ফটাঢোল

জেফ্ৰিৰ গল্প আৰু মই-হেমন্ত কাকতি

নব্বৈৰ দশকৰ আগভাগৰ ডিচেম্বৰ মাহৰ কিবা এটা তাৰিখ হ’ব৷ ঠিক মনত নাই৷ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত আমাৰ বিমান অৱতৰণ কৰিবলৈ তেতিয়া আৰু প্ৰায় আধাঘণ্টা সময় আছিল৷

আচলতে দীঘলীয়া ছুটিৰ অন্তত, মোৰ কৰ্মক্ষেত্ৰত পুনৰ যোগদান কৰিবলৈ মই গৈ আছোঁ৷ ৰে’ল যাত্ৰাই হওক বা বিমান যাত্ৰা হওক, যদি কাষত কোনো বন্ধুত্ব ভাৱাপূৰ্ণ সংগী নেপাওঁ, তেনেহ’লে দীঘলীয়া যাত্ৰাপথৰ অবসাদ দূৰ কৰিবলৈ কিতাপ এখন মোৰ লগত থাকেই৷ হয় সৌৰভ কুমাৰ চলিহাৰ গল্প নহয় ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ, ইংৰাজী হ’লে শ্বিদনী শ্বেলটন নহ’লে জেফ্ৰি আৰ্চাৰ৷ একো নেথাকিলে বিস্ময় বা প্ৰান্তিক৷ মুঠতে মই অকলে থাকি কেতিয়াও ‘ব’ৰ’ নহওঁ৷ কোনোবাই কোৱা শুনিছিলোঁ, যাত্ৰাপথত সুন্দৰীৰ সান্নিধ্য হেনো চিনেমা, উপন্যাস বা সপোনতহে সম্ভৱ৷ জীৱনত কেইবা শ বাৰ অ’ৰ পৰা ত’লৈ যাত্ৰা কৰিলোঁ, কিন্তু আজিলৈ এই অমোঘ সত্য ধাৰণাটোক ভুল বুলি প্ৰতিপন্ন কৰাৰ সুযোগ কেতিয়াও নেপালোঁ৷ সিদিনাও মোৰ দুয়োকাষে এনে দুজন ব্যক্তি পালোঁ, যাৰ মুখৰপৰা ওলোৱা পানমচলা আৰু জৰ্দাপাণৰ মিশ্ৰিত গোন্ধটোৱে মোক বৰ আমনি দি আছিল৷ কেইবাদিনো নুখুৰোৱা দাড়ি-মোচেৰে ভৰ্তি মুখখনেৰে প্ৰায় চল্লিশোৰ্ধৰ বঙালী লোকজনে মোৰ লগত দুই এটা কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ “ৰিপালচিভ্” ব্যক্তিত্বৰ বাবে ময়েই অলপ এভইদ কৰা যেন কৰিছিলোঁ৷ অন্যজন তেইশ চৌব্বিশ বছৰীয়া ডেকা যদিও মোৰ লগত কথা পতাত তেওঁৰ অলপো ইচ্ছা নেদেখি ময়ো আগ নেবাঢ়িলোঁ৷

ইতিমধ্যে মোৰ ওচৰত বহা বঙালী ভদ্ৰলোকজনে মোৰ কান্ধত বহু দেৰি টোপনি মাৰি মাৰি মোৰ কিলাকুটিৰ মিহি খুন্দা এটা খাই খিৰিকীৰফালে হাউলি শুইছে৷ সোঁফালে বহা ডেকা ল’ৰাজনেও সম্পূৰ্ণ পথছোৱা নিজৰ ৱাকমেনত গান শুনি আহি আছে৷ চিকিৎসা বিজ্ঞানৰ কিতাপ এখন হাতত দেখি বুজি উঠিছিলোঁ যে হয়তো তেওঁ শিলচৰ মেডিকেল কলেজত পঢ়ি আছে৷ পৰিবেশটো তেনেই গোমা দেখি মই কাৰো লগত বিশেষ কথা পতাৰ সুযোগ নিবিচাৰি ওপৰৰ বেগত হাত সুমুৱাই কিতাপ এখন উলিয়াই আনিলোঁ৷ হয়, জেফ্ৰি আৰ্চাৰৰ “And thereby hangs a tale” খন হাতত পৰিলহি৷ বেছি দীঘলীয়া গল্প নপঢ়োঁ বুলি অলপ দেৰি পাত লুটিয়াই লুটিয়াই কিতাপখনৰ শেষৰ ফালে “No room at the inn” নামৰ গল্পটো পঢ়া আৰম্ভ কৰিলোঁ৷

