ফটাঢোল

ছুটী – ৰঞ্জিত কুমাৰ শৰ্মা

মাৰ্চ মাহৰ শেষ সপ্তাহৰ সোমবাৰ৷ কাৰ্যালয়ৰ নিজৰ কোঠাত সোমাইয়েই কাকতি ছাৰে কলিং বেলটো বজাই দিলে। দুৱাৰখন খুলি কৃষ্ণ সোমাই আহিল।

কাকতি ছাৰঃ কৃষ্ণ, আটাইয়ে আছেনে?

কৃষ্ণঃ শইকীয়া ছাৰ আৰু দত্ত ছাৰৰ বাহিৰে বাকীবোৰ আছে ছাৰ।

কাকতিঃ শইকীয়া আৰু দত্ত ক’লৈ গ’ল?

কৃষ্ণঃ শইকীয়া ছাৰ ফিল্ডত আছে, দত্ত ছাৰ ছুটীত আছে।

কাকতিঃ তেওঁক (দত্ত) কিমান ছুটী লাগেহে?
আনৰ পদূলি শুঙি ফুৰা স্বভাৱটো এইজনৰ নগ’ল আৰু।– স্বগতোক্তি কৰিলে কাকতিয়ে৷

খন্তেক ৰৈ কাকতি ছাৰে কৃষ্ণক ক’লে, ”কৃষ্ণ, বছৰটোতো শেষেই হ’ল। ছুটীৰ ৰিপ’ৰ্টটো ৰেডি হৈছেনে? এপ্ৰিলৰ ফাৰ্ষ্ট উইকত পোৱাকৈ হেড অফিচলৈ পঠাব লাগিব৷ যোৱাছোন এটেনডেঞ্চ ৰেজিষ্টাৰখন আৰু ফাইলটো লৈ আহা।”

কৃষ্ণই গৈ দৈনিক উপস্থিতিৰ ৰেজিষ্টাৰ আৰু ফাইলটো লৈ আহিল। কাকতি ছাৰে চহী কৰিবলৈ লৈ ৰেজিষ্টাৰ আৰু ফাইলটো খুলি ভিতৰৰ কাগজ-পত্ৰবোৰ ওপৰে ওপৰে চাই থাকোতে হঠাৎ এঠাইত ৰৈ কৃষ্ণক উদ্দেশি ক’লে, ”কৃষ্ণ, আমাৰ কেইবাগৰাকীৰো মেডিকেল লিভ্ আছে দেখোন হে?”

কৃষ্ণঃ হয় ছাৰ। কিয় আপুনি লিভ্ লোৱা কথাটো নাজানিছিল নেকি?

কাকতিঃ একেলগে আটাইবোৰ মনত নাথাকে নহয়।

কৃষ্ণঃ প্ৰতি বছৰে বছৰৰ শেষৰ ফালে তেনে হয়য়েই ছাৰ।

কাকতিঃ তাৰমানে বেমাৰবোৰ বছৰৰ শেষৰফালে বেছি হয় নেকি?

কৃষ্ণঃ এই সময়ত বতৰ বেয়া হয় যে ছাৰ।

কাকতিঃ বাদ দিয়াহে বতৰ বেয়া, মোৰ আৰু বুজিবলৈ বাকী নাই নহয়? ছুটীবোৰ এনজয় কৰিব লাগে তাকে নকোৱা কিয়?

কাকতি ছাৰে মেডিকেল লিভ্‌ৰ চিকিৎসকৰ প্ৰমাণপত্ৰ কেইখনমানত চকু ফুৰাই ক’লে, ”কৃষ্ণ, সকলোকে দেখোন ডাঃ ভূঞাই চাৰ্টিফিকেট দিছে অ’? তেওঁ আমাৰ ফেমিলি, আই মিন অ’ফিচৰ ডক্টৰ নেকি হে?”

কৃষ্ণঃ (সেমেনা-সেমেনিকৈ) নহয় মানে, তেওঁৰ চেম্বাৰটো আমাৰ অফিচৰ ওচৰতে যে। আৰু মানুহজনৰ ডিমাণ্ডো নাই। কিবা এটা দিলেই হ’ল। কেতিয়াবা নিদিলেও একো নকয়।

কাকতিঃ অ’ বুজি পালোঁ।

পাত লুটিয়াই হঠাৎ এঠাইত ৰৈ গ’ল কাকতি ছাৰ।
কাকতিঃ এইখন কি? কোনে দিলে এইখন হয়নে? মহন্তৰ দেখোন। কৃষ্ণ, মাতাচোন তেওঁক মাতা।

