ফটাঢোল

জৰু কা গুলাম-জাকিৰ হুছেইন

কেলিফোৰ্নিয়াৰ এহাল দম্পত্তিৰ এক অজীৱ কাহিনী ফেচবুকত পঢ়িবলৈ পালোঁ। সঁচা ঘটনা হিচাবে প্ৰকাশিত যদিও কাহিনী বুলিয়ে ধৰি ল’লোঁ। তাতে ফেচবুকত ওলোৱা কথা! কোনে বা সজাই পৰাই কাহিনীটো প’ষ্ট কৰিছে! আজিৰ ডিজিটেল ফটোশ্বপৰ জামানাত কাকনো বিশ্বাস কৰিবহে? লিয়োনাৰ গিৰিয়েক কেৰ’লে পত্নীক কোনোদিনে ব্ৰেকফাষ্টত কফি বনাবলৈ নিদিয়ে, নিজে বনাই পত্নীক খুৱায়, কাপোৰ ধোৱা, ইস্ত্ৰি কৰা, বাচন-বৰ্তন ধোৱা-পোখলা কৰিবলৈও নিদিয়ে। পত্নীৰ হাত জ্বলিব পাৰে বুলি জাঁপ মাৰি আহি অভেনৰপৰা নিজেই খোৱা বস্তুবোৰ উলিয়ায়। শোৱাৰ পৰত বিছনা-পাতিও নিজেই ঠিক-ঠাক কৰি লয়। প্ৰথমে তেওঁৰ কথাবোৰ পত্নীৰ ভালেই লাগিছিল, কিন্তু লাহে লাহে নিজকে কেঁচুৱা যেন অনুভৱ কৰিবলৈ ধৰিলে আৰু বিবাহ বিচ্ছেদৰ বাবে আদালতৰ দ্বাৰস্থ হ’ল। লিয়োনাই ন্যায়াধীষৰ আগত একপ্ৰকাৰ কান্দি কান্দিয়েই ক’লে,

: মই এনে মানসিক নিৰ্যাতন জীৱনত কেতিয়াও পোৱা নাছিলোঁ। একেবাৰে সহ্যৰ বাহিৰ হৈ গৈছে, মোক ডিভোৰ্চ লাগে।

 : ইমানো ‘জৰু কা গুলাম’ হ’ব নাপাই দেই। এই পাৰ্টিকুলাৰ হাচবেণ্ডজন মেনটেল হয় বে। সৱ বস্তুৰে এটা সীমা থাকেতো, জোখতকৈ বেছি ভাল হ’বলৈ যোৱা বাবেই তাৰ এই অৱস্থা হ’ল। আৰে ইমানকৈ ভালৰি বোলাবলৈ কিহে পাইছিল তাক?

এজন বন্ধুৰ দৃঢ়মত।

 : আব্বে মই নিজে প’ষ্ট কৰা নহয় দেই, শ্বেয়াৰহে কৰিছোঁ।

মই ততাতৈয়াকৈ জৱাব দিলোঁ। মোৰ আত্মসন্মানত লগা যেন বোধ হোৱা বাবেই জিকাৰ খাই উঠিলোঁ। মোক ‘জৰু কা গুলাম’ সজাবলৈ ইহঁতে এক ছেকেণ্ডৰ বাবেও ভাবি নাচায়।

ইফালে মোৰ পত্নীৰ কথা বেলেগ। প’ষ্টটো দেখাৰ পাছতে মন্তব্য কৰিলে,

: দেখিছা কি…মা…ন ভাল পায় পত্নীক! (এটা দীঘল হুমুনিয়াহ!) মই যদি এনেকুৱা হাচবেণ্ড পালোঁহেঁতেন! মই কেতিয়াও এনে মৰমীয়াল মানুহজনক নেৰিলোঁহেঁতেন দেই।

: তাৰমানে সব কাম-বন বাদ দি এইসোপা কৰি থাকিলেহে ভাল পাবা ন? তেতিয়াহে তোমাক অকৃত্ৰিমভাৱে ভালপোৱা বুজাব!

মই ক’লোঁ।

: নাই, সেইটো কোৱা নাই। বাদ দিয়া হে, তুমি তেনেকুৱা হ’বও নোৱাৰা।দীপুদাক দেখিছা, মাইনালৈ সদায় ৰেষ্টুৰেণ্টৰ পৰা খোৱা আনে! তুমিতো কেতিয়াবা মোক চাহ একাপ বনাই খুৱাব পাৰা।

: খুৱাইছিলোঁ দেখোন, পাহৰিলা নেকি?

: যিহে চাহ বনাই খুৱাইছিলা! আচৰিত পত্নী দেই সেইজনী, ইমান ভাল হাচবেণ্ড পোৱাৰ পাছতো শান্তি নাই!