সেইদিনা পঢ়া গল্পটোৰ লগত মোৰ সেইদিনটোৰ যে ইমান অদ্ভুত সাদৃশ্য আহি পৰিব ভাবিব পৰা নাছিলোঁ৷
জেফ্ৰিৰ গল্পটোৰ পটভূমি আশীৰ দশকৰ ইটালী৷

এজন ব্ৰিটিছ ডেকা ল’ৰা ইটালীত ফুৰি ফুৰি টকা পইচা শেষ হোৱাৰ পথত৷ লণ্ডনলৈ ঘূৰি অহাৰ আগৰ দিনা ইটালীৰ ঐতিহ্যমণ্ডিত ফ্লোৰেন্স চহৰৰ পৰা নব্বৈ কিলোমিটাৰ দূৰৰ ‘মণ্টাৰ্চী’ নামৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ মধ্যযুগীয় গাঁৱলৈ গৈ আৰম্ভ হয় কাহিনীটো৷

সুন্দৰ, সুঠাম ডেকা ল’ৰা, নামটো ৰিচাৰ্ড, এখন বাছৰপৰা নামে আৰু ‘বেগপেক’টো কান্ধত লৈ খোজকাঢ়ি খোজকাঢ়ি টিলা এটাৰ ওপৰৰ সমতল ভূমি এখনত প্ৰৱেশ কৰে৷ সেই বিশেষ গাঁওখনৰ বিশেষত্ব আছিল যে ‘আধুনিক’ বোলা কোনো বস্তুৰে তাত অস্তিত্ব দেখিবলৈ নাছিল৷ সেই দেশৰ চৰকাৰেও তাত কোনোধৰণৰ ‘আধুনিকতা’ক এপ্ৰুভ নকৰে৷ সুদূৰ অতীজৰেপৰা তেওঁলোকৰ পুৰণিকলীয়া ঐতিহ্যক ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বিজুলী, টেলিসংযোগ, গাড়ী মটৰ, ষ্ট্ৰীট লাইট বা অন্যান্য আধুনিক স-সুবিধা নাই৷ কিন্তু তাত টুৰিষ্টৰ বাবে থকা বা খোৱাৰ সু-ব্যৱস্থা আছে৷ গাঁওখন নদী, পাহাৰ, ফুলনি আৰু মনোৰম প্ৰাকৃতিক পৰিবেশেৰে ভৰপূৰ৷ লগতে চৌধ্য শতিকাৰ ইটালীৰ বিভিন্ন ভাস্কৰ্য্য আৰু শিল্পকলাৰ অদ্ভুত সমাহাৰেৰে পৰিপূৰ্ণ সেই গাঁওখন৷  টুৰিষ্টবোৰেও সেই পৰিবেশটোক প্ৰাণভৰি উপভোগ কৰে৷

ৰিচাৰ্ডে জীৱনত প্ৰথমবাৰ এনে মনোমোহা পৰিবেশ পাই সকলো পাহৰি ৰাতি প্ৰায় ন মান বজালৈ সম্পূৰ্ণ গাঁওখন ফুৰি চাকি শেষত অনুভৱ কৰে যে তেওঁৰ পকেটত বেছি টকা নাই৷ হয়তো হোটেলত থকা বা ৰাতিৰ আহাৰ খোৱাৰ মাজত তেওঁ যিকোনো এটাহে কৰিব পাৰিব৷ গতিকে এখন সস্তীয়া হোটেলৰ সন্ধানত ইফালে সিফালে ঘূৰিবলৈ ধৰে৷ অৱশেষত এগৰাকী মানুহে তেওঁৰ অৱস্থাটো জানিব পাৰি ৰাতিৰ সাঁজ খুৱাই এখন সস্তীয়া হোটেলৰ সন্ধান দি তালৈ পঠিয়ায়৷ লগত সাৱধানবাণীও শুনাই যে সেইখনত নেপালে আৰু মাত্ৰ এখনেই হোটেল আছে যিখন হয়তো ৰিচাৰ্ডে ‘এফোৰ্দ’ কৰিব নোৱাৰিব৷

