ফটাঢোল

ছাইন্সোৰ ছলি- বাসৱদত্ত দাস

: বুজিছ, আলী, তোৰেই ভাল দেʼ।

তামোলেৰে মুহুদিটো কৰি মই কʼবলৈ ধৰিলোঁ৷

: হেই আম্‌ৰা নাম আলী নয়, ৰফিকুল বোলবো৷

: ধেই, বাৰে বাৰে ভুল হৈ যায়; আচ্ছা মই কৈ আছিলোঁ কি, বোলো তই কেতিয়াবা স্কুলত পঢ়ি পাইছ নে, আগেয়ে সেইটোকে কʼচোন৷

: কে, আমি? আমি এল পিতে পঢ়েছিলাম; বৰো ক-মানে পঢ়ি আৰ স্কুলটা বাদ দিয়েছি।

: ঐ, অসমীয়াত কʼৱৈ! মই বাংলা-চাংলা বুজি নাপাওঁ। আমি বাংলা “বুজেন না”!

: আমি বৰো ক-মানে পঢ়ি৷ তাৰ পৰ পঢ়া আৰ বাদ দিছি।

: আচ্ছা, আচ্ছা.. বাৰু আলী; হেইট কি আছিলে নামটো- ৰফিকালী, অঁ অঁ, তই বিজ্ঞান কি বুজি পাৱনে, বিজ্ঞান৷

ঘাঁহ কাটি থকাৰ পৰাই মূৰটো নোতোলাকৈ চুটিকৈ ৰফিকুলে উত্তৰ দিলে,

: না!

: সেইকাৰণেই কৈছিলোঁ- আলী, তোৰেই ভাল দেʼ৷

: এক্‌টা কথাকে আমি কতবাৰ বোল্‌বো, আমি আলী নয় আলী নয় বুলি, তা আমাকে আলীয়ে বোল্‌বো!

ৰফিকুলে ভোৰ্‌ভোৰালে৷

: অʼই, তই কি ভোৰ্‌ভোৰালি? ৰ শুনচোন, বৰ দৰকাৰী কথা কৈ আছোঁ মই৷ তই যে বিজ্ঞান কি নুবুজ, এইটো তোৰ কাৰণেই মংগল। বিজ্ঞান তই বুজি পাব নালাগে, কিন্তু তই বিজ্ঞানমনস্ক হʼব লাগিব। বুজি পাইছ নে তই?

: বুঝতে পাৰি না কি যে বল্‌ছে, পাগল হয়ে গেছে কি!

ৰফিকুলৰ ভোৰ্‌ভোৰণি৷

: বিজ্ঞান বুজা তোৰ কাম নহয়, সেইটো কাম মানুহৰে এটা বেলেগ প্ৰজাতিৰ। ‘ছাইন্সোৰ ছলি’ বুলি এটা জাত আছে মানুহৰ, তই শুনিছ নে ইহঁতৰ বিষয়ে?

:না!

ৰফিকুল ঘাঁহ কটাত মগন৷

: এৰা, নুশুনিবিয়েইতো। এইকাৰণেই কৈছিলোঁ, “আলী, তোৰেই ভাল” বুলি৷

: হেই, আপ্‌নাকে এক্‌টা কথাই কতবাৰ বোঝাবো, আমি আলী নয়, ৰফিকুল- ‘ৰফিকুল’! ৰফিকুল ডাক্‌বো, নইলে ডাক্‌বো না মোটেই।

