ফটাঢোল

জাতি-ৰাষ্ট্ৰ আৰু নাৰী -অসমী গগৈ

নাৰী-সাম্প্ৰতিক কালৰ আলোচনাৰ অন্যতম বিষয়৷ ন+অৰি=নাৰী অৰ্থাৎ যাৰ কোনো শত্ৰু নাই৷ আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু নাৰী নাৰীৰ সৈতে জড়িত আছে বহুতো বিষয় নাৰীমন বা মানসিকতা, নাৰীমুক্তি, নাৰী স্বাধীনতা, স্থিতি সমঅধিকাৰ ইত্যাদি ইত্যাদি৷ অৱশ্যে আজি এইবিলাক বিষয়ক দূৰলৈ থৈ আলোচনা কৰিবলৈ লোৱা হৈছে এটা জাতি আৰু এখন ৰাষ্ট্ৰ গঠনৰ উন্নয়নত নাৰীৰ ভূমিকা কি বা নাৰীয়ে কেনে ভূমিকা গ্ৰহণ কৰিব পাৰে ইত্যাদি কথা৷
এতিয়া আমি প্ৰথমেই চাব লাগিব জাতি কি? কুল বংশ বা শ্ৰেণী এনেদৰে মাথোঁঁ অৰ্থটো কৈ নথৈ বহলভাৱেও আমি ব্যাখ্যা কৰিব পাৰোঁ যে কোনো এক ভৃত্যগত বাস কৰা সাধাৰণতে একে ভাষা-ভাষী আচাৰ-বিচাৰ আৰু একে ৰাজনৈতিক চৰিত্ৰ বিশিষ্ট বৃহৎ জনসমষ্টিয়েই জাতি৷ যেনে- অসমীয়া জাতি৷ ইয়াত বাস কৰা ভিন ভিন জনগোষ্ঠীৰ মাজত ভিন ভিন ভাষা বা দোৱান প্ৰচলিত থাকিলেও সকলোৰে উমৈহতীয়া ভাষা অসমীয়া৷ উমৈহতীয়া পৰিচয় অসমীয়া৷ চমু কথাত অসম নামৰ দেশখনত বাস কৰাৰ বাবেই আমি অসমীয়া৷ অৱশ্যে জাতি শব্দক আন এক বৃহৎ অৰ্থটো ব্যৱহাৰ কৰিব পৰা যায়৷ মানৱ জাতি য’ত ভাষা ধৰ্ম ঠাই ভেদে সকলোকে একেলগে বান্ধি ৰাখিব পৰা যায়৷ আমাৰ আলোচনাতো আজি জাতি শব্দক এই অৰ্থতে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে৷ মানৱ জাতিৰ গঠন আৰু উন্নয়নৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা আৰু কৰ্তব্য কি? কেনে হোৱা উচিত?
আমি জানো যে জাতি আৰু সমাজৰ সম্পৰ্ক অভিন্ন৷ এটা সুস্থ জাতি গঠন হ’বলৈ হ’লে প্ৰথমেই আমি এখন সুস্থ সমাজ গঠন কৰাৰ কথা ভাবিব লাগিব৷ ইয়াকে কৰিবলৈ যাওঁতে গাইগুটীয়াভাৱে প্ৰতিগৰাকী নাৰীয়ে নিজ নিজ পৰিয়ালটোক যদি সুন্দৰভাৱে গঢ় দিব পাৰে তেন্তে এখন সুস্থ সবল জাতিয়ে আপোনা-আপুনি গঢ় লৈ উঠিব৷ যিহেতু এখন ঘৰৰ সঁচাৰ কাঠি থাকে মূল নাৰীগৰাকীৰ হাততহে৷ উপযুক্ত পৰিচালনাৰে নাৰীয়ে যেনেকৈ এখন ঘৰক আদৰ্শ ঘৰ ৰূপে গঢ়ি তুলিব পাৰে তেনেদৰে আকৌ আদৰ্শ ঘৰ এখনকো ধ্বংস কৰি পেলাব পাৰে৷ কিন্তু আমি ভাৱোঁ যজুবেদত উল্লেখ থকাৰ দৰে এগৰাকী নাৰীৰ মূলমন্ত্ৰ হোৱা উচিত-
“ও বিশ্বানি দেৱ সবিত দূৰতানি পৰা সুৰ
যদ্ভদ্ৰস্তমম সিদ্ধভদ্ৰস্তমম আসুৰ৷ ৷ “
অৰ্থাৎ হে প্ৰভু আমাৰ ভিতৰত যি অকল্যাণ আছে তাক দূৰ কৰা আৰু যি কল্যাণ তাক দান কৰা৷
