ফটাঢোল

ঠিকনাহীন বাৰ্তা – তুলিকা সোণোৱাল

ল’ৰাটোক ভাল লাগিছিল মোৰ৷ মিঠা বৰণৰ অল্পভাষী, অলপ ওখকৈ লৰাটোক প্ৰথম দেখোতেই একেবাৰেই প্ৰেমত পৰিলো। মানে লাভ ইন ফাৰ্ষ্ট ছাইট। তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী। হোষ্টেলত থাকিয়েই কলেজলৈ অহা-যোৱা কৰিছিলো। মায়ে ফোন কৰি জনালে পেহীদেউৰ ল’ৰাজন মানে আমাৰ বিতুদা আহিছে বন্ধু এজনৰ লগত। বন্ধুজন বোলে আমাৰ চাৰিওকাষে থকা বিলবোৰৰ কিবা পৰ্যবেক্ষণৰ কামত আহিছে, কেইদিনমান থাকিব আমাৰ ঘৰত। মই বিশেষ গুৰুত্ব নিদিলোঁ।

ঘৰলৈ খুউব মনত পৰাৰ বাবে শনিবাৰ এটাত ঘৰলৈ আহিছিলোঁ সেইকেইদিনতে। কিতাপৰ বেগটো টেবুলত থ’ব খুজিও ৰৈ গ’লো। মোৰ টেবুলৰ বস্তুবোৰ নিজৰ ঠাইত নাই। উফঃ…সাংঘাতিক জোৰে খংটো উঠি আহিল। এই ভন্টীজনীক যে সদায় কওঁ মোৰ টেবুলখন খেলি-মেলি নকৰিবলৈ। হাতত ঠাণ্ডা পানী এগিলাচ লৈ মায়ে জনালেহি যে বিতুদাৰ বন্ধুজনে মোৰ টেবুলখন এইকেইদিন ব্যৱহাৰ কৰি আছে। কিবাকিবি লিখা-মেলা কৰিবলগীয়া হৈছে বোলে। ইয়ে…মোৰ মনৰ পৰা তেখেতসকলৰ কথা ওলায়ে গৈছিল, মই ভাবিছিলো ভন্টীৰ কাম চাগৈ ৷ লাহেকৈ খংটো দমি গ’ল।

ওচৰতে থকা লগৰজনীৰ ঘৰলৈ অলপ ওলাই গ’লো৷ বহুত আড্ডা দিলো, ভাললগা ল’ৰাবোৰৰ পৰা বেয়া লগা ছোৱালীজনীলৈকে। কথাৰ মাজতে তাই কৈছিল আমাৰ ঘৰত থকা বিতু দাদাৰ বন্ধুজনৰ কথা। মই গুৰুত্ব নিদিলো, প্ৰয়োজনবোধো নকৰিলো।

অৱশেষত সন্ধিয়া বিতু দাদা আৰু তেখেতৰ বন্ধুজন আহি ঘৰত সোমালহি। সন্ধিয়া চাহ-পৰ্বত বিতুদাই তেখেতৰ লগত মোক চিনাকি কৰাই দিলে। অলপ সংকোচবোধ কৰিছিলো তেখেতৰ লগত কথা পাতিবলৈ। যিমান সুদৰ্শন আছিল তেখেতৰ চেহেৰা সিমান সুন্দৰ আছিল তেখেতৰ কণ্ঠ। ভাল লাগিছিল বহুত তেখেতক। সেইদিনা আমি বহুত ৰাতিলৈকে আড্ডা দিছিলো…বিষয়বোৰ আছিল বাস্তৱ, জীৱন, নদী, সাগৰ, সমাজ, ৰাজনীতি আৰু বহুতো।

পুৱা পলমকৈ শুই উঠিলো। মায়ে ক’লে বিতুদাহঁত আজি অলপ সোনকালেই গ’ল বিললৈ, কাইলৈ যাবগৈ বোলে। সেয়ে কামবোৰ সোনকালে শেষ কৰিবলৈ বিচাৰিছে। বুকুখন ক’ৰবাত চিৰিং কৰি গ’ল মোৰ৷)। তাৰমানে আৰু মাত্ৰ আজিহে লগ পাম তেখেতক ৷ অহ্… কাইলৈ পুৱাতেটো মোৰো ক্লাছ আছে, মইতো আজিয়েই যাবগৈ লাগিব। জে.এচ্.পি. মেমৰ ক্লাছ, কোনোমতেই ক্ষতি কৰিব নোৱাৰি। তেন্তে মই আজিয়েই যাবগৈ লাগিল…বুকুখন হাঁহাকাৰ কৰি উঠিল। ভালদৰে চিনাকিয়েই হ’ব নাপালো তেখেতৰ লগত। মইতো তেখেতৰ নামটোও সোধা নাই এতিয়ালৈকে! আবেলিলৈকে বাট চালো কিন্তু তেখেতসকল আহি নাপালেহি। অৱশেষত মই হোষ্টেললৈ বুলি উভতি আহিলো।

