ফটাঢোল

ডলী ক্ৰিয়েচনৰ নৱম নিবেদন- ছবি: মৰমী ভাৰাতীয়া- ডলী তালুকদাৰ

 

পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত ডলী তালুকদাৰ

কেমেৰা: বাপুকণ

লাইট: পুতুকণ

স্পট বয়: পোণাকণ

অভিনয়ত: সুকুমাৰ গোস্বামী, বিকাশ দত্ত, জয়ন্ত দাস, দেৱজিত শৰ্মা, পূৰবী বৰুৱা, ভাস্কৰজ্যোতি দাস, হিমাংশু ৰাজখোৱা, কমলা দাস, বিজয় মহন্ত, প্ৰণীতা গোস্বামী বৰঠাকুৰ, ডলী তালুকদাৰ।

সুকুমাৰ গোস্বামী: দিনেশ দাস(ভাৰাঘৰৰ মালিক)

জয়ন্ত দাস: মহেশ কলিতা(চুবুৰীয়া কলিতাৰ)

দেৱজিত শৰ্মা: কৃষ্ণ

ভাস্কৰজ্যোতি দাস: কুন্তল মহাজন

বিকাশ দত্ত: জ্যোতিশ

হিমাংশু ৰাজখোৱা: ৰাজেশ দোকানী

বিজয় মহন্ত: মহেশ কলিতাৰ ঘৰৰ ভাৰাতীয়া বাব্লু

কমলা দাস: দিনেশ দাসৰ ডাঙৰ বায়েক (জিকিমিকি)

প্ৰণীতা গোস্বামী বৰঠাকুৰ:

দিনেশ দাসৰ সৰু বায়েক(চিকিমিকি)

পূৰবী বৰুৱা: মহেশ কলিতাৰ পত্নী(কৰুণা)

ডলী তালুকদাৰ: দিনেশ দাসৰ সৰু ভনীয়েক(ৰেখা)

প্ৰথম দৃশ্য:

গুৱাহাটীৰ আই.এচ.বি.টি দেখুৱাব। হঠাতে ডিগবৈৰ বাচ এখন ৰখিবহি।

বাচৰ ওপৰৰ পৰা ঢপকৈ বেগ এটা পৰিব আৰু তেনেতে ল’ৰা এজনে বাচৰ পৰা নামি বেগটো ল’ব।

ক্ল’জআপত ল’ৰাজনৰ মুখখন দেখাব।

দাঁড়িৰে ভোবোকাৰ, চকুত চছমা, মধ্যমীয়া ওখ ল’ৰা এজন। পিন্ধনত জিন্স, ভৰিত স্নীপাৰ আৰু ৰঙা টি চাৰ্ট।

(এই চৰিত্ৰটো কৰিব বিকাশ দত্তই, নাম জ্যোতিশ)। লগে লগে ডায়লগ দিব…

জ্যোতিশ: ঐ কৃষ্ণ নাম আকৌ? গুৱাহাটী  আহি পালোঁহি। বাচতে থাকিবি নেকি?

লগে লগে কেমেৰাই বাচৰ ভিতৰত দেখুৱাব। এজন ল’ৰাই ছিটৰ তলত কিবা বিচাৰি থাকিব। কৃষ্ণৰ মাত শুনি ঘূৰি চাব আৰু ক’ব, “পাই গ’লোঁ”।

তেওঁ দৌৰি নামি আহিব, কান্ধত বেগ এটা ওলমি থাকিব।  এই চৰিত্ৰটো কৰিব দেৱজিত শৰ্মাই, নাম কৃষ্ণ।

জ্যোতিশ: কি কৰি আছিলি ভিতৰত? দেৰী হৈছে যে নাজান? নে বাচৰ ভিতৰতে থকাৰ মন আছিল তোৰ?

কৃষ্ণ: নহয় অ’। ছেণ্ডেল এপাট পিছৰ ছিটৰ তলত সোমাই গৈছিল। তাকে বিচাৰিলোঁ। পালোঁ অৱশেষত। এইবুলি ভৰিত দেখুৱাই।
লগে লগে কৃষ্ণ ষ্টপ হয় আৰু জ্যোতিশে হাঁহিত বাগৰি যায়।

জ্যোতিশ: তই গুৱাহাটীলৈ এপাত হাৱাই ছেণ্ডেল আৰু এপাত চামৰাৰ ছেণ্ডেল পিন্ধি আহিছ নেকি? গুৱাহাটীৰ মানুহে চক খাব।

কৃষ্ণ: কন্দনামুৱা হৈ, নহয় ঐ! চাগৈ পিছত বহি থকাজনে মোৰ এপাত ছেণ্ডেল পিন্ধি গ’ল। ছেহঃ এনেকৈনো গম নাপাইনে লোকৰ ছেণ্ডেল বুলি!

