ফটাঢোল

ছাল চিগা মহাজন – যোগেশ ভট্টাচাৰ্য

অতি সন্তৰ্পনে সি বিস্কুটৰ টেমাটো খুলিলে। টেমাৰ ভিতৰত বিস্কুটবোৰৰ মাজত ঘঁহনি খাই সৃষ্টি হোৱা গুড়ি অকণমানৰ বাহিৰে একো নাছিল। খঙতে টেমাটো দলিয়াই দিয়াত শব্দ এটা হ’ল যদিও ঘৰটোত শুই থকা কোনেও শুনা নাপালে। এইবাৰ সি এন্ধাৰতে খোৱাপানী এটুপি বিচাৰিবলৈ ধৰিলে। ভোকে-পিঁয়াহে লেবেজান হৈ পৰিছিল সি কিন্তু যোৱা আধাঘণ্টা ধৰি পাকঘৰত বিচাৰি বিচাৰি এটাও খোৱা বস্তু নাপালে।

আচলতে সি ঘৰটোত চুৰি কৰিবলৈহে সোমাইছিল। ঘৰৰ গৰাকী অকলশৰীয়া বুঢ়া-বুঢ়ীযোৰা অগাধ সম্পত্তিৰ মালিক আছিল। মানুহে কয় যে বুঢ়াৰ খেতি পথাৰৰ এটা মূৰৰপৰা আনটো মূৰলৈ চাইকেল চলাই গ’লে দুখন তামোল খোৱা শেষ হয়৷ বুঢ়াৰ ফিচাৰিত যিমান মাছ আছে সিহঁতৰ ভোটদান কৰিবপৰা ক্ষমতা থাকিলে অসমৰ যিকোনো সমষ্টিৰ প্ৰাৰ্থীক জিকাব পাৰিলেহেঁতেন। সেইবোৰ শুনিয়েই চোৰটো সোমাইছিল চাগে বুঢ়াৰ ঘৰত সিন্ধি দিওঁ বুলি। পিচে বুঢ়া যে মহা কৃপণ সেইটো সি গম পালে তেতিয়াহে যেতিয়া দুঘণ্টা চলাথ কৰিও সি নিবলৈতো বাদেই খাবলৈও একো বিচাৰি নাপালে। শেষত পানী এটুপিকে খাওঁ বুলি যেতিয়া কলহৰ ভিতৰত পানীও নাপালে তেতিয়া খঙতে কলহত ঢাকনি দিয়া ষ্টীলৰ প্লেটখন দলিয়াই দিলে। খটঙকৈ শব্দ এটা হোৱাত বুঢ়া-বুঢ়ী সাৰ পালে।

বুঢ়ীয়ে ক’লে,

: হেৰি, চোৰ সোমাইছে যেন পাওঁ হে।

: সোমাওক দিয়া। কি নিব সি? একো নায়েই। শুই থাকা মনে মনে।

কথাখিনি শুনি চোৰটোৰ খঙে চুলিৰ আগ পালেগৈ আৰু বাৰাণ্ডাত থকা বুঢ়াৰ চেণ্ডেলযোৰকেই লৈ যাওঁ বুলি ভাবি পিন্ধিবলৈ গৈ দেখিলে যে নাৰিকলৰ ৰছীৰে ফিটা লগোৱা আছে চেণ্ডেলযোৰত। চেণ্ডেলৰ আগটো আৰু পিছটো এনেকৈ ক্ষয় গৈছে যেন বাৰিষাৰ ব্ৰহ্মপুত্ৰই পাৰ হে খহাইছে। উপায় নাপাই চোৰটো খালী হাতেৰে গুচি গ’ল, কিন্তু কাগজত নোট এটা লিখি থৈ গ’ল।

