ফটাঢোল

ছ’ কিউট  – ঈষাণ জ্যোতি বৰা

বেজবৰুৱাই পদূলিৰপৰাই সেই অদ্ভুত শব্দ দুটা শুনা পালে৷ মানুহজন কেইছেকেণ্ডমানৰ বাবে থৰ হৈ গ’ল৷ ভাবিবলৈ ধৰিলে, এইটো তেওঁ কেনেৰকমৰ বস্তু শুনিলে! হেমকোষৰ প্ৰণেতা বৰুৱা চাহাব ঢুকোৱাৰো ভালেমান দিন হ’ল৷ তেন্তে অসমীয়া অভিধানত ইয়াৰ উৎপত্তি হ’ল কেতিয়া! বিকাশেইবা কৰিলে কোনে? বৰনগৰৰ শুকান মাছৰ বজাৰত জলহস্তী এটায়ে সাঁতুৰি আছে বুলি দিনদিয়েক আগতে শুনা গৈছিল৷ পাছত গোমৰ ফাঁক হ’ল৷ সেয়া বোলে জল বিভাগৰহে ‘ডেমো’ আছিল৷ বেজবৰুৱা আশ্বৰ্যচকিত৷ বানপানীত উটি অহা মাছক ধৰিবলৈ ৰাইজে সাঁতোৰ শিকিব লাগিব বুলি শুনিছিল, কিন্তু জলহস্তী উটি আহিব, আৰু ৰাইজে ধৰিব! তাকো এইখন মুলুকত! কথাবোৰ ভাবি মানুহজনে এক দীঘলীয়া বৌদ্ধিক-যাত্ৰা কৰিবলৈ বাধ্য হ’ল৷ সেই যাত্ৰাটো শেষ হোৱাই নাছিল, এতিয়া আকৌ এইটো ‘জিনিছ’ৰ আৰ্ৱিভাৱ৷

স্কুটাৰখন গেৰেজটোত সোমোৱাই বেজবৰুৱা ফোঁ-ফোঁৱাই আগফালৰ দুৱাৰেদি ভিতৰ সোমালহি৷ আনকালে বেজবৰুৱা পিছফালে গৈ হাত-ভৰি ধুইহে অন্দৰ-মহলত প্ৰৱেশ কৰে৷ তাৰপিছত ‘ভাত-খোৱা’, ‘মাছ-খোৱা’ জাতীয় কথাবোৰ পাতে৷ পিচে আজি ভাত আৰু মাছলৈ ৰৈ নাথাকিল৷ চিধাই কামৰ কথা৷

: হেৰা, তুমি সেই দুটা কি শব্দ ক’লাহে?

বেজবৰুৱানীয়ে তেতিয়াহে মন কৰিলে, যে তেওঁৰ স্বামীদেৱতা আহি তেওঁৰ পিছফালে ‘বিশ্ৰাম’ পজিশ্যনত আছে৷ চকুহালত বিস্ময়৷ লিপবাম সনা ওঁঠত ‘সোধোঁ-সোধোঁকৈ থকা প্ৰশ্ন’ কেতবোৰ৷ তেওঁ অনুমান কৰিলে যে, স্বামীদেৱ বিভ্ৰান্ত হৈছে৷ সেয়ে বিভ্ৰান্তি দূৰ কৰিবলৈ বেজবৰুৱানীয়ে সাদৰেৰে মাতটো দিলে,

: তুমি ৰাহুলক চিনি নোপোৱা নেকি?

: কোন? গান্ধী?

: নহয়, নহয়৷ এই যে মনোৰমাৰ পুতেক ৰাহুল!

: অঁ, আমাৰ নলবাৰীৰ জেঠাই!

: ধেই! তুমি একোকে নাজানা অ’!

: শুনা,

বেজবৰুৱানীয়ে এইবাৰ বক্তৃতা দিয়াৰ ভংগীমাত ক’লে,

: সন্ধ্যা ছটা বজাত ঢং চেনেলত অসমীয়া চিৰিয়েল এখন দিয়ে৷ নামটো হৈছে-‘মুন ইন দ্য ছানছেট!’ কালি চিৰিয়েলখন চাবলৈ নহ’ল ৷ কাৰণ একেটা সময়তে চেকনী চেনেলত ‘ফ্লাৱাৰ অৱ স্নৌ’খন দি দিলে৷ কিয় দিলে, নাজানো

: ছিৰিয়েলৰ লগতনো এই শব্দযুগলৰ কিটো সম্পৰ্ক আছে?

