ফটাঢোল

ঠিকনা-কাবেৰী মহন্ত

“আদাবাৰী টক লিফ্ট দে দোঁ?”

“ন’, থেংকছ্‌..”

উপযাচি দিয়া অফাৰটো লোৱাৰ অলপো মন নাছিল নিধিৰ৷ তাই ভালদৰেই জানে এইবোৰ হৈছে সহজ হ’বলৈ চেষ্টা কৰাৰ বাহানা৷ কেইদিনমানৰ পৰা ল’ৰাটোক তাই লক্ষ্য কৰি আছে, সুবিধা পালেই উপযাচি আহি মাত দিয়া, য’তে ত’তে সন্মুখীন হ’লেই আগবাঢ়ি আহি মাত লগোৱা আনকি কেণ্টিনৰ আগত বাছৰ বাবে ৰৈ থাকিলেও সি আহি ওলোৱা হৈছেহি৷ সদায় সদায়তো পৰিস্থিতিবোৰ অকস্মাতে হ’ব নোৱাৰে! নিজকে হিৰ’ বুলি জহাই তাইক ফল’ কৰি থকা নাইতো? বাইকত লিফ্ট দিয়াৰ সাহস কৰিছে যেতিয়া হিৰ’ই নিশ্চয় তাইৰ বাছৰ পাছে পাছে ৰেকী কৰি থৈছে!

এনেকুৱা লোকেল চলমান খান বহুত দেখিছে নিধিয়ে৷ মিঠা বৰণীয়া ল’ৰাটো দেখাত বেয়া নালাগিলেও বিশ্বাস কৰাৰ কথাই নাহে! বিশ্ববিদ্যালয়ত এনেকুৱা “বেদিং প্ৰেম”ৰ কাহিনী শৰতৰ দৰেই! আহে আৰু কিছুসময় সকলোৰে মন পুলকিত কৰি নিজৰ সময়ত সৰা পাতৰ আঁৰে আঁৰে গুছি যায়গৈ! তাইৰ এনেকুৱা নাটকীয় কাহিনীৰ টিপিকেল নায়িকা হোৱাৰ মন নাই! 

চুলিবোৰ দীঘল হ’লে নিধিয়ে সামৰিবলৈ অসুবিধা পায়৷ ঘন, ক’লা চুলিখিনি কাটিবৰ সময়ত পাৰ্লাৰৰ ছোৱালীকেইজনীয়ে সদায় কয় তাইক, দীঘল কৰাচোন। নকৰিলে নোহোৱা আপদাল স্বত্বেও দুমাহতে কান্ধত পৰা চুলিখিনিলৈ লগৰ ছোৱালীবোৰে সদায়ে হিংসা কৰে৷ দেওবাৰৰ হোষ্টেলৰ ব্ৰেকফাষ্টটো লৰালৰিকৈ কৰি পাৰ্লাৰলৈ ওলাল নিধি, ঘূৰি আহি প্ৰেক্টিকেলৰ দ্ৰয়িং দুটামানো শেষ কৰিব লাগিব৷ পাতলীয়া লিপষ্টিক আৰু সামান্য আই লাইনাৰ লগাই খৰখেদাকৈ তাই ওলাই আহিল৷ বন্ধৰ দিনা ৰিক্সা পাবলৈ অলপ দিগদাৰ যদিও ৰাস্তাবোৰ খালী থাকে বাবে ভাল লাগে তাইৰ৷ 

“হেই… কিধৰ জানা হে?”

ব্ৰেক মাৰি বাইক এখন তাইৰ আগত হঠাতে ৰ’লহি৷ ক’ৰপৰা ওলালহি আকৌ কামোৰটো ইয়াত! নিধি চক খাই উঠিল। এনেই খৰখেদা, লোকেল চলমান খান ভূতৰ ওপৰত দানৱ হৈ হেলমেট আৰু বাইকলৈ হাজিৰ৷ এটা টেনছন কম নাছিলহে যেন! 

প্ৰশ্নটো তাইকেই সোধা হৈছে, ডাইৰেক্ট এন্দ ক্লীয়েৰ৷

“কুছ নহী। অলপ কাম আছে৷ ৰিক্সা..”

“মে আই?”

“ন’ থেংকচ!” ইয়াৰ মৰসাহ চোৱা.. “এন্দ কাইণ্ড এটেনশ্বন, আই এম নট দেট টাইপ অৱ গাৰ্ল, ok?”

