ফটাঢোল

জীৱনত লাভ কৰা কিছুমান ৰসাল অভিজ্ঞতা-জিতা ফুকন

(১) 

কলেজৰ দিনতেই এবাৰ মই বৰমাৰ লগত ফুৰিবলৈ গৈছিলোঁ। ঘৰলৈ উভতিবৰ সময়ত বৰমাই ক’লে,

: তই ৰিক্সা এখন ৰখাগৈ মই পটককৈ দোকানৰ পৰা বস্তু এটা লৈ লওঁ। 

মই ৰিক্সা এখন দেখা পাই ৰখালোঁ আৰু উঠি ল’লোঁ। তেনেতে দেখোঁ বেগ ভৰ্তি বজাৰ লৈ ডেকা এজন জাঁপ মাৰি মোৰ লগতে উঠি বহিল। মই ভয়ত কি কৰোঁ, কি নকৰোঁ হ’লোঁ।  সিফালে ওচৰতে ৰৈ থকা ডেকাৰ বন্ধুবৰ্গৰ উকি কিৰিলি, “ঐ যা যা, আজি মাছে শাকে একেবাৰে ন-ছোৱালী লগত লৈহে ঘৰ সোমাবিগৈ।” 

ইফালে বৰমা আহি দেখকহি নাটকখন। তেওঁ হাঁহি হাঁহি ক’ব নোৱৰা হৈছে। মই খঙতে ডেকাক ক’লোঁ, 

: আপুনি কিয় উঠিছে, নামক ইয়াৰ পৰা। 

তেওঁ উভতি মোকহে কৈছে, বোলে “ৰিক্সাখন মইহে ৰখাইছিলোঁ, তুমিনো লৰালৰিকৈ মোৰ লগত যাবলৈ কিয় উঠিলা?” 

মই কৈছোঁ নহয়, “মইহে মাতিছিলোঁ।” 

ডেকাই কৈছে, “তেনে মোলৈনো কিয় ৰৈ আছিলা ৰিক্সাত বহি?” 

তেনেতে বৰমাই আহি ক’লেহি, 

: বোপাই তুমি বেলেগ এখন ৰিক্সা লোৱা, তাই তোমালৈ নহয় ৰিক্সাত বহি মোলৈহে অপেক্ষা কৰি আছিল। ল’ৰাটো নামি গ’ল বাৰু, পিচে ৰিক্সাৱালা আৰু এখোপ চৰা। সি বোলে, “মই আকৌ দুয়োজন একেলগে যাব বুলিহে উঠাই ল’লোঁ।”

  

অৱশেষত ঘৰ পালোঁগৈ যদিও বৰমাই গোটেই বাটটো হাঁহি ক’ব নোৱৰা হৈ গ’ল আৰু মই লাজত-খঙত মাথাটো বেয়া কৰি গৈ থাকিলোঁ।

 

(২)

এবাৰ ঘৰৰ ওচৰৰ খুড়ী এগৰাকীৰ লগত ডিব্ৰুগড়লৈ গৈছিলোঁ বাছত। খোৱাঙৰ ওচৰত কিবা কাৰণত বহু সময় পথ বন্ধ হৈ আছিল। মানুহবোৰ বাছৰ পৰা নামি ইফালে সিফালে ঘূৰি ফুৰিছে। বিহুৰ বতৰ। মানুহ এঘৰৰ ফুলনীত বৰ ধুনীয়াকৈ গোলাপ-তগৰ ফুলবোৰ ফুলি আছে। বাছত আমাৰ আগৰ চিটত বহা ল’ৰা এটাই ফুলনীৰ মালিকৰ লগত বহুসময় কথা পাতি আছিল আৰু আহিবৰ সময়ত তগৰ এসোপা খুজি অনা দেখিলোঁ আৰু বাছত উঠি বপুৰাই ফুলখিনি মোলৈ আগবঢ়াই কৈছে, “লোৱা তোমালৈকে আনিলোঁ।”  চিনি-জানি নেপাওঁ ক’ৰ ল’ৰা, কি কৰোঁ, কি নকৰোঁ কৈ থাকোঁতে খুড়ীয়ে কৈছে, 

