ফটাঢোল

ট’বেক্অ’ ইজ্ ইনজুৰিয়চ টু হে’লথ্- পৰীস্মিতা গগৈ

বতৰটো গোমা কৰি আহিছে। পাতলকৈ দুছাটিমান বতাহো বলিছে। দূৰৈৰ আকাশত মাজে মাজে চিকমিকাই উঠিছে বিজুলী। নন্দই তপিনা দাঙি দাঙি মাজে মাজে ওপৰলৈ চাই যিমান পাৰে সিমান বেগত চাইকেলখন চলাই নিছে ঘৰ অভিমুখে। বৰষুণ পৰাৰ আগত ঘৰ সোমাব নোৱাৰিলে দিনটোৰ কষ্ট অথলে যাব। এইকণ যোগাৰ কৰিবলৈকে দিনটো কমখন কষ্ট কৰা হ’ল নে! সেই পুৱা ভীমকল এটাৰে চাহকণ খাইয়ে ওলাই আহিছিল সি। মনত পৰাৰ লগে লগে পকেটত কাগজেৰে বান্ধি অনা বস্তু দুটা হাতেৰে এবাৰ চুই চালে। আছে, আছে নুৰাটো ভালকৈয়ে আছে। হওকতেও, ৰূপহীৰ আব্দাৰটো যে সি পূৰাব পাৰিলে। নন্দৰ মনটো ফৰকাল হৈ উঠিল। লগে লগে সি দুগুণ জোৰত চাইকেলৰ পেদেল ঘূৰালে তাৰ লগে লগে তপিনাখনো উঠা বহা কৰি থাকিল।

বিয়া হোৱা দুবছৰেই হ’ল। এই দুবছৰে ৰূপহীয়ে তাৰ ঘৰখনৰ লগতে তাকো আটোমটোকাৰিকৈ ধৰি ৰাখিছে। কামে-কাজে পাকৈত তাইৰ আগত সিহে কেতিয়াবা লাজত পৰাৰ দৰে হয়। হালখন ধৰাৰ বাদে খেতি-খোলাৰ সকলোবোৰ কাম তায়েই সামৰে। সি মাত্ৰ পাকঘৰত খৰিকেইডাল যোগাৰ কৰাৰ বাদে মাহৰ তিনি দিন চাহ-কণ, ভাত-কণৰ লেঠাহে মাৰে। অনবৰতে কামে কাজে দপদপাই ফুৰা মানুহজনীৰ এই অকণমানি প্ৰয়োজনীয় বস্তুকণ সি যোগাৰ ধৰিব নোৱাৰিলে কিহৰ মতা! তাইতো সৰগৰ জোন, তৰা বিচৰা নাই। নিবিচাৰেও, সি জানে। বিয়াতেই যি পিতলৰ ওপৰত সোণৰ পানী ছটিওৱা এযোৰ খাৰু, কাণৰ সোণৰ ৰিং এযোৰ আৰু ডিঙিৰ ৰূপৰ চেইন এডাল দিছিল। তাৰপিছত মণিহাৰী বেপাৰীৰ পৰা চেফটি পিনৰ বাদে ক্লিপ এডালো কিনি নোপোৱা তাৰ ৰূপহী। সেইহেন লখিমী তিৰোতা তাৰ। এইহেন তিৰীক কষ্ট দিব জানো পাৰি। তাইৰ মুখখনে আমনি কৰিলত আপোনা আপুনি সুহুৰি এটা ওলাই গ’ল তাৰ। আকৌ খেপিয়াই চালে পেকেটটো। আছে, আছে পেণ্টৰ পকেটত ৰূপেৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ সুৰক্ষিত হৈ আছে।

