ফটাঢোল

টুৱেন্টি-টুৱেন্টি – দিগন্ত কুমাৰ ভট্টাচাৰ্য

সিদিনা অ’ফিচলৈ যাবলৈ ওলাওতেই শ্ৰীমতীয়ে কাগজৰ টুকুৰা এটি আগবঢ়াই দিলে মোলৈ। আগতে দৈনিক বজাৰৰ লিষ্টখন তেওঁ এনেকৈয়ে দিছিল, কিন্তু মোবাইল অহাৰ পিছত এছএমএছ কৰিয়েই জনাই দিয়ে। ‘ছৰ্ট মেছেজ’ কৰাৰ পিছতে তেওঁ ফোন কৰে ‘লং টক’ এটি কৰিবলৈ। বিস্তৃতভাবে জনায় – আলু যদি আনিব লাগে কেনেকুৱা আনিম, নিমখীয়া বিস্কুট ব্ৰিটেনিয়া নে পাৰ্লেৰ আনিম আদি ইত্যাদি। কেতিয়াবা ভাবো মগজুৰ কোষবোৰে চাগে এইবোৰ শুনি শুনি এটা সময়ত কোনো নতুন কথা-তথ্য ল’ব নোৱাৰা হ’ব, লাহে লাহে কাম নকৰা হ’ব আৰু যেতিয়াই যি মন যায় সেয়া কৰি ফুৰিব মগজুটোৱে। শংকা হয় তেতিয়া কোনোবাই যদি মোক সুধে-‘কি বন্ধু, খবৰ ভাল?’, মই চাগে ক’ম -‘ভাল লাগিছে মোৰ শাড়ীখন? এওঁ যোৱাবছৰ মানালীৰ পৰা আনিছে’। অ’ফিচত বছে সুধিব -‘কোনটো ডিজাইন এপ্ৰ’ভ কৰা ভাল হ’ব, মি:দত্ত?’, তেতিয়া মই চাগে বছ’ৰ ওচৰলৈ দৌৰি গৈ চিঞৰি সুধিম-‘কোৱানা, ৰঙা নে কম ৰঙা নেইলপ’লিছ লগাওঁ আজি?’। সিদিনাই হয়তো সকলোৱে ক’ব-‘আমাৰ হেৰি পাগল হ’ল, বেয়াই লাগে’।

হোৱাটচ্ এপ অহাৰ পাছত মাথাটোৱে কিছু সকাহ পাইছে। আজিকালি বেছি শুনিব লগা নহয়। মগজুটোত জোৰো নপৰে। ‘এইটো বিস্কুটৰ দুটা পেকেট’, ‘এইবিধ তেলৰ ১ লিটাৰ’- এনেকৈ বস্তুৰ ছবিৰে সৈতে নিৰ্দেশনা আহি যায়।

‘হেৰা, কি ভাবি আছা? এইখন চোৱা’

‘কি লিষ্ট এয়া?’

‘টুৱেন্টি টুৱেন্টিৰ কথা গম নোপোৱা?’

‘কি টুৱেন্টি-টুৱেন্টি?’

‘দুইহেজাৰ বিশ, এইটো বছৰ। আৰু এই টুৱেন্টি-টুৱেন্টিৰ আমাৰ ৰিজ’লিউশ্যন’।

দেখিলো তাত লিখা আছে- “নতুন বছৰত খুলিম নতুন পাৰ্টি, মই হ’ম সভানেত্ৰী”

‘কি কোৱা হে? কোনে পাৰ্টি খুলে??’