হোটেল বিচাৰি ৰিচাৰ্ডে সেই বিশেষ হোটেলখনৰ কাউণ্টাৰত প্ৰবেশ কৰিয়েই লগ পায় ‘কাৰ্লোটা’ বোলা সুন্দৰী ইটালীয়ান ৰিচিপচনিষ্ট এগৰাকী৷ জেফ্ৰিৰ বৰ্ণনামতে ছোৱালীজনী অতীৱ সুন্দৰী৷ সাইলাখ অপেস্বৰী হেন চেহেৰা৷ ৰিচাৰ্ডে তেওঁৰ মুখমণ্ডলৰপৰা চকুদুটা বহুদেৰি আঁতৰাব পৰাই নাছিল৷ নিজৰ বেগটো কাউণ্টাৰতে থৈ অলপ লাজ আৰু অলপ ভয়ে ভয়ে নিশাটো কটাবলৈ ৰূম হ’ব নেকি সোধাত তাই বহুপৰ ডেস্কত থকা ৰেজিষ্টাৰখন চেক কৰি  সকলোবোৰ ৰূম বুক হৈ থকা বুলি জনালে৷ ৰূম নাই বুলি জানিব পাৰি নিৰাশ হৈ নিশাটো লাউঞ্জতে কটাব পাৰিব নেকি বুলি সোধাত ৰিচিপচনিষ্ট গৰাকীয়ে চিধাই না কৰিলে যদিও বেগটো নিজৰ কাউণ্টাৰৰ ডেস্কৰ তলতে থৈ ৰিচাৰ্ডক অলপ দেৰি বহিবলৈ দি পুনৰ ৰেজিষ্টাৰখন চেক কৰিবলৈ ধৰিলে৷

বেচেৰা ৰিচাৰ্ডে নিশাটো বাহিৰত জোনাকৰ পোহৰতে কটাম বুলি মানসিকভাৱে নিজকে প্ৰস্তুত কৰি থাকোঁতে হঠাতে তাই এটা প্ৰস্তাৱ দিলে যে এটা ৰূম বুক আছে যদিও গেষ্ট আহি পোৱা নাই, ৰাতি বাৰটাৰ আগত যদি অতিথিৰ আগমন নহয় তেনেহ’লে তেওঁ থাকিব পাৰিব৷ প্ৰস্তাৱটোত ৰিচাৰ্ড লগে লগে মান্তি হ’ল৷ ৰিচাৰ্ডে ভাবিলে ৰূম পালেতো ভালেই, নেপালেও এনেয়ে ইফাল সিফাল কৰি ৰাতিটো কটাই দিব৷

তাৰপিছত তাই ৰিচাৰ্ডক সেই ঠাইৰপৰা চিৰিয়েদি উঠি গৈ তিনিমহলাৰ ওপৰৰ বাৰান্দাত ৰ’বলৈ অনুৰোধ কৰিলে আৰু ক’লে যে নিশা বাৰমান বজাত তাই খবৰ দিব৷ কথামতে বেগটো তাত এৰি ৰিচাৰ্ডে তিনিমহলাৰ ওপৰত বাৰান্দাত পায়চাৰি কৰি কৰি ৰৈ থাকিল৷

**

“লেডীজ এণ্ড জেণ্টলমেন, কেপ্টেইন হেজ পুট অন ডা চিগনেল ফ’ৰ চিটবেল্ট! ইণ্ড এ চৰ্ট হোৱাইল ফ্ৰম নাও, উই উয়িল বি লেণ্ডিং এট কুম্ভীৰগ্ৰাম এয়াৰপ’ৰ্ট!”

মাইকত এয়াৰ হোষ্টেজগৰাকীয়ে লেণ্ডিঙৰ আগজাননীৰ ঘোষণা কৰিলে যদিও ফাইনেল লেণ্ডিঙলৈ হয়তো আৰু দহমিনিট সময় পাম বুলি গল্পটোৰ শেষাৰ্ধ পঢ়িবলৈ ল’লোঁ৷  সময় তেতিয়া সন্ধিয়া চাৰে আঠ বাজিছিল৷

জেফ্ৰিৰ গল্পটোৰ শেষাংশ পঢ়ি মই এক অজান শিহৰণত পুলকিত হৈ পৰিছিলোঁ৷ কল্পনাৰ সাগৰত ডুবি উৰি ফুৰি পাহৰি গৈছিলোঁ ৰূপকথাৰ নায়কজন মই নহয়৷ কাৰণ গল্পটোৰ বাকীখিনি কাহিনী আছিল একেবাৰে অকল্পনীয়৷

