ফটাঢোল

জমনি ২ – নয়নমনি হালৈ

কাটিবলৈ বুলি অনা ছাগলী কচাইৰ হাতৰপৰা এৰা খাই কিবাকৈ পথাৰৰ কোমল ঘাঁহ পালে ছাগলীটোৱে যেনেকৈ স্ফূৰ্তিত শূন্যতে দহটা জাপ মাৰিব, গুৱাহাটীলৈ আহি প্ৰথম মোৰ তেনেকুৱাই হ’ল। ঘৰত শাসনৰ নামত কিমান পঘা যে মোৰ ডিঙিত ওলমি আছিল। মা দেউতাৰ কথাতো বাদেই গোটেই গাঁওখনতে অঘোষিত অভিভাৱকৰ শেষ নাছিল। পৃথিৱীৰ সকলো সুখ সকলোৱে ভোগ কৰাৰ অধিকাৰ আছে, নাই কেৱল মাষ্টৰৰ পুতেকৰ। আচলতে মাষ্টৰৰ পুতেক হোৱাটোৱে যেন অপৰাধ! গতিকে স্বগৃহত বা মোৰ সৰু চহৰখনত চেঙেলীয়া বয়সৰ সুখবোৰ ভোগ কৰিবলৈ যেন কপালত লিখা নাছিল। গতিকে মোৰ অৱস্থাটো কচায়ে ধৰি বান্ধি থোৱা ছাগলীটোতকৈ কোনোগুণে কম নাছিল। কিন্তু নামৰ শেষত ডিগ্ৰী এটা লৈ যেতিয়া মই প্ৰথমবাৰ গুৱাহাটী পালোঁ, এনে লাগিল যেন কচাইৰ হাতৰপৰা মুক্ত হৈ মই এখন চৰণীয়া পথাৰ পালোঁ। ইয়াত মোক বাধা দিওঁতা কোনো নাই, গাঁৱৰ ৰঙা চকুৰ অভিভাৱকবোৰ নাই, এনেকি ইয়াত ছোৱালী দেখি সুহুৰি এটা মাৰিলেও এনেদৰে কওঁতা নাই বোলে, “চা মাষ্টৰৰ পুতেকক, বাপেকে আনৰ ল’ৰা-ছোৱালীক নীতিশিক্ষা দিয়ে, এইফালে পুতেকে গোল্লাই গ’ল”।

কিন্তু বিধাতাৰ এটা চকু কণা আছিল। ইয়াত মোৰ মুক্ত মন, স্বাচ্ছন্দ্যৰ জীৱনটোৰ সপোনৰ সেন্দুৰীয়া আলিটোত যিটো বাধা আহি পোনপ্ৰথমেই হেঙাৰ হৈ থিয় হ’ল, সেইজন আন কোনো নহয়, স্বয়ং ভাড়াঘৰৰ মালিক।

মালিকৰ কথাবতৰা শুনি, ৰেহৰূপ দেখি কপালে মূৰে হাত দিলোঁ, বোলো ‘কি ৰূপ দেখাইলা শ্যাম’। মালিক নহয় যেন ভাওনাৰ অসুৰটোহে। সন্ধিয়া আঠ বজাতে কাৰাগাৰৰ লৌহকপাটত মানে গেটত তলা এটা ওলোমাই দিয়ে। এইফালে মহানগৰীত আঠ বজাত সন্ধিয়া লাগেহে। সৰু চাকৰি এটা কৰোঁ, দিনটো কুহিয়াৰ চেপাদি চেপি কৰ্মশক্তি সমগ্ৰ ওপৰৱালাই শুহি নিয়ে, সেইখিনি ভাগৰ আঁতৰাবলৈ লগ বন্ধু দুটামান বহোঁ সন্ধিয়া পৰত, কথাৰ মহলা মাৰোঁতে ঘড়ীটো চাই থাকোঁ, কেনেবাকে যদি আঠ বাজি গ’ল সেইদিনা ঠোটমুখ চেলেকি “লাজ পাই বগলীটো উৰি গুচি যোৱাদি” লগৰ কোনোবা এটাৰ ৰুমত আশ্ৰয় ল’ব লগা হয়। এইফালে মোৰ নাটক চিনেমাৰ নিচা এটা আছে, ৰৱীন্দ্ৰ ভৱনত নাটক থাকিলে মই প্ৰায়ে লগৰ এটাক বিৰক্ত কৰিব লগা হয়, কাৰণ এইফালে মোৰ মালিকৰ তলা।

