ফটাঢোল

জোনৰ নামত নাখাবা শপত- মৃদুল নাথ

“অ হুজুৰ”

মবাইলটোৰ বিকট  চিঞৰত অবিনাশৰ সুখ নিন্দ্ৰাৰ অৱসান ঘটিল। কন্ঠৰ সলনি নাসিকাৰ উৎকৃষ্ট ব্যৱহাৰ হোৱা এই গানটোৰ হুজুৰক বিচাৰি কৰা আৱেদন মূলক শব্দ দুটা অবিনাশে মবাইলটোত এলাৰ্ম ক্ল’কৰ ৰিং ট’ন হিচাপে ব্যৱহাৰ কৰিছে। সৰুৰে পৰা অবিনাশ টোপনি গধুৰ, বিচনাত পৰিলেই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে। টোপনি নহা বেমাৰত ভোগা মানুহৰ কথা শুনিলে সেই মানুহবোৰক অবিনাশৰ ধৰাৰ বুকুত অষ্টম আশ্বৰ্য যেনহে লাগে। ৰাতি এঘাৰটা মান বজাৰ পিছতে পঢ়া টেবুলত বহি বৰশি বোৱাটো অবিনাশৰ সৰুকালৰে অভ্যাস।সেয়ে ৰাতিপুৱা অলপ সোনকালে উঠিয়ে পঢ়ে। পিছে, তাতো আছে পয়মাল, কথাতে আছে নহয়, যে টোপনিৰ চিকুণ পুৱা! ৰাতিপুৱা বিচনা খন এৰিবলৈও বৰ কষ্ট হয়। মবাইলটোত এলাৰ্ম দিলেও টোপনিৰ মাজতে হাতখনে খেপিয়াই খেপিয়াই মবাইলটো বিচাৰি লৈ বন্ধ কৰে। তাৰ পিছত দুদিন মান মবাইলটো বিচনাৰ পৰা কিছু আঁতৰত থকা টেবিল খনত ৰখাটো কৰিলে, তাতো তেনেকৈ ফলপ্ৰসূ ফলাফল পোৱা নগ’ল। বহু চিন্তা চৰ্চা তথা পৰীক্ষা-নিৰীক্ষাৰ অন্তত, উপায় এটা অবিনাশৰ মনত খেলায়, আৰু সেইমতে দুটা কাম কৰা হ’ল, প্ৰথমে মবাইলটোত এনে এটা ৰিং ট’ন বাজিব লাগিব যিটো শুনিলেই তাৰ মূৰ টিং টিঙাই যায়, ফলত টোপনি তেতিয়াই “ৰফু চক্কৰ” হৈ যাব। দ্বিতীয়তে, ফ’নটো ঢুকি পোৱা অৱস্থাত থাকিব নালাগিব। এই দুয়োটা কাৰ্য্যৰ সমাহাৰৰ ফলত সি সাফল্যৰ মুখ দেখে। তেতিয়াৰে পৰা প্ৰতিদিনে ৰাতিপুৱা ছটা বজাতে হিমেশে হুজুৰক বিচাৰে আৰু অবিনাশে খঙাল দৃষ্টিৰে ম’বাইলটোলৈ এবাৰ চাই তাক নিশ্চুপ কৰি হাতত টাৱেলখন লৈ বাথৰুমৰ ফালে প্ৰস্থান কৰে।

হোষ্টেলত ৰাতিপুৱাই উঠি যদি প্ৰাতঃকৃত সমাপন কৰিব পৰা নাযায়, পিছৰ ফালে বৰ ভিৰ লাগে। অবিনাশে আকৌ ৰাতিপুৱা বিচনাখন এৰিলেই তলপেটত চাপ অনুভৱ কৰে, সেয়ে বিসৰ্জন পৰ্বটো বেছ সুকলমেই পাৰ হৈ যায়। বহুতকে সি দেখে, চাপ সৃষ্টিৰ বাবে কিছুমানে ৰাতিপুৱা চিগাৰেটৰ আশ্ৰয় লয়, পিছে চিগাৰেট হোপান প্ৰক্ৰিয়াৰ ফলত চাপ সৃষ্টি হোৱাৰ কথাটো অলপ আশ্বৰ্যকৰ বিষয় তাৰ বাবে, যিহেতু ধোৱা খিনি বাহিৰলৈ উলিয়াই দিয়া হয়। যদি ধোৱাখিনি মুখেৰে ভিতৰলৈ গ’লহেঁতেন তেতিয়া হ’লে কথাটো বেলেগ আছিল।

