ফটাঢোল

জীৱনৰ ৰং- ৰূপম ঠাকুৰীয়া

মানুহজনীৰ লগত প্ৰেম হোৱাৰ কেইমাহমান পিছৰ ঘটনা। এদিন মনতে ভাবিলোঁ মানুহজনীক ‘চাৰপ্ৰাইজ’ এটা দিওঁ। হঠাতে এদিন একো খবৰ নিদিয়াকৈ ঘৰ গৈ ওলাওঁ। যৌৱনৰ প্ৰেম। যিকোনো সিদ্ধান্ত ল’ব পৰাকৈ ডেকা তেজৰ পিৰপিৰণি। সেইমতে মামাক (মামা এজনে এ.এছ.টি.চিত কাম কৰে) গাড়ীৰ টিকট এটা কৰিবলৈ দিলোঁ শুকুৰবাৰে ৰাতি যাব পৰাকৈ। শনিবাৰ আৰু ৰবিবাৰ বন্ধ মিলাই ল’লোঁ। মানুজনীক ক’লোঁ যে শুক্ৰবাৰে আমাৰ সম্বন্ধীয় বাইদেউ এজনীৰ বিয়া আছে। মই তাত ব্যস্ত থাকিম। আৰু সেয়ে সিদিনা গধূলিৰ পৰা পিছদিনা ৰাতি পুৱালৈকে ফোন কৰিব নালাগে।

সেইমতে শুক্ৰবাৰে ৰাতি পল্টনবজাৰত এ.এছ.টি.চিৰ চুপাৰত উঠিলোঁ। ৰাতিপুৱা তিনিবাজি পঞ্চল্লিচ মিনিটত গাড়ী গৈ চহৰৰ মাজ মজিয়াত ৰখালে। মানুহবোৰ ব্যস্ত হ’ল। মই নিজৰ ঠাইতে বহি থাকিলোঁ। বাকীবোৰক নামি ল’বলৈ দিলোঁ। মোৰ এনেয়ো লৰালৰি নাই। যিমানেই পলম হয় সিমানেই ভাল। এই ৰাতিখন মই এনেয়ো ক’তো যাব নোৱাৰোঁ। পোহৰ হোৱালৈ ৰ’বই লাগিব।

: দাদা নানামে নেকি?

হেন্দিমেনজনৰ কথা শুনি মই উঠিলোঁ। বাহিৰত নামি ঠাণ্ডাটো বেছি অনুভৱ হ’ল। গাড়ীৰ মানুহবোৰ আগৰে পৰা ৰৈ থকা বাইক, কাৰ আদিত উঠি লাহে লাহে তাৰ পৰা নোহোৱা হ’বলৈ ধৰিলে। দুই এজন ৰৈছে। ঘৰৰ কোনোবা নিবলৈ আহিব চাগে। মই অলপ আগবাঢ়ি গৈ সন্মুখখন পোহৰ হৈ থকা দোকান এখনৰ বাৰান্দাত ৰ’লোঁ আৰু ভালকৈ পোহৰ হোৱালৈ তাতেই ৰোৱাৰ সিদ্ধান্ত ল’লোঁ। অলপ  ইফালে সিফাল কৰি বেগটোৰ ওপৰত বহি পৰিলোঁ। ফোনটো উলিয়াই চালোঁ দুটা মিছ্দ কল। মানুহজনীৰ সোনকালে উঠা অভ্যাস। ফোন আহিবই অলপ দেৰিকৈ। ফোন ধৰিলে বেয়া কথা হ’ব। মোৰ আজিৰ বৃহৎ উদ্দেশ্য সফল নহ’ব। কাৰণ মই  আজি ‘ছাৰপ্ৰাইজ’ দিয়া কথা। ইমান দূৰৰ পৰা হঠাতে আহি আগত থিয় দিলে কেনে অবস্থা হ’ব ভাবিয়ে পুলকিত হৈ আছোঁ। ফোনৰ চুইটচ অফ কৰি ল’লোঁ। সাত মিনিট মান যোৱাৰ পিছত তিনিজনমান ল’ৰা আহিল। প্ৰায় একেলগেই এখন টাটা ডি আই আহি মোৰ পৰা অলপ আঁতৰত ৰ’লহি। দুজন ল’ৰা নামি আহিল। গাড়ীৰ পিছফালৰ পৰা বাতৰি কাকতৰ আঁটি কেইটামান দোকানখনৰ বাৰান্দালৈ দলিয়াই দিলে। এজন ল’ৰা ওচৰ চাপি আহি সুধিলে,

: দাদা, কেনি যাব আপুনি?

