ফটাঢোল

ডলী ক্ৰিয়েচনৰ ত্ৰয়োদশ নিবেদন-ছবি: চন্দ্ৰবিন্দু -ডলী তালুকদাৰ

পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত, একচন : ডলী তালুকদাৰ

সহ পৰিচালনা : ৰাজশ্ৰী শৰ্মা

মেকআপ : কাজলপ্ৰিয়া

লাইট : অৰ্চন শৰ্মা

কেমেৰা : জিতু শৰ্মা

অভিনয়ত : হেমন্ত কাকতি, জয়ন্ত দাস, বিজয় মহন্ত, ৰিণ্টুমণি দত্ত, নয়নমণি হালৈ, হৃষীকেশ ডেকা, নীলাক্ষি কাকতি, পূৰবী বৰুৱা, ৰিমঝিম বৰঠাকুৰ

মুখ্য অভিনয়ত : চবিনা ইয়াছমিন আৰু দেৱজিত শইকীয়া

চবিনা ইয়াছমিন : (বিন্দুমতী) সুন্দৰপুৰ ৰাজ্যৰ ৰাজকুমাৰী

দেৱজিত শইকীয়া : (চন্দ্ৰভানু) মিলনপুৰ ৰাজ্যৰ যুৱৰাজ

হেমন্ত কাকতি : (বিক্ৰম সিংহ) সুন্দৰপুৰ ৰাজ্যৰ ৰজা আৰু বিন্দুমতীৰ ককায়েক

নীলাক্ষি কাকতী : (ৰাণী ভানুমতী) ৰজা বিক্ৰম সিংহৰ পত্নী

জয়ন্ত দাস : (ইন্দ্ৰভানু) মিলপুৰ ৰাজ্যৰ ৰজা আৰু চন্দ্ৰভানুৰ ককায়েক

পূৰবী বৰুৱা : (মনোমতী) ৰজা ইন্দ্ৰভানুৰ পত্নী

ৰিণ্টুমণি দত্ত : (বাহুবলী সিংহ) সুন্দৰপুৰ নগৰৰ সেনাপতি

নয়নমণি হালৈ : (বলবীৰ সিংহ) মিলনপুৰ ৰাজ্যৰ সেনাপতি

হৃষীকেশ ডেকা : (বলৰাম কুমাৰ) বিন্দুমতীৰ দেহৰক্ষী

ৰিমঝিম বৰঠাকুৰ : (ইন্দুমতী) সুন্দৰপুৰৰ মন্ত্ৰীৰ কন্যা আৰু বিন্দুমতীৰ সখী

বিজয় মহন্ত : (ভোজন কুমাৰ) বান্দৰচালিহা ৰাজ্যৰ ৰজা

অতিথি শিল্পী : ডলী তালুকদাৰ, ৰাজশ্ৰী শৰ্মা (দাসী)

দৃশ্য এক

পাহাৰৰ দাঁতি। চাৰিওফালে সেউজ পৰিবেশ দেখুৱা হ’ব। দুজন চফল যুৱকে ঘোঁৰাত উঠি প্ৰতিযোগিতা কৰিব। আৰু দুয়ো একেলগে পাহাৰৰ তলত থকা নদীখন পাবগৈ। ঘোঁৰাৰপৰা জাঁপ মাৰি নামিব। কাষত থকা শিলত বহিব আৰু হাঁহিব জোৰেৰে। ঘোঁৰা দুটাই নৈৰ পাৰত থকা ঘাঁহ খাবলৈ ধৰিব। দুয়োজন যুৱকে “আমাৰ মিত্ৰতা কেতিয়াও শেষ নহয়” বুলি ইজনে সিজনক সাবটি ধৰিব। তেনেতে ঘোঁৰা এটাই চিঁ হিঁ হিঁ… বুলি চিঞৰাত দুয়ো বন্ধুৱে চক খাই পৰি যায়।

হঠাত ‘আস’ বুলি পুৰুষ এজনে বিছনাত খকমকাই বহে শোৱাৰপৰা উঠি। লগে লগে কাষত শুই থকা নাৰী গৰাকীয়ে ‘মহাৰাজ’ ‘মহাৰাজ’ বুলি চিঞৰি উঠে আৰু কোঠাৰ চাকিৰ শলিতা আগবঢ়াই উজ্বলাই তোলে। পোহৰত নাৰী গৰাকীৰ মুখখন দেখা পোৱা যায়। সেইগৰাকী ৰাণী ভানুমতী৷ (নীলাক্ষি কাকতী)

তেওঁ চাকি গছি বিছনাৰ কাষলৈ লৈ আহে আৰু চাকিৰ পোহৰত পুৰুষজনৰ মুখখন স্পষ্টকৈ দেখা যায়। সেয়া আন কোনো নহয় ৰজা বিক্ৰম সিংহ৷ (হেমন্ত কাকতী) ৰাণী ভানুমতীয়ে সোণৰ লোটা এটাত পানী বাকি ৰজাৰ ওচৰলৈ আনে৷

দায়লগ :

ভানুমতী : প্ৰাণনাথ, পানী খাওক। কি হ’ল আজি পুনৰ একেটা স্বপ্নকে দেখিলে নেকি?

বিক্ৰম সিংহ : হয়, প্ৰিয়ে। নাজানো আজি একেৰাহে একেটা স্বপ্নকে দেখি আছোঁ। মোৰ শত্ৰুক দেখি আছোঁ।

ভানুমতী : প্ৰাণনাথ! কিয়নো নিজৰ পৰম মিত্ৰক শত্ৰু জ্ঞান কৰিছে? তেওঁ জানো আপোনাৰ শত্ৰু আছিল? সাধাৰণ কথা এটিৰ বাবে ইমান শত্ৰুতা কৰাটো ভাল নহয় স্বামী।

বিক্ৰম সিংহ : সাধাৰণ কথা নহয় প্ৰিয়ে। মোৰ বল, শক্তি, যোগ্যতাক অপমান কৰিছে সি। মোক ফাঁকি দিছে। বিশ্বাসঘাটকতা কৰিছিলে। আৰু তোমাকো কৰা নাই জানো বিশ্বাসঘাটকতা?

ভানুমতী : নাই কৰা প্ৰাণনাথ। কাৰণ যিটো হৈছে আমাৰ মঙ্গলৰ বাবে হৈছে। আপোনাৰ মোৰ ভালৰ বাবে হৈছে। নহ’লে মই আপোনাক পালোঁহেঁতেন জানো? নে মোৰ প্ৰতি থকা প্ৰেম আপোনাৰ মিছা?

ৰাণীয়ে কান্দো কান্দোকৈ সোধে৷

বিক্ৰম সিংহ : আহ প্ৰিয়ে, তোমাৰ স্থান মোৰ হৃদয়ত আন কোনেও ল’ব নোৱাৰে। তুমি মোৰ বাবে সদায় অদ্বিতীয়। তোমাৰ অবিহনে মোৰ জীৱন আধৰুৱা। মনত ৰাখিবা। আহা শোওঁ। নহ’লে চকুৰ গুৰি ক’লা পৰিব। আৰু মই তোমাৰ সৌন্দৰ্য ম্লান পৰাটো মুঠেও নিবিচাৰোঁ প্ৰিয়ে।

ভানুমতী : ইমানেই যদি মোক ভাল পায় তেন্তে মোৰ বাহিৰে আৰু চাৰিগৰাকী পত্নী আপুনি বিয়া নাপাতিলে হয় প্ৰাণনাথ। আৰু এগৰাকীক নোপোৱাৰ বেদনা আপোনাৰ আজিও আছে মনত।

বিক্ৰম সিংহ : পৰম্পৰা প্ৰিয়ে! পৰম্পৰা। এজন ৰজাৰ যিমান পত্নী ৰাজ্যও সিমান বৃদ্ধি। পত্নীৰ লগতে ৰাজ্যওতো লাভ কৰিছোঁ চাৰিখন। তুমি সকলোতকৈ মৰমৰ। সেইবাবে তোমাক মহাৰাণী পাতিছোঁ।

ৰজাই ৰাণীক হাতত ধৰে তেনেতে কুকুৰাই ডাক দিয়ে।

বিক্ৰম সিংহ : ৰাতি পুৱাবৰ হ’লেই। এতিয়া আৰু শুব নালাগে। সাৰ নাপাম নিদ্ৰাৰপৰা। তাতকৈ ব’লা উদ্যানত প্ৰাতঃভ্ৰমণ কৰি আহোঁ। আজি ৰাজসভাত বহুত গোচৰ আছে।

দুয়ো বাহিৰলৈ যায়। উদ্যানখন দেখুৱা হ’ব। কাহিলি পুৱাৰ দৃশ্য। চৰাইৰ চিক্‌-চিক্‌ মাত শুনা যাব। বতাহত ফুল, পাত দুখনমান ডুলি থকা দেখুৱা হ’ব৷

 দৃশ্য দুই :

পাহাৰীয়া ৰাস্তা। তলেৰে এখন নৈ বৈ গৈছে৷ চাৰিওফালে সৰল গছ শাৰী শাৰী। ঘোঁৰাৰে এজন অশ্বাৰোহী গৈ থাকে। মুখখন কাপোৰেৰে ঢকা।