কৃষ্ণই মহন্তক মাতি দিলে। কাকতি ছাৰৰ কোঠালৈ সোমাই অহা মহন্তক কাকতিয়ে ক’লে, ”মহন্ত, এইখন কি লিখিছে হে? লগত দিছে ডা: ভূঞাৰ মেডিকেল চাৰ্টিফিকেট। এইমতে আপোনাৰ হ’ব লাগে ডায়েৰিয়া। কিন্তু আপোনাৰ এপ্লিকেচনত এইবোৰ কি? পঢ়কচোন আপুনিয়েই পঢ়ক।” কাকতিয়ে মহন্তলৈ তেওঁৰ এপ্লিকেচনখন আগুৱাই দিলে। এপ্লিকেচনখন হাতত লৈ মহন্তই পঢ়ি গ’ল–

Dear Sir,
I am writing this letter to inform you that I wish to take maternity leave starting from 12th March… As you are aware I am pregnant and the baby is due on…..
মহন্ত ৰৈ গ’ল।

কাকতিয়ে মাত লগালে, ”কি হ’ল? এইখন আপুনিয়েই লিখিছে নে?”

সেমেনা সেমেনিকৈ মহন্তই ক’লে, ”নহয় ছাৰ, মানে সিদিনাখন অফিচতে মোৰ পেটটো বেয়া হোৱাত ইন্দুকে এপ্লিকেচনখন লিখিব কৈছিলোঁ‌। মই দৌৰা-দৌৰিকৈ চহীটো কৰি গৈছিলোঁ। মিছা ক’লে কিডাল হ’ব, মেডিকেল চাৰ্টিফিকেটখন ই, মানে কৃষ্ণইহে আনিছিল।”

কাকতিঃ কৃষ্ণ, ইন্দু মেডামক মাতা।

কৃষ্ণ বাহিৰলৈ ওলাই গ’ল। ওলপ পিচত ইন্দুৰ প্ৰৱেশ ঘটিল।
ইন্দুঃ মোক মাতিছিল ছাৰ?

কাকতিঃ তুমি মহন্তক সেইখন কি লিখি দিলাহে?

ইন্দুঃ কি দিলোঁ?

মহন্তই এপ্লিকেচনখন ইন্দুৰ হাতত তুলি দিলে। ইন্দুই সেইখনৰ কিয়দংশ পঢ়ি এবাৰ মহন্তৰ মুখলৈ আৰু এবাৰ কাকতি ছাৰৰ মুখলৈ চালে।

কাকতিঃ সেইখন বোলে তুমি লিখিছিলা হয়নে?

মহন্তঃ হয় ছাৰ, তেওঁকেই কৈছিলোঁ, বোলো এপ্লিকেচনখন লিখি থ’বা। কিন্তু তেওঁ তেনে কৰিব বুলি ভবাই নাছিলোঁ নহয়।

লগে লগে ইন্দুই মাত দিলে, “মানে ছাৰ, মহন্তদাই এপ্লিকেচন লিখিবলৈ কোৱাটো হয়। পিছে তেতিয়া মই শইকীয়াদা, আই মিন শইকীয়া ছাৰে কৰিবলৈ দিয়া দৰকাৰী কাম এটা কৰি আছিলোঁ। পাৰ্বিবাৰ ফাইলত টাইপ কৰি থোৱা এপ্লিকেচন এখন আছিল। পাৰ্বিবাক এপ্লিকেচনৰ কথা কোৱাত তেওঁৱেই সেইখন উলিয়াই দিলে। মইও নোচোৱাকৈ মহন্তদাক দিলোঁ। কিন্তু তেওঁতো এবাৰ চাব লাগে।”

ইন্দুৰ মুখত শইকীয়াৰ নাম শুনিয়েই মহন্তৰ মুখৰ ৰং সলনি হ’ল। মনতে ভোৰভোৰালে মহন্তই– ”হুহ! জানো নহয় শইকীয়াই কি কাম দিছিল? শইকীয়াৰ কাম পাই দুনীয়া পাহৰি গ’ল। আমাৰ কামবোৰ যেন কামেই নহয়?’’

মহন্তৰ মুখৰ ৰং দেখি কাকতিয়ে ক’লে, ”শইকীয়াই কি কৰিছে? তেওঁ চাব লাগিছিল।”

ইন্দুই তপৰাই মাত দিলে, ”শইকীয়াদা, মানে শইকীয়া ছাৰ সাহিত্যিক আৰু শিল্পী মানুহ যে! কেতিয়াবা চিন্তাত বুৰ গৈ থাকিলে তেনে হয় আৰু।”

ইন্দুৰ মুখত এইদৰে শুনাৰ পিচত মহন্তই মনে মনে নাথাকিল।
মহন্তঃ হ’লেও অফিচত আকৌ কিহৰ সাহিত্য? ছুটীৰ বিষয়টো চোৱা-চিতা কৰাৰ দায়িত্বটোতো তেওঁৰেই?”