এইখন পৃথিৱীতে দিনে দিনে বৃদ্ধি পাই আহিছে হত্যা লুণ্ঠন ধৰ্ষণ সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰ দৰে ঘটনাই৷ আজি পৃথিৱীত মানুহৰ জীৱনৰ নিশ্চয়তা নোহোৱা হৈছে৷ সমাজখনক চাৰিওফালৰ পৰা এশ এটা জ্বলন্ত সমস্যাই বেৰি ধৰিছে৷ সময়ৰ এনে অসুস্থ পৰিৱেশ স্বাৰ্থপৰতা বা আত্মকেন্দ্ৰিক মনোভাৱ, পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণে উঠি অহা প্ৰজন্মক কোন দিশে লৈ গৈছে সি এটা চিন্তাৰ বিষয় হৈ পৰিছে৷ প্ৰায়ে দেখা যায় যে আজিৰ ব্যস্ত শিক্ষিতা নাৰী একোগৰাকীৰ নিজৰ শিশুটিক আদৰ যত্ন কৰিবলৈ সময় নাই৷ যি কেৱল নিজক লৈ ব্যস্ত৷ আনৰ হাতত ঘৰ সংসাৰ সঁপি দি সকলো দায় দায়িত্বৰ পৰা মুক্ত বুলি ভাৱে৷ ফলত নিজৰ সন্তান বঞ্চিত হয় মাতৃৰ মমতাময়ী স্নেহৰ পৰা পিতৃ-মাতৃৰ আদৰ যত্নৰ পৰা বঞ্চিত হৈ শিশুটিয়ে পৰিচয় দিবলৈ সৎসাহস হেৰুৱাইছে কিহৰ বাবে? মানুহৰ মানৱীয় গুণ কিয়নো নোহোৱা হৈছে? সমাজখনৰ ক’ত কেৰোন লাগিছে? সেই কেৰোন ভাঙিবলৈ আমি কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ নেকি- ইত্যাদিবিলাক কথা সততে এগৰাকী নাৰীৰ মনলৈ অহা উচিত৷ সমাজ সংস্কাৰৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব কেৱল নিজৰহে বুলি ভাবি হাতে কামে আগবঢ়া উচিত৷ এটা জাতিৰ ভালখিনি আটোমটোকাৰিকৈ ৰাখি সংশোধন কৰিব পৰাখিনি সংশোধন কৰি আৰু যিখিনি জাতিটোৰ সমাজখনৰ উন্নতিৰ বাবে হেঙাৰস্বৰূপ সেইখিনি সমুলঞ্চে বাদ দিয়া উচিত৷ ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে নাৰীয়ে স্বেচ্ছাসেৱী সংগঠন আদিৰ সহায় ল’ব পাৰে৷ যিহেতু নাৰীৰ এক সাংগঠনিক দক্ষতাও আছে৷ সজাগতা সংৰক্ষণ আদি বিষয়ত কৰ্মশালা, আলোচনাচক্ৰ, বক্তৃতানুষ্ঠান আদিৰ আয়োজন নতুবা একোটা সৰু সৰু গোট চুকে কোণে গৈ গৈ গাওঁ আৰু চহৰৰ মানুহৰ মাজত জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত৷ মানুহৰ প্ৰতি মানুহৰ নোহোৱা মানৱীয়তা গুণ জগাই তোলাৰ বাবে মানুহৰ ওচৰ চপাটো আজি অতিকৈ প্ৰয়োজনীয় হৈ উঠিছে৷ সমাজৰ সকলো মানুহ স্বাৰ্থপৰ হৈছে বাবে তেওঁ বা তেওঁৰ ঘৰখনো যে হোৱা উচিত নহয় সেইকথা নাৰী গৰাকীয়ে সোঁৱৰাই থকা উচিত৷ সামৰ্থৰ বাহিৰৰবস্তুলৈ হাত মেলি পতি বা পুত্ৰক বিপথে যাবলৈ নিদিয়াকৈ এগৰাকী প্ৰকৃত নাৰীৰ লক্ষ্য হোৱা উচিত৷ নাৰীয়ে কৰিব নোৱাৰে কি? বেদ পুৰাণৰ যুগত বা তাৰো আগত দেশ কালৰ দুৰ্গতি নাশ কৰিবলৈ, কুশক্তিক পৰাভূত কৰি সমাজলৈ শান্তি আনিবৰ বাবে নাৰীয়ে ভিন ভিন ৰূপ গ্ৰহণ কৰাৰ নানান আখ্যান আজিও সমাজত প্ৰচলিত৷ দুৰ্গা বা কালীৰ আখ্যান আজি কাৰো অজানা নহয়৷ ভিন ভিন সময়ত বিচাৰিলে এনে উদাহৰণ অনেক পোৱা যায়৷