: শুনি থাকাচোন৷

ৰাজ্যসভাৰ অধ্যক্ষৰ দৰে চুৰ্চুৰীয়াকৈ ‘দম’ এটা দি বেজবৰুৱানীয়ে পুনৰ ক’বলৈ ধৰিলে-

: গতিকে আমি ঢঙৰ চিৰিয়েলখন বাদ দিব লগা হ’ল ৷ পিচে ভাল কথাটো কি জানানে?

: কি?

: ছিৰিয়েলখন পিছদিনাও দিয়ে৷ পুৱা, দুপৰীয়া, আবেলি৷
: ডায়লগবোৰ সলনি কৰি দিয়ে নে একেই থাকে?

: কেলৈ সলনি হ’ব বাৰু?

তাৰপিছত শুনা৷

: কোৱা৷

: সেইখন চিৰিয়েলতে মানে ‘মুন ইন দ্য ছানছেট’ত আজি বোৱাৰী পদ্মাৰ ল’ৰা এটি জন্ম হ’ল৷ জন্ম হোৱা ল’ৰাটি দেখি অইন এজনী বোৱাৰীয়েকে ‘হৈছে আৰু’ বুলি কৈ উচাৎ মাৰি আঁতৰি গ’ল৷ কিন্তু শাহুৱেকে আলহ-উদহকৈ ‘ছ’কিউট’ বুলি ক’লে আৰু কেঁচুৱাটি সাৱটি ধৰিলে৷ বুজিলা?

: বুজিলোঁ৷ মানে শাহুআইক দেখি তুমিও প্ৰভাৱিত হ’লা৷

: শব্দ দুটাই চিধাই আহি মোৰ অন্তৰত খুন্দা এটা মাৰিলে৷ ইমান সাদৰী মানুহ মনোৰমা৷ তেওঁক দেখি মোৰো মুখেৰে ওলাই গ’ল আৰু!

: যোৱা, ভাত দিয়াগৈ৷

পত্নীক পাকঘৰলৈ পঠিয়াই বেজবৰুৱা চিন্তা-গহ্বৰত সোমাই পৰিল৷ দেশৰ গতি-প্ৰকৃতি ঠিক নহয়৷ ক’ত কেতিয়া কি হৈ যায়-একো ঠিক নাই৷ মানুহৰ মূৰৰপৰা ভৰিৰ নখলৈকে সকলোবোৰ যন্ত্ৰ-পাতি আজিকালি গৰমেই হৈ থাকে৷ জুই বিয়পিবলৈ লাগেনো কিমান পৰ! তাতে তেওঁৰ ঘোৰ শত্ৰু ঘনশ্যাম বৰঠাকুৰেও শেহতীয়াকৈ ‘ভাষা-ৰক্ষা সমিতি’ত যোগদান কৰিলে৷ যদিহে কেনেবাকৈ বৰঠাকুৰে ‘ছ’কিউট’ শব্দযুগল বেজবৰুৱাৰ ঘৰৰপৰাই সম্প্ৰসাৰিত হৈছে বুলি জানিব পাৰে, তেন্তে সৰ্বনাশ! বেজবৰুৱাৰ আধিপত্যলৈ অশনি সংকেত নামি আহিব৷ সেয়ে, কিবা এটা কৰিব লাগিব৷ বেজবৰুৱাই ভাবে৷

: আহা, ভাত দিলোঁ৷

ভাৱনাৰ গহ্বৰটোৰপৰা অনিচ্ছাসত্ত্বেও উভতি আহে বেজবৰুৱা৷ পিছফালে গৈ ভৰি-হাত ধুই এইবাৰ তেওঁ ভাতৰ টেবুললৈ যায়৷ দুটি সন্তান অমৰ আৰু অমৃতা মাছৰ কাঁইট গুচোৱাত ব্যস্ত৷ মাকে আলপৈচান ধৰি আছে৷ নিজৰ চকীখন টানি বেজবৰুৱায়ো স্থানটো ঠিক-ঠাক কৰি ল’লে৷ ভাতৰ প্ৰথমটো গৰাহ মুখলৈ নিবলৈ যত্নপৰ হৈছিলহে, তেনেতে তেওঁৰ বুকু থৰ্-থৰকৈ কঁপি গ’ল৷ অমৰে অমৃতাক কিবা এটা ক’লে৷ শব্দটো কি ক’লে বেজবৰুৱাই স্পষ্টভাৱে নুশুনিলে৷

: ঐ, তই যে এইমাত্ৰ কিবা এটা ক’লি! কি ক’লি?

