ফটাঢোল

‘টাইগাৰ’ৰ বিলৈ – ৰঞ্জিত কুমাৰ শৰ্মা

আটা থোৱা টেমাটো ওপৰৰ ‘ছেল্ফ’ৰ পৰা নমাবলৈ লওঁতেই সাঁফৰখন সুলকি পৰি গোটেইখিনি আটা অজিত কাকতিৰ অৰ্ধতপা মূৰটোতে পৰিল৷ অষ্ট্ৰেলিয়াৰ চিকমিকাই থকা সামান্য ঘাঁহযুক্ত ক্ৰিকেট পিট্চৰ দৰে কাকতিৰ মূৰৰ ক্ষুদ্ৰ সমতলভূমিত থকা উদংপ্ৰায় বনাঞ্চলখনত যিকেইডাল ক’লা-বগা বন আছিল তাৰ মাজত সামান্য আটাই স্থান গ্ৰহণ কৰিলে৷ বাকীখিনি আটাই ভাগে ভাগে তেওঁৰ মুখমণ্ডল আৰু এসপ্তাহমান পিন্ধি থকা গেঞ্জীটোত আশ্ৰয় ল’লে৷ ইয়াতো স্থান নোপোৱাখিনিয়ে কাকতিৰ লুঙীখনত চুমা দি মজিয়া পালেগৈ৷ অৱশ্যে টং টিং টংকৈ শব্দ কৰি টেমাটোৰ সাঁফৰখনে প্ৰথমে মজিয়া পোৱাৰ জাননী দিবলৈ নাপাহৰিলে৷ কাকতিয়ে একো তলকিবই নোৱাৰিলে৷ হঠাতে হোৱা এই আটাৰ বৰষুণক চম্ভালিবলৈ লওঁতেই গেছচৌকাত চাহৰ বাবে পানী উতলিবলৈ দিয়া চচপেনটোৰ পৰা চে…ন চে…ন শব্দ অহাত কাকতি ছাৰৰ চকু সেইফালে পৰিল৷

ইচ্ ৰাম, একাপ চাহৰ জোখৰে দিয়া পানীখিনি চচপেনটোৰ তলিতেই নোহোৱা হ’ব এতিয়া৷ খঙতে কাকতি ছাৰে ‘নিগিলো যা’ বুলি গেছ চিলিণ্ডাৰৰ মুখত থকা ভালভ্টো বন্ধ কৰি দিলে৷ স্থানীয় মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপক অজিত কলিতাই চাহ একাপ পিবলৈ মন কৰিছিল৷ গেছচৌকাটো জ্বলাই একাপমান পানীৰে সৈতে চচপেনটো তাত তুলি দি চেনি দিবলৈ বুলি তেওঁ আটাৰ টেমাটোতহে হাত দিলে৷ আটাভৰ্তি টেমাটোৰ সাঁফৰখন শ্ৰীমতীয়ে টানকৈ লগাই থোৱা নাছিল৷ ফলত চেনি বিচাৰোঁতেই অঘটনটো ঘটিল৷ শৰীৰত আটা ধাৰণ কৰা কাকতি ছাৰৰ খঙে তালু চুলেগৈ (চুলি বিচাৰিহে চুলিৰ আগ পাব লাগিব)৷ কুৰি বছৰ আগতে ঘৰ সুমুওৱা তেওঁৰ শহুৰৰ একমাত্ৰ কন্যাৰ ওপৰতে উঠি আহিল খঙটো৷ শহুৰৰ জীয়েক ঘৰত নথকাৰ সুযোগ লৈ শূন্যতেই বাক্যবাণ এৰিলে কাকতি ছাৰে–“এই মাইকীবোৰৰ কোনো কমনচেন্স নাই৷ কোনটো বাচনত কি থয় তাৰ ঠিকনা নাই৷ আৰে! ঢাকনিখনটো ভালদৰে মাৰি থ’, নাই!”

কাকতি ছাৰে কি কৰিব কি নকৰিব ভাবি থাকোঁতেই টিং টং শব্দ কৰি বাজি উঠিল নহয় কলিং বেলটো৷ ‘এই সময়ত আৰু কোন আহিল জ্বলাবলৈ?’ — ভৰভৰাই উঠিল অজিত কাকতি৷

আটাৰ টেমাটো মজিয়াতে থৈ তেওঁ দুৱাৰৰ কাষ পালে৷ খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে বাহিৰলৈ চাই একপ্ৰকাৰ কঁপিয়েই উঠিল কাকতি ছাৰ৷ বাৰাণ্ডাখনত দেখোন স্বয়ং শ্ৰীমতী৷ কিংকৰ্তব্যবিমূঢ় হৈ পৰিল তেওঁ৷ কি কৰিব, কি নকৰিব বুলি ভাবি থাকোঁতে সেইফালৰ পৰা গৰ্জন আহিলেই— “খিৰিকীৰে জুমিব নালাগে, দুৱাৰ খোলক৷”

খিৰিকীৰ পৰ্দা সামান্য দাং খাওঁতেই শ্ৰীমতীয়ে ধৰিয়েই লৈছে, খিৰিকীৰে জুমাজন ‘তেওঁ’ৱেই হ’ব৷ ‘দুৱাৰ খোলক’– বাহিৰৰ পৰা পুনৰ আহিল বিজুলী ঢেৰেকনী৷ লগে লগেই কাকতিয়ে দুৱাৰ খুলি দিলে৷

