ফটাঢোল

ডলী ক্ৰিয়েচনৰ অষ্টম নিবেদন- ছবি: এক চে বঢ়কৰ এক- ডলী তালুকদাৰ

পৰিচালনা, কাহিনী, সংলাপ, সংগীত, কণ্ঠ, নৃত্য পৰিচালনা : ডলী তালুকদাৰ

সহ পৰিচালনা : পাৰ্থপ্ৰতীম শৰ্মা

প্ৰযোজনা : ৰামানুজ গোস্বামী

কেমেৰা : আদিত্যজ্যোতি বৰঠাকুৰ

লাইট : ভাস্কৰজ্যোতি দাস

একচন : হৃষীকেশ ডেকা

ছবিৰ পোষ্টাৰ ডিজাইনাৰ : ভাস্কৰজ্যোতি দাস

অভিনয়ত : হেমন্ত কাকতি, দিপাঙ্কৰ চৌধুৰী, ধূৰ্জ্জটি কাকতি, নিৰ্মালী বৰমূদৈ, নীলাক্ষি কাকতি, নয়নমণি হালৈ, ৰাজশ্ৰী শৰ্মা, ৰিণ্টুমণি দত্ত, ৰিমজিম বৰঠাকুৰ, দেৱজিত শৰ্মা, অভিজিত কলিতা, চবিনা ইয়াছমিন, প্ৰণীতা গোস্বামী বৰঠাকুৰ, পূৰ্ণময়ী মেধী

হেমন্ত কাকতি : ধনীৰাম বৰুৱা

নীলাক্ষি কাকতি : লক্ষী (ধনীৰামৰ পত্নী)

নিৰ্মালী : তৰা (ধনীৰামৰ জীয়েক নাম)

নয়নমণি হালৈ : বলৰাম (ধনীৰাম বৰুৱাৰ পুতেক)

দিপাঙ্কৰ চৌধুৰী : খগেন (তৰাৰ প্ৰেমিক)

ৰিণ্টুমণি দত্ত : চেনিৰাম মজুমদাৰ

ৰিমজিম বৰঠাকুৰ : ভেলেঙী মজুমদাৰ (চেনিৰামৰ পত্নী)

ৰাজশ্ৰী শৰ্মা : টিপচি মজুমদাৰ (চেনিৰামৰ ভনীয়েক৷ দাদাকে মৰমতে কোমোৰা বুলি মাতে)

ধূৰ্জ্জটি কাকতি : ৰসেশ্বৰ কলিতা (তৰাৰ অন্য এজন প্ৰেমিক, গাঁৱৰ মণ্ডলৰ পুতেক)

অভিজিত কলিতা : মেধি মণ্ডল ওৰফে চিকটা মণ্ডল (ৰসেশ্বৰৰ বাপেক)

চবিনা ইয়াছমিন : ববিতা মাষ্টৰণী (ধনীৰামৰ ভাৰাতীয়া)

প্ৰণীতা গোস্বামী বৰঠাকুৰ : মেধিনী ( চিকটা মণ্ডলৰ  মাক)

দেৱজিত শৰ্মা : বানেশ্বৰ (চেনিৰাম মজুমদাৰৰ ঘৰত কাম কৰে কিন্তু দূৰ সম্পৰ্কৰ ভাগিন)

পূৰ্ণময়ী : জেতুকী বাই (অতিথি শিল্পী)

একচন

চিন ১

সুন্দৰপুৰ গাঁৱৰ ধাননি পথাৰ দেখুৱাব কেমেৰাই। আঘোণৰ মাহ। সোণালী ধাননিবোৰে বতাহত হালি জালি থাকিব। এনেতে ধানৰ মাজৰ পৰা এহাল ডেকা গাভৰু দৌৰি ওলাই আহিব হাঁহি হাঁহি, নাচি নাচি। ছোৱালীজনীৰ হাতত ল’ৰাজনে থাপ মাৰি ধৰে।

( এই চৰিত্ৰ দুটা কৰিব দিপাঙ্কৰ চৌধুৰী আৰু নিৰ্মালী বৰমূদৈ। চৰিত্ৰৰ নাম খগেন আৰু তৰা)

খগেনে তৰাৰ হাতত ধৰাৰ লগে লগে ক্ল’জআপত তৰাৰ মুখখন দেখুৱাব। তৰা লাজতে ৰঙা চিঙা পৰিব। আৰু তৰাই ধাননিৰ মাজে মাজে দৌৰিব। লগে লগে এটি গান দুয়োৰে লিপচত দিয়া হ’ব। খগেনে গান আৰম্ভ কৰিব।

“ককাল খামুচিয়া, গাল গুলপীয়া তুমি কোন সৰগৰ পৰী”

লগে লগে তৰাই গাব,

“গাঁৱৰে জিয়ৰী, থাকিবা আঁতৰি চুলে মাৰিব বিজুলী”

দুয়ো ধাননিৰ মাজত থকা আলিত জপিয়াই জপিয়াই নাচিব। গানৰ শেষত খগেন আৰু তৰাই পথাৰৰ মাজত থকা হোলা এটাৰ কাষত বহিব। দুয়ো দুয়োৰে চকুলৈ চাই থাকিব।

ডায়লগ

তৰা : এনেকৈ চায়ে থাকিবানে মোক? কিবা এটাতো কোৱা খগ দা। কিমান দিনৰ মুৰত লগ পাইছোঁ তোমাক।

খগেন : কি ক’ম? তোমাক চাই থাকিবৰে মন গৈছে?

তৰা : তথাপি কিবা এটা কোৱানা? মোৰ যে কিবা এটা শুনিবলৈ মন গৈছে। তৰাই লাজ লাজকৈ ক’ব।

খগেন : তোমাৰ চেহেৰাটো অলপ বেলেগ লাগিছে আজি?

তৰা : বেলেগ লাগিছে?

বুলি কৈ মুখখন ঘূৰাই হিঃ হিঃ কৈ হাঁহি সৰুকৈ কয়,

: বহুত ধুনীয়া লাগিছে চাগৈ মোক!

খগেন : উম, অলপ বেলেগ লাগিছে,

বুলি চাই থাকে তৰাক।

তৰা : হয় ন? মই আমাৰ ঘৰত যে ভাৰা থাকে ববিতা নামৰ মাষ্টৰণীজনী তাইৰ পৰা Joveesৰ মুখত ঘঁহা ফেচপেক, ক্ৰীম আনি সানিছোঁ মুখত।

খগেন : লোকৰ পৰা খুজি আনি ঘঁহিছা? তুমি মোক নক’লা কিয়? মই আনি দিলোঁ হয় চহৰৰ পৰা।

তৰা : খোজা নাই ঔ? ইহ আমি লোকক বস্তু খুজি ধুনীয়া নহওঁ দেই। তাই যে জানা আমাৰ দৰে অলপো মিতব্যয়ী নহয় জানা? পেলাই দিছিল বাহিৰত। আছিলেই এবাৰ মান ঘঁহিব পৰাকৈ পেকেটত। আমাৰ মায়ে দেখা পাই মোক বুটলি আনিবলৈ দিলে। আমাৰ মাকতো জানাই কিমান হিচাবত চলে, কিমান লখিমী তিৰোতা। দেউতাই সেইবাবে মাক মৰমতে লক্ষী ফেঁচা বুলিয়ে মাতে।

খগেন : কি? লক্ষী ফেঁচা?

তৰা : উম। আমাৰ মা ইমান লক্ষী নহয় যে এফোটা নহৰুকে বিশ টুকুৰা কৰি তিনিখন তৰকাৰী বনাব পাৰে। এটা পিয়াজেৰে দুদিন ৰান্ধে আঞ্জা।

খগেনে চৰ্চৰণি খায়।

তৰা : এতিয়া কোৱানা? মোক কিয় ইমান চাই আছা?

খগেন : নহয় মানে তোমাৰ চকু এটা সৰু হৈ আছে মানে কেঁৰা হৈছে।

তৰা : (উচাত মাৰি থিয় হৈ) মই যাওঁ। তুমি মানে মোৰ ৰূপ চোৱা নাছিলা ইমান সময়ে। হুহ্‌।

খগেন : নহয়, কেঁৰা চকুৰে তোমাক বহুত ধুনীয়া লাগিছে সাইলাখ পুৰণি চিনেমাৰ ললিতা পাৱাৰ যেন।

তৰাই হাঁহি মাৰে।

: ললিতা পাৱাৰ মানে মোগল-ই- আজমত থকা ধুনীয়া হিৰোইনজনী ন? মধুবালা বুলিও কয় বহুতে ন?

খগেনে মনে মনে থাকে। তৰাই লাহেকৈ খগেনৰ হাতত ধৰে আৰু খগেন চিঞৰে, “আই ঐ মৰিলোঁঁ” বুলি। তৰা আচৰিত হয় আৰু কয়,

: ইমান লাহেকৈ ধৰিছোঁ হাতখন, দুখ পালানে?