: মাছৰ জোলকণ খাই ভাল লাগিছে৷

: নহয়, নহয়৷ তই ভাল লাগে বুলি কোৱা নাছিলি৷ বেলেগ শব্দ এটা কৈছিলি৷ কি কৈছিলি? কিবা গু…?

: ছিঃ দেউতা৷ তুমি ইমান লেতেৰা৷

: সি গুছবাম্পছ বুলি কৈছিল।

জিলমিল শাকৰ ভাজিকণ পতিদেৱৰ কাঁহীত দি বেজবৰুৱানীয়ে কাণৰ কাষতে ক’ল৷

: তাৰমানে কি? তাৰমানে কি? এইবোৰ আচহুৱা শব্দ শিকিলি ক’ত?

: সেইকাৰণেই কওঁ, সন্ধ্যা সেই যা-তা নিউজবোৰ চাই থকাতকৈ অকণ ষ্টাৰ ফ্লাছ, মণি টিভি চোৱা৷ তেহে জানিবা দেশৰ কথা৷ দেশত আমাৰ কিমান টেলেণ্ট আছে, তেতিয়াহে দেখিবা৷ নাই, কোনো গুৰুত্ব নাই৷

: মানে দেউতা! ৰিয়েলিটি শ্ব’বোৰত জাজে কাৰোবাৰ পাৰফৰ্মেন্স চাই সাংঘাতিক ভাল পালে, ‘গুছবাম্পছ’ বুলি কয়৷ আচলতে নকয়৷ দেখুৱাইহে দিয়ে৷ মাছৰ জোলকণ খাই মোৰ গুছবাম্পছ আহি গৈছে৷ তাকেই কৈছোঁ৷ মানে মাৰ পাৰফৰ্মেন্স ইমানেই ভাল হৈছে! কি ক’ম আৰু!

এৰা, কোৱাতকৈ দেখুৱাই দিলে ভাল৷ তাকে ভাবি এটা ডেমো দিবলৈ অমৃতা সাজু হ’ল৷ চকীখন ভাতৰ টেবুলৰপৰা তাই সামান্য আঁতৰলৈ নিলে৷ মুখত কৃত্ৰিম গাম্ভীৰ্য সানি ল’লে৷ তাৰপিছত সোঁভৰিখনৰ ওপৰত বাওঁভৰি উঠাই লৈ দহ-পোন্ধৰ ছেকেণ্ডমান একেথৰে মাকলৈ চাই থাকিল৷ তাৰে মাজতে তিনিবাৰ মাছৰ বাটিটোলৈকো চালে৷ চাওঁতে তাইৰ চকুহাল কিবা এটা অচিন আৱেগত তিৰবিৰাই উঠে৷ আৱেগটোৰ লগত খাই উঠা বৰালী মাছৰ কিবা সম্পৰ্ক থকা যেন অনুমান হয়৷ মাতৃস্নেহৰ ভাৱনাত চকু চলচলীয়াও হ’ল হ’বলা। জীয়েকৰ এনে অভিনয়-প্ৰতিভা দেখি বেজবৰুৱা পুলকিত হৈছিলেই, মাকে তেনেতে ‘হ’ল’ বুলি ক’লে৷ পিচে আচল অভিনয় এইবাৰহে আৰম্ভ হ’ল৷ অমৃতাই চকীখনৰপৰা উঠি শিলৰ মূৰ্তিৰ দৰে ভাবুক হৈ নিজৰ মুখখনতে হাতখন ফুৰাই থাকিল৷ অৰ্থাৎ, তাই কিংকৰ্তব্যবিমূঢ়৷ সুস্বাদু টেঙা মাছৰ জোল খাই কি কৰিব, কি নকৰিব-ঠিক তেনেকুৱা এটা ভাৱ৷  একেসময়তে এইজনী মাকে কেনেকৈ ইমান সোৱাদলগাকৈ মাছৰ টেঙা জোল প্ৰস্তুত কৰিব পাৰে, সেইটো ভাবিও তাই কিছু কৌতূহলী হৈছে৷ কাৰণ, মাকে কেতিয়াবা নিমখবিহীন দালিও বাটি ভৰাই খুৱাইছে৷ যি কি নহওক, এইবাৰ তাই সোঁহাতখন আগলৈ দি বাওঁহাতৰ আঙুলিৰে সোঁহাতখন টুকুৰিয়াই দিলে৷ দীঘল চোলাটোৰ হাতখন কোঁচাই নোমবোৰ দেখুৱালে৷ যেন কাৰোবাক ‘টাইম’হে সুধিছে৷ পিচে নহয় হেনো৷ মাকৰ ‘পাৰফৰ্মেন্স’ চাই আৰু জোলৰ সোৱাদ লৈ তাই কিমান গভীৰভাৱে অভিভূত হৈছে, পুলকিত হৈছে, তাকেহে বুজাবলৈ হাতখনৰ থিয় হৈ যোৱা নোমবোৰ দেখুৱাইছে৷ সেয়াই বোলে ‘গুছবাম্পছ!’ অৰ্থ-নোম থিয় হোৱা৷ বেজবৰুৱা গোটেই কাণ্ডটোতে হতভম্ব হ’ল৷ পিছমুহূৰ্ততে নিজৰ বৌদ্ধিক অনগ্ৰসৰতাত প্ৰচণ্ড ধিক্কাৰ জন্মিল৷