: দেৰগাঁৱৰ পিনে যাম।

আচল ঠাইডোখৰৰ নাম নকলো তাক।

: সাত বজাৰ আগত দেৰগাঁৱৰ গাড়ী নেপায় আপুনি। এইখনতে গুচি যক।

এইবুলি ল’ৰাজনে বাতৰিকাকত নমোৱা ল’ৰাজনক ক’লে,

: এখেতক দেৰগাঁৱলৈ লৈ যা অ’। বাচলৈ  ৰৈ থাকিলে এখেতৰ বহুত পলম হ’ব।
গাড়ীৰ ল’ৰাজনে মোৰ পিনে চাই চিঞৰিলে,

: কোঁৱৰদা, এখেতক নিব পাৰিম নি? দেৰগাঁও যাব।
গাড়ীৰ ভিতৰৰ পৰা ড্ৰাইভাৰজনৰ চিঞৰ,

: এশ টকা দিয়েনে সোধ। দিয়ে যদি লৈ আন।

মই  অলপো পলম নকৰি “দিম ব’লা” বুলি কৈ গাড়ীৰ কাষ পালোঁ। ড্ৰাইভাৰৰ কাষত ল’ৰাজন বহিলগৈ। মোকো ইংগিত দিয়াত ময়ো বহি লৈ দৰ্জাখন মাৰিবলৈ লওঁতেই সাউতকৈ আৰু এজন ভীমকায় ল’ৰা আহি মোক ঠেলি বহি লৈ দৰ্জাখন মাৰি দিলে। গাড়ীৰ ইঞ্জিন আগৰে পৰাই চলি আছিল। ল’ৰাজন বহা মাত্ৰেই গাড়ীৰ চকা ঘূৰিল। বেগটোৰে সৈতে মোৰ অৱস্থা কাহিল হ’ল। মই ক’লোঁ,

: এনেকৈ চাৰিজন কেনেকৈ যাম?

কোনেও গুৰুত্ব নিদিলে মোৰ কথাটোত। গোটেইকেইজনক ভালকৈ চালোঁ। মোৰ সোঁকাষে বহাজন আকাৰে আকৃতিয়ে প্ৰায় মোৰ নিচিনাই হ’ব। বাকী দুজনক দেখিলে এনেকুৱা লাগে যেন সিহঁতে টিভিত দেখুওৱাৰ দৰে ডামবেলৰ সলনি চিলিণ্ডাৰ লৈহে ব্যায়াম কৰে। মোৰ বাঁওকাষে বহাজনৰ মূৰত চুলি নাই। যেন গোটেইখিনি চুলি খুৰাই দাঢ়িখিনিত যোগ কৰি লৈছে। দাঢ়ি গৈ বুকুত লাগো লাগো অৱস্থা।

: অই হাতী পেকেট দে৷

কোনোফালে নোচোৱাকৈ ড্ৰাইভাৰে চিঞৰিলে। মোৰ বাঁওকাষে বহা ল’ৰাজনে পকেট খেপিয়ালে। বুজিলোঁ ইয়াৰ নাম হাতী। হাতীয়ে পকেটৰ পৰা পেকেট উলিয়াওঁতে তাৰ কিলাকুটিৰে মোৰ কাষলতিৰ তলত দিলে এটা প্ৰচণ্ড খুন্দা। নিজক চম্ভালি হাতীৰ মুখলৈ চালোঁ। একো অভিব্যক্তি নাই তাৰ মুখত। দুটা পেকেট উলিয়াই সি মোৰ কাষৰজনক দি ক’লে,

: পোৱালি, মিহলাই কোঁৱৰদাক দে।

বুজিলোঁ মোৰ সোঁকাষৰজনৰ নাম পোৱালি। তাৰমানে ইহঁতে মোকো পোৱালি বুলিয়ে ভাবিছে? মূৰটো অলপ গৰম গৰম অনুভৱ কৰিলোঁ। মই অলপ গা-চা লৰাই বহিলোঁ। সিহঁতক বুজাই দিব খুজিলোঁ যে মই আচলতে পোৱালি নহয়, এক প্ৰকাৰ সৰুসুৰা দাদায়ে।

 পেকেটৰ বস্তুখিনি মুখত ভৰাই ড্ৰাইভাৰে সুধিলে,

: আপুনি ক’ৰ পৰা আহিছে?

