ফটাঢোল

টিৰাপ সীমান্ত আৰু নৃগোষ্ঠীয় সংগ্ৰহালয় – গীতিমল্লিকা গগৈ

অসমৰ জাতীয় ইতিহাসত টিৰাপ সীমান্তৰ গুৰুত্ব তেনেই উলাই কৰিব পৰা বিধৰ নহয়। বিশেষকৈ অসমীয়া হিচাপে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱা আহোম ৰাজত্বৰ প্ৰথম অৱস্থাৰ পৰাই অঞ্চলটো দৃশ্যপটলৈ আহিছিল। আহোমসকল এই অঞ্চলৰ মাজেদিয়েই ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পৰৱৰ্তী সময়তো মঙ্গোলীয় জনগোষ্ঠীৰ সকলোবোৰে এই পথেদিয়েই প্ৰৱজন কৰিছিল। সেইফালৰ পৰা বিভিন্ন জাতিগোষ্ঠীৰ সমাহাৰেৰে তেতিয়া দিনৰ পৰাই অঞ্চলটো গুৰুত্ব লাভ কৰিছিল। আহোম যুগৰ পৰিসমাপ্তিত ইংৰাজ আমোলৰ সময়ত দ্বিতীয় মহাযুদ্ধৰ সময়তো জাপানী সৈন্যবিলাকৰ ভাৰতত প্ৰৱেশৰ সহজ পথ হিচাপে টিৰাপ সীমান্তৰ পাটকাই পৰ্বতমালাই চিহ্নিত কৰিছিল আৰু ইংৰাজ আমেৰিকাৰ মিত্ৰ শক্তিৰ শত্ৰুক প্ৰতিৰোধৰ প্ৰথম পদক্ষেপ হিচাপে এই অঞ্চলটোক গুৰুত্ব প্ৰদান কৰিছিল। যাৰ ফলস্বৰুপে ভাৰতৰ পৰা ম্যানমাৰ হৈ চীনলৈ পথ নিৰ্মাণত চিন্তা চৰ্চা কৰিছিল আৰু পৰিণতিত বাস্তৱত পৰিণত হৈছিল ঐতিহাসিক ষ্টিলৱেল পথ।