: আচ্ছা, আচ্ছা, বাৰু, হʼব দে। এতিয়া শুন, মোৰ কথা শুনি ঘাঁহ কাটি থাক। এই চাবি, সেইখিনিতে পদিনা আৰু ব্ৰাহ্মীশাক অলপ ৰুই থৈ দিছিলোঁ, সেইবোৰ এৰি যাবি। ৰফিকুল (সুৰ লগাই), তোক যে ‘ছাইন্সোৰ ছলি’ বুলি এটা প্ৰজাতি থকাৰ কথা কʼলোঁ, সিহঁত হৈছে বিজ্ঞান বোলা বিষয়টোৰ স্বত্বদখলকাৰী। বিজ্ঞান অকল সিহঁতেহে বুজিব। বিজ্ঞান বুজাটো সিহঁতৰ শাখাগত অধিকাৰ। তোৰ ভাগ্য যে তই সেই শাখা-প্ৰশাখাৰ মেৰপেচত সোমাই নপৰিলি৷ বৰ ক-মানতে পঢ়া এৰি বৰ মানুহ হʼলি৷ বুজিছ, ৰফিকুল (পুনৰ লেনিয়াই), মেট্ৰিক পাছ কৰাৰ পিছত ছাত্ৰবোৰ আৰু ছাত্ৰ হৈ নাথাকে৷ সিহঁতৰ এচামে গাত ওলমাই ‘আৰ্ট্‌ছোৰ ছলি’ৰ নামফলক, এচামে ‘কমাৰ্চোৰ ছলি’ বোলাই সাউদৰ পুতেকটো হৈ পৰে, আৰু আন এচামে ‘ছাইন্সোৰ ছলি’ হৈ গোটেই প্ৰকৃতিৰে সকলোবোৰ তত্ত্ব আৰু সূত্ৰৰ একাধিকাৰী হৈ পৰে৷ তাৰ পিছত? তিনিও প্ৰজাতিৰ ছাত্ৰৰ মাজলৈ একোখনকৈ অদৃশ্য আঁৰকাপোৰৰ বিভাজন আহি পৰে। বিশেষকৈ এই বিভাজনটো কমাৰ্চ আৰু ছায়েন্সৰ ছলিৰ মাজত ইমানেই গাঢ় হয় যে ইহঁত দুয়োটাৰে মাজত অহি-নকুলৰ সম্পৰ্ক। তই বুজি পাই আছʼ নে মই কি কৈছোঁ, আলী!

খেচেক-খেচেক কাঁচি চলোৱাৰ শব্দ; ৰফিকুল মনে মনে আছে৷ কাঁচি চলোৱাৰ কোবটো আগতকৈ অলপ বেছি হোৱা যেন পালোঁ। পুনৰ গেঁৰিয়ালোঁঁ,

: বোলো, অʼ আলী, তই বুজি পাইছ নে কি কৈ আছোঁ? আলী অʼ, তই শুনি আছʼ নে নাই! আলী- হোহ্, ৰʼচোন ৰʼ, তোৰ নামটোতো আলী নহয়৷ হেহ্ কি আছিল, ৰফিকালী, ওঁ নহয়, ৰফিকুদ্দিন- নে ৰফিকুল! অঁ-অঁ, ৰফিকুল৷ অঁ ৰফিকুল (লেনিয়াই), তই শুনি আছʼ নহয়?