এক জাগ্ৰত প্ৰতিমূৰ্তিৰ প্ৰতীক নাৰী৷ সংসাৰ ধৰ্ম সমাজ কৃষি অৰ্থ আদি সকলো দিশতে নাৰীয়ে ধৈৰ্য আৰু নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে৷ ধৈৰ্য্যশীলা সহনশীলা কৰ্তব্যপৰায়ণতা আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰে মানুহৰ মন জিনি পাৰিবাৰিক জীৱনকে মধুময় কৰি তুলিছে৷ জাতি বা সমাজ গঠনত নাৰীৰ এশ এবুৰি অৱদানলৈ চায়েই উপনিষদৰ যুগতেই নাৰীক পৃথিৱীৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হৈছে৷
আকৌ প্ৰাচীন কালত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই পৰিয়াল সমাজ স্বদেশ আৰু স্বজাতিৰ প্ৰতি নাৰীৰ ভূমিকা বা অৱদানকেই জানো নুসূচায়৷
এতিয়া দূৰলৈ নগৈ আমি যদি অসম বুৰঞ্জীৰ পাতকে লুটিয়াও দেখা পাম ৰাজনীতি ৰণনীতি কৃষ্টি সংস্কৃতি সাহিত্য আদিৰ লগতে আত্মবলিদানেৰে নিজৰ দেশক এটা জাতিলৈ অৱদান আগবঢ়াই যোৱা অনেক নাৰীৰ নাম৷ ৰাজনীতিৰ জগতত ফুলেশ্বৰী কুঁৱৰী, সদাম্বিকা সৰ্বেশ্বৰী, কুৰংনয়নী, নুমলী ৰাজমাও, সাধনী, ৰমণী গাভৰু আদিৰ অৱদান বা ভূমিকাৰ কথা কম বেছি পৰিমাণে আমি আটায়ে জানো৷ যুদ্ধ বা ৰাজনীতিৰ ক্ষেত্ৰত মূলাগাভৰু, সুহিলা, সাধনী, ৰাধা ৰুক্মিণী, চন্দ্ৰকলা সুচলা জয়া ৰোহিনী সোমা মাধুৰী ৰম্ভা জয়ন্তী ভানুমতী ভদ্ৰাৱলী আদিয়ে দেশ তথা আত্ম সন্মানৰ বাবে নিজৰ প্ৰাণকে তুচ্ছ কৰিছিল৷ তেনেদৰে কৃষ্টি আৰু সাহিত্যৰ ক্ষেত্ৰত নাম ল’ব পাৰি বৰৰজা ফুলেশ্বৰী কুঁৱৰী, যদাম্বিকা, সৰ্বেশ্বৰী, প্ৰেমদা আদিৰ ’বৰৰজাৰ পঢ়াশালি’ নামে পঢ়াশালি দ’ল দেৱালয়, পুখুৰী আলি পদূলি আদিৰ লগতে ফুলেশ্বৰী কুঁৱৰীয়ে কবিৰাজ চক্ৰৱৰ্তীৰ হতুৱাই শকুন্তলা আৰু শংখচূড়, অনন্ত আচাৰ্যৰ দ্বাৰা ’অনন্ত নগৰী’ ৰচনা কৰোৱাইছিল৷ তেনেদৰে যদাম্বিকা কুঁৱৰীৰ দিনত আধুনিক ৰংপুৰত বৰপুখুৰী আৰু শিৱদৌল খন্দা হৈছিল৷ এওঁৰ তত্ত্বাৱধানতে সুকুমাৰ বৰকাঠে প্ৰখ্যাত ব্যৱহাৰিক জ্ঞানৰ পুথি হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰানিদান প্ৰণয়ন কৰিছিল৷ ইয়াৰ চিত্ৰ আঁকিবৰ বাবে ৰাজ্যৰ বাহিৰৰ মোগল চিত্ৰকৰ অনোৱাৰ কথাই তেওঁৰ সাহিত্য সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথাকো সোঁৱৰাই৷ আত্মবলিদানেৰে অসমীয়া জাতিক বুৰঞ্জীৰ পাতত জিলিকাই থৈ যোৱা জয়মতীৰ নাম আমি সদায় গৌৰৱে সোঁৱৰা উচিত৷
