ফটাঢোল

ঠেকা – ৰীতা লীনা সোণোৱাল

অলকানন্দা বৰুৱাৰ হাঁহিটো বৰ ধুনীয়া। চালে চাই থাকিবলৈ মন যায়। পিচে মানুহজনীৰ এটা গুণেহে মোক বৰ অসুবিধাত পেলায়। বৰ চিক্ চাক্ কৰি থাকে। তেওঁৰ ঘৰলৈ যাবলৈ হ’লেও চিন্তায়ে লাগে। দুৱাৰমুখত ৰৈ পৰ্দাখন ডাঙি থাকে। শুনামতে তেওঁক মানুহৰ ঘৰত মিঠাই খাবলৈ চামুচ দিলে চামুচখন উল্টা কৰি লৈ নালডালেৰে মিঠাইবোৰ ভাঙি ভাঙি খাই। সবেই মুখ লগোৱা ফালে খাবলৈ বেয়া লাগে হেনো। তেওঁৰ ঘৰলৈ গ’লে মোৰ লাজেই লাগে। আমাক বা কিমান লেতেৰা বুলি ভাবে! তেওঁ আমাৰ ঘৰলৈ আহিলে ভালতকৈও ভাল কাপ প্লেটযোৰত চাহ দিওঁ। কিন্তু তেওঁৰ ঘৰলৈ গ’লে প্ৰায়ে মন কৰোঁ আমাক চাহ দিয়া কাপৰ তলিত কলা চামনি এটা পৰি থাকে। মনতে ভাব হয়, কাপবোৰ ভালকৈ নুধোৱে নেকি? ক’বলৈও বেয়া লাগে। অনবৰতে কেৱল পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত কথা কৈ থকা মানুহগৰাকীক কেনেকৈ নো, “আপোনালোকৰ কাপৰ তলিখন লেতেৰা হৈ আছে” বুলি কওঁ? সেয়েহে অলকানন্দা বৰুৱাক একো কোৱা নহয়গৈ। তেওঁ আমাৰ চুবুৰীৰ মহিলাখিনিৰ বাবে এতিয়া সাক্ষাৎ পৰিস্কাৰ পৰছন্নতাৰ প্ৰতিমূৰ্তি হৈ পৰিছে।

অলকানন্দা বৰুৱাই আচলতে সকলো কথাতে আগভাগ লয়। আমাৰ স্থানীয় মহিলা সৱলীকৰণৰ যিটো গোট আছে তাৰে তেওঁ সভানেত্ৰী। গোটৰ ইটো সিটো কামত তেওঁলোকৰ ঘৰলৈ মই প্ৰায়েই গৈ থাকিব লগা হয়। আমি বেছিভাগ বাৰাণ্ডাতেই বহোঁ। ভিতৰলৈ সোমালেই দুৱাৰৰ পৰ্দাখন আমাৰ গাত লাগিব নোৱাৰাকৈ ধৰি থাকে। চ’ফাখনত বহিবলৈ বেয়া লাগে। পৰ্দাখন গাত লাগিলে বাৰু ধুব পাৰিব কিন্তু চ’ফাখন কেনেকৈ ধুব? গতিকে গোটেই বহি থকা সময়খিনিত মনটো উচপিচাই থাকে। সেইবাবে তেওঁলোকৰ ঘৰলৈ গ’লে বাৰাণ্ডাতে বহোঁ বুলি কওঁ। মনে মনে ভাব হয় মানুহ ইমান চাফাও হ’ব নাপায়। অলকানন্দা বৰুৱাই তেওঁৰ মানুহজন ক’ৰবালৈ ৰাতি থকাকৈ গ’লে গাধোৱা মগ এটা আৰু পাৰিলে বাকেট এটা দি পঠিয়াই লগত। মানুহজনৰ আপত্তি নৰজে।

খোৱাবোৱাতো বৰ চিক্ চাক্ কৰি থাকে তেওঁ। আমাৰ ঘৰলৈ আহিলে পানী এগিলাচ দিলেও গিলাচটোলৈ সন্দেহৰ দৃষ্টিৰে চাই এবাৰ সোধে, “গিলাচটো ধোৱা নে?” অৱশ্যে মানুহগৰাকীয়ে খাবলৈ ভাল পায়। প্লেটত যি সজাই দিওঁ সকলো ধুনীয়াকৈ খাই থৈ যায়।