খগেন : নহয় ভৰিত চোৱা! কেঁকোৰাই চেপিছে।

খগেনৰ ভৰিত কেঁকোৰাটো দেখি তৰা জাঁপ মাৰি উঠে আৰু কাৰোবাৰ গাত খুন্দা খায়। ঘূৰি চায় দেখে পিছফালে ল’ৰা এজনে হাঁহি মাৰি থিয় হৈ আছে।

তৰা : তুমি ইয়াত? ৰসো দা।

লগে লগে খগেনেও ঘূৰি চাই আৰু তাৰ মুখখন ক’লা পৰি যায়।

: অঁ মই।

ৰসেশ্বৰে কয়৷ এই চৰিত্ৰটো কৰিব ধূৰ্জ্জটি কাকতিয়ে৷

ৰসেশ্বৰ :  কি ৰে খগেন? কেঁকোৰাকো ভয় কৰ ইমান? চাওঁ দে মই গুছাই দিওঁ।

কেঁকোৰাটো খগেনৰ ভৰিৰ পৰা আঁতৰাই দলিয়াই দিয়ে ৰসেশ্বৰে। লাহেকৈ খগেনৰ কাণৰ কাষত কয়,

: কেনে মজা? কেঁকোৰা চেপন খাই ভাল লাগিছেনে?মোক চাৰিআলিত ৰৈ থাকিব দি তই ইয়াত আহি তৰাৰ লগত প্ৰেম কৰি আছ? নাজান নেকি তৰাক মই কিমান ভাল পাওঁ।

খগেনে ঘোপাকৈ চাই থিয় হয়। তৰাই খগেনৰ ভৰিখন চাবলৈ ওচৰলৈ অহাত ৰসেশ্বৰে মাত লগায়,

ৰসেশ্বৰ : তৰা তোমাক দেউতাই মাতিব পঠাইছে৷

: মোক?

: তেওঁ আহিব ওলাইছিল। মই বাধা দিলোঁ। তোমাক যদি খগেনৰ লগত দেখিলে হয় আজি আধামৰা কৰিলে হয়। সেইবাবে মই আহিলোঁ। ব’লা মোৰ বাইকত উঠা। খগেন তই আহি থাক পিছে পিছে লাহেকৈ।

এইবুলি তৰাক হাতত ধৰি আনি বহিবলৈ দিয়ে বাইকত আৰু লগে লগে বাইক ষ্টাৰ্ট কৰি ধোঁৱা এসোপা খগেনৰ মুখৰ আগত এৰি দি ভৌত কৈ গুছি যায়।

খগেন : ইয়াক চাই ল’ম মই।

আস! বুলি ভৰিখনলৈ চাই লেঙেৰাই লেঙেৰাই যায়।

চিন ২

এখন আহল বহল বাৰী দেখুওৱা হ’ব। এটা আসাম টাইপৰ ঘৰ। সমুখত এচলীয়া চাৰিটা পকা ৰূম। ৰাস্তাৰ পৰাই পিছফালৰ গোহালি, তামোল পাণৰ গছ দেখা যাব। বাইকৰ চকা চলি থকা দেখাব। হঠাত এখন লোহাৰ কলা গেট দেখোৱা হ’ব। তাত “ইয়াত ভাৰা ঘৰ আছে” বুলি লিখা ফলক এখন দেখা যাব। বাইকখন ৰ’ব আৰু বাইকৰ পৰা তৰা নামিব। আৰু ৰসেশ্বৰৰ ফালে চাই হাঁহি মাৰিব।

ডায়লগ

তৰা : ৰসো দা, আঁহা ঘৰলৈ।

ৰসেশ্বৰ : আজি নাযাওঁ দিয়া। পিছত এদিন আহিম।

তৰা : হাৰে, মোক ইমান কষ্ট কৰি দেউতাৰ কথামতে আনিবলৈ গ’লা এতিয়া আকৌ কিয় নাহা?

ৰসেশ্বৰ : না..নাই, আচলতে খুৰাই মতা নাছিল। মইহে আনিবলৈ গৈছিলোঁ তোমাক।

তৰা : হোৱাট? তুমি কিয় গৈছিলানো? ইচ, খগেন দাৰ লগত ভালকৈ কথা পতাই নহ’ল আজি।

তেনেকৈ কোৱা শুনি ৰসেশ্বৰে মুখখন বিকটাই দিব৷

ৰসেশ্বৰ : এক্সুৱেলি…মই যোৱা মাহত মুম্বাইলৈ গৈছিলোঁ নহয়! তাৰপৰা তোমাৰ বাবে এটা ধুনীয়া ফ্ৰক আনিছোঁ। সেইটো দিব খুজিছিলোঁ।

তৰা : সচাঁ! দিয়া তেনেহ’লে। ভালেই হ’ব কালি খগেন দাৰ লগত এঠাইলৈ যাব খুজিছিলোঁ।

ৰসেশ্বৰ : (মনতে কয়, হুহ মই যাবলৈ দিলেহে যাবি খগেনৰ লগত) আজি নহয়, অহাকালি দিবলৈ আহিম। তুমি থাকিবা হাঁ ঘৰত। তোমাৰ মা দেউতাৰ কাৰণেও আনিছোঁতো কিবা।

এনেতে ধনীৰাম বৰুৱা চাইকেলেৰে আহি ওলাই কৰবাৰ পৰা। বাটত দুয়োকে দেখি চাইকেলৰ পৰা নামি সোধে,

ধনীৰাম : এইটো ৰসেশ্বৰ নহয়নে? কেতিয়া আহিলা টাউনৰ পৰা? আৰু তৰা মা তই কি কৰি আছ? হোঁ..ল..বজাৰৰ বেগটো৷ ভিতৰত থৈ আহ।

তৰা সোমাই যাই বেগটো লৈ। ৰসেশ্বৰে তৰা যোৱাৰ ফালে চাই উত্তৰ দিয়ে,

ৰসেশ্বৰ : যোৱাকালি খুৰা। আপোনালোকৰ বাটত এইক দেখি মাত লগালোঁ। পিচে বজাৰ কৰিলে চাগৈ খুৰা?

ধনীৰাম : এহ্‌ নক’বা বুইছা! মোৰ লক্ষী ফেঁচাজনীয়ে বৰকৈ মাছ খাম কৈ আছিল দুদিন মানৰ পৰা। আজি সেইবাবে কেইবাবিধো মাছ লৈ আহিলোঁ। বোলো খা বনাই ইমান মন গৈছে যেতিয়া।

ৰসেশ্বৰ : লক্ষী ফেঁচা? আপুনি ফেঁচা পুহিছে নেকি ঘৰত? আৰু মাছ খোৱা ফেঁচাৰ কথা আজিহে শুনিলোঁ।

ধনীৰাম : হেঃ হেঃ! মানে ফেঁচা নহয় ফেঁচীহে তাকো কথা কোৱা। মানে মোৰ লখিমী পত্নীৰ কথাহে কৈছোঁ।

ৰসেশ্বৰ : মানুহ মাৰিবহে খুৰা? পিচে কেইবাবিধো মাছ আনিছে? বাঃ খুৰা। কিমান কিলোকৈ?

ধনীৰাম : আনিছোঁ দিয়া। জানাই নহয় মই কিমান মিতব্যয়ী পিচে মোতকৈ মোৰ মানুহজনী আৰু হিচাবী। তেওঁৰ হিচাব মতেই আনিছোঁ। এক টুকুৰা ইফাল সিফাল হ’লে এওঁ হাল্লা লগাব।

ৰসেশ্বৰ : খুৰীয়ে ইমান হিচাব কৰে। কি কি মাছ আনিলেনো?

ধনীৰাম : ও আমাৰ এওঁ বৰ লক্ষী। বিৰাট হিচাবত চলে আৰু মোৰ পৰাই পাইছে এই গুণটো। মই যধে মধে খৰচ কৰা মানুহ বেয়া পাওঁ বুছিছা?

ৰসেশ্বৰ : হয় খুৰা, মানুহ হিচাবী হ’ব লাগে?

ধনীৰাম : মই হিচাব কৰি মিছা মাছ দহটা, মোৱা মাছ পচিশ গ্ৰাম, ৰৌ মাছৰ পেটি দুটুকুৰাৰ আঠপিচ কৰি আৰু বাহু মাছৰ…..

ৰসেশ্বৰ : হ’ব খুৰা। আপুনি ইমান সোপা মাছ আনিছে মোৰ লোভেই লাগি গ’ল। অলপ বেছিয়ে খৰচ কৰিলে নেকি আজি?

