ফটাঢোল

ঠেলাৰ নাম বাবাজি – নাজিয়া হাচান

ৰহমানদাৰ মানুহগৰাকীয়ে পুৱা পাঁচ বজাতেই শোৱা পাটী এৰে। ল’ৰা ছোৱালীহালৰ স্কুলবাছখনৰ ড্ৰাইভাৰটোৰ মুখখন বৰ বেয়া ধৰণে চোকা। সেয়ে সময়ত তেওঁ দুয়োটাকে বাছত উঠাই দিয়েগৈ। লাগিলে যিয়ে নহওক, পুৱাই পুৱাই কাৰোবাৰ বকবকনি শুনিব নোৱাৰি বুলি।

ল’ৰা ছোৱালীৰ কামখিনি শেষ কৰি তেওঁ ৰহমান চাহাবৰ বাবে পুৱাৰ আহাৰ যোগাৰ কৰাত লাগি গ’ল।

‘হেৰা! হ’লনে নাই ৰান্ধি’ – এইবুলি গা-পা ধুই ৰহমান চাহাবে খৰধৰকৈ চকীখন টানি, টেবুলৰ সন্মুখত বহি ল’লেহি। এনেহেন ব্যস্ততা তেওঁৰ মুখত দেখা গ’ল যেন পুৱা পাঁচবজাৰপৰা ন বজালৈকে তেওঁৱেই ঘৰখনৰ সমস্ত কামসোপা কৰি-মেলি অতাই, উশাহ ল’বলৈ সময় অকণমানো পোৱা নাছিল। মানুহগৰাকীয়ে এই কথাষাৰ মনতেহে ভাবি থাকিল। কওঁতে তেওঁ কাকো একো নকয়, বৰ শান্ত শিষ্ট।

কেতিয়াবা কিন্তু তেওঁৰো মিটাৰ বক্সটো গৰম হৈ নোযোৱা নহয়! উপায় নাথাকে। যিমানে হওক তেৱোঁতো এটা চলি, ফুৰি, উশাহ নিশাহ লোৱা-এৰা কৰি থকা আত্মায়েই।

ৰহমান চাহাবক গৰম গৰম ৰুটি ভাজি খুৱাই বোৱাই অফিচলৈ পঠিয়াই আজৰি হৈ, ৰাতি পানী দি থোৱা পইতা ভাতকেইটা নিজলৈ বুলি উলিয়াই ল’লে তেওঁ। এটা কেঁচা পাতল সেউজীয়া ৰঙৰ ভোট জলকীয়া, এটুকুৰা পাটী নেমু, ভাজি থোৱা ৰাতিৰ পুঠি মাছকেইটা, দুফালকৈ কটা দুটুকুৰা পিয়াজ, অকণমান বুটৰ চাটনি। পানীভাতকেইটাৰ ওপৰতে কেঁচা মিঠাতেল অলপ ঢালি, তাৰ ওপৰত নিমখ অলপমান ছটিয়াই তেওঁ বৰ সোৱাদ লগা ৰেচিপিটো তৈয়াৰ কৰি মজাকৈ জুতি মিলাই খাই ল’লে।

অলপো জিৰণি নলৈ এইবাৰ তেওঁ ল’ৰা ছোৱালী আৰু পতিদেৱে সিঁচি থৈ যোৱা চেদেলি ভেদেলি হৈ থকা ঘৰখন ইমূৰৰপৰা সিমূৰলৈ চাফা কৰাত লাগিল। ইফালে সিফালে পৰি থকা কাপোৰ, চেণ্ডেল, বাতৰি কাকত, খোৱা লোৱাৰ কাপ প্লেট, বাচন এই সকলোবোৰ সামৰি-অতাই ঘৰটো সৰা মোছা কৰি, পুনৰ চাদৰৰ আচলটো পেটত খুচা মাৰি পাকঘৰৰ বাচন বাতিসোপা ধুৱাত লাগিলগৈ। ঘটং মটং শব্দৰে বেচিনত ভৰি থকা বাচনবোৰ ধুই, দুপৰীয়াৰ সাজ ৰান্ধি সকলো কামৰপৰা আজৰি হৈ পুৱাৰপৰা বান্ধি থোৱা আধা ভিজা চুলিখিনিৰ খোপাটো খুলি অকণমান আৰাম কৰি বিচনাত মোবাইলটো লৈ মাত্ৰ বহিছিলগৈহে তেওঁ, টিং টং শব্দ কৰি কলিং বেলটো লগে লগে বাজি উঠিল। তথাপি মুখত কোনো খং, ক্লান্তি একো নাৰাখি মোবাইলটো হাতত লৈ তাতে চকু, মুখ, হাত ৰাখি আনখন হাতেৰে তেওঁ দৰ্জাখন খুলি দিলেগৈ।