“লোৱা আকৌ ইমান ধুনীয়া ফুলখিনি।”  

কি কৰিম, ল’লোঁ আৰু পিচে সেইজন কোন আছিল, ক’লৈ গৈছিল একোকে গম নেপালোঁ আজিলৈকে। খুড়ীয়েহে চল পালেই জোকাইছিল, তোমাৰহে ভাল পায়, বাটে-ঘাটেও ফুল যঁচা মানুহ পোৱা।

  

(৩)

হোষ্টেলত থাকোঁ। কাৰোবাৰ ভিজিটৰ গ’লেই খুউব জোকাওঁ। অৱশ্যে নিজৰ ৰূমৰ পৰা নহয় দেই, বেলেগৰ ৰূমৰ খিৰিকীৰ পৰাহে। এদিন বৰ ধুনীয়া ডেকা এজন অহা দেখি আৰম্ভ কৰিলোঁৱেই নহয়, 

“হেৰা হেণ্ডচাম, চাওঁ এইফালে, কেই নম্বৰ ৰূমৰ পৰা মাতিম? ক’ৰ পৰা আহিছা?” 

নাই হেণ্ডচামে পাত্তাই নিদিলে। অলপ পিছত চুপাৰৰ ফালৰ পৰা নিমন্ত্ৰণ আহিল, ৫ নম্বৰ ৰূমত এতিয়া কোন কোন ছোৱালী আছে এতিয়াই মোৰ ৰূমলৈ আহা। গ’লোঁ আৰু মাতিছে যেতিয়া। গৈহে অৱস্থা কাহিল। হেণ্ডচামে চাহত চুমুক দি আছে আৰু চুপাৰে আমাক জাৰিছে। এয়া নতুন ছাৰ তোমালোকৰ, ইক’নমিক্সৰ। কাৰ কাৰ আছে এইটো বিষয়? মই ক’লোঁ, “মোৰ আছে ছাৰ”। তাৰ পিছত নতুন ছাৰক মাফ খুজি কাণ-মূৰ মোহাৰি ৰূমত সোমাই থাকিলোঁহি।

   

এদিন আকৌ ৰূমমেটৰ ভিজিটৰ আহিছিল। তাইৰ মাহীয়েকৰ ল’ৰা, ডুলীয়াজানৰ লগত আৰু এজন। সেইদিনা তাই ঘৰলৈ গৈছিল। গতিকে নাই বুলি ক’লত তেওঁলোক যাবলৈ ওলাল। মই লাহেকৈ ক’লোঁ, 

“যায় যদি যাওক পিচে হাতত অনা টোপোলাটো আমাকে দি থৈ যাওক আকৌ ইমান দূৰ ঘূৰাই নিবনে? আমি  আপোনাৰ ভনীয়েকৰ ৰূমমেটহে।” 

হাঁহি মাৰি টোপোলাটো দি ক’লে, sorry বেয়া নেপাবা, পাহৰিছিলোঁৱেই। আমি বোলো বেয়া আপুনিহে নেপাব, আমি নল’লে ভনীয়েকে গম পালে আমাকে বেয়া পাব। তাৰপিছত আলহীক বিদায় দি বেলেগ জমনি আমাৰ মাজত।

  

(৪)

 এইবাৰ কলেজৰ পিছৰ জীৱনৰ দুটামান জমনি কওঁ। 

এবাৰ উইংগাৰ এখনত উঠি যোৰহাটলৈ গৈছিলোঁ। লগত মোৰ ভণ্টী আৰু ল’ৰা-ছোৱালী দুটা। ড্ৰাইভাৰৰ কাষৰ চিটটোতে আমি চাৰিওটা বহিলোঁ। দুজনীৰ কোলাত ল’ৰা-ছোৱালী দুটা। অলপ পিছত আৰু এজন মানুহক তাত বহিবলৈ দি আমাক ইফালে যাওক, সিফালে যাওককৈ হেণ্ডিমেনে চিঞৰি আছে। মই বোলো দুটাক কোলাত লৈছোঁ এইজনক আকৌ ক’ত ল’ম? সি কৈছে এইটো চিটত তিনিজন বহেই। মই বোলোঁ, নোৱাৰোঁ বহাব। তেতিয়া হেণ্ডিমেনে মোক কৈছে, আৰু ডাঙৰ বডি লৈ আহিব লাগিছিল। 