……ৰিচাৰ্ড বহুপৰ তিনিমহলীয়া হোটেলখনৰ বাৰাণ্ডাৰ ৰেলিঙত ভেজা দি অলপ হতাশ মনে আকাশত উদ্ভাসিত হোৱা জোনবাইটো চাই থিয় হৈ আছিল৷ হঠাৎ নিশা বাৰমান বজাৰ ঠিক অলপ আগত বাৰান্দাত এটা ছায়ামূৰ্তিৰ আবিৰ্ভাৱ হ’ল৷ লাহে লাহে ওচৰ চাপি অহাত মুখ মণ্ডলত খিৰিকীৰপৰা জোনৰ পোহৰত দেখা গ’ল সেয়া ৰিচিপচনিষ্টগৰাকী৷ তাইৰ ইংগিতত ৰিচাৰ্ডে এটা ৰূমত প্ৰবেশ কৰিলে৷ ৰিচাৰ্ড আশ্বৰ্য্যচকিত হ’ল যেতিয়া ৰিচিপচনিষ্ট কাৰ্লোটাও একেটা ৰূমৰ ভিতৰলৈ সোমাই আহি এটা ৰহস্যময় হাঁহিৰে সম্ভাষণ জনাই দুৱাৰখন ভিতৰৰপৰা জপাই দিলে৷ তাৰপিছত ……এক আচৰ্য্যজনক, অবিশ্বাস্য প্ৰেমকাহিনী৷

ৰাতিপুৱা কাৰ্লোটাক বিদায় জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি ৰিচাৰ্ড খুব সোনকালে যাবলৈ ওলাই খৰখেদাকৈ তললৈ নামি আহিল৷ ৰিচিপচন কাউণ্টাৰৰপৰা তেওঁৰ বেগটো ল’বলৈ আহি দেখিলে কাউণ্টাৰত অন্য এগৰাকী বয়সীয়া মানুহ বহি আছে৷ বেগটো বিচৰাত মানুহজনীয়ে তেওঁৰ ৰূম নম্বৰটো সুধি “চেক-আউট” কৰিব নেকি সুধিলে৷ অলপ দোধোৰ-মোধোৰত পৰি কি কওঁ কি নকওঁ কৈ ৰিচাৰ্ডে কৈ পেলালে যে সি যোৱা নিশা হোটেলত থকাই নাই, যোৱাকালি সন্ধিয়া ৰূম বিচাৰি আহিছিল, কিন্তু ৰূম খালি নাই বুলি কোৱাত নিশাটো বাহিৰতে কটাই বেগটো নিবলৈহে ঘূৰি আহিছে৷

ৰিচাৰ্ডৰ কথা শুনি মানুহজনী আচৰিত হ’ল৷ ৰেজিষ্টাৰখন চেক কৰি ওচৰত থকা দাৰোৱানজনৰ ফালে চাই সুধিলে,

: কালি সন্ধিয়া ৰিচিপচনত কোন আছিল?

দাৰোৱানজনে অলপ ভয়ে ভয়ে কাৰ্লোটাৰ নামটো ক’লে৷

: অহ! তাই আগতেও এইটো কাম কৰিছে! কিন্তু হোটেলততো বহুত ৰূম খালী পৰি আছিল!

মেনেজাৰগৰাকীয়ে ৰিচাৰ্ডক সন্মানসূচকভাৱে বেগটো আগবঢ়াই দি ক্ষমা প্ৰাৰ্থনাৰ ভংগীৰে বেয়া নেপাবলৈ বাৰে বাৰে অনুৰোধ কৰিলে৷

ৰিচাৰ্ড হতভম্ব যদিও তাত এক মিনিটও নৰ’ল৷ বেগটো লৈ তাৰ গন্তব্য স্থানলৈ খোজ ল’লে৷ গোটেই বাটছোৱা কাৰ্লোটাৰ কথাই ভাবি গ’ল৷ তাৰমানে কাৰ্লোটা…  আজি তাই ধৰা পৰি যাব! তাৰ পিছৰখিনি ভাবিবলৈ সত নগ’ল৷

**

অৱশেষত আমি কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰিলোঁ৷ বাহিৰত মোক নিবলৈ ৰঞ্জিত নামৰ ড্ৰাইভাৰ এজন গাড়ী লৈ অহাৰ কথা৷ ফ্লাইটৰপৰা নামি লাহে লাহে এক্সিট গেটেদি বাহিৰ হৈ অলপ আচৰিত দৃশ্য এটা চকুত পৰিল৷ এয়াৰপ’ৰ্টৰ বাহিৰখন তেনেই নিমাওমাও পৰিবেশ! তাতে কিনকিনিয়া বৰষুণ! বাহিৰত দুই এখন প্ৰাইভেট গাড়ী, আৰ্মি আৰু পুলিচৰ কেইবাখনো গাড়ীৰ বাহিৰে কমাৰ্চিয়েল টেক্সি, অ’টো আদি এখনো চকুত নপৰিল৷ মোৰ লগত ফ্লাইটৰপৰা নমা মানুহবোৰো ইফালে সিফালে দুই চাৰিজন মিলি প্ৰাইভেট গাড়ীৰে নিজৰ নিজৰ গন্তব্যস্থানলৈ গুচি যোৱাত বাহিৰখনত যেন মৰিশালীৰ নিস্তব্ধতা বিৰাজ কৰিছিল৷ ইফালে ক’তো মোৰ ড্ৰাইভাৰ ৰঞ্জিতৰ সন্ধান নাই৷ ফোন কৰিবলৈও কোনো সুবিধা নাছিল৷