:উঁ৷

ৰফিকুলে গেঙনি এটা মাৰিলে৷

: শুনি আছোঁ, বকি যাওক৷

: ঠিক আছে, শুনি থাকিবি। মাজে মাজে উঁ-আঁ এটাকে দিবিচোন! অহি মানে কি জান নহয়? সাপ৷ নকুল মানে- এ তহঁতে জানিবি দে- নেউল৷ এই যে ‘ছাইন্সোৰ ছলি’ আৰু ‘কমাৰ্চোৰ ছলি’ৰ মাজৰ তুমুল প্ৰতিদ্বন্দ্বিতা, তাৰ বাবেই ‘ছাইন্সোৰ ছলি’ আৰু ‘কমাৰ্চোৰ ছলি’ বিলাকে নিজৰ নিজৰ শাখা দুটাৰ কপিৰাইট কৰি লʼলে; তই বুজি পাই আছ নে নাই? কপিৰাইট এটা আইনী অধিকাৰ। এজনৰ স্বত্ত্বত থকা বস্তু আন এজনে বিনাচৰ্তে ব্যৱহাৰ কৰিব নোৱৰাৰ ব্যৱস্থা। আৰু সিহঁতৰ কপিৰাইটত থকা চৰ্তটো কি? এটাই, ব্যক্তিজন সিহঁতৰ ‘ৰেস্পেক্টিভ’ শাখাৰ এজন হʼবই লাগিব৷ ইয়াৰ ফলত হʼল কি, এই দুই প্ৰজাতিৰ দখলীকৃত জ্ঞানৰ সামান্যতমো অধিকাৰী হʼবলৈ হʼলে তই সময় থাকোঁতেই সিহঁতৰ শাখাৰ এজন‌ হʼব পাৰিব লাগিব৷ নহʼলে, সিহঁতৰ স্বত্ত্বদখলীকৃত জ্ঞানফলৰ এবখলাও খাব খুজিলে সিহঁতৰ পোন্দোৱা দুচকুৰহে তই মুখামুখি হʼবি৷ অঁ, তোৰ সেইখিনি হʼল? আচ্ছা, এই গোলাপজোপাৰ ডাল-পাতবোৰ সমান কৰি দেচোন এতিয়া৷ মই কি কৈ আছিলোঁ, অʼ সময়ৰ কথা। মেট্ৰিকলৈকে শান্তিৰে, সুস্থিৰে অকল ছাত্ৰ হৈ থকাৰ পিছত যেতিয়া তই কলেজ পাবি- তইতো নাপালিয়ে দেচোন, বৰ ক-মানতেই স্কুল এৰি বৰ মানুহ হʼলি- বাৰু যি কি নহওক, সেই তেতিয়াই তোৰ সন্মুখত এই তিনিখন দুৱাৰ মেল খাই পৰে৷ তাৰ ভিতৰত দুখন দুৱাৰত চিক্যোৰিটী মোতায়েন কৰা থাকে; এবাৰ তাত সোমাই লʼলে বোলে তোৰ লাইফ চিক্যোৰ্‌ড্। সেই দুখন দুৱাৰেদি তই যাকে সোমোৱা দেখা পাবি, তাৰেই হাতে হাতে একোখনকৈ পাছ দেখিবি৷ সেইখন ভি আই পি পাছ, ওৰফে হাই পাৰ্ছেণ্টেজৰ একোখনকৈ মাৰ্কশ্বীট – কমাৰ্চৰ বাবে চেভেণ্টী পাৰ ছেণ্টৰ পৰা, আৰু ছায়েন্সৰ পাছখন এইটী পাৰ ছেণ্ট এণ্ড এবাভ। আনখন দুৱাৰত পাছ নালাগে যদিও টিকট চিষ্টেম এটা থাকে৷ দাম লৈ, মানে পাৰ্ছেণ্টেজ লৈ টিকটধাৰীসকলৰ সুবিধা বেলেগ। সেয়া বাৰু যি নহওক, কিন্তু এই যে মেট্ৰিকৰ পিছতেই তিনিওখন দুৱাৰ খুলি দিয়া যায়, তাৰ পিছত ছায়েন্স আৰু কমাৰ্চৰ দুৱাৰ দুখন অকল পিছফালেহে খোলা ৰাখি চিৰদিনলৈ বন্ধ কৰি দিয়া হয়। পিছফালৰখন ওলাই যোৱাৰ ৰাস্তা কৰি গোপনে মেলি ৰাখে, যাতে আৰ্ট‌চ্‌ৰ শাখাটোলৈ অবাধে ইন্‌ফিল্ট্ৰেট হৈ থাকিব পাৰে। পিচে সেইফালৰ দুৱাৰখনেৰে কোনেও কাহানিও প্ৰৱেশ কৰিবৰ সাহ কৰাটো কিন্তু নিষেধ; নহʼলে দুটাকৈ পোন্দোৱা চকুৰ দৃষ্টি আহি তোৰ ওপৰত এনেদৰে পৰিব, যেন পাৰিলে  কʼবহে – সাৱধান! বিগ ব্ৰোদা ইজ ওৱাচ্চিং য়ু। এতিয়া তই চাবি, এই দুটা প্ৰজাতিয়ে নিজৰ মাজততো যুঁজি কটাবই, আনটো প্ৰজাতিকো শান্তিৰে নিজৰ কাম কৰিবলৈ নিদিয়ে৷ নিজৰ মাজৰ যুঁজবিলাকৰ ফাঁকে ফাঁকে যেতিয়া অলপ-অচৰপকৈ বিৰাম লʼব তেতিয়া উভয়ৰে চকু পৰে আৰ্ট্‌চ্ ষ্ট্ৰীমটোৰ ওপৰত৷ আৰ্ট্‌চোনো কোনোবাই পঢ়ে নে? সেই ফেইলৰকেইটামানৰহে লাষ্ট ৰিজʼৰ্ট। কি যে কৰিব ইহঁতি জীৱনত; কেনেকে যে খাব নহয় ভাতমুঠি মোকলাই। – মুঠতে চিন্তাৰ ওৰ নাই। খোদ আৰ্ট্‌চৰ ছলিবিলাকৰেই নিজৰ অপগণ্ড স্থিতিক লৈ চাগেʼ ইমান চিন্তা নহয়, সন্মিলিতভাৱে বাকী দুটা শাখাৰ ছলিবিলাকৰ ইহঁতক লৈ যিমান আফ্‌চোচ! আৰ্ট্‌চৰ ছলিক লৈ দুশ্চিন্তাৰ মাম্‌লাত কিন্তু এই দুই শাখা একলগ৷ বাকী সময়খিনি “হুʼজ য়োৰ দেদী”ৰ শ্লোগান মাৰোঁতে মাৰোঁতে আৰ্ট্‌চ্ বুলিও যে তৃতীয় এটা বিশাল পৰিসৰৰ ষ্ট্ৰীমো আছে ইহঁতে সমূলি পাহৰিয়েই থাকে ।