এনেতে তীব্ৰ বেগেৰে এখন বাগী যাব।

চালকৰ আসনত থাকিব এগৰাকী যুৱতী। কিন্তু কিছুদূৰ গৈয়ে বাগীৰ চকা খুলি যাব আৰু যুৱতীগৰাকী পৰি যাব খোজে মাটিত আৰু ঘোঁৰাত আহি থকা যুৱকজনে থাপ মাৰি কোলাত তুলি লয়। মুখখন চুলিৰে ঢাক খাই থকাৰ বাবে দেখা নাযায়। যুৱতীগৰাকীয়ে হঠাৎ নামি দিয়ে যুৱকজনৰ কোলাৰপৰা আৰু লৰালৰিকৈ বাগীৰ ঘোঁৰাটোৰ কাষলৈ যায়। ঘোঁৰাটোক তুলি দিয়ে আৰু উঠিবলৈ বিচাৰে। যুৱকজনো পিছে পিছে যায় আৰু যুৱতীগৰাকীক কয়,

যুৱক : আপুনি বৰ অশলাগী দেৱী। ইমান ডাঙৰ দুৰ্ঘটনাৰপৰা বচালোঁ কিন্তু ধন্যবাদ এটাও নজনালে৷

যুৱতীয়ে নোচোৱাকৈ কয়, “ৰাজকুমাৰীয়ে ধন্যবাদ নজনায়।” এইবুলি যুৱকজনৰফালে ঘূৰি দিয়ে। লগে লগে কেমেৰাই তেওঁক ক্ল’জআপত দেখুৱায়।

এজনী অতি ধুনীয়া যুৱতী। লাহী শৰীৰেৰে পিন্ধনত হালধীয়া পাটৰ ৰিহা-মেখেলা। ডিঙিত গলপতা, কাণত থুৰীয়া আৰু হাতত মুঠিখাৰু। চুলিখিনি খোল খাই যোৱাত খোপাৰ কপৌফুলপাহ মাটিত সুলকি পৰে। এই চৰিত্ৰটো কৰিব চবিনা ইয়াছমিনে। যুৱকজনে ৰ লাগি চাই থাকে। ৰাজকুমাৰী ওচৰলৈ আহি হঠাত তেওঁৰ ককালৰপৰা তৰোৱালখন লৈ ডিঙিত থয় আৰু সোধে, “কোন তুমি? চোৰ নহয়তো? এতিয়াই তোমাৰ ডিঙি কাটি দুটুকুৰা কৰি দিম।” যুৱকজনে লগে লগে মুখৰপৰা কাপোৰখন গুচাই দিয়ে আৰু ক্ল’জআপত এজন সুন্দৰ যুৱকক দেখুৱায়।

যুৱতীয়েও ৰ লাগি চাই থাকে আৰু বেকগ্ৰাউণ্ডত লা..লা…লা…লা…মিউজিক বাজে। যুৱকজনে পৰিচয় দিয়ে নিজৰ।

যুৱক : শান্ত হোৱা দেৱী। মই কোনো চোৰ নহয়। মই মিলনপুৰ ৰাজ্যৰ যুৱৰাজ চন্দ্ৰভানু। পিচে মোক সকলোৱে চন্দ্ৰ বুলিহে মাতে। কিন্তু তুমি কোন? (এই চৰিত্ৰটো কৰিব দেৱজিত শইকীয়াই)

যুৱতী : (লাজ লাজকৈ) মই সুন্দৰপুৰ ৰাজ্যৰ ৰাজকুমাৰী বিন্দুমতী। সকলোৱে মোক বিন্দু বুলি মাতে।

দুয়ো দুয়োলৈ চাই থাকে। লগে লগে চাৰিওফালে প্ৰতিধ্বনি হ’ব,

“চন্দ্ৰবিন্দু…..চন্দ্ৰবিন্দু….চন্দ্ৰবিন্দু…..”

হঠাত দূৰৰপৰা শুনিবলৈ পোৱা যাব, “ৰাজকুমাৰী বিন্দু…যুৱৰাজ চন্দ্ৰ…”

ক্ৰমান্বয়ে মাত ওচৰ চাপে৷ আৰু ঘোঁৰাত দুজন যুৱকৰ প্ৰবেশ ঘটে। এজন যুৱক সেনাপতিৰ সাজত আৰু আনজন দেহৰক্ষীৰ সাজত।

দায়লগ :

: যুৱৰাজ চন্দ্ৰ আপোনাক বিচাৰি বিচাৰি ভাগৰি গৈছিলোঁ। কি কৰিছে আপুনি ইয়াত যুৱৰাজ?

এইবুলি ঘোঁৰাৰপৰা এজন ওখ যুৱক নামিব। কেমেৰাই যুৱকক দেখুৱাব। দেখিবলৈ সুন্দৰ যুৱকজনে যুৱৰাজ চন্দ্ৰৰ ওচৰলৈ যাব। (এই চৰিত্ৰটো কৰিব নয়নমণি হালৈয়ে, নাম বলবীৰ) চন্দ্ৰভানু আগবাঢ়ি আহিব।

চন্দ্ৰ : কিয় সেনাপতি বলবীৰ? পাহৰিলা নেকি? আমি যে প্ৰতিযোগিতা কৰিছিলোঁ? আহি আহি মই এইখিনি পালোঁ আৰু তোমাৰ খবৰে নাই?

বলবীৰ : (অলপ সেমেনা-সেমেনি কৰি) মানে…মানে যুৱৰাজ মোৰ পেটটো কামুৰিছিল। সেইবাবে মই জংঘলৰ মুকলি ঠাইত অলপ বহিব লগা হ’ল। সেয়েহে…..

বুলি বিন্দুমতীক দেখি ৰৈ যায়।

চন্দ্ৰ : অ’ সেইটো কথা! হাঃ হাঃ হাঃ….

বিন্দুমতীয়েও খুকখুকাই হাঁহে। বলবীৰে লাজ কৰে।

তেনেতে আৰু এজন অশ্বাৰোহীৰ প্ৰবেশ ঘটে। ঘোঁৰাৰপৰা জাঁপ মাৰি নামে আৰু “ৰাজকুমাৰী আপুনি অকলে কিয় আহিছে” বুলি বিন্দুমতীৰ ওচৰলৈ যায়। লগে লগে চন্দ্ৰভানু আৰু বলবীৰক দেখি, “কোন তহঁত?” বুলি গৰ্জি উঠে।

যুৱক : ৰাজকুমাৰী ইহঁতে আপোনাক আক্ৰমণ কৰিছে নেকি? এই বলৰাম থাকোঁতে আপুনি ভয় নকৰিব৷

এইবুলি ঘোঁৰাত বহা জিনখনৰ লগতে থকা তৰোৱালখন উলিয়াই আনে কিন্তু ভৰ সহিব নোৱাৰি চিতভোলোঙা খাই পৰে৷ (এই চৰিত্ৰটো কৰিব হৃষীকেশ ডেকাই) চন্দ্ৰভানু আৰু বলবীৰে হাঁহি হাঁহি তুলি দিয়ে তাক।

চন্দ্ৰভানু : ৰাজকুমাৰী বিন্দু, দেহৰক্ষী বহুত বলবান দেই আপোনাৰ।

বিন্দুৱে মুখখন বিকতাই দিয়ে। এনেতে অন্য এখন বাগীত সখী..সখী বুলি চিঞৰি ধুনীয়া ছোৱালী এজনী আহে। ছোৱালীজনী বাগীৰপৰা নামি ৰাজকুমাৰীক সাবটি ধৰে। (এই চৰিত্ৰটো কৰিব ৰিমঝিম বৰঠাকুৰে, নাম ইন্দুমতী)

ইন্দুমতী : সখী বিন্দু, তুমি অকলে কিয় গুচি আহিছিলা? নাজানা নেকি শত্ৰুদেশৰ সীমা হয় এয়া। যদি তোমাক বন্দী কৰি নিয়ে?

বিন্দুমতী : ইমান সাহস নাই কাৰোৰে! মোক সহজতে বন্দী কৰাৰ? (কেঁৰাকৈ চন্দ্ৰভানুৰ ফালে চাই)

চন্দ্ৰভানুৱে মিচিকিয়াই হাঁহে। বলবীৰে ইন্দুমতীক ৰ লাগি চাই থাকিব। বিন্দুমতীয়ে ৰূপমতীৰ লগত বাগীত বহিব। পিছে পিছে বলৰামো যাবলৈ ওলাব। তেনেতে চন্দ্ৰভানুৱে ক’ব…

চন্দ্ৰ : ৰাজকুমাৰী আপোনাৰ দেহৰক্ষীক ভালদৰে নিব। চাব আকৌ পৰি যাব।

এইবুলি বলবীৰৰ লগত হাঁহে। বলৰামে হুহ বুলি কৈ ঘোঁৰাত উঠে। বিন্দুমতীয়ে নুশুনা ভাও জোৰে৷ ৰাজকুমাৰ আৰু সেনাপতিও ঘোঁৰাত উঠি বিপৰীত দিশে আগবাঢ়ে। ঘোঁৰা আগবঢ়াৰ লগে লগে সূৰ্যাস্ত দেখুওৱা হয়।

দৃশ্য তিনি

ৰাজ্যৰ প্ৰধান দুৱাৰ দেখুৱা হ’ব। ওখ প্ৰাচীৰেৰে গোটেই ৰাজ্য বেৰি থাকিব। গোটেই প্ৰাচীৰ জুৰি সৈন্যৰে আগুৰি থাকিব। মুখ্য দ্বাৰত কেইবাজনো সৈনিক থাকিব। যুৱৰাজ চন্দ্ৰভানু আৰু সেনাপতি বলবীৰ প্ৰবেশ কৰাৰ লগে লগে দ্বাৰখন খোল খাব। দুয়ো গৈ ৰাজমহল পায়। ঘোঁৰাৰপৰা নমাৰ লগে লগে লিগিৰাসকল আহি ঘোঁৰাকেইটা লৈ যাব।

