ফটাঢোল

জনতা-গ্ৰেছ পৰিষদ-যোগেশ ভট্টাচাৰ্য

বৰ্তমান চাৰিওফালে ৰাজনৈতিক দল গঠন আৰু যোগদান কৰাৰ কুচকাৱাজ চলি থাকোঁতেই ফেচবুক গোটৰ তৰফৰ পৰাও এটা ৰাজনৈতিক দল খোলাৰ যো-জা চলোৱা হ’ল। আমাৰ নিচেই চিনাকি ফেচবুক গোট এটাৰ পৰাও অনতি পলমেই হেমকান্ত কাকতিৰ নেতৃত্ব আৰু সভাপতিত্বত ‘জনতা-গ্ৰেছ পৰিষদ’ বুলি এটা দল গঠন কৰা হ’ল। না না, ভুল নুবুজিব। কংগ্ৰেছ, বিজেপি, অগপৰ মহাজোট হৈ এই ‘জনতা গ্ৰেছ পৰিষদ’ হোৱা নাই দেই। জনতাৰ সমৰ্থন আৰু আশীৰ্বাদ অৰ্থাৎ ‘গ্ৰেছ’ লৈ আগুৱাবলৈ সংকল্প কৰিহে এই নাম দিয়া হ’ল। দল গঠন হোৱাৰ লগে লগে অলপ প্ৰচাৰৰো প্ৰয়োজন হ’ল। তাৰ বাবে সম্পুৰ্ণ সামাজিক দুৰত্ব পালন কৰি এক সংবাদমেলৰ আয়োজন কৰা হ’ল।

প্ৰথমেই খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী পদৰ বাবে আশা পালি থকা বিজন মহন্তই নিজৰ ভাষণ ৰাখিলে। 

: ৰাইজসকল, আমি অসমীয়া নহওঁ দুখীয়া বুলি চিঞৰি থাকিলে নহ’ব। দুখীয়া নহওঁ বুলি ভাবি থকাৰ বাবেই আমি বেছি দুখীয়া হৈ গৈ আছোঁ। পিচে ধনী বা দুখীয়াৰ মান গাড়ী বিল্ডিঙে নিৰ্ধাৰণ নকৰে, খাদ্যইহে কৰে। আমাৰ‌ মাজৰে কোনোবাই তেলখাদত কাম কৰি কৌটি টকা উপাৰ্জন কৰিছে, কিন্তু পইচা বচোৱাৰ নামত নাখাই নবৈ বিজুলী বাঁহদালৰ লেখিয়া চেহেৰা লৈ ঘূৰি ফুৰিছে। তেনেকুৱা ধনীৰ কাম নাই। আগৰ দিনত আলহী ফুৰিবলৈ গ’লেই গৃহস্থই ঘৰৰে একোটাকৈ হাঁহ মাৰি আলহীক দিনৌ জহাচাউলৰ ভাতেৰে সৈতে এসপ্তাহলৈ খুৱাই বিদায় পৰত এযোৰ ঘৰলৈও দি পঠিয়াইছিল। সেয়াহে ধনী মানুহ আছিল। আগৰ দিনত খেৰৰ ঘৰ হ’লেও কিন্তু মানুহৰ খোৱাৰ অভাৱ নাছিল। গতিকে মই খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰীত্ব পালে ঘৰে ঘৰে ধান আৰু হাঁহ পালন কৰাটো বাধ্যতামূলক কৰি পেলাম। ধানৰ পতান হাঁহক খুৱালে কণী বেছিকৈ পাৰিব, লগতে বংশবৃদ্ধিও হ’ব। হাঁহৰ পাখিৰ নোমেৰে অৰ্গেনিক সুতা বনাই বিদেশলৈ  ৰপ্তানি কৰাৰো ব্যৱস্থা কৰিম। মুঠতে প্ৰতি সাজ হাঁহে ভাতে খাব পৰা হৈ অসমীয়া জাতিটো চহকী নোহোৱালৈকে মই থমকি নৰওঁ ৰাইজ।

বিজন মহন্ত ডাঙৰীয়াৰ ভাষণ শুনি সভাপতি কাকতি মহোদয়ে তেওঁৰ জয় নিশ্চিত বুলি ঘোষণা কৰি দিলে। আচলতে হাঁহৰ পাখিৰে সুতা বনাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ কথাটো ভাবি আবেগিক হৈ যোৱাত কাকতি মহোদয়ৰ চকুৰ পৰা আঢ়ৈ টোপাল পানী সৰি পৰিছিল। 

মহন্ত ডাঙৰীয়াৰ পিছত ভাষণ দিয়াৰ দায়িত্ব পৰিল ৰাজ্যিক পৰিবহন মন্ত্ৰীৰ প্ৰাৰ্থী আদিকান্ত ঠাকুৰৰ। তেওঁ আৰম্ভ কৰিলে, 

