ফটাঢোল

জেলেপীৰ পাক (মূল: বাংলা, লেখিকা: মাধৱী ভট্টাচাৰ্য) – ভাবানুবাদ: নীলাক্ষি দেৱী ডেকা

দিনটোৰ খাটনিৰ শেষত নিজৰ দুইকোঠলীয়া ফ্লেটৰ দুৱাৰমুখত ৰৈ ডোৰবেল বজাওঁতে বজাওঁতে সিঞ্চনৰ আঙুলি বিষাই গ’ল তথাপিও দুৱাৰখন খোল নাখালে। প্ৰেৰণা তেনেহলে কি ঘৰত নাই নেকি? আগতেতো কাহানিও এনেকৈ সিঞ্চনক নোকোৱাকৈ কলৈকো নাযায়! নে একো নোকোৱাকৈ মাকৰ ঘৰলৈ গ’ল! অৱশেষত নিৰুপায় হৈ কাষৰ ঘৰৰ ডোৰবেল বজাবলৈ বাধ্য হ’ল সিঞ্চন।

“নবৌ, আমনি দিলোঁ বেয়া নাপাব। তেতিয়াৰ পৰাই বেল বজাই আছোঁ প্ৰেৰণাই দুৱাৰ খোলাই নাই। ক’ত গৈছে আপোনাক কিবা কৈ গৈছে নেকি?”

“নাই। মোকতো একো কৈ যোৱা নাই তাই। তুমি তাইলৈ এবাৰ ফোন মাৰি নোচোৱা কিয়?” ভদ্ৰমহিলাই উত্তৰ দিলে।

“তেতিয়াৰ পৰাই ফোন মাৰিয়েই আছোঁ বৌ কিন্তু তাই ফোন ধৰিলেহে!” সিঞ্চনৰ কথাত অসহায়তা ফুটি উঠিল।

“অ হয়নেকি? তেন্তে তাই চাগে শুই আছে। সৰু ছলি থকা মাক। দিনৰ দিনটো দৌৰাদৌৰি কৰি ভাগৰি যায় নহয়! তুমি আকৌ এবাৰ বেল দি চোৱাচোন নহলে।”

সিঞ্চনে উৎকণ্ঠিত হৈ আৰু এবাৰ বেল বজাবলৈ দুৱাৰৰ মুখত ঠিয় দিওঁতেই ফটকৈ দুৱাৰখন খোল খালে। সন্মুখত মুখ ওন্দোলাই থকা প্ৰেৰণা। গোটেই কথাকাণ্ড লক্ষ্য কৰি থকা সিঘৰৰ ভদ্ৰমহিলাই এইবাৰ লাহেকৈ মাত লগালে:
“অ কথা মানে সেইটোহে! পতি পত্নীৰ মাজত মান অভিমানৰ খেল চলি আছে। এইবাৰ দুয়ো সন্ধি কৰি লোৱা আৰু। মই হলে পলালোঁ ইয়াৰ পৰা!” -এইবুলি কৈয়ে তেখেতে হাঁহি হাঁহি নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰিলে। ইফালে সিঞ্চনৰ বিস্ময়ৰ সীমা নাই। হঠাতে প্ৰেৰণাৰ কি হ’ল আকৌ!

দুৱাৰ খুলি দিয়েই প্ৰেৰণাই একো মাতবোল নকৰাকৈ ভিতৰলৈ গুচি গৈছে। কেতিয়াবাই সাঁজ লাগি ভাগিল কিন্তু বাহিৰৰ কোঠাৰো লাইট জ্বলোৱা নাই। চাৰিওফালে আন্ধাৰ মুধাৰ হৈ আছে কিবা। আনদিনা এইখিনি সময়ত প্ৰেৰণাই কেঁচুৱা বাবাটোক কোলাত লৈ টিভি চাই থাকে। দুটা ৰূমৰ ফ্লেটৰ ভিতৰৰ কোঠাটো বেডৰূম কাম ডাইনিং ৰূম। এতিয়া তাৰেই একমাত্ৰ বিচনাখনত প্ৰেৰণাই মুখ ফুলাই বহি আছে। ছমহীয়া বাবাই বহি মুখত এটা প্লাষ্টিকৰ পুতলা লৈ কামুৰি আছে, গোটেই মুখ লেলাউটিৰে ভৰ্তি। সিঞ্চনে দৌৰি গৈ ল’ৰাৰ মুখৰ পৰা খেলনাটো আজুৰি দূৰলৈ দলি মাৰি দিলে।

“ছিঃ বাবু, এইবোৰ মুখত নিদিয়ে। নাপায়।”