জ্যোতিশ: তই চিনি পাইছিলি? গপচত পিন্ধি আহি পাই গ’লোঁ বুলি চিঞৰিছিলি? এতিয়া ব’ল এনেকে। কালি চাকৰিত জইন কৰিবই লাগিব। কোম্পানীৰ কথা। ই ৰাজেশৰ ঘৰটো বা ক’ত?

কৃষ্ণ: তাৰ বহুত ডাঙৰ দোকান আছে বোলে? দোকানলৈয়ে যাওঁ ব’ল। কিবা নাম কৈছিল। অ’ “তেৰেনাম ষ্টোৰ”।

ব’ল ব’ল কিন্তু তাৰ আগতে সেই ফুটপাথৰ ওপৰত থকা দোকানৰ পৰা ছেণ্ডেল এযোৰ কিনি লওঁ। ইচ ইমান দামী ছেণ্ডেল যোৰ হেৰাল।

  দুয়ো আগবাঢ়ে।

২য় দৃশ্য:

পাঞ্জাবাৰী এলেকা, “তেৰেনাম ষ্টোৰ”।

বিস্কুট, ভূজিয়া, চকলেট আদিৰ লগতে ক’ল্ড ড্ৰিংক, ফ্ৰুটি আদি সজাই থোৱা আছে। ভিতৰত চাউল, ডালি, আলু, পিয়াঁজ আদি বস্তাত সজোৱা আছে। সমুখত সৰুকৈ পাণ দোকান এখনো আছে। এজন  হিপ্পী কাট চুলিৰ ল’ৰাই গান শুনি পান বনাই থাকিব। লগতে হেডফোন এটা কাণত লগাই ফুল ভলিউমত গান শুনি গানৰ তালে তালে নাচি নাচি পাণ বনাই থাকিব। মাজে মাজে গাবও গানৰ এটা দুটা কলি। এই ৰ’লটো কৰিব হিমাংশু ৰাজখোৱাই, নাম ৰাজেশ।

এনেতে এজন পেটুৱা মানুহ আহিব দোকানলৈ। পিন্ধনত নীলা হাফপেণ্ট, নীলা টি চাৰ্ট আৰু ভৰিত ৰাবাৰৰ ছেণ্ডেল। মূৰত গামোছা এখন বান্ধি আহিছে।

ক্ল’জআপত মুখখন দেখুৱাই তেওঁক লগে লগে ডাইৰেক্টৰে ‘স্মাইল’ বুলি কোৱাৰ লগে লগে হাঁহি দিয়ে আৰু তেওঁৰ তামোল খাই ৰঙা চেকা লগা দাঁত কেইটা জিলিকি উঠে।

এই ৰ’লটো কৰিব বিজয় মহন্তই, চৰিত্ৰ বাব্লু। লগে লগে ডায়লগ আহিব।

কেমেৰা হিমাংশু ওৰফে ৰাজেশৰ ফালে ঘূৰে আৰু ৰাজেশে দেখি বাব্লুক মুখখন বিকটাই দিব।
 বাব্লুক গুৰুত্ব নিদি তলমুৰকৈ পাণত খয়েৰ লগাই থাকে।

ডায়লগ……

বাব্লু: হাই ৰাজেশ, মই বাব্লু ওষ্টাড। নামটো শুনা হোগা?

ৰাজেশ: নাই শুনা।

বাব্লু: ৱ’ ৰিয়েলি? তবতো দেখা হোগা হমে? হু..উ…হু

ৰাজেশ: দেখাও নাই।

বাব্লু: তবটো নিউজ পেপাৰ মে পঢ়া হোগা? হু..উ..হু

ৰাজেশ: নাই পঢ়া

বাব্লু: তবটো টিভি মে দেখা হোগা…. হু.. উ..হু

ৰাজেশ: কিয় মাথা খাইছে মোৰ? কি হ’ল কওক। আৰু বেবাইছে কিয়?