আচলতে, ঘৰৰ প্ৰয়োজনীয় বস্তু সকলোবোৰ তিনি আলিৰ চ’কটোত থকা জগতৰ দোকানতে পায়। সিহঁঁ‌তে নিমখ-দাইলৰ পৰা আদি কৰি সকলোবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী তাৰ পৰায়েই কিনে। কিন্তু দেশত এতিয়া চলি আছে মহামাৰীৰ বাবে লকডাউন। দোকান-পোহাৰৰ পৰা সকলো বন্ধ। তথাপি সিহঁ‌তে সেইখন দোকানৰ পৰাই এতিয়াও প্ৰয়োজনীয় দুই এপদ নহ’লে নোহোৱা বস্তু কিনি আনি প্ৰয়োজন পূৰাই আছে। হ’লে কি হ’ব! ৰূপেৰ এই প্ৰয়োজনীয় বস্তুবিধৰ চাহিদা বেছি। চাহিদা হিচাপত যোগান ধৰিবলৈ জগতৰ দোকানখনৰ সক্ষমতা নোহোৱা হৈ পৰিল। বন্ধৰ ফলত চাপ্লাই নাই। গতিকে তাৰ দোকানৰ ওপৰত নিৰ্ভৰশীল উপভোক্তাসকলে বিকল্প পথ উদ্ভাৱন কৰিবলৈ তৎপৰ হৈ উঠিল। বেচেৰী ৰূপেৰো অৱস্থা কাঢ়িল। দুদিনৰো ওপৰত জীয়াতু ভূগি আছে। কালি যেনিবা কাষৰ গোলাপীৰ জীয়েকে আহি ক’লে বোলে কলিতা চ’কৰ ৰত্নেৰ দোকানত সামগ্ৰীবিধ উপলব্ধ। কিন্তু দামটো অলপ বেছিকৈ ল’ব।

“হ’ব একো নহয়। কিমাননো ল’ব! দুই চাৰিটকা বেছিকৈ দি হ’লেও আনি দিম দে কাইলৈ।” নন্দৰ কথাত ৰূপেৰ চিকচিকাই থকা ৰঙা দাঁ‌ত দুপাৰি উজ্বলি উঠিল। আৰু এয়া পুৱাই ওলাই আহি দোকানৰ সন্মুখত লাইন পাতি থাকি প্ৰকৃত মূল্যতকৈ দুগুণ বেছি দাম দি ৰূপেৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ লৈ নন্দে আহি আছে ঘৰলৈ “ঝুমকা দিলাউংগা, কংগনা দিলাউংগা” সুহুৰিয়াই সুহুৰিয়ায়।

ৰূপহীয়ে জপনাখনতে ধৰি দিঙি মেলি যিমান দূৰলৈ চাব পাৰি সিমান দূৰলৈ চাই পঠিয়ালে। বতৰটোৰ ৰূপ দেখি তাইৰ ভয় লাগিল। মানুহটোৱে তেতিয়াই ফোন কৰি কৈছিল, “লাইনত থিয় হৈ আছো। লৈয়ে চিধাই ঘৰলৈকে যাম। তুমি ভাত পানী ৰান্ধি থ’বা।” ক’তা ভাত পানীও চেঁ‌চা হ’বৰে হ’ল তাৰহে দেখা দেখি নাইচোন। ফোন কৰিবলৈকো তাইৰ ফোনটো বন্ধ হৈ গ’ল। পৰহি ৰাতিৰ পৰা কাৰেণ্ট নাই। ধুমুহা বুলি গছ এডাল ভাগিল কি নাভাগিল তিনি চাৰি দিনলৈ কাৰেণ্ট নাহে। সিহঁতৰ দৰে ঠাইবোৰত ফ্ৰি ক’ল, জিবি, এমবিৰো ৰাজত্ব হ’ল কিন্তু কাৰেণ্টডালেহে একো এটা কৰিব নোৱাৰিলেগৈ। আগতেও ধুমুহা আহিলে কাৰেণ্ট নাহে আজিও সেই একেই। যেন ধুমুহা আৰু কাৰেণ্ট অহি নকুলহে। ছেঃ! নিজৰ ওপৰতেই তাইৰ খঙটো উঠি আহিল। কিহতনো পাইছিলে তাইক এই বিপদৰ সময়ত মানুহটোক পঠিয়াবলৈ। কিবা অঘটন হোৱা নাইতো। নে পুলিচেই বিনা কাৰণত ঘূৰি ফুৰিছে বুলি উঠাই নিলে। চিন্তাতে চিৰাল ফঁ‌টা ওঁ‌ঠটো কামুৰি কামুৰি ৰঙা কৰি পেলালে। নপঠিয়ালেও নহয়। দুদিন তাই ভাত পানী খাব পৰা নাই ভালকৈ। মুখখন বেয়া লাগি আছে। খোৱা বস্তুবোৰৰো একো সা-সোৱাদ নোপোৱা হৈছে। এনেকৈ থাকিলেচোন তাই নাখায়েই মৰিব লাগিব। “সৌটো..হয়নে হয় হয়। নন্দেই হয়। উস্ ৰক্ষা!” দূৰৈত তপিনা দাঙি চাইকেল চলাই অহা নন্দেক দেখি তাই স্বস্তিৰ নিশ্বাস এৰিলে। তেতিয়ালৈ এটোপ দুটোপ বৰষুণ পেলাবলৈ আৰম্ভ কৰিলেই। তাই জপনাখন খুলি দিলে। নন্দই চাইকেলখন খোলা জপনাৰে তাইৰ কাষেৰে হুৰহুৰাই চলাই একেকোবে নি বাৰাণ্ডাত উঠালেগৈ। তাই লৰালৰিকৈ জপনাখন জপাই মেখেলাৰ আগটো দাঙি দৌৰি গৈ বাৰাণ্ডাতে উঠিলেগৈ।