‘প্ৰথমতে আমি চুবুৰীৰে কেইগৰাকীমানে খুলিম। তাৰ পিছত মহকুমা, জিলা, ৰাজ্য…দেশ এনেকৈ ডাঙৰ হৈ গৈ থাকিব আমাৰ পাৰ্টি। কেজৰিৱাল ককাইটি আমাৰ আদৰ্শ’।

‘হৌৰা, কেজৰিয়াল আইআইটি’ৰ পৰা ডিগ্ৰী লোৱা, ব্ৰিলিয়েন্ট মানুহ আৰু তুমি…’

‘তেনেকৈ নক’বা দেই। ময়ো ১০৭৮নং শিমলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা বৃত্তি পাইছিলোঁ। ‘মৌচাক’ৰ কৃতিত্বত ডাঙৰকৈ ফ’টোও ওলাইছিল। পিছত সেই বৃত্তি পোৱা বতাহত উৰি ফুৰোতে মেট্ৰিকত ‘হাই থাৰ্ড’ ডিভিজন পালোঁ, ছেকেণ্ড পাবলৈ বেছি নম্বৰ নালাগিছিল অৱশ্যে। গতিকে বুজিলা আমিও টেলেন্টেড, মাত্ৰ কামত ব্যৱহাৰ কৰা নাই আমাৰ টেলেন্ট!’

‘কি কৰিবানো পাৰ্টি খুলি?’

‘সেইবোৰ বাদ দিয়া। তাতকৈ সোধা, কি নকৰিমনো পাৰ্টি খুলি? সৌ বৰুৱানীয়ে ‘কা’ বিৰোধ কৰি কৰি চান্দা গোটাই সোণৰ চেইন লৈছে। টিভিত মাতে। চুবুৰীত ফেমাচ হৈ গ’ল জহনীত যোৱাজনীয়ে’।

‘কা বিৰোধ কৰিছে। ভালেইতো কৰিছে। কষ্ট কৰিছে’

‘টিভি কি আজিকালি তেওঁ গোটেই ছেলফিবোৰৰো ফুটেজ খাইছে। বিহাৰী-বাঙালী শাক বেচা, কাম কৰা চবেই এতিয়া তেওঁক ফ্ৰীতে কাম কৰি দিয়ে। কথাই প্ৰতি ‘অসমৰ পৰা খেদিম তহঁতক’জাতীয় দম। সেই ভয়তে চব অনা অসমীয়াক ভৰিৰ তলত ৰাখে।’

‘কি কোৱা হে?’

‘মিছা নকওঁ। গোটেই মাৰোৱাৰী-বাঙালীৰপৰা ‘কা বিৰোধী’ ধৰ্ণালৈ বুলি চান্দা উঠাই আছে। মুখচোকা মাইকী। লগৰজনীয়ে ম’বাইলটো লৈ ভিডিঅ’ কৰে চান্দা উঠাবলৈ গ’লে। মাইকী বুলি চবেই দিয়ে। বহুত দাবী। হাজাৰ, দুহেজাৰ। না ক’বও নোৱাৰে কোনেও’।

‘ভাল বিজিনেছ দেখোন’

‘আমিও কৰিম তেনে বিজিনেচ…আমাৰ পাৰ্টিৰ নাম হ’ব ‘আপ’, ডবল এ আৰু পি। ‘আম অউৰত পাৰ্টি’- হিন্দীতে ৰাখিম নামটো, কাৰণ দুদিন পিছত আমিও সৰ্বভাৰতীয় পৰ্যায়লৈ যাম। আমাৰ প্ৰথম কাম হ’ব ‘অউৰত’ মানে তিৰোতাসকলৰ সমস্যাবোৰ সমাধান কৰা…মুখ ফুলাব নালাগে পিছলৈ পুৰুষসকলৰ কথাও ভাবিম বাৰু।’

‘পিছে তিৰোতাৰ সমস্যা মানে?’

‘প্ৰথমতে ‘কা’ৰ বিৰোধিতা মেইন ইচ্যু হ’ব। অসমীয়াৰ ছেন্টি জড়িত আছে। উঠিব পাৰিম। লাহে লাহে তিৰোতাৰ সমস্যাবোৰলৈ আহিম। হাজাৰটা আছে। দিনটো ঘৰত সোমাই থাকো আমি হাউচ-ৱাইফবোৰে অকলে অকলে। দুই-এটা ফোন, দুই-তিনিখন ছিৰিয়েল চাই সময় পাৰ কৰিলোঁ কি নাই, আহি গ’ল ঠাট্টা-মস্কাৰা, অভিযোগ যে নাৰী হেনো মোবাইল আৰু টিভিৰ ছিৰিয়েলৰ নামত পাগল। কাকত-মেগাজিন, ফে’চবুক সকলোতে নাৰীক লৈ ঠাট্টা! দিনটো কয়েদীৰ দৰে কেনেকৈ আমি জীৱন কটাও কোনে ভাবিছে?’