নিত্য কৰ্ম সমাপন কৰি গা পা ধুই আহি অবিনাশে ঘড়ীটোলৈ চালে, চাৰে ছটা বাজিল। ব্ৰেকফাষ্ট দিবলৈ আৰু আধা ঘণ্টা বাকী। আগদিনা খন ৰাতিয়ে তিয়াই থোৱা বুট মগু খিনি প্লেট এখনত লৈ চোবাই চোবাই অবিনাশে আগদিনাখনৰ কথাবোৰ পাগুলিব ধৰিলে। ধুনীয়া, মৰমলগা ছোৱালীজনীৰ মুখ খনে যোৱা ৰাতিও আমনি কৰিছে তাক। ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছোৱালী, অলপ ভয় খাবই। তাতে সি অলপ জোখতকৈ বেছি গহীন দেখাবলৈ গৈ ৰূঢ় ভাবে নামটো সুধিছিল। ভাবি থাকোতে আগদিনাখনৰ ছবিখন আকৌ জীৱন্ত হৈ তাৰ চকুত ধৰা দিয়ে।

“ঐ ছোৱালী, কি নাম?”

“দাদা, মো….. মোৰ নে?” ভয়ে ভয়ে ছোৱালীজনীয়ে অবিনাশৰ ফালে চাই সোধে। ছিনিয়ৰকেইজনৰ জুমটোৱে তিনিজনী ছোৱালীক ঘেৰি ধৰাত আটাই কেইজনীৰ মুখৰ মাত প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে।”

“দাদা, মোৰ নাম অনামিকা।”

“অ, তাৰ মানে নাম নাই, মাক দেউতাকে দিবলৈ একো নামে বিচাৰি নাপাই শেষত তোমাৰ যে একো নাম নাই সেয়া জনাই দিলে, হয়নে?” অবিনাশৰ আট্টহাস্যত লগৰ কেইজনেও সহযোগ কৰাত অডিটৰিয়ামটো গমগমাই উঠে।

“নহয়, মানে হয় দাদা।”ছোৱালীজনীৰ আত্মবিশ্বাস হেৰাই যোৱাৰ দৰে অৱস্থা হোৱা দেখি অবিনাশে আকৌ তাইক সোধে,

” বাৰু, বাৰু কোৱাচোন ইঞ্জিনিয়াৰিং কিয় পঢ়িবলৈ বাচি ল’লা? আগৰে পৰা ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছিলা নেকি?” পৰিবেশটো অলপ সহজ হওঁক বুলি অবিনাশে অনামিকাক সোধে।

“মেডিকেল নাপালোঁ দাদা, সেয়ে ইঞ্জিনিয়াৰিং……..

“হোৱাট দ্যা হেল, কি বুলি ভাবা নিজকে, দেট, উই ইঞ্জিনিয়াৰছ আৰ লেছ কুৱালিফাইড দেন ডক্টৰছ, হা?”

অবিনাশৰ চিঞৰত গোটেই অডিটৰিয়াম হলটো কঁপি উঠে। ভয়তে ছোৱালীজনীয়ে কান্দি দিয়ে, বাকী লগৰ ছোৱালী দুজনী শিলপৰা কপৌৰ দৰে হৈ ৰয়। মুহূৰ্ততে পৰিবেশটো সলনি হয়। ৰক্তিমে পৰিস্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীতিনিজনীক যাবলৈ কয়।

তোৰ কি হৈছে বে, কন্দুৱাই দিলি বেচেৰী ছোৱালীজনীক? ইমান বেয়াকৈ দম দিলি, চব পণ্ড কৰি পেলালি। আজি এমাহৰ বেছি হ’ল ‘ফাৰ্ষ্ট চেম’ অহা, এজনীৰ লগত ভালকৈ চিনাকি হ’ব পৰা নাই। তাতে আকৌ যেতিয়াই তেতিয়াই তোৰ সেই অকৰা খংটো। আবে কি ভুল কলেনো তাই। অফ কৰ্ছ, মেডিকেল তাইৰ ফাৰ্ষ্ট চয়েছ হ’ব পাৰে। তোৰ নহ’ল বুলি আন কাৰো হ’ব নোৱাৰে নেকি?” বকি বকি ৰক্তিমে লগৰবোৰৰ সৈতে অডিটৰিয়ামৰ পৰা ওলাই যায়। মুক হৈ ৰৈ যায় অবিনাশ।