এইবাৰ গালে মুখে হাত দিলে।

এইবাৰ পুণৰ ৱাটচ এপত উটি-ভাঁহি অহা এটা মেছেজ আমাৰ কলেজীয়া গ্ৰুপৰ আড্ডাত প্ৰকাশ পালে। টুৰিয়া পিট নামৰ অষ্ট্ৰেলিয়াৰ মডেল এজনীৰ কাহিনী। প্ৰায় ৬৪% পুৰি যোৱাৰ পাছতো জীয়াই আছে আৰু কেমেৰাৰ সম্মুখতো ধৰা দিছে। কিন্তু বেচেৰীৰ অৱস্থা এতিয়া একেবাৰে দুখলগা, পুনৰ মডেলিং কৰাৰ প্ৰশ্নই নুঠে। কিন্তু প্ৰেমিকজনে তেওঁক কেতিয়াও নেৰিলে, নিজৰ চাকৰি এৰি তেওঁক অত্যন্ত একাত্মতাৰে পৰিচৰ্যা, শুশ্ৰষা কৰি এনে পৰ্যায়লৈ আনিছে। পঢ়ি মনটো ভৰি গ’ল। মানুহজনীক কথাটো ক’বলৈহে পালোঁ, লগে লগে ক’লে,

: চোৱাচোন মানুহজনীৰ অৱস্থা, বেয়াই লাগে। কিন্তু তথাপিও মতা মানুহজনে তাইক এৰি দিয়া নাছিল। মোৰতো এনে কিবা বেমাৰ-আজাৰ হ’লে তুমি ঘূৰিয়েই নাচাবা।

মুখেৰে একো নক’লোঁ। বহু ক্ষেত্ৰত, বহু সময়ত মৌনতাই শ্ৰেয়। পিছদিনা ব্ৰহ্মপুৱাতে শোৱাপাটিৰপৰা মানুহজনীক উঠাই দি ক’লোঁ,

: তোমাৰ স্বাস্থ্যৰ বাবে মই সঁচাকৈ সচেতন, ব’লা যোগাসন কৰিব লাগে।

: কি হ’ল তোমাৰ? মই অলপ দেৰিকৈ শুলে তোমাৰ সহ্য নহয় হা? বাচ্ছাকেইটাৰ পৰীক্ষা শেষ হৈছেহে, কেইদিনমানতো দেৰিলৈকে শুবলৈ দিয়া। ইহঁতকেইটাৰ স্কুল খুলিলে সেই একেই ঘিঁচা-পিটা ৰুটিন!

: নাই মই যোগাসনৰ বাবে যাবলৈহে লগ ধৰিছোঁ!

: তাৰমানে কি, এতিয়া মই মোটি হৈ গৈছোঁ ন? মোক ভাল নলগা হৈছে!

: নাই নাই, যদি উঠিবলৈ মন নাই শুই থাকা দেই সোণজনী। হেঃ হেঃ হেঃ…

: অ’ মই এলেহুৱা তাৰমানে?

: কিনো কৈ আছা, মোক তুমি ভুল বুজিছা। মোৰ সেইটো মতলব নাছিল নহয়!

: অ’ মই তোমাক নুবুজোঁ নহয়নে?

: বাদ দিয়া হে, এই ৰাতিপুৱাই পুৱাই কথাবোৰ টানি আছা কিয়?

: অ’ মই কাজিয়াখোৰ তিৰোতা, নহয়নে?

নাৰী ভগৱন্তৰ অদ্ভুত সৃষ্টি, মন বুজাতো টান, “দেৱ না জানন্তি” বুলি এনেয়ে নকয়। সেই নাৰী যেতিয়া পত্নী ৰূপ লয়, মন বুজাটো প্ৰায় অসম্ভৱেই। পিছৰফালে মোৰ উশাহবোৰ চুটি হৈ অহা যেন লাগিল। মূৰে-কঁপালে হাত দি বিছনাখনতে বহি পৰিলোঁ, কিছুসময় মৌন হৈ থকাই ভাল।

: হেৰা, কি হ’ল হে তোমাৰ, গাটো ভাল লগা নাই নেকি?

: মূৰটো ঘূৰোৱা যেন লাগিল।

: কিমান কওঁ দেহাটোৰ যত্ন লোৱা, মোৰ কথা নুশুনা। তুমি ৰেষ্ট কৰা, আজি সৱ কাম মই কৰিম, তুমি একো কৰিব নালাগে, অকল ৰেষ্ট কৰা। তোমাৰ মন পচন্দৰ খানা বনাম আজি দেই।

মানুহজনীৰ মাতটো যথেষ্ট কোমল এতিয়া, বুজিলোঁ দৰৱে কাম দিছে। আগবেলাটো বিছনাতে বাগৰি কটালোঁ, আলোচনী এখন উলিয়াই ল’লোঁ, সময়খিনিৰ সদ ব্যৱহাৰ কৰোঁ বুলি। দুপৰীয়া মানুহজনীয়ে ভাত খাবলৈ মাতিলে, বিধে বিধে ব্যঞ্জনবোৰ দেখি মনটো ভাল লাগি গ’ল, কমেও সাতটামান ব্যঞ্জন। ভালকৈ এসাঁজ খাই উঠি বিছনাত বাগৰিব খোজোঁতেই মানুহজনীয়ে মাত দিলে,

: হেৰা, খাই কেনে পালা আজি?

: বৰ ভাল পালোঁ, গা মন সৱ ভাল হৈ গৈছে।

: তেন্তে মোৰ মনটো অলপ ভাল কৰি দিয়ানা?

: নিশ্চয় প্ৰিয়ে, কোৱা?

: বাচনখিনি ধুই দিবাচোন আজি।

অনিচ্ছা স্বত্বেও উঠি পাকঘৰলৈ সোমাই গ’লোঁ। বেচিনৰ কাষতে দ’ম হৈ থকা বাচনবোৰ দেখি এইবাৰ মূৰটো সঁচাকৈ ঘূৰাই গ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.