পিছদিনা পুৱা বুঢ়াই খালী ভৰিৰে বাহিৰলৈ ওলাই কুঁৱাৰ ঢাকনিখনৰ তলাটো খুলি ৰছীৰে বন্ধা মগটোৰে এমগ পানী আনি অলপ অলপ গাত চটিয়াই ভালদৰে গাটো ধুই ল’লে। বুঢ়াই সদায় পুৱাই গা ধোৱে কাৰণ পুৱা মুখ ধুই আকৌ এবাৰ গা ধুলে দুমগ পানী খৰচ হয়। গতিকে এবাৰতে গা, মুখ, হাত, ভৰি সকলো ধুই লয়। বুঢ়াৰ ঘৰটো বাপেকে বনাই থৈ যোৱা বাঁহৰ ওপৰত চিমেণ্ট লেপা পুৰণি অৱয়ব এটা। মাজে মাজে দুই এঠাইত ফাঁট মেলিছে যদিও বুঢ়াই মেৰামতি কৰি লোৱা নাই। বুঢ়াৰ মতে অলপ ভঙা-চিঙা থাকিলে বতাহ বেছিকৈ পোৱা যায়। ঘৰৰ ভিতৰত সামগ্ৰী বুলিবলৈ বুঢ়া-বুঢ়ীৰ দুযোৰকৈ কাপোৰ, এখন বিছনা, এটা  চৰকাৰে দিয়া গেছ ষ্ট’ভ, আৰু এটা চৌকা। মানুহে কয় যে সাত বছৰমান আগতে চৰকাৰে দিয়া গেছ চিলিণ্ডাৰটো আজিও শেষ হোৱা নাই বুঢ়াৰ। এইখিনি সামগ্ৰীৰ উপৰিও আলহী আহিলে বহিবলৈ দিব পৰাকৈ পীৰা দুখন আৰু বাচন-বৰ্তন দুই এটাও আছে। বুঢ়াতকৈ বুঢ়ী আৰু এখোপ চৰা। বুঢ়ীয়ে মূৰ আঁচুৰিবলৈ ব্যৱহাৰ কৰা ফণীখনৰ দাঁত ভাঙি ভাঙি পাঁচটামানহে ৰৈছেগৈ। কোনোবাই ফণী কিনিবলৈ ক’লে বুঢ়ীয়ে কয় যে চুলি সৰি সৰি নাইকিয়াই হ’বলৈ ধৰিছে। এইখিনি চুলি আঁচুৰিবলৈ পাঁচটা দাঁত থকা ফণীৰ প্ৰয়োজনেই নাই আচলতে, আঙুলিৰেই আঁচুৰিব পাৰি। এইবোৰ কৃপণালিৰ বাবে বুঢ়াৰ পুতেকটোৱে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিয়েই ঘৰৰপৰা ওলাই গৈছিল। সি পঢ়িবলৈ খুজিছিল, কিন্তু বুঢ়াৰ মতে পঢ়া-শুনা বেছি কৰিলে খৰচ বাঢ়ে, খেতি-বাতি কৰিলে ইনকাম বাঢ়ে।

সেইবুলি বুঢ়া-বুঢ়ীৰ পইচা নোহোৱা নহয়। খেতি-বাতি কৰি যিমান টকা আৰ্জিছে, গোটেইবোৰ বেংকত ৰাখি দিছে। মানুহে কোৱা মতে বুঢ়া-বুঢ়ীয়ে ইচ্ছা কৰিলে গোটেই গাঁৱৰ মানুহক দুবছৰলৈ পুহি ৰাখিব পাৰে। কিন্তু মানুহক খুওৱা বাদেই, নিজৰ পুখুৰীৰ মাছো সপ্তাহত এদিন খায়, তাকো খুব বেছি দুটা বা চাৰিটা পুঠি মাছ। ৰৌ ধৰাৰ দিনা এসাঁজ ফ্ৰেচ খাই বাকী তিনি সপ্তাহ শুকুৱাই খায়। খেতিৰ চাউলখিনিৰ বাহিৰে বাকী দুই এপদ বস্তু দোকানৰপৰা বাকীত কিনি খায় আৰু মাহৰ মূৰত যিমান হয় সিমানখিনি বেংকৰপৰা উলিয়াই বাকী মাৰি দিয়ে। দোকানীয়ে বুঢ়াক তিনিমাহৰ মূৰত বাকী দিবলৈ কয়, কাৰণ মাহৰ চল্লিশ পঞ্চাশ টকামানৰ বাবে পাঁচশ টকা এখন খুচুৰা কৰি দিবলৈ দিগদাৰ। কিন্তু বুঢ়া কৃপণ হ’লেও পৰৰ খোৱা মানুহ নহয়। বুঢ়াৰ ইগ’ সাংঘাতিক। সেই ইগ’টোকেই সিদিনা সিন্ধি দিয়া চোৰটোৱে চেলেঞ্জ কৰি বুঢ়াৰ সুখী কৃপণময় জীৱনত পয়মালৰ সৃষ্টি কৰিলে।

চোৰটোৱে একো নিবলৈ নাপাই শেষত বুঢ়াৰ ফটা চেণ্ডেলযোৰ পিন্ধি নিজৰ নতুন হাৱাইযোৰ থৈ কাগজ এখন নুৰিয়াই থৈ গৈছিল। বুঢ়াই গা ধুই আহি কাগজখন দেখি পঢ়ি চালে। তাত লিখা আছিল,