মই অলপ ভাবি ক’লোঁ,

: জখলাবন্ধাৰ পৰা।

: আপোনাৰ কথা শুনিলে আপোনাকতো ইয়াৰ যেন নালাগে।

ড্ৰাইভাৰৰ কথাত মই সচকিত হ’লোঁ।

: মই আচলতে গুৱাহাটীত থাকোঁ। আজি জখলাবন্ধাৰ পৰা আহিছোঁঁ৷

বুলি কৈ ড্ৰাইভাৰলৈ চালোঁ। মুখৰ একো পৰিৱৰ্তন নাই। মোৰ লাহে লাহে চিন্তা বাঢ়িল। ভাবিলোঁ ইহঁতৰ একো বেলেগ উদ্দেশ্যে নাইতো! মই ইয়াৰ মেইন ৰাস্তাটোৰ বাহিৰে আন ৰাস্তা-ঘাট একো ভালকৈ চিনি নাপাওঁ। লগত খুব বেছি পইচা নাই যদিও কাঢ়ি ল’বলৈ সেইখিনি যথেষ্ট। যদি ইহঁতে মোক কিবা জোৰ-জবৰদস্তি কৰে মই গাড়ীৰ ভিতৰত একো কৰিব নোৱাৰোঁ ইহঁতক। বাহিৰত হ’লে অন্তত তৰা-নৰা চিঙি দৌৰিলোঁ হয়। ইফালে ফোনটোও বন্ধ। এতিয়া উলিওৱাৰো একো উপায়ো নাই। কিবা বিপদ হ’লে কালৈকো ফোন এটাও কৰিব নোৱাৰম। ভাবি থাকোঁতেই দেখিলোঁ হাতীয়ে সন্মুখলৈ হাওলি ডেচবৰ্ডৰ বক্স খুলিছে। হাতীয়ে বাৰু বক্সত থোৱা কিবা মাৰণাস্ত্ৰ বিচাৰিছে নেকি? মোৰ মূৰটো আচন্দ্ৰাই কৰিলে। হাতীয়ে যিমানেই বিচাৰিলে সিমানেই মোৰ ভয় বাঢ়িল। কেইমুহূৰ্তমানৰ মূৰত দেখিলোঁ হাতীয়ে দিয়াচেলাইৰ বক্স এটা আৰু চিগাৰেট এটা উলিয়াই আনিছে। মই সেপ ঢুকিলোঁ। সন্মুখলৈ চালোঁ। মই নামিবলৈ আৰু বেছি সময় নাই। মই ভাবিলোঁ, মই দেৰগাঁও যাম বুলিয়েই ভাবি থাকক ইহঁতে। মই মোৰ গন্তব্য ঠাই পোৱাৰ লগে লগে গাড়ী ৰখাব দিম আৰু পটককে নামি যাম। মই নিজকে সাহস দি ইহঁতৰ গতি বিধি লক্ষ্য কৰি গৈ থাকিলোঁ মনে মনে। ঠিক হাবিতলীয়া ঠাই এডোখৰ পোৱাৰ লগে লগে  ড্ৰাইভাৰে পোৱালিৰ পিনে চাই আদেশৰ সুৰত ক’লে,

: লৈ ল।

মই ভাবিলোঁ এইটোৱেই চাগে ইহঁতৰ শেষ সংকেত। এতিয়াহে চাগে ইহঁতে আচল ৰূপ দেখুৱাব। মোৰ নিজৰ ওপৰত খং উঠিবলৈ ধৰিলে। কিহে পাইছিল মোক ইহঁতৰ লগত আহিবলৈ। তাতে ৰৈ থাকিব লাগিছিল। অলপ পলমহে হ’লহেঁতেন আৰু খুব বেছি ঠাণ্ডাত অলপ কষ্ট পালোহেঁতেন। তাতকৈতো বেলেগ একো ন’হলহেঁতেন। এতিয়া এই তিনিটাৰ পাল্লাত পৰি  কি হয় ঠিক নাই। আজি বাৰটোও শনিবাৰ৷ ভাল শনি লম্ভিলে মোক আজি।

