ফটাঢোল

জীৱনৰ লক্ষ্য : বন্যাজ্যোতি দত্ত

: ডাঙৰ হ’লে কি হ’বা তুমি?

: ডাক্তৰ হ’ম। চবকে এগাল-এগাল বেজী দিম । অ’ জিকমিক বা, ডাক্তৰ হোৱাৰ পিছত মই নহয় পুলিচো হ’ম। চবকে লাঠিৰে ঢেৰ কোবাম।  হাঃ হাঃ বহুত মজ্জা হ’ব ন?

অকণমানিটোৰ কথাত বাগৰি বাগৰি হাঁহিলোঁ। কিমান সৰলতাৰে ভৰা ইহঁতৰ সৰু সৰু মনবোৰ… অলপো কৃত্ৰিমতা নাই, জটিলতা নাই।

সৰুকালৰ মইজনীলৈ মনত পৰি গ’ল। কিমান যে নাভুত-নাশ্ৰুত কাণ্ড কৰি ফুৰিছিলোঁ মই! পৃথিৱীত যদি মস্ত জেদী, নাওঁ বুৰিলেও টিঙৰ পৰা ননমা, কালৈকো কেয়াৰ নকৰা, বনৰীয়া কিহবাৰ উদাহৰণ দিব লগা হয়, সেইজনী ময়েই আছিলো। ক’ত কি কাণ্ড কৰি ফুৰিছিলোঁ ঘৰৰ মানুহে একো পাত্তাই নাপাইছিল। মূৰত অদ্ভুত অদ্ভুত চিন্তাৰ সোঁত কিছুমান বৈ ফুৰিছিল। জাপ জাপ সাধুকিতাপৰ মাজত পৰীৰ কল্পনাত মজি থকাটোৱেই আছিল মোৰ প্ৰধান আৰু একমাত্ৰ কৰ্ত্তব্য।  আৰু তাৰপৰাই এখন নিজৰ অদ্ভুত পৃথিৱী সৃষ্টি কৰি লৈছিলোঁ।

তেতিয়া মোৰ খুব বেছি পাঁচ বছৰ। মা কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত থাকে। ঘৰত ককা, আইতা, পেহী, দেতা, বা (জেঠাইৰ ছোৱালী) আৰু মই। আমাৰ ঘৰত তেতিয়া বেণু নামৰ কাম কৰা মানুহ এজন আছিল। বেণুৰ জীয়েক ভাৰতী। দেউতাকৰ লগতে তায়ো আমাৰ ঘৰতে থাকে। মোক স্কুললৈ উলিয়াই দিয়াকে আদি কৰি দুই এপদ ঘৰুৱা কামত তাই সহায় কৰি দিয়ে।

ভাৰতীৰ বিৰাট আৰাম। মোৰ দৰে হোমৱৰ্ক কৰিব নালাগে তাই, পঢ়িবও নালাগে। দিনটো ঠেঙৰ ওপৰত ঠেং তুলি  চ’নপৰী চাই থাকিব পাৰে তাই। তাইৰ বেলেগকৈ নিজৰ ফণী আছে, আইনা আছে। মোৰহে বৰ দু:খ!  লোকৰ বস্তুকেই ব্যৱহাৰ কৰিব লাগে। নিজৰ বুলি একো নাই। সেয়েহে পেটে পেটে তাইলৈ মোৰ হিংসাও হয়।

লাহে লাহে মই ভাবিবলৈ আৰম্ভ কৰিলোঁ- কাম কৰা ছোৱালীৰ লাইফটো দেখোন বিন্দাছ লাইফ! ভাৰতীৰ দৰেই যি মন যায় তাকে কৰিব পাৰি। তাৰ পাছত দিনে নিশাই মোৰ এটাই জীৱনৰ লক্ষ্য! আনৰ ঘৰত বনকৰা ছোৱালী হোৱাটো!!  কি কৰা যায় এতিয়া! ঘৰত ক’লেওটো মোক নিদিয়ে, সেয়েহে মনে মনে উপায় চিন্তিবলৈ লাগিলোঁ।

দুদিনমান ভাবি-চিন্তি প্লেন ৰেডি। এখন কাঁহী আৰু দুটা ফ্ৰক হ’লেই হ’ব। এদিন ৰাতি চব শুই থাকোতে মনে মনে ঘৰৰ পৰা ওলাই যাম। গাড়ীত উঠি দিম। য’তে ৰখায় ত’তে নামি দিম, আৰু কোনোবা মানুহেতো পাই ঘৰলৈ লৈ যাবই! আৰু যাৰ ঘৰলৈ নিব, তাৰ ঘৰতে কামকৰা ছোৱালী হ’ম মই। কিন্তু পইচা? গাড়ীত যাবলৈতো পইচা লাগিব..

তাৰপিছত পইচা গোটোৱাত লাগিলোঁ। সেই সময়ত এটকা দুটকাটোৱেই বহুত ডাঙৰ পইচা আৰু! ককাৰ পৰা, দেতাৰ পৰা খুজি খুজি পইচা গোটোৱাত লাগিলোঁ। মতলব এটাই, ১০০ টকা হ’লেই ঘৰৰ পৰা পলাই যাম।
কিন্তু কিডাল হ’ব! ফুটা কপাল। পইচা গোটালোহে গোটালো.. ১০০ টকা হ’লে কেতিয়াওঁ ন’হলগৈ!  দুৰ্ভাগ্যবশতঃ, ১০০ টকা গোট নোখোৱাৰ কাৰণতেই মোৰ ” কামকৰা ছোৱালী হোৱা ” লক্ষ্যত গৰম পানী পৰিল। নহ’লে  অতদিনে  মই লোকৰ ঘৰত কামকৰা ছোৱালী হৈ বিন্দাছ লাইফ কটাব পাৰিলোঁহেতেন! এতিয়ালৈকে পঢ়ি থাকিবলগাও নহলহেঁতেন! হায় মেৰী ফোটি কিচমত!

সৰুতে আৰু কেইটামান বস্তুৰ প্ৰতি মোৰ অদ্ভুত দুৰ্বলতা আছিল। চাঙঘৰ, দলং, ঘৰৰ চিৰি আৰু ৰিক্সা…।

স্কুললৈ কিছুমান ল’ৰা ছোৱালী ৰিক্সাত অহা যোৱা কৰিছিল। দেখি মোৰো ইম্মান ৰিক্সাত আহিবলৈ মন যায়…। মন গ’লেইনো  ক’ত পাম? বাকীবোৰ ল’ৰা ছোৱালীক মাক বাপেকে স্কুলত থ’ব যায়, আনিব যায়। আমাৰ দেতা আকৌ এদিনো গৈ নাপালে, সেইটো দুখটো আছেই… তাতে আকৌ সৰুকালৰ মন…

তেতিয়া ভাবোঁ, আমাৰ দেতা যদি ৰিক্সাৱালা হ’ল হয়! মোৰ ৰিক্সাত উঠা আৰু দেতাই স্কুলত থ’বলৈ যোৱা দুয়োটা মনৰ আশাই পূৰ্ণ হ’লহেঁতেন.. মনৰ দুখ মনতে থাকিল আৰু! দেতা ৰিক্সাৱালা হোৱাটো বিচাৰিছিলো, নহ’ল! জীৱনৰ লক্ষ্য আছিল কামকৰা ছোৱালী হোৱাটো, সেইটোও হ’ব নোৱাৰিলো!!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.