ফটাঢোল

ডলী ক্ৰিয়েচনৰ একাদশ নিবেদন-ছবি : ভিনিহি ও ভিনিহি- ডলী তালুকদাৰ

পৰিচালনা, প্ৰযোজনা, সংলাপ, কাহিনী, চিত্ৰনাট্য,

সংগীত : ডলী তালুকদাৰ

সহ পৰিচালনা : নীলাঞ্জনা মহন্ত

কেমেৰা : মাধব দাস

লাইট : হিমাংশু ৰাজখোৱা

মেকআপ : বাগ্মীতা ৰাজখোৱা

হেয়াৰ ষ্টাইল : ৰাজশ্ৰী শৰ্মা

কণ্ঠশিল্পী : ৰিমঝিম ৰীমা

ক’ৰিঅ’গ্ৰাফী : ৰীতা লীনা সোনোৱাল

অভিনয়ত : নীলাক্ষি কাকতি, কাবেৰী মহন্ত,  পৰীস্মিতা গগৈ, ৰিণ্টুমণি দত্ত, হেমন্ত কাকতি, বিজয় মহন্ত, সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য, অভিজিত মেধী

হেমন্ত কাকতি : ৰমেন চৌধুৰী

নীলাক্ষি কাকতি : চৌধুৰীৰ ডাঙৰ ঘৈণী (কেতেকী)

পূৰ্ণময়ী মেধী : ৰমেন চৌধুৰীৰ সৰু ঘৈণী (মধুমিতা)

চন্দনা শৰ্মা : পখিলা (চৌধুৰীৰ খুলশালী আৰু কেতেকীৰ ভনীয়েক)

সঞ্জীৱ ভট্টাচাৰ্য্য : চানী (মধুমিতাৰ ভায়েক)

বৰ্ণালী এচ মূদৈ : কবিতা (মধুমিতাৰ ভনীয়েক)

অভিজিত মেধী : বিপিন (কবিতাৰ প্ৰেমিক)

ৰিণ্টুমণি দত্ত : তপন ভৰালি (কেতেকীৰ ভিনিহিয়েক)

কাবেৰী মহন্ত : কেতেকীৰ বায়েক (ময়ুৰী)

মিনতি মহন্ত : মধুমিতাৰ মাক (চৌধুৰীৰ শাহু)

বিজয় মহন্ত : ময়ূৰ (কেতেকীৰ ভায়েক)

ধূৰ্জ্জটি কাকতি : মিঠুণ (পখিলাৰ প্ৰেমিক)

তবিবৰ ৰহমান : নগেন

পৰীস্মিতা গগৈ : চিমি (চানীৰ প্ৰেমিকা)

অতিথি শিল্পী : ডা° পাৰ্থসাৰথি ভূঞা

১ম দৃশ্য

দোকান বজাৰেৰে ব্যস্ত চহৰ। বজাৰৰ পৰা অলপ দূৰত মেইন ৰাস্তা য’ত সৰু বাছ আস্থানটো দূৰৰ পৰা দেখাব। লাহে লাহে কেমেৰা বাছ আস্থানৰ ফালে নিব। বাছ আস্থানৰ খুঁটাত আঙুলীৰে মচা চূণৰ দাগ আৰু মাজে মাজে চূণেৰে R+D, N+M, B+B আদি লিখা থাকে। বাছ আস্থানত এজন মানুহ বহি থকা দেখাব। কঁপালত তেওঁৰ বেণ্ডেজ। তেওঁৰ কাষতে থকা খুঁটাটোৰ কাষত সৰু পাণৰ ঘুমটি এখন। এজন পিলিঙা ল’ৰাই দোকানত বহি তামোল কাটি থাকে। মাজে মাজে বাছ আস্থানত বহি থকা মানুহটোলৈ কেৰাহিকৈ চাই থাকে(এই চৰিত্ৰটো কৰিব তবিবৰ ৰহমান অৰ্থাৎ নগেনে৷) হঠাৎ ল’ৰাজন উঠি আহিব আৰু লাইট পৰিব বহি থকা লোকজনৰ ওপৰত। ল’ৰাজনে মানুহজনৰ কাষত ৰ’ব আৰু তেওঁক মাতিব।

দায়লগ

নগেন : হো দাদা, কি হৈছি আপ্নাৰ? মই পুৱাৰ পাই দেখি আছোঁ হে আপ্নাক এতে বহি থাকা। কি হৈছি? ঘৰোক নাযোয় না কি? কিবা অসুবিধা হৈছি নেকি? আৰু আপ্নাৰ কপালত যি বেণ্ডেজ মাৰা আছে? ক’বাত খুন্দা খালাক না কি? ইচ ইচ বৰ বৈয়াকে দুখ পাইছি দক।

এইবুলি মানুহজনৰ হাতত ধৰে আৰু মানুহজনে ‘আহ’ বুলি চিঞৰি দিয়ে। ক্ল’জআপত লোকজনক দেখাব কেমেৰাত। লাহে লাহে তেওঁ মূৰ তুলি চাব নগেনৰ ফালে আৰু পুনৰ তলমূৰ কৰিব (এই চৰিত্ৰটো কৰিব হেমন্ত কাকতি অৰ্থাৎ ৰমেন চৌধুৰীয়ে)

নগেন : হাউ দাদা কি হ’ল? ইতা ৰাতি সাঁতটা বাজিল। চব বন্ধ হ’ব। বলক নহ’লি মই থৈ আহো। মই বন্ধ কৰিম দোকান।

ৰমেন চৌধুৰী : কোন তুমি? মই ইয়াত বহি থকাত তোমাৰ প্ৰবলেম কিহৰ?

নগেন : মোৰ নাম নগেন। সেখান পাণ দোকান মোৰ। সেখানৰ জোৰতে খাই আছু দক আকমুঠা। আপ্নি আগতেও আহে এতে বহি থাকে আৰু কেটেং মেটেং আপা আৰু এটা অলপ পেটলাকে আপা আহি আপ্নাক লৈ যায়। প্ৰথমতে আপ্নাক যাবা অনুৰোধ কৰে তাৰ পাছত কেটেং মেটেং আপাতুই কোৱে দাঙি লৈ যাম বেছি নকৈৰবো আৰু আপ্নাক দুয়োটা আপাই দাঙি লৈ যায়। হৈনা?