পৰিস্থিতি অনুধাৱন কৰি কাকতিয়ে ক’লে, “হ’ব দিয়ক, এপ্লিকেচনখন নতুনকৈ লিখি দিব।”

কাকতিয়ে ফাইলটোৰ ভিতৰত একেলগে পিন মাৰি থোৱা কেইখনমান এপ্লিকেচন উলিয়াই এবাৰ চকু ফুৰাই কলিং বেলৰ বুটামটো হেঁচুকিলে। কৃষ্ণ সোমাই আহিল।
কাকতিঃ কৃষ্ণ, আমাৰ কনিষ্ঠ ডেকাজনক মাতি দিয়াহে।”

কৃষ্ণঃ কনিষ্ঠ ডেকা মানে পলৰ কথা কৈছে নেকি ছাৰ?’

কাকতিঃ নহ’লে কি তোমালোকৰ আংকলৰ কথা কৈছোঁ নেকি?
কৃষ্ণই ওলাই গৈ পলক মাতি দিলে। পল কাকতি ছাৰৰ কোঠালৈ সোমাই আহিল।

কাকতিঃ পল, তোমাৰ দেখোন প্ৰায় প্ৰতিটো মাহতেই ছুটী আছেইহে? ডেকা ল’ৰাকো ইমান ছুটী লাগেনে?
পলে তলমূৰকৈ থকাত কাকতিয়ে পুনৰ ক’লে, ”কি হ’ল কোৱা।”

শুনা-নুশুনাকৈ পলে ক’লে, ”ডেকা কাৰণেইতো লাগে ছাৰ।”

কাকতি– ‘মানে?’

মূৰ তল কৰি, লাজ লাজকৈ পলে ক’লে, ”মানে ঘৰত বিয়াৰ কথা ওলাইছে। মাজে মাজে ছোৱালী চাবলৈ যাব লগা হৈছে।”

কাকতিঃ মাজে-সময়ে?
তুমি কেইজনী চালাহে বুলি সুধিব বুলিও ৰৈ গ’ল কাকতি। ওচৰতে বহি থকা মহন্ত আৰু ইন্দুৱে বেচেৰা ল’ৰাটোক পিচত বখলিয়াই পেলাব পাৰে বুলি ভাবিয়েই ৰৈ গ’ল কাকতি ছাৰ৷ ৰেজিষ্টাৰ আৰু ফাইলৰ পাত লুটিয়াই কাকতিয়ে নিজকে কোৱাৰ দৰে ক’লে, ”এইগৰাকীৰ দেখোন এপ্লিকেচন কম, এপচেণ্ট বেছি।”
কাকতিয়ে কলিং বেলটো বজালে। কৃষ্ণ পুনৰ সোমাই আহিল৷
কাকতিঃ কৃষ্ণ, মহিলা সমিতিৰ লিডাৰগৰাকীক মাতাচোন।

কৃষ্ণঃ মানে ছাৰ?

কাকতিঃ মানে তোমালোকৰ তৰা বাইদেউক।

কৃষ্ণই তৰা বাইদেউক মাতি দিয়াত তৰা মেডাম কৃষ্ণৰ সৈতে কাকতি ছাৰৰ কোঠালৈ সোমাই আহিল।

কাকতিঃ কিহে মেডাম? আপোনাৰ দেখোন এপচেণ্টৰ তুলনাত এপ্লিকেচন কম। আপুনি মহিলাৰ অধিকাৰৰ বাবে আন্দোলন কৰি থাকে, সেয়া বুজিছোঁ। হ’লেও হেড অফিচে সেইবোৰ নুবুজিব নহয়, এপ্লিকেচনকেইখন দিব।

তৰাঃ (মুখখন ফুলা লুচিৰ দৰে কৰি) হ’ব দিয়ক ছাৰ। (খন্তেক ৰৈ) শইকীয়া ছাৰে দেখোন একো নক’লে!

