ফটাঢোল

জীৱনচক্ৰ-শ্ৰুতিমালা মিশ্ৰ

বৰকটকী খুড়াদেউৰ একমাত্ৰ সন্তান প্ৰাঞ্জু। প্ৰাঞ্জু পৰাণ বৰকটকী। ঘৰৰ একমাত্ৰ সন্তান হোৱা হেতুকে সি সকলোৰে আলাসৰ লাড়ু। যেন মূৰত থʼলে ওকণীয়ে খাব, মাটিত থʼলে পৰুৱাই খাব। পঢ়া-শুনাত অতিমাত্ৰা ভাল নহʼলেও প্ৰাঞ্জু মধ্যমীয়া বুদ্ধিমত্তাৰ, ঠিক-ঠাক পাছ কৰি যোৱাবিধৰ। সেইহেন প্ৰাঞ্জু মোৰ সহপাঠী, অংকুৰৰপৰা একেলগে পঢ়া আমি। দূৰ সম্পৰ্কীয় হোৱা বাবে প্ৰাঞ্জুক মাজে-মধ্যে ডকা-হকা দিয়ো কাম আদায় কৰিব পাৰোঁ মই। সৰুতে আমাৰ স্কুলত এখন লোহাৰ স্লাইডাৰ আছিল, আমি ক্লাছৰ গোটেই লʼৰা-ছোৱালীবোৰে তাতে হুৰুসকৈ পিছলি আহি তামাম স্ফূৰ্তি কৰিছিলোঁ। প্ৰাঞ্জু আছিল আমাৰ স্লাইডাৰখনৰ টিকট কালেক্টৰ। টিকটৰো ভাগ আছিল, ফাৰ্ষ্ট ক্লাছ টিকটটো আছিল পাতাবাহাৰৰ পাতবোৰ। আমাৰ স্কুল চৌহদত পাতাবাহাৰৰ গছ এজোপা আছিল, তাতে হিচাপমতে পাত চিঙি আনিব পাৰিলে সিদিনাৰ বাবে সেইকেইটাৰ ফাৰ্ষ্ট ক্লাছৰ টিকটৰ যোগাৰ হৈ যায়। যিকেইটাই পাতবাহাৰৰ পাত গোটাব নোৱাৰে সেইকেইটাই কেম্পাছৰ বকুলডালৰ পাত গোটাব লাগিব, বকুল গছৰ পাত টিকট হিচাপে কালেক্ট কৰিলে সেইবোৰে চেকেণ্ড ক্লাছৰ টিকটহে পাব। ফাৰ্ষ্ট ক্লাছৰ টিকটৰ আৰু চেকেণ্ড ক্লাছৰ টিকটৰ পাৰ্থক্য আছিল যে পাতাবাহাৰৰ পাতৰ টিকট কাটিব পৰাকেইটাই দহবাৰ বেছিকৈ স্লাইডাৰখনত উঠিব পাৰে, লগতে কাষতে থকা ঝুলনাখনত প্ৰাঞ্জুৱে দহবাৰ একদম ওপৰলৈ ঝুলি যাব পৰাকৈ ঠেলি দিব। ধনীৰ দুলাল হʼলেও প্ৰাঞ্জু হিচাপ-নিকাচত বহুত ভাল আছিল বাবে আমি তাক সদায় টিকট কালেক্টৰ হিচাপে ৰাখিছিলোঁ।

গাই-গাৰিয়ে হৃষ্ট-পুষ্ট প্ৰাঞ্জু সৰুৰেপৰাই খুড়াদেউ-খুড়ীদেউৰ হিয়াৰ আমঠুস্বৰূপ আছিল। সম্পৰ্কীয় ভাই হোৱা হেতুকে তাৰ মোৰপৰা নোটছ-পাতি সংগ্ৰহ কৰা, “হোমৱৰ্ক কৰি আনিছনে নাই” বুলি মনত পেলাই দিয়া এইবোৰ মোৰ ডিউটীস্বৰূপ আছিল। অলপ শকত-আৱত আছিল বাবে খেলা-ধূলা কৰাতো তাৰ বহুত অনীহা আছিল। আমি ষষ্ঠ-সপ্তম এইখিনিমানলৈকে প্ৰমোচন পোৱাৰ সময়ত স্কুলৰ সৰহভাগ ছাত্ৰ-ছাত্ৰীয়েই স্কুললৈ চাইকেল আনিবলৈ আৰম্ভ কৰিলে। “দেখাক দেখি উঠিল গা, প্ৰাঞ্জুৱে বোলে ময়ো চাইকেলত উঠিহে এৰিম চা” – এই ভাবি ঘৰত চাইকেল এখন কিনি দিবলৈ বুলি সি মাক-দেউতাকক কুটুৰিবলৈ ধৰিলে। পুত্ৰধনৰ মোহতে আৰু চাইকেলখন চলাই স্কুললৈ গʼলে তাৰ পেটৰ চৰ্বীও কিছু কমিব বুলি ভাবি খুড়াদেৱেও এখন ৰেঞ্জাৰ চাইকেল তাক কিনি আনি দিলে। চাইকেল পাই তাৰ আনন্দৰ সীমা নোহোৱা হʼল, খোজকাঢ়ি যাব পৰা দূৰত্বখিনিও সি চাইকেল চলাইহে যাবলৈ ধৰিলে। এইদৰে সি দ্বাদশ শ্ৰেণীলৈকে চাইকেলখন চলাই চলায়েই চলি থাকিল৷