আপোনা আপুনি ওলোৱা উত্তৰটোত নিধিয়ে ব্ৰেক নামাৰিলে৷

এনেকুৱা ডাইৰেক্ট প্রত্যুত্তৰ হয়তো সি আশা কৰা নাছিল। সি তাইলৈ থৰ লাগি চাই ৰ’ল৷ আচলতে ইহঁতে ভাবে চাগে বাইক দৌৰালেই যিকোনো ছোৱালীকে ইম্প্ৰেছ কৰিব পাৰিব!

ৰিক্সা এখন অহা দেখি তাই জাঁপ মাৰি উঠিলগৈ৷ “আদাবাৰী ব’লকচোন!” মুঠতে পলাব লাগে। ৰিক্সাৱালাজনক তাই লৰালৰিকৈ ক’লে৷

“মোৰ ভাড়া আছে, নোৱাৰিম মই৷” হেলমেটৰ মাজত লুকাই থকা দানৱটোৰ আগতে ৰিক্সাৱালাজনে তাইক ক’লে৷

অপ্ৰস্তুত হ’বলৈ বাকী নাছিল চাগে নিধিৰ, নামি আহিল তাই৷ ওঁঠৰ ওপৰৰ বিন্দু বিন্দু ঘামৰ টোপালবোৰ দোপাট্টাখনৰ আগেৰে মচি তাই বাছ অহাৰ দিশে মুখখন ঘূৰাই ৰৈ থাকিল৷ টান হৈ অহা 

ৰ’দটো আৰু প্ৰেক্টিকেলৰ ফাইলকেইটাই আমনি কৰি থাকিল খালী ৰাস্তাৰে পাৰ হৈ যোৱা দুখনমান গাড়ীৰ শব্দৰ মাজত৷ ক্ৰিকেটৰ শেষ অভাৰ আৰু দুটা বলত ছয় ৰাণৰ প্ৰয়োজন৷ নিধিৰো অৱস্থা তেনেকুৱাই যেন ভাৱ হ’ল!

“প্লীজ?” বাইকখন ভৰিৰে ঠেলি ঠেলি তাইৰ সন্মুখত ল’ৰাটোৱে সৰু অথচ স্পষ্টকৈ অনুৰোধ কৰিলে৷ বুজি নোপোৱা বিশ্বাস এটাত ভৰ দি নিধি বাইকৰ পিছত বহিলগৈ৷ পাছফালে মুখখন ঘূৰাই যিমান পাৰে গেপ ৰাখিলেও নিধিৰ অনুভৱ হ’ল এক পুলকিত সুৱাসৰ! 

ডেৰ বছৰ কেনেকৈনো পাৰ হ’ল গমেই নাপালে নিধিয়ে৷ ক্লাছ, প্ৰেক্টিকেল, কেণ্টিন, লাইব্ৰেৰী, হোষ্টেল.. আদ্দাবোৰ, চিটিবাছৰ পাছে পাছে যোৱা বাইকৰ ধূলিবোৰ! শেষৰ দিনা হোৱা অট’গ্ৰাফৰ বিনিময়ে মনবোৰ সেমেকাই তুলিলে সকলোৰে৷ বসন্তৰ নতুন পাতৰ দৰেই খিড়িকীৰ কাষৰ তাইৰ প্ৰিয় ছিটটোত কোনোবা নতুন ছাত্ৰ ছাত্ৰী বহিবহি৷ কেণ্টিনৰ ল’ৰাটোৱে তাইৰ বাবে বনোৱা স্পেচিয়েল লাল চাহ কাপ বনোৱাৰ কোনো প্ৰয়োজন নাথাকিব!

যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতিৰ সৈতে একোটা গধুৰ মন লৈ নিধিহঁত হোষ্টেললৈ উভতিল৷ সম্পূৰ্ণ এক মাহ ষ্টাডি লিভ, হোষ্টেলটো খালী হ’বলৈ ইতিমধ্যেই আৰম্ভ হৈছে৷ নিধিয়েও কেইদিনমানৰ পাছত হোষ্টেলীয়া জীৱন সামৰি যাবগৈ, পৰীক্ষাও ঘৰৰ পৰাই দিব তাই৷ কাৰোবাৰ অনুৰোধৰ বাবেই তাই দুদিনমান ৰৈ দিলে৷ সম্পৰ্কটো বন্ধুত্ব নে তাতোতকৈ কিবা বেছি নিধিৰ ভাবিবলৈ সংকোচ হয়৷ ডেৰ বছৰত মন গ’লেই তাই তাক মাতিব পৰাকৈ সহজ হৈ উঠিল, বাইকৰ পাছফালে উঠি নাম নজনা সুৱাসত নিজকে মিলাই দিব পৰা হ’ল! উৰিষ্যাত থকা তাৰ চহৰখনৰ বিষয়ে তাই ৰচনা লিখিব পৰাকৈ আৱেগিক সম্বন্ধ এটা গঢ়ি উঠিল৷ 

“তুমহে ট্ৰেফিক ৰ’ল আটে ভী হে?”