চৌধুৰীয়ে ঘোপাকৈ চায় আৰু মুখখন ঘূৰাই কয়…

চৌধুৰী : মোৰ দুখ ক’ত বুজি পাবি নগেন? নাযাওঁ মই ঘৰলৈ।

নগেন : দাদা, মই বুজি পাইছোঁ৷ আপ্নি কিবা বৰ দুখ পাইছি মনত। বলক তে মোৰ ঘৰত৷ কি হৈছি মোক ক’ব। সাজ লাগি আইছি৷ অলপ পাছত কাৰ্ফিউ দিব৷ কুবাব গটাই আপ্নাক৷ বলক৷

এইবুলি নগেনে দোকান বন্ধ কৰে আৰু ৰমেন চৌধুৰীক লৈ আগবাঢ়ে। দুয়ো গৈ থাকে আৰু কেমেৰাত ষ্ট্ৰিট লাইটৰ পোহৰত জিলিকি থকা খালী ৰাস্তা আৰু ভটুৱা কুকুৰকেইটা শুই থকা দেখুৱায়।

২য় দৃশ্য

নগেনৰ ঘৰ দেখুৱাব। এটা সাধাৰণ তৰ্জাৰ বেৰৰ ঘৰ দেখুওৱা হ’ব। নগেনে সোমাই আহে মূল গেটৰ ভিতৰেদি আৰু বাৰাণ্ডাত উঠে, পিছে পিছে চৌধুৰী। নগেনে তলা খোলে আৰু দুয়ো ভিতৰত সোমায়৷ চৌধুৰীয়ে চকু ফুৰাই চাৰিওফালে। সাধাৰণ কোঠা, বিছনা এখন, চুকত ষ্টোভ এটা, পানী বাল্টি, কাষতে পাচলি খৰাহী এটা, পানীৰ ফিল্টাৰ। নগেনে চৌধুৰীক বহিবলৈ দিয়ে আৰু পানী এগিলাচ দিয়ে খাবলৈ। চৌধুৰীয়ে গিলাচটো লয়৷

দায়লগ

নগেন : দাদা কওক ইতা, কি ঘটনা? আপ্নাৰ মাথাত, হাতত কিহোৰ বেণ্ডেজ? কুনি মাইচ্চি আপ্নাক না এক্সডেণ্ট হৈছিহে? আৰু আজি বহুদিনৰ পৰা আপ্নাক বাছ ষ্টেণ্ডত দেখা পাই আছোঁ। পুৱাই আহে আৰু ৰাতি যায়। মাজে মাজে দুটা চলি আহি লৈ যায়। তাৰে এটাই মস্ত তামোল খায় আৰু মোৰ দোকানত পইচাও দিবা আছে।

চৌধুৰী : মোৰ কাহিনী কি ক’ম তোমাক ভাইটি? বহুত দুখৰ কাহিনী মোৰ। আৰু মোৰ কোনো দুৰ্ঘটনা হোৱা নাই বা কোনেও মোক পিটন দিয়া নাই। মোৰ ভাগ্যই মোক কৰিছে এইবোৰ।
নগেন : আপোনাৰ পৰিয়াল নাই নেকি? চ’লি প’লি, ঘৈণী? আপ্নাৰ খেয়াল নাৰাখে?

চৌধুৰী : কি কোৱাহে? মোৰ পুৰা ভৰা পৰিয়াল। ল’ৰা ছোৱালী, শাহু, খুলশালী, শালপতি, জেশাহুৰে ঘৰ ভৰ্তি। আৰু ঘৈণীৰ কথা সুধিছা? এজনী নহয় দুজনী। সিহঁতৰ যতনৰ উৎপাতত মই আজি পলাইছোঁ।

নগেন : (চৌধুৰীৰ মূৰলৈ চায়) গম পাইছোঁ দক আপ্নাৰ অৱস্থা। কিন্তু ভালহে পাবা লাগে ইমান যত্ন, মৰম পাইছি।

চৌধুৰী : মইহে জানো মোৰ কিমান যত্ন হয়? শুন তেনেহ’লে মোৰ দুখৰ কাহিনী…..

এইবুলি চৌধুৰীয়ে ক’বলৈ আৰম্ভ কৰে। কাহিনী ফ্লেচবেকলৈ যায়৷

৩য় দৃশ্য

ৰমেন চৌধুৰীৰ ঘৰ। বাহিৰত খীণকে ল’ৰা এজনে বাইক এখন মচি থাকে। আৰু মাজে মাজে বাইকৰ গ্লাছত নিজৰ মুখখন চাই চুলি কেইডাল হাতেৰে দাং খুৱাই দিয়ে(এইজন সঞ্জীব ভট্টাচাৰ্য্য অৰ্থাৎ চানী) আৰু তেওঁৰ কাষতে আৰু এজন শকত পেটুৱা ল’ৰাই মাৰুতি গাড়ী এখন ধুই থাকে। আৰু মাজে মাজে গাড়ীখনৰ ভিতৰত গৈ বহে আৰু গাড়ীখন ষ্টাৰ্ট কৰে। আকৌ নামি আহি গাড়ীখন ধোৱে (এই চৰিত্ৰটো কৰিব বিজয় মহন্তই অৰ্থাৎ ময়ূৰ) চানীয়ে কেৰাকৈ চাই থাকে ময়ূৰক আৰু ঠাট্টা মাৰি সোধে….
চানী : ঐ পেটুৰাম! কি বাৰে বাৰে গাড়ীখনৰ পৰা ওলোৱা সোমোৱা কৰি আছ? কাম নাই যদি ভিতৰত বাইদেউহঁতক সহায় কৰগৈ। হুহ ধদুৱা কৰবাৰ।

ময়ূৰে চানীৰ ফালে খেদা মাৰি যায়

ময়ূৰ : কাক ধদুৱা বুলি ক’ব আহিছ? দেখিছ নাই মোৰ এইখন এ.চি. থকা গাড়ী হয়। মাজে মাজে মই চেক হে কৰিছোঁ এ.চি. ঠিকে আছেনে নাই। পানী সোমাল নেকি?

চানী : হাঃ হাঃ! গাড়ী ধুলে পানী সোমাই নেকি বুৰ্বক?

এনেতে ভিতৰৰ পৰা শকতকৈ বগাকৈ গোল চেহেৰাৰ ধুনীয়া তিৰোতা এজনী ওলাই আহে। পিন্ধনত চেলোৱাৰ কামিজ (এই চৰিত্ৰটো কৰিব নীলাক্ষি কাকতিয়ে অৰ্থাৎ কেতেকী) আৰু আহি চানীক চকু পকাই কয়,

কেতেকী : কাক বুৰ্বক কৈছ? কাক ধদুৱা কৈছ হাঁ? মোৰ ভাইক এনেকে ক’বলৈ আহিছ কেটেঙা? খবৰদাৰ আজিৰ পৰা যদি আৰু শুনো?