মুখৰ পৰা পুতলা টানি পেলোৱাৰ লগে লগে বাবাটোৱে কান্দোনত তালফাল লগালে। প্ৰেৰণাই দেখিও নেদেখা হৈ আগৰদৰেই থমথমকৈ বহি থাকিল।

“তোমাৰ হৈছে কি কোৱাচোন? তেতিয়াৰ পৰা এনেকৈ আছা যে?” অধৈৰ্য হৈ সিঞ্চনে প্ৰথমবাৰৰ বাবে প্ৰেৰণাক প্ৰশ্ন কৰিলে।

“কি হোৱা দেখিলানো মোৰ?” নিৰুদ্বেগ হৈ প্ৰেৰণাই উত্তৰ দিলে।

“তেতিয়াৰে পৰা বেল বজাই বজাই ভাগৰি গৈছোঁ, দুৱাৰ খোলা নাছিলা কিয়? আৰু এতিয়া এনেকৈ মুখখন এপাচি কৰি বহি থাকিবলৈ হৈছে কি?”

“মোৰ মুখখন দেখিবলৈ তেনেকুৱাই।”

আৰু একো কবলৈ মন নগ’ল সিঞ্চনৰ। প্ৰেৰণাৰ আজি মুড একেবাৰেই বেয়া। কিন্তু সি বহুত ভাবিগুণিও পাৰ নাপালে যে মুড বেয়া হোৱাৰ কাৰণ কি হব পাৰে। পুৱাৰপৰা এনে একোৱেই তো হোৱা নাছিল যাক লৈ প্ৰেৰণাই মুখ ফুলাই এনেদৰে আছে। মনত দেখোন একোৱেই পৰা নাই!

প্ৰেৰণাক আৰু একো সুধি নাথাকি বাথৰূমত সোমাল সিঞ্চন। অন্যদিনা বাথৰূমৰ পৰা ওলাই আহিয়েই টেবুলত ধোঁৱা বলি থকা চাহৰ কাপ দেখা পায়। আজি প্ৰেৰণাৰ বহাৰ পৰা উঠাৰ নাম গোন্ধেই নাই।

“হেৰা, আজি চাহ একাপ দিবানে মোক?” ভয়মিশ্ৰিত সুৰত সুধিলে সিঞ্চনে।

সিঞ্চনে তেনেকৈ সুধিবলৈহে পালে, জ্বলা জুইত ঘিঁউ হে পৰিল যেন!

“নিদিওঁ চাহ। তুমি আজিলৈকে কি দিছা মোক যে তোমাৰ কাৰণে গৰুখাটনি দি থাকিম মই?”

“আৰে ভালকৈ বুজাই কোৱাচোন, তোমাৰ হৈছেনো কি?”

“মীনুৱে নতুন ৱাশ্বিং মেছিন কিনিছে। ফ্ৰণ্ট লোডিং। আৰু মাইক্ৰ অভেনো। মোক নতুন ৱাশ্বিং মেছিনৰ গুণ বখানি ততেই পোৱা নাই। মইনো শুনাৰ বাহিৰে কৰিম কি! বাধ্য হৈ শুনি থাকিবলগীয়া হৈছিল। তুমি যে অকৰ্মণ্য সেইটোতো মই নজনা নহয়!”

“যদি অকৰ্মণ্য বুলি তেতিয়া জানিছিলাই তেন্তে আজি খঙ দেখুৱাই কিবা লাভ আছে জানো?”

“বহুত সহ্য কৰি থাকিলোঁ অতবছৰে। আৰু নোৱাৰোঁ। মোকো চব বস্তুৱেই লাগিব। মীনুৱে প্ৰতিবছৰে মেৰিজ এনিভাৰ্চাৰীত কিমান ধুনীয়া ধুনীয়া উপহাৰ পায়। এইবাৰ মোকো লাগিব তেনে।”

সিঞ্চনৰ বুজি পাবলৈ বাকী নৰ’ল একো। মীনু প্ৰেৰণাৰ মোমায়েকৰ জীয়েক। দুয়োজনীৰে প্ৰায় একেসময়তে বিয়া হৈছিল। মীনুৱে প্ৰায়েই ফোন কৰি ভনীয়েকৰ খবৰ খাতি লয়। আৰু কেইদিনমানৰ পাছতেই সিঞ্চনহঁতৰ বিবাহ বাৰ্ষিকী। মীনুৱে নিশ্চয় গিৰিয়েক ৰাজীৱে দিয়া উপহাৰৰ কথা ভনীয়েকৰ আগত গাইছে। প্ৰেৰণাৰ বায়েকৰ আগত জহাব পৰাকৈ একোৱেই নাই। গতিকে তাইৰ গাত লগাটো স্বাভাবিকেই।

এমোকোৰা হাঁহিৰে সিঞ্চনে সুধিলে,

“আজি মীনুৱে ফোন কৰিছিল হবপায়?”