কিন্তু ঘৰত সোমায়েই সন্মুখত ‘বেতাল-বিক্ৰম’ৰ বেতালক দেখি “আই ঔ” বুলি চিঞৰি মজিয়াতে বাগৰি পৰিল মানুহজনী৷ হতভম্ব হৈ পৰিল কাকতি৷ ‘গ’লেই নেকি’ বুলি মনতে উচ্চাৰণ কৰি তেওঁ মানুহজনীৰ নাকৰ আগত প্ৰথমা আঙুলিটো দি চালে৷ ‘চলি আছে দেখোন…!’ এইবুলি দৌৰি যোৱা দি পাকঘৰলৈ গৈ কাকতিয়ে ঠাণ্ডা পানী এমগ লৈ আহিল৷ মগটোৰ আধামান শ্ৰীমতীৰ মূৰত ঢালি তেওঁ ক’লে — “অ’ সোণ, উঠাচোন উঠা৷ মইহে৷ পুৰণি বাংলাৰ ভুত নহয়, নহয়৷”

শ্ৰীমতীয়ে চকু মেলি চালে৷ কাকতি ছাৰে মানুহজনীক তুলিবলৈ হাতখন আগবঢ়াই দি ক’লে–“তুমি মোকেই চিনি পোৱা নাইনে?”

“কেনেকৈ চিনিম? এইবোৰ কি ৰূপ ধৰিছে?” গিৰীয়েকৰ হাতত ধৰি থিয় হৈয়েই গৰ্জি উঠিল শ্ৰীমতী কাকতি৷

“নহয় অ’ ভেশচন ধৰা নাই নহয়৷” — এই বুলি কাকতি ছাৰে আটা পুৰাণৰ সমস্ত অধ্যায় বিবৰি ক’লে৷

গিৰীয়েকৰ মুখৰ পৰা আটা পুৰাণ শুনি টিঙিৰি তুলা হৈ পৰিল মানুহজনী৷ একেকোবে তেওঁ ৰান্ধনীঘৰ পালেগৈ৷ তাৰ মজিয়াৰ ৰূপ দেখি গৰ্জি উঠিল শ্ৰীমতী কাকতি– “হে হৰি! হয়নে? কিহে পাইছিল আপোনাক? মই মানুহজনী অলপ ওলাই গৈছিলোঁহে৷ তাতেই এনে অৱস্থা? হেৰৌ চাহ একাপো কৰি খাব নোৱাৰেনে?” কাকতি ছাৰে ‘নহয় মানে…’ বুলি কিবা ক’বলৈ মুখ মেলিছিলহে, কিন্তু মেলা মুখ মেলাই থাকিল৷ সেইফালৰ পৰা পুনৰ বাক্যবাণ উফৰি আহিল– “জানো নহয়, ফে’চবুকত কোনোবাজনীৰ সৈতে হিয়া দিয়া নিয়া খেলি আছিল বোধহয়? নে ফটাঢোল নে কি সেইটোত ধুনু আপী বিচাৰি আছিল? মেছেজৰ মহলা মাৰি থাকোঁতে চেনি আটাৰ পাৰ্থক্যই ধৰিব নোৱাৰিলে নহয়?” ‘নহয়হে মানে…৷’

কাকতি ছাৰে শ্ৰীমতীক বুজাবলৈ পুনৰবাৰ মুখখন মেলিছিলহে, ফল নধৰিল৷ “ম’বাইলটো ক’ত?” মানুহজনীৰ পুনৰ গৰ্জন৷ ইফালে-সিফালে চাই মানুহজনীয়ে গিৰীয়েকৰ ম’বাইলটো বিচাৰি উলিয়ালে৷ ম’বাইল ফোনটো ছেল্ফখনৰ দ্বিতীয় থাকতে আছিল৷ সঁচাকৈয়ে অজিত কাকতি ফে’চবুকতে আছিল৷ নতুন দুগৰাকীমানৰ প’ষ্টৰ আনন্দ লৈ আছিল তেওঁ৷ কাকতি দম্পতীৰ ল’ৰাটো গুৱাহাটীত হোষ্টেলত থাকে৷ দেওবাৰ বাবে কাকতিৰো কলেজ নথকাত তেৱোঁ ঘৰতে আছিল৷ চুবুৰীয়া এঘৰত থকা ধৰ্মীয় অনুষ্ঠান এটিলৈ ওলাই গৈছিল শ্ৰীমতী৷ আবেলিৰ সময়৷

ফে’চবুকত লাইক-কমেণ্টৰ মহলা মাৰি থাকোঁতে চাহ একাপ পিবলৈ মন গৈছিল কাকতি ছাৰৰ৷ ম’বাইল ফোনটো ছেল্ফত থৈ চাহ তৈয়াৰ কৰিবলৈ যাওঁতেই লগিল অথন্তৰ৷ ম’বাইল ফোনটোত আঙুলিৰে কোবাই পুনৰ গৰ্জি উঠিল শ্ৰীমতী কাকতি— “এই নহয়, ফে’চবুক চলিয়েই আছে৷ আজি নেৰিছোঁ৷ পাকঘৰৰ মজিয়া চাফা কৰক৷ নহ’লে আজি চাহতো নাপাবই, নিশা ভাতো নাপাব, কৈ থ’লোঁ৷” ঘৈণীয়েকৰ এই ৰূদ্ৰমূৰ্তি দেখি কাকতি ছাৰৰ মুখৰ মাত হেৰাল৷ নিশাৰ ভাতমুঠি হেৰুওৱাৰ আশংকাত ফটা কাপোৰ এখন বিচাৰি হাতত তুলি ল’লে মহাবিদ্যালয়ৰ ‘টাইগাৰ’ অজিত কাকতিয়ে৷

☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    ধেত তেৰি! নিজৰে প্ৰতিচ্ছবি দেখা হেন পালো৷ ভাল লাগিল শৰ্মা দেউ!

    Reply

Leave a Reply

Your email address will not be published.