এৰা, কিনো ভুল কলে তাই? তাই সঁচা কথাটো বিনাদ্বিধাই কৈ দিছে। কিমান সৰল মনটো হলে বাৰু ফলাফলৰ আশংকা নকৰাকৈ এনেকৈ সঁচা কথা কোনোবাই কব পাৰে। বহুতে সৰল হব ছোৱালীজনী। ক্ৰন্দনৰত ছোৱালীজনীৰ মুখ খন মনলৈ অহাত অবিনাশৰ মনটো বেয়া লাগিব ধৰিলে। কিবা এটা কৰিব লাগিব, কিন্তু কি কৰিব সি, ছৰি ক’ব নেকি বাৰু তাইক? নাই, ছেভেন ছেমিষ্টাৰৰ ল’ৰা হৈ সি ফাৰ্ষ্ট ছেম এজনীক কেনেকৈ ছৰি ক’ব? নোৱাৰি ইমান সৰু হ”ব। কিন্তু কিবা এটা কৰিব লাগিব। অবিনাশে অশান্তিত ৰুমটোৰ ভিতৰতে ছাটি ফুটি কৰিব ধৰে। তেনেতে তলৰ ডাইনিং হলৰ পৰা সংকেত আহে, ব্ৰেকফাষ্ট ৰেডি।

তিনিমহলীয়া হোষ্টেলটোৰ তৃতীয় মহলাত ৰুম এটাত অকলে থাকে সি, তৃতীয় মহলাত ৰুম অকল ছিনিয়ৰ খিনিয়েহে পায়।দৰ্জা খুলি বাহিৰলৈ ওলাই আহি অবিনাশে তলৰ ডাইনিং হ’ললৈ দৃষ্টি নিক্ষেপ কৰে। ফাৰ্ষ্ট চেম খিনিয়ে তলত লৰা ধপৰা কৰিছে। তাৰ মানে সাত বাজিলেই, আঠটাৰ পৰা সিঁহতবোৰৰ ক্লাছ, সেয়ে প্ৰথমে সিহঁতক খাই বৈ আজৰি হ’বলৈ নিয়ম বান্ধি দিয়া আছে। কিবা এটা ভাবি লাহে লাহে অবিনাশ তললৈকে নামি যায়। উদ্দেশ্য, ফাৰ্ষ্ট চেমৰ আটাইকেইজন ল’ৰাকে একেলগে নিৰীক্ষণ কৰা, আগয়ে মন নকৰা কিছুমান কথা, কিছুমান দিশ নতুন কৈ লক্ষ্য কৰা।

নতুনকৈ হোষ্টেলত সোমোৱা ল’ৰা খিনিৰ এমাহ হৈছে মাথোঁ। চুটিকৈ কটা চুলি, ফৰ্মেল চাৰ্ট পেন্ট পিন্ধি একান্ত মনে ব্ৰেকফাষ্ট কৰি থকা সৰু ল’ৰা কেইটাক দেখি অবিনাশৰ মনত সিহঁতৰ প্ৰতি অলপ মৰম সোমাই গ’ল।খোৱাৰ মাজতে হঠাতে অবিনাশক দেখি গোটেই কেইজন ল’ৰাই কিবা এটা শংকাত থিয় হৈ দিলে।এই কেইদিন ৰাতি ৰাতি অবিনাশৰ ভয়ংকৰ ৰূপ আটাই কেইজনে  দেখা পাইছে। অবিনাশে মুখবোৰ এখন এখনকৈ অধ্যয়ন কৰাৰ দৰে কৰিব ধৰাত মুখবোৰত সিহঁতৰ শংকাৰ চিন সুস্পষ্ট হৈ উঠে।অলপ পিছত এজনৰ ওচৰত অবিনাশৰ চকু স্থিৰ হৈ ৰয়, ওখকৈ সুগঢ়ি লৰাটো মৰমলগা। তাৰো মুখখনত কিবা এটা সৰলতাৰ চাপ দেখা পালে অবিনাশে।

“খোৱা হ’লে মোৰ ৰুমলৈ এবাৰ আহি যাবাচোন।”

“হ’ব দাদা।”

অবিনাশ ডাইনিংহলৰ পৰা ওলাই অহাত ল’ৰা কেইজনে আকৌ খোৱাত মনোনিবেশ কৰিলেও সিহঁতে চেঁপা চেঁপা কণ্ঠৰে পতা কথাৰ কিছুমান শব্দ তাৰ কাণত পৰে।

“অই, তই কিবা জেং কৰিলি নেকি? তোক বিচাৰি ৰাতিপুৱাই ইয়ালৈ স্বয়ং যমৰাজ আহি ওলালযে?”

