হ’বো না। (এই ৰ’লটো কৰে ইলি তালুকদাৰে)

জিতু শৰ্মা: হ’লেও বাইদেউ, মোতকৈ দুগুণ বয়সৰ মহিলা এগৰাকীয়ে খুৰা ক’লে ভাল নালাগে দেই।

৩য় মহিলা: ছাৰ হলি মোক আজি লোন দিবা লাইগবোই। মই আহা মাহত স্কুটি আখান কিনিমেই।আপ্নি য’ তিনমাহ ধৰি হ’বো হ’বোকে ঠগে আছে।

জিতু শৰ্মা: বাইদেউ চাওক মই পূজা পাতল কৰা মানুহ।গতিকে মই মিছা নকও৷ নিয়মখিনিটো কৰিবই লাগিব।আপোনালোকক কৈছোৱেই যে ঋণ পাবলৈ হ’লে প্ৰথমতে আপোনালোকে আমাৰ বেংকত এটা একাউণ্ট খুলিব লাগিব। তাৰবাবে আপোনালোকে প্ৰমাণ পত্ৰ দিব লাগিব।

১ম মহিলা: দিছোঁ দেখোনহে।

জিতু শৰ্মা: ক’তনো দিলেহে? প্ৰমাণ পত্ৰ হিচাপে আপুনি ভোটাৰ কাৰ্ড, পেন কাৰ্ড দিব লাগিব। কিন্তু আপুনি কি দিছে? আপোনালোকৰ নামঘৰত আয়তীয়ে জমা কৰা সঞ্চয়ৰ বহীখন। আপোনাৰ চিংগল আৰু জইন ফটো লাগিব বুলি কৈছিলোঁ নহয়।

৩য় আৰু ৪ৰ্থ মহিলা: দিছোঁ দেখোন জইন ফটো।চিংগলো দিছোঁ ফটো।

জিতু শৰ্মা: বাইদেউ জইন ফটো দিলে নহ’ব নহয়!সম্পৰ্কটো লিখি দিব লাগিব। কিয়নো এখেত আপোনাৰ গেৰেণ্টাৰ হ’ব। আপুনি যদি কিবা কাৰণত ধাৰ মাৰিব নোৱাৰে তেতিয়া তেওঁ দায়িত্ব ল’ব লাগিব।

৩য় মহিলা: হয় নেকি? এওঁ আমাৰ ঘৰত গাখীৰ দিব অহা কাঞ্চা।

৪ৰ্থ মহিলা: আৰু মোৰ লগত ফটো উঠাজন আমাৰ ঘৰৰ ওচৰৰ পাণ দোকানীজন।

জিতু শৰ্মা: আউ! কি কথা ক’বলৈ আহিছে আপোনালোকে? ক’ৰ গাখীৰ দিয়া গুৱাল আৰু পাণদোকানীৰ লগত ফটো উঠি আহিছেহে। আপোনাৰ মানুহজন, ল’ৰা নাইবা ভায়েকৰ দৰে সম্পৰ্ক হ’ব লাগিব। নিজৰ মানুহ হ’ব লাগিব। এনেকে ৰিক্স নলওঁ দেই।

দুয়োজনী মহিলা: আমাৰ মানুহ দুটা বাইহৰত চাক্ৰি কৰে আৰু নিজৰ মানুহ নায়ে ওচোৰত সেইকাৰণে এংকে ফটো আইনছো। জইন ফটোহে লাগে আপ্নাক।

৪ৰ্থ মহিলা: দাদা এইবা মই কিস্তিটো পুৱা দিব নোৱাৰিম। মানে মো অলপ খৱছ হ’ল। আপুনি মিলাই দিব আউ।

জিতু শৰ্মা: মই কেনেকে মিলাম। আপোনাৰ গ্ৰুপৰ মহিলাকেইগৰাকীক কওক।

আটাইকেইগৰাকী: আমি নোৱাৰোঁ দেই। আগতেও ছোৱালী এজনীৰ তেনেকৈ দিছিলোঁ কেইবাবাৰো। তাই পলায় গ’ল। আমি ভৰি মৰিছোঁ অতবোৰ টকা।

জিতু শৰ্মা: প্ৰভূ ভোলানাথ কিহৰ পাল্লাত পৰিলোঁ।আপোনাক চাকৰি এটাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ আৰু মোক আপুনি ‘ঋণ বেংক’ৰ মেনেজাৰ বনালে। উফ..