“তুমি জানি কি কৰিবা?” প্ৰেৰণাই বিৰক্তিভৰা সুৰত উত্তৰ দিলে।

“নাই তোমাৰ হঠাতে বিৰক্ত হোৱাৰ কাৰণ আৰুনো কি হব পাৰে! তোমাকো সকলোখিনি দিম কেৱল অলপদিন ধৈৰ্য্য ধৰাচোন। দৰমহাৰ টকা কেইটা মাহে মাহে ফ্লেটৰ ইএমআই দিওঁতেই শেষ হয় চোন। অলপমান চম্ভালি লব পাৰিলেই..”

“নহব। মোক এতিয়াই চব লাগে। লাগিবই। তুমি যে দিব নোৱাৰা, মীনুৰ গিৰিয়েকে কেনেকৈ পাৰেনো?” সিঞ্চনৰ কথা শেষ হবলৈ নিদিয়াকৈ প্ৰেৰণাই চিঞৰি চিঞৰি কবলৈ ধৰিলে গিৰিয়েকক।

“মীনুৰ গিৰিয়েকৰ টকা বেছি। সেয়ে পাৰে দিব। মোৰতো ইমান টকা ইনকাম নাই, মই কেনেকৈ দিম?”

“তুমিও দিবই লাগিব। যি কৰিয়েই হওক।”

পৰিবাৰৰ অভিযোগত বিৰক্তি আৰু লুকাই ৰাখিব নোৱাৰি সিঞ্চনে কবলৈ ধৰিলে:
“কেনেকৈ দিম? এতিয়া কি তোমাৰ ফৰমাইছ পূৰণ কৰিবৰ কাৰণে চুৰি ডকাইতিতো ধৰিব লাগিব নেকি?”

“চুৰি ডকাইতি কৰিবলৈ সাহস লাগে বুজিছা, সাহস। তোমাৰ সেই সাহসৰ ‘স’টোও নাই। তোমাক বিয়া পতাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ’ল মোৰ।”

“তেনেহলে বিয়া পাতি মৰিছিলা কিয়?” সিঞ্চনে খঙেৰে উত্তৰ দিলে।

“বিয়া পাতিবলৈ তুমিয়েই দেখোন পাগল হৈ আছিলা।”

“বহুত ভাল পাইছিলোঁ তোমাক। সেইকাৰণেই বিয়া পাতিবলৈ পাগল হৈছিলোঁ। তুমি দেখোন মোৰ আৰ্থিক অৱস্থাৰ কথা আগৰপৰাই জানিছিলা। মইতো তোমাৰ পৰা একো লুকাই ৰখা নাছিলোঁ। তুমিনো কিয় বিয়া পাতিছিলা মোৰ লগত?”

“মোৰ ভুল হৈছিল। আৰু ভাবি চোৱাৰ দৰকাৰ আছিল।”

প্ৰেৰণাই অনৰ্গল বকিয়েই আছে। শুনি শুনি অতীষ্ঠ হৈ পৰিছে সিঞ্চন। পাঁচ বছৰ হ’ল দুয়োৰে বিয়া পতাৰ। এটা ল’ৰাৰ মাক হোৱাৰ পাছতো প্ৰেৰণা এতিয়াও যে ইমান অবুজ হৈ আছে ভাবিলেই আচৰিত লাগে। মানুহে এনেয়েই নকয়, ‘অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা।’

আগতে প্ৰেৰণা এনেকুৱা নাছিল। সিঞ্চনৰ জীৱনত হাজাৰটা অনিশ্চয়তা থাকিলেও তাই প্ৰেম আৰু মমতাৰে ভৰাই ৰাখিছিল জীৱন। তাইৰ সিঞ্চনৰ ওপৰত থকা বিশ্বাসৰ কাৰণেই বাৰে বাৰে বাগৰি পৰিও পুনৰাই ঠিয় দিব পাৰিছিল সিঞ্চনে। এতিয়াতো সেই আগৰ প্ৰেৰণা নাই! সঁচাকৈয়ে কি সকলো সলনি হৈ গ’ল নেকি?