চিটিবাছখনৰ বাঁওফালে থকা সৰু লেনটোৰে বাইকখন পাৰ কৰি নিয়াৰ সময়ত নিধিয়ে কৈ উঠিল৷

“তুমচে জ্যাদা মেদাম! হাইৱে মে চল’, দিখা দেটে হে..” 

ঘৰলৈ যোৱাৰ আগেয়ে “বেষ্ট ফ্ৰেণ্ড”ৰ লগত কিছু সময় কটাই যাব বিচাৰিছিল নিধিয়ে৷ দিয়া সময়ৰ আধাঘণ্টাৰ আগতেই আহি হিৰ’ বাইক লৈ হাজিৰ৷ হাঁহিবোৰ, আবদাৰবোৰ আৰু নাম নজনা বিশ্বাসেৰে বৈ লোৱা সময়বোৰ তাই কুঁকিত ভৰাই ল’লে৷ পৰীক্ষাৰ পাছত তাইৰ পৰা এটা বিশেষ দিনৰ দাবীও নিধিয়ে কন্দিশ্যন নিদিয়াকৈ মানি ল’লে৷ হেলমেটৰ মাজেদি স্থিৰ হৈ ৰোৱা চকুযুৰি, পলক নমৰাকৈ তাইলৈ চাই ৰোৱা চকুযোৰ সামৰি তাই বাছত উঠিল।

পৰীক্ষাৰ পাছৰ ছুটী, ৰিজাল্ট দিয়াও বহুত দিন হ’লহি৷ ক’ৰবাত ক’ৰবাত চাকৰিৰ বাবে কৰা আবেদনবোৰৰ সৈতে জীৱনে কোনফালে গতি কৰিব ক’ব নোৱাৰিলেও আজিকালি নিধিৰ ৰাস্তাত বাইকৰ পাছফালে কোনো ছোৱালী উঠি যোৱা দেখিলে চকু ঘুৰি আহে! ভিতৰৰ এটুকুৰা ঘা যেন বহল হৈ তাইক হেঁচা মাৰি ধৰে! হেলমেটৰ মাজৰ আমনি কৰি থকা চকুযোৰৰ ঠিকনা বিচাৰি তাই হাবাথুৰি খাইছিল, তাইক লগ নকৰাকৈয়ে সি উৰিষ্যালৈ গুছি গৈছিল ঘৰৰ এৰাব নোৱাৰা অসুবিধাৰ বাবে৷ প্ৰতিশ্ৰুতি দিছিল সি, নিধিৰ পৰা সময়ো বিচাৰিছিল৷ দুয়োটাই মানি ল’লেও সময়ে কিন্তু মানি নল’লে৷

খৰখেদাকৈ হোৱা বিয়াখনত মঞ্চত হোৱা নাটকৰ দৰেই নিধিয়ে কইনাৰ অভিনয় কৰি বিয়া হৈ গ’ল৷ বিয়ানামৰ সুৰ তল পেলাই গোটেই নাটকখনৰ বেকগ্ৰাউণ্ডত বাজি থাকিল হাইৱেৰ হোঁহোঁৱনি, ধূলি উৰুৱাই চিটিবাছৰ পাছে পাছে যোৱা বাইকৰ সংগীত আৰু সেই সুৱাস! থাকিবনে ক’ৰবাত নিধিৰ নামটোৰ অস্তিত্ব? থাকিবনে সেই প্ৰতিশ্ৰুতি “মাই লাইফ উইল ৰ’টেট এৰাউণ্ড ইউৰ নেইম অনলি নিধি!”

বিয়াৰ পাছত ট্ৰেন্সফাৰ হৈ অসমৰ বাহিৰত থাকিবলৈ লোৱা নিধিহঁতৰ চাৰি বছৰেই হ’লহি৷ ঘৰলৈ যোৱাৰ সময়ত কলকাতাত সদায়ে লিংকিং ফ্লাইট ল’ব লগা হয়৷ কলকাতাত সদায়ে তাইৰ ভাৱ হয়, অসমতকৈ উৰিষ্যাৰ বেছি কাষত আছে তাই! চিন্তাটোৱে নিজলৈ পুতৌ কৰিলেও ভাৱ হয় এক মিঠাবৰণীয়া, চিনাকি সুৱাস লৈ সি আহি আছে! মূৰটো জোকাৰি তাই বাস্তৱলৈ উভতি, লাগেজ কঢ়িয়াই অনা ট্ৰলীখন লৈ আগবাঢ়িব খোজোঁতেই কাষৰ মহিলাগৰাকীৰ গাত খুন্দা লাগিল..