: কথা এটা ক’বলৈ পাহৰিছিলোঁৱেই৷

খাই উঠাৰ পাছতে বেজবৰুৱানীয়ে ক’লে৷

: কি কথা?

বেজবৰুৱাই নতুন চমক এটা চাবলৈ আগতীয়াকৈ মানসিক প্ৰস্তুতি চলালে৷

: অথনি ঘনশ্যাম বৰঠাকুৰ আহিছিল ৷ কাইলৈ মিটিং আছে৷ তোমাক মাতিছে।

এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল৷ কি অদ্ভুত খবৰ! যিজন বৰঠাকুৰে তেওঁক বাটত দেখিলেই ক’লা ছশমাযোৰ পিন্ধি আকাশখন চায়, সুযোগ মিলিলেই তেওঁৰ বদনাম অফিচত বেসুৰা গায়কৰ দৰে গাই ফুৰে, নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে চ’ছিয়েল মিডিয়াত ‘বেজবৰুৱাৰ বেজালি’ নামৰ শিতানটো মোকলাই লয়, সেইজন বৰঠাকুৰে এতিয়া তেওঁক আহি মিটিঙলৈ মাতি গ’ল! কি নোহোৱা-নোপোজা কথা! চ’ছিয়েল মিডিয়া বুলি কওঁতেই বেজবৰুৱাৰ গাটো ৰিমৰিমাই গ’ল৷ পকেটত থকা ম’বাইলটো উলিয়াই ক্ষীপ্ৰ গতিৰে পত্নীৰ প্ৰফাইল চালে৷ হয়৷ তেওঁ ঠিকেই অনুমান কৰিছিল৷ ‘ভাষা-ৰক্ষা সমিতি’ৰ শেহতীয়া

প’ষ্টটি শ্বেয়াৰ কৰি পত্নীয়ে ‘ছ’কিউট’ বুলি লিখি থৈছে৷ কি কাণ্ড!

: হেৰা, তোমাৰ কিবা হৈছে নেকিহে?

: কিয়? কি হ’ল?

পত্নীয়ে প্ৰশ্নটো সুধিলে যদিও চকুত বিস্ময়ৰ চিন-মোকাম নাই৷

: অসমীয়া ভাষা জগত সভালৈ যাব, এই কথাটোত ইমান কিহৰ কিউটনেছ আছে? তুমি যে শ্বেয়াৰ কৰি ওপৰত সেই শব্দ দুডাল লিখি দিছা! খাই দিলা।

: হেহ! তুমি বৰ নিগেটিভ মানুহহে৷ স্বয়ং বৰঠাকুৰেও দেখোন ‘ধন্যবাদ’ বুলি তলত লিখিছে৷

বেজবৰুৱাই বুজিলে, বেজবৰুৱানীৰ লগত এতিয়া যুক্তি-তৰ্ক কৰি থাকিলে বিশেষ লাভ নহ’ব৷ নিজেই চম্ভালিব লাগিব৷ অঘটনটোতো ঘটিয়েই গ’ল৷ বৰঠাকুৰৰ সেই ‘ধন্যবাদ’টোৰ গোপন অৰ্থ কাইলৈহে মিটিঙত বাজ হ’ব৷ বেজবৰুৱা সাজু হ’ল, যুঁজিবলৈ নহয়, লাজৰ বোকাপানীৰে থকা-সৰকা হ’বলৈ৷

