ফটাঢোল

জীৱনৰ ইটো সিটো- চবিনা ইয়াছমিন

লক ডাউনৰ সময়চোৱাত সময়সূচীৰ তালিকাখনৰ বিশেষ পৰিৱৰ্তন ঘটা নাই৷ সদায়ৰ দৰে আজিও বিছনাৰ পৰা উঠি বেলকনিলৈ আহি বহিলোঁ৷ সময় সেয়াই; পুৱা ৫ মান বাজিছে৷ আজিকালি সেইটো সময়ত নিজেই সাৰ পাই যাওঁ৷ আগতে এলাৰ্ম দিব লগা হৈছিল৷ দেখিলোঁ আজি পকা আলিটোত ঢেৰ পাৰ চৰাই৷ আনকালে ইমান নেদেখোঁ৷ পটকৈ মনত পৰিল৷ যোৱা নিশা শোৱাৰ আগতে ৰাস্তালৈ কেইটামান চাউল চটিয়াইছিলোঁ৷ এইবাৰ বিহু বুলি ঢোলৰ চাপৰ এটাকে নুশুনিলোঁঁ৷ এনেই হোৱাহ’লে এই সময়ত দূৰদূৰণিৰ পৰা একো নহ’লেও ঢোলৰ মাত এটা ভাঁহি আহিলে হয়৷ এতিয়া সময়বোৰেই তেনেকুৱা৷ হয়তো সকলো মানুহেই বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তিত৷ দুদিনমান আগতে ৰাতি দাদা আৰু ভাইটিহঁতে অনাগত দিনবোৰত হ’ব লগা অসুবিধাবোৰৰ কথা পাতি আছিল৷ আমি প্ৰচুৰ পৰিমাণে খাদ্য উৎপাদন আৰু সঞ্চয়ৰ কথা চিন্তা কৰিব লাগে৷ যিসকলৰ নিজা মাটি আছে তাত কিবা এপদ ৰোৱাৰ চিন্তা কৰিব পাৰি৷ স্বাস্থ্যৰ পক্ষেও ভাল৷ বহি বহি আমনি লগা সময়বোৰো সুন্দৰকৈ পাৰ হৈ যাব৷ সকলো সমস্যাৰ সমাধান থাকিলেও যদি খাদ্য সমস্যাই দেখা দিয়ে মানুহৰ জীৱনলৈ সেয়া হ’ব এক সাংঘাতিক প্ৰত্যাহ্বান৷ তাৰ মাজেৰেই আমি যুঁজি যাব লাগিব৷ হয়তো কোনোবা হাৰি যাব আৰু কোনোবা জিকি যাব৷ আকৌ এখন নতুন পৃথিৱীৰ সূচনা হ’ব৷

আজি আইতাৰ সেই বাৰী দুখনলৈ বৰকৈ মনত পৰিছে৷ জীৱনটোত সাঁচি থ’ব পৰাকৈ মামাহঁতৰ ঘৰৰ স্মৃতিখিনিয়েই মোৰ অমূল্য সম্পদ৷ মানুহবোৰ লাহে লাহে আঁতৰি গ’ল৷ এই আঁতৰি যোৱাৰ বেদনাবোৰ সময়ে পুৰণো কৰি গৈ থাকিল যদিও স্মৃতিৰ জোলোঙা কোনো দিনেই পুৰণ নহ’ল৷