৭ম দৃশ্য

পুনৰ কৈলাশৰ চিন দেখুৱা হয়। আটাইবোৰৰ চকু মৰ্ত্যলৈ। কিছুসময়ৰ পিছত ব্ৰহ্মাই শিৱলৈ চায়। শিবৰ মুখখন ক্ল’জআপত দেখুৱা হয়। চকুত আশ্চৰ্য্য।

ডায়লগ

ব্ৰহ্মা: দেখিলা ভোলানাথ তুমি কি কৰিলা?

শিৱ: কি কৰিলোঁ প্ৰজাপতি?

ব্ৰহ্মা: নভবা নিচিন্তাকৈ বৰ দি তুমি পৃথিবীৰ মানুহবোৰক হাৰাশাস্তি দিছা?

পাৰ্ব্বতী: তেওঁ আকৌ মোক ভাবি গুণী কথা ক’বলৈ কয়!

সৰস্বতী: সখী তুমি অলপ শান্ত হৈ থাকা। ব্ৰহ্মাদেৱে সকলো মেনেজ কৰিব।

ব্ৰহ্মা: মহাদেৱ চোৱা।

সকলোৱে তলৰ ফালে চালে পুনৰ।

এনেতে দুজন মানুহে মিটিং হোৱা ঠাইলৈ আহে। আৰু খঙেৰে মেনেজাৰক কয়(এই চৰিত্ৰ দুটা কৰিব টবিবাৰ ৰহমান আৰু হৃষীকেশ ডেকা)

হৃষীকেশ: আপোনালোকে এই লোন সোপা দি আমাক বহুত হাৰাশাস্তি কৰিছে। দুনীয়াৰ লোন দি ছোৱালীবোৰক স্কুটি কিনিবলৈ দিছে। এফালে চিগনেল দি আনফালে ঘুৰাই দিয়ে। কিমান দিন খুন্দা খাইছোঁ আঠুত।

টবিবৰ: হৈ দক গটাই। এই লোন মাখা পায় ফেলে আপী, তিৰি মাখাই স্কুটি কিনছি। মোৰ তিৰিতুই স্কুটি কিনছি আকবাৰ লোন লৈ। পিছৰবাৰ লোন লৈ কাপুৰ আৰু অলপ গহনাও কিনছি। ইতা মই ধাৰ মাৰি তত পনাই।

হৃষীকেশ: দাদা আপ্নি নলবাৰীৰ নেকি? ময়ো দক।নকবো আপীমাখাৰ কথা। কম্ভাই দেখি চিগনেল দ্যে আৰু কম্ভাই দেখি চলোয়। বিয়া কৰ’ই নাই। যদি আগোৰ দাঁত কেটা ভাঙি যায় কুনি আপী আইহবোহে মোৰ তাতে ক’কচোন দাদা।

টবিবাৰ: হৈ দ্যা কথাটো। মোৰো পাৰ নাপ’ হৈছো।চ’লিকে জেং মাৰিম না তিৰিৰে লেঠা মাৰিম।গতিকে দাদা কৈ দিছো, আপ্নালোকে লোন দিলি ইবাৰৰ পায় জুনি লোন ল’ব তাকে ধাৰ মাইৰবা দিবো। আমাক গিৰাক গেলাক শাস্তি নেইদবো।

জিতু শৰ্মা: হে প্ৰভূ বচোৱা আউ। নহ’লে মই মৰিলোঁ। ভোলানাথ শাওনৰ মাহ পৰিছে। মই গোটেই শাওনৰ সোমবাৰ কেইটাত খাটি গাখীৰ ধালিম। অহা জনমত মোক কোনো ঋণ বেংকত চাকৰি নিদিব।

