ফটাঢোল

জীৱনৰ জীয়া কাহিনী- ইলি তালুকদাৰ

শিক্ষয়িত্ৰী আছিলোঁ। বিদ্যালয় বন্ধ হ’লে দুই এঘৰলৈ থকাকৈ গৈছিলোঁ। বিশেষকৈ গৰমৰ বন্ধ, পূজাৰ বন্ধ, আৰু ডিচেম্বৰ মাহৰ বছৰেকীয়া পৰীক্ষা যোৱাৰ পিছৰ বন্ধত ফুৰিবলৈ যোৱাটো কৰ্তব্য বুলি ধৰি লৈছিলোঁ। ফুৰিবলৈ যাবলৈ দুঘৰেই বাচি লৈছিলোঁ। ১ – ল’ৰাৰ মামাকৰ ঘৰ, ২ – তাৰ মাহীয়েকৰ ঘৰ।

বছৰেকীয়া পৰীক্ষা আহিল। বহুত ফুচুলনি আৰু মোৰ ফণীৰ কোব পৰাৰ পাছত গধূলি সাতমান বজাৰ পৰা ৯ মান বজালৈ টেবুলৰ কাষত থাকে। মাজতে ৪ বাৰমান ইউৰিনেললৈ যায়। চাৰিবাৰমান পাকঘৰত সোমাই কি ৰান্ধিছোঁ তাৰো খবৰ লয়। কিবাকৈ পৰীক্ষাটো শেষ হ’ল। ল’ৰা মস্ত অঘাইটং। পৰীক্ষা দি উঠাৰ পাছত তাৰ উৎপাতত ৰ’ব নোৱাৰোঁ। ভাবিলোঁ ভণ্টিৰ ঘৰতে থৈ আহোঁ। পৰীক্ষাৰ উত্তৰ বহীবোৰ চোৱা হ’লে গৈ তাক লৈ আহিম। সেইমতে বেগ এটাত তাৰ পিন্ধা উৰা কাপোৰ কেইযোৰমান, কলম এটা, ছবি আঁকি ভাল পাই বাবে কাঠপেঞ্চিল এডাল, ৰবৰ এটুকুৰা, বহী এখন সুমুৱাই দেউতাকৰ লগত গুৱাহাটীলৈ পঠালোঁ।

মাহীয়েকে তাক পাই ভালেই পালে। ভিনিহিয়েকক, তাৰ আলপৈচান ধৰিবলৈকে পঠোৱা ছোৱালীজনীক আৰু তাক চাহ জলপান খুৱাই মাহীয়েকে ক’লে, “বাপু, পৰীক্ষা কেনে হ’ল? দিলিনে ভালকৈ?”

সি  টপৰাই মাত লগালে, “মাহী মোৰ নাম বাবু, বাপু নহয়। পৰীক্ষা দিলোঁ। হৈছে আৰু কিবা এটা।” মাহীয়েকে ভাবিলে, ধেই, ই দেখোন মস্ত কালান্তক। ইয়াক বাইদেৱে লাই দি দি নষ্ট কৰিছে, ঠিক লগাম মই বাপ্পেকে এইবাৰ ইয়াক।

দেউতাকে তাক থৈ উভতি আহিল। প্ৰথম দিনা ঠিকেই আছিল। দ্বিতীয় দিনাৰ পৰা তাৰ দাদাগিৰি আৰম্ভ। মাহীয়েকৰ ল’ৰা সমনীয়া ভায়েকক লৈ সৰু চাইকেলখন লৈ টলৌ টলৌকৈ ঘূৰি ফুৰে। দিনত যি যি ঠাই ঘূৰি আহিল সেইবোৰ ৰাতি মেপৰ দৰে আঁকি ৰাখে। হুবহু আঁকে। মেপ চাই গাঁওখনৰ ৰাস্তা ঘাট তাত থকা অনুষ্ঠান, প্ৰতিষ্ঠান আদিৰ বিষয়ে সুন্দৰ আভাস পাব পাৰি। মুঠতে প্ৰতিদিনেই একোটা নতুন আৱিষ্কাৰ। পাঁচ, ছয়খন গাঁৱৰ মেপ ওলাই গ’ল সেই সপ্তাহটোত। ভনীৰ মূৰ গৰম।

