ফটাঢোল

টাটু – পৰী পাৰবীন

আচলতে মানুহজনক লৈ ভিতৰি ভিতৰি গৰ্ব এটাও নোহোৱা নহয়। ঘৰতে এটা ব্যায়ামগাৰ। পুৱা গধূলি পূৰ্বজন্মৰ পাপৰ ফল ভূগি থকাৰ দৰে এক কুইন্টল ভাৰ উত্তোলন কৰি কৰি পেশীবহুল কৰি লোৱাই নহয়, উজ্জ্বল ৰঙৰ চৰ্ট টি-চাৰ্ট পিন্ধি ফিচফাচকৈ পাৰফিউমৰ বটলটো আধা কৰি বুকু ফিন্দাই অফিচলৈ গতি কৰাৰ লগে লগেই বুকুখন দুৰু দুৰুকৈ কঁপে (বোৰ্খা চিষ্টেমটো পুৰুষৰ বাবেও হ’ব লাগে বুলি আন্দোলন এটা কৰাৰহে কথা)
ল’ৰাও দেউতাকৰ ফুটত। সৰুটোৱে টাটু অলপ গোটাই এদিন ‘চিক্স পেক এবচ’ৰ দেউতাকক ক’লে,

-“পাপা, টাটুটো হাতত লগাই লোৱা। ইয়াতে লগোৱা। তেতিয়া সৱে দেখিব।”

নমস্য ব্যক্তিজনৰ লগত ফোনত কথা পতা হৈ থাকে। মুখামুখিকৈহে লগ পোৱাৰ সৌভাগ্য হোৱা নাই। গম পালো, তেখেত ডিব্ৰুগড়লৈ আহিছে। এপইন্টমেন্ট ল’লো। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ চাদৰ মেখেলাযোৰ মেৰিয়াই গহীনজনী হৈ ছাৰৰ ওচৰ পালোগৈ।বিভিন্ন চিন্তাশীল কথাৰে ছাৰৰ লগত কথাৰ পাগ লাগি আহিল। যুৱ-উচ্ছৃংখলতাৰ কথা ওলাল। ছাৰ চিন্তান্বিত। ক’লৈ যে গৈ আছে সমাজখন? চিন্তাবোৰ শেষ নহয়। অকলে সমাধান কৰাৰ কথাও নহয়। এটা সমূহীয়া জাগৰণ লাগে।

-“চোৱাচোন, তুমি নিজলৈকে চোৱা। পৰম্পৰা ইমান ধুনীয়াকৈ ধৰি ৰাখিছা। সুস্থ সমাজ এখন এনেকৈহে হয়। বিজতৰীয়া ধংবোৰনো কেলৈ লাগে?”

সত্তৰোৰ্ধৰ ছাৰৰ মুখৰ প্ৰশংসা শুনি মনটো ভাল লাগি আহিল। উৎফুল্লিত মনেৰে বিদায় ল’লো। ছাৰে গেটলৈকে আগবঢ়াই থ’বলৈ ওলাল। এনেতে ফোনটো বাজি উঠিল। এওঁৰ ফোন,

-“হেল্ল'”

-“মই ইয়াতে আছো দেই। তুমি ৰৈ দিয়া। মই নিবলৈ আহি আছো।”

-“অকে ঠিক আছে। ৰৈ দিছো। আহা।”

সন্মুখৰ ৰাস্তাৰে দুজন ল’ৰাই বাইক উৰুৱাই গুচি গ’ল।

-“আজিৰ ল’ৰাবোৰ দেখিছানে পৰী? দীঘল চুলি, কাণত কাণফুলি, হাতত খাৰু, আৰু কি বুলি কয়, টাটু নে কি কয়? মাক বাপেকে একো নকয় নেকি হে?”,

খংবোৰ উজাৰি আছে ছাৰে। এনেতে এওঁ নামি আহিল। মই বুলো ছাৰৰ লগত এওঁক চিনাকী কৰাই দিওঁ। হঠাতে ছাৰৰ ভ্ৰু কোঁচ খালে। ছাৰে এবাৰ মোৰ কপালৰ ফোঁটটোলৈ চালে। তাৰ পিছত এওঁৰ হাতৰ টাটুটোলৈ।
মোৰ অৱস্থা তেতিয়া, ‘ফাঁট মেলা বসুমতী পাতালে লুকাওঁ।’

★★★★

3 Comments

Leave a Reply

Your email address will not be published.