ল’ৰাজনে কি উত্তৰ দিয়ে সেয়া শুনিবলৈ অবিনাশে অলপ সময় কাণ থিয় কৰি বাহিৰত ৰৈ গ’ল। নাই, একো উত্তৰ নিদিলে ল’ৰাজনে। এটা সন্তুষ্টিৰ হাঁহি মাৰি অবিনাশ নিজৰ ৰুমলৈ আগবাঢ়ে।

অবিনাশৰ ক্লাছ ৰাতিপুৱা নটা বজাৰ পৰা আৰম্ভ হয়। ইন্সট্ৰুমেন্টেশ্যন বিভাগত সিঁহত বেছি ল’ৰা-ছোৱালী নাই, মুঠেই বিশটা ছীট।পৰিয়াল এটাৰ দৰে আটাইকেইজন থাকে। হোষ্টেলৰ আবাসী খিনিও এটা পৰিয়াল, প্ৰতিজনকে নিজৰ সহোদৰ যেন লাগে। মাজে দুই এজনৰ মাজত মনোমালিন্য হয় যদিও সেয়া অভিমান।পিছে আকৌ দুদিন পিছতে সেয়া নিজে নিজে ঠিক হৈ যায়। অবিনাশ প্ৰায়ে আচৰিত হয়, কি যে আমেজ এই আড্ডা বোৰৰ, আড্ডাৰ মহিমাও অপাৰ।আড্ডাৰ লগত সুৰাৰ যুগলবন্দী হ’লে তেনে আড্ডা আৰু ৰঙীন হৈ পৰে। আড্ডাত প্ৰাণ পায় আৱেগ বোৰ, সুপ্ত আৱেগ বোৰ বাৰিষাৰ ঢল নমাই নামে ৰঙীন আড্ডাত, সৃষ্টি হয় অভিমান আৰু অভিমানবোৰ ভাঙেও এই আড্ডাত।অতিমাত্ৰা আৱেগ ভাল নহয়, নহলে আৱেগবোৰ নিয়ন্ত্ৰণ কৰাটো প্ৰায়ে কঠিন হৈ পৰে। অবিনাশৰ মনতো আছেনেকি সুপ্ত হৈ কিবা আৱেগ, নিজকে টুকুৰিয়াই চায় সি, অনামিকাৰ অস্পষ্ট ছবিখন চকুৰ আগত ভাঁহি আহে তাৰ।

টক্ টক্ টক্। কোনোবাই দৰ্জাত টুকুৰিয়াই থকাৰ শব্দত অবিনাশৰ চিন্তাত যতি পৰে।

“য়েছ? ”

” দাদা, মাতিছিলে আপুনি মোক, সোমাব পাৰিম নে?”

“সোমাই আহা।”

পৰ্দাখন আতৰাই অনুৰাগ ভিতৰলৈ সোমাই আহে। ল’ৰাজনে নিৰ্দেশৰ বাবে অপেক্ষা কৰি মৌন হৈ ৰয়।

“তোমাৰ ক্লাছ আছে নহয় এতিয়া। শুনা, তোমাক কাম এটা দিছোঁ। তোমালোকৰ লগত ছোৱালী এজনী আছে, নামটো অনামিকা। মোৰ অলপ দূৰৰ চিনাকি হয়। তুমি আজি তাইৰ লগত চিনাকি হৈ ল’বা, আৰু ভাল বন্ধু এজনৰ দৰে খা খবৰ লৈ থাকিবা। তাইৰ কিবা অসুবিধা হোৱা বুলি জানিলে লগে লগে মোক জনাবা। মনত ৰাখিবা, অকল বন্ধু হে। আৰু মোৰ প্ৰসংগ ভুলতো মাজত টানি নানিবা। আকৌ এবাৰ কৈছোঁ, অকল বন্ধু হে, বুজিছা।”