“ইমান খাবলৈ নোপোৱা মানুহ মই জীৱনত দেখা নাই। ভিক্ষাৰীয়েও ভিক্ষা দি যাব তহঁতক। চোৰ এটাই তহঁতৰ ঘৰত পানী এটুপিও খাবলৈ নাপায়। মানুহ এটা ঢুকালে যিমান বস্তু দানত দিয়ে তাৰ আধাও তহঁতৰ ঘৰত নাই কিন্তু মই চোৰ হ’লেও দয়ালু। সেইবাবে তোৰ আধামৰা চেণ্ডেলযোৰ নিজে পিন্ধি মোৰ নতুন চেণ্ডেলযোৰ তোৰ বাবে ৰাখি থৈ গৈছোঁ। লাজ আছে যদি নেক্সটবাৰ মই আহিলে কিবা নিব পৰাকৈ ৰাখিবি। “

আগতেই কোৱা হৈছে যে বুঢ়াৰ ইগ’ বহুত বেছি আছিল। কাকো একো নিদিছিল যদিও কাৰো ওচৰত হাতো নাপাতিছিল। মানুহে বুঢ়াক ‘ইমান পইচা কি কৰিবি’ বুলিহে কৈছিল কিন্তু এই চোৰটোৱে ‘ভিক্ষাৰীৰো অধম’ বুলি কৈ গ’ল। খং উঠাৰ লগতে বুঢ়াই লাজো পালে, কাৰণ খান্দানী ধনী  বুলি বুঢ়াৰ নামো আছিল। এতিয়া চোৰটোৱে বুঢ়াক ভিক্ষাৰী বুলি প্ৰচাৰ কৰি ফুৰিলে লাজ নালাগিবনে? তাতে আকৌ চোৰটোৱে নতুন চেণ্ডেলযোৰ থৈ বুঢ়াক ধাৰত পুতি থৈ গ’ল। কৃপণ হ’লেও ধাৰখোৱা নাছিল বুঢ়াটো।

ৰাতি ভাত খোৱাৰ সময়ত আলোচনা কৰি বুঢ়া-বুঢ়ীয়ে সিদ্ধান্ত ল’লে যে চোৰটো আকৌ সোমালে নিব পৰাকৈ কিবা এবিধ বস্তু হ’লেও ঘৰত ৰাখিব লাগিব। পিছদিনা বুঢ়াই বজাৰৰপৰা কম দামী চাৰ্ট দুটামান কিনি আনিলে। এসপ্তাহ পিছত চোৰটো আকৌ সোমাল। বুঢ়াই গম পালে যদিও আনন্দ মনেৰে শুই থাকিল। এইবাৰ অন্ততঃ চোৰে বুঢ়াক ভিক্ষাৰী বুলিব নোৱাৰে। কিন্তু পিছদিনা পুৱা চাৰ্ট ওলোমাই থোৱা বাঁহৰ কামিডালত নিজৰ চাৰ্টটোৰ সলনি দামী চাৰ্ট এটা দেখি বুঢ়া আচৰিত হ’ল। চাৰ্টৰ পকেটত আধা ওলোৱাকৈ থৈ দিয়া কাগজখন খুলি বুঢাই পঢ়িলে,

“ছাল চিগা ভিকহু বুঢ়া, তোৰ চাৰ্টটো মই নিলোঁ। পিন্ধিব নোৱাৰি সেইটো। ঘৰ মুচিবলৈহে নিছোঁ। তাৰ সলনি মোৰ দামী চোলা এটা তোক দি গৈছোঁ। পিন্ধিবি দেই সেইটো।”

এইবাৰ বুঢ়াৰ আৰু বেছিকৈ ইগ’ত লাগিল। পিছদিনা বুঢ়াই বাচন-বৰ্তন এসোপামান কিনি আনিলে। আকৌ চোৰ সোমাল। এইবাৰ চোৰে ভাল কেৰাহী এটা থৈ গ’ল আৰু কাগজ এখনত লিখি থৈ গ’ল,

“তোৰ বাচনসোপা নিনিলোঁ দে। তিনিসাঁজমান খাই ধুলে বাচন ফুটিয়েই যাব। মোৰ কেৰাহীটো থৈ গ’লোঁ। দাল-দৰিদ্ৰৰ ঘৰতো তোতকৈ ভাল বাচন থাকে।”