চানী : নাই অ’ বা ধেমালি কৰিছোঁ এনেয়ে।

ময়ূৰ : নাই বা, ই ধেমালি কৰিছে।

কেতেকী : তই চুপ থাক। ডাঙৰৰ কথাত নামাতিবি।

এনেতে ভিতৰৰ পৰা ওখকৈ লাহী ধুনীয়া তিৰোতা এজনী আহে। পিন্ধনত জিনচ পেণ্ট আৰু টি-চাৰ্ট। তায়ো চকু পকাই হাতত হেতা লৈ কেতেকীক খেদি আহে৷ (এই চৰিত্ৰটো কৰিব পূৰ্ণময়ী মেধীয়ে অৰ্থাৎ মধুমিতা)

মধুমিতা : ঐ কেতেকী কথা ভালকে ক’বি। কাক খবৰদাৰ ক’ব আহিছ? চানী মোৰ ভাই হয় নাপাহৰিবি। আৰু তোৰ এই ধদুৱা ভায়েকটোক তাকে নকয় কি ক’ব? তোক খবৰদাৰ কৰিছোঁ।

কেতেকী আৰু মধুমিতাৰ ভীষণ তৰ্ক লাগে। ক্ল’জআপত দুয়োৰে মুখ দুখন দেখাই থাকিব মুখ দুখনেৰে কাজিয়া কৰা। বেকগ্ৰাউণ্ডত ডাঙৰকৈ বৰকাঁহ বাজিব আৰু দায়লগ শুনা নাযাব। এপাকত দুয়োৰে চুলিত ধৰি বগৰা বগৰি লাগিব। চানী আৰু ময়ূৰে এৰুৱাব খোজে কিন্তু নোৱাৰে। দুয়োহে উলটি পৰে। এনেতে ৰাস্তাত গাড়ীৰ হৰ্ণ বাজে। আৰু হৰ্ণ শুনি চানী আৰু ময়ূৰ ঘৰৰ পিছফালে দৌৰে।

এখন ডাষ্টাৰ গাড়ী ভিতৰলৈ সোমাই আহে। আৰু গাড়ীৰ পৰা তিনিজন মানুহ নামে। সমুখৰ পৰা নামে এজনী খীণ মীণ বগা ধুনীয়া ছোৱালী (এই চৰিত্ৰটো কৰিব চন্দনা শৰ্মাই অৰ্থাৎ পখিলা) আৰু ৰমেন চৌধুৰী। পিছফালৰ পৰা নামে এজনী লাহী ছোৱালী ( বৰ্ণালী মূদৈ নাম কবিতা)। তিনিও গাড়ীৰ পৰা নামি কেতেকী আৰু মধুমিতাক চুলিত ধৰি বাগৰি কাজিয়া কৰা দেখি দৌৰি যায় আৰু এৰুৱাব বিচাৰে। ছোৱালী দুজনী মধুমিতা আৰু কেতেকীৰ ভনীয়েক। ৰমেন চৌধুৰীয়ে কি কৰিছা বুলি এৰুৱাব খোজে আৰু মধুমিতাই কেতেকীক কেৰাটে ষ্টাইলত মাৰিব খোজোঁতে চৌধুৰীক মাৰি দিয়ে। চৌধুৰী চিৎভোলোঙা খাই পৰে। ইফালে কেতেকীয়ে কাষতে থকা মূঢ়াটো মধুক মাৰিব খোজোঁতে চৌধুৰীৰ মূৰত লাগে৷
ইফালে বায়েকহঁতক ৰখাব নোৱাৰি আমাৰ বাইক তোৰ বায়ে মাৰিব কিয় বুলি পখিলা আৰু কবিতাৰ চুলিত ধৰা ধৰি লাগে। চৌধুৰীয়ে উপাই নাপাই হঠাৎ পকেটৰ পৰা হুইচেল এটি উলিয়াই বজাই দিয়ে জোৰকৈ। আৰু লগে লগে চবৰে আহি থিয় হয়।

চৌধুৰীয়ে ইফালে সিফালে চাই আজি তহঁত দুয়োকে নেৰো বুলি বাহিৰত থকা ফুলৰ জপনাৰ পৰা গোজ এডাল তুলি খেদি যায়। মধু আৰু কেতেকীয়ে “আঔ মৰিলোঁ” বুলি ভিতৰলৈ লৰ মাৰে পিছে পিছে চৌধুৰী। পখিলা আৰু কবিতাই দুয়োৰে মুখৰ ফালে চাই মুখ বেঁকা কৰি ভিতৰলৈ যায়। কিছু সময় পিছত মনে মনে চানী আৰু ময়ূৰ আহি বাইক আৰু গাড়ী চলাই ওলাই যায়। গাড়ীৰ মাত শুনি চৌধুৰী ওলাই আহে বাৰাণ্ডালৈ আৰু “অ’ বগাহাতী দুটা ঘৰতে আছিল” বুলি আকৌ ভিতৰলৈ যায়।

৪ৰ্থ দৃশ্য

ভিতৰত কেতেকীয়ে চিঞৰি ওলাই আহে আৰু হাতত এটা কুৰ্তা আৰু নিজে পিন্ধাটোও টান। চৌধুৰীয়ে ডাইনিং টেবুলত বহি চাহ খাই থাকে। কাষতে পখিলাই কিতাপ এখন পঢ়ি থাকে।

পখিলা : ভিনদেউ কালি আপুনি মোক এটাহে কুৰ্তি দিলে। মোৰ আৰু এটা ল’বলৈ মন আছিল। বাক হ’লে দুটা দিলে।

চৌধুৰী : তোমাকো দুটা দিম চাই থাকা৷

এনেতে আনটো ৰূমৰ পৰা কেতেকী আহে।

কেতেকী : হেৰি, এইটো কি কুৰ্তি আনিলে ইমান সৰু। পিন্ধিছোঁ কিন্তু  ইমান টান উশাহ ল’ব পৰা নাই। আৰু এই পখিলাজনী কি কৰিবলৈ গৈছিলনো লগত? বায়েকে কেনেকুৱা কাপোৰ পিন্ধে নাজানে তাই? পখিলা চকু মুডি আছিলি তই?

পখিলা : বা মই বেলেগ ল’ব খুজিছিলোঁ কিন্তু ভিনিহিয়ে ক’লে তেওঁহে পচন্দ কৰিব বোলে তোৰ কাপোৰ। মোক ল’বলৈ নিদিলে। মোৰ দোষ নাই।

চৌধুৰী : দিনে দিনে ফুলি গ’লে ক’ত কাপোৰ ফিটিং হ’ব। অলপ খীণাবা। খোজ কাঢ়িবা, শুই শুই বিছনাত মোবাইল পিটিকি থাকিলে নহয়। দিয়া সলাই আনিম।

কেতেকী : হ’ব, মোক সুবিধা পালেই শুনাব নালাগে। এইটো পখিলাকে দিম। পখিলা এইটো তইয়ে পিন্ধিবি। ভিতৰলৈ সোমাই যায় কেতেকী।

চৌধুৰী : দেখিলা দুটা কুৰ্তি হ’লনে তোমাৰ?