দুয়ো ৰাজমহলৰ ভিতৰলৈ প্ৰবেশ কৰিব। লগে লগে এজনী ছোৱালী দৌৰি আহিব। এইগৰাকী ৰাণী ইন্দুমতীৰ প্ৰধান সেৱিকা তৰা৷ (ৰাজশ্ৰী শৰ্মা)

তৰা : যুৱৰাজৰ জয় হওক। প্ৰণাম সেনাপতি। আপোনালোক দুয়োকে ৰাণী আইদেৱে তুৰন্তে অন্তেষপুৰলৈ মাতিছে। মহাৰাজ ৰাজসভাৰপৰা অহাৰ আগতে। আহক।

চন্দ্ৰভানু আৰু বলবীৰে এজন আনজনৰ মুখলৈ চায়। যুৱৰাজে সেৱিকাক আগবাঢ়িবলৈ হাতৰে ইঙ্গিত দিয়ে। সেৱিকা যায়।

বলবীৰ : যুৱৰাজ, মই আগতে আপোনাক মানা কৰিছিলোঁ শত্ৰু ৰাজ্যৰ সীমালৈ যাবলৈ কিন্তু আপুনি মোৰ কথা অলপো নুশুনে। এতিয়া মহাৰাজে গম পালে দুয়োকে সুদাই নেৰিব। ৰাণী আইদেৱে চাগে গম পাইছে।

চন্দ্ৰভানু : ভয় নকৰিবা মিত্ৰ। ৰাণী বৌৱে মোক একো নকয়। বৰং মহাৰাজৰপৰা বচাবহে কিন্তু কেনেকৈ গম পালে আমি তালৈ যোৱাটো?

বলবীৰ : এই সেৱিকা তৰাই লগাইছে চাগে। এই মস্ত কূটনী। বৰ নজৰ কৰি থাকে চাৰিওফালে। মহাৰাণীক ভালৰি বোলাই থাকে। সিদিনা মই দেৰিকৈ তৰোৱালৰ অনুশীলনলৈ অহাৰ কথাও মহাৰাজক কৈ দিছে। পিছত মহাৰাজে মোক অলপ টানকৈ কৈছিল।

চন্দ্ৰভানু : হাঃ হাঃ! ৰাজ্যৰ সেনাপতিয়ে যদি তৰোৱাল অনুশীলন নকৰে তেতিয়াহ’লে মহাৰাজৰ চিন্তা হ’বই দিয়াচোন? ব’লা অন্তেষপুৰলৈ যাওঁ। অ’ ৰ’বা কেতেকী ফুল দুপাহ ক’ত?

বলবীৰ : এয়া মোৰ হাতত। কিন্তু মই এপাহহে পাইছিলোঁ তাত?

চন্দ্ৰ : এপাহ নহয় দুপাহ আছিল। ছেঃ বৰ কষ্ট কৰি ৰাণী বৌলৈ আনিছিলোঁ বিহুৰ উপহাৰ হিচাপে। এই ফুলৰ গোন্ধ ৰাণী বৌৱে বৰ ভাল পায়।

বলবীৰ : দুপাহে দেখোন! আপোনাৰ হাতত কপৌ ফুল দেখোন এপাহ।

যুৱৰাজে লুকুৱাই দিয়ে ফুলপাহ খোচনিত। বলবীৰে হাঁহে। দুয়ো আগবাঢ়ে। এটি সুসজ্জিত কোঠালি দেখুৱা হ’ব। ভিতৰত এখন নানা কাৰুকাৰ্য থকা চন্দন কাঠৰ পালেং। এফালে সুন্দৰ চকী কেইখনমান।

আনফালে নানা অলংকাৰেৰে ভৰা বাকচ। এখন ডাঙৰ দাপোন। সমুখত বিভিন্ন প্ৰসাধন সামগ্ৰী। এখন ডাঙৰ মেজত বিভিন্ন ফলমূল, চৰবত, মিঠাই আদি সজোৱা থাকে। বিভিন্ন সুগন্ধি ফুলেৰে সজোৱা থাকে কোঠাটো। কোঠাটোৰ লগত সংলগ্ন বাৰাণ্ডাত এখন সৰু দাপোন লৈ এগৰাকী নাৰীয়ে কেশসজ্জা কৰি থাকে। প্ৰধান সেৱিকাই তেওঁৰ খোপাত ফুল লগাই থাকে। এনেতে চন্দ্ৰভানু আৰু বলবীৰ আহি পায়। দুৱাৰ মুখত থকা দাসীক ভিতৰত খবৰ দিবলৈ কয়। ভিতৰৰপৰা প্ৰধান সেৱিকাজনী আহি দু্য়োকে আদৰি নিয়ে।

দুয়ো থিয় হৈ থাকে। এনেতে পিন্ধনত খমখমীয়া মুগাৰ মেখেলা আৰু ৰিহা। হাতত গাম খাৰু, ডিঙিত গলপতা, কাণত কেৰু আৰু ডাঙৰকৈ ৰঙা ফোটেৰে ধুনীয়াকৈ মহিলা এগৰাকী সোমাই আহে৷ (এই চৰিত্ৰটো কৰিব পূৰবী বৰুৱাই। ৰাণী মনোমতী)

যুৱৰাজ চন্দ্ৰভানু আৰু সেনাপতি বলবীৰে প্ৰণাম জনায়। আৰু তলমূৰকৈ থাকে।

মনোমতী : চন্দ্ৰ তুমি ক’লৈ গৈছিলা? তাকো মনে মনে? জানানে পদে পদে বিপদ ৰৈ থাকে?

চন্দ্ৰ : নাই ৰাণী বৌ! এনেই অলপ ফুৰিবলৈ মানে ধেমালি কৰিবলৈ গৈছিলোঁ।

মনোমতী : ধেমালি কৰাৰ বয়স আছে জানো এতিয়া তোমাৰ? দুদিন পিছত তুমি এই ৰাজ্যৰ ভাৰ ল’ব লাগিব। ককাইদেউৰাক সহায় কৰিব লাগে তুমি ৰাজকাৰ্যত আৰু তুমি ধেমালি কৰি ফুৰিছা?

বলবীৰ : ৰাণী মা, আচলতে ময়ে যুৱৰাজক লৈ গৈছিলোঁ। এওঁৰ দোষ নাই।

মনোমতী : আৰু সেনাপতি তুমিও হেনো লগত গৈছিলা? ৰাজ্যৰ সুৰক্ষা এৰি তুমি যুৱৰাজৰ লগত ধেমালি কৰিবলৈ গৈছিলা? এয়াই নেকি তোমাৰ ৰাজ্য আৰু ৰজাৰ প্ৰতি দায়িত্ব? মহাৰাজে গম পালে কি হ’ব জানানে?

এনেতে বাহিৰত শুনিবলৈ পোৱা যায়….

“সাৱধান, মহাৰাজ ইন্দ্ৰভানু আহি আছে”(এই চৰিত্ৰটো কৰিব জয়ন্ত দাসে) লগে লগে ৰাণী, যুৱৰাজ আৰু সেনাপতি সচেতন হৈ থিয় হ’ল। ৰাণী মনোমতীয়ে দূৰৰপৰা দাপোনখনলৈ চাই দুৱাৰ মুখলৈ আগবাঢ়ি যায়।

ৰজাৰ প্ৰবেশ হোৱাৰ লগে লগে ৰাণীয়ে প্ৰণাম জনায় আগবঢ়াই আনে। মহাৰাজে মুকুটটো ৰাণীৰ হাতত দিয়ে। ৰাণীয়ে মুকুটটো আলফুলে কাষৰ মেজখনত থয় আৰু ৰজা চকীত বহাৰ লগে লগে ময়ূৰৰ পাখিৰ বিচনীৰে বিচি দিয়ে আৰু কাষতে থকা ৰূপৰ জগৰপৰা ৰূপৰ গিলাচত পানী দিয়ে। যুৱৰাজ আৰু সেনাপতিয়ে প্ৰণাম জনাই ভয় ভয়কৈ। ৰজা ইন্দ্ৰভানুৱে দুয়োৰে মুখলৈ চায় আৰু দুয়ো তলমূৰ কৰে।

ইন্দ্ৰভানু : চন্দ্ৰ তোৰ যে ৰাজকাৰ্য্যৰ প্ৰতি অলপো মন-কাণ নাই? দেখিছই মোৰ বয়স হৈ আহিছে।

চন্দ্ৰ : ককাইদেউ। আচলতে মই….

মনোমতী : দিব মন লাহে লাহে। এতিয়া আপুনি আছে যেতিয়া সিনো কিয় কষ্ট কৰিব লাগে? সৰু হৈ আছে নহয়।

ইন্দ্ৰভানু : সৰু? সাতাইশ বছৰীয়া পুৰুষ এজন সৰু? তোমাৰপৰা আসৈ পায় সি অমনোযোগী হৈছে কামত। আৰু বলবীৰ! তুমি মোৰ প্ৰিয়বন্ধু মহামন্ত্ৰীৰ পুত্ৰ। তোমাকো মই চন্দ্ৰৰ সমানে ভাল পাওঁ। সেয়েহে তোমাক সেনাপতি পাতিছোঁ। তুমি ৰাজ্যৰ সুৰক্ষাৰ কথা চিন্তা নকৰি চন্দ্ৰৰ লগত ধিতিঙালি কৰি ফুৰিছা?