“হব দাদা।” ল’ৰাজন ওলাই যোৱাৰ সময়ত অবিনাশে পুনৰ লক্ষ্য কৰে ল’ৰাজনৰ মুখলৈ, নামটোৰ দৰে ল’ৰাটোও মৰমলগা, অমায়িক, স্বল্পভাষী। ল’ৰাজন সি ঠিকেই নিৰ্বাচন কৰিছে, তাৰ ভুল হব নালাগে। অবিনাশে সন্তুষ্টিৰ হাঁহি এটা মাৰি ডাইনিং হললৈ আগবাঢ়ে, তাৰ ভোক লাগিছে।

আজি কিছুদিন ধৰি অবিনাশ অডিটৰিয়ামৰ ফালে যোৱা নাই, অডিটৰিয়ামৰ আশে পাশেই থাকে ফাৰ্ষ্ট চেমৰ ক্লাছবোৰ। অনামিকাৰ খৱৰ সি অনুৰাগৰ পৰা মাজে মাজে লৈ আছে, নাই, একো অসুবিধা হোৱা নাই তাইৰ, তাই ঠিকেই আছে। মাজে মাজে দূৰৈৰ পৰা আলঙে আলঙে তাইক এবাৰ চাই যায়। অকল তাইৰ সন্মুখলৈ আহিব পৰা নাই, আহিব খোজাও নাই। কিহৰ বাবে এয়া, এয়া কি ভয়, নে অপৰাধ বোধ ! হয়তো দুটাই হয়, হয়তো নহয় ! কিবা যেন এক মিশ্ৰিত অনুভৱ। বুজিবলৈ কঠিন সেয়া। ঠিক যেন চেইক্সপীয়েৰৰ নাটকৰ সেই বিখ্যাত সংলাপটো, “টু বি অৰ নট টু বি”!

সময় বাগৰে, ৰেগিং বোৰ কমি আহে। নবাগত বোৰ ব্যস্ত হৈ পৰে আখৰাত, ‘ফ্ৰেচাৰছ ছছিয়েল’ সন্মুখত। এই কেইদিন অনামিকা বেছ ফূৰ্তিত আছে, অনুৰাগ তাইৰ লগত প্ৰায়ে থকা হৈছে আজিকালি। দূৰৈৰ পৰা অবিনাশে লক্ষ্য কৰি থাকে, এই কেইদিনত সি এটা কথা নতুনকৈ আৱিষ্কাৰ কৰিছে, অনামিকাই হাঁহিলে তাইক আৰু মৰম লাগে। অবিনাশ আচৰিত হয়, এয়া কিহৰ সংকেত! আৱেগবোৰ বেছি হলে লুকুৱাব টান হৈ পৰিব। ৰক্তিমে ইতিমধ্যে অলপ অচৰপ লক্ষ্য কৰিছেই কথাটো।সিদিনা কৈছেই তাক, কিবা এটা হৈছে বুলি। অবিনাশ হেনো আগতকৈ কম কথা কোৱা হৈছে। তথাপি সি হাঁহি মাৰি উৰুৱাই দিছে ৰক্তিমৰ কথাটো। ফাঁকি দিছে তাক, কিন্তু নিজক জানো সি ফাঁকি দিব পাৰিব!

ফ্ৰেচাৰছ ছছিয়েল পাৰ হৈ যায়, অনুৰাগ আৰু অনামিকা “বেষ্ট ফ্ৰেচাৰ” খিতাপ লাভ কৰে। সহজাত ভাবে ইয়াৰ পিছতে দুয়ো দুয়োৰে বহুখিনি কাষ চাপি আহে। কেন্টিনত প্ৰায়ে দুয়োকে একেলগে দেখি দেখি অবিনাশৰ কথাবোৰ লাহে লাহে ভাল নলগা হৈ আহে। অধৈৰ্য হৈ সি এদিন দুয়োকে কেন্টিনতে ধমক লগালে,

“ক্লাছ বাদ দি অকল কেন্টিনত বহা কৰিছা যে? মেডিকেল কি নাজানিলেও ইঞ্জিনিয়াৰিং পাছ কৰাটোও সিমান উজু নহয়, এবাৰ বেক লাগিব আৰম্ভ কৰিলে লাইন লাগি যাব।”

কথাষাৰ অনামিকাক উদ্দেশ্যি কলেও অবিনাশে কওঁতে অনুৰাগৰ ফালে চাই ক’লে। অনুৰাগে তলমূৰ কৰি মনে মনে ৰ’ল যদিও অনামিকাই হাঁহি এটা মাৰি কলে,