পখিলাই থেংকিউ ভিনদেউ বুলি সাবতি ধৰে ভিনিহিক৷ লগে লগে কোনোবাই গল খেকাৰী মাৰে আৰু কেতেকী থিয় দি থাকে। পখিলাই হাঁহি মাৰি আকৌ বহে চেয়াৰত।

কেতেকী : আৰু শুনক আপুনি এইটো কি ৰঙা নীলা ভমকা ফুলৰ চাৰ্ট আনিছা। নোৱাৰা পিন্ধিব। আৰু কাকো ভুলাব নালাগে।

চৌধুৰী : এইটো মই কিনা নাই পখিলাই জোৰ কৰি লৈছে। মই কৈছিলোঁনে পখিলা? বায়েৰে নিদিয়ে মোক পিন্ধিব।

পখিলা : মোক দিয়ক ভিনদেউ। মই সলাই আনিম। কিন্তু পইচা আপোনাক নিদিওঁ। মোক লাগিব।

 চৌধুৰী : ঠিক  আছে।

তেনেতে কবিতা আৰু মধুমিতা আহে। আহিয়ে মধুমিতাই হাল্লা লগাই।

মধুমিতা : হেৰি, আপুনি মোক কি ভালকে নাচাই নেকি? ইমান চুটি কুৰ্তি আনিছে। আধাতে আছে। মোক কেতেকী বুলি ভাবিছে আপোনাৰ ককালতে থাকা।

 চৌধুৰী : কি হ’লনো মধু? কিয় চিঞৰিছানো?

মধুমিতা : এইটো ইমান সৰু আৰু চুটি কুৰ্তি আনিছে। নিপিন্ধো মই।

চৌধুৰী : হ’ব দিয়া আনি দিম। এইটো কবিতাকে দিবা।

এনেতে ভিতৰৰ পৰা কেতেকী আহে আৰু কয়

কেতেকী : কোনে মোক ককালতে পৰা বুলি কৈছে। ইমান গোটেই সুন্দৰীজনী। বিজুলী বাহজনী নিজে তাকে নকয়।

মধুমিতা : ঐ কাক বিজুলী বাহ বুলি কৈছ হা। কথা ভালকে ক’বি। মুখ ভাঙি দিম।

কেতেকী : কাৰ মুখ ভাঙ তই চিনি পোৱা নাই? তোৰ হাত ভাঙিম মই।

চৌধুৰী : চুপ থাক দুয়ো। ইমান কাজিয়া কৰ দুয়ো। লাজ নালাগে। তহঁতৰ নাম কেতেকী আৰু মধুমিতা নহয় কাউৰী আৰু তিতাকেৰেলা হ’ব লাগিছিল।
এনেতে চানী সোমাই আহে আৰু কয়…

চানী : ভিনদেউ পাঁচ হাজাৰ টকা দিয়কচোন?

চৌধুৰী : কিয়?

চানী : লাগে, গাৰ্ল ফ্ৰেণ্ডৰ জন্মদিন। ভাল গিফ্ট দিম।

কেতেকী : পইচা গছত লাগিছে নেকি মোৰ মানুহজনৰ? নিজে ইনকাম কৰি দিবি।

মধুমিতা : তাৰ ভিনিহিয়েকক খুজিছে তোৰ কি হ’ল? মোৰ মতাকহে খুজিছে কি হ’ল তোৰ? লৈ যা যিমান লাগে। তোৰ ভায়েৰই যে এ.চি. থকা গাড়ী লৈছে মই কিবা কৈছোঁ?

কেতেকী : মুঠতে মই নিদিওঁ দিব। তই কি কৰ কৰিবি। আপুনি এটকাও নিদিব।

মধুমিতা : কেনেকে নিদিয়ে চাম নহয়। বলক মোৰ ৰূমত। আৰু দিয়ক এ.টি.এমখন।

এইবুলি চৌধুৰীক টানি লৈ যায় লগে লগে কেতেকী দৌৰি আহে আৰু চৌধুৰীক টানে আনফালে।
বেকগ্ৰাউণ্ডত কণ্ঠশিল্পী ৰিমঝিম ৰীমাই ঔম তানা নানা ঔম তান না গায় আৰু তবলা বাজে। পখিলা আৰু কবিতা ভয়তে পেপুৱা লাগে।

কেতেকী আৰু মধুমিতাৰ চিঞৰ আৰু টনাটনিৰ ফলত চৌধুৰী বেঁহুচ হৈ পৰি যায়।

৫ম দৃশ্য

চহৰৰ এখন ৰেষ্টুৰেণ্ট। ভিতৰত চুকৰ টেবুল এখনত এহাল ল’ৰা-ছোৱালী বহি থাকে। ক্ল’জআপত  ল’ৰাজনকো দেখায়, এজন মিঠা বৰণীয়া ধুনীয়া ল’ৰা( ধূৰ্জ্জটি কাকতি, নাম মিঠুণ)। ছোৱালীজনীকো দেখুওৱা হয় আৰু সেইজনী পখিলা।

পখিলা : লোৱা এইটো তোমাৰ বাবে আনিছোঁ। পিন্ধিবা হাঁ। তোমাক যে ইমান ভাল লাগিব।

মিঠুণ : ইচ, ইমান দামী চাৰ্ট। ক’ত পালা পইচা ইমান। পিন্ধিমটো কিয় নিপিন্ধিমনো?

পখিলা : মই জানি বুজি এনেকুৱা ভমকা ফুলৰ চাৰ্ট লৈছোঁ। বাইদেৱে পিন্ধিব নিদিয়ে নহয় জানো? সলনি কৰিম বুলি তোমালৈ আনিছোঁ। অহাবাৰ ভিনিহিৰ ককালত নোজোৰা ৰেংগলাৰ জিনচ এটা ল’ম তোমাৰ চাইজত হা।

মিঠুণ : ৱাও, জান! তুমি ইমান স্মাৰ্ট। ভগৱানে তোমাৰ দৰে প্ৰেমিকা সকলোকে দিয়ক

পখিলা : আৰু ভিনিহিও।

দুয়ো হাঁহে। হঠাতে কেমেৰা অন্য ফালে ঘূৰে আৰু তাত কবিতা বহি থাকে ল’ৰা এজনৰ লগত। পখিলা আৰু মিঠুণে ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহে। ৰেষ্টুৰেণ্টৰ ভিতৰত পুনৰ দেখুৱায়। ক্ল’জআপত ল’ৰাজনৰ মুখখন দেখুৱায়। (এই চৰিত্ৰটো কৰিব অভিজিত মেধীয়ে, নাম বিপিন।)

বিপিন : দেখিলা কেনেকে চাৰ্ট দিলে তাই প্ৰেমিকক। তুমিহে মোক একো নিদিয়া?

কবিতা : ময়ো আনিছোঁতো তোমাৰ বাবে। তাইতকৈ মই বেছি বুধিয়ক। মই জোতা এযোৰ ভিনিহিক দিম বুলি লৈছিলোঁ। নাইকীৰ হয়।

বিপিন : সচাঁ! কিন্তু ভিনিহিয়ে দিলে কেনেকৈ নিজে পিন্ধিব এৰি।

কবিতা : হাঃ হাঃ! মই ভিনিহিৰ ভৰিৰ জোখৰ নানি তোমাৰ ভৰিৰ জোখৰ আনিছোঁ। ভিনিহিয়ে ঘূৰাব দিছিল মই হ’ব বুলি কৈ লৈ আহিছোঁ তোমালৈ।

বিপিন : বাঃ, কি বুধিৰে। পিচে পইচা খুজিলে ঘূৰায় কি কৰিবা?