মনোমতী : আচলতে মহাৰাজ ইহঁতৰ দোষ নাই। মইহে কেতেকী ফুল আনিবলৈ পঠিয়াইছিলোঁ। আপুনি জানেনে কেতেকী ফুলৰ ৰেণু মুখত সানিলে গাল মসৃণ হয় আৰু যুৱতীৰ দৰে মিহি হয় চালখন।

ইন্দ্ৰভানু : অঁ, সেয়েহে তোমাৰ গালৰ ক’লা দাগটো আগতকৈ কমিছে? অলপ বয়সটোও কমিছে আগতকৈ। চালখন শোতোৰা পৰাটোও কমিছে অলপ।
ৰাণী মনোমতীয়ে খঙেৰে ৰজালৈ চায় আৰু চন্দ্ৰ আৰু বলবীৰলৈও চায়। ৰজাই হাঁহি হাঁহি থিয় হয় আৰু মুকুটটো পিন্ধি যাবলৈ সাজু হয়। তাৰপিছত যুৱৰাজলৈ চায় আৰু কয়,

ইন্দ্ৰভানু : সকলো সময়তে নবৌৱেৰে বচাব নোৱাৰে৷

ৰজাই প্ৰস্থান কৰে। চন্দ্ৰই হাঁহি হাঁহি কয়,

চন্দ্ৰভানু : অ’ নবৌ তুমি সঁচাকে কেতেকী ফুল গালত সানা নেকি?

ইন্দুমতীয়ে লাহেকৈ এক থাপৰ দিয়ে। আৰু সেৱিকাক আহাৰৰ ব্যৱস্থা কৰিবলৈ দিয়ে। আটায়ে খোৱা গৃহলৈ আগবাঢ়ে। আহি থাকোঁতে চন্দ্ৰভানুৱে বলবীৰক সোধে, “আনপাহ কেতেকী ফুল কি হ’ল?”

দৃশ্য চাৰি

ৰাজকুমাৰী বিন্দুমতী ৰাজ উদ্যানত অকলশৰে বহি থাকে পদুম পুখুৰীৰ পাৰত। পুখুৰীত কেইবাযোৰা ৰাজহাঁহে পদুমৰ গুটি চিঙি খাই থাকে। বিন্দুমতীয়ে একেথৰে হাঁহবোৰলৈ চাই কিবা ভাবি থাকে। হাতত কেতেকী ফুলপাহ। এনেতে পিছফালৰপৰা সখী ৰূপমতী আহে আৰু মাতিবলৈ ধৰে। বিন্দুমতীয়ে উচপ খাই “কোন” বুলি সোধে।

ইন্দুমতী : আয়ৈ দেহি! নিজৰ সখীয়েকৰ মাতো নুশুনা হ’ল? পিচে কাৰ কথা ভাবি আছা? নিশ্চয় কেতেকী ফুলৰ গৰাকীক নহয়নে সখী?

বিন্দুমতী : ইস্‌, তোমাৰো যে কথা! চিনি নোপোৱা শত্ৰু দেশৰ মানুহজনৰ কথা বা কিয় ভাবিম? আৰু ফুলৰ কোনো গৰাকী নাই দেই। প্ৰকৃতিৰ বস্তু হয়।

ইন্দুমতী : হয়নে? জানো মোৰ দেখোন বেলেগ যেনহে লাগিছে। মানে শত্ৰু দেশৰ এই ফুলৰ গৰাকীৰ চিত্ৰ এখন যে অঁকা দেখিছোঁ কাৰোবাৰ কোঠাত।

বিন্দুমতী উচপ খাই উঠে আৰু লাজ লাজকৈ সৰুকৈ কয়,

বিন্দুমতী : সখী তুমি দেখিলা? মোৰে শপত কাকো নক’বা। নহ’লে মহা বিপদ হ’ব। কি কৰোঁ প্ৰথম দৃষ্টিতে তেওঁক ভাল লাগি গ’ল।

ইন্দুমতী : কিন্তু মই যে আৰু ভাল লগা বাৰ্তা এটি আনিছোঁ তোমালৈ জানানে?

বিন্দুমতী : কি?

ইন্দুমতী : নকওঁ। আগতে তুমি মোৰ এটা কথা ৰাখিব লাগিব।

বিন্দুমতী : নিশ্চয় ৰাখিম প্ৰিয় সখী। কোৱানা কি বাৰ্তা আছে।

ইন্দুমতী : তোমাৰ কেতেকী ফুলৰ গৰাকীয়ে এইখন পত্ৰ তোমালৈ দিছে। তোমাৰ মনৰ যি অৱস্থা তেওঁৰো একে গতি।

বিন্দুমতী : কি? কোনে দিলে তোমাক? ইস্‌ কি নীলাজ! প্ৰথম চিনাকিতে কাৰোবাক পত্ৰ দিয়েনে?

ইন্দুমতী : হয়নে? সেইকাৰণে হ’বলা প্ৰথম দেখোঁতেই তেওঁৰ ছবি মনত আঁকি লৈ ল’লা। বাঃ! একেবাৰে সাইলাখ মানুহজনেই থিয় দি থকা যেন লাগিছিল দেই চিত্ৰখন চায়।

বিন্দুমতী : সখী আৰু একো নক’বা। মোৰ লাজ লাগিছে। পিচে তোমাৰ কথাটো কোৱা? আৰু পত্ৰখন কোনে দিলে তোমাক?

ইন্দুমতী : পত্ৰখন তেওঁৰ মিত্ৰ সেনাপতি বলবীৰে দি গৈছিল। লোৱা, পিচে মোৰো কাৰোবাক ভাল লাগে সময়ত সহায় কৰিবা বুলি জনাই থ’লোঁ।

বিন্দুমতী : কোন? শত্ৰু দেশৰ সেনাপতি নেকি?

ইন্দুমতী : সময়ত জনাম।

এনেতে পৰিচাৰিকা চম্পা আহে৷ ( ডলী তালুকদাৰ)

চম্পা : ৰাজকুমাৰী প্ৰণাম। আপোনাক মহাৰাণী আৰু মহাৰাজে মাতিছে। কিবা হেনো জৰুৰী কথা আছে। আপোনাৰ কোঠালিতে আছে তেওঁলোক।

বিন্দুমতী আৰু ইন্দুমতী দুয়ো দুয়োৰে চকুলৈ চাই আৰু লগে লগে আহিবলৈ সাজু হয়। প্ৰায় দৌৰি অহাৰ দৰে আহে।

বিন্দুমতী : সখী, ককাইদেউ আৰু নবৌৱে দেখিলে সৰ্বনাশ হ’ব চিত্ৰখন। শিঘ্ৰে ব’লা।

দৃশ্য পাঁচ

বিন্দুমতীৰ কোঠালিত মহাৰাণী ভানুমতী আৰু ৰজা বিক্ৰম সিংহ লগতে সেনাপতি বাহুবলী সিংহ (ৰিণ্টুমণি দত্ত) বহি থাকে।

বিন্দুমতী আৰু ইন্দুমতী খৰখেদাকৈ আহে কিন্তু কোঠালিৰ সমুখ পোৱাৰ লগে লগে খোজ ধীৰে ধীৰে দিয়ে আৰু প্ৰবেশ কৰে। দুয়োৰে মুখ ভয়তে শুকাই থাকে। প্ৰবেশ কৰিয়ে বিন্দুমতীয়ে প্ৰণাম কৰে।

বিন্দুমতী : ককাইদেউ, নবৌ প্ৰণাম। আপোনালোকে কিয় কষ্ট কৰিলে? মোক মাতিব লাগিছিল আপোনালোকৰ ওচৰলৈ। নমস্কাৰ সেনাপতি বাহুবলী৷ (সেনাপতিলৈ চায়)

 পিছে পিছে অহা ইন্দুমতীয়ে প্ৰণাম মহাৰাজ, প্ৰণাম ৰাণী মা। আৰু সেনাতিলৈ চায় নমস্কাৰ দিয়ে। সেনাপতিয়ে ইন্দুমতীলৈ চাই নিজৰ মোচ কোঁচাত হাত বোলাই দিয়ে আৰু কয়,

বাহুবলী : প্ৰণাম ৰাজকুমাৰী বিন্দু। প্ৰণাম ইন্দুমতী। ভালনে তোমাৰ?

ইন্দুমতীয়ে মূৰ দুপিয়াই দিয়ে।

ৰজা বিক্ৰম : ভনী বিন্দু। বহুদিন তোমাৰ খবৰ ল’বপৰা নাই ৰাজকাৰ্য্যৰ বাবে। দেশৰ সুৰক্ষাৰ কামতে ব্যস্ত আছিলোঁ। কিন্তু আজি তোমাৰ নবৌ মহাৰাণী ভানুৱে ক’লে তুমি হেনো আজিকালি মন মাৰি থাকা? খোৱা বোৱাত মন নিদিয়া? কেৱল ছবি আঁকি থাকা? সত্যনে এই কথা।

বিন্দুমতী : ককাইদেউ, ক’তা মইতো ঠিকেই আছোঁ। আপোনালোকে ভুল শুনিছে চাগৈ? নহয়নে সখী?