এই মানুজনীয়েই আজি তেওঁৰ দুৰ্দিনৰ সময়ত মোলৈ ফোন কৰিছে। তেওঁৰ ঘৰৰ কামকৰা মানুহজনী চুটি লৈ যি ঘৰলৈ গ’ল গ’লেই, আৰু উভতি অহাৰ নাম লোৱা নাই। ফোন কৰিলেও হেনো ফোন ৰিচিভ নকৰে। উপায়হীন হৈ ফোন কৰিছে, আমাৰ ঘৰত কাম কৰা অনিতাই তেওঁলোকৰ ঘৰতো কাম কৰিব পাৰিব নেকি? মই অনিতাক সুধিলোঁ, তাই পাৰিম বুলি ক’লে। অৱশ্যে তেওঁৰ ভাত ৰান্ধনি এগৰাকী বেলেগকৈ আছেই। মাথোঁ বাচন ধোৱা আৰু ঘৰ সৰা মুচাৰ বাবেহে অনিতাক লাগে। অলকানন্দা বৰুৱাহঁতৰ ঘৰবাৰী বৰ ডাঙৰ। পুৰণা ধনী মানুহ। সেইমতে কামো যথেষ্ট হয়। কেইদিনমান অলকানন্দা বৰুৱাৰ ঘৰত কাম কৰাৰ পাছত অনিতাই আহি মোক এদিন কৈছেহি বোলে তেওঁলোকৰ ঘৰত আৰু তাই কাম কৰিবলৈ নাযায়।

মই সুধিলোঁ, “কিয় নাযাৱ?”

অনিতাৰ মুখখন কান্দনামুৱা হ’ল, ” জানে বাইদেউ, অলকা বাইদেউহঁতৰ ঘৰত বাৰাণ্ডাৰ চিৰিৰ বাহিৰে  ক’তো বহিব নিদিয়ে। তাতেই বহি সদায় চাহ খাব দিয়ে। বিস্কুট দুখন দিওঁতে মোৰ হাতত অলকা বাইদেউৱে নিজৰ হাতখন লাগিব বুলি ওপৰৰ পৰা দলিয়াই দিয়াৰ দৰে দিয়ে। প্লেটতো নিদিয়ে। চাহ খোৱা গিলাচটো বাৰাণ্ডাৰ এচুকত থ’ব দিয়ে সদায়। চাহ খোৱাৰ আগতে ধুই লওঁ। কালি আগদিনা ৰাতিৰ ৰৈ যোৱা লুচি তৰকাৰী খাবলৈ দিছিল। তাকো ডিমৰু পাত এখন চিঙি আনিব দি সব তাতে ঢালি দিছে। নাখালোঁ লুচি তৰকাৰী। আমি সৰু মানুহ হ’লেও আমাৰো অলপ মান অভিমান আছে। ঘৰ মুচি থাকোঁতে কেনেবাকৈ হাতখন যদি পৰ্দাত লাগে সেইখন লগে লগে খুলি ধুবলৈ দিয়ে। অলকা বাইদেউৱে মানুহক বহুত ঘিণ কৰে বাইদেউ। কিন্তু ৰান্ধনিজনীয়ে যে কিমান লেতেৰাকৈ খোৱা বস্তুবোৰ বনাই থাকে সেইয়া নাচায়েই। তাই পাকঘৰত সোমাইয়েই হাত নুধোৱাকৈয়ে আটাখিনি সানে। পাচলি, চাউল, দাইল সব এবাৰতকৈ বেছি ধোৱা দেখাই নাই। ভাত ৰান্ধি থাকোঁতে চুলিত ওকণি খেপিয়াই থাকে। মই পাকঘৰ সৰা মুচা কৰি থাকোঁতে দেখি থাকোঁ।”