৮ম দৃশ্য

সকলোৱে কৈলাশত ভোজন কৰি থাকে। সদাশিৱই খাবলৈ এৰি কিছু চিন্তিত অৱস্থাত থাকে।

ডায়লগ আৰম্ভ হয়

পাৰ্ব্বতী: নাখায় কিয়? কি চিন্তা কৰি আছে? এতিয়া ভুল কৰি ভয় খাব নালাগে।

শিব: ৰ’বাহে দন্দুৰিজনী! মই বেলেগ কথা ভাবিছোঁ।

ব্ৰহ্মা: হ’ব ইমান ভাবিব নালাগে। তুমি কেৱল অলপ ভাবি চিন্তি বৰ দিবা।

নাৰদ: আজি ক্ষীৰখিনি অলপ পনীয়া হ’ল। গাখীৰখিনি বৰ ভাল নহয় যেন পাইছোঁ।

পাৰ্ব্বতী: ভাল গাখীৰ নাঢালে ভক্তগনে।

কেমেৰা সৰস্বতীৰ ফালে ঘূৰিব। লাইট পৰিব তেওঁৰ নাকত। সৰস্বতীয়ে কিবা গোন্ধ লোৱাৰ দৰে কৰিব।

সৰস্বতী: কিবা এটা গোন্ধ পাইছোঁ। নিগনী নিগনী গোন্ধাইছে।

পাৰ্ব্বতী: হাঁহিৰে, আমাৰ গণেশ আহিল যেন পাইছোঁ, তাৰ বাহন নিগনীত বহি। বাহিৰলৈ চাব আৰু গণেশক দেখি মুখখন উজলি উঠে।

মাতে মাতে মাতে…….
গণেশ দৌৰি সোমায় আহে আৰু মাতা পাৰ্ব্বতীক সাবতি ধৰে। (গণেশৰ চৰিত্ৰ কৰিব বিজয় মহন্তই)

একচন….

গণেশ: প্ৰণাম মাতা, প্ৰণাম পিতাদেৱ, প্ৰণাম মাতা সৰস্বতী। ব্ৰহ্মাদেৱ, মুনিবৰ প্ৰণাম।

আটায়ে আশীৰ্ব্বাদ দিব।

পাৰ্ব্বতী: পুত্ৰ তুমি ক’ত আছিলা ইমান দিন? মই বৰ চিন্তিত হৈ আছিলোঁ তোমাৰ বাবে।

শিৱ: পুত্ৰ গণেশ! তুমি এনেদৰে ঘূৰি থকাটো মই ভাল নাপাওঁ। এতিয়া তুমি মাতাৰ লগত থাকিব লাগে।জানাই শাওনৰ মাহ। মোক ভক্তগনে বিচাৰি ফুৰে।গোটেই ভাৰতবৰ্ষ ট্যুৰ কৰিব লাগে। তাতে বলবম চলিছে।

গণেশ: পিতা মই অসমলৈ গৈ বৰ কষ্ট পালোঁ। আপুনি যধে মধে দিয়া বৰৰ বাবে তাৰ নৰগনৰ বৰ কষ্ট হৈছে।

ব্ৰহ্মা: ভালকৈ কোৱা পুত্ৰ গণেশ?

গণেশ: ব্ৰহ্মাদেৱ! পিতাই অলপতে সন্তুষ্ট হৈ ভক্তক বৰ দি দিয়ে। সেইকাৰণে পৃথিৱীত নৰগনে পিতাক বেছি পূজা কৰে। আৰু কিছুমান উশৃঙ্খল যুৱকে ভাঙ খায় মাতাল হৈ থাকে আৰু কোনোবাই বাধা দিলে বাবাৰ প্ৰসাদ খোৱা বুলি কয়। যাৰ ফলত পিতাৰ মন্দিৰ ক’ৰবাত ডাঙৰ গছ দেখিলেই স্থাপন কৰি চিলিম টানে।আৰু কয় “বাবা খোৱা উৰি যোৱা”। এনেকে পিতাশ্ৰীৰ বদনাম কৰে।

নাৰদ: নাৰায়ণ নাৰায়ণ। বৰ বেয়া কথা।

গণেশ: তাৰোপৰি মই মৰ্ত্যত ৰহিলা বাই বুলি পিতাদেৱৰ পৰম ভক্তা এজনী লগ পালোঁ। তেওঁ পিতাইৰ আশীৰ্বাদ লাভ কৰি টুলাইৰ ৰমৰমীয়া ব্যৱসায় কৰি মৰ্ত্যৰ এগৰাকী ধনী মহিলা অপেৰা উইনথ্ৰোৰ দৰে হ’বলৈ বেছি দিন নাই।

পাৰ্ব্বতী আৰু সৰস্বতী(একেলগে): ইচ ইচ..