চহৰৰ প্ৰসিদ্ধ জুনিয়ৰ কলেজখনত পঢ়ি থাকোঁতে সুন্দৰী ললনা এগৰাকীয়ে প্ৰাঞ্জুৰ মন-প্ৰাণ হৰিলে, হৰিলে মানে সুন্দৰীৰ প্ৰেমত প্ৰাঞ্জু ঘাইল হৈ পৰিল। তাৰ এগৰাকী বিশ্বাসযোগ্য বান্ধৱী তথা ভগ্নী হিচাপে প্ৰাঞ্জুৰ ফোনটো পাই তাৰ সমস্যা গুৰুতৰ বুলি ভাবি সমাধানৰ উপায় চিন্তিবলৈ ধৰিলোঁ।

: চা প্ৰাঞ্জু, এই কম বয়সতে তই বাইক এখন খুজিবলৈ খুড়াৰ ওপৰত প্ৰেচাৰ দিবি, কেনে এটা ফটুৱা কথা কৈছ! ধৈ!

: নহʼলে কি কৰিম ক শ্ৰুতি। তাই কৈছে বাইক এখন লʼলে আমাৰ ডেটিঙত যাবলৈ সুবিধা হ’ব। নহʼলেও ইমান একো কথা নাই দেচোন, হʼলেও আমাৰ লগৰ ঋত্বিক, প্ৰশান্ত, দেৱ – সকলোৱে বাইক লৈছে, জিএফক বাইকত উঠাই ডেটিঙলৈ নিয়ে। মোৰ কিবা মান-ইজ্জত নাই নেকি?

কথাৰ গুৰুত্ব উপসব্ধি কৰি তাক খুড়াৰ লগত কথা হʼবলৈ কʼলোঁ যদিও ৱাৰ্ণিং দিলোঁ হায়াৰ চেকেণ্ডেৰী ফাইনেল গৈছেহে, বাইক পালেও AIEEE ৰ প্ৰস্তুতি যাতে ঠিকমতে হয়। নহ’লে খুড়াই তাক বাইক নিদিয়ে বুলি জানো। গʼল কথা গুচিল। “আকাশ ইনষ্টিটিউত”ত ইঞ্জিনিয়াৰিঙৰ কোচ্ছিং লোৱাৰ সমানে সমানে প্ৰাঞ্জু আৰু তাৰ গাৰ্লফ্ৰেণ্ডৰ বাইকত উঠি অʼত-তʼত ডেটিং মৰাটোও চলি থাকিল। চাইকেল চলোৱা কালছোৱাত প্ৰাঞ্জুৰ পেটৰ চৰ্বী যথেষ্টখিনি কমিছিল, বাইক চলাই পেটত অলপ-অলপকৈ আৰু মেদ জমা হʼবলৈ ধৰিলে। ডেটিংও চলি থাকিল, প্ৰাঞ্জুৱে ইঞ্জিনিয়াৰিংত চিট নাপালেও বায়ʼটেকনʼলজি পঢ়িলে।

সেই প্ৰাঞ্জু বাংগালুৰুলৈ গʼল উচ্চ শিক্ষাৰ বাবে। তাতে পঢ়া-শুনা সাং কৰি সি ভাল কোম্পানী এটাত চাকৰি পালে। তাতে সৰু ফ্লেট এটা ভাড়ালৈ লৈ তাৰ চাকৰি জীৱন চলাই গʼল। পদোন্নতি হʼল, গোলু-মোলু প্ৰাঞ্জু গৈ লাহে লাহে লোদোৰ-পোদোৰ চেহেৰা এটাৰ অধিকাৰী হʼবলৈ ধৰিলে। মোটা অংকৰ দৰমহা এটা পাই সি তাতেই হুণ্ডাই আই টুৱেণ্টী এখনো লʼলে।