কবিতা: ভিনিহিৰ দম নাই। অকণমান মৰমেৰে মাতিলে পমি যাব।

বিপিন : বাঃ, তোমালোকে ভিনিহিৰ মূৰত তামাম কঁঠাল ভাঙিছা। চাব্বাচ। তুমি বহুত বুদ্ধিমতী। তোমাৰ বুদ্ধমত্তাতে মই প্ৰেমত পৰিলোঁ। ব’লা পাৰ্কলৈ যাওঁ অলপ বহোঁ, মৰমৰ কথা কওঁ।

মনে মনে ভাবে… মোৰো কামত আহিছে। ভিনিহিক আৰু খিৰাম। কবিতা আৰু বিপিনে পাৰ্কলৈ ওলাই যায়। মিঠুণে পখিলাক ঘৰত নমাই দিয়ে। বাৰাণ্ডাত বহি থকা মধুমিতাই দেখে। পখিলা ভিতৰত সোমাই থতমত খাই উঠে। মধুমিতাই কোন সোধে আৰু পখিলাই লগৰ ল’ৰা বুলি কয় ঘৰলৈ সোমাই যায়৷ কিছু সময় পিছত কবিতা আহে বায়েকক কাণে কাণে কিবা কয়।

মধুমিতা : ভালে কৰিলি চব জানি ল’লি। দুয়ো ভিতৰ সোমায়।

৬ষ্ঠ দৃশ্য

দ্ৰয়িং ৰূমত চানী আৰু মধুমিতা বহি থাকে। হঠাতে ফোন আহে চানীৰ মোবাইলত।

চানী : হেল্ল’ মা, ভালে আছনে? কি..অঁ..এ মোৰ ভাল নহয় দে। এ ভিনদেউক মাত্ৰ পাঁচ হাজাৰ টকা খুজিছিলোঁ নিদিলে। এ বাৰ লগত কথা পাত।

ফোনটো মধুক দিয়ে। আৰু স্পিকাৰত দিয়ে চবে শুনাকে। সেইফালৰ পৰা মাকৰ মাত শুনা যায়।

মা : ভালে আছ নহয়? চানীয়ে কি ক’লে! মাত্ৰ পাঁচ হাজাৰ জোঁৱাইয়ে নিদিলে তাক।

মধুমিতা : অঁ, মা ঠিকে আছোঁ। নিদিলে জান সেই ৰাক্ষসীজনীয়ে দিবলৈ। মোৰ বৰ দুখ লাগি আছে। আৰু যোৱা মাহত মাত্ৰ এডাল হীৰাৰ হাৰ লৈছোঁ মোৰ জেদতে কেতেকীয়েও লৈছে। কিন্তু তাইৰ ডাল মোতকৈ ডাঙৰ। এতিয়া মই হীৰা খটোৱা কাণফুলি আৰু ব্ৰেচলেট এপাট খুজিছোঁ এওঁ দিয়া নাই।

মা : কি? ইমান সৰু বস্তুটো দিব নোৱাৰে জোঁৱায়ে।

মধুমিতা : উম। সেইকাৰণে মই তোৰ ওচৰলৈ যাম। নাথাকোঁ আৰু।

মা : হেই ৰহ, তই নালাগে আহিব মই যাম আৰু মাত্ৰ কেইমাহ মান থাকি আহিম। জোঁৱাই চিধা হৈ যাব। আৰু তই আহিলে সেইজনীয়ে বেছি চল পাব। চানী আৰু কবিতাও আহিব লাগিব।

মধুমিতা : ঠিক আছে মা।

মা : আৰু শুন মই অনলাইনত এযোৰ নাইকীৰ স্পৰ্টচ শ্বু অৰ্দাৰ দিছোঁ লগতে ট্ৰেক চ্যুট। আজিকালি মই দৌৰো নহয় ৰাতিপুৱা। জোঁৱাইক পইচাটো দিব দিবি। তেওঁৰ অফিচৰ এদ্ৰেচ দিছোঁ। ঘৰৰ দিয়া নাই নহ’লে কেতেকীজনীয়ে জানই নহয়।

মধুমিতা : মা তই কি বুধিয়ক অ’। বাৰু ৰাখোঁ দে।

চানীক কয়..ইয়াহু, মা আহিব।

এনেতে চৌধুৰী সোমাই আহে। মধুমিতাই মুখখন ফুলাই দিয়ে। চৌধুৰীয়ে পইচাৰ খাম এটা দিয়ে চানীক। চানীয়ে নালাগে কয়। চৌধুৰীয়ে টেবুলত থয়। হঠাৎ ময়ূৰ ভিতৰলৈ দৌৰি আহে আৰু কোঠাত মধুমিতা আৰু চৌধুৰীক চাই কয়,

ময়ূৰ : মোক কোনোবাই বিচাৰিলে নাই বুলি ক’ব ঘৰত।

এইবুলি নিজৰ কোঠালৈ দৌৰ মাৰে। চানীয়ে হাঁহে আৰু চৌধুৰীয়ে হুহ বুলি কয়।

বাহিৰত হাল্লা শুনি চৌধুৰী বাহিৰলৈ যায়। বাহিৰত দেখে এসোপা মানুহ। মধুমিতাও যাই বাহিৰলৈ। চানীয়ে পটকে পইচাৰ খামটো লয়।

চৌধুৰী : কি হ’ল? কোন আপোনালোক?

জনতা : এইটো ময়ূৰ বৰুৱাৰ ঘৰ হয়নে?
চৌধুৰী : নহয়। মোৰ ঘৰ হয়, কিয়?

জনতা : কিন্তু আমাক ইয়াৰে এদ্ৰেচ দিছে। আমাৰ দোকানবোৰৰ পৰা বাকী খাই ঘৰৰ পৰা পইচা আনিবলৈ দিছে। দিয়ক পইচা৷

এনেতে কেতেকী আহে ওলাই আৰু চৌধুৰীক পইচা দিবলৈ কয়।

চৌধুৰী : কিমান আছে?

সকলোৱে কয় পঞ্চাশ হাজাৰ। চৌধুৰী উচপ খাই উঠে।

কেতেকী : মাত্ৰ পঞ্চাশ হাজাৰহে। দি দিয়ক। কিহৰ ইমান খাটিৰ কৰে

বুলি ভিতৰত সোমাই যায়। চৌধুৰীয়ে মানুহবোৰক বুজাই পঠায়। মূৰত হাত দি বহি পৰে বাৰাণ্ডাত।

৭ম দৃশ্য

বাহিৰত কলিং বেল বাজে। কেতেকী, ময়ূৰ, চানী, মধুমিতা, পখিলা, কবিতা সকলোৱে চাহ খাই থাকে। বেল বজাত দৰ্জা খুলিবলৈ কয় চৌধুৰীয়ে কিন্তু কোনেও গুৰুত্ব নিদিয়ে আৰু চৌধুৰীয়ে খুলিবলৈ যায়।
বাৰাণ্ডাত লংপেণ্ট-চাৰ্ট পিন্ধা, মূৰত টুপী, ভৰিত স্নীকাৰ, মুখত মাস্ক আৰু ক’লা চচমা পিন্ধা ছোৱালী এজনী থাকে। চৌধুৰীয়ে আহি থতমত খায়৷

চৌধুৰী : কোন হয় ভণ্টি তুমি? কাক লাগে?