বাব্লু: ডোণ্ট ইনচাল্ট! ইট ইজ মাই ইষ্টাইল।

ৰাজেশ: কিবা লাগিব নেকি আপোনাক? আৰু লাগিলেও নিদিওঁ আগৰ ধাৰ নামাৰাকৈ।

বাব্লু: এহ..কিয় নিদিবা। দিবই লাগিব আৰু দিয়াই মোক।

ৰাজেশ: আগতে আগৰ বাকী মাৰক।

বাব্লু: কি ভাবাহে? নিদিম নেকি? দিয়া আলু এপোৱা, পিয়াঁজ এশ গ্ৰাম, মচুৰ ডালি এপোৱা।

ৰাজেশে বিৰক্তিৰে মুখতে ভোৰভোৰালে, এপোৱা, এশ গ্ৰামতকৈ কোনোদিন আগনাবাঢ়িলে এইজনে।

ৰাজেশ: লওক। আৰু আগৰ বাকী মিলাই আজিৰে সৈতে ছশ টকা হৈছে।

বাব্লুৱে দুহেজাৰ টকাৰ নোটখন দিয়ে।  আৰু কয় বাকীখিনি দিয়া ঘূৰায়।

ৰাজেশে লগে লগে জকজকাই উঠে।

ৰাজেশ: এই ৰাতিপুৱাই বহনি হোৱাই নাই! আপুনি দুহেজাৰ টকা দিছে যে? মই চৈধ্যশ টকা কেনেকে দিওঁ। সদাই ৰাতিপুৱা আপুনি দুহেজাৰ টকা লৈ আহে যে?

বাব্লু: তোমাৰ কেচ বক্সৰ পৰা আকৌ। কিহৰ দোকানীহে খুছৰাই দিব নোৱাৰা যদি? নাই যদি কাম এটা কৰা। পিছতকৈ ল’বা, মই যাওঁগৈ বুইছা! অফিছলৈ দেৰী হৈছে।

ৰাজেশে কিবা ক’বলৈ বিচাৰে এনেতে তিনিজন ল’ৰা সোমাই আহিব। ল’ৰা তিনিজন কৃষ্ণ, জ্যোতিশ আৰু এজন শকত ল’ৰা। এনেতে  ৰাজেশে দেখা পাই আৰু মাতে। বাব্লুৱে সিহঁতক দেখি মুখখন ঘূৰাই দিয়ে।

৩য় দৃশ্য:

ৰাজেশৰ দোকান “তেৰেনাম ষ্টোৰ” ৰ চাইনবোৰ্ড দেখুওৱা হ’ব পুনৰ।  ৰাজেশে দোকানৰ ভিতৰৰ পৰা ওলাই আহিব। দুৱাৰ মুখত বাব্লু থাকিব থিয় হৈ। ৰাজেশে ক’ব চাওঁ গুচক আৰু বাব্লুৱে পইচাখিনি বিচাৰিব। ৰাজেশে ক’ব খুচুৰা নাই, পিছত আহিব। বাব্লু নাযায় আৰু পিছমুখ দি ৰখি থাকে।

ৰাজেশ: কৃষ্ণ,জ্যোতিশ তহঁত? তহঁতে  এমাহ আগতে অহা কথা আছিল দেখোন? মই দুদিন ঘৰতো ফোন কৰিছো তহঁতৰ। তহঁতে গুৱাহাটী অহা বুলি কৈছে এমাহ আগতে।

কৃষ্ণ: এ নক’বি! আহি পাইছিলোঁৱে এইখন ঠাই। মানুহ এজনক সুধিলোঁ ইমান ভুল ঠিকনা দিছে। তিনিদিন ঘূৰি গৈছোঁ। কাকো চিনিও নাপাওঁ ভালকৈ। ভগ্য এই দাদাজনক পালোঁ বুলিহে। তেখেতে আমাক ৰাখিলে এইকেইদিন লগত। ইফালে ভাৰাঘৰো পোৱা নাই বিচাৰি।

এইবুলি লগত অহা শকত ল’ৰা জনক দেখুৱাই দিয়ে। ল’ৰাজনে মূৰত এটা টুপী আৰু চকুত চানগ্লাচ পিন্ধি থাকে। “নমস্তে ভাইয়া” বুলি তেওঁ কয়। এই ৰ’লটো কৰিব ভাস্কৰজ্যোতি দাসে, চৰিত্ৰ কুন্তল মহাজন।

ৰাজেশ: কোনে ভুলকৈ ক’লে?