“কি অঘাইটং ছলি এ” বুলি মোক মোবাইলত মেছেজ দিয়ে। মইতো জানোৱেই। জানি বুজিয়েতো কিছুদিন সকাহ পাবলৈ তাইৰ তালৈ পঠিয়াই দিছোঁ।

ওলোটাই তাইক মেছেজ দিওঁ, “ঘৰত দেখোন একো বদমাছি নকৰে। তোৰ তাত বা কেলেই কৰিছে। নে মিছাকৈ লিখিলি?”

তাই জ্বলি যায়, মোৰ মেছেজ পঢ়ি। কান্দি কান্দি এইবাৰ ফোন লগায়। উস, কি যে কৰোঁ নহয় মই। শেষত মই লাহে লাহে বুজাওঁ, হ’ব দে। দুদিনমান ঘূৰি ভাগৰ লাগিলে ঘৰত বহিব। তাইক সৈমান কৰাবলৈ মোৰ সময় লাগে, তথাপিও মেনেজ কৰোঁ কিবাকৈ।

এদিনৰ কথা। দেওবাৰ। গোটেইকেইটা ঘৰত। মাহীয়েকে দুপৰীয়া খাই বৈ বিছনাত পৰোতে টোপনি গ’ল। সি তাৰেই অপেক্ষাত আছিল চাগৈ। মাহীয়েকৰ মুখত নীলেৰে দাঢ়ি, গোফ আঁকি থ’লে। মাহীয়েকে গমেই নাপালে। আবেলি মানুহ এজন আহিল। সি মাহীয়েকক মানুহ অহা খবৰ দি তাৰ পৰা পলাল। মাহীয়েকেও খপজপকৈ উঠি আহি মানুহজনক মাত লগালে। মানুহজনে লাজতে মুখ ইফাল সিফাল কৰা দেখি তাই আচৰিত হৈ কি হ’ল সোধাত তেওঁ তাইক মুখখন ধুই আহিবলৈ ক’লে। তাই দৌৰি ভিতৰ সোমাই আৰ্চীত মুখ চাই হতভম্ব।

লাজে অপমানে তাই মানুহজনক পাছত আহিবলৈ কৈ বাবুক বিচাৰি ধৰি লৈ আহি ঠিক পিটন দিলে, লগত অজস্ৰ গালি – “নিলাজ, নিধক, নিকম্মা, ধৰতী কা বোজ, তোক কি খাই জন্ম দিছিল মায়েৰে হা?” কোব খাই সিও ফেট দি উঠিল, “কি গালি এ এইমাখা? গালি, মাৰ খাই খাই গঁড়ৰ ছাল হেন হৈছে মোৰ। মাৰ গালি শুন্বা? শুনা, শগ্নে খাৱা, মৰঙে মাৰা, জহনীত যাৱা, ভুচু উঠা, তেলত জুই লাগা, পুলপুইলা, চুলচুইলা, ভৰ ঘূমটিত হাগা লাগা….. আৰু কিমান আছে, পাহেৰি যাউ হা মাহী। ইবেৰ লেখি ৰাখিম দা। তুমাক দিম। তুমি মোক খং উঠ্লি গালি দিবা পাইৰবা।” কৈ কৈ সি মাহীয়েকৰ কাষৰ পৰা আঁতৰি গ’ল।

আন এদিনৰ কথা। মাহীয়েকে বন কৰা ছোৱালীজনীক তাইৰ নামটো ফলিত লিখি দহবাৰ লিখিবলৈ দি কিবা কামত লাগিল। দেখা পালে মোৰ অঘাইটংটোৱে। কোনে পায় আৰু। ফলিৰ নামটো মচি সি আন এটা নাম লিখি ক’লে – “লিখি থ। মাহীয়ে চাব।” তায়ো ভয়তে বাবুৱে লিখা নামটো দহবাৰ লিখি মাহীয়েকক দেখুৱাবলৈ গ’ল। ফলিত লিখা শব্দটো পঢ়ি মাহীয়েকৰ চুৰ্তি হেৰাল। (শব্দটো মই ইয়াত নিদিলোঁ, স্কুলত শুনিছিল সমনীয়াৰ মুখত। ল’ৰাজনে শিক্ষকৰ কোব খাইছিল বাবে বাবুৰ মনত ভালকৈ ৰৈ গ’ল আৰু সি তাকেই ব্যৱহাৰ কৰিলে সুবিধা পাই)