ইগ’ বাঢ়ি বিপদসীমা পাৰ হওঁ হওঁ অৱস্থাত ককবকাই বুঢ়াই এইবাৰ চকী দুখন কিনিলে। কিন্তু চোৰটোৱে চকী নিনি লিখি থৈ গ’ল যে তেনেকুৱা চকী কিনি আনি তাৰ কাঠেৰে জুই পুৱাবহে পাৰি। বুঢাই ৰেডিঅ’ এটা কিনি আনিলে, চোৰে বেটাৰী দুটা থৈ লিখি গ’ল যে বেটাৰী নোহোৱা ৰেডিঅ’ চোৰেতো নিনিয়েই, ভিকহুক দান দিলেও নলয়। বুঢ়াই সৰু টিভি এটা কিনি আনিলে, চোৰে লিখি থৈ গ’ল যে সেইটো টিভিতকৈ ডাঙৰ ম’বাইল ফোন ল’ৰা-ছোৱালীবোৰে লগত লৈ ফুৰে। বুঢ়াই লাহে লাহে এপদ দুপদকৈ দামী বস্তু কিনি কিনি ঘৰ ভৰাই পেলালে। চোৰে কিবা এটা নিয়ক বুলি দৰ্জা খিড়িকী মেলি শোৱা কৰিলে। পিচে চোৰে প্ৰতিবাৰেই বুঢ়াক তাচ্ছিল্য কৰি চিঠি লিখি সন্মানত আঘাত কৰি যায়।

এনেদৰে ভালেমান দিন যোৱাৰ পিছত এদিন অসহ্য হৈ বুঢ়াই চোৰটোক ধৰাৰ কথা ভাবিলে । সিদিনা ৰাতি বুঢ়াই চোৰ সোমোৱা গম পাই একেজাঁপে উঠি বহি আন্ধাৰতে ক’লে,

: ৰহচোন চোৰ বাপু, তোক কি লাগে ক। আনি দিম মই। কিমান আৰু এই বুঢ়াক বেইজ্জত কৰিবি?

এই কথা শুনি চোৰটোৱে ভিৰাই লৰ মাৰিলে আৰু তাৰ পিছত বহুদিনলৈ তাৰ দেখা দেখিয়েই নোহোৱা হ’ল। তেনেকৈ এমাহমান যোৱাৰ পিছত চোৰটো আৰু নাহে বুলি ভাবি ৰাতি নাক বজাই শুই এদিন পুৱা উঠি বুঢ়াই দেখিলে যে ঘৰত এপদ বস্তুও নাই। অৱশেষত চোৰে বস্তুবোৰ নিলে বাবে বুঢ়াই মনত অলপ শান্তি পালে যদিও টিভিটো আৰু ৰেডিঅ’টো চোৰে নিয়াত অলপ দুখো পালে। বুঢ়াৰ ৰেডিঅ’ শুনা অভ্যাস এটা হৈ গৈছিল আৰু বুঢ়ীৰো টিভি চিৰিয়েলবোৰ চাই চাই এতিয়া টিভি এটা নহ’লে চলিব নোৱাৰা অৱস্থা হৈছিল। বুঢ়ীৰ কথামতে নতুন টিভি এটা কিনিবলৈ ঘৰৰপৰা ওলাব খোজোঁতেই পুলিচৰ জীপ এখন আহি বুঢ়াৰ ঘৰৰ সম্মুখত ৰ’লহি। এজন পুলিচ বিষয়া জীপৰপৰা নামি আহি বুঢ়াক যোৱা নিশা হৈ যোৱা চুৰি কাৰ্য্যৰ বাবে কমপ্লেইন এটা দিবলৈ কোৱাত বুঢ়াই ক’লে,