জ্যোতিশ: এজন শকতকৈ, পেটুৱা মানুহে। খুউব তামোল খায়। দাঁত কেইটা ৰঙা হৈ থাকে।

কুন্তল: হা ভইয়া, উচ দিন হামকো অগৰ না মিলতা তো ইন দৌনোকা মুস্কিল হো জাতা। দো সপ্তাহ চে হোটেলত থাকি, খাই চাৰা পইচা খটম হো গয়া।  ভাৰাঘৰ ভি নহি মিলা। পইচা খটম তো হমাৰা দুকান কে বাৰাণ্ডাত বহি আছিল তো, মোৰ বেয়া লাগি কিনে মোৰ ৰূমত লৈ গ’লোঁ।

লগে লগে ৰাজেশে বাব্লুক চায়।

ৰাজেশ: আপুনি যোৱা নাই? আপোনাৰ বোলে অফিচ আছে আকৌ।

বাব্লু: মোৰ পইচাখিনি ঘূৰাই দিয়া।

ৰাজেশ: ইমানখিনি নাই লগত। পোন্ধৰশ আছে। সেইখিনি গোটেই আপোনাকে দিলে মোৰ দিগদাৰ হ’ব। খুচুৰা লাগে ন মোকো।

এনেতে জ্যোতিশে বাব্লুৰ মুখখন দেখি চিঞৰি উঠে।

জ্যোতিশ: এইজন মানুহে তিনিদিন আমাক ঘূৰাইছে তোৰ দোকান বিচাৰোঁতে। আমাৰ লগত গোটেই দিন ঘূৰিছে।

কৃষ্ণ: হয়তো এখেতেই সেইজন। পাঞ্জাবাৰীৰে নি চচল হৈ ডাউনটাউন উলিয়াইছে। গোটেই দিন ঘূৰাই আমাৰ পৰা চাহ, তামোল, ভাত সব খাইছে আৰু বাচৰ ভাৰাও খুজি নিছে।
জ্যোতিশ: এদিন নহয় তিনিদিনকৈ আমাক ঘূৰাইছে। অথচ এইটো ৰাস্তাৰেই  আমাক কেইবাবাৰো ঘূৰাইছে তিনিদিন ধৰি।

ৰাজেশ: কি মানুহ হে আপুনি? মোৰ দোকান চিনি নাপায়? এনেকৈ ঠগায়নে মানুহক?

বাব্লু:  নাই মানে অলপ গুৱাহাটীখন মইও ফুৰিলোঁ।

কুন্তল: ক্যা গুহাটী ফুৰিলোঁ বোলতা হাই। গুহাটী দেখা নাই নেকি পেহলে?এইচা কোই কৰতা হেই ক্যা। আমিতো নাপাৰিম এইচা কৰিব। বেচাৰো কা ক্যা হাল হুৱা। এক মহীনা বিট গয়া কোই ভাৰাঘৰ ভি নহি মিলা।
কৃষ্ণ: মানুহবোৰে কিয় টান পাই বা ডেকা ল’ৰাক ভাৰা দিবলৈ ঘৰত গাভৰু ছোৱালী থাকিলে?

কুন্তল: হামি ডেকা ল’ৰাক ভাৰা নিদিম বোলতা হাই চভি। হাৰে ডেকা ল’ৰা কি ভালু আছে নেকি যে খাই পেলাব। কিতনা মুস্কিল হৈছে দোনো জনৰ? মোৰ ভি ৰূম মে জাগা নহী হে।

ৰাজেশ: ব’লচোন মোৰ দোকানৰ মালিকৰ ঘৰত ৰূম এটা আছে। সোধোঁগৈ আহ। এই বাব্লু ওষ্টাডো থাকে তাতে।

বাব্লু: এহ…সেই বুঢ়াই ভাৰা দিলেহে। ঘৈণীয়েকজনী বৰ ধুনীয়া যে ভয় খাই ডেকা ল’ৰাক ভাৰা দিবলৈ। তাতে ঘৈণীয়েকে কৈ থাকে মোক আপোনাৰ জীয়েক যেনহে দেখি বুলি।

হ’লেও সোধাত আপত্তি নাই দিয়কচোন এই বুলি ৰাজেশে কয়।

আটাইকেইজনে আগবাঢ়ে।

৪ৰ্থ দৃশ্য:

লাইট, কেমেৰা, একচন

দিনেশ দাসৰ ঘৰ দেখাব। বাৰাণ্ডাত দুজনী বয়সীয়া কিন্তু গাভৰু ছোৱালীৰ দৰে সাজি কাঁচি থকা দুজনী মহিলা বহি থাকিব। এজনীয়ে জিন্স পেণ্ট আৰু চাৰ্ট পিন্ধিব আৰু আন গৰাকীয়ে লং স্কাৰ্ট আৰু টপ পিন্ধিব। দুয়োজনীৰে মূৰত হেনা লগোৱা থাকিব। এই চৰিত্ৰ দুটা কৰিব কমলা দাস আৰু প্ৰণীতা গোস্বামীয়ে।

চৰিত্ৰৰ নাম জিকিমিকি(কমলা দাস)

চিকিমিকি(প্ৰণীতা গোস্বামী বৰঠাকুৰ)

এনেতে ভিতৰৰ পৰা সৰু ভনীয়েকে ৰেখাই বায়েকহঁতক খঙত মাতি ওলাই আহিব। এই চৰিত্ৰটো কৰিব ডলী তালুকদাৰে।

ৰেখা: বাই বাই। ক’ত মৰিলে এই দুটা। ওলাই আহি বাৰাণ্ডাত দেখি ৰৈ দিব।

লগে লগে ডাঙৰ বায়েক জিকিমিকিয়ে ভেঁকাহি মাৰি উঠিব।

জিকিমিকি: কি হ’ল এ। কিয়ো এংকে টেটু ফালি মচ্চা। কালা হনাই আমি।

চিকিমিকি: হৈ দে গটাই! এই গটাই নাউমানতে শিয়ালে হোৱা দিয়া হান কৰে। নকাহ কিয়ো ইতা কি হ’ল?
ৰেখা: এনে বেটি আজেলী দুটা? নাজ্না দেখাবা আইচা? মোৰ জিন্স আৰু স্কাৰ্ট তুহুন দুয়ো কিও পিন্ধানু? লাজ নালগে দুয়োৰে? চুইজাৰ পিন্ধবা নৰা দুয়ো। কায়ো নাচোই তুহাক ইতা?
জিকিমিকি: কি কায়ো নাচোই? ইতাও আমি হাঁহি মাৰি দিলি বেহুচ হোৱা মানুহ আছে। এহ এনে গটে সুন্দৰীটো? আমি তাইৰ কাপুৰ পিন্ধলি ঢিলা হোৱে?
চিকিমিকি: বিয়া নহ গাভৰু আপী কেটাই স্কাৰ্ট, লংপেন্ট নিপিন্ধি কি পিন্ধিমে।
ৰেখা: হুহ তহঁতৰ লগোত কথা পাতা আৰু ঘোঁৰাক ঘাঁহ খুৱ একে কথা। ঘোঁৰাইও খাৱেই থাইকপো আৰু তহঁতেও বকি থাইকপি। আজিৰ পৰা খবৰদাৰ মোৰ কাপুৰ পিন্ধলি কৈ দিছু।
জিকিমিকি: যাহ বেটি লেকচাৰ নেইদবি।
এনেতে গেট খোলাৰ শব্দত তিনিওজনীয়ে ডিঙি মেলি চায়। তিনিজন ল’ৰাৰ লগত ৰাজেশক দেখি ৰেখাই অলপ লাজকৈ মিচিকিয়া হাঁহি মাৰে।
জিকিমিকিয়ে ভেঁকাহি মাৰি উঠে কিয় হাঁহিব লাগে বুলি। বাৰাণ্ডালৈ কৃষ্ণ, জ্যোতিশ আৰু ৰাজেশ উঠি আহে। ৰাজেশে কিবা কোৱাৰ আগতে ৰেখাই মাত দিয়ে।
ৰেখা: কিবা কাম আছিল ৰাজেশ দা?
ৰাজেশ: অ’ তোমালোকৰ ভাৰাঘৰ খালী থকা গম পালোঁ। সেয়েহে আহিলোঁ।
চিকিমিকি: কিন্তু তোমাৰ দেখোন আছে ভাৰাঘৰ?
ৰাজেশ: মোক নালাগে। মোৰ বন্ধু দুজনক লাগে। এইয়া কৃষ্ণ আৰু জ্যোতিশ।
চিকিমিকি: আমি ডেকা ল’ৰাক নেদু ভাৰা।
ৰাজেশ: ইহঁত বহুত ভাল ল’ৰা। মই গেৰাণ্টি লৈছোঁ।
জিকিমিকি: হ’লেও নেদু দিয়া। তিনটাকে গাভৰু আপী আছোঁ নহয় দেখিছাই।
কৃষ্ণ আৰু জ্যোতিশে আচৰিত হৈ জিকিমিকি আৰু চিকিমিকিক চায়।
লাহেকৈ কৃষ্ণই জ্যোতিশক কয়
“সৰুজনীৰে বিয়াৰ বয়স পাৰ  হওঁ হওঁ হৈছে আৰু এই দুজনী ক’ৰ পৰা গাভৰু ওলাল” বুলি কৈ খুক খুকাই হাঁহে।
ৰেখা: চাব দেচোন এবাৰ ৰূমটো। আপোনালোকে চাওক দাদা। আহক মই তলা খুলি দিম।
ৰাজেশে বেঁকা হাঁহি মাৰে।
এনেতে দিনেশ দাস আহি পাই আৰু বায়েকহঁতক সোধে কোন আহিছে? ডাঙৰ বায়েকে ভাৰাতীয়া বুলি কয়।
তিনিও চোতালত ৰৈ থাকে। কৃষ্ণ, জ্যোতিশ আগে আগে আহে আৰু পাছে পাছে ৰাজেশ আৰু ৰেখা আহে হাঁহি  হাঁহি কথা পাতি। চোতাল পোৱাৰ লগে লগে দুয়ো গহীণ হয়।
জ্যোতিশে জিকিমিকিক উদ্দেশ্যি কয়