মাহীয়েকে চিঞৰিবলৈ ধৰিলে, “অ’ বোলো মই তোৰ নামটোহে লিখি দিছিলোঁ। এই শব্দটো ক’ৰ পৰা আহিল? কোনে দিলে লিখি তোক? ক’তে মৰোঁ মই? উস।” মাহীয়েকৰ হিয়ালি জিয়ালিখন দেখি তাই ক’লে, “বাবু আহিছিল মোৰ ওচৰলৈ। সিয়ে কিবা কৰিলে চাগৈ।” মাহীয়েকৰ বুজিবলৈ বাকী নাথাকিল। তাক কাণত ধৰি লৈ আহিল আৰু অবাইচ গালি আৰম্ভ কৰিলে। “বাপ্পা ঐ কি পঠলাকে বাই মোৰ ঘৰোত ইটু। মোক দেখুন পাগ্লা কৰ্বো এ।” কথা নাই আৰু। লগালগ মোলৈ ফোন কৰিলে, “বাইদেউ অ’ মই নৰু ইয়াৰ লগোত। ই পেটত থাকোতে কি খাইছিলি হা? ৰামায়ণ, মহাভাৰত, পঢ়িবলৈ বাদ দি কি পঢ়িছিলি তই? কি সাংঘাটিক ছলি এ ই। গালি, মাৰ একোকে ভয় নক্ৰে এ। লৈ যা সোনকালে ইয়াক, নহলি হয় মই পাগ্লা হ’ম, নহয় মহাক পাগ্লা হবো।” সেইমখা বকি বকি তাই ফোনটো কাটি দিলে।

পিছদিনাই দেউতাক গৈ ওলাল। তাই সিহঁতক খুৱাই বোৱাই দৌৰাদৌৰিকৈ তাৰ বেগটো ঠিক কৰি দি ভিনিহিয়েকৰ হাতত তুলি দিলে। ভিনিহিয়েকে তাইক বেয়া পাবলৈ মানা কৰিলে। তাক আৰু ছোৱালীজনী লৈ দেউতাক ঘৰলৈ উভতিল। সিহঁতক আগবঢ়াই দি তাই মোলৈ পুনৰ ফোন লগালে, “বাইদেউ, তাহুন গেল দে। মই অলপ আগবঢ়ে থৈ আইছু। বাপ্পা ঐ, কি সাংঘাতিক বদমাছ ছলি এ ই। ইয়াক নামজ্বলা কুনবা চাইকিয়াট্ৰিকৰ কাষত লৈ যা। বহুত মাথা থাকা ছলি সি। সাধাৰণ জ্ঞানৰ যিকোনো প্ৰশ্নৰে ফটাফট উত্তৰ দিয়ে। চাবি দিয়া সৰু গাড়ীৰ ভিতৰৰ মটৰটো উলিয়াই ফেন এখন বনাই দেখুৱালে মোক। মই তাজ্জব মানিছোঁ। কিন্তু সমানে বদমাছি বুদ্ধিও আছে। যদি ভাল কামত লাগেতো ভাল। যদি বেয়া কামত মাথা খটুৱায়, সি কিন্তু শেষ হৈ যাব। বাইদেউ অ’ তাক অতি সোনকালে ডাক্তৰক দেখুৱাই ল।” একে উশাহত কথাখিনি কৈ তাই ৰৈ গৈছিল। ময়ো জানো সি বহুত বুধিয়ক ল’ৰা। কিতাপ নপঢ়াকৈয়ে পৰীক্ষা দি ভাল ৰিজাল্ট কৰি আহিছে। কিন্তু ডাক্তৰৰ কাষলৈ তাক মই নিব পৰা নাই। সি ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা ক’লেই কয়, “মোক পাগল পাইছা নেকি? ডাক্তৰৰ কাষলৈ নিবলৈ?” আমি নোৱাৰিলোঁ কোনোদিনে তাক ডাক্তৰৰ ওচৰলৈ নিবলৈ। আজিও সি আগৰ দৰেই চঞ্চল। নপঢ়াকৈয়ে ইঞ্জিনিয়াৰিং পাছ কৰি কোম্পানী এটা খুলি আৰামত চলি আছে।