ভণ্টিয়ে কয় জোঁৱাই চিনি পোৱা নাই। মই তোমাৰ শাহু মা আকৌ। এইবুলি চকুৰ চচমা, মুখৰ মাস্কখন গুচাই দিয়ে। চৌধুৰী মূৰ ঘূৰাই পৰাৰ দৰে হয়। কাষত থকা চকীখনত ধৰে।

চৌধুৰী : মা আপুনি? আৰু এয়া কি ৰূপ লৈছে?

মা : আজিকালিৰ যুগৰ লগত মিলিছোঁ আৰু বৰ আৰামহে পিন্ধিবলৈ। বাৰু তুমি টেক্সিৰ ভাৰাটো দিয়াচোন? চানী, মধু চা কোন আহিছে।

ভিতৰলৈ সোমাই যায়।

মধুমিতা : মা তই? (ওপৰৰ পৰা তললৈ চাই) বাঃ! মজা লাগিছে।

চানী : মা একদম দিপীকা পাডুকন লাগিছ।

কবিতা আহি সাবতি ধৰে। কেতেকীও আহে আৰু সেৱা জনাই মা ভালনে সোধে। আৰু ভিতৰলৈ গুচি যায়।

পখিলা আৰু ময়ূৰো যায়।

৮ম দৃশ্য

পাৰ্কৰ একোণত এজনী ছোৱালী বহি থাকে বেঞ্চ এখনত। পিন্ধনত দীঘল ফ্ৰক। চুলিখিনি মেলি ৰাখিছে। মাজে মাজে ঘড়ীটোলৈ চাই হাতৰ (এই চৰিত্ৰটো কৰিব পৰীস্মিতা গগৈয়ে অৰ্থাৎ চিমি) এনেতে চানী সোমাই আহে। হাতত এটা টোপোলা। চিমিয়ে মুখখন বেকা কৰি ঘূৰাই দিয়ে।

চানী : হাই বেবী। কি হ’লনো? খং উঠিছে? চৰী আজি অলপ দেৰি হ’ল।

চিমি : অকল আজি নে? সদায় দেৰি কৰা তুমি। কেয়াৰলেচ কৰবাৰ। মই যাওঁ৷

এইবুলি যাবলৈৈ ওলাই তাই। চানীয়ে লগে লগে তাইৰ হাতত থাপ মাৰি ধৰে।

চানী : জান, প্লীজ বেয়া নাপাবানা! তুমি এনেকুৱা কৰিলে মোৰ কলিজা টুকুৰা হৈ যায়।

চিমি : হওক মোৰ কি আহে যায়?

চানী : তোমাৰ বাবে উপহাৰ কিনোতে দেৰি হ’ল। চোৱা কি আনিছোঁ মই।

এইবুলি উপহাৰ দিয়ে আৰু চিমিয়ে দলিয়াই দিয়ে চানীৰ মুখত। আৰু উঠি আহে। পিছে পিছে চানীয়ে দৌৰে আৰু গান এটা গায়। চানীৰ প্ৰিয় গানটো,

“ও গাঞ্জাৰ চিৰাল চিৰাল পাত, গাঞ্জা খায়া মত্ত হৈয়া নাচে ভোলানাথ” মাইকেল জেকচন ষ্টাইলত। চিমি হাঁহিত বাগৰি যায় কিয়নো তাইৰ বৰ প্ৰিয় এই গানটো আৰু এই গানটো শিৱৰাত্ৰিৰ ফাংচনত নাচি চানীয়ে প্ৰথম পুৰস্কাৰ পাইছিল আৰু চিমিয়ে প্ৰেমত পৰিছিল।

চিমিৰ মুখত হাঁহি দেখি চানীয়ে উপহাৰটো দিয়ে। এটা ধুনীয়া বেগ আৰু লিপষ্টিক। চিমিয়ে লগে লগে আগৰ লিপষ্টিক মচি নতুন লিপষ্টিক লগাই ওঁঠত আৰু পাউত তুলি চেলফী মাৰে চানীৰ লগত। দুয়ো ওলাই আহে পাৰ্কৰ পৰা। গধূলি হয় আৰু পাৰ্কৰ লাইট জ্বলি উঠে।

৯ম দৃশ্য

চৌধুৰীয়ে টিভি চাই থাকে। দুয়োফালে চোফাত মধুমিতা আৰু কেতেকী বহি থাকে। ময়ূৰ দৌৰি সোমাই আৰু বায়েকক কয় মোক কোনোবাই বিচাৰিলে নাই বুলি ক’বি।

এনেতে বাহিৰত গাড়ীৰ হৰ্ণ বাজে। পখিলা ওলাই যায় আৰু বাহিৰৰ পৰা চিঞৰি কেতেকীক মাতে। সৰু বা, সৰু বা কোন আহিছে চা। কেতেকী উধাতু খাই ওলাই যায়।

কেতেকী : ডাঙৰ বা, ভিনিহি আহি পালে?

( ভিনিহিয়েকৰ চৰিত্ৰত ৰিণ্টুমণি দত্ত আৰু বায়েক কাবেৰী মহন্ত। ময়ূৰী আৰু তপন ভৰালী দুয়োৰে চৰিত্ৰৰ নাম)

চৌধুৰী ওলাই আহে আৰু কেতেকীৰ কথা শুনি চক খায়। কেতেকীৰ বায়েকে কোলাত এটা কেঁচুৱা আৰু হাতত এজনী ছোৱালী আৰু এটা ল’ৰা ধৰি থাকে। ( কেঁচুৱাকেইটা ক্ৰমে ৰিণ্টুমণি দত্তৰ ল’ৰা, ডলী তালুকদাৰৰ ছোৱালী, নীলাক্ষি কাকতিৰ ল’ৰাটোৱে কৰিব অভিনয়)

কেতেকীৰ বায়েকে সোমাই যায় ভিতৰত (এই চৰিত্ৰ কৰিব কাবেৰী মহন্ত, নাম ময়ূৰী)। কেঁচুৱাটো পখিলাই কোলাত লয়।

পখিলা : বা ব’ল ভিতৰলৈ। চাওঁ বাবুক মোৰ কোলাত দে। আয়ু ডাঙৰে হ’ল। তইহে খীণাইছ দেই।

ময়ূৰী : বৰ খীণাইছোঁ অ’। কি কৰিবি আৰু!  আজিকালি মাত্ৰ দুসাজ খাওঁ আৰু ৰাতিপুৱা পাঁচখন ৰুটি খাওঁ আৰু আবেলী পুৰি, চবজীৰে মাত্ৰ চাহ খাওঁ।

তেনেকে কওঁতে দুয়োজন ভিনিহি চৌধুৰী আৰু ভৰালীয়ে ময়ূৰীলৈ চায়।

তপন ভৰালী : একো নহয় দিয়া। কেতেকীয়ে ভালকৈ খুৱাব নহয় এইকেইদিন। ছমাহহে থাকিম মাত্ৰ।

চৌধুৰীয়ে ভিনিহিয়েকক কয় আহক শালপতি৷ (এই ৰ’লটো কৰিব ৰিণ্টুমণি দত্ত, নাম তপন ভৰালী)

তপন ভৰালী : ভালে আছে শালপতি। এই কেতেকী আৰু পখিলাক মনত পৰি আছিল গতিকে আহিলোঁ চাবলৈ।

ৰমেন চৌধুৰী : অহাতকৈ আপোনাৰ তালৈ মাতিব লাগিছিল। আহিল মোৰ মূৰত কঁঠাল ভাঙি খাবলৈ।

তপন ভৰালী : কিবা ক’লে?