: দাদা ভাড়াটো দিয়ক।

পোৱালিৰ আঙুলিৰ খোচত মোৰ সম্বিত ঘূৰি আহিল। কৃষ্ণ কৃষ্ণ! ওপৰৰ পকেটৰ পৰা মই এশ টকীয়া নোট এখন পোৱালিৰ হাতত গুজি দিলোঁ। মনটো অলপ পাতল লাগিল। গোটেইকেইজনৰ মুখলৈ চালোঁ এবাৰ। নাই একোতো ভয়লগা মুখৰ নহয় ইহঁত! মই  মিছাকৈয়ে ভয় খাই আছোঁ নেকি বাৰু! পিচমুহূৰ্ততে সন্মুখত মোৰ পৰিচিত চাৰিআলিটো দেখি প্ৰায় এক প্ৰকাৰ চিঞৰিয়েই দিলোঁ,

: গাড়ী ৰখোৱা। ৰখোৱা। মই  পালোহি।

ড্ৰাইভাৰে গাড়ী ৰখালে। কাৰো পিনে নাচাই একেকোবে গাড়ীৰ পৰা নামি আহিলোঁ। হাত দুখন মেলি দীঘলকৈ উশাহ এটা ল’লোঁ। যাত্ৰাৰ সকলো অৱসাদ যেন মুহূৰ্ততে আঁতৰি গ’ল। পোহৰ হ’বলৈ আৰু বেছি সময় নাই। এতিয়া প্ৰায় দুই কিলোমিটাৰ খোজ কাঢ়িব লাগিব। মূল পথৰ পৰা উপপথটোত ভৰি থওঁতেই চিনাকি চিনাকি গোন্ধ এটা নাকত লাগিল। বিভিন্ন ভাৱত বিভোৰ হৈ আগবাঢ়ি গ’লোঁ লাহে লাহে। ওখোৰা মোখৰা ৰাস্তা। মাজে মাজে পানীৰ ডোঙা বান্ধিছে। ৰাতি বৰষুণ দিছে চগে। হঠাৎ মনত পৰিল  মানুহজনীয়ে কোৱা এষাৰ কথা। এইকেইদিন হেনো গাঁওখনত চোৰৰ উৎপাত বাঢ়িছে আৰু সেয়ে গাঁৱৰ মানুহে পহৰা দিয়া কৰিছে। ফলত ৰাতি অহা  স্থানীয় দুজনমানেও ভুলতে কোব খাইছে পহৰাদাৰৰ হাতত। তেন্তে মই কোন কুটা? মনটো আকৌ খেলিমেলি লাগিল। ভাবিলোঁ পহৰাদাৰে পালে আজি হাড়ো ভাঙিব আৰু মোৰ ইজ্জটো যাব। হায় হায় কিহে পাইছিল মোক এই ফাল্টু ‘চাৰপ্ৰাইজ’ৰ কথা ভাবিবলৈ। সম্ভাব্য বিপদৰ কথা ভাবি বেগাই খোজ দিবলৈ ধৰিলোঁ। কিছুদূৰ যোৱাৰ পিছত পোহৰ হ’বলৈ ধৰিলে লাহে লাহে। আৰু তেনেকুৱা বিপদ নহয় বুলি বিশ্বাস আনি মুক্ত মনেৰে খোজ ল’লোঁ।

দূৰৈৰ পৰা দেখিলোঁ দেউতাকে মৰণা মাৰি আছে। মাকে ওখোনেৰে ধানৰ মুঠিবোৰ লৰাই আছে। ল’ৰাই গাইকেইজনীক গোহালিৰ পৰা বাহিৰলৈ উলিয়াইছে, ছোৱালীয়ে চোতাল সাৰি আছে। চহা গাঁৱলীয়া জীৱনৰ কি যে এক চকু জুৰ পৰা দৃশ্য। শীতৰ নিয়ৰ সিক্ত সেই ৰাতিপুৱাৰ কথা মই কেতিয়াও নাপাহৰোঁ। জপনা মুখত শব্দ শুনি সকলোৱে ঘূৰি চাই মোক দেখি আচৰিত পালে। কোনোবাই মুখত হাত দি ঘৰৰ ভিতৰলৈ দৌৰিলে। মই পোনে পোনে দেউতাকৰ ওচৰলৈ গ’লোঁ (ইম্প্ৰেচনৰ কথা আছে)। মোৰ ফালে নোচোৱাকৈয়ে দেউতাকে ক’লে,

: ইমান পুৱাই যে। টাউনৰ পৰা এইখিনি কেনেকে আহিলা?