পিছদিনা এক বজাৰপৰা আৰম্ভ হ’বলগীয়া সভাখন আঢ়ৈটাৰপৰা আৰম্ভ হ’ল৷ বেজবৰুৱাই অসমীয়া সভাৰ পৰম্পৰাগত সময়-ৰীতিটো বুজে৷ সেইকাৰণে তেওঁ ডেৰঘণ্টামান পলমকৈহে সভাগৃহত প্ৰৱেশ কৰিছিল৷ অৱশ্যে সম্পাদক তামূলীয়ে দেৰিকৈ সভা আৰম্ভ হোৱাটো সহজভাৱে ল’ব নোৱাৰিলে, যদিও তেওঁৰ গাড়ীত ‘টেক ইট ইজি ঊৰ্বশী’ গীতটোৱেই অনবৰতে বাজি থাকে৷ সেয়ে ‘ভাষাৰ গৌৰৱ’ ৰ বিষয়ে দীঘলীয়া ভাষণটো প্ৰদান কৰাৰ আগতে তামূলীয়ে ‘সময়ানুৱৰ্তিতা’ৰ বিষয়েও আধাঘণ্টামান সাৰুৱা বক্তব্য দিলে৷ ভাষণত কিছু ব্যংগ আৰু কিছু তথ্যৰ সংমিশ্ৰণ দেখা গ’ল৷ তাৎপৰ্যপূৰ্ণভাৱে কেইজনমান শ্ৰোতাই মহ-মাখি মাৰি, হামিয়াই-হিকটিয়াই সময়কণ পাৰ কৰিলে৷ ভাষণ শেষ হোৱাত সহকাৰী সম্পাদক বসুমতাৰীয়ে জোৰেৰে হাতচাপৰি চাৰিটামান মাৰিলে৷ দুজনমান নিদ্ৰামগ্ন শ্ৰোতা তেতিয়াহে থতমত খাই বহিল৷ ‘ছেহ্ ভাল টোপনি গৈছিল! বসুমতাৰীয়ে জগাই দিলে!’ –তেওঁলোক খেঙখেঙাই উঠিল৷ সিপিনে তামূলীয়ে ভাষণ সামৰি পিছফালে চাহৰ জুতি ল’বলৈ গ’ল৷ চাহৰ লগত বোলে কচুৰী আৰু জেলেপি আছে৷ অথনি সোমনাথে কৈছিল৷ গাখীৰ নে লাল চাহ জানো!

: অঁ, আমাৰ এই বৰঠাকুৰটো ক’ত আছে?

বেজবৰুৱাই ডিঙিটো মেলি পাকঘৰৰ দুৱাৰৰ ফাঁকেৰে চালে ৷

: ক’তবা আছে!

“নমস্কাৰ উপস্থিত সদস্যবৃন্দ!”

অঁ, নাম লওঁতেই মানুহ হাজিৰ! মঞ্চত সেইজন বৰঠাকুৰ৷ বেজবৰুৱাই কাণ দুখন থিয় কৰালে৷ পিছমুহূৰ্ততে ভয় আৰু আতংকৰ চেপা উত্তেজনা এটায়ো বেজবৰুৱাক অস্থিৰ কৰি তুলিলে৷ বেজবৰুৱানীৰ মুখখন সন্মুখলৈ অহাত টিঙিচকৈ খং এটা উঠি আহিল৷

“সন্মানীয় সদস্যবৃন্দ ৷”

মঞ্চৰ পৰা বৰঠাকুৰৰ মাতটো ভাঁহি আহিল-

: আজি আমি এইদৰে গোট খোৱাৰ মূল উদ্দেশ্যটো আপোনালোকক ক’বলৈ ওলাইছোঁ৷ শেহতীয়াকৈ আমাৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন শব্দৰ আগমন ঘটিছে৷ ঘটনাটো বোধহয় আপোনালোকেও প্ৰত্যক্ষ কৰিছে৷ কিছুমান শব্দ শুনিবলৈ বৰ মিঠা৷ আমাৰ ল’ৰা-ছোৱালীহঁতৰ মুখত এইবোৰ শব্দ আখৈ ফুটাদি ফুটে৷ শুনিবলৈ যে ইমান শুৱলা! কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে, এনে অনেক শব্দৰ অৰ্থ আমি বুঢ়াসকলে নুবুজোঁ৷ অৱশ্যে মই কিছু বিশ্লেষণ কৰিছোঁ৷ শব্দবোৰৰ অৰ্থ বহুমাত্ৰিক৷ অৰ্থাৎ, কোনোবাই হাজৰিকাৰ গীত এটা শুনিও ‘ঝেং গাইছে’ বুলি কৈ দিব পাৰে, আৰু একেটা শব্দকেই, অলপ বেলেগ সুৰ আৰু ভাৱেৰে সৈতে কোনোবা উৎপতীয়া খটাসুৰৰ উৎপাত দেখি ‘বৰ ঝেং ল’ৰা’ বুলি কৈ দিব পাৰে৷ আজি আমাৰ সভাত বেজবৰুৱা উপস্থিত আছে৷ কালি তেখেতৰ পত্নীয়ে আমাৰ সভাৰ উদ্দেশ্যটো শ্বেয়াৰ কৰি ‘ছ’কিউট’ বুলি শলাগিলে৷ তেখেতৰ ভাষাজ্ঞান, বুদ্ধিমত্তা আৰু সুক্ষ্মবোধ দেখি আমি নথৈ আনন্দিত হ’লোঁ৷ আমাক এইবোৰ শব্দও লাগে৷ আমাৰ ঘৰে-ঘৰে এতিয়া এইবোৰেই প্ৰচলিত।