“আণ্টি আমাৰ পচন্দ হৈছে ৰূমটো? ভাৰা কিমান?” আমি কালিয়েই আহি যাম।
জিকিমিকি: কাক আণ্টি কবা আইচা এ? বিয়াই হ’নাই আমাৰ? নেদু ভাৰা যাহ।
চিকিমিকিয়েও সমানে চিঞৰে অ’ নেদু ভাৰা যাহ। দিনেশ দাসে বায়েকহঁতক কিবা ক’ব খোজোঁতেই দুয়ো ভিতৰলৈ যায়। ৰেখাই মুখখন ফুলাই ৰৈ থাকে।
দিনেশ: বাইদেউহঁতৰো সমান অংশ আছে নহয়! গতিকে মই অকলে ডিচিছন ল’ব নোৱাৰোঁ। বেয়া নাপাবা।
ভিতৰলৈ সোমাই যায় তেওঁ আৰু ৰেখাই বাৰাণ্ডাৰ খুটাত ধৰি থাকে।
তিনিওজন ওলাই যায়।

৫ম খণ্ড:

ৰাজেশৰ দোকান। দোকানত কৃষ্ণ, জ্যোতিশ, কুন্তল বহি থাকিব। চিন্তাত থাকে আটাইকেইজনে। ৰাজেশে পাণ দিয়ে সবকে খাবলৈ।