গণেশ: তাৰোপৰি ডেকা ল’ৰাবোৰে ৰহিলাৰ চোতালত টুলাই খোমৰস আৰু চানাচুৰ খায় আজিকালি অদ্ভুত ধৰণৰ কবিতা লিখে। আৰু সেই কবিতাৰ ব্যাখ্যা ৰহিলা বাইৰ দুজন বৈধ্য প্ৰেমিক ভাস্কৰজ্যোতি দাস আৰু পাৰ্থপ্ৰতীম শৰ্মা নামৰ দুজন যুৱকে কৰে।

নন্দী: ময়ো শুনিছোঁ প্ৰভূৰ লগত যাওঁতে। শকতকৈ যুৱক এজনে শুনাই আছিল ৰহিলা বাইক এনেদৰে..

ৰহিলা বাই ৰহিলা বাই
তোমাৰ দৰে কোনো নাই
তোমাৰ হাকনি বাৰীৰ হাক
খুন্দৰ ফুলনীৰ ফুল
দেখি কৰে মন চুলবুল
তোমাৰ হাতৰ খোমৰস
কিমান যে হোৱাদ।

৯ম দৃশ্য

পাৰ্ব্বতীয়ে খঙেৰে বহি থাকে। সৰস্বতীয়ে কাষত বহি তেওঁক বুজায় থাকে। শিৱৰ মুখত মাত নাই। কাষত ব্ৰহ্মা আৰু নাৰদ মুনি কিবা কথাত মগ্ন। কিছু দূৰত গণেশে এখন ডাঙৰ থালত কঁঠাল লৈ খায় থাকে আৰু নন্দীয়ে এটা ডাঙৰ কঁঠাল কাটি থাকে গণেশক দিবৰ বাবে।

কেমেৰা এইবাৰ সকলোৰে ফালে ঘূৰে। ডায়লগ আৰম্ভ হয়।

ব্ৰহ্মা: ভোলানাথ আপুনি কি চিন্তা কৰিছে?

শিৱ: ব্ৰহ্মাদেৱ! সকলোৱে মোক দোষ দিয়ে যে মই ভাঙৰ নিচাত বৰ দিওঁ। আচলতে মোক যিয়ে ভক্তি ভাবে প্ৰাৰ্থনা কৰে মই সন্তুষ্ট হওঁ। কিন্তু বৰ পোৱাৰ পিছত মানুহবোৰে সেইটো ভাল কামত নখটায়।

নাৰদ: সেইটো হয় অৱশ্যে।

শিৱ: ৰহিলাই তাইৰ টুলাই খোমৰস বনাওঁতে সদায় বেচাৰ আগতে মোৰ নামত প্ৰসাদ হিচাপে এক গিলাচ আগবঢ়ায়। বেচেৰী বৰ দুখীয়া। তেনেকৈ জীৱন নিৰ্বাহ কৰি আছে।

পাৰ্ব্বতী: সেইকাৰণে আপোনাৰ হিয়া গলি গ’ল?

শিৱ: ছিঃ প্ৰিয়ে কিযে কোৱা? ঠিক তেনেকৈ শৰ্মাকো চাকৰি লাগে বাবে দিলোঁ। কিন্তু মোৰ শিৰত ঢালা গাখীৰত বৰকৈ পানী মিহলায় দিয়ে সেইবাবে তেওঁক ঋণ বেংকৰ মেনেজাৰ কৰি দিছোঁ। মোক সদায় ঘৰত ভেজাল গাখীৰ পাওঁ বুলি কথা শুনায়। এজনীয়ে ইমান জ্বলা কলা খুৱাইছে গতিকে তাক বিশ ত্ৰিশজনী মানে মূৰ ঘোলা কৰক।

গণেশ: কিন্তু পিতাশ্ৰী আপুনি বহুতো ডাঙৰ মানুহকো আশীৰ্বাদ দিছে যাৰ ফলত তেওঁলোক বহুতো ক্ষমতাশালী হৈ উঠিছে কিন্তু নিজৰ বাবেহে প্ৰয়োগ কৰিছে সেই ক্ষমতা। যাৰ ফলত সাধাৰণ জনগনে বহুত জীয়াতু ভুগিছে।

সৰস্বতী: কি জীয়াতু পুত্ৰ?