বেজবৰুৱা উচপ খাই উঠিল৷ প্ৰশংসাৰ এনে অনাকাংক্ষিত বন্যাত তেওঁ যেন পোনপ্ৰথমবাৰৰ বাবে দিশহাৰা হৈ গৈছে৷ তেওঁ ছশমাযোৰ কাণ দুখনত পুনৰ গপচকৈ বহুৱাই মঞ্চত উপৱিষ্ট বক্তালৈ চালে৷ হয়, এইজন বৰঠাকুৰেই৷

“সেয়ে আমি এখন অভিধান প্ৰকাশ কৰাৰ দিহা কৰিছোঁ৷”

-বৰঠাকুৰে উপস্থিত ৰাইজলৈ প্ৰস্তাৱ দিলে৷

: এইখন অভিধানত বিগত পাঁচ-দহটা বছৰত আমি শুনি থকা, কৈ থকা, বিয়পাই থকা নতুন নতুন শব্দবোৰক ঠাই দিয়া হ’ব৷ প্ৰতিটো শব্দৰ অৰ্থ নিয়াৰিকৈ বুজাই দিবলৈ আমি নতুন জেনেৰেশ্যনৰ বহুকেইগৰাকী আগশাৰীৰ শব্দ-নিৰ্মাতা অৰ্থাৎ ডেকা-গাভৰুক  আমাৰ সদস্য কৰি ল’ম৷ আমি প্ৰথমটো খণ্ডত দহহাজাৰটা শব্দৰ পৰিকল্পনা কৰিছোঁ। আপোনালোকে কি ভাবে, সৰু হ’ব নেকি!

: নাই, নাই৷ ভাল হ’ব৷ একেবাৰে সময়োপযোগী সিদ্ধান্ত৷ ভাষানো কি! আজি আছে, কাইলৈ নাই ৷ কিন্তু অভিধানখন বনাই থ’লে পাছলৈ আমাৰ নাতি-পুতিবোৰেও সেইবোৰ শব্দ সুঁৱৰি ভাষাৰ কালিকা-চালিকা বুজি পাব৷ নিজকে আজিকালি কিবা আউটডেটেড যেন লাগে৷ ঘৰত মেকুৰীটো বহাদি বহি থাকিব লাগে৷ নতুন শব্দবোৰ শিকিবলৈ আমাৰো মন যায়৷

সমিতিৰ বয়োজ্যেষ্ঠ সদস্য গায়নে নিজৰ দুখ প্ৰকাশ কৰিলে ৷

: নহ’বলৈ কিতো আছে আৰু! বিশুদ্ধ অসমীয়াত কথা কোৱা মানুহ দুজনমানহে জীয়াই আছেগৈ! তাতে কিছুমান শব্দ ক’বলৈও বৰ লাজ লাগে দিয়ক৷

ধন-ভঁৰালী নেওগে উদাহৰণ এটা দিবলৈ আগ্ৰহ দেখুৱালে-

: যেনে ধৰক-কণীৰ তৰকাৰী৷ শুনিবলৈ ইমান যে বেয়া লাগে! তাৰ পৰিৱৰ্তে যদি আমি ‘এগ কাৰী’ বুলি কওঁ; কিমান ষ্টেণ্ডাৰ্ড বাঢ়ে ন! ভাষানো কি! বুজিহে পাব লাগে৷ বৰঠাকুৰ, এনেকুৱা ব্যঞ্জনবোৰো অভিধানত ৰাখিব৷

: কথা সেইটোৱেই৷
-চাংকাকতিয়ে এইবাৰ যোগ দিলে,

: বুজি পোৱাটোৱেই মেইন কথা।  কালি খিৰিকীখন খুলিবলৈ দি নাতিজনীক কোঠাটোত অকলে থৈ আহিলোঁ৷ তাই দুৱাৰখন জপাই কোঠাতে সোমাই থাকিল নহয়৷ এইটোতো জেনেৰেশ্যন গেপ নহ’ল৷ কমিউনিকেশ্যনৰ গেপহে৷ এইবোৰ কথাও অভিধানত ছবিসহ বুজাই দিব৷