ৰাস্তাটোৰ সিটোমূৰে সৰু হাৰিকেন লেম্প এটাৰ পোহৰ দেখি মই বেলেগ কিবা টেক্সিৰ সন্ধানত অলপ আগুৱাই গ’লোঁ৷ বুঢ়ী মানুহ এজনী দৃষ্টিগোচৰ হ’ল৷ তেওঁ মোৰ ফালে অলপ প্ৰশ্ন বোধক দৃষ্টিৰে চাই সুধিলে,

: কিছু লাগবে?

তেওঁৰপৰা পাঁঁচ টকা দি পানীৰ বটল এটা লৈ সুধিলোঁঁ,

: দিদি এইখানে অ’টো, টেক্সি এইগুলো কি হ’ল’? একটাও নাই দেখি?

: আজকে “বৰাক ভেলী” বন্ধ জানেন না? কোথাই কি পাবেন এই সময়? কোথাই যাবেন আপনি?

মোৰ যাবলগীয়া ঠাই টুকুৰা তাৰপৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ দূৰত৷ তেতিয়া মবাইল ফোন আদি অসমত নাই৷ লেণ্ড লাইন ফোনো দুই এটাহে থাকে৷ মই যিহেতু অকলশৰে থাকোঁ, মোৰ কোৱাৰ্টাৰত থকা ফোন ধৰিবলৈও কোনো নাই৷ তাতে মই চাকৰিত তেনেই নতুন৷ চিনাকি বুলিবলৈ তেনেই কম৷ পৰিস্থিতিটো বুজিব পাৰি ভগবানৰ নাম সোঁৱৰিলোঁ৷ ওচৰত ৰাতিটোৰ কাৰণে হোটেল এখন পাম নেকি বুলি তেওঁক সোধাত তেওঁ অলপ দূৰলৈ আঙুলিয়াই দি ক’লে,

: ঐ সামনে চলে যান৷ ঐখানে প্ৰাইভেট গাড়ী পেয়েও যেতে পাৰেন৷ একটু এগিয়ে গেলে একটা হোটেলো পাবেন৷

মই বেগটো কান্ধত লৈ লাহে লাহে তেওঁ দেখাই দিয়া ঠাই টুকুৰালৈ আগবাঢ়িলোঁ৷ প্ৰায় দহ মিনিটমান খোজ কঢ়াৰ পিছত অলপ দূৰত ঘৰ কিছুমান দৃষ্টিগোচৰ হ’ল৷ লাহে লাহে খোজ কাঢ়ি গৈ থাকোঁতে হঠাৎ দেখিলোঁ, মাৰুতি ভেন এখন মোৰ ওচৰতে ব্ৰেক মাৰি ৰ’ল৷ মই ঘূৰি চাই দেখিলোঁ ভিতৰত বহা পেচেঞ্জাৰজন চিনাকি চিনাকি লাগিছে৷ অলপ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, তেওঁ ভঙা ভঙা অসমীয়াত মাত দিলে,

: জল্দি আহক, কৈ যাবেন? আজকে গাড়ী নাপাব৷

মই বিশেষ চিন্তা নকৰি বহি পৰিলোঁ৷ তাৰপিছতহে মনত পৰিল, ফ্লাইটত মোৰ ওচৰতে বহি টোপনীয়াই অহা বঙালী ভদ্ৰলোকজন৷ নিজকে অলপ দোষী দোষী ভাব এটাৰে তেওঁক সুধিলোঁ,

: ক’লৈ যাব?

