ফটাঢোল

জঞ্জাল, আহুকাল আৰু এটা সন্ধিয়াবেলা – মধুমিতা বৰুৱা শইকীয়া

কেতিয়াবা মোৰ মূৰত ভূতে লম্ভে। এদিনৰ অভিজ্ঞতাৰ কথা কওঁ। অভিজ্ঞতাখিনিক পৰুৱাই পোৱাৰ বিড়ম্বনা বুলিও কব পাৰি।

এখন কেব লৈ জীয়ৰীক এয়াৰপৰ্টত থ’বলৈ গ’লোঁ। সন্ধিয়াৰ বিমানত বেংগালুৰুলৈ যাব। সাধাৰণতে আমি দুয়ো গৈ তাইক এয়াৰপৰ্টত থৈ আহোঁ। সেইদিনা বিশেষ এটা সকামত তেওঁ যাব নোৱাৰাত এখন কেব ল’লোঁ। কেবখনৰ ভাড়া চাৰিশ পয়ত্ৰিশ টকা হ’ল। দিবলৈ লওঁতে জীয়ৰীয়ে ক’লে, “মই দিম ৰহ”। আচলতে বহুত দিন থাকি মোৰ লগত মুখৰ খজুৱতি মৰা জীয়ৰীৰ যোৱাৰ দিনাখন মৰম উথলি উঠে। মোক দিবলৈ নিদিলে ভাড়াটো। তাই দিলে। ভঙনি নোহোৱাত তাই পাঁচ টকা বেচিকৈ দিবলগা হ’ল। পাঁচটা টকা বেছিকৈ দিব লগা হোৱাত তাইৰ ইচ ইচ আস আস লাগিল। এয়াৰপৰ্টৰ চিকিউৰ্টিজনৰ ওচৰলৈ যোৱালৈকে মোক কৈ থাকিল। অৱশেষত বেগটো লৈ যোৱাৰ সময়ত মোক আকৌ কৈ গ’ল, “তোৰ হাতত ভঙনি নাই যদি ভঙাই ল’বি। মোৰ তাত নাই। কিন্তু উভতি যাওঁতে জোখতকৈ বেছি ভাড়া নিদিবি দেই। তোৰটো সেইবোৰ খেয়ালেই নাই।”

তুলি তালি ডাঙৰ কৰা সৌ সিদিনালৈকে আব্দাৰ ধৰা জীয়ৰীলৈ মৰম লাগি গ’ল। সেমেকা চকুহালৰে হাতখন দাঙি তাইক বিদায় দি ঘৰমুখী হ’বলৈ লওঁতে দেখিছিলোঁ বেলি বহি গাঢ় গধূলিটো আকাশৰ পৰা নামি আহিছে।

জীয়ৰীৰ কথাখিনি গমি চাই এইবাৰ ময়ো ভাবিলোঁ, “হয়তো পইচাপাতিৰ এটা হিচাব থকা ভাল।”

আহিবৰ সময়তে এওঁ কৈছিল কেব এখন লৈ উভতি যাবলৈ। জীয়ৰীৰ মিতব্যয়িতাৰ শিক্ষা লৈ ময়ো ভাবিলো এস্ কিয়নো মিছাতে কেব এখন লওঁনো। তাতকৈ পইচাকেইটা বচাওঁচোন। সাতে পাঁচে জাপ এটা মাৰি মেজিক এখনত বহিলোঁ। মনতে ঠিক কৰিলোঁ, জালুকবাৰীত নামি চিটিবাচত উঠি, বাছত লগাই থকা নবৈ দশকৰ
গানবোৰ শুনি শুনি ঘৰলৈ যাম। লগতে খিৰিকীৰে জুমি মহানগৰীৰ বিজুলী ৰূপৰ সুধাও পাণ কৰিম।

মেজিকখনত উঠিলো হয়। কিন্তু পাছত দেখিলোঁ, মেজিকখন নাযায় হে নাযায়। ষ্টেণ্ডতে আঠা লাগি ৰৈ আছে। ষ্টাৰ্ট নকৰেহে নকৰে। যাত্ৰীও ছজন হ’ল। ড্ৰাইভাৰক ক’বলৈ ল’লোঁ বোলো ব’লা আকৌ। ড্ৰাইভাৰৰ কাণষাৰ নাই। পাকৈত পোৱালি হেণ্ডিমেন ল’ৰাটোৱে সকলোৰে কথা আওকাণ কৰি যাত্ৰী মাতিয়েই আছে। নামিয়েই যাওঁ বুলি মই নামিব খোজোঁতে সি ক’লে, “বাইদেউ এই যাওঁৱেই আৰু।” ইতিমধ্যে ভালকৈয়ে আন্ধাৰ নামিছে। খঙত দিলোঁ এক ধমকি। গাড়ী ষ্টাৰ্ট দিলে। এক চেকেণ্ডত কেঁকুৰিটো পাৰ হৈ গাড়ী মেইন ৰাস্তাৰ মাজ পালেগৈ। ঘপকৈ এইখিনি পালোৱেই নে বুলি টলকিবলৈ লৈ দেখোঁ, মেজিকে বতাহৰ লগত ফেৰ মাৰিছে। ইফালে মেজিকৰ তুফান গতিত আত্মা মোৰ কঁপিবলৈ ধৰিলে। সিমসিমীয়া বতাহত বিড়িৰ গোন্ধ বিয়পি পৰিল। দেখিলোঁ নিৰুদ্ধেগভাৱে কাষৰ বুঢ়াজনে বিড়ি হুপিছে আৰু কুঁহুৰ কুঁহুৰ কাহিছে। মুঠতে কাক ক’ম কোনে পতিয়াব এটা অৱস্থা।

এনেতে বাজিল কোনোবা এজনৰ মোবাইল,..