সিঞ্চনক মনে মনে থকা দেখি প্ৰেৰণা পাকঘৰলৈ গ’ল। তাইহে জানে কিমান দুখত আজি এনেদৰে কব লগা হৈছে। মাকৰ ঘৰলৈ যোৱাটোও প্ৰায় বাদ দিয়াৰ দৰেই হৈছেগৈ। বাপেক মাকৰ উপদেশ নুশুনি প্ৰেৰণাই কিমান যে মাৰাত্মক ভুল কৰিছে সেইটো পাকে প্ৰকাৰে বুজাবলৈ কোনোৱেই বাদ নিদিয়ে।

মীনুৰ গিৰিয়েক ৰাজীৱৰ ডাঙৰ চাকৰি। দৰমহা পাতিও সিঞ্চনতকৈ বহুত বেছি।সেইটো লৈ প্ৰেৰণাই কেতিয়াও দুখ কৰা নাই কিন্তু যেতিয়াই নিজৰ মাক দেউতাকে কথাই কথাই সিঞ্চনৰ লগত ৰাজীৱৰ তুলনা কৰি থাকে সেইটো মুঠেই সহ্য নহয় প্ৰেৰণাৰ। সিঞ্চনৰ অপমান কাঁইট হৈ প্ৰেৰণাক খুঁচি বিন্ধি ৰক্তাক্ত কৰে। তাৰ ফলতেই প্ৰেৰণাৰ মন বেয়া লাগি এনে হবলৈ পায়। উৰহৰ খঙ ভগাঢাৰিৰ ওপৰত জৰাৰ দৰে ভুগিব লগা হয় সিঞ্চনেই।

===========
যোৱা কেইবাদিনৰে পৰা সিঞ্চনে দৰমহাৰ টকা কেইটাৰ হিচাপ মিলাই তত পোৱা নাই। যেনেকৈয়ে নহওক এইবাৰ প্ৰেৰণাক দামী কিবা এটা কিনি দিবই লাগিব। দুদিনমানৰ পাছতেই বিবাহ বাৰ্ষিকীৰ তাৰিখ। উপায় এটাও হাতলৈ অহা নাই এতিয়ালৈকে। যিজনী ছোৱালীয়ে নিজৰ সুখৰ কথা অলপো নভবাকৈ সিঞ্চনৰ হাতত ধৰি ওলাই আহিছিল তাইক একো এটা দিব নোৱাৰিবনে সিঞ্চনে! নোৱাৰিলে কেনেকৈ হব! যেনেতেনে মিলাবই লাগিব কিবা কৰি।

এনিভাৰ্চাৰীৰ দিনা আনদিনাতকৈ সোনকালে আহি ঘৰ পালেহি সিঞ্চন। পকেটত পাঁচখন খমখমীয়া দুহেজাৰ টকীয়া নোট। হাঁহিমুখেৰে প্ৰেৰণাৰ ফালে চাই ক’লে,

“অলপ খৰধৰ কৰা। আমি ওলাই যাম এফালে।”

“ক’ত ওলাই যোৱা?” অবাক হৈ সুধিলে প্ৰেৰণাই।

“আজি খোৱাবোৱা বাহিৰতেই কৰিম দিয়া।”

“কিন্তু মই যে ইমানবোৰ ৰান্ধিলোঁ তেতিয়াৰ পৰা, এইবোৰৰ কি হব?”

“ফ্ৰীজত ভৰাই থোৱা আৰু ব’লা সোনকালে।”

“কিন্তু হোটেলত খাবলৈ গ’লে কিমান বেছি খৰচ ভাবি চাইছানে তুমি? তাতে মাহৰ শেষ। পাছত কেনেকৈ মিলাবা কোৱাচোন?”

“টকা আছে দিয়া মোৰ। তুমি ইমান ভাবিব নালাগে। ব’লা এতিয়া।”

ল’ৰাক কোলাত লৈ পাটকাপোৰৰ দোকানখনত সোমাইছে সিঞ্চন। মেৰুণ ৰঙৰ গুণাৰ ফুলৰ মেখেলা চাদৰযোৰ ভীষণ পচন্দ হৈছে তাৰ। প্ৰেৰণাই কেৱল মুখ মেলি চায়েই ৰৈছে। সিঞ্চনৰ কাৰবাৰৰ একোৱেই ভু পোৱা নাই তাই।

“মেখেলা চাদৰযোৰ পচন্দ হৈছেনে তোমাৰ?”