ইতিহাসৰ পাছত বৰ্তমান সমাজলৈ চালেও স্বদেশ আৰু স্বজাতিৰ প্ৰতি নাৰীয়ে আগবঢ়োৱা অৱদান আৰু ভূমিকালৈও চাবলগীয়া৷ এই মুহূৰ্তত মনলৈ অহা কস্তৰীবা, মীৰাবেন, কমলা নেহেৰু, ইন্দিৰা গান্ধী, মাদাৰ টেৰেছা, সৰোজিনী নাইডু, অৰুণা আশ্ৰুভ আলি, ৰাণী গাইডালু, পুষ্পলতা দাস, অমলপ্ৰভা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী, নলিনীৱালা দেৱী স্বৰ্ণলতা, কনকলতা আদিৰ নামেই পৰিচয়৷ এনে অনেক নাৰীৰ নাম ৰৈ গৈছে যাৰ অবিহনে আমাৰ জাতিৰ পৰিচয় আধৰুৱা৷ এই সকলৰ বিষয়ে মানুহক বেলেগে পৰিচয় দাঙি ধৰাৰ প্ৰয়োজন নাই৷ মেধাৰ পৰি সৌন্দৰ্যলৈকে নাৰীয়ে আজি এটা জাতি, এখন ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিব পৰা হৈছে৷ এটা সুস্থ সবল জাতি গঠনৰ ক্ষেত্ৰত নাৰীৰ অৱদানৰ উদাহৰণেৰে আজিৰ আলোচনা দীঘল কৰিবলৈ বিচৰা নাই এইবিলাকত মাথোঁঁ আমাৰ ক’বলগীয়া এয়েই যে প্ৰতিগৰাকী নাৰী আত্মসচেতন হোৱাৰ লগতে আত্মিক সৌন্দৰ্যৰ গৰাকী হ’বলৈ চেষ্টা কৰা উচিত৷ কাৰণ মানুহৰ অন্তৰৰ পবিত্ৰতা বা সুন্দৰতা ইমানেই শক্তিশালী বা প্ৰভাৱশালী যে ইয়ে তেওঁৰ চৌপাশৰ পৰিৱেশ বা সমাজৰ কলুষতা নাশ কৰিব পাৰে৷ সমাজৰ নিকা পবিত্ৰ সমব্যথী অন্তৰৰ উচ্চ-নীচ্চ ভেদাভেদ নথকা, মংগলময়তাৰে ভৰা আত্মিক সৌন্দৰ্যৰ গৰাকী এগৰাকী নাৰীয়ে তেওঁৰ চৌপাশৰ এশজন মানুহৰ ওপৰত সু-প্ৰভাৱ পেলাব পাৰে৷ গতিকে সমাজৰ এনেকুৱা শ শ গৰাকী নাৰী লগ হ’লে আপোনা আপুনি সুস্থ সৱল জাতি গঢ়লৈ উঠিব৷ আচলতে যিখিনি সমল বা উপাদানে এটা জাতিৰ পৰিচয় দাঙি ধৰে সেইখিনি আঁকোৱালি ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে নাৰীয়ে৷ আমাৰ অসমীয়া সাহিত্যক সমালোচকে কৈয়ে গৈছে যে এটা জাতি আৰু তাৰ সংস্কৃতিক জানিবলৈ হ’লে প্ৰথমে তাৰ নাৰীসমাজক অধ্যয়ন কৰা উচিত৷ কাৰণ নাৰীয়ে সংস্কৃতিক আঁকোৰগোঁজকৈ ধৰি ৰাখে৷ ইয়াৰ পাছত অহা হৈছে ৰাষ্ট্ৰৰ দিশলৈ-ৰাষ্ট্ৰৰ গঠন বা উন্নয়নত নাৰীৰ নীৰৱচ্ছিন্ন শাসকগোষ্ঠী বা শাসন যন্ত্ৰ যাৰ প্ৰধান আহিলা চৰকাৰ৷ আৰু এই চৰকাৰ গঠনৰ মূল উপাদান মানৱ সম্পদ৷ সুস্থ, চিন্তাশক্তি, কাৰ্মোদ্যমী, আশাবাদী এটা মানৱজাতিহে ৰাষ্ট্ৰগঠনৰ মূল উপাদান৷ মানৱ জাতি বুলি কওঁতেই ইয়াত নাৰী-পুৰুষ উভয়কে সামৰা হৈছে৷ পাশ্চাত্য পণ্ডিত Chalame য়ে কৈছিল– There are no womenin this country there are only men and their shadows.