তু চীজ বৰিহে মস্ত মস্ত…….।

বেপেৰুৱা ড্ৰাইভাৰৰ মুখত ৰবীনা টেণ্ডনৰ ৰূপ বৰ্ণনাই শালীনতাৰ সীমা পাৰ হওঁ হওঁতে অৱশেষত ভাবিলোঁ নামি যাওঁ। হে’ৰা, ৰখোৱাচোন বুলি মাতোহে মাতো দূৰন্ত গতিত মোৰ মাত ড্ৰাইভাৰে শুনা নাই। এনেদৰে মেজিকখন আহি গধূলি বজাৰ চকত ৰখিল। আন্ধাৰ ভালকৈয়ে ডাঠ হৈছে। লাগিল কোনোবা এজনৰ জোৰকৈ সৰুপানী চুবলৈ। ড্ৰাইভাৰক দম দি গাড়ী ৰখোৱাই দিবলৈ বাধ্য কৰি দিলে। লৰালৰিকৈ ৰাস্তাৰ সিফালে কামটো সমাধা কৰি, গাড়ীখনৰ ফালে আহিবলৈ তেওঁ ৰাস্তা পাৰ হ’ব নোৱাৰা হ’ল। ইখনৰ পাছত সিখন গাড়ীৰ অহা-যোৱা। ৰৈ ৰৈ অধৈৰ্য হৈ বেয়া মাত এটা দি ড্ৰাইভাৰে ধেংকৈ গাড়ী ষ্টাৰ্ট দিবলৈ লওঁতে মানুহজন কোনোমতে হেলাই হেফাই বহিলহি।

“চাল্লা বিশ টকাকৈ লৈ….লাগিলে গাড়ী নৰখাবি, মাৰৰ বিয়া দেখুৱাই দিম।”- মানুহটোৱে অনৰ্গল বকিবলৈ ল’লে।

লাহেকৈ মেজিকখন আহি জালুকবাৰী পালেহি।লাইটৰ জকমকত ৰূপালী সাপ যেন লগা ৰাস্তাবোৰ ধৰিবই নোৱাৰিলোঁ। ওচৰত বহা ল’ৰাজনে মোলৈ চাই ক’লে, “জালুকবাৰী বাছষ্টপলৈ যাবলৈ আপুনি বহুত ঘূৰিব লাগিব। আদাবাৰীত কিন্তু চিটিবাছ এভেলভেল”। মই তধা লাগিলো। এই এভেলভেলটো আকৌ কি। অৱশেষত মূৰে কাম কৰিলে, এভেলভেল মানে available! ঈশ্বৰ অ’, নিজে নিজে নিজকে প্ৰবোধ দিলোঁ, কিবাকৈ পামগৈ ঘৰখন।

মৰণত শৰণ দি আদাবাৰীত মেজিকৰ পৰা নামিলোঁ।

বাছবোৰত মানুহবোৰ ওলমি আহিছে। উপায়হীন হৈ উঠি দিলোঁ। কামাখ্যাত ল’ৰা এজন নামি দিয়াত কোনোমতে চিট এটা দখল কৰিলোঁ। গান লগাইছে…..মুঝে মত ৰ’ক মুঝে য়্যাৰ কী ঘৰ জানে দো….

এওঁৰ ফোন- “ক’ত আছা?”

তেতিয়া বাচখনে ফেন্সী বজাৰ পাইছে। তাৰপৰা আৰম্ভ হ’ল এইবাৰ ট্ৰেফিক জাম। ভোকে পেটত নিগনি দৌৰ দিবলৈ ধৰিলে। ভাবিলোঁ, ছোৱালী চাগে আধাদূৰ গৈ পাইছে, কিন্তু মোৰ আগত অনন্ত দূৰ। অৱশেষত উজানবজাৰত জাম আৰু যাত্ৰী কমাত বাছখন এইবাৰ তেজী ঘোঁৰা হ’ল। তথাপিও প্ৰায় আধাঘণ্টাৰ পাছতহে নিজৰ ঠাইৰ ষ্টপেজটো পালোঁহি।

দিগ্বিজয়ী যেন লেবেল এটা লৈ ঘৰ সোমালোঁ। মোৰ মুখৰ লেবেজান নমুনা দেখি তেওঁ ঠিকেই অনুমান কৰিলে, মই পইচা বচোৱাৰ অভিযান সমাপ্ত কৰি আহিছোঁ।

সৰুকৈ শপত এটা খালোঁ, আৰু পইচা বচাবলৈ নাযাওঁ। সময়, আহুকাল আদিৰ জঞ্জাল চপাইলৈ অথন্তৰ গোটাই লোৱাতকৈ দুটামান পইচা বেছি খৰচ কৰাটো বেয়া কথা নহয়। অভিজ্ঞতাৰ শিক্ষা ডাঙৰ শিক্ষা। বোলে দেখি শিকা, লেখি শিকা, ঠেকি শিকা। ঠেকি শিকাবিধ ভালদৰেই আয়ত্ব কৰিলোঁ জীৱনলৈ।

☆ ★ ☆ ★ ☆

2 Comments

  • দীক্ষিতা

    পইচা বছোৱাৰ এক্সপেৰিমেন্টবোৰ দিনে পোহৰে কৰিব বুজিছে। সন্ধিয়া এইবোৰ আহুকাল চপাই লয়নে বাৰু?

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ ভাল লাগিল মেডাম!

    Reply

Leave a Reply

Your email address will not be published.