“নিধি..বি কেয়াৰফুল!” থমকি ৰ’ল তাই৷ সেই কণ্ঠ, গহীন অথচ চিনাকি তাইৰ৷ ন’ ইটছ্‌ নট পছিবল! ট্ৰলীৰ হেন্দেলদাল টানকৈ খামুচি ধৰিলে তাই৷ তাইৰ নামটো ভাঁহি অহা দিশলৈ ভয়ে ভয়ে চাই পঠিয়ালে নিধিয়ে৷ 

   নিজৰ অন্তঃসত্ত্বা পত্নীক সযতনে পৰি যোৱা বেগটো তুলি দিছে ল’ৰাটোৱে৷ কলিজাত ঢপ্‌কৈ মৰা শব্দই নিধিক অলস কৰি তুলিলে থকা ঠাইতে৷ কিছু সময়ৰ পাছতে তাই নিজকে চম্ভালি ল’লে আৰু মানুহহালে নেদেখাকৈ তাই পিছ পৰি দিলে৷ বাইকৰ পাছৰ পৰা দেখা ল’ৰাটো, হেলমেটৰ মাজেদি ওলাই থকা কেকোৰা চুলিবোৰ, আৰু…… আৰু সেই সুৱাসটো! 

সুৱাসটোৰ ঠিকনা নিধিৰ মাজতেই থাকিল। মাত্ৰ সেয়া তাই নহয়!

“মাই লাইফ উইল ৰ’টেট এৰাউণ্ড ইউৰ নেম অনলি!”

শেষ দৃশ্য কেতিয়া নাটকৰ?

☆ ★ ☆ ★ ☆

27 Comments

  • Minati Mahanta

    বৰ ভাল লাগিল অ’ ! তই দিছ বুলি নাজানো , ৰিজাল্ট চিতত তোৰ নাম নেদেখিলো দেখোন । বহুত ওপৰত এইবাৰ তোৰ লিখনি । সুন্দৰ ।🌹🌹🌹🌹🌹

    Reply
    • কাবেৰী মহন্ত

      চেষ্টা অলপ❤️❤️!
      আশীৰ্বাদ দি থাকিবি

      Reply
  • নীলাঞ্জনা

    বৰ বঢ়িয়া হৈছে৷ লিখি থাকিবি সদায়৷

    Reply
    • কাবেৰী মহন্ত

      সেইটোহে টান৷😘😘
      উৎসাহ দি থাকিবি

      Reply
  • Pranamika Gogoi

    বৰ ভাল লাগিল কাবেৰী।

    Reply
    • কাবেৰী মহন্ত

      অশেষ ধন্যবাদ তোলৈ পঢ়ি চোৱাৰ বাবে😊

      Reply
  • ডলী

    বহুত ধুনীয়া লাগিল বা। একদম কলিজা ধিপ্লিং মৰা অনুভৱ।

    Reply
    • কাবেৰী মহন্ত

      😍😍
      ধন্যবাদ😊

      Reply
  • চিত্ৰলেখা দেৱী

    অনুপম গল্প ! কলিজা চুই যোৱা —

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ বাইদেউ

      Reply
  • বন্দিতা জৈন

    বহুত ভাল লাগিল পঢ়ি বাইদেউ।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ😊

      Reply
  • পূৰ্ণময়ী

    শেষত কি দিলে বা❤️মজা লাগিল পঢ়ি।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ পূৰ্ণময়ী❤️

      Reply
  • Rupa Kalita

    Eman je val lagil eketa uxahote porhi ses korilu . Bhobisyote u tur pora ene dhoronor likhoni axa korilu.

    Reply
    • কাবেৰী মহন্ত

      তোক বহুত ধন্যবাদ❤️

      Reply
  • Anonymous

    Story tu porhi bhal lagile Tun👌

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ😊

      Reply
  • বৰ ভাল লাগিল দেই

    Reply
    • কাবেৰী মহন্ত

      অশেষ ধন্যবাদ😊

      Reply
  • আৰাধনা বৰুৱা

    বহুত ভাল লাগিল বা

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ আৰু মৰম😊

      Reply
  • জিতু

    কি গল্প ঔ, ভাল লাগিল।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ😊

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি৷

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ বাবে ধন্যবাদ🙏

      Reply
  • Anonymous

    বহুত ভাল লাগিল বা 💕💕

    Reply

Leave a Reply

Your email address will not be published.