: দাদা, গোলাপ গাছটা ছাঁটা হয়ে গেছে; এখন কি কৰ্‌বো?

: অহ্, হৈয়ে গʼল নে‌ কি? এতিয়া তই সৌ নাৰিকলজোপাৰ তলৰ বনখিনি নিৰাই দেʼ। আৰু শুন, মই কি কৈ আছিলোঁ- অঁ, এতিয়া চাবি, ‘কমাৰ্চোৰ ছলি’ৰ কথা থাওক বাৰু, মই আজি নকওঁ। কিন্তু এই যে ‘ছাইন্সোৰ ছলি’- ইহঁতৰ দেমাকিটো বেছ চাবলগীয়া। ইহঁতে বিচাৰে, গোটেই বিশ্বখন ছায়েন্সময় হওক, মানুহৰ মগজে মগজে ছায়েন্সফুল ফুলক; অথচ সিহঁতে নিবিচাৰে ‘ছাইন্সোৰ ছলি’ নোহোৱাকৈয়ে কোনোৱে ছায়েন্স বুজিবলৈ বা বুজাটো জনাবলৈ ওলাওক৷ ইহঁতে বিচাৰে মনটোৱে প্ৰতি ছায়েন্সটো হওক, অথচ ‘ছায়েন্সৰ ছলি’ নোহোৱাকৈ মনৰ পৰা সেইবোৰ কিন্তু ওলাই নাহক৷ ইয়াৰ বিপৰীতে, ইহঁতে কিন্তু নিজৰটোৰ লগতে বাকী দুটা শাখাৰ ওপৰতো বিড়ালে বনৰ ওপৰত মল তেজি ক্ষেত্ৰাধিকাৰ জাহিৰ কৰাৰ নিচিনাকৈ অবাধে পাণ্ডিত্য জাহিৰ কৰি যাব বিচাৰে৷ মানে, আওপকীয়াকেʼ যহাব খোজে- ছায়েন্সৰ তুলনাত বাকী দুটা শাখাৰ কৌশলবোৰ তেনেই উজু৷ ৰ‍ʼ- মই তামোল এখন খাই আহোঁ ৰʼ। তই এইখিনি কৰি শেষ কৰ৷ আলী, মই কৈ আছিলোঁ কি- ইহ্ তোৰ নাম কʼত আলী, ৰফিকুল- অঁ ৰফিকুল, মই কৈ আছিলোঁ ইহঁতৰ, এই ‘ছাইন্সোৰ ছলি’বিলাকৰ কথা। তোক মই কওঁ, ইহঁতে যি ৰকম কৈ থাকে নহয় যে ইহঁতৰ পঢ়া-শুনা হেনো কিমান জটিল! ইমান যে কষ্ট! আনকি গাটো ধুবলৈকো সময় নাইকিয়া৷ পিচে কৰ্ণফ্লেক্স নে ‘নেটফ্লেক্স’ৰ এটাও কিন্তু চিৰিজ ইহঁতৰ বাদ নপৰে৷ ইহঁতে স্বঘোষিতভাৱে ইমান যে কষ্ট কৰে, তই হয়তো ভাবিছ- তোৰ ভাগ্যত নহʼলেও বোধকৰোঁ ইহঁতৰ ভাগ্যত তিমানখিনি কষ্টৰ বাবদ মিঠাফলকেইটাতো আলবৎ মিলিয়েই যায়। ওফ্, কিনো কʼম! নিউটন-আইন্‌ষ্টাইন-ৰমণহঁতৰ দিন নহয় এয়া, এতিয়া ‘ছাইন্সোৰ ছলি’য়ে কষ্ট কৰি ‘মীম’হে আৱিষ্কাৰ কৰে; তই বুজি পাৱ নে মীম কি? এহ্ নাপাবি দে৷ এতিয়া, এনে এদিনো আহিব, যেতিয়া মীমাৰ হʼবলৈ হʼলেও ‘ছাইন্সোৰ ছলি’ হোৱাটো বাধ্যতামূলক হৈ পৰিব৷