তেতিয়া আইতাই খুব পাচলিৰ খেতি কৰিছিল৷ চাহ বাগিছাৰ কোৱাৰ্টাৰত বাৰী কৰিব পৰাকৈ বহুত ঠাই আছিল৷ সমুখৰফালে এখন ধুনীয়া ফুলনিও কৰিছিল৷ কেইবাজনীও জাৰ্চি গাই আছিল৷ গাখীৰ ইমান বেছিকৈ উৎপাদন হৈছিল যে বিপিন দাদাহঁতে আইতাৰ পৰা গাখীৰ কিনি বেচিছিল৷ পাচলিৰ আকাল কোনো দিনাই দেখা নাছিলোঁঁ৷ সাপ্তাহিক বজাৰত আইতাই বাগিছাৰ দুজনমান ল’ৰা বজাৰলৈ পাচলি বিক্ৰী কৰিবলৈ পঠিয়াইছিল৷ আইতাই তাৰ বাবদ সিহঁতক টকাও দিছিল আৰু সপ্তাহটোৰ বাবে খাব পৰাকৈ পাচলিও দি পঠিয়াইছিল৷ আনকি পাচলি বেচা টকাৰে আমাক সোণৰ কাণফুলিও গঢ়াই দিছিল৷ ঘৰৰ গাখীৰৰ যিহেতু অভাৱ নাছিল আইতাই ঘৰতে ঘিউ তৈয়াৰ কৰিছিল৷ এখন ডাঙৰ কেৰাহীত গাখীৰৰ সৰবোৰ গৰম কৰি পুৰি পুৰি ঘিউ তৈয়াৰ কৰা সেই দৃশ্যটো আজিও মোৰ স্পষ্টকৈ মনত আছে৷ এই ঘিউ তৈয়াৰ কৰা কামটো কিন্তু আইতাই মূল পাকঘৰত কৰা নাছিল৷ বাহিৰলৈ ওলাই আহিয়েই একাষে আন এটা কেঁচা ঘৰ আছিল৷ তাত ঢেঁকীশালৰ লগতে এটা চৌকা আছিল৷ সেই চৌকাতে আইতাই ডাঙৰ কেৰাহীখনত ঘিউ তৈয়াৰ কৰে৷ গোন্ধটো বৰ উৎকট৷ মোৰ সহ্য নহয়৷ আইতাই ভেকাহি মাৰি কয়, “বৰ একেবাৰে মেমনীজনী উলাইছে দেখা৷” মই খঙতে কাষৰে মণিৰূপাহঁতৰ ঘৰলৈ লৰ মাৰোঁ৷ এতিয়া আৰু সেই দিন নাই৷ গৰুও নাই, বাৰীও নাই৷ মুঠতে গতানুগতিক এক চহৰীয়া জীৱন৷ চাহ বাগিছাৰ কোৱাৰ্টাৰত পাৰ কৰা সময়বোৰ বাৰুকৈয়ে মনত পৰে৷

তেতিয়া মই যোৰহাটৰ লিচুবাৰীত অৱস্থিত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত পঢ়ি আছিলোঁ আৰু মই যিহেতু আইতাৰ ঘৰত আছিলোঁ, নাগাধুলি পৰা যোৰহাটলৈ আহিব লাগে স্কুললৈ৷ ৰাতিপুৱা সদায় আইতাই গৰম গৰম শুকান ৰুটিত ঘিউ আৰু চেনি সানি খাবলৈ দিয়ে৷ লগত এটা লোকেল কণী আৰু এগিলাচ গাখীৰ৷ মামাই ৰাজদূতত বহাই বাছত তুলি থৈ যায়৷ নাগাধুলিৰ পৰা যোৰহাটলৈ তেতিয়া দুখনেই ডাইৰেক্ট বাছ চলিছিল৷ দেৱদাৰু আৰু শৰাইঘাট ট্ৰেভেল্‌চ৷ সেই দুখনত আহিব নোৱাৰিলে মহা সমস্যা৷ কিবাকৈ মিচ কৰিলে দুখন বাছ সলনি কৰিব লাগে৷