: আমাৰ ঘৰ ইয়াতেই, অলপ আগে৷ আপনি যদি হোটেলে যান, আমি নামাই দিমু আপনাৰে৷

তেওঁৰ কথাখিনি সেইসময়ত অমৃতবাণী যেন লাগিল৷ মই বিশেষ একো নকৈ, হ’ব বুলি সন্মতি দিলোঁ৷ প্ৰায় দুই কিলোমিটাৰমান অকোৱা-পকোৱা ৰাস্তাৰে নি নি এখন ঠাইত নমাই দি মোক ক’লে,

: ঐ সামনে দেখেন, ঐটা হোটেল!

তেওঁ সৰু টুকুৰা কাগজ এখনত নম্বৰ এটা লিখি দি মোক ক’লে,

: এইটা আমাৰ ফোন নাম্বাৰ৷ আমাৰ নাম বিকাচ ৰয়৷  কিছু অচুবিধা হৈলে ফোন কৰবেন!

মই ধন্যবাদ জনাই তেওঁক বিদায় দি লাহে লাহে দুমহলীয়া হোটেলখনৰ ফালে আগবাঢ়ি গ’লোঁ৷ হোটেলখন বাহিৰৰপৰা দেখি সচৰাচৰ দেখি থকা হোটেল যেন নেলাগিল, যেন কোনোবা মানুহৰ ঘৰহে৷  ভিতৰলৈ সোমাই গৈ দেখিলোঁ সৰু ডেস্ক এখনৰ পিছফালে ‘ৰিচিপচন কাউণ্টাৰ’, ভীৰ একেবাৰে নাই৷ মানুহ বুলিবলৈ বাৰ তেৰ বছৰীয়া সৰু ল’ৰা এটা৷ মই তাক সুধিলোঁ, ৰূম আছে নেকি?

মোক একো উত্তৰ নিদি, সি ভিতৰৰ ফালে গৈ চিঞৰিলে,

: দিদি! কাষ্টমাৰ এসেছে!

মোৰ অনুভৱ হ’ল, এইখন হয়তো হোটেলেই নহয়৷ কাৰোবাৰ ব্যক্তিগত ঘৰহে৷ আজি ইয়াত ৰূম পোৱাৰ কোনো আশা হয়তো নাই৷ কিন্তু অলপ পিছতে ভিতৰৰপৰা যিগৰাকী ছোৱালীৰ আবিৰ্ভাৱ হ’ল হুবহু মোৰ কল্পনাৰ কাৰ্লোটাৰ লগত মিলি যোৱা ৰূপৱতী৷ মোক এবাৰ তীক্ষ্ণ দৃষ্টিৰে ভৰিৰপৰা মূৰলৈ চাই চাই তাই সুধিলে,

: আৰ ইউ চাৰ্চিং ফৰ এ হোটেল ৰূম?

ঠিক ৰিচাৰ্ডৰ দৰে ময়ো তাইলৈ অপলক নেত্ৰে কিছুসময় চাই ক’লোঁ,

: ইয়েচ, শ্ব্যাল আই গেট এ চিংগল বাজেট ৰূম ফৰ টুনাইট?

অবিশ্বাস্য ভাবে কাৰ্লোটাৰ দৰে ঠিক একেদৰে তাই মোলৈ এবাৰ চালে আৰু হাতত থকা বহী এখনৰ পাত লুটিয়াই লুটিয়াই কৈ উঠিল,

: চৰী ছাৰ, অল ৰূমচ আৰ অলৰেডী বুকদ্!

কাৰ্লোটা আৰু ৰিচাৰ্ডৰ দৰে কাহিনী অকল উপন্যাস বা চিনেমাতহে সম্ভৱ বুলি জানিও মনৰ গোপন কোণত পুহি ৰখা শেষ আশাটোৰে তাইলৈ চাই পুনৰ এবাৰ সুধিলোঁ,

: ইজ ডেয়াৰ এনিৱান, হু হেজ বুকদ বাট নট এৰাইভদ্ ইয়েট?

শেষ আশাটোত এবাল্টি চেঁচাপানী ঢালি অলপ কৰ্কশ যেন লগা মাতটোৰে তাই কৈ উঠিল,

: ইয়েচ, বাট উই কেন নট মেক ইউ ৱেইট লাইক ডেট! কাইণ্ডলি লুক ফৰ চাম আডাৰ প্লেচেচ এৰাউণ্ড! থেংক ইউ!