ধনীৰাম : আহা খাই যাবা এসাঁজ নিজৰ বুলি দকচি।

ৰসেশ্বৰ : আজি নাযাওঁ দিয়ক। কালি আহিম বুলি তৰাক কৈছোৱেই। তৰা..কালি ঘৰতে থাকিবা। ক’তো নাযাবা, মই আহিম তোমালোকৰ গিফ্ট লৈ।

ধনীৰাম : কি গিফ্ট হে? বুলি কৈ হাঁহে।

ৰসেশ্বৰ : হেঃ হেঃ কালি দেখা পাব খুৰা। আজিলৈ যাওঁ দিয়ক।

ৰসেশ্বৰে বাইক ষ্টাৰ্ট দি যায়…

ধনীৰাম বৰুৱাই কয়,

: ভালেই হ’ল আজি নাহিল। চাহকাপ বাচি গ’ল। কালি চাহৰ সলনি গিফ্ট পাম।

ৰসেশ্বৰক বাইক চলোৱা দেখাব। ৰসেশ্বৰে ডায়লগ দিব…

: আবে কি কঞ্জুচ বুঢ়া বে। দহটা মিছা মাছ কিনি আনিছে, দুইপিচ ৰৌ মাছ আঠপিছ কৰিছে। আৰু বুঢ়াৰ লক্ষী ফেঁচাজনীও আই মীন বুঢ়ীও কম বস্তু নহয় দেই; মোৰ ফাদাৰৰ লগত পুৰা মিলিব। যি দেখিছোঁ বুঢ়াৰ ইচটাইলতে বুঢ়ীকো পটাব লাগিব জীয়েকৰ কাৰণে।

তাৰপিছত সুহুৰিয়াই যোৱা দেখাব ৰসেশ্বৰক।

চিন ৩

এটা ডাঙৰ ফিচাৰী দেখা যাব। পাৰত এজন মানুহে মাছ এসোপা লৈ এজন ল’ৰাক আঙুলিৰে হিচাব দি কিবা কিবি বুজাই থাকিব। ল’ৰাজনে তলমূৰকৈ মূৰটো জোকাৰি শুনি থাকিব। লাহে লাহে কেমেৰা আগবাঢ়ি যাব আৰু ক্ল’জআপত এজন প্ৰায় পঞ্চাশৰ ওচৰা ওচৰি বয়সৰ মানুহক দেখুৱাব। পিন্ধনত টেৰিলিন কাপোৰৰ এটা ফিৰফিৰিয়া চাৰ্ট আৰু কটনৰ লংপেণ্ট, ভৰিত ক্ষয় যোৱা চামৰাৰ চেণ্ডেল। চুলিখিনি তেল দি ফণীয়াই থোৱা। মুখত জৰ্দাপান (এই চৰিত্ৰটো কৰিব ৰিণ্টুমণি দত্তই, নাম চেনিৰাম মজুমদাৰ)। তেওঁৰ সমুখত থকা ল’ৰাটোৰ পিন্ধনত এটা ৰঙা হাফপেণ্ট আৰু এটা নীলা গেঞ্জী। চুলিখিনিত জেপজেপীয়াকৈ তেল সানি দীঘলকৈ সেওঁতা ফালি আচুৰি থোৱা (এই চৰিত্ৰটো কৰিব দেৱজিত শৰ্মাই, নাম বানেশ্বৰ)

চেনিৰাম মজুমদাৰ : বুজিছ বানেশ্বৰ! মাছবোৰৰ যাতে এটাও কম বেছ নকৰ? এটা মাছো ওজনতকৈ বেছি নিদিবি। বেপাৰীবোৰ বৰ বদমাছ। ওজনত বদমাছি কৰি কিন্তু চাৰি পাঁচটা মাছ বেছিকে উঠাই লয়। খেয়াল ৰাখিবি।

বানেশ্বৰ : মোমাই আপুনি চিন্তা নকৰিব। মই পুৰা খেয়াল ৰাখিম। কিন্তু এই অকনমাণি মোৱামাছ কেইটাত দুই চাৰিটা বেছিতো উঠিবই নহ? কেনেকৈনো গম পাম হয়নে? তাতকৈ ডাঙৰ মাছকে দিওঁ বেপাৰীক?

চে.মজুমদাৰ : নালাগে নালাগে। ডাঙৰ মাছবোৰ মই আমাৰ আইজনী কোমোৰাৰ বিয়াৰ বাবে ৰাখিছোঁ। তাইৰ বিয়ালৈ লাগিব নহয়। আৰু তোৰো বিয়ালৈ থৈছোঁ আধা মাছ। হেঃ হেঃ হেঃ!

বানেশ্বৰ : হ’ব মোমাই, মোৰ বিয়াত মাছ নুখুৱালেও হ’ব ৰাইজক। আপোনাৰ ভণীৰ বিয়াতে খুৱাব৷

চে.মজুমদাৰ : এহ..তোৰ মুখখন বৰ চোকা দেই। হাজাৰ হওক ঘৰৰ ল’ৰা বুলি তোৰ বিয়াতো মাছ খুৱাব বিচাৰিছিলোঁঁ৷ পুঠী দুটামান।

এনেতে বানেশ্বৰৰ পিছফালে কিবা দুটামান আহি থকা দেখুৱাই৷ চেনিৰামে বানেশ্বৰক আঙুলিয়াই দিয়ে৷

বানেশ্বৰ : ঔ মা! আঙুলিচেপা, মাৰিলে ঔ৷

চেনিৰাম : ধেই, কেঁকোৰাকেইটাকো ভয় কৰ নে? ভালেই হ’ল এইকেইটাও বেপাৰীক দিবি। পুৰা দাম ল’বি।

বানেশ্বৰ : কেঁকোৰাকেইটাও বেচিব আপুনি?

চেনিৰামে অঁঁ বুলি কৈ ঘৰলৈ উভতি যায়। কেমেৰাই এইবাৰ ক্ল’জআপত বানেশ্বৰক দেখাব। বানেশ্বৰৰ চকুকেইটা ডাঙৰ হৈ যাই আৰু মুখখন বিকটাই দিয়ে। দায়লগ দিয়ে…

বানেশ্বৰ : এনেকুৱা চিকটা মানুহ দেখা নাই মই পৃথিৱীত। দূৰ সম্পৰ্কীয় মোমাই হ’ল কি হ’ল? ইহ, মাছ খুৱাব আহে মোৰ বিয়াত! ভনীয়েকৰ বিয়াত। হেৰৌ মিৰিকা মাছকেইটা আৰু জাপানী কাৱৈকেইটা ভণীয়েৰৰ বিয়াতে খুৱাবি। মোৰ বিয়াত নালাগে। চিকৌ কটা। কেঁকোৰাকেইটাও নেৰে হেৰৌ। আকৌ মোৱা মাছ যদি চাৰি পাঁচটা উঠে ওজনত বেছিকৈ সেইকেইটাও ৰাখিবলৈ দিছে। ইফালে বেপাৰী সোপাই কোনেও নলয় চিকটা মোমাইৰ মাছ। লাভেই নহয় সিহঁতৰ। মই বেচিব লগাত পৰে। নাথাকোঁ মই এইখন ঘৰত।

কেমেৰাই আনফালে চেনিৰাম মজুমদাৰৰ ঘৰৰ বাৰাণ্ডা খন দেখুৱায়। বাৰাণ্ডাত চেনিৰামে বহী এখনত হিচাব লিখি থাকিব। এনেতে ভিতৰৰ পৰা চেলোৱাৰ কামিজ পিন্ধা কম বয়সীয়া তিৰোতা এগৰাকী ওলাই আহিব। হাতত চাহ একাপ আৰু বিস্কুটৰ টেমা এটা লৈ আৰু চেনিৰামক চাহৰ লগতে টেমাৰ পৰা বিস্কুট এখন উলিয়াই ভাঙি আধা দিব। লগতে  চেনিৰামে লগে লগে মিচিকিয়া হাঁহি এটি মাৰি চাহকাপ ল’ব আৰু তিৰোতা গৰাকীলৈ চাই ক’ব ” আহা মোৰ ভেলেঙী জনী ও নহয় মাধুৰী দিক্ষিত” লগে লগে তাই হাঁহি মাৰি দিব( এই চৰিত্ৰটো কৰিব ৰিমজিম বৰঠাকুৰে)।

চেনিৰাম : চাহত চেনি বেছিকৈ দিলা নেকি জান?