মই পেপাৰৰ গাড়ীত অহা বুলি ক’লোঁ। ভিতৰলৈ গৈ হাত ভৰি ধুই লোৱা যোৱা বুলি কোৱাত মই ভিতৰলৈ খোজ ল’লোঁ। ঘূৰি চাই দেখোঁ মাকো মোৰ পিছে পিছে আহিছে (উপায় নাই আৰু। অলপ বুজিব লাগে। ইমান দূৰৰ পৰা আহিছোঁ!)

দুপৰীয়া ভাত খাই দেউতাকে টিভি চাইছে। মাক আৰু ছোৱালীক ক’লোঁ মই দেউতাকক কথা এটা কম আজি। মাকে কি কথা সুধিলে। গম পাব নহয় বুলি কৈ থ’লোঁ। ছোৱালীয়ে বুজি পাই মোক একাষৰীয়াকৈ মাতি নি ক’লে,

: আজি প্লিজ ক’ব নালাগে। দুদিনমান যাওক।

: আজি নহয়, মই  এতিয়াই কম।

মোৰ উত্তৰ।

: হালোৱা এচাৰিদাল দেখিছা নহয়? সেইদাল চিঙিব তোমাৰ পিঠিত। আমাকো সুদাই নেৰে। দেউতাৰ খঙ চাব খুজিছা নেকি?

: বাৰু দেখা যাওকচোন কি হয়। মই কিন্তু কমেই।

মই নাছোৰবান্দা।
: শুনা, যদি সব ঠিকে থাকে তেন্তে তোমাক মই এটা ভাল বস্তু দিম৷ (মনতে, দিবা আকৌ..কিমান যে কি আশা কৰি আহিছোঁ ঐ ইমান দূৰৰ পৰা) আৰু যদি কিবা গণ্ডগোল হয় মই তোমাৰ পক্ষত নাথাকোঁ লগতে মই একো নাজানো বুলিহে কম।

মোৰ অলপ চিন্তা হ’ল। কি কৰা যায়? যি হয় হ’ব। মই কমেই। ঠিক কৰিলোঁ। ভগবানৰ নাম লৈ গহীন খোজকেইটামান দি টিভি ৰূম পালোঁ। গহীনাই মাতিলোঁ,

: খুড়া, বাতৰি চাইছে?

একো উত্তৰ নাহিল। ভাবিছে ছাগে নিধকটোৱে মই  বাতৰি চাই থকা যদি দেখিছেই তেন্তে সোধে বা কিয়? কাষৰ চকীখনত বহিলোঁ। ঘৰৰ বাকী সদস্য বৃন্দই পৰ্দাৰ আঁৰত ভিৰ কৰিছে। বুকুৰ ঢপঢপনিটো অলপ বঢ়া যেন পাইছোঁ,

: খুড়া, মানে মই….

তেওঁ টিভিৰ পৰা চকু নোতোলাকৈ মোৰ ফালে হাতখন দাঙি মোক ইংগিত কৰিলে ৰ’বলৈ। অলপ লাজ পালোঁ। ভয়ো লাগি আহিবলৈ ধৰিলে। জ্যোতিষিয়ে যেনেকৈ হাত চাই তেনেকৈ সোঁহাতৰ তলুৱাখন চাই তলমূৰ কৰি বহি থাকিলোঁ।

: ভাত খালা?

তেওঁৰ মাতটোত উচপ খাই উঠিলোঁ। যিমান পাৰি নিজক লুকুৱাবলৈ চেষ্টা কৰি ক’লোঁ,

: খা….খা….লো…।

আৰু অলপ সময় নিৰৱতা। একো উপায় নেদেখি মই মাত দিলোঁ,

: খুড়া …

: উম

মানুহজনে মোৰ পিনে ঘূৰি বহি ল’লে বাপেকে। ত ত কৈ চকু দুটা মেলি মোলৈ চালে। মই উঠি লৰ মাৰিম যেন লাগিল। চম্ভালিলোঁ।

: মানে…খুড়া…মই… এটা… মানে… কথা….