এদিনৰ কথা৷ মামা আকৌ দুদিনমানৰ পৰা খুব ব্যস্ত৷ বাগানত পাত তোলাৰ চিজন টাইম চলি আছে৷ পুৱা পাঁচ বজাতে বাগানলৈ যায়৷ সাতমান বজাত চাহ খাবলৈ এবাৰ আহি মোক বাছত তুলি পুনৰ বাগানলৈ যায়৷ সেইদিনাও মই স্কুললৈ যাবলৈ সাজু হৈ ৰৈ আছোঁ৷ মামা আহি পোৱা পলম কৰিছে৷ বাছখন গুচি গ’লে বৰ অসুবিধা হ’ব৷ আইতাই বিনা কাৰণত স্কুল খতি কৰিবলৈ কেতিয়াও নিদিয়ে৷ তেনেতে আকৌ কাষৰ ভাগৱতী খুৰাই মাত লগালে, “ঐ মানু তই আমাৰ অংকুশৰ লগতে গুচি যা৷ ই যোৰহাটৰ প্ৰিন্স অব ৱেল্স ইনষ্টিটিউটলৈ যাব৷” মই ভালেই পালোঁ৷ ইমান দূৰ বাট মটৰচাইকেলত যাব পাৰিম৷ না মানুহৰ ঠেলা-হেঁচা, না বাটে বাটে ৰৈ মানুহ তুলি তুলি যোৱা বাছৰ সেই আমনিদায়ক পৰিবেশ৷ আৰামত যাব পাৰিম অংকুশ দাৰ লগত গ’লে৷ তদুপৰি অংকুশ দাৰ দেহৰ পৰা ভাঁহি অহা সেই মন মতলীয়া কৰা লেভেনডাডিউ পাউদাৰৰ সুগন্ধ! কথাবোৰ ভাবিয়েই মন ভাল লাগি গ’ল৷ মই আইতাক চিঞৰ এটা মাৰি ক’লোঁ বোলো, “আইতা মই আজি অংকুশ দাৰ লগত যাওঁ স্কুল৷” আৰু একে দৌৰে আহি ভাগৱতী খুৰাহঁতৰ ঘৰৰ চোতাল পালোঁহি৷ একে জাঁপে মটৰচাইকেলত উঠি বোলো, “ব’লা অংকুশ দা৷”

আইতাই বোলে, “অংকুশ তোৰ ঘূৰি অহা সময়টো যদি এইৰ স্কুল ছুটি হোৱা সময়টোৰ লগত মিলে একবাৰে লগতে লৈয়ে আনিবি৷” সেই সময়ত যোৰহাট মৰিয়ণিৰ ৰাস্তা অত্যন্ত বেয়া৷ গতিকে সময় লাগিব যোৰহাট পাওঁতে৷ খৰধৰকৈ অংকুশ দা আৰু মই যোৰহাট অভিমুখী যাত্ৰা আৰম্ভ কৰিলোঁ৷ সি মাজে মাজে দুই এটা গানৰ কলি গুণগুণাই,

: জোনালী যদি তুমি মোৰ সাৰদী আকাশৰ…

তাৰ পিছত সি কয়,

: পিছৰখিনি গা আকৌ৷

মই তাৰ অলপ কাষ চাপিগৈ গাওঁ,

: সোণালী ঢৌ হোৱা মোৰ জোনাকী পোহৰৰ…

সি জোৰকৈ হাঁহে৷ মানে মই গানটোৰ সুৰ তাল সকলো খেলিমেলি কৰি দিওঁ৷ মই খঙতে মুখ ফুলাই আহি থাকোঁ৷ সি আকৌ গুণগুণাই,

: ঢৌ তুলি নাছিলে বুকু…

মই মনে মনে থাকোঁ৷ অংকুশ দাই পিছলৈ ঘূৰি মোলৈ চাই কপালৰ চেলাউৰি উঠাই কয়,

: কি হ’ল? গা আকৌ৷

মই বোলো,

: নাগাওঁ৷ তুমি হাঁহি দিয়া মই গান গালে৷

সি বোলে,

: ঠিক আছে গা৷ এইবাৰৰ পৰা কান্দিম তেনে৷

মই থেনথেনাওঁ৷ অংকুশ দাই মটৰচাইকেল ৰখাই কয়,

: গান নাগাৱ যদি তোক স্কুললৈ নিনিওঁ৷ সেই বাগানৰ মাজত এৰি থৈ গুচি যাম৷ সেইখন বাগানত শুনিছোঁ দুদিনমানৰ পৰা বাঘ ওলাইছে৷ তোক ধৰি খাই থ’ব৷