কিন্তু এই কথাই কথা নহয়। কিবা এটা বুদ্ধি উলিয়াব লাগিল। বহু ভাবি চিন্তি অৱশেষত উপায় এটা উলিয়ালোঁ। 

মোৰ ভাড়াঘৰৰ কাষতে তেতিয়া নতুনকৈ এপাৰ্টমেণ্ট এটা নিৰ্মাণৰ কাম চলি আছিল। সেইটোৰ দুৱাৰমুখতে থকা চিকিউৰিটি গাৰ্ডকেইটাৰ লগত অলপ আড্ডা মৰা কৰিলোঁ। এই ধৰক, শিখৰ এপেকেট ভগাই মেলি খালোঁ, কেতিয়াবা মইনা এটা মানে সৰু মদিৰাৰ বটল এটাও সিহঁতক উপহাৰ দিয়া কৰিলোঁ। মোৰ বুদ্ধিয়ে কাম দিলে। মোৰ আদৰ আপ্যায়নত মুগ্ধ হৈ খুব কম সময়তে সিহঁত মোৰ অভিন্ন বন্ধুত পৰিণত হ’ল। তাৰপিছতহে মোৰ স্বাৰ্থ সিদ্ধিৰ ফালে আগবাঢ়িলোঁ আৰু এদিন মোৰ অন্তৰৰ গুপুত কথা সিহঁতৰ আগত ফাদিল কৰিলোঁ বোলো, ‘মালিকে গেটখন সাজে সন্ধিয়াই তলা মাৰে, মোৰ কেতিয়াবা ৰাতি হ’লে বাইকখন তোমালোকৰ ইয়াতে থৈ যাম বুলি ভাবিছোঁ।” মোৰ প্ৰস্তাৱত সিহঁত একেষাৰে মান্তি হৈ গ’ল, যেন ‘এইটো কোনো কথাই নহয়’।

হওঁতে কথাটো ইমান ডাঙৰ নাছিল। কিন্তু মই যেন সাংঘাতিক ডাঙৰ কাম এটা সিদ্ধি কৰিলোঁ। আচলতে মালিকে সাজে-সন্ধিয়াই গেটত তলা মাৰিলেও সেইখন গেট পাৰ হোৱাটো মোৰ কাৰণে কোনো কথাই নাছিল। গাঁৱত অতিপাত শাসনৰ মাজত থাকিলেও ইয়াৰ বাৰী, তাৰ বাৰীয়ে আম, লেটুক এইবোৰ গছ অনাসায়ে বগাই, জপিয়াই ফুৰাৰ বাবে মই পূৰ্বজন্মত বান্দৰ আছিলোঁ বুলি লগৰমখাৰপৰা প্ৰমাণ পত্ৰ এখন গোটাই থৈছিলোঁ। গতিকে সাতফুট ওখ এই লোহাৰ গেটখন মোৰ বাবে বৰ ডাঙৰ সমস্যা নাছিল। সমস্যা কৰিছিল মোৰ দুচকীয়া বাহনখনে। এইখন গাড়ী দাঙি পাৰ কৰাৰ কথাওতো ভাবিব নোৱাৰি। গতিকে গাড়ীখনেই মোৰ যত অথন্তৰৰ মূল হৈ পৰিছিল।

কিন্তু এইটো সমস্যা মোৰ স্বমগজুৰে উদ্ভাৱিত সূত্ৰত সহজেই সমাধান হৈ পৰিল। চিকিউৰিটিৰ ল’ৰাকেইটাৰ ওচৰত নিৰ্ভয়ে নিঃসংকোচে মোৰ বাইকখন থৈ আহোঁ। আহি পিঠিৰ বেগটো গেটৰ ওপৰেৰে সিপাৰলৈ দলিয়াই দিওঁ আৰু তাৰপিছত মোৰ গাত বান্দৰৰ আত্মাটো থিতাপি লৈ লয়। প্ৰথমে গেটখনৰ একেবাৰে ওপৰলৈ বগাই যাওঁ, তাৰপিছত প্ৰভু শ্ৰীৰামৰ নাম লৈ ‘মাৰ থিয়জাপ’, একেবাৰে বুঢ়াৰ চোতালতে গিৰিসকৈ পৰোঁ। তাৰপিছত বেগটো পিঠিত লৈ সুৰসুৰকৈ নিজৰ ৰুমলৈ সোমাই যাওঁ। 