“দাদা, আপুনি মোৰ বাবে খুব চিন্তা কৰে বুলি জানোঁ। আপুনি যিমানে খং নকৰক কিয়, মই বেয়া নাপাওঁ, ভাল হে পাম। এনেও আমাৰ অফ এতিয়া, মেমে ক্লাছটো আজি নলয় হেনো। আপুনি মিছাতে চিন্তা কৰিছে।”

অবিনাশে আৰু একো নকলে। অনুৰাগক কলেজ ছুটী হোৱাৰ পাছত সন্ধিয়া ৰুমত এপাক আহিবলৈ কৈ অবিনাশ কেন্টিনৰ পৰা ওলাই আহিল। ৰক্তিমে কিবা এটা ভাবি অবিনাশৰ পিছে পিছে ওলাই আহিল।

ক্লাছত অলপো মন নবহা বাবে অবিনাশে বাইক খন লৈ চিধা হোষ্টেললৈ ঘূৰি আহিল। পিছে পিছে ৰক্তিম। ৰুমত সোমাই অবিনাশক ঠেলা এটা মাৰি ৰক্তিমে সোধে, “কি হৈছে বে তোৰ, চব লক্ষ্য কৰি আছোঁ মই। তোৰ যদি কিবা ফিলিংছ আছে কৈ নিদিয় কিয়?”

“বাদ দে এইবোৰ, তেনেকুৱা একো হোৱা নাই। আগতে মোৰ অনুৰাগৰ লগত কথা পাতিব লগীয়া আছে।”

“কি কি হৈ আছে চব চকুৰ আগতে দেখি আছোঁ বে। পিছে বাকী ক্লাছ কেইটা কি নকৰ নেকি আজি? ছেছ’নেলত বাহ খাবি কিন্তু পিছত, কৈ থলোঁ।”

অবিনাশ নিৰুত্তৰ, সি বিচনাতে বাগৰি দি খিড়িকীৰে বাহিৰৰ আকাশ খনলৈ চাই আছে। তাক আৰু একো কৈ লাভ নাই বুলি ৰক্তিমে বুজি পালে।

“ফাৰ্ষ্ট চেমটোৰ লগত কেনেবাকৈ তাইৰ এফেয়াৰ আৰম্ভ হৈ গ’ল নেকি বে? একো ঠিক নাই কিন্তু, সময়ৰ কাম সময়ত নকৰিলে পিছত পস্তাই লাভ নাই দোস্তি।”

ৰক্তিমে কথাখিনি কৈ পুনৰ ওলাই যায় কলেজলৈ, কেইবাটাও ক্লাছ বাকী। এই সময়ত ক্লাছ মিছ কৰিব নোৱাৰি, ছেশ্বনেলত নম্বৰ কমাই দিলে ফাৰ্ষ্ট ক্লাছটোলৈ টনাটনি হব। অবিনাশ সেইবোৰ লৈ নিৰ্বিকাৰ, ফাৰ্ষ্ট ক্লাছ তাৰ এনেও আহিব, তেনেও আহিব।

আকাশ খনলৈ চাই থাকোতে এটা সময়ত অবিনাশৰ টোপনি আহিল।কাণৰ কাষত মহ কেইটামানে সংগীত সৃষ্টি কৰাত সাৰ পাই দেখে আন্ধাৰ হবৰে হ’ল। খিড়িকী খন বন্ধ কৰিবলৈ উঠিবলৈ লওঁতে দৰ্জাত ঠক্ ঠক্ শব্দ হ’ল। আকৌ বিচনাতে বহি লৈ অবিনাশে চিঞৰে,

“ইয়েছ।”

“দাদা, সোমাম নে? ”

দৰ্জাৰ সিপাৰে সেয়া অনুৰাগ, তাৰ মাতষাৰ আজি মিঠা হৈ তাৰ কাণত বাজি উঠা নাই।

” সোমাই আহা।” যথেষ্ট ৰূঢ়তাৰে অবিনাশে তাক ভিতৰলৈ মাতিলে।

“তোমাক সুধিবলগীয়া বহু কথাই আছে।” অবিনাশৰ মাতত একে ৰূক্ষতা।

“মোৰো আপোনাক কটবলগা বহুখিনি আছে।” অনুৰাগৰ মাতত একেই সৰলতা, আৰু কিছু আতুৰণি। কিছু সময় নীৰৱতাৰ পিছত অনুৰাগে আৰম্ভ কৰিলে,