বহুত দিনলৈকে বিতুদাৰ বন্ধুজনৰ কথাই মনটো ভৰি আছিল। ভাল লাগিছিল তেখেতৰ সেই মৰমীয়াল হাঁহিটো, তেখেতৰ কথাবোৰ। এক অৰ্থত ক’বলৈ গলে তেখেতৰ কথাই মোৰ মন আছন্ন কৰি ৰাখিছিল। বিতুদাৰ লগত ঘণ্টা ঘণ্টা ধৰি কথা পাতিবলৈ ধৰিলো মাত্ৰ সেই বন্ধুজনে মোৰ বিষয়ে কিবা কৈছে নেকি বিতুদাক জানিবলৈ। ওহোঁ, একো কোৱা নাই তেখেতে। সেয়ে ময়ো কোনোদিনে বিতুদাক একো নুসুধিলো। লাজ লাগি গ’ল নিজৰ ওচৰতে।

এবছৰ পাছত….

আনতকৈ মোৰ বিয়াখন অলপ সোনকালে ঠিক হ’ল। ল’ৰা ডিব্ৰুগড়ৰ, এয়াৰপ’ৰ্টত চাকৰি। দৰাৰ লগত বিয়া এখনত চিনাকি হৈছিল। প্ৰথমে প্ৰেমৰেই প্ৰস্তাৱ দিছিল কিন্ত মোৰ পৰা কোনো ইতিবাচক উত্তৰ নোপোৱাত ঘৰত আহি বিয়াৰ প্ৰস্তাৱ দিছিল। ঘৰৰ মানুহে তেতিয়া বিয়াৰ কথা নাভাবিলেও তেওঁক পছন্দ কৰিলে বহুত। লাহে লাহে মোৰো ভাল লাগিছিল তেখেতৰ সান্নিধ্য। বিয়াৰ পাছত তেখেতে মোক জীৱনটো ভাল পাবলৈ, উদযাপন কৰিবলৈ শিকালে। প্ৰতিটো সমস্যা সাহসেৰে মুখামুখি হ’বলৈ সাহস দিলে। এক অৰ্থত ক’বলৈ গ’লে মই তেওঁক বহুত ভাল পাই পেলালো আৰু তেওঁ মোৰ ছাঁটো হৈ আজীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিলে।

আমাৰ বিয়াৰ দুমাহমানৰ পাছত ভন্টীয়ে ফোন কৰি জনালে যে মোৰ পঢ়া টেবুলখনত সৰু সৰুকৈ হোৱাইটেনাৰেৰে কিবা-কিবি লিখা আছে। মই কি লিখা আছে বুলি সোধাত তাই মেছেজত মোলৈ পঠিয়াই দিলে এনেদৰে

: তুলিকা, মই নীৰৱ, তোমাৰ বিতুদাৰ বন্ধু। তোমাক লগ পাই বহুত ভাল লাগিল। তোমাৰ লগত ভালদৰে চিনাকি হবলৈকে নাপালো। এইটো মোৰ নম্বৰ ৯৪৩৫০……তোমাৰ নম্বৰটো দিবা, মই ফোন কৰিম তোমাক। বহুত কথা পাতিবলৈ আছে তোমাৰ লগত।

উফ্…উশাহটো একেবাৰে বন্ধ হৈ গৈছিল মোৰ। তেখেতৰ মেছেজটো পোৱাত দেৰি হৈ গ’ল৷ তেখেতে চাগৈ বাট চাই আহিল মোৰ ফোনকলটোৰ বাবে। ময়োটো কত কি কৰা নাছিলো। কিন্তু এতিয়া আৰু একো উপায় নাই মোৰ ওচৰত। তেখেতৰ প্ৰতি থকা মোৰ অনুভূতিবোৰ মই বহু দিনৰ আগতেই কবৰ দিলো।

সুখবোৰ এতিয়া তেখেতৰ নামেৰে আৰম্ভ নহয়, আৰম্ভ হয় মোৰ স্বামীৰ এটি মিঠা হাঁহিৰে। জীৱন বাটত আমি বহুদূৰ আগবাঢ়ি আহিলো। আমি ইজনে সিজনৰ লগত এনেদৰেই সাঙুৰ খাই পৰিলো যে মাত্ৰ এটা দিনৰ অনুপস্থিতিও আমাৰ কাৰণে অসহনীয়। হয়তো সেয়ে আমি আজিও ইজনে সিজনৰ প্ৰেমত পৰো…প্ৰতিদিনে।

■■

7 Comments

Leave a Reply

Your email address will not be published.