ভেলেঙী : নাই দিয়া। মই গণি গণি ১৫ টা চেনিৰ দানা দিছোঁ জান।

চেনি : ও কিন্তু মিঠা বেছি হৈছে আজি।

এনেতে ভিতৰৰ পৰা মাত এটি আহে,

: দাদা মাটিত চাৰিটা চেনিৰ দানা পৰি আছিল। মই সেইকেইটা দি দিছোঁ চাহত৷

 ডায়লগৰ লগে লগে স্কাৰ্ট টপ পিন্ধা ছোৱালী এজনী  ওলাই আহে। ছোৱালী জনীৰ হাতত চেনিৰ টেমা এটা। কেমেৰাত মুখখন দেখুৱাই শকত হ’লেও দেখিবলৈ ধুনীয়া ছো‍ৱালীজনী (এই চৰিত্ৰটো কৰিব ৰাজশ্ৰী শৰ্মাই)।

ডায়লগ

ৰাজশ্ৰী : দাদা মাটিত দহটা চেনিৰ দানা পৰি আছিল। বৌৱে নাচালেই। মই দেখি ছয়টা দানা টেমাত ভৰালোঁ আৰু চাৰিটা তোৰ চাহত দিলোঁ।

চেনিৰাম : বাহ!  আমাৰ কোমোৰা বৰ হিচাবী হ’ল দেই।

ৰাজশ্ৰী : উম দাদা। মোৰ নাম কোমোৰা নেকি? টিপচিহে।

চেনিৰামে হাঁহি মাৰি কয়,

: হাঃ হাঃ তোক মৰমতে কোমোৰা মাতোঁও। হেৰা ভেলেঙী দেখিছা আমাৰ কোমোৰা কিমান হিচাবী। তুমিও শিকিবা অলপ। বৰ খৰচি তুমি।

ভেলেঙীয়ে কোমোৰাক চাই মুখ বেকেতাই দিয়ে আৰু কোমোৰায়ো জিভা উলিয়াই চকু ভেলটাই দিয়ে বৌৱেকক।

ভেলেঙী : মই বিচাৰিছিলোঁ। আন্ধাৰতে দেখা নাপালোঁ কিন্তু দহটা চেনিৰ দানা সোমাই থৈছোঁঁ টেমাত। এইকেইটা দানা এই কোমোৰাই পেলাইছে চাগৈ সেইবাবে তাই বিচাৰি পাইছে।

কোমোৰাই খেদি আহে বৌৱেকক….

কোমোৰা : বৌ এনেই এনেই নক’বা দেই কথা। মই পেলোৱা নাই চেনি। মোৰ দৰে হিচাবী কোনো নাই বুজিলা?

ভেলেঙী : হ’ব মোক ক’ব নালাগে কিমান হিচাবী তুমি? মোৰ মুখ নুখুলিবা কৈ দিছোঁ।

কোমোৰাই বৌ বেছি নকৰিবা বুলি বৌৱেকৰ ওচৰলৈ আহে আৰু চেনিৰামে দুয়োকে ভিতৰত যাবলৈ কয়।
দূৰৰ পৰা বানেশ্বৰে চাই থাকে আৰু দায়লগ দিয়ে,

: কি কৃপণ অ এইঘৰ? হৰি কাৰ পাল্লাত পৰিলোঁ অ’।
লাহে লাহে বানেশ্বৰে চাইকেলখন ঠেলি বজাৰলৈ আগবাঢ়ে।

চিন ৪

ধনীৰাম বৰুৱাৰ দ্ৰয়িং ৰূম। তৰাই গুণগুণাই চোফাৰ ধূলি জোকাৰি সৰু গাৰুকেইটা সজাই আছে। এপাকত টেবুলত থকা ফুলদানিটোত চোতালত থকা ফুল কেইজোপাৰ পৰা চিঙি অনা ফুল কেইপাহ সজালে। এনেতে ককায়েক বলৰাম সোমাই আহে (এই চৰিত্ৰটো কৰিব নয়নমণি হালৈ) আৰু চোফাত আহি ধুপুচকৈ বহে। কাণত তাৰ হেডফোন আৰু পেণ্টৰ জেপত মোবাইল। কথা পাতি পাতি সি ভৰি দুখন চেণ্টাৰ টেবুলৰ ওপৰত তুলি দিয়ে। তৰাৰ খং উঠে আৰু ককায়েকক নমাবলৈ কয় কিন্তু বলৰামৰ খবৰে নাই আৰু সি কথা পতাতে ব্যস্ত থাকে।

ডায়লগ

তৰা : দাদা ভৰি নমা টেবুলৰ পৰা ভালে ভালে। আৰু উঠ চোফাৰ পৰা। তোৰ কাৰণে মই সজাই থোৱা নাই দ্ৰয়িং ৰূম।

বলৰামে তৰাৰ কথা শুনা নাপাই আৰু ফোনতে বিজি হৈ থাকে।

বলৰাম : উ.. উ..। ৱাও, তই তাইৰ নামটো গম পালি নেকি? কি নাম ক না ভাই সোনকালে। তাইক দেখাৰ দিনাৰ পৰাই ভাতেই যোৱা নাই পেটত।

তৰাই ভ্ৰু কোচাই চাই থাকে আৰু এপাকত দাদাকৰ কাণৰ পৰা হেডফোন ডাল টানি দিয়ে।

বলৰাম : এক থাপ্পৰ দিম ভণ্টি। দেখা নাই মই কথা পাতি আছোঁ।

তৰা: দেখাও পাইছোঁ আৰু শুনাও পাইছোঁ। কিন্তু আলহী আহিব অলপ পিছত আৰু সেইকাৰণে মই ৰূম চাফা কৰিছোঁ৷

বলৰাম : বৰ চাফা কৰাজনী ওলাইছে এনেই। অইন দিনা তাই জাৰু হাতত নলয়ে আৰু আজি দেখাইছে চাফা কৰাটো। কোন ভি.আই.পিজন আহিবনো? তোৰ সেই লাইন মৰা ৰমেন দা টাইপৰ কোনোবা আহিব চাগৈ।

তৰা : দাদা ভালকে কথা ক’বি। কাক লাইন মৰাৰ কথা কৈছ? তোৰ নিচিনা পাইছ ছোৱালী দেখিলেই পিছত পৰা বুলি?

বলৰাম : ভালকৈ কথা ক’বি? কাক ছোৱালীৰ পিছত পৰা বুলি কৈছ তই?

তৰা : তোক কৈছোঁ? তইহে ৰমেন দা। তইহে জহাই ফুৰ নিজকে। কিন্তু কৃপণ দেউতা মাৰ পাল্লাত পৰি ফুচ মাৰ! পাম যোৱা বেলুনটো হৈ। হাঃ হাঃ হাঃ …

বলৰামে ভণ্টি তোক বুলি কৈ চুলি টানে তৰাৰ।

তৰা : আস…দুখ পাইছোঁ এৰ মোক…মা ও মা। দাদাক চাচোন? মোক মাৰিছে কেনেকৈ৷

তেনেতে ভিতৰৰ পৰা সুগোল চেহেৰাৰ বগা ধুনীয়াকৈ তিৰোতা এজনী ওলাই আহিব গামোছাৰে হাত মচি। পিন্ধনত হাত চুটি ফুলাম মেক্সী এটা আৰু কান্ধত এখন গামোছা আৰু সেইখনেৰে হাত মচি থাকে। (এই চৰিত্ৰটো কৰিব নীলাক্ষি কাকতিয়ে, নাম লক্ষী)

লক্ষী : কি হৈছে তহঁতৰ হাঁ? লাজ নালাগে দুয়োৰে। ইমান ডাঙৰ হৈছ আৰু যুঁজিবলৈ নেৰ? ইমান চিঞৰিছ? নাজান বেছিকৈ চিঞৰিলে এনাৰ্জি নষ্ট হয়।

তৰা : চিঞৰিলে এনাৰ্জি নষ্ট হয় নেকি? তোমাৰো যে কথা মা।

লক্ষী : হয়তো? তেতিয়া শক্তি আনিবলৈ যে পানী খাব লাগিব, চৰ্বট খাব লাগিব। কিমান খৰচ হ’ব জাননে?

বলৰাম : মাৰ কথা শিলৰ ৰেখা। মায়ে কৈছে মানে হয়েই। ন মা?

এইবুলি মাকক সাৱটি ধৰে আৰু লাহেকৈ কাণৰ কাষত মাকক কয়,

: এশ টকা দেনা মোক?

এশ টকাৰ কথা শুনি লক্ষী বৰুৱাই জাঁপ মাৰি উঠে। আৰু কয়,

লক্ষী : ও মা ইমান পইচা কি কৰ তই? জাননে এশ টকা জমাবলৈ মই কিমান কষ্ট কৰোঁ?

বলৰাম : আজিকালি এশ টকা দহ টকাৰ সমানহে। ইমান চক খাব নালাগে চিপিৰিজনী।

লক্ষী : থাপ্পৰ দিম মায়েৰক চিপিৰি ক’ব আহ। তহঁতৰ দেউতাৰে কিমান কষ্ট কৰে ঘৰ চলাবলৈ। মোক ভাগ্য কৰি পাইছে বাবেহে ঘৰ, ভঁৰাল ভৰাই ৰাখিছোঁ।

বলৰাম : তই যিমান চিপিৰি আমাৰ সিমান আকাল নহয় দে।

লক্ষী : মানুহে আকাল হ’লেহে চিপিৰা হয় নেকি? আৰু মই চিপিৰি নহয় হিচাবীহে বুইছ? এতিয়া যা। দোকানৰ পৰা পাঁচ টকাৰ চেনি আৰু এটকাৰ মিঠি গুটি লৈ আহ। সেইদিনা বিয়া এখনৰ পৰা চফ গুটি আনিছোঁ আৰু ববিতা মাষ্টৰণীয়ে চাটনি বনাবলৈ সৰিয়হ দিছিল তাৰে ৰাখিছোঁ দুটামান মিহলাই দি পাঁচফোৰণ বনাম।

বলৰাম : নাযাওঁ মই পাঁচ টকাৰ চেনি আনিবলৈ। পাঁচ টকাত কিমান চেনি পামনো? কোনোবা ছোৱালী দোকানত থাকিলে ইমান লাজ পাওঁ। কিমান চাগৈ কৃপণ বুলি ভাবে মোক?