বৰ্তমান মিজোৰামৰ ক্ষেত্ৰত যেনেদৰে দেখা যায় যে ভাৰতত ৪০ শতাংশ মিজোসকল বসবাস কৰাৰ বিপৰীতে ম্যানমাৰত বাকী ৬০ শতাংশ মিজোলোকে বসবাস কৰে। ঠিক তেনেদৰেই টিৰাপ সীমান্তত বসবাস কৰা বা টিৰাপ সীমান্ত‌য়েদি প্ৰৱজন কৰি অহা মঙ্গোলীয় জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰতো দেখা যায় তেওঁলোকৰ জনগোষ্ঠীৰ লোক ভাৰতত নিচেই কম সংখ্যক বসবাস কৰাৰ বিপৰীতে ম্যানমাৰ আৰু দক্ষিণ চীনত বৃহৎ সংখ্যক লোকে বসবাস কৰে। সেই ফালৰ পৰা পূৰ্বৰে পৰাই অঞ্চলটো সাংস্কৃতিক ভাৱে যথেষ্ঠ চহকী হোৱাৰ লগতে যথেষ্ঠ স্পৰ্শকাতৰ হিচাপেও চিহ্নিত হৈছে। এই অঞ্চলত বসবাস কৰা জনগোষ্ঠী চিংফৌ, টাংচা, খামতি, ফাকে, খাময়াং ইত্যাদিসকলৰ বৃহৎ সংখ্যক এতিয়াও ম্যানমাৰ বা তাৰো পূব প্ৰান্তত বসবাস কৰাৰ বিপৰীতে সোণোৱাল কছাৰী, বড়ো, দেউৰী, মিচিং, হাজং, চেমা ইত্যাদি অসমৰ অন্য প্ৰান্তত সিঁচৰতি হৈ থকা জনজাতি গোষ্ঠী সকলো অন্যতম। মুঠৰ ওপৰত বৰ্তমান সময়ত এক নিৰ্দিষ্ট পৰিমণ্ডলৰ ভিতৰত অঞ্চলটোত যিমান জনজাতি গোষ্ঠীয়ে বসবাস কৰে অসমত অন্য কোনো অঞ্চলতে ইমান কম পৰিসৰত ইমান বেছি সংখ্যক জনজাতি গোষ্ঠী বসবাস বোধকৰোঁ নকৰে। সেইফালৰ পৰা অসমৰ অন্য সকলো ঠাইতকৈ যে অঞ্চলটোৰ বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰ বেছি চহকী এই কথা অনুধাৱন কৰিব পাৰি। অকল সাংস্কৃতিক বৈচিত্ৰ‌ই নহয়, নৃগোষ্ঠীয় সমাহাৰৰ ফালৰপৰাও অঞ্চলটোৰ গুৰুত্ব আছে। অঞ্চলটোত বসবাস কৰা জনজাতি গোষ্ঠীৰ সকলো বিলাকেই নিজৰ নিজৰ সমাজ, সংস্কৃতি, সাংস্কৃতিক পৰম্পৰাবোৰ, সাজ-পাৰ, খাদ্যাভ্যাস, ৰীতি-নীতি ইত্যাদি সকলোবোৰেই নিজৰ স্বকীয়তা বজাই ৰাখিছে। পশ্চিমীয়া ধনতান্ত্ৰিক দেশসমূহৰ সাংস্কৃতিক আৰু বাণিজ্যিক আগ্ৰাসনৰ যুগতো এই অঞ্চল সেই দিশৰ পৰা কম বেছি পৰিমাণে সুৰক্ষিত হৈ আছে বুলিব পাৰি। এনে হোৱাৰ অন্যতম কাৰণ হ’ল তেওঁলোকৰ সামাজিক ঐক্য। অৱশ্যে স্থানীয়ভাৱে ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে তেওঁলোক লাহে লাহে অসুৰক্ষিত হৈ আহিছে যাৰ ফলত তেওঁলোক এতিয়া সংগ্ৰামৰ পথাৰত নামিবলগীয়া হৈছে। ৰাজনৈতিকভাৱে শোষিত হ’লেও, অৰ্থনৈতিকভাৱে বহিৰাগত আগ্ৰাসন লক্ষ্য কৰিলেও এতিয়াও সমাজ আৰু সাংস্কৃতিক পৰিগাঠনি সুন্দৰ আৰু পৰিকল্পিতভাৱে বজাই ৰাখিব পাৰিছে বাবে তেওঁলোকৰ স্বকীয়তা সুন্দৰভাৱে প্ৰতিফলিত হৈ আছে।

নৃগোষ্ঠীয় সংগ্ৰহালয় স্বৰূপ এই টিৰাপ সীমান্ত অঞ্চল এনেকৈ কিমান দিন সাংস্কৃতিক স্ববৈশিষ্ট্য জনগোষ্ঠীবিলাকে বজাই ৰাখিব পাৰিব এই কথা এতিয়া নিৰ্ভৰ কৰিছে ৰাজনৈতিক সদ্ধিচ্ছাৰ ওপৰত। কাৰণ সংখ্যাৰ ৰাজনীতিৰ আজিৰ এইযুগত জনসংখ্যা কম হোৱাৰ বাবেই তেওঁলোকৰ প্ৰতিনিধিয়ে ৰাজনৈতিকভাৱে ৰাইজৰ প্ৰতিনিধি হোৱাৰ সুবিধা লাভ কৰিব নোৱাৰে। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি চৰকাৰৰ মূল গুৰুত্বপূৰ্ণ পদ দখল কৰি সেই ফালৰ পৰা পৰ্যাপ্ত সুবিধা আদায় কৰি ল’ব নোৱাৰে, যাৰ পৰিণতিত তেওঁলোক বহুসময়ত ৰাজনৈতিক গিনিপিগৰ দৰে ব্যৱহৃত হৈ কেৱল ভোট দিয়া জনতা স্বৰূপ হৈ পৰে। যিকি নহওক সাম্প্ৰতিক সময়ত সকলোৰে বাবে মূল কৰ্তব্য হ’ল এই নৃগোষ্ঠী সকলৰ প্ৰত্যেকৰে জাতীয় সংস্কৃতি, সাহিত্য, লোক-কলা সকলোবোৰ শুদ্ধ ৰূপে বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁলোক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষা দিয়া। তেতিয়াহ’লে এই নৃগোষ্ঠীসকল জীৱন্ত নৃগোষ্ঠীয় সংগ্ৰহালয়ৰ ৰূপত গৱেষক, পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ থলী হ’বগৈ আৰু অঞ্চলটোৰ গুৰুত্ব‌ও পুনৰ বৃদ্ধি পাব।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.