ইয়াৰ পিছত মোৰ তাত ৰৈ থকাৰ কোনো কাৰণ নাছিল৷ বেগটো হাতত লৈ হোটেলৰ বাহিৰ ওলালোঁ৷ এনে এখন সৰু ঠাইৰ হোটেলত ক’ৰপৰা আৰু কিয়বা ইমান মানুহ আহি হোটেলৰ সৱ ৰূম বুক কৰি ল’ব; ভাবি অলপ আচৰিত হৈয়ে ৰাস্তাত ভৰি দি কোনফালে যাম কি কৰিম ভাবি আছিলোঁ৷ অলপ আগতে বঙালী ভদ্ৰলোকজনে দি যোৱা কাগজখনত থকা ফোন নম্বৰটো মনত পৰিল৷ পুনৰ হোটেলখনলৈ ঘূৰি গ’লোঁ৷ তেতিয়াও ঘৰটোত তাই অকলে বহি আছিল৷

: মেম, কেন আই মেক এ ফোন কল ফ্ৰম হিয়েৰ?

বুলি অনুৰোধৰ সুৰত তাইক সোধোঁতে ডেস্কৰ তলত থকা ফোনটো আগবঢ়াই দি তাই মোৰ ফালে কিছুপৰ চাই থাকিল৷

তেওঁৰ নম্বৰটো ডায়েল কৰি পুৰুষ কণ্ঠ এটা শুনিয়েই মই চিধাই আৰম্ভ কৰিলোঁঁ,

: বিকাচ বাবু আমি সমীৰণ বলছি, একটু আগে যে আপনি লিফ্ট দিয়েছিলেন! হোটেলেতো ৰূম পাইনি৷ খুব অচুবিধাই পড়ে গেলাম! এতদূৰ ৰাস্তা, কি কৰে যাবো এখন? কিছু একটা হেল্প কৰুন প্লিজ!

সিফালৰপৰা উত্তৰ কিবা অহাৰ আগতে মোক আচৰিত কৰি ৰিচিপচনিষ্টগৰাকীয়ে মাত দিলে,

: হোৱেৰ ডু ইউ ৱাণ্ট টু গ’?

তাইৰ মাতত থতমত খাই, বিকাশ বাবুৰ উত্তৰ শুনিম নে তাইৰ কথাত গুৰুত্ব দিম ভাবি থাকোঁতেই ফোনৰ সিপাৰে পুৰুষ কণ্ঠই অলপ বিৰক্তিৰে কোৱা শুনিলোঁ,

: আপনি কে বলছেন? এইখানে কোনো বিকাচবাবু থাকে না! চৰী, ৰং নাম্বাৰ৷

‘বিকাশবাবু’ নামৰ ফোন নম্বৰটোৰপৰা এইদৰে উত্তৰ পাই হতাশাগ্ৰস্ত চাৱনিৰে ফোনটো থৈ তাইৰ প্ৰশ্নৰ উত্তৰ দিলোঁ, মোৰ নিজৰ বিষয়ে কিছু আভাষ দি মোৰ গন্তব্য স্থান ক’ত আৰু ক’ৰপৰা আহিছোঁ সকলো বিবৰি ক’লোঁ৷ কথা প্ৰসংগতে বিকাশ ৰয় বোলা কো-পেচেঞ্জাৰজনে যে মোক লিফ্ট দি ইয়াত নমালে সেইটোও জনালোঁ৷ তাই অলপ দেৰি কিবা এটা চিন্তা কৰি অলপ দূৰত থকা কাঠৰ চকী এখনলৈ আঙুলিয়াই দি ক’লে,

: আপুনি অলপ বহকচোন, চাওঁ কি কৰিব পাৰোঁ৷

মোৰ পুনৰ ইটালীৰ মণ্টাৰ্চোৰ হোটেলত ৰিচাৰ্ডৰ লগত হোৱা লটিঘটিটোলৈ মনত পৰিল৷ হোটেলৰ ৰিচিপচনিষ্টজনীৰ কথাত আশ্বস্ত হ’বপৰা নাছিলোঁ, তথাপিও তাইৰ কথাত অলপ আশাৰ ৰেঙনি দেখি লাহে লাহে গৈ আগফালে পাৰি থোৱা চকী এখনত বহিলোঁ৷ প্ৰায় পাঁচ মিনিট পিছত মোক আচৰিত কৰি হোটেলৰ বাৰ-তেৰ বছৰীয়া ল’ৰাজনে আহি একাপ চাহ দিলে৷ এনে সময়ত চাহ কাপ কিমান প্ৰয়োজনীয় বুজাব নোৱাৰিম৷ তাৰ বাবে কি বুলিনো কৃতজ্ঞতা জনাম ভাবি তালৈ চাই এটা মৃদু হাঁহিৰে মূৰটো দোঁৱালোঁ৷ সিও এটা মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ জনালে!