“আপোনাক দিয়া কথা মই ৰাখিব নোৱাৰিলোঁ দাদা। অনামিকা আৰু মই এতিয়া অকল বন্ধু হৈ থকা নাই।” অবিনাশৰ বাবে এই উত্তৰ অপ্ৰত্যাশিত নাছিল। আচৰিত নহৈ সি অনুৰাগক সন্মুখৰ চকীখনত বহিবলৈ ক’লে। মৌনতা ভংগ কৰি অবিনাশে আকৌ সুধিলে,

“তুমি জানি বুজি কিয় ভুল কৰিলা? মোৰ কথা নাৰাখিলা কিয়? এবাৰো মনত ভয় নোসোমাল নে তোমাৰ?”

” ভুল হৈ গ’ল দাদা। কিন্তু কেতিয়া, কেনেকৈ হৈ গ’ল মই নাজানিলোঁ। তাইৰ লগত কটোৱা সময়বোৰত লাহে লাহে আমি দুয়ো দুয়োকে বুজি উঠিছিলোঁ। আমাৰ বহু কথাত থকা মিলবোৰ উভয়ে প্ৰত্যক্ষ কৰিছিলোঁ। আৱেগবোৰ কেতিয়া ভাল লাগিবলৈ ধৰা হ’ল গমেই নাপালোঁ। সেয়ে হয়তো তাই দিয়া প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰাটো মোৰ বাবে সম্ভৱ নাছিল। হয়তো এয়া আপোনাৰ দৃষ্টিত ভুল হ’ব পাৰে। যদি এয়া ভুল, তথাপি মই ভুলটো কৰি অনুতপ্ত নহওঁ।”

কথাখিনি কৈ অনুৰাগে অবিনাশৰ ফালে চালে। চকুৱে চকুৱে পৰাত অবিনাশে দেখিলে অনুৰাগৰ চকুত ভয়ৰ অকনো চিন চাপ নাই, শান্ত হৈ থিয় হৈ আছে ল’ৰাটো তাৰ সন্মুখত। মুখৰ সৰলতা একেই আছে, নাই, অনুৰাগে মিছা কোৱা নাই। সি ভয়ো কৰা নাই, কাৰণ সি বিশ্বাস কৰে যে সি ভুল কৰা নাই।

আৰু এটা কথা, দাদা। আপুনি ভবাৰ দৰে অনামিকাও আপোনাক নিজৰ দাদা মানি লৈছে। তাই ঘৰখনত অকলশৰীয়া। আজি মোক কৈছে, আপোনাক পাই হেনো তাইৰ দাদাৰ অভাৱ পূৰ হৈ গ’ল। তাইৰ ঘৰতো মোৰ আৰু আপোনাৰ কথা জানে। তাই আপোনাক লগ ধৰিবলৈ হোষ্টেললৈ আহিব, ৰাখী বন্ধনৰ দিনা তাই আপোনাক সিহঁতৰ ঘৰলৈ মাতিবলৈ আহিব।”

একে উশাহে কথাখিনি কৈ অনুৰাগ বহাৰ পৰা উঠিল। অবিনাশে তেতিয়া খিড়িকী খনেৰে বাহিৰলৈ চাই আছে।ক্ৰমাত ম্লান হৈ পৰা ৰান্ধনী বেলিৰ পোহৰত আকাশখনত অলেখ ৰঙৰ সমাহাৰ ঘটিছে। কৰবাত কিবা ভুল হৈ গ’ল নেকি বাৰু? অবিনাশে নিজকে প্ৰশ্ন কৰিলে।ঘটনাবোৰে পাকচক্ৰত পৰি এনেকুৱা ৰূপ ল’ব বুলি সি কাহানিও ভাবিব পৰা নাছিল।আন্ধাৰ খিনিলৈ চাই চাই সি আকৌ এবাৰ কথাখিনি জুকিয়াই চাব ধৰিলে। অনামিকাৰ মুখখনৰ সৰলতাই তাক মুগ্ধ কৰাটো হয়, কিন্তু এতিয়া তাত সি কোনো দৈহিক আকৰ্ষণ দেখা নাই। তাইক দেখিলে মৰম লগাটো হয়, কিন্তু এতিয়া সেই মৰমৰ উত্তাপত জাহ যাব হয়তো সি নোৱাৰিব, কিয়নো এই মুহূৰ্তত,  তাত কোনো উষ্ণতা সি অনুভৱ কৰা নাই। এইবাৰ সি অনুৰাগলৈ চালে। একেদৰে শান্ত হৈ তেতিয়াও থিয় হৈয়ে আছে সি। ক্ষন্তেক আগলৈকে তাৰ প্ৰতি থকা ক্ষোভবোৰ এতিয়া সি অনুভৱ কৰা নাই। হাঁহি এটা মাৰি অবিনাশে তাক কলে,