লক্ষী : তই দোকানত বস্তু আনিব যাৱনে ছোৱালী চাবলৈ যাৱ। আৰু চেনি কিয় বেছিকৈ আনিব লাগে। এতিয়া আলহী হৈ আহিব নহয় খগেন আৰু ৰসেশ্বৰ। সিহঁতে ৰসগোল্লা নানিব নেকি কিবা? তাৰে ৰসখিনি থৈ দিলে এসপ্তাহ চাহ খাব পাৰিম। এতিয়া ভালে ভালে যা হেতাৰ কোব নাখাওঁতে।

বলৰাম আৰু মাকে তৰ্ক কৰি থাকে আৰু। তৰাই কয়,

তৰা : তোমালোকে ভিতৰত কথা পাতাগৈ। খগেন দা আৰু ৰসেশ্বৰ দা আহিব এতিয়া।

তেনেতে ধনীৰাম বৰুৱা আহে আৰু চাইকেলৰ পৰা তেজপাত এমুঠি ঘৈণীয়েকক দিয়ে।

লক্ষী : কিয় আনিলানো তেজপাত। পইচাকেইটা এনেই খেদালা?

তৰা : তেজপাতত ইমান পইচা খৰচ নহয় মা।

ধনীৰাম : এহ একো নহয় দিয়া। মই দোকানিক পুৰা পইচা দিয়া নাই নহয়! পোকে খোৱা পাত বুলি দাম কমাইছোঁ। দুটকা দিছোঁ।

লক্ষী : ইহ….দুটকাটো এনেই আহিছেনে কিবা? মই তেজপাতবোৰ ডালিত দিয়াৰ পিছত খোৱাৰ আগে আগে ডালিৰ পৰা নমাই ধুই থৈ দিওঁ আৰু পিছদিনা দিওঁ আঞ্জাত।

মাকৰ কথা শুনি বলৰামে “কৃপণৰো সীমা আছে দে” কৈ কৈ ওলাই যায়।

চিন ৫

বজাৰৰ ভীৰ। বানেশ্বৰে মাছ বেচা পোহাৰী বাইজনীৰ লগত দৰদাম কৰি আছে (এই ৰ’লটো কৰিব পূৰ্ণময়ী মেধিয়ে নাম জেতুকী বাই) কেঁকোৰাকেইটা ৰাখিব নিবিচাৰে আৰু সি জোৰকৈ দিব খোজে।

জেতুকী বাই : কেঁকোৰা কিয় ল’মনো মই? মোক মাছহে লাগে। কেঁকোৰা নেবেচোঁ মই।

বানেশ্বৰ : মাছ ল’লে কেঁকোৰাকেইটাও ল’ব লাগিব। আমাৰ নিয়মে এইটো৷ আৰু মোৱা মাছ নটা বেছি উঠিছে ঘূৰাই দে যদি কেঁকোৰা নলৱ?

জেতুকী বাই : কি ৰে জবৰদস্তি নেকি? মোক মাছ বেচা পোহাৰী বুলি ভাইবছা নিকি? এটু মোৰ চাইদ বিজনেচ হে। মোৰ বিউতি পাৰ্লাৰো আছে। দেখা নাই মাছৰ দকানখান মোৰ এ.চি. লগৱা আছে। আৰু ক্যা দিম মোৱা মাছ নটা! সিদনাখান তোৰ মালিকে মোক এক টকাতু ঘুৰে দিছি নিকি কিবা?

বানেশ্বৰ : বাই মোৰ খং নুঠাবি। কেঁকোৰা নল’লে মাছো নাপাৱ! তোৰ কাৰণে মই মালিকৰ গালি শুনিব নোৱাৰোঁ।

জেতুকী বাই : যি কৰা কৰি থাক! হ তোৰ মাছৰ পইচা আৰু যাহ এৰে পাই। আৰু কেঁকোৰা গেটা নি এৰে পাই।

বানেশ্বৰে সেমেনা সেমেনা কৰি কেঁকোৰাকেইটা চাই থাকে। তেনেতে এজন ধুতি পিন্ধা ওখ ক্ষীণ মানুহ আহে পুৰণি বাজাজ চুপাৰ স্কুটাৰত আৰু বানেশ্বৰৰ কাষত ৰখে। (এই ৰ’লটো কৰিব অভিজিত কলিতাই নাম মেধি মণ্ডল)

মেধি : কি ঐ বানেশ্বৰ! মাছ দিলি বেপাৰীক? আৰু সৌ কেইটা কি টেমাটোত?

 বানেশ্বৰ : কেঁকোৰা৷

 মেধি : কি? কেঁকোৰা কি কৰিবলৈ আনিছ?

বানেশ্বৰ : এহ নক’ব আৰু খুৰা। আমাৰ সেই বেটাৰী চেপা মোমাই মানে মালিকে মাছৰ লগত অহা কেঁকোৰাকেইটাও বেপাৰীক দিব দিছে আৰু বেপাৰীয়ে নাৰাখে কেঁকোৰাকেইটা।

মেধিয়ে কেঁকোৰাকেইটালৈ চাই কেঁৰাকৈ আৰু বেকাকে হাঁহি মাৰি কয়…

মেধি : এইকেইটা কেঁকোৰা বাংলাদেশী আছে সেইবাবে লোৱা নাই বেপাৰীয়ে। কোনোবাই গম পালে দিগদাৰ হ’ব। মোক দে পেলাই দিম আমাৰ ওচৰৰ খালত।

বানেশ্বৰে আচৰিত হৈ যায়। কিবা ভাবি দিয়ে কেঁকোৰাকেইটা আৰু মেধিয়ে লৈ যায় দৌৰা দৌৰিকৈ।
কেমেৰাই এটা আসাম টাইপ ঘৰ দেখুৱাব। বাৰাণ্ডাখনত অলপ বয়সীয়া তিৰোতা এগৰাকী বহি থাকিব। কিবা ভাবত বিভোৰ (এই ৰ’লটো কৰিব প্ৰণীতা গোস্বামী বৰঠাকুৰে) এনেতে স্কুটাৰৰ মাত শুনি থিয় হয়। পুতেক মেধি মণ্ডলে মা আহ বুলি বেগটো হাতত লৈ ভিতৰলৈ যায়। পিছে পিছে মাক মেধিনী যায়। ভিতৰত মাকে বেগটোৰ পৰা বস্তুবোৰ উলিয়াই আৰু কেঁকোৰা এটাই চেপা মাৰি ধৰাত “আঐ মা মৰিলোঁঁ” বুলি চিঞৰে; আনটো ৰূমৰ পৰা “কি হ’ল আইতা” বুলি ৰসেশ্বৰ দৌৰি আহে। মেধিও কি হ’ল মা বুলি আহে। ৰসেশ্বৰে আইতাকৰ হাতৰ পৰা কেঁকোৰাটো গুছাই দিয়ে৷

মেধিনী : কেঁকোৰা ক’ৰ পৰা আহিল?

ৰসেশ্বৰ : তাকেতো। মাছৰ লগতে আছিল নেকি আইতা। চাওঁ ৰ’বা ভালকৈ৷

বেগত চাই ৰসেশ্বৰে মাছ নাপাই আইতাকক মাছ নাই বুলি কয়।

মেধি মণ্ডল : মাছ অনা নাই নহয় মা। মই কেঁকোৰাহে আনিলোঁ। মানে ফিৰিতে পালোঁ যে? হাঁহি মাৰি কয়৷

মেধিনী : কি? মাউৰত মৰাটো। মাছ নানি কেঁকোৰা আনিছ ফিৰিতে পাই? হেৰৌ কৃপণৰো সীমা আছে। কোনে খাব সেইসোপা?

মেধি মণ্ডল : ইহ… কেঁকোৰাত বেছিহে ভিটামিন থাকে। চাওঁ মোক দিয়া। ভালকৈ চাফা কৰি জুইত পুৰি তাৰপিছত আদা, নহৰু, জলকীয়া দি পিচি চাটনি বনাই খাম। ইচ কি মজা লাগিব।

মেধিনী : তইয়ে খা খকুৱা। ভাবিছিলোঁ নাতি ল’ৰাটো আহিছে ইমান দিনৰ মূৰত ভালকৈ খাম এসাঁজ মাছেৰে। সি বাপেকটোৱে আনিছে কেঁকোৰা। এনেই চিকটা মণ্ডল বুলি তোক নকয় মানুহে! তোৰ চিকটামিৰ বাবে তোৰ ঘৈণীয়েৰো গুছি গৈছে মাকৰ ঘৰলৈ। হুহ…

এনেতে ৰসেশ্বৰে দায়লগ দিব,

: দেউতা এটা কেঁকোৰা দিবাচোন মোক।

মেধি মণ্ডল : কি কৰিবি?