মই ভয়তে তাৰ সুৰত সুৰ মিলাওঁঁ৷ সি পুনৰ গায়৷

: ঢৌ তুলি নাছিলে বুকু…

: দেখি কাৰ হৰিণী চকু…

: নকওঁ নকওঁ মই কাকো, কোৱা মানা…

: জানো জানা…

এইবোৰ ধেমালিৰে মই গৈ স্কুল পাওঁ৷ মটৰচাইকেলৰ পৰা নামি দেও দি দি গৈ স্কুলৰ গেট নুসুমুৱালৈকে অংকুশ দাই মোক চাই থাকে৷

আবেলি ৩ বজাত স্কুল ছুটি হ’ল৷ মই দেখিলোঁ অংকুশ দা স্কুলৰ গেটৰ বাহিৰত ৰৈ আছে৷ আমনজিমনকৈ আহি মটৰচাইকেলত উঠিলোঁহি৷ সদৰ তিনিআলিত বৰফৱালাটো দেখি অংকুশ দাই সুধিলে,

: বৰফ খাবি?

মই নাখাওঁ বুলি ক’লোঁ৷ সি মন কৰিলে মই মন মাৰি থকা৷ সি মোক জোকাবলৈকে সুধিলে,

: বোলো আজি আমাৰ সোণজনীৰ মন বেয়া কিয়?

মই মনে মনে আহি থাকিলোঁ৷ অংকুশ দাই কিবাকিবি গানবোৰ গুণগুণাই আহি আছে৷ মই তাৰ পিঠিতে মূূূূৰটো পেলাই শুনি আহি আছোঁ৷ পুনৰ সেই চিনাকি লেভেনডাডিউ পাউদাৰৰ সুবাসেৰে চৌদিশ আমোলমোল….সি আকৌ সুধিলে,

: স্কুলত কোনোবাই কিবা ক’লে নেকি?

মই উপায় নাপায় ক’লোঁ আৰু৷ এনেও অংকুশ দাই কাৰণটো নজনালৈকে ক’ত এৰিব?

: অংকুশ দা আজি আমাৰ লগৰ এজনীয়ে কৈছে তাই হেনো দেৱতাৰ জীয়েক৷ আমাৰ স্কুলৰ পিছফালে থকা মৰিশালিখনত তাই ভুত এটা বান্ধি থৈছে৷ যদি আমি তাইৰ লগত কেতিয়াবা কাজিয়া কৰোঁ, তাই আমাৰ গাত সেই ভুতটো মেলি দিব আৰু আমাৰ লগতে ঘৰৰ সবকে মাৰি পেলাব৷ আজি তাই মোৰ টিফিন মনে মনে খায় পেলালত মই তাইক টানকৈ ক’লোঁ৷ তাই বোলে আজি মোৰ গাত ভুতটো মেলি দিছে৷

অংকুশ দাই হঠাৎ মটৰচাইকেলখন ৰখাই দিলে৷ ঘপকৈ মোলৈ ঘূৰি চাই চকু দুটা টেলেকা কৰি ক’লে,

: ইয়েই হয় নেকি? সেয়ে তোৰ চকু দুটা ইমান ৰঙা হৈ পৰিছে৷ আৰে চুলিবোৰোচোন কিবা আউলিবাউলি! আৰু চাওঁ চকুৰ গুৰিবোৰোও ক’লাচোন৷ হে প্ৰভু মোক বচোৱা!