ৰমেন চৌধুৰী : একো নাই, আহক।

তপন সোমাই যায়।

চৌধুৰী : হে ভগৱান, চাৰিটাকৈ খুলশালি, তাৰপিছত শাহু আৰু এতিয়া এই শালপতি, জেশাহু আৰু কচুগুটিকেইটা বাকী নাৰাখিলা।

হঠাতে ভিতৰত হাল্লা হয়। তপন ভৰালীয়ে পাঁচটা বেগ দাঙি নিওঁতে মজিয়াত পৰি যায়। লগে লগে কাষতে থকা ঘৈণীয়েক ময়ূৰীয়ে তেওঁক দাঙি নি বিছনাত শুৱাই দিয়ে।

ময়ূৰী: জোঁৱাই সোনকালে এম্বুলেঞ্চ মাতা আৰু হস্পিতাললৈ ব’লা।

হস্পিতালৰ কোঠা দেখাব। (অতিথি শিল্পী ডা° পাৰ্থসাৰথি ভূঞা থাকিব) তেওঁ তপন ভৰালীৰ পাল্চ চেক কৰিব, প্ৰেচাৰ জুখিব।

ডা° : সকলো নৰ্মেল। তেখেতে  একো নাখায় নেকি ভালকৈ?

বুলি ময়ূৰীক সোধে।

ময়ূৰী : বেছি তেল মচলা নোৱাৰে খাব। গেচ হয় যে। মাছ, মাংসও নাখায়ে। কেৱল ৰঙালাওৰে চয়াবিন খায়।

ডা° : চিন্তা নাই ভাল হ’ব। অলপ ভাত বেছিকে খাবলৈ দিব দুটামান? আৰু কষ্টকৰ কাম কৰে নেকি আপুনি?
তপন ভৰালীক সোধে?

তপন ভৰালী : নাই! মই মাত্ৰ শৰীৰ ভালে থাকিবলৈ ঘৰ মচোঁ, কাপোৰ ধোওঁ, কেচুৱাটোৰ কাপোৰ বোৰ ধোওঁ, তাক চাফা কৰি দিওঁ।

ডা° : হ’ব দিয়ক। বুজিলোঁ। একো নাই অলপ দুৰ্বল হৈছে। ভিটামিন দিছোঁ আৰু দুটামান টেবলেট খাব। অলপ জিৰণি ল’ব। আপুনি যাব পাৰিব। ওলাই যায় ডাক্তৰ।

ময়ূৰীয়ে চৌধুৰীক কয়,

বিলটো দি দিয়া আৰু টেক্সি এখন মাতা জোঁৱাই। বাটত ফলমূল, হৰলিক্স, কাজু-খিচমিচো কিনিবা। এওঁক খুৱাব লাগিব।

চৌধুৰীৰ মুখখন কেমেৰাই দেখুৱাব। খঙত মুখ বেঁকা কৰি ওলাই যাব বাহিৰলৈ।

চিন ১০

পখিলাৰ বিয়াৰ কথা পাতিবলৈ মিঠুণ আৰু বিপিন আহিছে। সকলো বহি আছে পখিলাৰ লগতে কবিতাও সাজি আহিছে। কথাৰ মাজতে তপন ভৰালীয়ে পাঁচশ টকাৰ খুচৰা লাগে বুলি মিঠুণৰ পৰা খুজি নিয়ে। মিঠুণে সেমেনা সেমেনি কৰে।

চৌধুৰী : বিয়া ফাইনেল তেনেহ’লে।

মিঠুণ : আপোনাৰ যদি আপত্তি নাই।

চৌধুৰী : শুনা তোমাক এটা কথা কওঁ। মই মোৰ খুলশালীজনীক তোমালৈ বিয়া দিম। কিন্তু খালী হাতে নহয়।

মিঠুণ : কি দিব? এ.চি. গাড়ী?

বিপিন : বাংলা

চৌধুৰী : নহয়, মই তোমালোকক গাড়ীত বহিবলৈ আৰু বাংলাত থাকিবলে মোৰ শাহু, খুলশালী, জেশাহু, শালপতিক পঠাম। বিপিন কবিতাৰ লগত শাহু মা আৰু চানীকো পঠাম। তুমি বহুত ভাল পাবা।

বিপিন : (মনে মনে) ইমান দিনে এই চৌধুৰীক কম লুটিলেনে কবিতাই ভিনিহি মাৰি মাৰি। এতিয়া এই চানীয়ে ভিনিহি মাৰি আৰু শাহু মায়ে মডাৰ্ণ হৈ মোক জ্বলাব।

 মিঠুণ : কি?

(মনে মনে ভাবে) মই ইমান দিনে পখিলাৰ জোৰত ভিনিহিয়কক কম লুটিলোনে? এতিয়া ময়ূৰ নামৰ ধদুৱা খুলশালী, জেশাহু আৰু এই তপন ভৰালী নামৰ শালপতি জনকো নিব লাগিব। লগতে তিনিটা বাচ্চা। তাতে এই ভৰালীজন ইমান কৃপণ। আজি প্ৰথম অহাৰ দিনাই পাঁচশ টকাৰ খুচৰা লৈ গ’ল।

নালাগে নালাগে। মই ইমান গধুৰ দায়িত্ব ল’ব নোৱাৰিম। আচলতে এইবোৰ চব মায়া মোহ। এইবোৰ এৰিলে মোক্ষ প্ৰাপ্তি হয়। গতিকে মই  সন্যাসী হৈ বেংককত যাম।

 বিপিন : ময়ো সন্যাসী হ’ম বুলিয়ে ঠিৰাং কৰিলোঁ বিয়া পতাতকৈ।

এইবুলি মিঠুণ আৰু বিপিন দুয়ো দৌৰা দৌৰিকৈ পলায়।

মা : তুমি এনেকুৱা কৰিবা বুলি ভবা নাছিলোঁ।

কবিতা : ভিনিহি কি হ’ব মোৰ?
বুলি কৈ কান্দে।

পখিলা : ও ভিনিহি..এতিয়া মোৰ কি হ’ব? মই আৰু ক’তো নাযাওঁ। আপোনাৰ লগতে থাকিম। বাইৰ লগত মিলি জুলি থাকিম।