“তোমাৰ মূৰৰ গণ্ডগোল হৈছে নেকি? কাপোৰযোৰৰ দামটো নোচোৱা কিয়?” সিঞ্চনৰ কাণত ফুচফুচাই ক’লে প্ৰেৰণাই।

“দামৰ কথা চিন্তা কৰিব নালাগে ৰ’বা। তোমাৰ পচন্দ হৈছেনে নাই তাকেই কোৱা।”

ইফালে সিঞ্চনৰ হাঁহি দেখি গা জ্বলিছিল প্ৰেৰণাৰ। মাহ শেষ হবলৈ এতিয়াও বহু কেইদিন বাকী। সিঞ্চনে কি নাটক কৰিছে এইবোৰ!

“এতিয়াই বাহিৰলৈ ব’লা তুমি।”

“আগতে কাপোৰযোৰ চোৱাচোন”

প্ৰেৰণাই সিঞ্চনক একো কোৱাৰ সুবিধা নিদি একপ্ৰকাৰ চোচোৰায়েই বাহিৰলৈ লৈ গ’ল।

“ইমান দামী পাটৰ কাপোৰযোৰ যে কিনিবলৈ ওলাইছা টকা আছে জানো তোমাৰ লগত?”

“আছে। সেইকাৰণেই কিনিবলৈ কৈছোঁ।”

“কেনেকৈ পালা ইমান টকা? ক’ৰ পৰা পালা?”

সিঞ্চন মনে মনে ৰ’ল।

“আৰে, নোকোৱা কিয় ক’ৰ পৰা পালা?”

“আজি এটিএমৰ পৰা উলিয়াইছোঁ।” সিঞ্চনে মূৰ তল কৰি উত্তৰ দিলে।

“জমা টকা উলিয়াইছা? কিমান উলিয়াইছা?”

“দহহাজাৰ। তুমিয়েই কোৱা নাছিলা জানো এইবাৰ দামী উপহাৰ লাগে বুলি?”

“পাগল হৈছা নেকি? মই কিবা কলোঁ বুলিয়েই এনেকৈ জমা টকা উলিয়াব লাগে নেকি? টকা আছেনো কেইটা? অলপো কাণ্ডজ্ঞান নাই নেকি তোমাৰ?”

এইবাৰ সিঞ্চনৰ আচৰিত হোৱাৰ পাল। ইফালে সিঞ্চনৰ মূৰ্খামিৰ কাৰণে গালি পাৰিয়েই আছে প্ৰেৰণাই। নাৰীৰ মন বুজি পোৱা সঁচাকৈয়ে বৰ কঠিন।

“শুনা, টকাখিনি কাইলৈ পুনৰ বেংকত জমা কৰি দিবা। টকা জমা হৈ প্ৰথমতে কিবাকৈ ফ্লেটৰ ইএমআই টো শেষ হওঁক। উপহাৰ পাছে পৰেও লব পৰা যাব। এইবাৰ সোনকালে ঘৰলৈ ব’লা।

ঘৰলৈ পোণাই খৰকৈ খোজ দিলে প্ৰেৰণাই। পাছে পাছে কোলাত ল’ৰাক লৈ সিঞ্চন। ৰাতি খোৱাৰ মেজত ধোঁৱা বলি থকা চিকেন বিৰিয়ানি আৰু ভজা বৰালি মাছেৰে ৰাতিৰ সাজ খাবলৈ লৈ সিঞ্চনে সুধিলে প্ৰেৰণাক,

“তুমি আচলতে কি বিচাৰা কোৱাচোন? দুদিনৰ আগতে গিফ্ট নিদিওঁ বুলি গালি খালোঁ আৰু আজি গিফ্ট দিবলৈ ওলাই গালি খালোঁ। নাৰীৰ মন বুজাটো কি ইমানেই কঠিন?”

“হব মোক একো গিফ্ট চিফ্ট নালাগে। তুমিযে দিম বুলি ভাবিলা তাতেই মোৰ সুখ। এতিয়া লেকচাৰ বাদ দি খোৱাত মন দিয়া। ঠাণ্ডাৰ দিনত এনেয়েও সোনকালে ঠাণ্ডা হয় চব।”

সিঞ্চনেও ভাবিলে নাৰীৰ মন বুজিবলৈ অহোপুৰুষাৰ্থ কৰাতকৈ বৰ্তমান চিকেন বিৰিয়ানিত মন দিয়াই বুদ্ধিমানৰ কাম হব। এই জেলেপীৰ পাক বুজি পোৱাটো তাৰ দ্বাৰা সম্ভৱ নহ’ব কাহানিও। গতিকে মিছাতে মূৰ ঘমাবলৈ এৰি সি তৃপ্তিৰে খোৱাত মন দিলে।

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.