এতিয়া চাবলৈ লোৱা হৈছে যে ৰাষ্ট্ৰ বা চৰকাৰৰ গঠনত নাৰীয়ে অতীত আৰু বৰ্তমান কেনে ভূমিকা লৈছিল বা লৈছে৷ লগতে ৰাষ্ট্ৰত নিজকে অধিকাৰ স্থিতি সাব্যস্ত কৰিবৰ বাবে কেনেদৰে আগবাঢ়িছিল৷ বেদ পুৰাণৰ যুগত এক সন্মানজনক আসন লাভ কৰাৰ পাছত যেতিয়া আধুনিক সভ্যতাৰ বা আহিল তেতিয়া আকৌ নাৰীৰ অৱস্থা পুতৌজনক হৈ পৰিল৷ উদাহৰণস্বৰূপে যিখন দেশত সাৰ্গাৰেট থেচাৰ প্ৰধানমন্ত্ৰী হৈছিল সেইখন দেশৰ মহিলাই ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ১৯২৮ চনত৷ আকৌ তুমুল সংগ্ৰামৰ পাছত৷ সেই একেসময়তেই ইংলেণ্ডৰ আৰ্হিত ভাৰতত গঠন হ’ল Women Indian Association. ১৯১৭ চনত মাদ্ৰাজ আৰু মুম্বাইৰ কিছুসংখ্যক মহিলাই ভোটাধিকাৰ লাভ কৰে৷ ১৯২৬ চনত সম্প্ৰদায়ভেদে ভোটাধিকাৰৰ লগতে ৰাজনীতিৰ প্ৰাৰ্থীত্বৰ অধিকাৰ লাভ কৰে৷ অৱশ্যে ইয়াতো সুৰুঙা ৰৈ গ’ল৷ ১৯৩৫ চনত Governments of India Act. ১৯৩৫ ৰ সংশোধনী অনুযায়ী ২১ বছৰৰ মহিলাক ভোটাধিকাৰৰ লগতে প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণৰ অধিকাৰ প্ৰদান কৰে৷ অৱশ্যে বৰ্তমান ১৮ বছৰলৈ হ্ৰাস কৰা হৈছে৷ যাৰ ফলত ভাৰতৰ ৰাজনীতি জগতত আজিও জিলিকি আছে সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, কমলা নেহৰু, অৰুণা আশ্ৰুফ আলি৷ সাম্প্ৰতিক ৰাজনীতি জগতত জিলিকি থকা নাম সুষমা স্বৰাজ, মমতা বেনাৰ্জী, ছোনীয়া গান্ধী, উমা ভাৰতী, জয়া ললিতা, মায়াৱতী লীলা দীক্ষিত ইত্যাদি৷ চুবুৰীয়া ৰাষ্ট্ৰৰ বেনজিব ভুট্টো, শ্বেখ হাচিনা, চন্দ্ৰিকা কুমাৰতুংগা ইত্যাদি ইত্যাদি৷ যাৰ ফলস্বৰূপেই আজি সংসদ আৰু বিধানসভাত উত্থাপিত হৈছে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ কথা৷ এইক্ষেত্ৰত অৱশ্যে আজিও মহিলাক যোগ্যতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰা দেখা গৈছে৷ কিন্তু আমি তাকো এশ শতাংশ নাৰীৰ ভিতৰত প্ৰায় ৮০ শতাংশ নাৰীৰে সকলো দিশতে কম বেছি পৰিমাণে দক্ষতা সাধাৰণতেই সুপ্ত হৈ থকা দেখা পাওঁ৷ ১৯৭৫ চনত আন্তৰ্জাতিক নাৰীবৰ্ষ পালন কৰাৰ পাছৰে পৰা নাৰীৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে৷ আজিৰ নাৰীয়ে সেয়েহে পুৰুষৰ সমানেই বিজ্ঞান প্ৰযুক্তি