ফটাঢোল

জৈৱ-ৰাসায়নিক ফটা-কবিতাঃ বিকাশ দত্ত

দাঁ‌ত আৰু জিভাৰ মোহনাত ফচি ৰোৱা
পালেঙ শাকৰ কচম
নাজানো এনেকুৱা চাৱনিৰে
কৰিলা কিমানক ভচম

খাদ্যনলীৰ মসৃণতাৰে
সিঁ‌চি দিছোঁ‌ ভালপোৱা
পিত্তৰসেৰে ধুই দিছোঁ‌
বুকুৰ হেজাৰ বেদনা

অগ্নাশয়ৰ কোঁ‌হে কোঁ‌হে
যকৃতৰ সিৰে সিৰে
পাকস্থলীৰ পেপচিন আৰু
ভিলাইৰ আঁ‌ৰে আঁ‌ৰে

ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ মাজেৰে
গাইছোঁ‌ পাচনৰ গীত
যেন মাইকেল জেকছনৰ নৃত্য
আৰু পেটৰ গুৰগুৰণিৰ সংগীত

তোমাৰ গ্লুমেৰুলাছৰ বাসিন্দা
তোমাৰ ইনচুলিন বেজী মই
তোমাৰ মুখৰ মাস্ক
আৰু চেনীটাইজাৰো মই

কুঁ‌হিয়াৰৰ জাবৰ
এলুমিনিয়ামৰ আঁ‌কৰ
যেন তুমি মোৰ বান্দৰী
আৰু মই তোমাৰ বান্দৰ

ফেচবুক চাওঁ‌
আৰু চাওঁ‌ ইউটিউব
যেন তুমি মোৰ স্কুৱাৰ
আৰু মই তোমাৰ কিউব

ক’ৰণাৰ বাবে দুৰ্গা পূজাৰ
নাই কোনো উখল-মাখল
যেন তুমি মোৰ আঠা
আৰু মই তোমাৰ ফেবিকল

আহা আমি লিখোঁ প্ৰেমৰ কাহিনী
যেন বাংলাদেশৰ মুক্তিবাহিনী
মেঘালী চুলিটাৰিত উমলে বহুত ওকণি
যেন চাহপাত সৰকিব নোৱৰা চেকনি

ৰঙীন ওঁ‌ঠৰ আশে-পাশে
কিনো ভূৱনভুলীয়া হাঁ‌হি বোলাইছে
তুমি বাৰু জানানে যে তোমাৰ নামত
ৰমেনদাই দুপালি চাধা বেছিকৈ মলিছে

 

One comment

Leave a Reply

Your email address will not be published.