ফটাঢোল

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

: বতৰটো এনেকুৱা কৰিলেই মোৰ মূৰটো নষ্ট হয়।

: কিয়, কি হ’লনো? 

: আজি ইমান কুঁৱলী পৰিছে দেখা নাই? এই ঠাণ্ডাত এতিয়া যোৱা স্কুটী চলাই। ৰাস্তা ভালকৈ মনিবই নোৱাৰি। স্কুল পোৱালৈ গোটেই কাপোৰ-কানি তিতি অৱস্থা যে হ’ব আৰু এটা !

: তাকেইহে। ময়ো ভাবিছোঁ‌ কথাটো। এনেকুৱা বতৰত তোমাক ইমান দূৰ স্কুটী চলাই যাবলৈ দিবলৈ বেয়াই লাগে মোৰ।

: হ’ব হ’ব। ইমান দিন ক’লোঁ‌ যে গাড়ীখন শিকাই দিয়া। নাই সময় নাই। এনেকুৱা বতৰত ময়ো কেতিয়াবা স্কুললৈ গাড়ীখন লৈ যাম। নিজে গাড়ীখন নোহোৱাকৈ ক’লৈকো নাযায়। কিন্তু মোক এদিন শিকাই দিবলৈ মন নকৰে। মেখেলা চাদৰ পিন্ধি স্কুটী চলাই যোৱা, তাতে আকৌ ইমান ঠাণ্ডাত, কিমান কষ্ট আমিহে জানোঁ। এটোপ দুটোপ বৰষুণো পৰিছে। মেখেলা চাদৰৰ ওপৰত জেকেট, তাৰ ওপৰত ৰেইন কোট পিন্ধিব লাগিব। তোমালোক মতা মানুহবোৰে বুজিলেহে? ইচ্ছা কৰিলেও, বিপদত পৰিলেও চুৰিদাৰো পিন্ধি যাব নোৱাৰো মতা মানুহ কিছুমানৰ বাবে। যিহে কমেণ্ট, যিহে চাৱনি! যেন শিক্ষকে মেখেলা চাদৰৰ বাহিৰে বেলেগ পিন্ধাটো এটা অপৰাধহে!

: এইকেইদিনতে শিকাই দিম দিয়া তোমাক। পলম নকৰোঁ‌ আৰু…… নহ’লে আজি স্কুল যাব নালাগে দিয়া। ফোন এটা কৰি জনাই দিয়া। …..সময় থাকিলে অৱশ্যে আজি ময়েই থৈ আহিলোঁ‌হেতেন তোমাক। 

: তাতকৈনো বেলেগ কি ক’ব পাৰা? মই ‘চি এল’ এটা এনেই খেদাব নোৱাৰোঁ‌। মই যাম।

এইবুলি এওঁ ৰূমৰপৰা ওলাই স্কুটীৰ কাষ পালেগৈ। 

মই লৰালৰিকৈ গৈ চেল্ফত ষ্টাৰ্ট নহ’ব বুলি ভাবি ‘কিক’ডাল কেইবাৰমান মাৰি স্কুটীৰ ষ্টাৰ্ট দিলোঁ। “লাহে লাহে যাবা” বুলি ক’লোঁ‌। এওঁ গ’লগৈ স্কুললৈ বুলি।

ৰূমত সোমালোঁ। মনটো বেয়া লাগিল। সঁচাকৈ গাড়ীখন মোৰ হেলাৰ বাবেই তেওঁক শিকাই দিব পৰা নাই। এদিন নে দুদিন ‘কলেজ ফিল্ড’ত যি দুপাকমান চলাবলৈ এৰি দিলোঁ, সেয়াই। তাৰ পিছত আৰু হোৱাই নাই। বেচেৰীয়ে চিধা চিধাই নিবহে শিকিলে। ৰাষ্টাত লৈ যাবলৈ সাহ হোৱাগৈ নাই। এই ঠাণ্ডাত বৰ কষ্ট পাব বেচেৰীয়ে আজি। মই কষ্ট নোপোৱাকৈ ঘূৰি থাকোঁ‌ আৰু এওঁক ইমান কষ্টত অহা যোৱা কৰিবলৈ এৰি দিছোঁ!