‘কথাটো হয় অৱশ্যে…আৰু?’

‘শাড়ী কিনিবলৈ গৈ দুঘণ্টা লগালেও মানুহে অভিযোগ কৰে। আমি হে জানো কিমান কষ্ট কৰি আমি এশখনমান শাড়ীৰ পৰা বাচি বাচি এখন কিনো, কিজানিবা দুটামান টকা ৰাহি কৰি ঘৰৰ বেলেগ কামত খটুৱাব পাৰোৱেই।…ঘৰ ভাঙিলে সদায় বোৱাৰীজনীৰ দোষ, পুতেকজনতো ভালেই আছিল। বোৱাৰীয়ে মেখেলা-চাদৰ নিপিন্ধিলে শহুৰেকে মুখ বেঁকা কৰে, জীয়েকক কিন্তু ঠিকেই কয়-‘এই গৰমত কিমান আৰু মেখেলা-চাদৰ পিন্ধি থাক, পাতল কটন কাপোৰৰ নাইটি-চাইটি এটাকে পিন্ধি থাক’। মুঠতে আমি এই ধৰণৰ মানসিকতা চেঞ্জ কৰিম।’

‘বাপৰে..তোমালোক দেখোন বহু কথাই ভাবিছা..’

‘আৰু আছে, এইকেইটাতো সৰু উদাহৰণহে দিলোঁ। এনেকৈ আমি প্ৰথমতে পঞ্চায়ত খেলিম, পিছত বিধানসভা আৰু লাহে লাহে লোকসভাৰ নিৰ্বাচন খেলি দেশত আলোড়নৰ সৃষ্টি কৰিম’।’

‘কিন্তু তোমালোকৰ ‘আপ’ক পুৰুষসমাজে কিয় সমৰ্থন দিব হে?’

‘নিদিব? হে: হে: আমাৰ প্ৰতীক চিহ্নটো দেখিলে ভয়তে দিব।’

‘কি চিহ্ন ল’বা বাৰু?’

‘তিৰোতাই ৰুটি বেলি থাকিলে কোনো পুৰুষেই ওচৰ চাপিবলৈ সাহস নকৰে, হয়নে? আমি বাচি লৈছোঁ নাৰীৰ প্ৰধান অস্ত্ৰ – ‘বেলনা-মাৰি’। মুকেশ আম্বানীয়েও চাগে নীতা আম্বানীৰ হাতত বেলনা-মাৰি দেখিলে ভয় খায়, বাকী পুৰুষ নো কোন কূটা?’

মোৰ চকুৰ সন্মুখত ভাঁহি আহিল এটি দৃশ্য। ‘ভোট দিয়ক, ভোট দিয়ক’কৈ ওলাই আহিছে এই নতুন পাৰ্টি’ৰ কৰ্মকৰ্তাসকল। সন্মুখত মোৰ শ্ৰীমতী। সকলোৰে হাতে হাতে এডাল ‘বেলনা-মাৰি’, মূৰত এটিকৈ টুপি। টুপিৰ এফালে লিখা আছে ‘আম অউৰত পাৰ্টি’ আনফালে আছে এডাল বেলনা-মাৰিৰ ফ’টো। ফ’টোত দেখিয়েই লাগিছে সেইডাল আমাৰ ঘৰৰডালতকৈও ডাঙৰ আৰু মজবুত! মাজে মাজে তেওঁলোকে চিঞৰিছে কাউৰীকেইটাৰ দৰে -‘কা, কা, কা’ বিৰোধেই কৰিছে নে শলাগিছে, তেওঁলোকৰ মাথাই হে জানে!!

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published.