পিছদিনা মালিকৰ চকু মেল খাই যায়। মোক নাদৰ পাৰত দাঁত ব্ৰাছ কৰি থকা অৱস্থাত সোধে – “কালি তুমি কেতিয়া আহিলা?” মই কওঁ “সোনকালেই আহিলোঁ।” 

“কিন্তু তোমাৰতো ৰুমটো আন্ধাৰ হৈ আছিল?”

মই কওঁ – “খুড়া প্ৰচণ্ড মূৰৰ বিষ, লাইট অফ কৰি শুই আছিলোঁ।”

কেইমাহমান মোৰ এই বুদ্ধিৰে পূৰামাত্ৰাই মহানগৰীয়া জীৱন উপভোগ কৰিলোঁ। ৰাতি চানমাৰী ব্ৰীজত টহল দিওঁ, চিনেমা চাওঁ, খানা খাওঁ, ৰৱীন্দ্ৰ ভৱনত নাটক চাওঁ। মুঠতে ডেকা বয়সটোক ষোল্ল অনাই উপভোগ কৰাত পূৰ্ণোদ্যমে লাগি গ’লো।

কিন্তু কথাতে কয়, ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’। মোৰো মৰণকাল মোৰ অগোচৰে কাষ চাপি আহিছিল। এদিন এনেদৰে নাটক চাই, খানা খাই ৰাতি এপৰত ঘৰমুৱা হৈছোঁ। চিকিউৰিটি বন্ধুৰ ওচৰত বাইকখন থৈ পূৰ্বনিৰ্ধাৰিত মতে মালিকৰ কাৰাগাৰৰ সন্মুখ পাইছোঁ। বেগটো প্ৰথমে দলিয়াই সিপাৰ কৰিলোঁ। তাৰপিছত আহিল মোৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ সময়। আস্তিন কোচাই লপলপাই প্ৰথমে গেটখনৰ একেবাৰে ওপৰলৈ উঠি গ’লোঁ। ওপৰত বহি প্ৰভু ৰামৰ নাম লৈ জপিয়াই দিম আৰু, ঠিক এনেতেই দেখোন গেটখন কঁপি উঠিল। ভূমিকম্প নে কি! এইবাৰ গেটখন কঁপি থকাৰপৰা চলিবলৈ আৰম্ভ কৰিলে। মানে গেটখন আছিল এনেকুৱা যে সম্পূৰ্ণ খুলিলে অৰ্ধবৃত্তাকাৰে গেটখন চলি যায় আৰু চলি গৈ একেকোবে মালিকৰ ঘৰৰ বাৰাণ্ডাৰ কাষ পাইগৈ। মই মনতে ভাবিলোঁ ‘আজি নিশ্চয় মালিকে তলা মাৰিবলৈ পাহৰিলে’। গেটৰ মুখৰপৰা বাৰাণ্ডাৰ ওচৰলৈ এইকণ বাট চলি আহোঁতে মই ওপৰত হনুমানৰ নিচিনাই বহি থাকিলোঁ আৰু অলপ সময়ৰ কাৰণে আকাশত উৰি থকাৰ ফীলটো ল’লো, তাৰপিছত যেতিয়া বাৰাণ্ডাত গেটখন ৰৈ গ’ল, মই আগপিছ নুগুনি দিলোঁ জাপ মাৰি। আন্ধাৰৰ কথা, জাপটো মাৰি বাৰাণ্ডাত পৰিলোঁ ঠিকেই, কিন্তু কোনোবাই মোক পাতল কাপোৰ এখনেৰে জপটিয়াই ধৰাৰ নিচিনা পালোঁ। চিকাৰীয়ে জাল পতাৰ নিচিনা কোনোবাই মোক ধৰিবলৈ জাল পাতি থৈছে নেকি বাৰু! কিন্তু মাত্ৰ কেইটামান লহমাৰ পিছতে মোৰ ভুল ভাঙিল। ভুল ভাঙি মই যিটো দেখিলোঁ, তাৰ কথানো কি ক’ম প্ৰিয় পাঠক!