: দেতা….

: কোৱা মুনু।

: তুমি বাৰু মাক গাড়ীখন কেলেই শিকাই নিদিয়া? মাৰ কষ্ট হ’লে তোমাৰ বেয়া নালাগে? মায়ে আজি কিমান ঠাণ্ডা পাব!

: দিম ৰ’বা মুনু। আজি গধূলিয়েই মাক শিকাই দিম।

: তুমি এনেই কোৱা………

ল’ৰাক মাজতে বাধা দি ক’লোঁ‌, 

: হ’ব মুনু তুমি এতিয়া গা ধুবলৈ যোৱা। তোমাৰ স্কুল আছে। 

ল’ৰা মনে মনে ৰ’ল। ল’ৰাৰ কথাখিনিত আৰু বেছি বেয়া লাগিল মনটো। নিজকে কিবা দোষী দোষী লাগিল। সাধাৰণ কাম এটা মোৰ হেলাৰ বাবে হৈ উঠা নাই।

তিনিদিন বন্ধৰ পিছত অফিচ খুলিছে। অফিচ গৈ দেখিলোঁ, মৰা জেঠি এটা টেবুলৰ ওপৰত পৰি আছে। এজাক পৰুৱাই আগুৰি ধৰিছে সেইটো। দুৱাৰৰ চুকটোৰ পৰা টেবুলৰ খুড়া এটাৰে মৰা জেঠিটোৰ বুকুলৈ পৰুৱাৰ লানি নিছিগা এটা সোঁত। “ছেঃ আজি বেয়াই চাৰিওফালে। ঘৰতো মন বেয়া কৰিলোঁ‌ আৰু এতিয়া অফিচতো । আজি চাগে ভাল নহ’ব” মনত খেলাই গ’ল ভাবটো। তথাপি, মনটোক অলপ স্থিৰ কৰি লৈ মগজুলৈ এটা সংকেত পঠিয়ালোঁ‌ “সকলো ঠিক হৈ যাব, বেছি টেনচন ল’ব নালাগে।”

এগৰাকী মহিলাই লগত অকণমানি এজনী লৈ অফিচৰ দীঘলীয়া বাৰাণ্ডাখনত ইফালৰপৰা সিফাললৈ পাইচাৰি কৰি আছে। লগত এজন আদহীয়া মানুহ। হয়তো অকণমানিজনীৰ ককাক। অকণমানিজনীৰ বয়স চাৰি বছৰমান হ’ব চাগে। থূপ থূপকৈ খোজকেইটা দি বাৰে বাৰে মাকৰপৰা বহুদূৰ আগবাঢ়ি যায়। ককাকে বেগাই গৈ ধৰেগৈ। অকণমানিজনীলৈ মৰম লাগি গ’ল মোৰ। এবাৰ দৌৰি দৌৰি মোৰ কাষ পাওঁতে মই কোঁচত তুলি ল’লোঁ‌। প্ৰথমতে অলপ দিগদাৰি কৰিছিল যদিও পিছত ঠিক হ’ল। মহিলাজনীক সুধি মই গম পালোঁ যে তেওঁ‌লোকে ৰেচন কাৰ্ডৰ কামত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া এজনক লগ কৰিবলৈ আহিছে। বিষয়াজন আহি নোপোৱা বাবে এনেকৈ খোজ কাঢ়ি ফুৰিছে। মই অফিচৰে এজনক কৈ অকণমানিজনীক কোঁচত লৈ ফটো এখন উঠিলোঁ। মহিলাজনীক ক’লোঁ‌, 

: অফিচিয়েল কামখিনিত আপোনালোকে কিবা অসুবিধা পালে মোক জনাব। মই পাৰিলে সহায় কৰি দিম।