– হেৰা! কি মানুহ হে তুমি? দৰ্জাখন খুলিবলৈ আহোঁতেও ম’বাইলটো লৈ আহিব লাগেনে? আৰু আহিছাও আহিছা চকু, হাত, মুখ, মূৰ সমস্ত তোমাৰ মোবাইলটোত সুমুৱাই লৈ আহিছা যে! দৰ্জাখনৰ সন্মুখত কোন আছে তাকো চাবলৈও তোমাৰ সময় নাই? ধেইত! ইমান পগলা নে তুমি মোবাইলৰ?

– কেই বাজিলনো? আপুনি আজি বৰ সোনকালে আহিল যে?

– কি? ক’ত সোনকালে আহিলোঁ? কেই বাজিল খবৰেই নাই মানে তোমাৰ? ক’ৰপৰা থাকিব! মোবাইলৰপৰা মুখ দাঙিব পাৰিলেহে সময় দেখা পাবা তুমি। ল’ৰা ছোৱালী আৰু মোক উলিয়াই দি তুমি দিনৰ এই আধাখিনি সময় এইদৰেই মোবাইল টিপি টিপি কটোৱা ন? ঘৰৰ কামকেইটা কৰোঁতেনো কিমান সময় লাগে! ফতকৈ কৰি মোবাইলটো লৈ লাগি যোৱা আৰু!

ৰহমান চাহাবৰ ভোৰভোৰণিত শান্ত শিষ্ট ৰহমাননিৰ মূৰটো বৰ বেয়াকৈ গৰম হৈ পৰিল।

– হেৰি! কি ক’বলৈ আহিছে হে আপুনি? হেঁ? কি ক’বলৈ আহিছে? মই বাৰু ঘৰৰ একো কামেই নকৰোঁ। আপুনি কওকচোন আপুনি ঘৰৰ কোনটো খুটা ইফাল সিফাল কৰে! হে? পেপাৰখন পঢ়ি সামৰা মনত পৰেনে আপোনাৰ কেতিয়াবা? জোতা পিন্ধি হাৱাই চেণ্ডেলজোৰ চিধা কৰি থোৱা মনত পৰেনে আপোনাৰ? গা ধুই ভিজা গামোচাখন ৰ’দত মেলি থৈ যোৱা মনত পৰে নে আপোনাৰ কেতিয়াবা? বাচন….

– হেৰা, হেৰা! কিয় খং খাইছাহে ইমান? ইমানকৈ কিয় চিঞৰিছা? ওচৰৰ বৰুৱানীয়ে কাণখন বেৰত লগাই লগাই শুনিব এতিয়া! মনে মনে থাকা দেহাজনী মোৰ। মইনো কেতিয়া ক’লো হয়নে? এইখিনি কাম তুমি নকৰা বুলি? তুমিয়েতো কৰা, তুমিয়েতো ৰান্ধা, তুমিয়েতো সকলো। হয় দিয়াহে। এই ল’ৰা ছোৱালীকেইটায়ো নিজৰ কামবোৰ নিজে কৰিবলৈ কেতিয়া যে শিকিব নহয়।

এইবুলি মূৰটো খজুৱাই খজুৱাই ৰহমান চাহাবে চোফাখনত বহি টিভিৰ ৰিম’টটো লৰালৰিকৈ টিপিলেগৈ।

☆★☆★☆

5 Comments

  • বঢ়িয়া। গৃহিনীৰ কাম চকুত নপৰেই—-। চিনাকী ছবি। ভাল লাগিল।

    Reply
  • দিলীপ কাকতি

    পইতা ভাতৰ ৰেছিপিটোৱে পঢ়াত শান্তি নিদিলে। কিবাকৈ ঢোগ গিলি গিল শেষ কৰিলো। ভাল লাগিল।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ঘৰ ঘৰ কী কাহানী। সকলো কাম আলাদিনৰ চাকিটোৰ জোৰতেই হোৱা বুলি ভাবে। বৰ সুন্দৰ লিখনি। পঢ়ি ভাল লাগিল নাজিয়া।

    Reply

Leave a Reply

Your email address will not be published.