ভাড়াঘৰৰপৰা অফিচ ২০ কি:মি: নিলগত অৱস্থিত। গাড়ী চলাই চলাই প্ৰাঞ্জুৰ পেটেও নিজৰ অস্তিত্ব সদম্ভে প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিল। লাহে লাহে বাৰিষাকালত বানপানী বঢ়াদি তাৰ পেটতো চৰ্বী বাঢ়িবলৈ ধৰিলে। অফিচত ফৰ্মেল ড্ৰেচকোড পিন্ধি যাবলগীয়া হোৱাৰ বাবে পেটৰফালে থকা বুটাম তিনিটাৰ ফাঁকবোৰ ভাঁজে ভাঁজে স-সন্মানে ওলাই থাকিবলৈ ধৰিলে। গ্ৰুপ ফটোবোৰ উঠাওঁতেও বেচেৰাই বৰ কষ্টেৰে উশাহ বন্ধ কৰি পেটৰ মাংসপেশী সংকোচন কৰি পʼজ দিবলগীয়াত পৰিল। ওলাই অহা পেটটো কেনেকৈ কমাব তাৰে চিন্তাই বেচেৰাক দিনে-ৰাতিয়ে খুলি খুলি খাবলৈ ধৰিলে। কপালত তিনিডালমান চিন্তাৰ ৰেখা আঁকি সি পেট কমোৱাৰ উপায় বিচাৰি ইণ্টাৰনেটৰ ডাটা খৰছ কৰিবলৈ ধৰিলে। ৰাতিপুৱা উঠি কুহুমীয়া গৰমপানীত এটুকুৰা গোলনেমু চেপি দি তাতে এচামুচ মৌজোল মিহলায়ো বহুদিন খালে। পেটৰ জেং নকমিল। মুঠতে প্ৰাঞ্জুৰ সুন্দৰকৈ ঠিকে-ঠাকে চলি থকা জীৱনটোত পেটৰ চৰ্বীয়ে একপ্ৰকাৰৰ টেনশ্যনৰ সৃষ্টি কৰিলে। এই টেনশ্যনৰ উপায় হিচাপে তাৰ কলিগ ৱাইএছ সনাথনৰ তাক জিমলৈ যাবলৈ দিয়া উপায়টোৱেই মনঃপুত হ’ল৷

পেটৰ চৰ্বীক কমাইহে‌ এৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ এইবাৰ প্ৰাঞ্জুৱে সনাথনৰ লগত অফিচৰ ডিউটি সামৰি আহি জিমত জইন কৰিলে। প্ৰাৰম্ভিক স্তৰৰ দুই-এটা এৰʼবিকচেৰে আৰম্ভণি কৰি কেইদিনমানৰ পাছতেই প্ৰাঞ্জুৰ প্ৰশিক্ষকে প্ৰাঞ্জুক চাইক্লিং কৰিবলৈ দিলে। লাহে লাহে চাইক্লিঙৰ সময় বঢ়াৰ লগে লগে প্ৰাঞ্জুৰ পেটৰ চৰ্বীও কমিবলৈ ধৰিলে। চাওঁতে চাওঁতে দুমাহমানৰ ভিতৰত প্ৰাঞ্জুৰ অলাগতীয়াল চৰ্বী বহুখিনি কমিল, আগৰ দৰে সি গ্ৰুপ ফটো উঠিলে পেটটো ভিতৰলৈ সোমাই দি উশাহ বন্ধ কৰি ৰাখিবলগীয়া নহʼল।

এই গোটেই কথাখিনি সি মোৰ আগত কৈ থাকোঁতে মই ভাবিবলৈ ধৰিলোঁ – প্ৰথমে পেট কমোৱাৰ উপায় হিচাপে সি চাইকেল চলালে,‌ তাৰপিছত গাৰ্লফ্ৰেণ্ডক ফুৰাবলৈ আৰু চাইকেল চলোৱাত অসুবিধা বাবে বাইক এখন লʼলে; আকৌ বাইক চলাই চাকৰিক্ষেত্ৰলৈ আহিবলৈ দিগদাৰ হোৱা দেখি সি চাৰিচকীয়া গাড়ী ‌এখন‌ লʼলে। গাড়ীখনৰ চলোৱাৰ পিছৰপৰাই লাহে লাহে তাৰ পেট ওলাবলৈ আৰম্ভ কৰিলে। পেটৰ চৰ্বী কমোৱাৰ উপায়স্বৰূপে সি জিমলৈ যাবলৈ আৰম্ভ কৰিলে। জিম ট্ৰেইনাৰে তাক পুনৰ পেটৰ চৰ্বী বাৰ্ণ কৰিবলৈ আকৌ চাইক্লিংয়েই কৰিবলৈ দিলে।

এইবোৰ তাৰমানে সৱ ‘ৰিচাইক্লিং’।

জীৱনচক্ৰ….

কি কি যে ভাবি সময় পাৰ কৰোঁ মই! বেচেৰাৰ পেটৰ চৰ্বী বহুখিনি কমিল বুলি কওঁতে নিজেও মনত সন্তুষ্টি লাভ কৰিলোঁ, যি নহওক জীৱনৰ ৰিচাইক্লিং প্ৰক্ৰিয়া চলি আছে।

☆ ★ ☆ ★ ☆

5 Comments

  • sadananda bhuyan

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ধন্যবাদ আপোনালৈ 😊

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল শ্ৰুতি

    Reply
  • জয়ন্ত

    ভাল লাগিল

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ধন্যবাদ জনালোঁ 🙏😊

    Reply

Leave a Reply

Your email address will not be published.