“হু ল’।” পকেটৰ পৰা কাগজৰ নুৰাটো উলিয়াই তাইৰ হাতত দিলে। আকাশত চেলেককৈ বিজুলি অকণ জিলিকি উঠিল আৰু লগে লগে তাইৰ ওঁ‌ঠটো হাঁ‌হি এটাই ঢৌ তুলিলে। পৰমাকাংক্ষিত বস্তুটো তাই যতেনেৰে খুলিলে। উস দুদিনৰো ওপৰ হ’ল এচিকুটো মুখখনে নেদেখা। মুখৰ হাঁ‌হিটো আৰু অধিক উজ্জ্বল হ’ল। তাই এবাৰ নন্দেৰ মুখলৈ চাই পঠিয়ালে। সি চোলাটোৰ বুকুৰ বুটাম খোলাত ব্যস্ত। তালৈ মৰম সোমাই গ’ল তাইৰ। সি বুলিহে ইমান কষ্ট কৰি আনি দিছে। দেহি! লৰালৰিকৈ নুৰাটো খুলি ভিতৰত থকা পেকেট দুটা উলিয়াই আনিলে। অলপো সময় নষ্ট নকৰি দুইটা পেকেট ফালি এটাৰ দ্ৰব্যখিনি আনটোৰ ভিতৰত ভৰাই  ভালদৰে জোকাৰি জোকাৰি মিহলি কৰি মুখখন ওপৰলৈ দাঙি পেকেটটোত থকা দ্ৰব্যখিনিৰ প্ৰায় এক তৃতীয়াংশ মুখৰ ভিতৰলৈ নিক্ষেপ কৰিলে। পৰম তৃপ্তিত চকুহাল মুদি দি খালি কৰা পেকেটটো চোতাললৈ দলিয়াই দিলে। উৰি যোৱা পেকেটটো বতাহে থেলি নি পিৰালিত থকা গধুলি গোপালজোপাত নি পেলালেগৈ। বৰষুণৰ বাবে ফুলজোপাৰ পাত এখিলাত পেকেটটো গৈ আঠা খাই লাগি ধৰিল আৰু তাৰ ওপৰত থকা আখৰকেইটা বৰষুণৰ পানী পৰি জিলিকি উঠিল, “Tobacco is injurious to health”।

☆ ★ ☆ ★ ☆

10 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি। মই সেন্দুৰ বা মুখত ঘঁহা ক্ৰিম বুলি ভাবিছিলো।

    Reply
    • পৰীস্মিতা গগৈ

      ধন্যবাদ ৰাজশ্ৰী, পঢ়ি চোৱাৰ বাবে।

      Reply
  • HEMANTA KAKATI

    তামাম পৰীস্মিতা৷ বহুত ধুনীয়া লাগিল৷

    Reply
    • পৰীস্মিতা গগৈ

      আকৌ এবাৰ ধন্যবাদ কাকতিদা।

      Reply
  • rintumoni dutta

    বঢ়িয়া লাগিল পৰীস্মিতা

    Reply
    • পৰীস্মিতা গগৈ

      ধন্যবাদ ৰিণ্টুদা

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
    • পৰীস্মিতা গগৈ

      ধন্যবাদ।

      Reply
  • ভাল লাগিল পৰী ।

    Reply
    • পৰীস্মিতা গগৈ

      ধন্যবাদ মৌচুমীবা।

      Reply

Leave a Reply

Your email address will not be published.