জাল বুলি ভবা পাতল কাপোৰখন জাল চাল একো নাছিল, সেইখন আছিল মালিকৰ লুঙী। আন্ধাৰত মালিক থিয় হৈ আছিল মোক হাতে লোতে ধৰিম বুলি আৰু মই জাপ মাৰি দিলোঁ মালিকৰ গাৰ ওপৰতে। আৰু লগে লগে মোৰ লুঙীখনৰ লগত জোটপোট লাগি পৰিল। মালিকৰ হাতত আছিল এটা তিনিবেটেৰীৰ টৰ্চ। মালিকৰ এখন হাতৰ টৰ্চৰ পোহৰ মোৰ চকুত, আনখন হাত লুঙীৰ গাঠিত৷ দ্ৰৌপদীয়ে লজ্জা নিবাৰণ বাবে শেষ চেষ্টাৰ কৰাৰ দৰে মালিকে লুঙীৰ গাঠিত ধৰি যেন নাৰায়ণক স্মৰণ কৰিছে কৰযোৰে। 

সেইদিনাই ঘৰটো খালী কৰিব লাগিব বুলি মই একপ্ৰকাৰ নিশ্চিত হৈয়ে আছিলোঁ। কিন্তু মোৰ নিমাখিত চকুৰ কৰুণ মিনতি দেখি মালিকৰ হৃদয় গলিল। দ্বিতীয়বাৰ যাতে এনে নহয় – সেইটো সকিয়নি খাই দুখে শোকে মালিকৰ ঘৰেই বন্দীৰ ঘৰ বুলি স্বীকাৰ কৰি ল’লোঁ সেইদিনা। কিন্তু ইয়াৰ পিছত যিটো ঘটনা ঘটিল তাৰপিছত আৰু মালিকৰ মুখ চাই থকা উচিত নহয় বুলি মই বিদায় লৈছিলোঁ।

সেইদিনা মই অফিচলৈ যাবলৈ ওলাইছোঁ। ক’ৰবাৰপৰা হেপাই-ফোপাই ৰুমৰ দুৱাৰমুখত থিয় হ’লহি মালিক – “হালৈ ইমিডিয়েট তোমাৰ ফোনটো দিয়াচোন।” মই হোলাৰ ভাই মোলা, দিলোঁ মোবাইল ফোনটো মালিকৰ হাতত তুলি। মনতে ভাবিলোঁ নিশ্চয় মালিকৰ ফোনত ৰিচাৰ্চ বোলা বস্তুটোৰ আয়ুসকাল উকলিছে, কাৰোবাক হয়তো দৰকাৰী ফোন এটা কৰিব! কিন্তু মইনো কি জানো, মালিকে যে ফোনটো ৰাস্তাত ক’ৰবাত পেলাই থৈ আহিব আৰু মোৰ ফোনটোৰে নিজৰেই নম্বৰত কল এটা কৰিব! এইখিনিতে পাঠকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে মোৰ মহামান্য মালিকৰ নাম আছিল ‘পূৰ্ণ’ আৰু মই তেওঁৰ মোবাইল নম্বৰটো চেভ কৰিছিলো ‘পূৰ্ণ জহৰা’ বুলি আৰু যেতিয়া মালিকে নিজৰ নামটো মোৰ মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পালে লগে লগে মুখখন মৰা মাছৰ দৰে ঢেলা পৰি আহিল। কথাটো জনাৰ পিছত ময়ো মালিকৰ মুখৰ ফালে চাব পৰা নাই, মালিকেও মোলৈ চোৱা নাই। নিসংকোচে আজি মই স্বীকাৰ কৰোঁ এয়া মোৰ মালিকৰ বিপক্ষে অক্ষমণীয় অপৰাধেই আছিল।

এই অপৰাধৰ শাস্তি মালিকে দিয়ালৈ মই নৰ’লো, তাৰ কেইদিনমানৰ পিছতে মালিকৰ ঘৰ মই সসন্মানে পৰিত্যাগ কৰিলোঁ।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.