: মই কমপ্লেইন নিদিওঁ দে বোপা। তাক মই বস্তুবোৰ নিবলৈয়ে দিছিলোঁ। সিহে নিব নুখুজিছিল। তাৰোপৰি সি চোৰ হৈয়ো মোতকৈ ভাল খাদ্য খায়, ভাল পিন্ধে, ভাল বস্তু ব্যৱহাৰ কৰে। মোৰ ইমান পইচা থাকিও ভিকহুৰ দৰে জীৱন-যাপন কৰি আছিলোঁ। পিছত তাৰ লগত ফেৰ মাৰিবলৈ গৈ ময়ো বহুত বস্তু কিনি আনিলোঁ আৰু বুজি পালোঁ যে বেংকত থকা টকাখিনি গণি থাকি পোৱা সুখতকৈ পুৱা ৰেডিঅ’ত গান শুনি পোৱা সুখ বেছি। আজিকালি ভাল কাপোৰ পিন্ধি ওলাই যাওঁ বাবে বহুত মানুহে ‘আতা’ নুবুলি ‘মহাজন’ বুলি মতা হৈছে। যোৱা মাহত নৰীয়াত পৰা মানুহ এজনীৰ পুতেকক অলপ পইচা দিয়াৰ পিছত মাকক সুস্থ কৰি আনি ভৰিত ধৰি তামোল পাণ, গামোচা এখন দি যি সেৱা কৰিছে নহয় বোপা, কি ক’ম আৰু তোক, কিমান ভাল লাগিছে। চোৰটোক লগ পালে আৰু কিবাকিবি অলপ দিমহে মই। কাৰণ সি চুৰ কৰক বুলি অনা ৰেডিঅ’টোত খেতি-বাতিৰ দিহা পৰামৰ্শ শুনি শুনি এইবাৰ খুব ভাল খেতি হৈছে। পইচাও দুগুণ আৰ্জিছোঁ। টিভিটোতো বহুত খবৰ পাই দেখোন। বজাৰত কি দাম চলি আছে, কিহৰ দাম কেতিয়া বাঢ়িব সৱ গম পায়। চোৰটোৰ লগত জেদত নধৰাহেঁতেন এইবোৰ নজনাকৈ মৰি থাকিলোঁহেঁতেন। মই কমপ্লেইন নিদিওঁ দে বাচা।

ইমানপৰে বুঢ়াৰ কথা মনযোগেৰে শুনি থকা পুলিচ বিষয়াজনৰ চকু ইতিমধ্যে সেমেকি উঠিছিল। তেওঁ বুঢ়া-বুঢ়ীক সেৱা এটা কৰি ক’লে,

: আই-পিতাই, তোমালোকে মোক চিনি পোৱা নাই। মই হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি উঠিয়েই ঘৰৰপৰা ওলাই গৈছিলোঁ যে। তাৰপিছত চহৰলৈ গৈ প্ৰাইভেট স্কুল এখনত কাম কৰি পঢ়ি শুনি পুলিচ ইন্সপেক্টৰৰ চাকৰিটো পালোঁ। তেতিয়াই তুমি এইবোৰ কথা বুজিলে হয়তো মই ঘৰৰপৰা ওলাই যাবলগীয়া নহ’লহেঁতেন। এতিয়া যি নহওঁক মোৰ লগত ব’লা। তোমালোকৰ ঘৰলৈ চোৰটো ময়েই পঠিয়াইছিলোঁ। চিঠিবোৰ মোৰ নিৰ্দেশত সি ৰাখি থৈ গৈছিল। সি চোৰ নহয়, প্ৰশিক্ষণপ্ৰাপ্ত চি.আই.ডি এজেণ্ট। যোৱা মাহত চুৰি হোৱা বস্তুবোৰ মই গাঁৱৰ সিমূৰত তোমালোকৰ বাবে বনোৱা নতুন ঘৰটোত সজাই পৰাই ৰাখি থৈছোঁ। এতিয়াৰপৰা ময়ো মাজে মাজে আহি থাকি যাম ইয়াত।

তাৰপিছত কি হ’ল? কৃপণ বুঢ়া দানী হ’ল। পুতেকৰ বিয়াত পুখুৰীৰ ডাঙৰ ডাঙৰ মাছকেইটা মাৰি গাঁৱৰ মানুহক দকচি খুৱালে। পিচে পানী খৰচ কৰোঁতে বুঢ়াই এতিয়াও কৃপণালি কৰে। বুঢ়াৰ মতে বেছিকৈ খৰচ কৰি থাকিলে এদিন খোৱা পানীটুপিৰ বাবে মানুহে হেনো হাঁহাকাৰ কৰিবলগীয়া হ’ব। এইবোৰ কথা বুঢ়াই টিভি চাই চাই শিকিছে।

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী

    বঢ়িয়া লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কিছু ব্যংগ! ভাল লাগিল পঢ়ি।

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া। অবশেষত বুজি পোৱা গ’ল,,,মৃত্যুৰ পিছত জমা পইচাৰ একো কামেই নাই,,গতিকে যি ভোগ কৰিব লগা আছে জীয়াই থাকোঁতে কৰি লোৱা ভাল

    Reply
  • HEMANTA KAKATI

    মজা লাগিল যোগেছ, দেৰি হলেও পঢ়িলোঁ৷

    Reply

Leave a Reply

Your email address will not be published.