অনিতা, অলকানন্দা বৰুৱাৰ ঘৰলৈ কাম কৰিবলৈ নোযোৱা হ’ল। মাজতে দুদিনমান তেওঁ অনিতাৰ কথা সুধি মোলৈ ফোন কৰিছিল। মইও একো গম নাপাওঁ বুলি দায় সৰা উত্তৰ এটা দি থ’লোঁ। ইয়াৰ পাছতে লাহেকৈ কৰ’ণা আহিল। কোনো কাৰো ঘৰলৈ যাব নোৱাৰা হ’লোঁ। অলকানন্দা বৰুৱাৰ ঘৰত বৃদ্ধ শহুৰ আছে সেইবাবে তেওঁলোকৰ ঘৰলৈ যোৱাতো একেবাৰে নিষেধ হ’ল। মাজে মাজে আমি তেওঁলৈ ফোন কৰো। হঠাৎ কালি গম পালো অলকানন্দা বৰুৱাৰ শহুৰেকৰ কৰ’ণা পজিটিভ হৈছে। মানুহজনী ফোনতে হাঁহাকাৰ কৰি উঠিল। ইফালে ঘৰত গিৰিয়েকো নাই ব্যৱসায়ৰ কামত বেলেগ এখন চহৰলৈ গৈ লকডাউনৰ বাবে তাতেই আৱদ্ধ হৈ পৰিল। আমি বিচাৰিলেও কোনেও তেওঁক সহায় কৰিব নোৱাৰা হ’লো।

দুদিনমান থাকি অলকানন্দা বৰুৱাৰ শহুৰেক ঢুকাল। মৃতকৰ সৎকাৰ চৰকাৰেই কৰিলে। অলকানন্দা বৰুৱা আৰু তেওঁৰ ল’ৰা ছোৱালীহালৰ কৰ’ণা নিগেটিভ ওলাল। তেওঁলোকৰ ঘৰটো সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হ’ল যদিও কোনো ওচৰ চুবুৰীয়া বা সম্পৰ্কীয় মানুহ এজনো অলকানন্দাহঁতৰ ঘৰলৈ আহিবলৈ সাহস নকৰিলে। অৱশেষত মই ফলমূল আৰু খোৱা বস্তু অলপ লৈ তেওঁলোকৰ ঘৰলৈ ওলালোঁ। অনিতাহঁতৰ গলিটোৰ সমুখেৰে যাওঁতে তাইও মোৰ লগ ল’লে। মুখত মাস্ক লগাই থোৱাৰ কাৰণে দুইজনীয়ে কথা নপতাকৈয়ে গ’লো।

অলকানন্দা বৰুৱাৰহঁতৰ ডাঙৰ ঘৰটো নিজম পৰি আছিল৷ আমাক দেখিয়ে মানুহজনী ফেঁকুৰি উঠিল। হাতৰ বস্তু কেইটা দেখিয়ে মানুহজনীয়ে কান্দি কান্দি কৈছে, “এইকেইদিন যে কেনেকৈ কটাইছো ভগৱানেহে জানে। খোৱা বস্তু সকলো প্ৰায় শেষ। ইফালে অশৌচ লাগি আছে। কৰ’ণা হৈ এজন ঢুকাল, কিন্তু আমিতো জীয়াই আছোঁ। দোকান যাব নোৱাৰোঁ। ঘৰৰ পৰা ওলাবও নোৱাৰোঁ। কোনো সহায় কৰিবও নাহে। কি কৰিম?”

আজি অনিতা আৰু মই দুয়োজনীয়ে অলকানন্দা বৰুৱাহঁতৰ চ’ফাত বহি আছোঁ। অথচ তেওঁক কোনো ধৰণৰ অস্বস্তি পোৱা যেন নালাগিল। তেওঁ আমাক চাহ বনাই খোৱালে। মই নিয়া বিস্কুটেৰেই চাহ দিলে। কাপ দুটাৰ তলি কেইখন আজি চাফা। অনুভৱ কৰিলো মানুহজনী এইকেইদিনতে সলনি হৈছে। বিদায় ল’বৰ পৰত তেওঁ আগৰ দৰে পৰ্দাখন উঠাই ধৰি নাথাকিল। আৰু আমাকো বাৰে বাৰে পুনৰবাৰ তেওঁৰ ঘৰলৈ যাবলৈ অনুৰোধ জনালে। মানুহে সঁচাকৈয়ে ঠেকিহে শিকে চাগে! মনে মনে অনুভৱ কৰিলোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি সঁচাকৈয়ে ৰীতা বা।

    Reply
  • Pranita Goswami

    ভাল লাগিল। ঠেকি শিকিলে।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল দেই

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ৰীতা৷

    Reply

Leave a Reply

Your email address will not be published.