কবিতা : ময়ো থাকিম। মধু বাইৰ লগত মিলি জুলি থাকিম; কাজিয়া নকৰোঁ।

ৰমেন চৌধুৰীয়ে মূৰে কপালে হাত দি কবিতা আৰু পখিলাৰ ওচৰলৈ গৈ সান্তনা দিব খোজে আৰু হঠাতে
কেতেকী আৰু মধুমিতাই দুয়ো দুয়োকে দোষ দিয়ে।

দায়লগ

কেতেকী : তোৰ কাৰণে চব হ’ল? মাৰ, ভনীয়েৰ, ভায়েৰ চবকে ৰাখিছ? আৰু ভায়েৰৰ লগত এইজনীকো আনিছে (চিমিক দেখুৱাই) মোৰ মানুহজনক শেষ কৰিলে।

কেমেৰাত ক্ল’জআপত মধুমিতাক খঙত ৰঙা পৰা চকু ডাঙৰ মুখ দেখুৱাব৷

মধুমিতা : মোক যে কৈছ তই নিজে কি? তোৰ ভায়েৰ আৰু চটচটি ভনীয়েৰ থাকেই বাৰ মাহে। এতিয়া এই বায়েৰ, ভিনিহিয়েৰকো লৈ আহিছ? হুহ..

ময়ূৰী : ইস! আমি সদায় থাকিম নেকি কিবা? মাত্ৰ ছমাহৰ বাবে আহিছোঁ কিবা? ন?

এইবুলি গিৰিয়েক তপন ভৰালীৰ ফালে চাই…

তপন ভৰালী : অঁ অঁ। মৰমৰ খুলশালীজনীৰ খবৰ ল’বলৈহে আহিছোঁ কিবা। আৰু অলপ ৰেষ্ট ল’বলৈ আহিছোঁ। ঘৰত সময়ে নাপাওঁ কামৰ পৰা।

কেতেকীয়ে এপাকত কাঁহী এখন মধুমিতাৰ গাৰ ফালে দলিয়াই দিয়ে আৰু চৌধুৰীয়ে ধৰিবলৈ যাওঁতে সেইখন গৈ চৌধুৰীৰ মূৰত পৰে। ‘আহ’ বুলি চিঞৰে তেওঁ তেনেতে কেৰাহী এখন দলি মাৰি দিয়ে মধুমিতাই  চৌধুৰীয়ে বাধা দিবলৈ যাওঁতে সেইখনো তেওঁৰ মূৰত পৰে। আৰু বাগৰি যায়।

কি হ’ল বুলি দুয়ো চিঞৰে। পখিলা আৰু কবিতাই তোৰ বায়েৰে কৰিলে নহয় তোৰ বায়েৰে বুলি কাজিয়া কৰে। মধুমিতা আৰু কেতেকীয়ে ইজনীয়ে সিজনীক দোষ দি থাকে। শেষত চানী আৰু ময়ুৰৰ গাত হুঁচ অহাত হস্পিতাললৈ নিয়ে।

১১দশ দৃশ্য

লাহে লাহে পোহৰ হয়। পুনৰ নগেনৰ ঘৰ দেখায়। চৌধুৰী আৰু নগেন বহি থাকে। ফ্লেচবেকৰ পৰা উভতি আহে।

চৌধুৰী : এতিয়া বুজিলা মোৰ দুখ। আজি হস্পিতালৰ পৰা পলাই আহিছোঁ। জেদতে দু্য়ো মোক দৰবো এবাৰ খোৱাৰ ঠাইত দুবাৰ খোৱায়। এদিন এজনীয়ে বেজী দিয়া নেদেখি আকৌ এবাৰ দিয়ালে সমুখত থাকি।

 নগেন : তেনাইহ’লি দাদা, ইমান দুখ কৰাতকে আপ্নিও সন্যাস লৈ বেংকক যাক। বৰ সুখ পাব। ময়ো আপ্নাৰ দৰে ভূক্তভোগী। সেইকাৰণে এতে গুচি আহিছোঁ চব এৰি।

চৌধুৰী : এৰা ঠিকেই কৈছা। এই সংসাৰ, পত্নী, খুলশালী চব মায়া মোহ। আচল মায়া শান্তি। বেংককৰ দৰে শান্তিময় ঠাইত সন্যাসী হৈ ধ্যান কৰাটো।

কেমেৰা, লাইট ৰমেন চৌধুৰীৰ মুখত স্থিৰ হৈ থাকে। আৰু চৌধুৰীৰ চকুৰ কোণত সুখৰ দুটোপাল চকুপানী আৰু ওঁঠত হাঁহি বিৰিঙে।

☆ ★ ☆ ★ ☆

14 Comments

  • বৰ্ণালী মূদৈ

    চুপাৰহিট 👌👌👌👌

    Reply
  • ডাঃ পাৰ্থসাৰথি ভূঞা

    বঢ়িয়া, পইচা উচুল…. অতিথি শিল্পী হিচাপে অভিনয় কৰিবলৈ পাই আনন্দিত হলো দেই, ধন্যবাদ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    চুপাৰহিট চিনেমা৷ হাঁহিছোঁ আৰু দেই৷

    Reply
  • Anonymous

    কি চিনেমা অ, এই খন হিট নহয় পাৰে নে?

    Reply
  • অ মা হাঁহি হাঁহি পেট বিষাই গ’ল ৷ তামাম ৷

    Reply
  • ডলী

    ধন্যবাদ

    Reply
  • HEMANTA KAKATI

    বাপৰে তামাম বনালা ডলী৷ মোৰ চবতকৈ জমনি দৃশ্যটো লাগিল৷ দুয়ো দুইফালে টানোতে যে ৰিমঝিম ৰীমাৰ টানা না না গানটো বাজিল, তেতিয়া৷

    চুপাৰ ডুপাৰ হিট এইখন৷

    Reply
  • জয়ন্ত দাস

    ধুনীয়া লাগিছে৷ চুপাৰ ডুপাৰ হিট৷ তামাম ডাইলগ আছে৷ চমু হলেও অতিথি শিল্পী ডাঃ ভূঞা আৰু তপন ভৰালীৰ অভিনয়ত মুগ্ধ৷ সংগীত বৰ সুন্দৰ৷ বিশেষকৈ টান টানা না না টান গীতটো বৰ ধুনীয়া হৈছে৷

    Reply
  • Chandana Sharma

    বাপৰে, কি চিনেমা ও এইখন, হাঁহি হাঁহি পাগল হৈ গৈছো। তামাম লিখিছে বা❤️❤️

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হাঁহি মৰিলো বা। চুপাৰ হিট

    Reply
  • বন্দিতা

    🤣🤣তামাম লাগিল ।🤣

    Reply

Leave a Reply

Your email address will not be published.