ফটাঢোল

ছেমিনাৰ – ড° সোণালী বুঢ়াগোহাঁই

নেশ্যনেল ছেমিনাৰখনৰ চিন্তাই অমৰ ফুকনৰ খাৱন-শোৱন নোহোৱা কৰিছে৷ বিষয়বস্তুটো বেলেগ হোৱাহলে কথা নাছিল। অসমৰ দৰে বিবিধ জনগোষ্ঠীৰ সামাজিক ধৰণ-কৰণ আৰু কৃষ্টি সংস্কৃতিৰে ভৰি থকা ৰাজ্যত এই বিষয়ে বিতৰ্কৰসৃষ্টি কৰাৰহে সম্ভাৱনা বেছি। ইয়াৰ আগতেও অমৰে দুই তিনিখন নেশ্যনেল ছেমিনাৰ, কৰ্মশালা সফলভাবে পৰিচালনা কৰিছে। কিন্তু এইবাৰ শেনৰ এজাত। নেশ্যনেল ছেমিনাৰ যেতিয়া টকা-পইচাৰ কথাও আছে। কাৰ্যকৰী সভাত মন্ত্ৰী গোস্বামীক লগ কৰি অলপ ফাণ্ডৰ বাবে আবেদন কৰাৰ কথা সকলোৱে ক’লে। “মাছ নাপালেও পানীকে ঘোদালি চাওঁ” মনোভাবেৰে এপইণ্টমেণ্ট এটা লৈ অমৰে তেওঁৰ ওচৰলৈ গৈ হাতে হাতে আবেদনখন দিলে। এঘণ্টাৰ পিছত অমৰহঁত সম্পূৰ্ণ বেলেগ এটা মুড লৈ ওলাই আহিল যেন পৰীক্ষাত ৩য় বিভাগ পাম বুলি ভাবি থকা ল’ৰাটোৰ ফলাফল তালিকাত ষ্টাৰ মাৰ্ক আহিল৷

ভবাতকৈ বেলেগ এটা ষ্টেণ্ডাৰ্দৰ হ’ব ছেমিনাৰখন। ৫০,০০০ ৰ পৰিবৰ্তে বাজেট হ’লগৈ ডেৰলাখ টকাৰ৷ চৰকাৰী অনুদান পোৱা হ’ল ত্ৰিশ হাজাৰ। বাকীখিনিৰো স্পনচৰছিপ সহজেই পোৱা হ’ল মন্ত্ৰীৰ দুটামান ফোনকলৰ দ্বাৰা৷ সৰু হলৰ পৰিবৰ্তে মাছখোৱাৰ প্ৰাগজ্যোতি বুক কৰা হ’ল৷ ছেমিনাৰখনৰ মানদণ্ড আৰু ওপৰলৈ উঠিল আন্তৰ্জাতিক খ্যাতিসম্পন্ন গুৰু আদিত্য যোগীৰাজে মূখ্য অতিথিৰূপে দিয়া ভাষণৰ বাবে৷ এই সকলোবোৰ মন্ত্ৰী মহোদয়েই যোগাযোগ কৰি দিলে। খৰচৰ কথাও ভাবিব লগা নহ’ল। মাত্ৰ দুজন মানুহৰ বিমানৰ টিকেট দিলেই হ’ল৷ তেওঁ সেইদিনাই ঘূৰি যাব। গতিকে থকাৰ খৰচটোও বাচি গ’ল। ছেমিনাৰৰ দহদিন আগতে মন্ত্ৰীৰ পি.এ.জনৰ ফোন আহিল অমৰলৈ – মন্ত্ৰীয়ে কথা পাতিব। যা-যোগাৰৰ কথাৰ পাছত মূখ্য অতিথিৰ সম্বৰ্দ্ধনাৰ কথা উলিয়ালে। অমৰে পিতলৰ জাপি, শৰাই আৰু গামোচাৰ কথা ক’লে।

: ফুকন! যোগীৰাজ গুৰুজী আশ্ৰমত থকা মানুহ। জাপি, শৰাই লগত নিনিয়ে, ইয়াতে এৰি থৈ যাব। তাতকৈ আপুনি শুৱালকুছিৰ পৰা পাটৰ ধূতি, পাটৰ চেলেং চাদৰ আৰু পাটৰ গামোচা আনক। তেখেতে বিদেশলৈ গৈয়ে থাকে। সেইবোৰত আমাৰ গামোচা, চেলেং লৈ ওলালে ৰাজ্যখনৰে গৌৰৱ আৰু পাবলিচিটি এটা হ’ব।