সাহিত্য সংস্কৃতি সকলোতে খোজ পেলাব পাৰিছে৷ সকলোতে তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দাঙি দেখুওৱা নাৰীয়ে এখন ৰাষ্ট্ৰ সুচাৰুৰূপে চলোৱাৰ উদাহৰণো দেখোন আমাৰ হাতৰা মুঠিতে আছে৷ আকৌ প্ৰত্যক্ষ ভাৱে এখন সুস্থ ৰাষ্ট্ৰ গঠনত অংশগ্ৰহণ নকৰাকৈয়ো নাৰীয়ে ৰাষ্ট্ৰলৈ অৱদান আগবঢ়াব পাৰে৷ নিজ পতি পুত্ৰ পিতৃক অন্যান্য চিন্তা বা সমস্যাৰ পৰা আঁতৰত ৰাখি ৰাষ্ট্ৰৰ কাম কাজ কৰিবৰ বাবে অফুৰন্ত সময় আৰু প্ৰেৰণা যোগাব পাৰে৷ যাৰ উজ্জ্বল নিদৰ্শন ৰূপে আমি পাওঁ কমলা নেহৰু, কস্তৰবা, আমাৰ নিজৰ ৰাজ্যৰ সুৰবালা বৰদলৈ আদিক৷
আনহাতে এখন ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত আৰ্থিক দিশৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ এইক্ষেত্ৰত সহায় সহযোগিতাৰ হাত আগবঢ়াই নাৰীয়ে এখন ৰাষ্ট্ৰৰ বৰঙনি যোগাব পাৰে৷ চৰকাৰ প্ৰদত্ত ক্ষুদ্ৰ উদ্যোগৰ সুবিধা গ্ৰহণ কৰি নাৰী স্বাৱলম্বী হ’ব পাৰে৷ একোটা উদ্যোগ স্থাপন কৰি তাত আন দহগৰাকী মহিলাক সংস্থাপন দি দেশ দহৰ কল্যাণ সাধিব পাৰে৷ এখন ঘৰ একোটা অনুষ্ঠান প্ৰতিষ্ঠান ৰাষ্ট্ৰক দিবলগীয়া কৰকাটল নিয়মিত পৰিশোধ কৰাত চকু দিয়াটোও নাৰীৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতা৷ অৱশ্যে এইদিনত নাৰী পিছ পৰি থকা বুলি ক’ব নোৱাৰি৷ উদ্যোগ অনুষ্ঠান-প্ৰতিষ্ঠান, কল-কাৰখানা আদি সূচাৰুৰূপে চলাই দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱাৰ অলেখ উদাহৰণ আছে৷
সামৰণি- ভাৰতৰ সংবিধানৰ প্ৰদত্ত স্বাধীনতা অনুসৰি ৰাষ্ট্ৰৰ গঠন আৰু সুপৰিচালনাৰ বাবে নাৰীয়ে তেওঁলোকৰ নিজ নিজ দিহা-পৰামৰ্শ জনপ্ৰতিনিধিৰ সহায়ত বা মুক্তকণ্ঠে আগবঢ়াব পাৰে৷ আৰু সমাজ গঠনত, ৰাষ্ট্ৰ গঠনত, জাতি গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি সমাজত নিজৰ স্থিতি সুদৃঢ় কৰিব পাৰে৷
☆ ★ ☆ ★ ☆

5 Comments

  • ramanuj g

    এইধৰণৰ লিখাই ফটাঢোল সমৃ দ্ধ কৰি ৰাখিব

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল লিখা এটা পঢ়িলোঁ৷

    Reply
  • শান্তনু গগৈ

    সুন্দৰ লিখনী।

    Reply
  • Ronjon Baruoh

    নিটোল লিখনি এটিৰে আলোচনীখনৰ সৌন্দর্য বৃদ্ধি কৰাৰ বাবে কৃতজ্ঞতা জনাইছো

    Reply
  • অতি সুন্দৰ লেখা। কথাখিনি গুৰুত্বপূৰ্ণ।

    Reply

Leave a Reply

Your email address will not be published.