ৰসেশ্বৰে হাঁহি মাৰি ক’ব কাম আছে।

চিন ৬

ৰসেশ্বৰ বহি থাকিব তৰাহঁতৰ দ্ৰয়িং ৰূমত। কাষত মাক লক্ষী আৰু বাপেক ধনীৰাম। তৰাই খিৰিকীৰে বাহিৰলৈ চাই থাকিব। ৰসেশ্বৰে লক্ষ্য কৰিব আৰু কি হ’ল বুলি সুধিব। তৰাই মূৰ জোকাৰি একো নাই বুলি ক’ব। ৰসেশ্বৰে অনা উপহাৰবোৰৰ পৰা প্ৰথমতে মাক লক্ষীক দিব। মাকে নালাগে বুলি কৈ হাতখন পাতে।

ডায়লগ

লক্ষী : তুমি আমাৰ সকলোৰে বাবে কিয় প্ৰেজেণ্ট আনিলানো? নিদিলেও হয়৷

বুলি থাপ মাৰি লয় পেকেটটো। ধনীৰাম বৰুৱাই নিজে পেকেটটো আনি এইটো মোৰেই চাগৈ বুলি কয়৷ ৰসেশ্বৰে তৰাক ফ্ৰকটো দিয়ে আৰু তাইক পিন্ধি দেখুৱাবলৈ দিয়ে। ৰসেশ্বৰে তৰাৰ বিয়াৰ কথা সোধে ইনদাইৰেক্টলি কেতিয়ালৈ হ’ব। আৰু মাকে লগে লগে কয় যে বলৰামৰ বিয়াহে পাতিম আগতে।

ৰসেশ্বৰ : আগতে ছোৱালী বিয়াহে দিব লাগে।

লক্ষী : সেইটো হয় কিন্তু তৰাক বিয়া দিলে খালী হৈ যাব ঘৰখন গতিকে আগতে বোৱাৰী আনিম।

ধনীৰাম : আমি চাই আছোঁ ছোৱালী কিন্তু আমাৰ এওঁৰ দৰে মিতব্যয়ী ছোৱালী পোৱা নাই। এঘৰলৈ গ’লোঁ ছোৱালীজনীয়ে পুৰী, মিঠাই, বিস্কুট, ভুজিয়া এসোপাৰে চাহ দিছে জানানে? মোৰ প্ৰেচাৰ বাঢ়ি গৈছিল।

লক্ষী : এওঁৰ মাথা ঘূৰি গৈছিল ভৱিষ্যতৰ কথা ভাবি। হাৰে এনেকৈ যদি আলহীক দিয়াৰ দৰে আমাৰ ঘৰৰ মানুহকো সদায় ৰান্ধি খুৱাই আমি দেউলীয়া নহ’ম নে? তাতে আমাৰ ই মানে বলৰাম যি খৰচি। গতিকে কেঞ্চেল কৰিলোঁ বুইছা।

ৰসেশ্বৰে পেটে পেটে ভাবে ভগৱান কি চিকটা অ’!

হেঃ হেঃ কৈ হাঁহি মাৰি ৰসেশ্বৰে কয়,

: সেইকাৰণে খুৰী মই আপোনালোকৈ তিনিটা ৰসগোল্লা দুফালকৈ ছয় টুকুৰা কৰি আনিছোঁ। মানুহ মিতব্যয়ী হ’ব লাগে ন?

বৰুৱা বৰুৱানীয়ে একো নকয়। এনেতে বাহিৰৰ পৰা কোনোবাই ‘বৌ’ বুলি মাতে আৰু সোমাই আহে। তৰাৰ মাকে,

: কোননো? ও ববিতা৷

ৰ’লটো কৰিব চবিনা ইয়াছমিনে৷

সোমাই আহা বুলি কয়। ববিতা সোমাই আহে আৰু ববিতাক দেখি ধনীৰাম বৰুৱাই মিচিকিয়া হাঁহি মাৰি কয় আহা বহা। ঘৈণীয়েকে কেঁৰাকৈ চাই বৰুৱাক কিলাকুটিৰে খুন্দিয়াই দিয়ে। ববিতাৰ চকুত পৰে আৰু লাহেকৈ হাঁহি মাৰি বৰুৱাৰ কাষতে বহে। ঘৈণীয়েক লক্ষীয়ে চাই থাকে আৰু বৰুৱা গহীন হৈ থাকে।

ডায়লগ

ববিতা : বৌ, মই চাগৈ দিষ্টাৰ্ব দিলোঁ ন? আলহী আহিছে। কাম এটাৰ বাবেহে আহিছিলোঁ।

লক্ষী : একো নহয় ববিতা, কোৱাচোন কিয় আহিলা? এওঁ মানে আমাৰ ঘৰৰে। আলহী নহয়। ৰ’বা মিঠাই খোৱা এওঁ আনিছে।

তৰাৰ মাকে এফাল মিঠাই মাজতে কাটি দুটুকুৰা কৰি একটুকুৰ দিয়ে। ববিতাই মুখখন বেকা কৰি খাই।

ধনীৰাম : আৰু এটুকুৰা দিয়া।

ঘৈণীয়েকে মুখখন ক’লা কৰি দিয়ে এটুকুৰা আৰু কি কামত আহিছিল সোধে।

ববিতা : বৌ মই কেইদিন মানৰ বাবে ঘৰলৈ যাম। মোৰ দৰা আহিব চাবলৈ বুলি লাজ কৰি কয়।

ধনীৰাম : কি? তাৰমানে তুমি বিয়া হৈ যাবা?

লগে লগে ঘৈণীয়েকে কয়,

: ছোৱালী মানুহ যেতিয়া দৰা আহিলে বিয়া হ’বই। আপোনাৰ ঘৰতে সদায় ভাৰাতীয়া হৈ থাকিবনে কিবা?

ধনীৰাম বৰুৱাই বুজি পাই ঘৈণীয়েকৰ কথা মনে মনে থাকে। ববিতাই হাঁহি মাৰি ‘যাওঁ’ বুলি ওলাই যায়। ইফালে তৰাৰ মুখ ফুলি থাকে। ৰসেশ্বৰে ভাবে সকলোকে চাই কি মানুহ ঔ। এহ মোৰ কি আহে! জীয়েক পটিলে হ’ল। এনেতে খগেন সোমাই আহিব লেঙেৰাই লেঙেৰাই। ভৰিৰ পতাত বেণ্ডেজ বন্ধা থাকে। খগেন বহিব। ডাঙৰ মিঠাইৰ টোপোলা এটা দিয়ে বৰুৱানীৰ হাতত। বৰুৱা বৰুৱানী দুয়োৰে চকুলৈ চাই কিবা ঈঙ্গিত দিয়ে। ধনীৰাম বৰুৱাই সোধে আৰু খগেনে কেঁকোৰাই চেপা বুলি কয়। তৰাই দুখ কৰে।

তেনেতে ক্ল’জআপত ৰসেশ্বৰৰ মুখখন দেখাব আৰু ফ্লেচবেকত বাপেকৰ পৰা লোৱা কেঁকোৰাটো আৰু এবাৰ বৰ্তমানত ৰসেশ্বৰৰ মুখখন দেখাব।

 চিন ৭

মেধি মণ্ডলৰ ঘৰ। বহা কোঠাত ধনীৰাম বৰুৱা আৰু লক্ষী বৰুৱা বহি থাকে। মেধিৰ মাক মেধিনীয়ে তামোল কাটি থাকে। মাকে ডাঙৰকৈ তামোল খনিয়াব বুলি জানি মেধিয়ে পটকৈ মোক দে বুলি তামোল কটাৰী হাতত লয়। মাকে পুতেকৰ মনৰ কথা বুজিব পাৰি হুহ বুলি উঠে আৰু কয়…

 মেধিনী : আপোনালোক বহক। মই চাহ আনো৷

লগে লগে মেধিয়ে কয় : চাহটো চাগৈ লাল চাহেই খাব ন বৰুৱা। মা লাল চাহ বনাগৈ।

ধনীৰাম বৰুৱা : আমি বেলেগৰ ঘৰত গাখীৰ দিয়া চাহ খাওঁ। বেয়া নাপাওঁ।

লক্ষী : হ’ব খুৰী। লাল চাহে বনাওক। বৰুৱাক চকু পকাই দিয়ে।

মেধিনী : মই গাখীৰ চাহে বনাম দিয়া। ই ৰসেশ্বৰ আহিয়ে পোৱা নাই দেখোন বজাৰৰ পৰা।

এনেতে ৰসেশ্বৰ আহি সোমায়। হাতত বজাৰৰ বেগ। আইতাকৰ লগত ভিতৰলৈ যায়। ভিতৰত দেখুওৱা হয় দৃশ্য আৰু ৰসেশ্বৰ আৰু আইতাকৰ দায়লগ….

মেধিনী : কি? তই চাৰিপিছ মাছৰ ষোল্ল পিছ বনাই আনিছ? বাপেৰৰ ভুত লম্ভিল তোৰ গাত?