গণেশ: মৰ্ত্যত মানুহবোৰে বানপানীত বহুত জীয়াতু ভূগিছে। মই হাতীৰ ৰূপ লৈ থাকোঁতে কাজিৰঙা অভয়াৰণ্যত আছিলোঁ। বানপানীত জীৱ জন্তুবোৰৰ বহুত কষ্ট দেখিলোঁ।

ব্ৰহ্মা: হয় ভোলানাথ! এতিয়াৰ পৰা আপুনি বৰ দিলে এইদৰে দিয়ক যাতে সকলো মানুহে নিজৰ দায়িত্ব বুজি পায়। কিছুমান মানুহৰ লোভৰ বাবে যাতে সাধাৰণ মানুহে জীয়াতু ভূগিব নালাগে। বানপানীত পৃথিৱীবাসীয়ে কষ্ট পাব নালাগে। মথাউৰিবোৰ মজবুতকৈ বান্ধে যাতে৷ ৰাইজৰ প্ৰাপ্য ৰাইজে পায়।ইজনে সিজনক সহায়ৰ হাত আগবঢ়ায়।

পাৰ্ব্বতী: ৰহিলা বাইহঁতে টুলাই খোমৰসৰ ঠাইত চাহ পানীৰ দোকান দি জীৱিকা চলায়।

শিৱ: হয়!এই শাওন মাহত মই ভক্তগনক এয়াই আশীৰ্বাদ দিম। অসমৰ বানপানী সোনকালে শুকাওক।গৃহহীনবোৰে পুনৰ নিজৰ ঘৰ মাটি ওভতাই পাওক।

লগে লগে বেকগ্ৰাউণ্ডত শংখ, ডবা, কাঁহ, উৰুলী বাজে।চাৰিওফালৰ পৰা পুষ্পবৃষ্টি হয়।

সমাপ্ত॥
☆★☆★☆

21 Comments

  • খুব সুন্দৰ লিখিছা৷ব্যংগখিনি ভালকৈ ফুটি উঠিছে৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লিখিছে ডলী বা। বৰ্তমানৰ অৱস্থাৰ লগত মিলি গৈছে।

    Reply
  • কমল তালুকদাৰ

    মজ্জা ! •••

    দেউ গৈ ঋণ বেংকৰ মেনেজাৰ
    তামাম চিনেমা , পইছা উচুল ।

    Reply
  • অভিজিত কলিতা

    মজা লাগিল

    Reply
  • হেমন্ত কাকতি

    এইখন তামাম হৈছে ডলী৷ কাহিনী, চিত্ৰনাট্য আৰু কাষ্টিং ঝাকাছ একদম!

    আৰে নহব কিয়? এচিচটেন্ট কোন?

    Reply
  • ৰিণ্টু

    ফালি দিছা ডলী, একদম ব্লকব্লাষ্টাৰ

    Reply
  • পূৰ্ণময়ী

    বাপৰে ,কিয়া চিনেমা বনায়া হ্যায়

    Reply
  • বঢ়িয়া হৈছে ডলী ।

    Reply
  • Anjan

    মজা দেই৷ তোমাৰ এই চিনেমাৰ কাহিনী একদম চুপাৰ ব্যংগ৷ ভাল লাগিল৷

    Reply
  • Nilakshi Devi Deka

    তোমাৰ লিখনি পঢ়ি সদায়েই বৰ ভাল পাওঁ ডলী। এইটোও তাৰ ব্যতিক্ৰম নহয়। সুন্দৰ ব্যঙ্গৰ যোগেদি বৰ্তমান সমাজ ব্যৱস্থাৰ এখন সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে। লিখি যোৱা এনেদৰেই। ❤️

    Reply
  • ৰামানুজ

    পঢ়িলো দেই ডলী….

    ম…..জ…জ..জা !!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    একেবাৰে বক্স অফিচ হিট।

    Reply
  • ৰিমঝিম

    চুপাৰ ডুপাৰ হিট। ডায়লগ তামাম

    Reply
  • কাবেৰী মহন্ত

    বেলেগ জমনি দেই ৷ বঢ়িয়া ডলী

    Reply
  • কমলা দাস

    ভাল লাগিল ডলী ।

    Reply
  • SankarJyoti Bora.

    বঢ়িয়া৷ব্যংগৰ চলেৰে বহু কথাই কৈ গ’ল৷

    Reply
  • Mridula

    মজ্জা 👌👌

    Reply
  • ৰিমা

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.