“ৰাখী পিন্ধিবলৈ মই গ’লে তোমাকো লগত লৈ যাম।”

“নাই দাদা, এবাৰ ভুল কৰিছোঁ, সেইবুলি বাৰে বাৰে ভুল কৰিব নোৱাৰি।”

হাঁহি এটা মাৰি অনুৰাগ কোঠাটোৰ পৰা ওলাই যায়। অবিনাশৰ মুখেৰেও সশব্দে হাঁহি এটা ওলাই যায়।

এটা সময়ত পুনৰ মৌনতা নামি আহে কোঠাটোলৈ, ৰুমটো লাহে লাহে আন্ধাৰে গ্ৰাস কৰে, মহ কেইটাৰ পেনপেন শব্দ বেছি হয়। খিড়িকিখন জপাই দিওতে আন্ধাৰ খিনিৰ ফালে অবিনাশে চালে। আন্ধাৰত বিচাৰিলে বহু কথাৰে উত্তৰ পোৱা যায়, যিবোৰ পোহৰত দেখা পোৱা নাযায়। অবিনাশে ভুল কৰিলে নেকি! আন্ধাৰত তাৰ সন্মুখত অনুৰাগ আৰু অনামিকাৰ হাঁহি ভৰা মুখ দুখন ভাহি আহিল। ভুল হয়তো সি কৰিছে, এতিয়া বহুত দেৰি হৈ গ’ল। ৰক্তিমে ঠিকেই কয়, সময় কাৰো বাবে ৰৈ নাথাকে, সময়ৰ কাম সময়তে কৰা উচিত।তেনে সময়তে অবিনাশে গাত বহু কেইটা মহে একেলগে কামোৰা যেন অনুভৱ কৰিলে।মহবোৰৰ পেন শব্দবোৰো আগতকৈ বহুখিনি বাঢ়ি গৈছে।বহু দেৰি হৈ গ’ল, আৰু দেৰি কৰিব নোৱাৰি। অবিনাশে ততাতৈয়াকৈ খিড়িকী খন জপাবলৈ খিড়িকী খনৰ ফালে আগবাঢ়ি গ’ল।

☆ ★ ☆ ★ ☆

11 Comments

  • হিমাংশু

    তামাম, জুই

    Reply
  • rintumoni dutta

    তামাম লিখিছা হে ভাইটি, একদম ঝাকাচ

    Reply
  • অবিনাশলৈ সমবেদনাহে জনাব পাৰিছোঁ।বাঢ়ি থৈ দিয়া ভাত হথাৎ আহি কোনোবাই খাই যোৱাৰ নিচিনা হ’ল।ভাল পালোঁ পঢ়ি।

    Reply
  • অলকেশ ভাগৱতী৷

    বঢ়িয়া লিখিছে৷ ঝাকাছ৷

    Reply
  • Rimjhim Borthakur

    বেচেৰা অবিনাশ। মজা লাগিল

    Reply
  • ৱাহ ।মন ভৰি গ’ল ।

    Reply
  • কাবেৰী মহন্ত

    দুখ লাগিল যদিও গল্পটো তামাম হৈছে! আগলৈও আশা থাকিল

    Reply
  • Kalyan Bora

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    তামাম ভাল লিখিছা মৃদুল৷ একদম ঘটনাটো চকুৰ আগত দেখি থকা হেন পালো৷

    Reply
  • Mridula

    সুন্দৰ

    Reply
  • Moitrayee Mahanta

    বৰ ভাল লাগিল পঢ়ি… অকণমান দুখো লাগিল অবিনাশ লৈ, তেওঁৰ শেষ সিদ্ধান্ত ত কিছু উদাৰতা ও দেখিলো। হাহিঁ য়েই মহৌষধ যিকোনো পৰিস্থিতৰ।

    Reply

Leave a Reply

Your email address will not be published.