কাকতিঃ তেওঁ মন নকৰিলে নেকি?
ফাইলটোত চকু ফুৰাই কাকতিয়ে পুনৰ ক’লে, ”পিচে এটা কথা, শইকীয়াই আটাইতকৈ কমকৈ ছুটী লৈছেহে।”

কোঠাটোত বহি থকা মহন্তই আনে শুনা-নুশুনাকৈ স্বগতোক্তি কৰাৰ দৰে ভোৰভোৰাই উঠিল, ”চাৰিওফালে ৰমণী আৰু হৰিণীনয়নাই বেৰী থকা কেবিন পালে এনেয়েই কোনে ছুটী ল’ব? আৰু ফিল্ড ডিউটিৰ নামত শইকীয়াই কিমানদিন অফিচত ভুমুকি মাৰিয়েই পলাই আমি জানো নহয়।”
মহন্তৰ ভাৱৰ বুৰবুৰণিত যতি পেলাই কাকতি ছাৰে ক’লে, ”বাৰু, আপোনালোকে কামত ধৰকগৈ।”

কেউগৰাকীয়েই কোঠাটোৰ পৰা ওলাই গ’ল। কৃষ্ণই দুখোজমান আগুৱাই পুনৰ ঘূৰি আহিল। কাকতি ছাৰে ফাইলটোৰ পাত লুটিয়াই শেষ কৰিবলৈ লওতেই মূৰ তুলি চাওঁতে নিমাখিতৰ দৰে কৃষ্ণক থিয় হৈ থকা দেখি সুধিলে, ”কি হ’ল?”

এপ্লিকেচন এখন আগবঢ়াই দি সেমেনা-সেমেনিকৈ কৃষ্ণই ক’লে, ”ছাৰ বছৰটো শেষেই হ’ল দুদিনমান ছুটী লাগিছিল।”
একপ্ৰকাৰ জাঁপ মাৰি উঠাৰ দৰে কাকতিয়ে কৈ উঠিল, ”কি? হেৰৌ, বছৰটো শেষ হ’ল বুলিয়েই ছুটী লাগেনে?”

কৃষ্ণঃ নহয় মানে, ছাৰ…, ব’হাগ পালেহিয়েই। অলপ ব্যক্তিগত কাম আছিল।

বিতচকুজুৰি কাণৰ পৰা নমাই মেজত থৈ কাকতি ছাৰে ক’লে, ”ব’হাগত অবিবাহিতসকলৰ কাম বাঢ়েই৷ যি কৰা ভাবি-চিন্তি কৰিবা৷
বাওহাতৰ দুই আঙুলিৰে নাকৰ ওপৰত, দুই চকুৰ মধ্যভাগত মৃদু হেঁচা দি কাকতিয়ে পুনৰ ক’লে, ”আচ্ছা কৃষ্ণ, ফাইলটোত মোৰো এখন মেডিকেল লিভ্‌ৰ এপ্লিকেচন দেখিলোঁ৷ এইখন হেড অ’ফিচলৈ পঠোৱা হোৱা নাছিল নেকি?”

কৃষ্ণঃ অৰিজিনেলখন পঠোৱা হৈছে ছাৰ। ফটোষ্টেট কপি এটা ফাইলত ৰখা হৈছিল৷

কাকতিঃ কৃষ্ণ, মোৰ এপ্লিকেচনতো দেখোন ডাঃ ভূঞাৰহে চাৰ্টিফিকেট হে?

কৃষ্ণঃ ছাৰ আপুনি পাহৰিছে বোধহয়। জানুৱাৰী মাহত যে আপোনাৰ সম্পৰ্কীয় খুলশালী এজনী আহোতে বাইদেউ আৰু তেখেতৰ সৈতে আপুনি ফুৰিবলৈ গৈছিল। এইখন তেতিয়াৰেই। আপুনি কোৱা বাবেইতো মই মেডিকেল চাৰ্টিফিকেটখন অনাই থৈছিলোঁ।

কৃষ্ণৰ মুখত নিজৰ ছুটীৰ আখ্যান দীঘলীয়াকৈ ওলোৱাৰ আগতেই কাকতিয়ে মাত লগালে, ”বাৰু হ’ব যা, তোমাৰ ছুটী মঞ্জুৰ। মই চহী কৰি দিছোঁ, ফাইলটো শইকীয়াক দি থৈ আহা।

কাকতিয়ে চহী কৰি ফাইলটো ৰেজিষ্টাৰৰ সৈতে কৃষ্ণৰ হাতত তুলি দিলে। কৃষ্ণই কাকতি ছাৰৰ কোঠাৰ পৰা প্ৰফুল্ল মনেৰে ওলাই গ’ল।

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    হেঃ হেঃ কৃষ্ণই যত কূটৰ ঘাই মানে৷

    ভাল লাগিল শৰ্মা দেউ!

    Reply
  • অভিজিত কলিতা

    অফিচ অফিচ। ভাল লাগিল দেই

    Reply

Leave a Reply

Your email address will not be published.