মই বোলোঁ, “হেৰৌ এতিয়া ঈশ্বৰে ডাঙৰ বডি দিছেই যেতিয়া, বডিটো ঘৰত থৈ আহিলেহে হ’ব।” 

কথা শুনি হেণ্ডিমেন পলাল আৰু সিজন যাত্ৰীও বেলেগ গাড়ীত বহিলগৈ। 

(৫) 

এবাৰ বাইদেউ এজনী আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। দেউতাই সুধিলে,

: ঘৰত ভাল নহয়, দাদা ঠিকেই আছেনে? 

তেতিয়া বাইদেৱে লৰালৰিকৈ উত্তৰ দিছে, 

: ঔ আই কিনো ক’ব, দাদাৰ টেংকীটো ফুটিল নহয়, কামলৈ অহা-যোৱা কৰিবলৈ বৰ অসুবিধা হৈছে। 

টেংকী মানে, দাদাৰ বাইকৰ টেংকী ফুটিছিল তাকে ভনীয়েকে লৰালৰিকৈ উত্তৰ দিওঁতে দাদাৰ টেংকী ফুটাই দিলে। 

(৬) 

যোৱা লোকসভাৰ ইলেকশ্যনত ভোট দিবলৈ গৈ হোৱা অভিজ্ঞতা এটা জনাওঁ। 

ভোটকেন্দ্ৰৰ দীঘলীয়া শাৰীত থিয় দি দি অৱশেষত ৰূমৰ দুৱাৰমুখ পাইছোঁ, এইবাৰ সোমাম আৰু ৰক্ষা! এনেতে আহিল নহয় এগৰাকী, বোলে ৬০ বছৰৰ ওপৰৰ

মহিলা, গতিকে মই অলপ ৰৈ তেখেতক সোমাবলৈ দিব লাগে। আঁতৰি দিলোঁ আৰু কিনো কৰিম। তাৰপিছত সোমাবলৈ লওঁতে আকৌ আহিল এগৰাকী বোলে, ঘৰত দুমহীয়া কেঁচুৱা থৈ আহিছে দেৰি হৈ গৈছে, গতিকে মই তেওঁক সোমাবলৈ বাট এৰি দিব লাগে। মই বোলোঁ, হ’ব যাওক। এইবাৰ মই সোমাম আৰু! এনেতে আকৌ এজনী আহিল নহয়, বোলে প্ৰেগনেণ্ট মহিলা ৰৈ ৰৈ কষ্ট পাইছে। মই বোলোঁ এইবাৰ নহ’ব। মাথা বেয়া হৈ গৈছে। চাওঁ আঁতৰক, 

আপোনাৰ লগতে পোৱালী আছে, মই এইমাত্ৰ কেঁচুৱা জন্ম দি হস্পিতালতে এৰি থৈ আহিছোঁ আৰু ৰ’ব নোৱাৰোঁ দেই। মোৰ কথা শুনি পুলিচজনে হাঁহি এটা মাৰি যাওক বাইদেউ আপুনি ভোটটো দি আহকগৈ বুলি কৈ মোক তামোল এখনো খুৱাই পঠিয়ালে।

 

লেটেষ্ট…. সেইদিনা ল’ৰাটোৱে বৰ দুখত কৈছে, জীয়েৰক যে আগতে জন্ম দিলা মোক আগতে জন্ম দিব নোৱাৰিলা? মই বোলো তই অনলাইন এপ্লাই নকৰিলি আকৌ আগতে। সিও কম নহয় লগে লগে টেপেককৈ মাতিছে,  “কৰিছিলোঁ কিন্তু নেটৱৰ্ক নাই আকৌ, বাৰে বাৰে লিংক ফেইলাৰ…..”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.