ভানুমতী : কিয় ভুল শুনিম? তোমাৰ চেহেৰাটো চোৱাচোন! কেনেকৈ মলিন হৈ গৈছে। খীণাইছাও আগতকৈ। আৰু এইয়া কি? একো প্ৰসাধন নাই মুখত?

চম্পাই কৈছে কেৱল ছবি আঁকি থাকা। খোৱা-বোৱাও নকৰা? ইন্দুমতী তুমি সখীয়েকজনী থাকোঁতে কিয় এনে হৈছে?

বিন্দুমতী : নাইতো নবৌ! মই ঠিকেই আছোঁ। আমনি লাগিলেহে ছবি আঁকো। দাসীয়ে ভুল বুজিছে।

ভানুমতী : মই কিন্তু ভুল বুজা নাই। এতিয়া আমনি আঁতৰবলৈ আমিয়ে ব্যৱস্থা কৰিব লাগিব। নহয়নে মহাৰাজ?

বিন্দুমতী : কি নবৌ?

ভানুমতী : সময়ত ক’ম। প্ৰথমতে তুমি নিজকে অলপ ভালদৰে যত্ন লোৱা। চোৱাচোন তোমাতকৈ বেছি সাজোন কাচোন ইন্দুমতীয়ে কৰিছে মন্ত্ৰীৰ জীয়েক হৈও।

ৰজা বিক্ৰম : অতি সোনকালে তোমাক চাবলৈ ৰজা এজন আহিব গতিকে তুমি সাজু হোৱা। তেওঁ আমাৰ ৰাজ্যত আহি কিছুদিন থাকিব। তোমাৰ লগত চা- চিনাকি হ’ব। তোমাক বিয়া পাতি নিজ ৰাজ্যলৈ লৈ যাব।

বিন্দুমতীয়ে ইন্দুমতীলৈ চাই কন্দনামুৱা হয়৷ তেনেতে সেনাপতিয়ে বিন্দুমতীৰ মনৰ ভাব বুজিব পাৰি কয়,

বাহুবলী : ৰাজকুমাৰী বিন্দু। আপুনি মোৰ ভনীৰ দৰে। মই মহাৰাজক কৈছোঁ যদিহে আপোনাৰ পচন্দ নহয় তেতিয়াহ’লে বিবাহ নহয়। ভয় নকৰিব। নহয়নে মহাৰাজ?

ৰজা আৰু ৰাণী একেলগে,

: হয় হয়। আমি তোমাৰ বিনা অনুমতিত এই বিবাহ নকৰাওঁ৷

ভানুমতী : বিন্দু তুমি অলপো চিন্তা নকৰিবা।

ৰজা বিক্ৰম : সেনাপতি, তুমি বিন্দুক কিছুদিন তৰোৱালৰ প্ৰশিক্ষণ দিয়া। যাতে তাই স্বামীৰ ঘৰতো নিজৰ লগতে স্বামীক ৰক্ষা কৰিব পাৰে বিপদত। ইমান দিনে মৰমতে তাইক ভালকৈ শিকোৱা নাছিলোঁ তৰোৱাল চলোৱা।

বাহুবলী : (লাহেকৈ কয়) ৰাজকুমাৰীৰ লগতে সখীয়েককো শিকাম।

আৰু ইন্দুমতীলৈ চায়। ইন্দুমতীয়ে শুনা পাই আৰু মুখখন ভেঙুৰাই দিয়ে। বাহুবলীয়ে হাঁহে। ৰজা, ৰাণী আৰু সেনাপতি তিনিওজনে প্ৰস্থান কৰে।

বিন্দুমতী আৰু ইন্দুমতী দুয়ো স্বস্তিৰ উশাহ লয় আৰু দুৱাৰৰ চুকত ঢাকি থোৱা চন্দ্ৰভানুৰ চিত্ৰখন উলিয়াই আনে।

দৃশ্য ছয়

যুৱৰাজ চন্দ্ৰভানু তেওঁৰ কোঠাত বহি কিবা লিখি থাকে। তেনেতে সেনাপতি বলবীৰ সোমাই আহে। যুৱৰাজে তেওঁক দেখি বহিবলৈ দিয়ে।

চন্দ্ৰভানু : কোৱা মিত্ৰ। কিবা বিশেষ কাম আছিল নেকি? ৰাজ্যৰ কিবা কথা মহাৰাজে কৈছে নেকি?

বলবীৰ : যুৱৰাজৰ ওচৰলৈ সেনাপতি নহয় বন্ধুহে আহিছে। এইখন লোৱা আৰু পঢ়ি সোনকালে উত্তৰ দিয়া।

চন্দ্ৰভানুৱে চাই দেখে সেইখন এখন চিঠিৰ উত্তৰ। তেওঁ আচৰিত হয় আৰু বলবীৰৰ মুখলৈ চায়।

চন্দ্ৰভানু : আৰে এইখন দেখোন পত্ৰৰ উত্তৰ। মোক দিছে। পিচে মই কেতিয়ানো ৰাজকুমাৰী বিন্দুক দিছিলোঁ পত্ৰ?

বলবীৰ : মই দিছোঁ আপোনাৰ হৈ। কাৰণ আপুনি বিন্দুমতীক দেখাৰপৰাই প্ৰেমত পৰিছিল। খোৱা শোৱা বাদ দিছিল। তেওঁৰ নামত বহুতো কবিতা লিখিছিল। সেয়েহে মই দিছিলোঁ আপোনাৰ নামত।

চন্দ্ৰভানু : কিন্তু কিয়? ইস্‌ তেওঁ কি ভাবিব? তাতে শত্ৰু দেশৰ কন্যা।

বলবীৰ : কিন্তু তেওঁ উত্তৰ দিছে। তেঁৱো আপোনাক ভাল পায়। যুৱৰাজ বহুত হ’ল। অতদিনৰ শত্ৰুতা শেষ কৰিব লাগে। আপুনি উত্তৰ লিখক সোনকালে। ৰাজকুমাৰীয়ে আপোনাক লগ কৰিবলৈ বিচাৰিছে৷

যুৱৰাজে উত্তৰ লিখি সেনাপতিৰ হাতত দিয়ে।

সুন্দৰপুৰ ৰাজ্যৰ এটা সৰোবৰ। পদুম ফুলেৰে জকমকাই থাকিব। দ্ৰোণ কেমেৰাৰে দূৰৰ আকাশত কেইটামান বগলী উৰি যোৱা দেখুৱাব। কিছুমান গোলপীয়া ৰঙৰ বনৰীয়া ফুল বতাহত নাচি থকা দেখুৱাব। লাহে লাহে ওচৰলৈ গৈ থাকিব কেমেৰা।

সৰোবৰৰ পাৰত সেউজীয়া ঘাঁহনিত ৰাজকুমাৰী বিন্দুমতী আৰু সখীয়েক ইন্দুমতী বহি থাকিব। বিন্দুমতীৰ পিন্ধনত ৰঙা পাটৰ মেখেলা আৰু গাত মণিপুৰৰ ৰজাৰপৰা ককায়েকে উপহাৰ হিচাপে পোৱা মণিপুৰী চাদৰ। গহণাও মণিপুৰী ডিজাইনৰ পিন্ধিছে। সখীয়েক ইন্দুমতীয়ে গহণাবোৰ এপদ এপদকৈ চুই চাই আছে৷

ইন্দুমতী : সখী তোমাক আজি বৰ ধুনীয়া লাগিছে এই গহণা আৰু সাজেৰে। এয়া গহণা আৰু সাজৰ বাবে নে ৰাজকুমাৰ চন্দ্ৰৰ প্ৰেমৰ বাবে!

বিন্দুমতী মুখখন লাজত ৰঙা পৰে। বেক গ্ৰাউণ্ডত লা লা লা লা লা….গায়িকাৰ কণ্ঠত বাজে। এনেতে ঘোঁৰাৰ শব্দ শুনিবলৈ পোৱা যায়। ইন্দুমতীয়ে থিয় হৈ চাই আৰু যুৱৰাজ অহাৰ ইঙ্গিত দিয়ে।

ইন্দুমতী : সখী মই যাওঁ। তুমি কথা পাতা যুৱৰাজৰ লগত।

বিন্দুমতী : সখী নাযাবা। মোৰ লাজ লাগে। আজি প্ৰথম লগ পাম। কি কথা ক’ম?

ইন্দুমতী : একো নহয়। তুমি মনৰ কথা কৈ দিবা আৰু মহাৰাজে যে তোমাৰ বিয়া ঠিক কৰিছে চুবুৰীয়া ৰাজ্যৰ ৰাজকুমাৰৰ সৈতে জনাই দিবা। লগতে ৰাজকুমাৰ অহা পূৰ্ণিমাত আহিব তাকো জনাবা৷

এনেতে যুৱৰাজ চন্দ্ৰ আৰু সেনাপতি বলবীৰ কাষ চাপি আহে। দুয়ো নমস্কাৰ দিয়ে বিন্দুমতীক। বিন্দুমতীয়ে লাজ লাজকৈ প্ৰতি নমস্কাৰ দিয়ে।

ইন্দুমতী : আমি তেনেহ’লে যাওঁ নেকি? আপোনালোকে কথা পাতক।

 বলবীৰ : হয় হয়। আমি সৌ গছজোপাৰ তলতে বহোঁ। কোনোবা আহিলে জনাম৷

দুয়ো আগবাঢ়ে। বিন্দুমতী আৰু চন্দ্ৰভানুৱে দুয়ো দুয়োকে চাই থাকে। বেকগ্ৰাউণ্ডত চন্দ্ৰ বিন্দু চন্দ্ৰ বিন্দু… ইকো হৈ থাকে।

দৃশ্য সাত

অন্তেষপুৰত। ৰজা বিক্ৰম সিংহ বহি থাকে। কাষতে মহাৰাণী ভানুমতী। দাসী চম্পাই দুয়োকে ফল কাটি দিয়ে। বিক্ৰম সিংহই দাসী গৰাকীলৈ চাই সোধে,

বিক্ৰম সিংহ : তুমি নব নিযুক্ত দাসী নেকি? কি নাম তোমাৰ?