তেওঁলোক গ’লগৈ।

ৰাতিপুৱাৰ কথাটো আকৌ মনত পৰিল। এওঁ ঠিকমতে গৈ পালে নে চাগে! এতিয়াও ভালকৈ কুঁৱলী কমাই নাই। ফোন এটা লগালোঁ‌–প্ৰথমতে আহিল “আপোনাৰ ডাতা প্লেনৰ ভেলিদিটি অহা তিনিদিনৰ ভিতৰত সমাপ্ত হ’ব। সেৱাসমূহ অবিৰত ভাবে পাই থাকিবলৈ……….।” তাৰ পিছত “কভিড ১৯ আনলক প্ৰক্ৰিয়া এতিয়া গোটেই দেশতে আৰম্ভ হৈ গৈছে…………।” এইখিনি ধৈৰ্য্য ধৰি শুনাৰ পিছত ফোনৰ ডায়েলাৰ টিউনটো বাজিল। ফোনটো ধৰিলেই অলপ সকাহ পাম এতিয়া। ডায়েলাৰ টিউনটো শেষ হওঁ হওঁ হওঁ‌তেই বকি বকি ভাগৰ নলগা সেই বিৰক্তিদায়ক মহিলাজনীয়ে বেবালে, “আপুনি ডায়েল কৰা নম্বৰটো এই মুহুৰ্তত সংযোগ সীমাৰ বাহিৰত আছে। অনুগ্ৰহ কৰি…………।” …লা মূৰ নষ্ট কৰি দিব। কি কৰা যায় এতিয়া। আকৌ টেনচন বাঢ়িল। 

দুপৰীয়া ভাত খাবলৈ গৈ দেখোঁ‌ আলহী আহি বহি আছে। আমাৰ দূৰ সম্পৰ্কীয় মিতিৰ দম্পতী এহাল আহিছে ঘৰৰ বিয়া এখনৰ নিমন্ত্ৰণ লৈ। 

: এইমাত্ৰ আহি পাইছে এওঁ‌লোক। মই, তুমি আহিবৰ সময় হোৱা বুলি কোৱাত তোমালৈ ৰ’ল এখেতসকল। 

জেঠায়ে ক’লে। 

মই আলহীৰ লগত বহি কথা পাতিছোঁ‌। চাহ খাই যাবলৈ কৈছোঁ‌ তেওলোকক। ল’ৰা মোৰ কাষতে বহিছে। তাক আলহীয়ে “কি নাম তোমাৰ”, “তুমি কোন শ্ৰেণীত পঢ়া”, “কোনখন স্কুলত পঢ়া” আদিবোৰ সুধি গৈছে। মই ফোনটো হাতত লৈ মাজতে এনেই পিটিকি আছোঁ‌। গেলেৰীটোত আঙুলিটো লাগি ফটোবোৰ খোল খালে। কথা পাতি থকাৰপৰা হঠাৎ ল’ৰাই এখন ফটো আঙুলিৰে দেখুৱাই মোক ক’লে, 

: দেতা, চাওঁ চাওঁ, এইখন ফটো চাওঁ! 

(আজি অফিচত অকণমানিজনীক কোঁচত লৈ তোলা ফটোখন)। মই ফোনটো তাৰ হাতত দিলোঁ‌। পিছ মুহূৰ্ততে মোৰ ফালে অদ্ভুত চাৱনি এটা দি সি চিঞৰি উঠিল, 

: দেতা, তোমাৰ মোৰ বাহিৰেও বেলেগ বাত্চা আছে! তুমি মোক কোৱাই নাই! 

মই থতমত খালোঁ। (অকণমানিজনীক মই কোঁচত আলফুলে লৈ থকা কাৰণে চাগে সি ভাবিছে) পিছমুহূৰ্ততে মই ল’ৰাই বুজি পোৱা ধৰণে আৰু আলহীয়ে শুনা শুনাকৈ ফটোৰ আচল কথাটো তাক বুজাই ক’লোঁ‌। ল’ৰাই বুজি পোৱা যেন লাগিল।

এওঁ আহি পোৱাই নাই যে আজি! বহুত পলম হ’ল দেখোন! জেঠায়ে মোক ভাত খাই ল’বলৈ কৈছে। মোৰ খাবলৈ মন যোৱা নাই। মোৰ বাবে ভাত ডাঙৰ নহয় আজি। এওঁ সুকলমে ঘৰ আহি পোৱাটোহে মোৰ বাবে ডাঙৰ কথা। আজি ফোনতো পোৱা নাই এবাৰো। কি হৈছে গমেই পোৱা নাই। পদূলিমূখলৈ গৈ দূৰলৈ এবাৰ চায়ো আহিলোঁ। নাই অহা নাই। নিজকে বুজাবলৈ চেষ্টা কৰিলো “ধৈৰ্য্য ধৰিব লাগিব। বেলেগ উপায় নাই।” 