: ৰাইজ, আগৰ চৰকাৰে পৰিবহনৰ নামত কি দিলে গম পাইছেই আপোনালোকে। বাছ দিছে ঠিকেই কিন্তু ৰাস্তাত থকা গাঁতৰ বাবে গৰু গাড়ীত যোৱা যেন ‘ফিল’ হয়৷ তাতে গুৱাহাটী ডিব্ৰুগড় আদিৰ নিচিনা চহৰবোৰ পানীত ডুবিয়েই থাকে। গড়কাপ্তানি বিভাগৰ ষ্ট্ৰং প্ৰাৰ্থী আমাৰ দলৰে কমলেশ ভাগৱতী আছে যদিও তেওঁৰ আধাতে কাম এৰা স্বভাৱৰ বাবে বিশ্বাস কৰিব নোৱাৰি। গতিকে ৰাইজ, মই মন্ত্ৰী হ’লে ৰাস্তাৰ ওপৰত নিৰ্ভৰ কৰি নাথাকোঁ। প্ৰতিখন বাছ, টেক্সী, অ’টোৰ ওপৰত ওলোটাকৈ নাও এখন লগাই দিয়াৰ ব্যৱস্থা কৰিম যাতে‌ ৰাস্তাত পানী উঠিলেও গাড়ীখন লুটিয়াই দি নাও চলাই যাব পাৰে। লগতে কলগছৰ খেতি কৰি ভুৰ সাজি নিজৰ যাতায়তৰ ব্যৱস্থা নিজেই কৰি স্বাৱলম্বী হ’বলৈ ৰাইজক উৎসাহ জনাম।

সভাপতি কাকতিদেৱে ঠাকুৰ ডাঙৰীয়াক প্ৰশংসা কৰি এইবাৰ ষ্টেজত উঠাই দিলে শিক্ষামন্ত্ৰীৰ প্ৰাৰ্থী ৰাজনন্দিনী শৰ্মাক। শৰ্মা ডাঙৰীয়ানীয়ে মাইকটোত খামুচি ধৰি ক’বলৈ ল’লে।

: চাওক ৰাইজ, আগৰ মন্ত্ৰীসকলে চোকা ল’ৰা ছোৱালীবোৰক লেপটপ, স্কুটি, বাইক এইবোৰ দিলে, কিন্তু পঢ়াত কেঁচাবোৰকতো একো নিদিলে। সিহঁতৰ কি হ’ব এতিয়া? সিহঁতবোৰ কি গাধা হৈয়েই থাকি যাব নেকি? মুঠেও নাথাকে, যদি মোক মন্ত্ৰী পাতে৷ মই শিক্ষামন্ত্ৰী হ’লে পঢ়া শুনা কম কৰা ল’ৰা-ছোৱালীৰ  ওপৰতহে বেছিকৈ গুৰুত্ব দিম। তাৰ বাবে মই ডাঙৰ ডাঙৰ ষ্টেডিয়াম বনাম, খেল ধেমালিৰ সামগ্ৰী সুলভ মূল্যৰ দোকানত পোৱাৰ ব্যৱস্থা কৰিম। লগতে গেম খেলিব পৰাকৈ ঘৰে ঘৰে মোবাইলৰ যোগান ধৰাৰ ব্যৱস্থাও কৰিম।

ৰাজনন্দিনী শৰ্মাৰ ভাষণ শুনি ষ্টেজত বহি থকা সভাপতি কাকতি ডাঙৰীয়াই ফুচফুচাই ক’লে,

: হেৰা, তুমি ক্ৰীড়া মন্ত্ৰীৰ ভাষণ দি আছা হে। ভুল কাগজ মুখস্থ মাৰি আহিছা নেকি?

কিন্তু শৰ্মা ডাঙৰীয়ানীয়ে হাতৰ ইংগিতেৰে ভুল হোৱা নাই বুলি বুজাই দি আকৌ ক’বলৈ ধৰিলে,

: ৰাইজ, মই কাৰ্টুন, চিনেমা, চিৰিয়েল আদিৰ চেনেলবোৰ প্ৰতি ঘৰত ফ্ৰী চাবস্ক্ৰাইব কৰাই দিম। মই যিমান দুৰ পাৰোঁ…

: ৰ’বচোন মেডাম৷

ৰাজনন্দিনী শৰ্মাৰ কথাৰ মাজতে মাত দি সাংবাদিক এজন ঠিয় হ’ল।

: আপুনি শিক্ষাৰ বিষয়ে ক’বলৈ এৰি খেল-ধেমালি, কাৰ্টুন-চিৰিয়েলৰ বিষয়ে ক’বলৈ ধৰিছে যে? আপোনাৰ শিক্ষা বিভাগটোৰ বিষয়ে একো আইদিয়া নাই যেন পাওঁ৷

: ৰব হে, গোটেই কথা নুশুনাকৈ মাজত নামাতিব।

শৰ্মা বাইদেৱে ভেকাহি মাৰি উঠিল।

: দুজনীকৈ ছোৱালী ডাঙৰ কৰি মই বুজি পাইছোঁ যে পঢ়িবলৈ কৈ কৈ ল’ৰা-ছোৱালীক পঢ়ুৱাব নোৱাৰি। যিমানেই পঢ়িবলৈ কোৱা যায়, সিমানেই টিভি চোৱাৰ, গেম খেলাৰ কোব বাঢ়ে। গতিকে মই উল্টাটো কৰিম। মই টিভি চোৱা, গেম খেলা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰি দিম। যেতিয়া মাক দেউতাকে মোবাইল গেম শেষ নোহোৱাকৈ নাইবা কাৰ্টুন বা চিৰিয়েল শেষ নোহোৱাকৈ উঠিব নিদিব তেতিয়া ল’ৰা-ছোৱালীয়ে ব’ৰ হৈ ক’ব, “অ মা, কিমান আৰু টিভি চাই, গেম খেলি থাকিম। অলপ পঢ়োঁ দিয়ানা, প্লিজ।” এনেদৰে লাহে লাহে যেতিয়া পঢ়াৰ প্ৰতি সিহঁতৰ ধাউতি বাঢ়ি যাব, তেতিয়াই…

ৰাজনন্দিনী শৰ্মাৰ ভাষণ শেষ হ’বলৈ নাপালেই। গোটেই সভাঘৰটো হাততালিৰে ৰজনজনাই উঠিল।

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published.