ফটাঢোল

জোক-গীতাৰ্থী গোস্বামী 

লেউপেউকৈ ঘাঁহে-বনে নাচোন দি থাকি এপাকত সুবিধা বুজি কাৰোবাৰ আঙুলিৰ ফাঁকত কামোৰ মাৰি ৰৈ যোৱা সেই প্ৰাণীবিধৰ কথা ভাবিলেও মোৰ গাৰ নোম ডাল ডাল হৈ যায়। সাপলৈকো মোৰ ইমান ভয় নালাগে। ইনফেক্ট গাৰ কাপোৰৰ ভিতৰত এদিন চকৰী ফেঁটীৰ পোৱালী এটা সোমাই থাকোঁতেও মোৰ ইমান ভয় লগা নাছিল। আচলতে  ৰঞ্জু হাজৰিকাদেৱে ‘জোক’ নাম দি এখন কিতাপ লিখিছিল। সৰুতে ৰঞ্জু হাজৰিকাৰ কিতাপ পালেই গোগ্ৰাসে গিলোঁতে এই ‘জোক’খনো আন কিতাপৰ লগত পেটত সোমাল। সোমালহে সোমাল, পিচে বদহজম হ’ল। তেতিয়াৰ পৰা জোক দেখিলেই মই জিকাৰ খাই উঠা হ’লোঁ। মানে এফালে জোক আৰু এফালে বাঘ থাকিলে মই নিৰ্ঘাত বাঘ থকা ফালেহে দৌৰিম।

জোক কেইবাপ্ৰকাৰৰো আছে। চেনী জোক, ম’হজোক, চেলাপতি জোক আদি। চেনীজোক সাধাৰণতে ঘৰৰ বাৰী-বননিতে থাকে। পাতল, লাহি শৰীৰটো নচুৱাই চিকাৰলৈ বাট চাই থাকে। ম’হজোকে ম’হৰ শৰীৰৰ তেজ খায়। চেলাপতিবোৰহে বেছি ভয়ানক। দ পথাৰত সিহঁতে পানীৰ লগত হালি জালি থাকি ৰোৱনীৰ ভৰিত খামোচ মাৰি ধৰে। প্ৰায় এবেগেতীয়া এই জোকডালে ৰোৱনীৰ কোমল ভৰিত এনেকৈ মৰমেৰে সাৱতি ধৰে যে অলপধতুৱা ৰোৱনীৰ হাৰ্ট এটেক হোৱাৰ উপক্ৰম হয়। তেনে ৰোৱনীৰ কথক নাচ বহুত দেখিছোঁ আমি। সাহসী ৰোৱনীসকলে চূণে চাদাই খোৱা তামোলখনৰ পিক এথোপা জোকডালৰ গাত পেলাই দিয়ে। তেনে কৰিলে সেই মহাপৰাক্ৰমী প্ৰাণীবিধ লেউসেউ হৈ পানীত সৰি পৰে।

অলপতে মোৰ পিতৃৰ দেহাৱসান হ’ল। শ্মশানৰ যাৱতীয় কাম কৰি ঘূৰি আহি গা ধুবলৈ লওঁতেই দেখিলোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ তলতে ক’লা কিবা এটা। ভৈয়াই ঐ, এঘণ্টাৰ ওপৰ মোৰ তেজ খাই লোদোৰ পোদোৰ হোৱা, গোটা জোকডাল ভৰিৰ পৰা এৰুৱাই অনাৰ পাছত, পিতৃহাৰা হোৱাৰ শোকৰ লগতে ৰক্তহাৰা হোৱাৰ দুখে মোক হেঁচা মাৰি ধৰিলে। ম্ৰিয়মান হৈ পৰিলোঁ।

দুদিনমানৰ পাছত সেই ভৰিৰ বুঢ়া আঙুলিটোৰ তলত খজুৱতি আৰম্ভ হ’ল। অসঞ্জাতি সেই সৰু প্ৰাণীটোৰ ইমান দম! প্ৰথমতে একেবাৰে শৰণ খেৰৰ কুটাডালতকৈ সৰু সেইজনাই কেনেবাকৈ কাৰোবাৰ মঙহত থিতাপি লৈ ৰক্তশোষণ কৰিব পাৰিলেই অলপ সময়তে কোদো বাহটোৰ দৰে লোদোৰ পোদোৰ হৈ যায়। কিযে আচৰিত!

আজি পুৱা আকৌ এবাৰ বাঁহনিৰ মাজৰ দেউতাৰ শ্মশানখন পৰিদৰ্শন কৰিবলৈ গ’লোঁ। বোকাময় বাঁহনিত খোজ দিওঁতে চেণ্ডেলযোৰ জোতাতকৈও গধুৰ হ’ল। পথাৰৰ পানীৰে ঘঁহি ঘঁহি চেণ্ডেলযোৰ ধুই ঘৰলৈ আহিলোঁ। ঘৰ আহি পাই ভালকৈ ভৰি দুখন ধোওঁ বুলি চেণ্ডেলযোৰ খুলি মোৰ মৰি যাবলৈকে মন গ’ল। প্ৰতিটো আঙুলিৰ ফাঁকত এডালকৈ জোক। চূণ ঢালি ঢালি এৰুৱালোঁ যদিও এতিয়া এনে লাগি আছে যেন মোৰ সৰ্বশৰীৰতে লিকলিকাই এসোপা জোক বগাই আছে! চুলিৰ পৰা ভৰিৰ নখলৈকে যেন এজাক ৰক্তপিপাসুৱে সুহি আছে মোৰ ৰক্ত! কাণৰ, নাকৰ ভিতৰলৈ যেন ক্ৰমান্বয়ে বগাই বগাই গৈ আছে সিহঁত! মুঠতে এই অকণমানি জীৱটোৱে মোকযে দুদিনমানলৈ লটিঘটি কৰিব সেয়া বুজি পালোঁ।

হে ভগৱান, এই প্ৰাণীবিধক কিয় সৃষ্টি কৰিলা বাৰু? বাঘ, সিংহ, সাপ – এন্দুৰ সকলোতকৈ ভয়ানক, দেখিলেই ভূত দেখা যেন লগা এই জোকবোৰ সমুলঞ্চে শেষ হৈ যোৱা হ’লে! কৰ’নাতকৈও মোৰ জোকলৈহে ভয় লাগে। মাস্কখন পাৰিলে ভৰিতহে পিন্ধো বুলি ভাবিছোঁ আৰু দেই!

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    অগতানুগতিক ৰস পালোঁ লেখাটোত৷

    Reply

Leave a Reply

Your email address will not be published.