চম্পা : নহয় মহাৰাজ। চম্পা মোৰ নাম।

বিক্ৰম সিংহ : আগতে দেখা নাই যে?

ভানুমতী : তাই অন্তেষপুৰৰ আটাইকেইজনী ৰাণীৰ লগতে থাকে বেছিভাগ। সেইকাৰণে আপুনি দেখা নাছিল। আমাৰ শৃংগাৰ কৰে। দাসী নহয়।

বিক্ৰম সিংহ : দেখিবলৈ ধুনীয়া।

লোৱা বুলি ফল এটুকুৰা আগবঢ়াই দিয়ে। ভানুমতীয়ে ৰজাক খঙেৰে চায়। চম্পাই ফলৰ টুকুৰাটো ভয়েৰে লয়। ৰাণী ভানুমতীয়ে চম্পাক খঙেৰে কয়,

: তই ইয়াত থিয় হৈ আছ যে? নাজান মহাৰাজ আহিলে মই একান্ত বিচাৰোঁ।

চম্পা যায়গৈ। ৰজাই তাই যোৱাৰ ফালে চাই থাকে। ভানুমতীৰ চকু পৰাত খঙ উঠে।

ভানুমতী : আপুনি যে সাধাৰণ দাসী এগৰাকীক ধুনীয়া বুলি ক’লে? আৰু ইমান চাব কিয় লাগে? থালৰ ফল খাবলৈও দিলে যে?

বিক্ৰম সিংহ : নাই মানে মৰম কৰিব লাগে দিয়াচোন দাসী হ’লেও তাই ছোৱালী। প্ৰশংসা কৰিব লাগে৷ নাপায় ক’ব তেনেকৈ। ৰাণীৰ কঁপালে বেটিৰ কঁপালে সমান।

ভানুমতী : কি কৈছে? আকৌ এবাৰ কওক।

ৰজাই নুশুনা ভাও জুৰি ফল খাই থাকে। তেনেতে দেহৰক্ষী বলৰাম সোমাই আহে।

বলৰাম : মহাৰাজৰ জয় হওক। প্ৰণাম ৰাণী মা

ভানুমতী : মহাৰাজে বিশ্ৰামৰ সময়ত কাকো লগ নধৰে বুলি তই নাজান নেকি বলৰাম?

বিক্ৰম সিংহ : কি হ’ল বলৰাম? এনেদৰে মোৰ বিশ্ৰামৰ সময়ত অহাৰ কাৰণ?

বলৰাম : ক্ষমা মহাৰাজ। আচলতে বৰ দৰকাৰী কথাৰ বাবে আহিলোঁ। আপোনাক খবৰ এটি দিব খুজিছোঁ।

বিক্ৰম সিংহ : কি খবৰ?

বলৰামে কাণৰ কাষত ৰজাক কথাটো কয় আৰু ৰজা খঙত উত্তেজিত হৈ পৰে। বলৰাম ভয়ত কঁপিবলৈ ধৰে। ৰজাই বলৰামক তুৰন্তে সেনাপতি বাহুবলীক মাতি আনিবলৈ আদেশ দিয়ে। কিছু সময় পিছত সেনাপতি প্ৰবেশ কৰে।

বাহুবলী : মহাৰাজৰ জয় হওক। কি আজ্ঞা আছিল মোৰ বাবে?

বিক্ৰম সিংহ : তুৰন্তে তুমি বান্দৰচলিহাৰ ৰাজকুমাৰক খবৰ দিয়া। অহা মাহত মই বিন্দুমতীৰ বিয়া পাতিম।

ভানুমতী : কিন্তু মহাৰাজ…মিলনপুৰৰ যুৱৰাজ বহুত বীৰ আৰু সুন্দৰ। আৰু তেওঁলোকতো আমাৰ আপোনেই আছিল এসময়ত। আপোনাৰ পৰম মিত্ৰ ৰজা ইন্দ্ৰভানু।

বিক্ৰম সিংহ : মই একো নুশুনো। বান্দৰচলিহাৰ ৰাজকুমাৰ বহুত বীৰ। মোৰ শত্ৰুৰ লগত হলিগলি কৰা মোৰ ভনীক অতি শীঘ্ৰে বিদায় দিম। মোৰ কোনো মিত্ৰ নাই। মোক প্ৰতাৰণা কৰা লোক মিত্ৰ হ’বই নোৱাৰে বাহুবলী তুমি আজিয়েই খবৰ দিয়া গৈ।

হঠাত মহাৰাণীৰ ওচৰলৈ অহা ইন্দুমতীয়ে কথাখিনি শুনে। তাই লৰালৰিকৈ আহি বিন্দুমতীক খবৰ দিয়ে৷ বিন্দুমতীয়ে কান্দে আৰু এটা বিষাদৰ গান গায়। ইন্দুৱে সান্তনা দিয়ে আৰু বাহিৰত সেনাপতিক দেখি ওলাই আহে। সেনাপতিৰ ওচৰলৈ আহি হাঁহি মাৰি বান্দৰচালিহাৰ ৰাজকুমাৰ কেতিয়া আহিব জানি লয়। সেনাপতি যায় আৰু ইন্দুৱে কিবা ভাবি ৰাজমহলৰপৰা ওলাই আহে।

দৃশ্য আঠ

অতিথিশালাত তিনিজন অতিথি বহি থাকে। তাৰে দুজন ৰাজকুমাৰ আৰু এজন সেনাপতি। তেওঁলোক ক্ৰমে চন্দ্ৰভানু, বলবীৰ আৰু বান্দৰচালিহাৰ ৰাজকুমাৰ ভোজনকুমাৰ৷ (বিজয় মহন্ত) ভোজন কুমাৰে টেবুল এখনত থোৱা খাদ্যসমূহ খায় থাকে। বলবীৰে চায় থাকে।

বলবীৰ : বাপৰে! ইমান খাব পাৰে এই ৰাজকুমাৰে। লগ পোৱাৰেপৰা খায়েই আছে। তথাপি হেঁপাহ পলোৱা নাই।

কথাখিনি ভোজন কুমাৰে শুনা পায়। তেওঁ লগে লগে উত্তৰ দিয়ে,

ভোজন : খোৱাটো মোৰ আটাইতকৈ প্ৰিয় কাম। মোৰ ৰাজ্যত খাদ্যৰ অভাৱ নাই। মাছ-কাছ উভৈনদী। মই ৰজা। গতিকে মোৰ খোৱা আৰু শোৱাটো চখ।

বলবীৰ : কিন্তু ৰাজ্য কোনে চাব আপুনি যদি শুই থাকে?

ভোজন কুমাৰ : কিয়? অতসোপা সৈন্য সামন্ত এনেই ৰাখিছোনে? সেনাপতি সৱকে পাতি দিছোঁ। মই বহুত বুধিয়ক যে? সৱ প্ৰজা মন্ত্ৰী।

চন্দ্ৰভানু আৰু বলবীৰে একেমুখে কয়, “হয় আপুনি বহুত বুধিয়ক৷”

চন্দ্ৰভানু : সুন্দৰপুৰৰ ৰজাই বৰ বুধিয়ক আৰু বীৰ ৰজাকে ভনীয়েকৰ বাবে ঠিক কৰিছে।

বলবীৰে হাঁহে। চন্দ্ৰভানুৱে ভোজন কুমাৰক কয় যে তেওঁ অতিথিশালাতে থাকক আৰু কাকোৱেই যাতে নিজৰ পৰিচয় নিদিয়ে। নহ’লে তেওঁৰ বিপদ হ’ব। ৰাজকুমাৰী কেনেকুৱা স্বভাৱৰ আগতে জানিব লাগিব।

চন্দ্ৰভানু : মহাৰাজ ভোজন কুমাৰ৷ আপুনি এই কোঠাতে থাকিব। মই যেতিয়ালৈকে নকওঁ প্ৰকৃত পৰিচয় নিদিব। আপোনাৰ যিমান মন যায় খাব আৰু শুব। বলবীৰে আপোনাৰ সম্পূৰ্ণ সুৰক্ষা দিব। আপুনি মোৰ বন্ধু বুলি ক’ব আৰু মই ভোজন কুমাৰ বুলি ক’ম।

ভোজন কুমাৰে হ’ব বুলি কৈ শুবলৈ যায়। তেনেতে দাসীয়ে কোঠালৈ আহে আৰু মহাৰাজে মাতি পঠিওৱা বুলি কয়। চন্দ্ৰই বলবীৰক থাকিবলৈ দি অকলে আহে। ৰজা বিক্ৰমসিংহৰ কোঠাত মহাৰাণী ভানুমতী, বিন্দুমতী আৰু ইন্দুমতী থাকে। বিন্দুৱে তলমূৰকৈ কান্দি থাকে।