পিছত অসমৰ বাহিৰৰ কেইবাজনো চিকিৎসকৰ লগত তাৰ লক্ষণবোৰ, তাৰ কামকাজবোৰৰ বিষয়ে জনাই আলোচনা কৰিছিলোঁ। গোটেই কথাবিলাক জনাই কিবা গণ্ডগোল আছে নেকি সোধাত তেওঁলোকৰ একেই উত্তৰ আছিল, সি ADHD ৰ চিকাৰ। বহুত ব্ৰিলিয়েণ্ট ল’ৰাৰ লাখৰ মাজত এজনৰ এনেকুৱা ৰোগবিধ হোৱা দেখা যায়। যদি মনঃপুত কাম পাই বহু ওপৰলৈ যাব পাৰে। যদি মনঃপুত কাম নাপাই তেনেহ’লে একো কৰিব নোৱাৰে। শেষত হতাশাত ভুগি ড্ৰাগছ আৰু মদত ধৰিব পাৰে। চৰম সীমা পালে আত্মহননৰ নিচিনা পথ বাচি লয়।

চিকিৎসকৰ কথা শুনি ভয়ত কঁপি উঠিছিলোঁ। আমাৰ একমাত্ৰ ল’ৰা সি। কিবা অঘটন ঘটালে কি হ’ব আমাৰ। ঈশ্বৰক ধন্যবাদ। সি আওবাটে নগ’ল। এডভেঞ্চাৰ প্ৰিয় ল’ৰাটোৱে বাইক আৰু চাৰিচকীয়া চলাই ভাল পায়। নিজাকৈ কোম্পানী এটা খুলিছে। ইলেকট্ৰিক চাইকেল, বাইক, চাৰিচকীয়া বাহন ৰেণ্টত দিয়ে। নিজেও সপ্তাহত এবাৰ বাহিৰলৈ যায়। ফুৰি আহি আকৌ মনপুতি কোম্পানীৰ কাম চলায়।

ধেমালিৰ চলেৰে লিখিলেও সঁচা কথা লিখিছোঁ। মোৰ ল’ৰাটোৰ দৰে আপোনাৰ ঘৰতো থাকিব পাৰে ADHD  ( Attention Deficit Hyperactivity Disorder) ৰোগী। ধৈৰ্য নেহেৰুৱাই ল’ৰাটোৰো কথা কিছু শুনক। তাৰ মনৰ কথা বুজি পাবলৈ চেষ্টা কৰক। মনোবিজ্ঞানী চিকিৎসকৰ পৰামৰ্শ লওক।

☆ ★ ☆ ★ ☆

3 Comments

  • পূৰ্ণময়ী

    বাইদেউ ভগৱানে সবকে বিশেষ কিবা এটা দি পঠাইছে। ভাল হওক তাৰ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মোৰ কাষৰ ঘৰতে আছে এনে এজন৷

    Reply
  • বন্দিতা জৈন

    বাইদেউ,,,,মোৰ মনত থকা এটা খুকোজা আপুনি ভাঙি দিলে। মোৰ ল’ৰাটোৰ মাজত ময়ো এনে ধৰণৰ বেমাৰৰ অনুভৱ কৰোঁ। যদিও নাম জনা নাছিলো। কথা বহুত কয়। মুখতে থাকে কথা। কল্পনা বহুত কৰে। আশা কৰা ধৰণে নহ’লে বহুত খং। মাজে মাজে মৰম কৰি বুজাও বুজি পায় কিন্তু পিছত আকৌ,,,,,,।দেউতাকে বেছি সময় নাপায় বাবে বুজি নাপায় তাৰ মনটো।

    Reply

Leave a Reply

Your email address will not be published.