জেফ্ৰিৰ গল্পটো কেতিয়াবাই শেষ হৈছিল, কিন্ত মোক দি গৈছিল এক অদ্ভুত শিহৰণ! নিজৰ পৰিস্থিতিৰ লগত ইমানখিনি হুবহু মিলি যোৱা এটা ঘটনাই মোক বাস্তৱৰপৰা নিলগাই এখন কল্পনাৰ পৃথিবীলৈ লৈ যাবলৈ ধৰিছিল৷ চকুদুটা মুদি মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ- তাই এতিয়া মোকো মাতি ক’ব, আপুনি ওপৰৰ বাৰান্দাত অলপ দেৰি থাকক, আৰু ৰাতি বাৰটালৈ অপেক্ষা কৰক! চেক ইন নকৰা মানুহৰ ৰূম এটা আপোনাক দিম৷ তাৰপিছত… তাৰ পিছত ছায়ামূৰ্তিৰ আবিৰ্ভাৱ হ’ব, তাৰ পিছত… এটা মায়াবী নিশা! আহ! ভগবান ইমান সদয় হ’ব পাৰে জানো?

ঠিক পোন্ধৰ মিনিটমান পিছত, ল’ৰাটো মোৰ ওচৰলৈ আহি মোক ইংগিত দিলে যে দিদিয়ে মাতিছে৷ মই এক মুহূৰ্তও পলম নকৰি এক আশাব্যঞ্জক দৃষ্টিৰে তাইৰ ওচৰত থিয় হ’লোঁ৷ তাই পুনৰ ৰেজিষ্টাৰৰ পাত লুটিয়ালে…

হঠাৎ চিনাকি মাতষাৰ শুনি ঘূৰি চালোঁ৷

: ছাৰ! আপোনাক এঘণ্টাৰপৰা বিচাৰি বিচাৰি হায়ৰান হৈ গৈছিলোঁ৷ মই ঠিকেই অনুমান কৰিছিলোঁ, যে মোক নাপাই আপুনি এইখন হোটেল বিচাৰিয়ে আহিব, সেয়ে ময়ো ইয়ালৈকে আহি গ’লোঁ! ব’লক এতিয়া, বহু দেৰি হ’ল৷ ঘৰ পাবলৈ আৰু এঘণ্টা লাগিব৷

মোৰ আশাত দ্বিতীয় বাল্টি চেঁচাপানী ঢালি সেয়া মোৰ সন্মুখত ৰৈ আছিল, ড্ৰাইভাৰ ৰঞ্জিত৷

মই ৰিচিপচনিষ্ট গৰাকীলৈ এক কৰুণ চাৱনিৰে শেষ বাৰলৈ চাই  ক’লোঁ,

: থেংচ ফৰ অল ইয়োৰ এফোৰ্ট, আই চেল কাম অভাৰ চাম দে, এগেইন!

: ইউ আৰ অলৱেইজ ৱেলকাম!

এটা ৰহস্যময় হাঁহিৰে তাই বিদায় জনালে৷ ৰঞ্জিতৰ ওপৰত কিয় জানো খং এটা বহুত দেৰিলৈ উঠিয়ে থাকিল৷

 ☆ ★ ☆ ★ ☆

12 Comments

  • ডলী

    বৰ ভাল লাগিল। ভুতুনি নহ’লে চিৰিয়েল কিলাৰ থকা বুলি ভাবি আছিলো শেষলৈ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল দাদা।

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • ৰিণ্টু

    এইটো তামাম লাগিল দাদা, ঝাকাচ

    Reply
  • জয়ন্ত

    খুউব ভাল লাগিল দাদা৷ ৰঞ্জিতৰ আবিৰ্ভাৱৰ আগলৈকে বৰ চাচপেন্সত আছিলো৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    পঢ়ি বহুত ভাল লাগিল ৷

    Reply
  • Rimjhim Borthakur

    তামাম

    Reply
  • বন্দিতা

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল দাদা

    Reply
  • Ranju

    ভাল লাগিল দাদা।

    Reply
  • অভিজিত কলিতা

    ফেণ্টাষ্টিক লিখিছে দাদা। নকৈ কোৱাৰ আৰ্টত আপুনি উস্তাদ। উচ্চমানৰ গল্প হৈছে দেই।

    Reply
  • অভিজিত কলিতা

    ফেণ্টাষ্টিক লিখিছে দাদা। নকৈ কোৱাৰ আৰ্টত আপুনি উস্তাদ। উচ্চমানৰ গল্প হৈছে দেই।

    Reply

Leave a Reply

Your email address will not be published.