ৰসেশ্বৰ : আইতা তই নাজান? আমাৰ দেউতাৰ দৰেই একেই মিলিব চিকটাৰে। ইমান সহজতে চিকটা ঘৰৰ বোৱাৰী ক’ত পাবি বিচাৰি? তাতে তাই বৰ ধুনীয়া। আমিও চিকটা, সিহঁতো চিকটা। চিকটা চিকটা মিতিৰ। কিমান কষ্ট কৰি, চাল কৰি তাইৰ লাভাৰক ঠগাই  পটাইছোঁ বাপেক মাকক তই কি জান?

মেধিনী : হুহ। আনক ঠগালে নিজেও ঠগ খাই বোপা মনত ৰাখিবি।

: হ’ব তুমি খোৱাৰ যোগাৰ কৰা৷

বুলি ৰসেশ্বৰ ওলাই আহে। বাহিৰৰ ৰূমত বৰুৱা বৰুৱানী আৰু মেধি মণ্ডলে ৰসেশ্বৰ আৰু তৰাৰ বিয়া ঠিক কৰে।
মেধি : তেনেহ’লে বৰুৱা আমি আজিৰ পৰা মিতিৰ হ’লোঁ। বৰুৱানী বিয়ৈনী বুলি মাতোনে? হেঃ হেঃ …

লক্ষী : ইচ.. মোক যে নাম কাঢ়িয়ে মাতিব। বিয়ৈনী মতা বয়স হোৱা নাই এতিয়াও। কম বয়সতে বিয়া হৈছোঁ যে?

বৰুৱাই ঘোপাকৈ চাই বৰুৱানীক আৰু লাহেকৈ কয়…

: মই হ’লে ববিতাক মাতিলে জ্বলি পুৰি মৰে আৰু নিজে বিয়ৈয়েকক নাম কাঢ়ি মাতিবলৈ দিছে। এনে ফুল কুমলীয়াজনী গোটেই।

 ৰসেশ্বৰক আইতাকে বটা এখনত তামোল পাণ দি সেৱা কৰিবলৈ দিয়ে বৰুৱা বৰুৱানীক। বৰুৱা বৰুৱানীয়ে দুয়ো ৰসেশ্বৰক দহ টকাকৈ দিয়ে মান হিচাবে।

 চিন ৮

কলেজৰ সমুখৰ হোটেল ‘অলকা’। একেবাৰে চুকৰ টেবুলত তৰা আৰু ববিতা বহি আছে। তৰাই কান্দি আছে আৰু ববিতাই বুজাই আছে। এনেতে বলৰাম সোমাই আহে।

ডায়লগ

ববিতা : নাকান্দিবাচোন তৰা। আমি আছোঁ নহয়। সকলো ঠিক হৈ যাব। মই খগেনক খবৰ দিছোঁ। এয়া চোৱা তোমাৰ দাদা আহিছে।

বলৰাম : নাকান্দিবি। তোৰ দাদাৰে থকাত কিহৰ চিন্তা। মই তোক কৈছিলোনে আগতে এই ৰমেন দা টাইপৰ ল’ৰাবোৰক বেছি পাত্তা নিদিবি। এতিয়া মজা পালি? মোৰ কথা শুনা নাছিলি নহয়।

ববিতা : গালি নাপাৰিবা বলৰাম। এতিয়াও যদি সময় আছে কিবা কৰা।

তৰা : মোৰ ভুল হৈছিল। মই ৰসেশ্বৰক বেছি পাত্তা দিবই নালাগিছিল। দেউতা মা ইমান হিচাবী সেইকাৰণেহে মই সৰু সুৰা বস্তুৰ আশাত তাক ভাল লগাইছিলোঁ। মই দাদা বুলিহে ভাবিছিলোঁ।

বলৰাম : চুপ থাক। দাদা পাতে তাই বস্তুৰ আশাত৷

এনেতে বলৰামৰ ফোন বাজে৷

বলৰাম : হেল্ল’। তুমি আহি পাইছা নেকি? ৰ’বা মই গৈ আছোঁ থাকা তাতে। ভণ্টি, ববিতা বা বহক। মই কিবা এটা কৰি আছোঁ। এই সপ্তাহতে কৰিব লাগিব সোনকালে।

বলৰাম ওলাই যাব। বলৰামৰ পিছফালটো দেখুৱাব। বলৰাম যোৱাৰ দহ মিনিট পিছত খগেন আহিব আৰু তৰাৰ ওচৰত বহিব। কেমেৰাই তিনিওকে দূৰৰ পৰা দেখুৱাব। ববিতাই খগেনক কিবা কৈ থাকিব । মিউজিক বাজিব আৰু ডায়লগ শুনা নাযাব। পুনৰ ক্ল’জআপত দেখুৱাব তিনিওকে….

খগেন : মই টাউনৰ পৰা অহা গম পাই সি আহিছিল। কাৰণ সি জানে মই তোমাক ভাল পাওঁ বুলি। কিন্তু বেচেৰাৰ দোষ নাই সিও তোমাক ভাল পায়।

তৰা : কিন্তু মই যে তাক ভাল নাপাওঁ তেনেকৈ। মই বন্ধু বা এজন দাদা হিচাপেহে লৈছিলোঁ।

ববিতা : হয়তো, কাৰোবাক মনৰ মাজত ঠাই নিদিলে কেনেকৈ জীৱনত আদৰি ল’ব পাৰি। খগেন, তৰা তোমালোকে দেৰি কৰা উচিত নহয়।

চিন ৯

চেনিৰাম মজুমদাৰৰ ঘৰ। উখল মাখল পৰিবেশ। কোমোৰাই মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ সাজি কাঁচি আহিবলৈ ওলাই। হাতত তামোল পাণৰ বঁটা আনে। বৌৱেক ভেলেঙীয়ে তাইক ধৰি আনে। কোঠাত ধনীৰাম বৰুৱা, লক্ষী বৰুৱা আৰু পুতেক বলৰাম থাকে। কোমোৰাই সেৱা কৰে বৰুৱা বৰুৱানীক। বলৰামৰ ফালে তাই কেঁৰাকৈ চাই আৰু বলৰামে চকুৰ টিপ মাৰি দিয়ে কোনেও নেদেখাকৈ। বৌৱেক ভেলেঙীয়ে দেখা পাই  চিকুটি দিয়ে। কোমোৰা লাজতে ৰঙা চিঙা পৰে।

ডায়লগ

চেনিৰাম : তেনেহ’লে দেৰি নকৰোঁ নিয়মখিনি কৰোঁ আৰু নেকি? কি কয় বৰুৱা দা?

ধনীৰাম : হয় হয়। আমি আঙঠি লৈয়ে আহিছোঁ।

ভেলেঙী : পিচে আপোনালোকৰ ছোৱালীজনী নাহিল যে? ভনীয়েকজনী নহ’লে ভাল হ’ব জানো নিয়মটো কৰিবলৈ?

লক্ষী : একো নহয়। তাই জোৰোণ, বিয়া, আঠমঙলাত আহিব আকৌ। আজি আচলতে আমি দুয়ো আহিলোঁ স্কুটাৰত আৰু ই মানে বল আহিল চাইকেলত। তাইক ক’লোঁ বোলো ককায়েৰৰ লগত চাইকেলৰ কেৰিয়াৰত বহি আহ। নাই আজিকালিৰ ছোৱালী যে ক’ত আহিব?

ধনীৰাম : হেঃ হেঃ লাজ লাগে বোলে তাইৰ। মই বোলো ভালেই হ’ল ঘৰখনকে ৰখি থাক। তাতে ববিতা মাষ্টৰণীও অকলে থাকিব স্কুলৰ পৰা আহিলে৷

বৰুৱানীয়ে গলখেকাৰি মৰাত বৰুৱা মনে মনে থাকে।আঙঠি পিন্ধোৱা হয়। সকলোৱে ভাত খাই থাকে। এনেতে বানেশ্বৰ সোমাই আহে। বানেশ্বৰক দেখি চেনিৰামে দবিয়াই সোধে ক’ত গৈছিলি বুলি। সি একো নকয় আৰু তলমূৰ কৰি ওলাই যায়। বলৰামহঁত ঘৰলৈ অহা দেখাব। আগে আগে বাপেকে স্কুটাৰ চলাই আহে আৰু পিছে পিছে চাইকেলত বলৰাম আহে। সিহঁতৰ ঘৰৰ বাৰাণ্ডাত ববিতা বহি থাকে। সকলোকে দেখি দৌৰি আহে তাই।

ববিতা : বৌ, দাদা আপোনালোকৰ ঘৰত কোনো নাই দেখোন? ঘৰৰ দৰ্জা খুলি ক’ত গৈছিল সকলোৱে। মই স্কুলৰ পৰা আহি পালোঁ বাবেহে। নহ’লে চোৰে সব নিলে হয়।

সকলোৱে সমস্বৰে, “কি? এই তৰা ক’ত গ’ল? তৰা তৰা” বুলি সবেই চিঞৰে।

ঘৰৰ ভিতৰত, বাহিৰত, পিছফালে পুখুৰীৰ পাৰ সবতে চায় কিন্তু বিচাৰি নাপাই। বলৰামে স্কুটাৰখন লৈ ওলাই যায় আৰু দেউতাকে চুবুৰিত বিচাৰি যায়। মাকে ৰসেশ্বৰক ফোন কৰে। কিছু সময় পিছত ৰসেশ্বৰ আহে আৰু লক্ষীয়ে ঘটনাৰ বিৱৰণী দিয়ে। এনেতে মেধি মণ্ডল আহে দৌৰা দৌৰিকৈ লগত বৰুৱা। বৰুৱাই আহি চিঠি এখন ঘৈণীয়েকক দিয়ে। চিঠিখন বৰুৱানীয়ে পঢ়ে আৰু বেকগ্ৰাউণ্ডত তৰাৰ মাতেৰে চিঠিৰ ভাষাখিনি ওলায় ….