: দাদা, বেলা হয়তেছে, আমাকে যেতে দাও৷

: ৰহ্, ৰহ্, ইমান সোনকালে যাবৰ হোৱা নাই ৰʼ৷  তই এইখিনি শুনচোন, এতিয়াৰ ‘ছাইন্সোৰ ছলি’য়ে গোটেই ছাত্ৰ-জীৱনটো ‘হুʼজ য়োৰ দেদী, হুʼজ য়োৰ বছ’কৈ থাকোঁতে থাকোঁতে, আৰু তাকেই প্ৰতিষ্ঠা কৰিবলৈ শাম-দাম-দণ্ড-ভেদ আদিৰ প্ৰয়োগৰ নামত বাকী দুটা শাখাক ট্ৰোল নামৰ এবিধ  ইংৰাজী-মাৰ্কা ইতিকিং কৰোঁতে কৰোঁতে এসময়ত একো-একোজন নামজ্বলা ষ্টেণ্ড-আপ কমেডিয়ান হৈহে এণ্ড-আপ কৰেগৈ৷ আজি কেইটানো ‘ছায়েন্সোৰ ছলি’ মূধা-ফুটা বিজ্ঞানী হৈ ওলাব পাৰিছে, আৰু কেইটাইনো পঢ়া সামৰিয়েই  চেলিব্ৰেটেদ মীমাৰ বা কমেডিয়ান হৈছে – পৰিসংখ্যা উলিয়ালেই ওলাই পৰিব৷ মুঠতে ‘ছাইন্সোৰ ছলি’য়ে আজি সকলোবিলাক হৈছে, ‘আৰ্টিষ্ট’ হৈছে, ‘ষ্টাৰ্ট-আপ’ত ধৰিছে, এল পি মাষ্টৰ হৈছে, বেকাৰো হৈছে; কিন্তু নিজৰ শাখাৰে জড়িত কোনো কামতে ধৰি মানৱজাতিৰ উত্তৰণত একো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পৰাতো নায়ে, বৰঞ্চ যাকেই পেঙেলিয়াইছে, ওলোটাই তাৰেইহে বিদ্যা বে-দখল কৰাত লাগি পৰিছে। বিপৰীতে, ‘ছায়েন্স’ কিন্তু এতিয়াও সিহঁতৰে বাপতি সাহোন। সিহঁতে প্ৰায়ে মানুহৰ কমনচেঞ্চহীনতাক লৈ ফ্ৰাষ্ট্ৰেটেদ হʼব আৰু কʼব যে এই মানুহবোৰনো বিজ্ঞানমনস্ক কেতিয়ালৈ হʼব! অথচ ‘ছায়েন্স বেকগ্ৰাউণ্ড’ৰ বাহিৰৰ এজনেও যদি সিহঁতৰ বিজ্ঞানক বুজি ওলাই আহে তাকে জনাবলৈ, সিহঁতৰ চকুত সেইটো কথায়ে তেতিয়া হুলে বিন্ধা দি বিন্ধিবলৈ ধৰিব। “সাৱধান, বিগ ব্ৰোদা ইজ ওৱাচ্চিং য়ু, তুমি বিজ্ঞানমনস্কতা প্ৰদৰ্শন কৰিবলৈ ওলাইছা, দিছ ইজ নট য়োৰ ডʼমেইন !”