অমৰৰ মুখৰ মাত হৰিল। বিচক্ষণ শব্দটো এইজন মন্ত্ৰীৰ ক্ষেত্ৰত সঁচাই প্ৰযোজ্য। কিমান দূৰলৈকে কথাবোৰ ভাবে তেওঁ৷

ছেমিনাৰৰ আগদিনা পুনৰ অমৰলৈ মন্ত্ৰীৰ ফোন আহিল,

: ফুকন! আদিত্যজীয়ে দিনত ফলাহাৰ কৰে, সেইখিনি লগতে লৈ আনে৷ তেওঁ যোৱাৰ আগতে এসাঁজ খুৱাব লাগিছিল৷

: ছাৰ তেখেতে কেনে ধৰণৰ আহাৰ খাই জানিব পাৰিলে সকলো সাজু কৰিব পাৰিম৷

: আপুনি একো টেনশ্যন ল’ব নালাগে৷ আগেপিছে তেওঁ আহিলে এখন হোটেলত থাকে, তাতে ছয় বজাত খানাটো সাজু কৰি ৰাখিব। মোৰ পি.এজনেই ফোন কৰি কি খাব মেনেজাৰক কৈ থ’ব৷ আপুনি মাত্ৰ বিলখন পে কৰি দিব। মই আপোনালোকৰ ছেমিনাৰত থাকিব নোৱাৰিম৷ আদিত্যজীৰ লগত ডিনাৰতে লগ হ’ম। ময়েই তেওঁক এয়াৰ পৰ্টত থৈ আহিম, চিন্তা কৰিব নালাগে।

অমৰে মন্ত্ৰীয়ে কোৱা পঞ্চতাৰকা হোটেলখনলৈ ফোন কৰিলে৷ আহাৰখিনি সাত্বিক হ’ব লাগিব কথাটো জোৰ দি ক’লে। মেনেজাৰে “তেখেতৰ মেনু আমি জানো৷ চিন্তাৰ কাৰণ নাই” বুলি ক’লে যদিও অমৰৰ চিন্তা এটা থাকি গ’ল।

ছেমিনাৰ সফল হ’ল। আদিত্য যোগীৰাজৰ ভাষণে মানুক মন্ত্ৰমুগ্ধ কৰিলে। মেডিয়াইও খুব ভাল কভাৰেজ দিলে৷ আবেলি অমৰৰ স্কুটাৰ দৌৰিল বিশেষ হোটেললৈ৷ ডাইনিং হলত তেওঁলোকক নেদেখি মেনেজাৰক সোধাত ক’লে,

: তেখেতৰ বাবে আছুতীয়া ডাইনিং ৰূম আছে। তাতে খাই আছে৷ মন্ত্ৰীও আহিছে৷ তালৈ অন্য মানুহক যাবলৈ দিয়া নহয়৷

এটা পৰিচাৰকে ট্ৰেত দামী মদ লৈ সোমাই যোৱা দেখি অমৰে ভাবিলে বেলেগ ৰূমলৈ নিছে চাগৈ৷ আদিত্যজীয়ে বেয়া নাপাইতো? কিছু সময়ৰ পিছত মানুহজন ওলাই আহিল।

: তেওঁলোকৰ খানা খোৱা হ’ল। ইখন দুৱাৰেদি ওলাই গ’ল। দুটা আইটেমৰ এক বাউলকৈ থাকি গ’ল৷ পেক কৰি দিওঁ, ঘৰলৈ লৈ যাব৷

ইমান দামী হোটেলত অমৰে খাই পোৱা নাই৷ দিনটোৰ দৌৰাদৌৰিত একো খোৱা নহ’ল৷ ঘৰত পেকেট খুলি দেখে ছাগলী মাংসৰ মচলা দি ৰন্ধা সুস্বাদু তৰকাৰী৷ আনটো পেকেটত বিশেষ ধৰণে ৰন্ধা ফ্ৰাইদ মূৰ্গীৰ মাংস। ভুলতে বেলেগৰ বিল পে কৰিলেনেকি সন্দেহ হ’ল অমৰৰ৷ বিলখন চালে, তাত এটাও নিৰামিষ আইটেম নাই৷ দামী মদ ছয় পেগৰো হিচাপ আছে। ভুল হোৱা নাই। বিল তাৰ নামতে হৈছে। অলস ভাবে অমৰে হাতত লোৱা আজিৰ ছেমিনাৰৰ ৰাইটিং পেদটো চালে য’ত টপিকটো ডাঙৰকৈ ছপা কৰা হৈছে –“নিৰামিষ আহাৰৰ প্ৰয়োজনীয়তা আৰু উপকাৰীতা৷”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.