ফটাঢোল

জেড জি উই লভ ইউ-শ্ৰুতিমালা মিশ্ৰ

পৌৰাণিক যুগৰ আখ্যান এয়া। মই বৃদ্ধা হোৱাৰ আগৰেই কাহিনী এইটো। পঞ্চম নে ষষ্ঠ শ্ৰেণীত থকাৰে কথা। সেইবাৰ আমাৰ নলবাৰীৰ গৰ্ডন স্কুলৰ ফিল্ডত অসম শিশু মহোৎসৱ হৈছিল। আমাৰ স্কুলৰ পৰা আমি কেইগৰাকীমানক চিলেক্ট কৰি তাত উদ্বোধনৰ দিনাখন ৰিবন ডেঞ্চ কৰিবলৈ বুলি পঠিয়াইছিল। আমি পুৱা ৭টাতে ফিল্ডত হাজিৰ। হাতত ৰঙচঙীয়া ৰিবন লৈ সুন্দৰ ডেঞ্চ দিলোঁ।

সেইখিনি সময়ত জুবিন গাৰ্গ আমাৰ সকলোৰে উমৈহতীয়া ক্ৰাশ্ব মেটেৰিয়েল। পাখি এলবামখন ওলাইছিলহে মাত্ৰ। গান সৱ মুখস্থ। মোৰ সৰুকৈ লেখা এটাও প্ৰকাশ হৈছিল সেইবাৰ অসম শিশু মহোৎসৱৰ souvenir-ত, চুনামিৰ বিষয়ে। এইটো খবৰে মনত দিলে তুমুল উৎসাহ। এপাকত ঘুনুক-ঘানাককৈ শুনিলোঁ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ আহিব জুবিন গাৰ্গ।

তেতিয়া আমাৰ গ্ৰুপটো প্ৰাক্‌ যৌৱনৰ দুৱাৰদলিত, মনত ক্ৰাশ্বৰ প্ৰতি অপাৰ হেঁপাহ, ইফালে আকৌ অনুষ্ঠান শেষ হোৱাৰ পিছত স্কুললৈ পুনৰ যাবলৈ প্ৰধান আচাৰ্যৰ হুকুম। সাতে-সোতৰই মিলি ক্ৰাশ্বক দেখা নাপাওঁ বুলি একপ্ৰকাৰ নিশ্চিত। তেনেসময়তে স্কুলৰপৰা আমাক আহিবলৈ অনুমতি দিলে জুবিনক চাবলৈ, কাৰণ একেই ‘ঘায়েল হালত’ আমাৰ চিনিয়ৰকেইটাৰো। গতিকে সিহঁতৰ জহতে পুনৰাই আমিকেইটা গৰ্ডন ফিল্ডলৈ ঢাপলি মেলিলোঁ। ইফালে জুবিন আহি পাওঁ পাওঁ।

আমাৰ গ্ৰুপটোত আমি ছয়জনী আছিলোঁ, লগতে তিনিজনীৰ সৰু সৰু ভায়েক-ভনীয়েক মিলি মুঠ নগৰাকী আমি। স্কুলৰপৰা ওলাই চʼকত ৰʼলোঁ। এতিয়া যদি খোজকাঢ়ি গৰ্ডন ফিল্ডলৈ যাব লাগে তেন্তে আমাক ১৫-২০ মিনিট লাগিব। যদি ৰিক্সাত যাওঁ তেন্তে ৭-৮ মিনিটমানত পাই যাম। আটাইকেইটাই আলচ কৰি ৰিক্সা এখনকে ‘বলি কা বকৰা’ বনাবলৈ প্লেনিং এভাগি কৰিলোঁ। কুলফি খাবলৈ বুলি সৱকে ঘৰত মা-দেউতাহঁতে দিয়া ২-৩ টকাবোৰ লগ লগাই সমুদায় পোন্ধৰ টকা ওলাল হিচাপ কৰোঁতে। ওচৰতে দেখিলোঁ লগৰ এজনীৰ একে কেম্পাচত ভাড়া থকা ৰিক্সাৱালা এজন। লগে লগে আমি তাইকে সূত্ৰধাৰী হিচাপে আগুৱাই দিলোঁ, বহুত কাকুতি-মিনতিৰ পিছত ৰিক্সাৱালাজনে আমাক নিবলৈ ৰাজী হ’ল।

চিটত আমি চাৰিজনী বহিলোঁ, কোলাত তিনিটা বহিল আমি চাৰিজনীৰ মাজত। বাকী থাকিল সৰু সৰু দুটা, দুয়োৰে এজন উঠিল ৰিক্সাৰ পাওদানীত, এজন উঠিল ৰিক্সাৱালাৰ চিটৰ সন্মুখত থকা ধামডালত। এখন ৰিক্সাত দহজন শ্বাৱাৰী, কেনেকুৱা ডিজাইন হ’ব কল্পনা কৰক সেইটো।

ৰিক্সাৱালাই কেঁকাই-গেঁঠাই টানি নিছে কোনোমতে। গৰ্ডন ফিল্ড নাপাওঁতে এটা দুৰ্গা মন্দিৰ পায়, আৰু টানিব নোৱাৰি খঙতে ৰিক্সাৱালাই আমাক অভিধান বহিভূত এসোপা শব্দৰে “অসভ্য ছলি, মোক ধৰি-বান্ধি অনাইছে, এইসোপা এখন ৰিক্সাত উঠিছে, নাম এতিয়া” বুলি কৈ গালি দিলে।

গালি-চালি খাই উঠি আমিও নামি দিলোঁ। কোদো-বৰলৰ বাহ এটা ভাঙি দিলে যেনেকৈ ভৌ-ভৌৱাই বৰলবোৰ উৰে, ঠিক তেনেকৈ ৰিক্সাখনৰপৰা এটাৰ পিছত এটাকৈ নটা সৰু পিলিঙা চলি ওলাল, ৰাজ্যৰ মানুহে আমাক ঘূৰি ঘূৰি চাই হাঁহি মৰিছে। লাভৰ মূৰত পোন্ধৰটা ৰূপ দি আমি জুবিনক চাবলৈ ঢাপলি মেলিলোঁ, ভাগ্য ভাল আছিল জুবিন গৈ পোৱাৰ আগতেই আমিকেইটা ষ্টেজৰ সন্মুখ পালোঁগৈ ভাৰস্তৰ মানুহৰ ফাঁকে ফাঁকে সৰকি। এইহেন ভালপোৱা আজিও কলিজাত আছে জুবিন গাৰ্গৰ প্ৰতি।

সিদিনা ষ্টেজৰ একেবাৰে সন্মুখত থিয় হৈ জুবিন গাৰ্গে শুনাকৈ আমিকেইটাই চিঞৰিছিলোঁ,

“জেড জি উই লভ ইউ।”

☆ ★ ☆ ★ ☆

2 Comments

  • Someswar Borah

    বৃদ্ধা হোৱাৰ আগৰ কাহিনী??

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    হাঃ হাঃ তাকেই 😁 । ধন্যবাদ আপোনালৈ ।

    Reply

Leave a Reply

Your email address will not be published.