মুঠৰ ওপৰত প্ৰায়সকল সদস্যই বৰঠাকুৰৰ প্ৰস্তাৱৰ সপক্ষেই ৰায়দান দিলে৷ সেয়েহে বৰঠাকুৰে ক’লে,

: সন্মানীয় সদস্যসকলৰ সমৰ্থনসূচক মন্তব্যৰপৰা আমি বুজিব পাৰিছোঁ যে পৰিস্থিতি বৰ অনুকূল নহয়৷ বিশেষকৈ আমাৰ দৰে মৰিবলৈ ওলোৱা মানুহমখাৰ৷ সময়ৰ লগত খাপ খুৱাই আমিও নতুন নতুন শব্দ শিকাৰ প্ৰয়োজন আহি পৰিছে৷ ঝেং, চালিয়া, ব’ম আদি শব্দবোৰ কৈ আমাৰোতো কবিতা লিখিবলৈ মন যায়৷ মৰমলগা ফেঁটী সাপ এডাল চকুৰ সমুখত দেখিলে আমাৰোতো দীঘলীয়াকৈ ‘অঅঅঅঅঅ…ইমান কিউট’ বুলি ক’বলৈ মন যায়৷ নতুন ল’ৰা-ছোৱালীৰো মুখত আজিকালি অসমীয়া শব্দ নুফুটেই৷ এনে দিন আহিব, যেতিয়া ‘গান’ গাবলৈ ক’লে সিহঁতে দোকানৰপৰা গুলী থকা ‘গান’ লৈ আহিব৷ মাছ বুলি কাছকে খাব৷ ব্ৰহ্মপুত্ৰক ‘অ’চেন’ বুলি কৈ থ’ব৷ শব্দৰ অৰ্থৰ গাম্ভীৰ্য নুবুজাৰ বাবে আমি ল’ৰা-বুঢ়া বৰ পিছপৰি থাকিবলগীয়া হৈছে৷ এনেকৈ আউটডেটেড হৈ থাকিলে নহ’ব৷ সেয়ে, মই অনুৰোধ কৰিলোঁ, আপোনালোকে যেন আমাৰ সমিতিৰ এই অভিনৱ প্ৰকল্পত মুক্তহস্তে বৰঙণি আগবঢ়ায় আৰু ভাষাৰ মান-মৰ্যাদা ৰক্ষা কৰিবলৈ উৎসাহেৰে আগুৱাই আহে৷

ৰাইজৰ তীব্ৰ হৰ্ষোল্লাস আৰু আনন্দপূৰ্ণ কোলাহলত সভা শেষ হ’ল। পৰস্পৰক ‘কংগ্ৰেছুলেশ্যন’ দিলে৷ কাৰণ আপদীয়া ‘অভিনন্দন’ শব্দটো বহুতৰে মুখত নফুটে৷ ঠিক যেনেকৈ ডনাল্ড ট্ৰাম্পৰ মুখত ‘বিবেকানন্দ’ নুফুটে৷ সম্পাদক তামুলীয়ে চাহৰ কাপটো হাতত লৈয়েই পাকঘৰৰপৰা ‘চিয়েৰ্ছ’ বুলি ক’লে৷ বোধহয় সন্ধ্যালৈ আজি ‘কিবা এটা’ৰ যোগাৰ হ’ব৷ তামুলীলৈ লক্ষ্য কৰি প্ৰচাৰ সম্পাদক বসুমতাৰী আৰু ধন-ভঁড়ালী নেওগেও চকুৰ টিপ একোটা মাৰিলে৷ তাৰ মানে-‘সন্ধ্যালৈ ভালকৈ চিয়েৰ্ছ কৰিম’৷ দেখা গ’ল-ভাষা ৰক্ষাৰ প্ৰৱল উৎসাহ আৰু উন্মাদনাতকৈও সন্তানৰ প্ৰতি জন্ম হোৱা অহেতুক প্ৰীতি আৰু দূৰদৰ্শী চিন্তাইহে ৰাইজক অকৃত্ৰিম আনন্দ দিছে৷ আমিনো থাকিম কেইদিন! আহি থকা প্ৰজন্মটোৱে অন্ততঃ নিজৰ মাজতে ভালকে কথা-বাৰ্তা পাতি দিনকেইটা কটাওক৷ সিহঁতে কোনটো অৰ্থত ‘ঝেং’ বা ‘চালিয়া’ বুলি ক’লে আমি নুবুজিব পাৰোঁ, কিন্তু আজিৰ পৰা বিশ-ত্ৰিছ বছৰৰ পাছত সিহঁতৰ সন্তানহঁতে বুজক৷ তাৰবাবে ভাৱ-বিনিময়ৰ মাধ্যম এটা লাগে৷ প্ৰচলিত অভিধানত সেইবোৰ শব্দ নাই, বুজাবলৈও টান৷ লিখিছেও অসমীয়াত৷ গতিকে ল’ৰা-ছোৱালীয়ে নুবুজে৷ ইংৰাজীকে ধৰি দহটামান ভাষাত ৰচিত হ’বলগীয়া এই অত্যাধুনিক অভিধানখনে সেই শংকা দূৰ কৰিব৷ কেৱল মোকলাই চালেই হ’ল৷