তৰা : মৰমৰ মা দেউতা, বেয়া নাপাবা। বহুত ভাবি গুণি মই এই সিদ্ধান্ত লৈছোঁ। আচলতে জীৱনটোত সকলো সময়তে হিচাব কৰিলে নহয়। মই বেহিচাবী হৈ থাকিব বিছাৰোঁ। সেয়েহে মই বেহিচাবী খগেন দাকহে ভাল পাওঁ। ৰসেশ্বৰক নহয়। মই খগেনৰ লগত আহিলোঁ। ৰসেশ্বৰ দা তুমি বেয়া নাপাবা। অহা জন্মত লগ পাম তোমাক বাই। অ’ মা আৰু দেউতা আমাক নিবিচাৰিবা। তোমালোকে চিঠি পাওঁতে আমি বহুত দূৰ পাম। মিছা মিছি স্কুটাৰৰ তেল পুৰিব।

তেনেতে বলৰাম আহি পায় আৰু মাকে একো নকয় তলমূৰ কৰি থকা দেখে। ববিতাই কাষত বৰুৱানীক ধৰি থাকে।

চিন ১০

টেক ৫৬

ট্ৰেইনত বহি থাকে তৰা আৰু খগেনে। খগেনৰ কান্ধত তৰাৰ মূৰটো থোৱা থাকে। খগেনে সোধে কেনেকৈ সম্ভৱ হ’ল। তৰাই ফ্লেছবেকত যায়।

হোটেল অলকা দেখাব প্ৰথমতে। বলৰাম যোৱাৰ পিছত খগেন আহে আৰু খগেনে তৰাক পলোৱাই নিয়াৰ কথা কয় আৰু ওলাই যায়। খগেন যোৱাৰ পিছতে কোমোৰা আৰু বলৰাম আহে। তৰাই প্লেনটো কয়। বলৰামে আপত্তি কৰে একেজনী ভনীয়েকক পলুৱাই পঠাবলৈ আৰু গালি পাৰে।

ডায়লগ

কোমোৰা : উফ ৰ’বাচোন? কিয় ভয় খুৱাইছা তাইক। আচলতে কি জানা তৰা, আমাৰ ঘৰৰ মানুহে নিজৰ পচন্দ মতেই ল’ৰা ছোৱালীৰ বিয়া পাতিব বিচাৰে। সেইকাৰণে আমি দুয়ো তেনেকুৱা কৰি দেখালোঁ। ৰসেশ্বৰেও তোমাৰ মা দেউতাৰ দৰে হৈ দেখালে বাবে তাক পচন্দ কৰিলে।

তৰা : তাৰমানে তোমালোকে আগৰ পৰাই চিনি পোৱা নেকি? মা দেউতাই তোমাক পচন্দ কৰা নাই?

কোমোৰা : নাই কৰা। তোমাৰ মাহঁতে আগতে বেছি খৰচ কৰা বা বেছি খোৱা বস্তু বনাই চাহ দিয়া ছোৱালী খৰচি বুলি বিয়া পাতিব নিবিছাৰে। মোৰ দাদাও বৰ কৃপণ। সি বৰ হিচাব কৰে সেইকাৰণে ময়ো এক্টিং কৰিছিলোঁ।

তৰা : হে হৰি? পিচে দাদাক ক’ত পালা?

বলৰাম : মই কওঁ শুন? ইহঁতৰ বানেশ্বৰে মাছৰ লগত কেঁকোৰা বেচিবলৈ আহোঁতে ময়ো আছিলোঁ বজাৰত। তাত ৰসেশ্বৰৰ বাপেকে কেঁকোৰাকেইটা নিওঁতে বুজি পালোঁ কিমান কৃপণ কিন্তু মোৰ কেঁকোৰা বেচা মানুহজনক চাবৰ মন গ’ল। মনে মনে গৈ চাওঁতে এওঁক দেখিলোঁ আৰু দেখিয়ে প্ৰেমত পৰিলোঁ। বানেশ্বৰক পটাই লৈ এওঁকো পটালোঁ।

কোমোৰা : উম আৰু আমি দুয়ো দুয়োৰে ঘৰৰ মানুহক চিকটা দেখালোঁ। এওঁ আমাৰ ঘৰলৈ যাওঁতে দুটা লালমোহন নিছে দাদা বৌলৈ আৰু মই শকত খাব নালাগে বুলি ক’লে। দাদা ইমপ্ৰেছ হৈ গ’ল।

বলৰাম : এদিন মই আৰু মা বজাৰলৈ যাওঁতে ইহঁতৰ ঘৰৰ আগেৰে আনিলোঁ আৰু পিয়াহ লগা বুলি কৈ সোমালোঁ। কোমোৰাই চাহৰ লগত বুন্দিয়াৰ মান ডাঙৰ নাৰিকলৰ লাৰুৰে চাহ দিয়াত মা আচৰিত আৰু সোধাত ক’লে চাহৰ লগত কিবা এটা খাবহে লাগে। মা লগে লগে খুচ। গতিকে তয়ো খগেনক তেনেকুৱা চিকটা হৈ আহিব দিব লাগিছিল। কিন্তু সি এসোপা মিঠাই আনি খৰচি দেখালে।

ববিতা : বুজিলোঁ মানে জোঁৱাই খৰচি হ’লে জোঁৱাইৰ লগতো খৰচ হ’ব। সেইকাৰণে খগেন কেঞ্চেল। হাঃ হাঃ হাঃ!

তৰাই খগেনক ক’লে,

: বুজিলা? দাদা আৰু হ’ব লগা বৌৰ কৃপাতে আমি এক হ’লোঁ। চিঠিখন বানেশ্বৰে জেতুকীক দিছে। আৰু মেধিক দিবলৈ দিছে। তেতিয়াহে কোনেও সন্দেহ নকৰে।

খগেনে তৰাৰ কপালত চুমা খাই সোধে,

: ৰসেশ্বৰৰ বা কি হ’ল। উফ সি লগাই দিয়া কেঁকোৰাটোৱে কামুৰা বিষটো অলপ আছেই।

ঝক ঝক কৈ ট্ৰেইন গৈ থাকে। স্ক্ৰীণ দুভাগ হয়। এফালে তৰা আৰু খগেনে যোৱা ট্ৰেইন দেখায় আৰু এফালে গালে মুখে হাত দি বাৰাণ্ডাত বহি থকা ৰসেশ্বৰ।

☆ ★ ☆ ★ ☆

17 Comments

  • মজা চিনেমা লিখিলা দেই ৷

    Reply
  • HEMANTA KAKATI

    তামাম চিনেমা বনালা ডলী৷ নীলাক্ষী অ’, তোমাক ভিলেইন বনাইছে, আৰু আমি বুঢ়া বুঢ়ীও!

    Reply
  • Bornali S Mudoi

    চুপাৰহিট

    Reply
  • ধূৰ্জ্জটি কাকতি

    অস্কাৰ পাবই, নিশ্চিত থাকক

    Reply
  • Sadananda Bhuyan

    বেলেগ মজা । চিনেমাখন চাই থকা যেন লাগিল ।

    Reply
  • Pranita Goswami

    ফাটাফাটি চিনেমা। বিৰাট ভাল লাগিল। চুপাৰ্ব।

    Reply
  • Barbie Punnag

    চুপাৰ দুপাৰ হিট

    Reply
  • Rimjhim Borthakur

    তামাম চিনেমা। কিছু লিখিব পাৰে দেই

    Reply
  • ৰামানুজ

    মই হোলাৰ কাষত বহা পীৰিতিৰ চিন দেখিঁ হাহি মৰিছো….আজি কোমোৰাৰ ৪ টা চেনি হিচাপৈকে পঢ়িলো… বাকী কালি চাম….

    কিছু কষ্ট কৰিছা ছাগৈ…

    Reply
  • পৰীস্মিতা গগৈ

    বিগ বাজেটৰ চিনেমা একদম

    Reply

Leave a Reply

Your email address will not be published.