কুন্তল: ৰাজেশ ভইয়া, পাণ মে থোৰা জ্যাদা কথ্থা লগাব লাগে। জৰ্দা ভি অলপ বেছি লাগে। তেতিয়া খাই কিনে বেছি মজা লাগে।
ৰাজেশ: এইটো অসমীয়া জৰ্দা পাণ হয়। কমকে থাকে সব বস্তু।
কৃষ্ণ: কি কৰোঁ অ’। ভাৰাঘৰ নাপালে কি হ’ব? কিমান দিন তহঁত দুজনৰ লগত থাকিম।
জ্যোতিশ: মহেশ কলিতাৰ ঘৰটো ঠিক হৈছিলে কিন্তু সেই বাব্লু বোলাটোৱে সব পয়মাল কৰিলে। কি দৰকাৰ আছিল ঘৈণীয়েকক ধুনীয়া ক’বলৈ? বৰ পেকপেকাব পাৰে।
কুন্তল: মই ভালকে গম নাপালোঁ। আখিৰ ক্যা হুৱা থা উচদিন। মইতো আমাৰ দেচৰ আদমী এজন পালোঁ ঘৰত সোমাব লওঁতে তো কথা পাতিলোঁ। লেকিন থোৰী দেৰ বাদ আপনালোক ভাগি ভাগি আহিল।  জানিবা নাপাৰিলোঁ মামলাটো কি হ’ল?
ৰাজেশ: কি হ’বনো? মহেশ কলিতাৰ ঘৈণীজনী লাহি পাহি ধুনীয়া। ই বাব্লুৱে অলপ তেল মাৰি থাকে মালিকণী বুলি। ফলত মাছ, মাংস ৰান্ধিলে মাজে মাজে পায়।
কুন্তল: তো?  থোৰা চা তো মখ্খন লগাবই না?
ৰাজেশ: এহ.. মখ্খন নলগাই নহয়? চিধা কয়, বাইদেউ আপুনি বৰ ধুনীয়া, গাভৰু হৈ আছে, আকৌ এবাৰ বিয়া দিব পৰা হৈ আছে। ছোৱালী মেট্ৰিক দিব যেন নালাগেই। দাদাহে বুঢ়া হৈছে। আপোনাক জীয়েক যেন লাগে।
আটাইকেইজনে হাঁহে। ৰাজেশে কয়, এদিন মালিকে শুনিলে নহয়! বাকী ভাৰাতীয়া কেইজনেও মালিকণী ধুনীয়া আৰু কম বয়সীয়া কৈছিল বাব্লুৰ পাল্লাত পৰি। তেতিয়াৰ পৰা মালিক কাঢ়া হ’ল আৰু ল’ৰা ভাৰা নিদিয়ে। বাব্লুৰো আঞ্জাৰ বাতি মু্ধা মৰিল।
গতিকে সেইদিনা বাব্লুৱে ইহঁতক ভাৰা ঘৰ দেখুৱাব নিয়াত খং উঠিল।
ৰাজেশে কৈ থকাৰ মাজতে ফ্লেচবেকলৈ যায়…
বাব্লু, কৃষ্ণ, জ্যোতিশ, ৰাজেশ, মহেশ কলিতাৰ ঘৰলৈ যায়। কলিং বেল টিপাত ঘৈণীয়েক ওলাই আহে। এই চৰিত্ৰটো কৰিব পূৰবী বৰুৱাই, চৰিত্ৰ কৰুণা।
বাবলু: বাইদেউ ভালনে? ইচ আজি একদম কৰীণা কাপুৰ যেন লাগিছে। ভাত বনাই আছে হ’ব পায়? কি বনাইছেনো?
কৰুণা: ইচ, তুমিও যে? ক’ত কৰীণা আৰু ক’ত মই। তথাপি  থেংক ইউ হা। হঠাত, এওঁলোক কোন? ও ৰাজেশো দেখোন? আহা ভিতৰলৈ। বহা।
বাব্লু: ভাৰাঘৰটো চাব আহিছে এওঁলোকে। তলাটো খুলি দিয়কচোন?
কৰুণা: এওঁক মাতোঁ ৰ’বা। (ভিতৰৰ ফালে চাই) হেৰা শুনিছা? ইফালে আহাচোন। ভাৰা বিচাৰি আহিছে।
ভিতৰৰ পৰা কোনোবা এজন আহে ছেণ্ডেল চোঁচৰাই। পৰ্দা ফালি সোমাই আহে মহেশ কলিতা। পিন্ধনত পখৰা লুংগী এখন আৰু এটা হাফ চাৰ্ট। আহিয়েই ঘৈণীয়েকক বেঁকাকৈ চাই আৰু এবাৰ ল’ৰা কেইজনক। এই চৰিত্ৰটো কৰিব জয়ন্ত দাসে।
মহেশ কলিতা: কি হ’ল? (ঘৈণীয়েকক চাই) তুমি কি কৰি আছা ইয়াত?
কৰুণা: নহয় মানে! এওঁলোকে ভাৰা বিচাৰি আহিছে। বাব্লুৱে আনিছে। দি দিয়া ৰূমটো এনেই পৰি আছে।
মহেশ: বাব্লুৱে আনিছে বাবে ভাৰা দিম নেকি?
ৰাজেশ: নহয়, মইহে আনিছোঁ ইহঁতক।
মহেশ: তাতে কি হ’ল? মই ডেকা ল’ৰাক ভাৰা নিদিওঁ। এজনক দি পস্তাইছো। বাব্লুক চাই কেঁৰাকৈ।
কৃষ্ণ: খুৃৰা, আমাক বৰ দৰকাৰ ভাৰা ঘৰটো। আমি চাকৰি কৰোঁ। মাহে মাহে ভাৰা দিব পাৰিম।
লগে লগে মহেশ কলিতা গৰজি উঠে।
মহেশ: কাক খুৰা মাতিছা? মোক খুৰা আৰু মানুহজনীক বাইদেউ মাতিছা। সব শুনি আছিলোঁ মই ভিতৰৰ পৰা।
কৰুণা: কিনো হ’ল খুৰা ক’লে? মই বাইদেউ মাতিব পৰা হৈ আছোঁ বাবেহে মাতিছে। তোমাক সন্মান কৰিছে আকৌ।
মহেশ: চুপ থাকা। মই ডেকা ল’ৰাক ভাৰা নিদিওঁ। যোৱাগৈ এতিয়া।
বাব্লুৱে কিবা ক’ব খোজাত মহেশ কলিতাই চিঞৰি উঠে—
ওলালিনে সব? আৰু বাব্লু তই যত কূটৰ ঘাই।