সি আকাশলৈ চাই হাতযোৰকৈ ঈশ্বৰক চিন্তিলে৷ ময়ো ভয়ত কিবা হৈ গৈছোঁ৷ চকুপানীৰে বাট নেদেখা হৈছোঁ৷ অংকুশ দাই পুনৰ ক’লে,

: দেৱতাৰ জীয়েক তাই৷ তই সাধাৰণ টিফিনটোৰ বাবে বেয়াকৈ ক’বলৈ কিহে পাইছিল৷ মৰ এতিয়া৷

মই দিলোঁ ৰাস্তাতে ভেঁ ভেঁকৈ কান্দি৷ মোক কন্দা দেখি অংকুশদা মটৰচাইকেলৰ পৰা নামি জোৰকৈ হাঁহি মোকো হাতত ধৰি টানি নমাই ৰিয়েৰ ভিউ গ্লাচখনত মুখখন চাবলৈ ক’লে বোলে,

: পাগলী ক’ত চকু ৰঙা পৰিছে চা৷ তই ইমান আকৰী৷ লগৰবোৰে কেতিয়াবা তোক বেচি দিবও পাৰিব৷ এইহেন যুগতো মানুহে ভুত বিশ্বাস কৰে নে?

অংকুুশ দাই আলফুলে মোৰ মুখখন হাতেৰে তুলি ধৰি চকুপানীবোৰ মচি দি অলপ আগলৈ হাওলি ক’লে,

: তই সলনি নহ’বি৷

মই হাঁহি দিলোঁ৷ পুনৰ আমি মৰিয়ণি অভিমুখে আগবাঢ়িলোঁ৷ মই ভালপাওঁ বাবেই সেইদিনা অংকুশ দাই মটৰচাইকেলখন বেঁকাবেঁকিকৈ চলাইছিল৷ এটি গান অংকুশ দাই পুনৰ গুণগুণালে,

: ইমান ধুনীয়াকৈ কোনে সৰজিলে, কোনে সৰজিলে, কোনে নামে দিলে মানু….

দুয়োটাই হাঁহো জোৰকৈ৷ মোৰ অবাধ্য চুলিবোৰে বতাহত অংকুশ দাৰ গাল-মুখ স্পৰ্শ কৰে৷ মই আঁতৰাই দিব খুজিলে সি মোৰ হাতখন ধৰি বাধা দিয়ে৷ মই চাই ৰওঁ ৰিয়েৰ ভিউত মাজে মেজে অংকুশ দাৰ চকুযুৰি, যাৰ আঁৰত লুকাই আছিল কোনো দিনেই প্ৰকট হ’বলৈ নিদিয়া মোৰ প্ৰতি থকা অজস্ৰ ভালপোৱা৷

☆ ★ ☆ ★ ☆

16 Comments

  • মুনমুন

    কিবা যেন মোহাচ্ছন্ন কৰিব পৰা কাহিনী। প্ৰেম প্ৰেম সৰ্বত্ৰ নিকা প্ৰেম।

    Reply
    • পঢ়ি চোৱাৰ বাবে ধন্যবাদ৷ জীৱনৰ কিছুমান কাহিনী কেতিয়াবা সোঁৱৰি ভাল লাগে৷ তেনেকৈয়ে লিখি পেলাওঁ৷❤️

      Reply
  • নয়নমণি দত্ত

    মুঠতে অংকুশ দা মেইন আৰু ন …….
    ভাল লাগিল

    Reply
    • ধন্যবাদ৷ হেঃহেঃ! অংকুশ মেইন নহয়, কিন্তু জীৱনৰ ভাল লগা কিছু মুহূৰ্ত নিসন্দেহে অংকুশ দা৷😊

      Reply
  • এক মিঠা অনুভৱ ! খুব ভাল লাগিল বা ৷

    Reply
  • পূৰ্ণময়ী

    একোনত সাঁচি ৰখা মৰমবোৰ,যিয়ে কেতিয়াবা মলমৰ কাম কৰে।

    Reply
    • কেতিয়াবা ভাল লাগে অতীতক সোঁৱৰি৷😊

      Reply
  • HEMANTA KAKATI

    বৰ ধুনীয়া লাগিল চবিনা৷ বিউটিফুল

    Reply
  • Sadananda Bhuyan

    বহুত বহুত ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বাহ! সুন্দৰ!

    Reply
  • জিতু শৰ্মা

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.