: অ’ ৰূপম তুমি মানে কথা কওঁতে অলপ খোনোৱা। প্ৰথমদিনা গম পোৱা নাছিলোঁ।

: নহয় মানে ডিঙিত কিবা এটা লাগি ধৰা যেন লাগিছে। ৰ’ব অকণ পানী খাই আহোঁ।

একেকোবে ঘৰৰ পিছফাল পালোঁ। উস্ ভগৱান! দীঘল দীঘলকৈ উশাহ কেইটামান ল’লোঁ। আজি চাগে বুঢ়াই মোক নেৰিব। জিভা তিভা শুকাই গৈছে। ফিল্টাৰটোৰ পৰা পানী অলপ মুখত ভৰাই চকুদুটা মোহাৰি ল’লোঁ। কাষতে বলধদুটা বান্ধি থোৱা আছিল। ইফালে-সিফালে চালোঁ। বাপ ৰ আছে। ভলুকাৰ এচাৰিদাল ইয়াতেই আছে। ভাবিলোঁ এচাৰি বিচৰালৈকে অন্তত অলপ সময় পাম। মৰণত শৰণ দি পুনৰ টিভি ৰূম পালোঁ। এইবাৰহে খা বাপেকে। টিভি চলি আছে কিন্তু টিভি ৰূম খালী। বুঢ়া নাই। চাল্লা কিহৰ পাল্লাত পৰিলোঁ আজি। মই যামগৈহে এতিয়া। নাথাকো আৰু।

: ৰূপম…

কাষৰ ৰূমৰ পৰা বুঢ়াৰ মাতটো শুনি থিতাতে সাৱধান হ’লোঁ।

: অঁ খুড়া। মই ইয়াত আছোঁ৷

: তুমি কিবা ক’ব বিচাৰিছিলা। ক’ব পাৰা।

: অ’ হয় হয়৷

বুলি মই দৰ্জাখনৰ কাষ চাপিলোঁ। দেখিলোঁ তেৰাই ওপৰমুৱাকৈ বিচনাত পৰি আছে। সাহস বোলা বস্তুটো আহিল অলপ। মনক বুজালোঁ এইখিনিয়েই উত্তম সময়। ৰিক্স এতিয়া বহুত কম।

: মানে খুড়া এটা কথা ক’ব লগা আছিল।

: সেইটো কেতিয়াবাই বুজি পালোঁ। কিন্তু কথাটো কি?

তেজ গৰমহৈ গ’ল। আৰু তিৰস্কাৰ সহিব নোৱাৰি। পৰ্দাৰ ফাঁকেৰে মুখখন সুমুৱাই একে উশাহতে কৈ পেলালোঁ,

: আপোনাৰ ছোৱালীক মই ভালপাওঁ আৰু আপুনি অনুমতি দিলে বিয়া কৰাব খোজোঁ।

একো উত্তৰ নাই। বুঢ়া একেজাপে উঠি আহিব নেকি এতিয়া? নাই অহা নাই। বুঢ়াৰ মুখৰ পিনে চাইছোঁ হে চাইছোঁ একো ধৰিব পৰা নাই। বাগৰ সলাই বুঢ়াই নৰমভাবে ক’লে,

: মই চিন্তা কৰি চাম।

বুজি পালোঁ যে বৰ্তমান লাভ নহ’লেও ভবিষ্যতলৈ লচত নাথাকোঁ। বিৰাট বোজা এটা আঁতৰিল। কেৰাহিকৈ আনখন পৰ্দাৰ আঁৰৰ জীৱকেইটালৈ চালোঁ। মোৰ ৰিয়েকচন চাবলৈ ৰৈ আছে। মই যুদ্ধ জয়ৰ ভাৱত বুকু ফিন্দাই পুৰুষৰ খোজেৰে সিহঁতৰ বিপৰীত দিশেৰে ঘৰৰ সন্মুখলৈ ওলাই আহিলোঁঁ৷

☆ ★ ☆ ★ ☆

2 Comments

  • সুৰভি ডেকা দত্ত

    এক্কে উশাহে পঢ়িলো । ভাল লাগি গৈছিল হে খতমেই হৈ থাকিল দেখোন । কৰবাত ক্ৰমশ শব্দটো পাওঁ নেকি বিচাৰি ফুৰিছো । পোৱা নাই যদিও পিছৰ খিনিৰ আশাত ৰৈ থাকিলো ।

    Reply
    • ৰূপম ঠাকুৰীয়া

      ধন্যবাদ । লিখিম বাৰু ।😊😊

      Reply

Leave a Reply

Your email address will not be published.