বিক্ৰম সিংহ : কান্দোন বন্ধ কৰ ভনী। তোৰ চকুপানীয়ে মোক গলাব নোৱাৰে। প্ৰবল প্ৰতাপী বান্দৰ চলিহাৰ ৰজাক তোৰ বাবে ঠিক কৰিছোঁ। আজি আহিছে। ভালদৰে কথা পাতিবি।

এনেতে এজন চিপাহী ভোজন কুমাৰ অহা খবৰ দিয়ে। ৰজাই আহিবলৈ অনুমতি দিয়ে। ৰাজকুমাৰ চন্দ্ৰ সোমাই আহে।

চন্দ্ৰভানু : মহাৰাজৰ জয় হওক। প্ৰণাম মহাৰাণী। প্ৰণাম ৰাজকুমাৰী।

বিন্দুমতীয়ে মাতটো বুজি পায় আৰু চন্দ্ৰভানুক দেখি আচৰিত হয়। সখীয়েকৰ ফালে চাই আৰু ইন্দুৱে পিছত ক’ব বুলি চকুৰে ইংগিত দিয়ে। ভানুমতীয়ে দেখা পায় যদিও একো নকয়।

ৰজাই ভোজন কুমাৰ বুলি ভাবি খবৰ বাতৰি সোধে আৰু পিছদিনা ৰাজকুমাৰীৰ লগত বন বিহাৰ কৰিবলৈ যাবলৈ কয়। ৰাণী ভানুমতীও যাবলৈ ওলায়।

 দৃশ্য ন

মিলনপুৰ ৰাজ্য। অন্তেষপুৰত ৰজা ইন্দ্ৰভানু চিন্তিত অৱস্থাত আছে। কাষত ৰাণী মনোমতী বহি আছে।

মনোমতী : মহাৰাজ চিন্তা কৰিলে নহ’ব। কিবা এটা খাওক। আজি চাৰিদিনে একো খোৱা নাই। চন্দ্ৰ আহিব সোনকালে।

ইন্দ্ৰভানু : কি কৈছা? মোৰ পৰম শত্ৰুৰ ৰাজ্যৰপৰা সি সুকলমে আহিব পাৰিব? তুমি নাজানা ৰজা বিক্ৰম সিংহ কিমান অহংকাৰী আৰু জেদী।

মনোমতী : কিন্তু আপোনাৰ এসময়ত পৰম মিত্ৰ আছিল। আপোনালোক দুয়োৰে বন্ধুত্বৰ উদাহৰণ দিছিল লোকে। সাধাৰণ কথা এটাত ইমান শত্ৰু হয়নে?

ইন্দ্ৰভানু : সাধাৰণ কথ নহয়। যদি সাধাৰণ হ’লহেঁতেন তেওঁ আজিও শত্ৰুতা নাৰাখিলে হয়। তোমাক বিয়া কৰাব নোৱাৰা খং আজিও আছে।

মনোমতী : মোক বিবাহ নকৰোৱাৰ বাবে নহয় আপুনি যে মোক পলুৱাই আনিলে তাৰবাবেহে খং কৰিছিল। আপোনাৰ পৰম মিত্ৰ যেতিয়া ক’ব লাগিছিল কিন্তু আপুনি আমাৰ প্ৰেমৰ কথা নকৈ মোক বিয়াৰ দিনা পলুৱাই আনিলে৷

ইন্দ্ৰভানু : তোমাৰ পিতৃয়ে সুযোগ নিদিলে তোমাৰ হাত খোজাৰ কথা ক’বলৈ। তোমাৰ ভিনিহিয়েৰাই ৰজা বিক্ৰম সিংহৰ লগত বিয়া ঠিক কৰিলে। তোমাৰ বাইদেউ ভানুমতীয়েহে মোক তোমাক পলুৱাই আনিবলৈ দিলে। নহ’লে মইতো মিত্ৰতাৰ খাতিৰত ত্যাগ কৰিছিলোঁ প্ৰেম।

মনোমতী : কি? বাইদেৱে পলুৱাই পঠিয়ালে মোক? আৰু আজি অত বছৰে মই গমেই নাপাওঁ। তেন্তে তাই ভিনদেউক কিয় কোৱা নাই সত্যটো? মিছাতে ইমান শত্ৰুতা কৰালে।

ইন্দ্ৰভানু : তোমাৰ বায়েৰাই ভয় খাই ভিনিহিয়েৰাই তোমাক আজিও চাব বুলি? আৰু মোৰো ভয় লাগেহে সেইজনক? তুমি যদি আকৌ ভিনিহিয়েৰালৈ মন মেলা? তাতকৈ শত্ৰু হৈ নহাকে থকাকে ভাল দিয়া।

মনোমতী : কি যে কৈছে মহাৰাজ? মইতো আপোনাকে ভাল পাওঁ। সেইবাবে আপোনাৰ লগত গুচি আহিলোঁ।

ৰজাই মৰমতে ৰানীক সাবটি ধৰে। হঠাত কিবা মনতপৰাৰ দৰে কৰি ৰাণী মনোমতীয়ে ৰজাক কয়,

মনোমতী : কিন্তু মহাৰাজ আমি এই শত্ৰুতাৰ অৱসান ঘটাব লাগিব। বহু বছৰ হ’ল। মই জানো আপুনি আপোনাৰ বন্ধুক আজিও মনত পেলায়।

বিন্দুমতীক চন্দ্ৰভানুৰ কইনা কৰি লৈ আহিম। ৰজা বিক্ৰম সিংহৰ ওচৰত ক্ষমা খুজিম। ব’লক এতিয়াই সুন্দৰপুৰ ৰাজ্যলৈ যাত্ৰা কৰোঁ।

দৃশ্য দহ

ৰাজ উদ্যানৰ পদুম পুখুৰীৰ পাৰত যুৱৰাজ চন্দ্ৰ আৰু ৰাজকুমাৰী বিন্দু বহি থাকে। চন্দ্ৰই স্বৰচিত কবিতা শুনাই থাকে বিন্দুমতীক। হঠাত বিন্দুমতীয়ে চটফটাবলৈ ধৰে।

চন্দ্ৰ : কি হ’ল বিন্দু? কবিতা ভাল লগা নাই?

বিন্দু : নহয় চন্দ্ৰ। মোৰ বৰ গৰম লাগিছে। বতাহো দিয়া নাই।

চন্দ্ৰ : (পদুমৰ পাত চিঙি আনি) পদুমৰ পাতেৰে বিচি দিওঁ ৰ’বা। তুমি কষ্ট পোৱাটো মোৰ সহ্য নহয়।

হঠাত উদ্যানত ভোজন কুমাৰক দেখা পায়। তেওঁ ওচৰলৈ আহে।

ভোজন কুমাৰ : আপোনাৰ সখীজনী ক’ত গ’ল? ইমান যে ধুনীয়া।

এনেতে ইন্দুমতী আহে ক’ৰবাৰপৰা।

বিন্দুমতী : কি হ’ল? এনেকৈ আহিছা যে উধাতু খায়৷

ইন্দুমতী : কি হ’ল মানে? আমাৰ সেনাপতি বাহুবলী আৰু এওঁলোকৰ সেনাপতি বলবীৰৰ মাজত তুমুল তৰ্ক লাগিছে।

চন্দ্ৰভানু : কি? কিন্তু কিয়?

ইন্দুমতী : কোনে মোক বিয়া পাতিব তাকে লৈ।

বিন্দু আৰু চন্দ্ৰই একেলগে কি বুলি চিঞৰে।

তেনেতে ভোজন কুমাৰে কয়,

: নহ’ব দেই। তোমাক মইহে পচন্দ কৰিছোঁ। মইহে ৰাণী পাতিম। নহ’লে কৈ দিম মই মহাৰাজক মইহে বান্দৰচালিহাৰ ৰজা আৰু এওঁ মিলনপুৰৰ যুৱৰাজ।

ইন্দুমতীয়ে মূৰে কঁপালে হাত দি বহে। চন্দ্ৰই ইন্দুৰ কাণে কাণে কিবা কয় আৰু আটায়ে ভিতৰলৈ যায়। কিন্তু ৰাজপ্ৰসাদৰ ওপৰ মহলাৰপৰা ৰাণী ভানুমতীয়ে সকলো চাই থকা কোনেও গম নাপালে। অতিথিশালাত বাহুবলী, বলবীৰ আৰু ভোজন কুমাৰ তিনিও বহি থাকে।

বাহুবলী : ইন্দুমতী, মই এই ৰাজ্যৰ সেনাপতি। গতিকে তোমাক মইহে বিয়া পাতিম। মই তোমাক বহুত ভাল পাওঁ।
বলবীৰ : ময়ো ভাল পাওঁ তোমাক। মই বহুত সুখত ৰাখিম।

ভোজন কুমাৰ : মই বান্দৰ চালিহাৰ ৰজা। মোৰ লগত বিয়া হ’লে তোমাকে ৰজা পাতিম। মই শুই থাকিম।

চন্দ্ৰভানু : ইন্দুমতী। তিনিওজনেই যোগ্য। তুমি কোনজনক বিচাৰা?