: দাদা, আমি যাবো৷ বেলা হয়েছে, বাড়ি থেকে দূৰ আছে।

: অহ্, তোৰ হʼলেই নেকি? হেই ৰহ্ চাহটো খাই যাবি৷

: দাদা, আমি চাহ খাবো না৷ আমি যাবো, খুব বেলা হয়েছে৷

: আচ্ছা, ঠিক আছে, যাবি, যাবি৷ বাৰু এটা কথা কʼচোন, তোৰ ঘৰত ছলি-পলি কিমান?

: (বিৰক্তিৰ সুৰত) পোলা পাঁচট্যা, মেয়া দুইট্যা!

: কি পঢ়ি আছে?

: মেয়া দুইট্যাকে আৰো পোলা তিন্‌ট্যাকে বিয়ে দিলেন৷

: হাঁ! তোৰ বয়স কিমান?

: জানি না৷

: চল্লিছৰ বেছিতো হʼবই নোৱাৰে৷ তোৰ আপী দুটাক কিমান ডাঙৰত বিয়া দিলি?

: এক্‌টাৰ বয়ছ বাৰ ছিলে আৰো এক্‌টাৰ চোইদ্দোʼ৷

: হেইট, ইমান সৰুতে বিয়া দি দিলি! তহঁতৰ এইটো বৰ বেয়া স্বভাৱ। কোনোবাই যেতিয়া পুলিচ কেচ কৰি দিব, জঁটত পৰিলে তেতিয়া মজাটো পাবি৷

: কে বল্‌বে, আপ্‌নি?

ৰফিকুলে তীৰ্যক হাঁহি এটা মাৰি সুধিলে৷

: মই নকʼলেও কওঁতা নোলাব নে আন! বাৰু, সেইবোৰ বাদ। তোৰ পোলা-মেয়াকেইটাক তইনো কিমানলৈকে পঢ়ালি বাৰু সেইটোকে কʼচোন!

: সবাই বৰো ক-মানে স্কুল ছাড়লেন৷

: হাহ্! গোটেই কেইটাই?

: উঁ৷

: তাৰমানে, তোৰ পোলা-মেয়াকেইটায়ো তোৰ নিচিনাকৈয়ে বৰ ক-মানতে পঢ়া এৰি বৰ মানুহ হʼল৷ এৰাতো, মই এনেয়ে কৈ থকা নাছিলোঁ নে, আলী, তোৰেই ভাল বুলি; সঁচাকৈয়ে, আলী, তহঁতৰেই ভাল দেʼ।

: আম্‌ৰা নাম ৰফিকুল- ‘ৰফিকুল’! আলী নয়!

এইবুলি হাজিৰাখিনি লৈয়েই ৰফিকুলে ঘৰলৈ বুলি খৰখেদাকৈ খোজ লʼলে৷

বি: দ্ৰ: বিজ্ঞানৰ প্ৰকৃত ছাত্ৰসকলে মোৰ এই লেখাটোৰ কথাবিলাক গাত পাতি নলয় যেন।

☆ ★ ☆ ★ ☆

3 Comments

  • অভিজিত কলিতা

    অতি সুন্দৰ আৰু সাৱলীল লেখা। লগতে এটা অতি গুৰুত্বপূৰ্ণ সামাজিক সমস্যলৈকো আঙুলিয়াই দেখুৱা হৈছে। চোকা ল’ৰা হ’লেই চাইন্স পঢ়িব লাগিব বুলি, বা পৰীক্ষাত বেয়া কৰা ল’ৰাইহে আৰ্টচ পঢ়ে বুলি চলি থকা আমাৰ মধ্যবিত্তীয় ভাৱধাৰাটোৱে সমাজখনৰ বহুত ক্ষতি কৰিছে। খুব ভাল লাগিল।

    Reply
  • HEMANTA KAKATI

    বহুত ভাল লাগিল বাসৱ!

    Reply

Leave a Reply

Your email address will not be published.