আকৌ এবাৰ ফোন কৰি চাওঁ বুলি ফোনটো হাতত তুলি লওঁতেই দুৱাৰখন খোল খালে। মই বহি থকাৰ পৰা উঠিলোঁ। গহীন খোজেৰে মোৰ ফালে নোচোৱাকৈ এওঁ মোৰ আগেৰে পাৰ হৈ গৈ বেডৰূমত সোমাল। মনটো অলপ পাতল লাগিল। অন্ততঃ আহি পালে মানুহজনী। অলপ সময় পাৰ হৈ গ’ল। এওঁৰ একো মাত বোল নাই। মোৰ ওপৰত উঠি থকা খঙ-অভিমানৰ বাবে মোক চাগে মতা নাই। কিন্তু মই মাতিব লাগিব। মই অন্ততঃ আজিৰ অসুবিধাখিনি জানি ল’ব লাগিব। নহ’লে শান্তি নাপাম। বেচেৰীয়ে যে কিমান কষ্ট পালে আজি! আজিৰ পিছত নিশ্চয়কৈ কিবা এটা ব্যবস্থা কৰিব লাগিব। ৰূমৰ ওচৰলৈ গৈ লাহেকৈ পৰ্দাখন দাঙিলোঁ। দেখিলোঁ বিচনাত বহি এওঁ মোবাইলত কিবা টাইপ কৰি আছে। মুখত এটা মিচিকিয়া হাঁহি। অলপ ভাল লাগিল। লাহেকৈ সুধিলোঁ, 

: আজি বৰ কষ্ট পালা ন?

মোবাইলৰপৰা মূৰ নোতোলাকৈয়ে এওঁ উত্তৰ দিলে, 

: ৰ’বা অলপ। ফেচবুকত এই আপডেটটো দি লওঁ।

ময়ো বিচনাত কাষতে বহি ল’লোঁ‌। কেইমুহূৰ্তমানৰ পিছত এওঁ মাত লগালে,

: কি সুধিছিলা তুমি?

: মানে তুমি আজিযে ইমান কষ্ট পালা…….।

মোৰ কথা শেষ হ’বলৈ নাপালেই। বাঁওহাতখন মোৰ কান্ধত থৈ সোঁহাতখন বহলকৈ মেলি এওঁ কৈ গ’ল, 

: আজি বৰ ফূৰ্তি পালোঁ‌ জানা! ইম্মান কুঁৱলী ! অ’ মাই গড…..! এক্কোকে নেদেখি…। স্কুটীৰ লাইট জ্বলাই গৈছোঁ‌….। কাপোৰ কুঁৱলীত তিতি গৈছে জানা।….গোটেই ৰাস্তা গীত গাই গাই গৈছোঁ‌…..। বাটত স্কুটী ৰখাই চেল্ফি মাৰিছোঁ …..। মুঠতে মন ভৰি গ’ল আজি…….।

এইবুলি হাতদুখন মেলি এওঁ বিচনাত পৰি গ’ল।

হে ভগৱান! আজি ৰাতিপুৱাই খং কৰি ওলাই গ’ল। গোটেই দিনটো মই টেনচনত থাকিব পৰা নাই। অফিচৰ কামত মন বহাব পৰা নাই। ভাতো খোৱা নাই এতিয়ালৈকে …… আৰু এতিয়া কৈছে বৰ ফূৰ্তি পালে…..।

মোবাইলৰ ফেচবুকৰ নোটিফিকেচন ভাইব্ৰেচনটো পাই খুলি চালোঁ‌। এইমাত্ৰ দিয়া আপডেট। দুখন ফটোৰে সৈতে “ফিলিং ফেণ্টাষ্টিক। কুঁৱলীৰ ফাঁকে ফাঁকে জীৱনৰ গতি………..।”

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    আপোনাৰ লেখা বৰ মনোগ্ৰাহী হয়৷ ধন্যবাদ লেখাটোৰ বাবে

    Reply

Leave a Reply

Your email address will not be published.