ইন্দুমতী : মই এয়া পায়স ৰান্ধিছোঁ। ইয়াৰে দুটা বাতিত বিহ মিহলাইছোঁ। এই পায়স খাই যিজন জীয়াই থাকিব তেওঁৰ লগতে বিয়া হ’ম।

কথা শুনি বাহুবলী আৰু বলবীৰ জাঁপ মাৰি উঠে আৰু আমি পায়স নাখাওঁ বুলি কয়।

ভোজন কুমাৰ : তেনেহ’লে ময়েই খাওঁ। মৰিলেও খাই মৰোঁ বুলি কৈ গোটেই কেইবাতি পায়স খায় পেলালে৷

ইন্দুমতীয়ে হাঁহি মাৰি কয় মই ভোজন কুমাৰৰ লগতে বিয়া হ’ম। বাহুবলী আৰু বলবীৰে কান্দি কান্দি ওলাই যায়।

হঠাত মহাৰাণী ভানুমতী সোমাই আহে। আৰু সোধপোচ কৰাত চন্দ্ৰভানুৱে সকলো কথা খুলি কয়৷ মহাৰাণী ভানুমতীয়ে, “মই সকলো ঠিক কৰিম” বুলি কৈ ওলাই যায়।

দৃশ্য এঘাৰ

সুন্দৰপুৰ ৰাজ্যৰ ভিতৰত ৰজা ইন্দ্ৰভানু বিশাল সেনা বাহিনীৰ সৈতে প্ৰৱেশ কৰে। গুপ্তচৰে গৈ ৰজা বিক্ৰম সিংহক খবৰ দিয়ে। লগে লগে বিক্ৰম সিংহয়ো সেনাৰে সৈতে ওলাই আহে আৰু এসময়ত ৰজা ইন্দ্ৰভানুৰ ওচৰত ৰথ ৰখায়।

ৰজা ইন্দ্ৰভানু নামি আহে নিজৰ ৰথৰপৰা আৰু ৰজা বিক্ৰমসিংহও নামি আহে। দুয়ো দুয়োকে দেখাৰ লগে লগে ৰজা বিক্ৰম সিংহৰ চকুৰ আগত প্ৰথম দৃশ্যত সপোনত দেখা কথাখিনি ভাঁহি উঠে। কেনেকৈ দুয়ো এসময়ত নলেগলে লগা বন্ধু আছিল, বন্ধুত্ব নাভাঙে বুলি শপত খাইছিল। দুয়োৰে চকু চলচলীয়া হয়। কিন্তু পিছ মুহূৰ্ততে ৰজা বিক্ৰম সিংহই সকলো পাহৰি তৰোৱাল উঠাই আৰু তাকে দেখি ৰজা ইন্দ্ৰভানুৱেও তৰোৱাল দাঙে। কিন্তু হঠাত ৰাণী মনোমতী আগত থিয় হোৱাত ৰজা বিক্ৰম সিংহই তৰোৱাল নমাই তেওঁক চাই থাকে।

মনোমতী : ভিনদেউ মহাৰাজ প্ৰণাম। ক্ষমা কৰক ভুল কৰাৰ বাবে আৰু পাহৰি যাওক সকলো। মই সুখী ৰজা ইন্দ্ৰভানুৰ লগত আৰু আপুনিও সুখী বাইদেউ ভানুমতী আৰু অন্য ৰাণীসকলৰ লগত। মোৰ স্বামীৰ কোনো দোষ নাছিল।

বিক্ৰম সিংহ : হুহ দোষ নাছিল? নিজৰ মিত্ৰক প্ৰবঞ্চনা কৰাজনৰ দোষ নাই?

ইন্দ্ৰভানুৱে একো নকয়। এনেতে মহাৰাণী ভানুমতী, বিন্দুমতী, চন্দ্ৰভানু, ইন্দুমতী, ভোজন কুমাৰ সকলোৰে সৈতে আহে।
ভানুমতী : প্ৰাণনাথ, আচলতে মইহে এওঁলোকক পলুৱাই পঠিয়াইছিলোঁ। মোৰ ভনীক সতিনী পাতিবলৈ বিচৰা নাছিলোঁ। তাতে আপুনি মনোমতীক বেছি ভাল পাইছিল মোতকৈ। আপোনাৰ মিত্ৰক মই মোৰ ঘৰ বচাবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু পৰম্পৰা মানি আপুনি বেলেগ চাৰিজনী সতিনী আনিলেই৷

বিক্ৰম সিংহ : কি? তাৰমানে গণ্ডগোলটো তুমি কৰিছিলা প্ৰিয়ে? আৰু মই মোৰ বন্ধুক দোষী আছিলোঁ। ক্ষমা কৰা মিত্ৰ বুলি ইন্দ্ৰভানুক সাবটি ধৰে।

বিন্দুমতী : ককাইদেউ, এওঁ যুৱৰাজ চন্দ্ৰভানু। তোমাৰ বন্ধুৰ ভাতৃ। মই এওঁকহে পচন্দ কৰোঁ। আচল বান্দৰচালিহাৰ ৰজা এওঁহে৷

বুলি ভোজন কুমাৰক দেখুৱাই দিয়ে।

বিক্ৰম সিংহ : কি আকৌ প্ৰবঞ্চনা?

ইন্দ্ৰভানু : ইয়াত মোৰ দোষ নাই দেই। মই সকলো জনাৰ পিছত তোমাৰ ওচৰলৈ আহিছোঁ।

বিক্ৰম সিংহ : ৰাণী ভানুমতী। তুমি মোক অতবছৰে কিয় অন্ধকাৰত ৰাখিলা?

ভানুমতী : প্ৰাণনাথ, মই আপোনাক বহুত ভাল পাওঁ। আপুনি মনোমতীক পালে মোক পাহৰি যাব বুলি কোৱা নাছিলোঁ। মোক ক্ষমা কৰক। যি শাস্তি দিয়ে মানিম।

বিক্ৰম সিংহ : শাস্তি পাবা তুমি।

বিন্দুমতী : ককাইদেউ মোকো ক্ষমা কৰক।

বিক্ৰম সিংহ : দুয়ো শাস্তি পাবি নবৌ আৰু ননদে। এজনীক বিয়া দি পঠিয়াই দিম আৰু এজনীয়ে বিয়াৰ যোগাৰ কৰিব লাগিব।

ভানুমতী : আপোনাৰ আদেশ শিৰত ল’লোঁ প্ৰাণনাথ। অকল বিন্দুৰে নহয় দেই তাইৰ সখী ইন্দুমতীৰো বিয়া ভোজন কুমাৰৰ লগত ধুমধামকৈ পাতিম। কিন্তু বিন্দুমতী তুমি আমাৰ পৰিচাৰিকা চম্পাক যৌতুকত লৈ যাবা। তাই আৰু মোক শৃংগাৰ কৰিব নালাগে৷

এইবুলি ৰজা বিক্ৰম সিংহৰ ফালে চাই ভানুমতীয়ে। সকলোৱে হাঁহে। ৰজা বিক্ৰম সিংহ আৰু ৰজা ইন্দ্ৰভানুৱে যুৱৰাজ চন্দ্ৰভানুৰ ওচৰলৈ আহি সাবটি ধৰে।

শেষত চন্দ্ৰবিন্দু চন্দ্ৰবিন্দু….কোৰাচত গানটো বাজে আৰু সকলোৰে নামসমূহ পৰ্দাত জিলিকি উঠে৷

সমাপ্ত

☆ ★ ☆ ★ ☆

21 Comments

  • Rimjhim Borthakur

    মজা চিনেমা।হলত চাই থকা টাইপ লাগিল

    Reply
  • জয়ন্ত

    বাঃ বৰ ধুনীয়া লাগিল৷ এক্কেবাৰে পূৰণি দিনবোৰৰ ৰজা মহাৰজাৰ যুগত থকাৰ দৰে লাগিল সময় কণ৷

    Reply
  • জিতু

    এ মজ্জা।

    Reply
  • পূৰ্ণময়ী

    মজ্জা চিনেমা ও ডলী🔥
    বিষ দিয়া পায়সৰ বুধিটো 😀

    Reply
  • কমলা দাস

    বুৰঞ্জী মূলক কাহিনীৰ চিনেমা খন চাই ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি৷

    বাপৰে তামাম কল্পনা ডলী৷ মানি গলো৷ বহুত ধৈৰ্য্যৰে লিখিছা৷ মজা লাগিল৷

    Reply
  • বৰ ভাল লাগিল। মাজে মাজে থকা কমেডী বোৰে সোণত সুৱগা চৰাইছে।

    Reply
  • অৰ্চন শৰ্মা

    অস্কাৰৰ বাবে দিব পাৰি কিন্তু , এটা অস্কাৰ বিজয় দা আৰু এটা ৰিমজিম বাৰ নামত অহাটো খাটাং

    Reply
  • পঙ্কজ বৰুৱা

    দৃশ্য পাঁচলৈকে পঢ়িলো বাকীখিনি আছে কাইলৈ পঢ়িম নোৱাৰিছো আৰু চকু জাপ খাই আহিছে ৷ ১১ জন এডমিনৰ ১৩ নে ১৪ টা লেখি পঢ়িলো ভাল হৈছে সুন্দৰ কৈ লিখিছে সকলোৱে ৷

    Reply
  • মানসী

    কাহিনী মানিছো দেই ..চুপাৰ হিট👏👏

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এইখন লিখাও কম কথা নহয় দেই৷ মানিছোঁ৷

    Reply

Leave a Reply

Your email address will not be published.