কোলাহল, হৈ-চৈৰ মাজতেই বৰঠাকুৰ আহি বেজবৰুৱাৰ কাষ পালেহি৷ অথনি মঞ্চৰপৰা এবাৰ চকুৱে-চকুৱে পৰিছিল৷ বেজবৰুৱাৰ মন কুমলিল৷ তেঁৱো দুখোজমান আগুৱাই গ’ল৷

: কেনে পালে বেজবৰুৱা? আপোনাৰ পত্নীক ধন্যবাদ এটা দিব৷ বৰ ইণ্টেলিজেণ্ট লেডি৷

বৰঠাকুৰৰ কণ্ঠত আন্তৰিকতা আৰু স্নেহ৷ লগে লগে বেজবৰুৱানীৰ প্ৰতি হঠাৎ জন্মা এটি গৌৰৱৰ ভাৱে বেজবৰুৱাৰ অন্তৰাত্মাত লহৰ তুলি দিলে৷

: কি হ’ল? একো নকয় নেকি?

: গুছবাম্পছ!

কোন মুহূৰ্ততনো বেজবৰুৱাৰ হাতৰ নোম থিয় হৈ গ’ল তেওঁ টলকিবই নোৱাৰিলে৷ বৰঠাকুৰেও কাণ্ডটো দেখি কিঞ্চিত আৱেগিক হৈ পৰিল৷ তেওঁ বেজবৰুৱাৰ হাতৰ নোম গণিবলৈ ধৰিলে৷

: মই নিশ্চিত এইবাৰ অসমীয়া ভাষা জগত সভালৈ যাবয়েই৷ অল দ্য বেষ্ট!

বৰঠাকুৰক শুভেচ্ছা জনাই বেজবৰুৱাই পকেটৰপৰা এইবাৰ ফোনটো উলিয়াই ল’লে৷

: বুজিছা, মোৰ গুছবাম্পছ উঠি গৈছে আজি৷ আজিহে বুজি পালোঁ, এইবিধৰ ৰহস্য৷ ইহঁতকো ক’বা৷

গুৰুত্বপূৰ্ণ খবৰটো ঘৰত জনাই বেজবৰুৱাই দীঘলকৈ উশাহ এটা ল’লে৷ নিজকে অলপ ‘আপডেটেড’ যেন লাগিছে৷

সিপিনে বেজবৰুৱানীও বৰ অভিভূত হ’ল, খবৰটো পায়৷

মনৰ আনন্দ প্ৰকাশ কৰি তেঁৱো ক’লে,

“ছ’অঅঅ’ কিউট!”

☆ ★ ☆ ★ ☆

8 Comments

  • আৰাধনা বৰুৱা

    ভাল লাগিল

    Reply
  • rintumoni dutta

    এইবোৰ পঢ়িব পাওঁ‌ বাবেই মই ঈশানৰ লেখাৰ জাব্ৰা ফেন।

    বঢ়িয়া লাগিল ঈশান

    Reply
  • বিন্দু ৰাজবংশী কলিতা

    সোৱাদ ভৰা ব্যংগ গল্প।এই সংখ্যাৰ অনন্য বুলি কব বিচাৰো।

    Reply
  • হেমন্ত কাকতি

    চ’ কিউট ঈষাণ!! একদম ‘গুজবাম্পচ’ উঠি গ’ল হে! ‘অনেষ্টলি’ কৈছো!

    Reply
  • মানসী

    বৰ ভাল লাগিল। অতি উৎকৃষ্ট ব্যংগ গল্প।

    Reply
  • Rimjhim Borthakur

    সাংঘাতিক

    Reply
  • বৰ ভাল লাগিল।

    Reply
  • ঋতুপৰ্ণা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.