সকলো ফ্লেছবেকৰ পৰা উভতি আহে। হাঁহিত সকলোৱে বাগৰি পৰে।

কুন্তল: লেকিন কথাটো অলপ চিৰিয়াছ আছে। এনেকে কিটনা দিন লোকৰ ঘৰত থাকিব।
কৃষ্ণ: কথাটো ঠিক কৈছা।
কুন্তলে কিবা ভাবে আৰু কয় একটা আইদিয়া আছে। এইবুলি সকলোৰে কাণৰ কাষত কয়।

৬ষ্ঠ দৃশ্য:

দিনেশ দাসৰ ঘৰ। স্কুটাৰ চলাই সোমাই আহে দাসে। চোতালত স্কুটাৰ ৰখাই বাৰাণ্ডাত কলিং বেল টিপে। ৰেখাই দৰ্জা খুলি দিয়ে। দ্ৰয়িং ৰূমত বহি বায়েকহঁতে টিভি চাই আছে। দিনেশ দাসে দুটা মিঠাইৰ টোপোলা হাতত দিয়ে ডাঙৰ বায়েকৰ।

জিকিমিকি: ক’ত পালি ইমান মিঠাই?
দিনেশ: লগৰ চলিৰ পুতাকে মেট্ৰিক পাছ কচ্চি তাকে খাই আইহলু। তহঁতক লেগি দি পঠেছি।
চিকিমিকি: কি? তোৰ লগৰ চলিৰ পুতাকে মেট্ৰিক পাছ কল্লাকে?
দিনেশ: ৰখি থাইকপো নেকি কোনবাই? মই বিয়া নাপাতলু বুলি বেলেগেও নাপাতিবোনা কিবা?
জিকিমিকি: হলিও তোৰ লগৰ ল’ৰাৰ পুতাকে মেট্ৰিক পাছ কৰাৰ বয়স হ’নাই দে। কুৱালাতে বিয়া কচ্চি হাম্পাই।
দিনেশ: তুহুন দুয়োৰে লগৰ গেলাৰ চলি বি.এ. পাছ কৰি চাক্ৰি কৰি আছে।
ৰেখা: আৰু মোৰ লগোৰ পূৰ্ণাময়ীৰ ডাঙাৰ পুতাকে ক্লাছ ছিক্স পাইছি এইবাৰ।
চিকিমিকি: মনে মনে থাক সৰু। যাহ, ভাত কেটা বনোগে। মুখ খান বৰ লাউপাত, কচুপাত হৈছি তোৰ।
এনেতে কলিং বেলৰ শব্দত সকলোৱে ঘূৰি চায়। দিনেশে বাহিৰলৈ ওলাই গৈ দুজনী অপৰূপা ছোৱালী দেখি থৰ লাগি চাই থাকে। বায়েক জিকিমিকি ওলাই যায়।
জিকিমিকি: কাক লাগে ভণ্টি?
১ম ছোৱালী: বা, আপোনালোককে বিচাৰিছোঁ? মানে ভাৰা ঘৰ লাগিছিল?

চিকিমিকি আৰু ৰেখা আহে ওলাই। চিকিমিকিয়ে সোধে কি হ’ল বুলি?

২য় ছোৱালী: এক্সুৱেলী, আমি মানে এইবাৰ ইউনিভাৰ্চিটিত এডমিচন লৈছোঁ। লগতে পাৰ্ট টাইম জবো কৰোঁ। so, ভাৰা ঘৰ বিচাৰি আহিছোঁ বাহিৰত টু লেট বোৰ্ডখন দেখি।
জিকিমিকি: আমি তেনেকে গাভৰু ছোৱালীৰ ৰিস্ক ল’ব নোৱাৰোঁ নহয় ভণ্টি। তুমালোকে বেলেগত য্য।
দুয়োজনী ছোৱালীয়ে একেলগে “প্লীজ না নক’ব। চুবুৰীৰ সকলোৱে আপোনালোকতকৈ ভাল মানুহ নাই বুলি কৈছে। আমি বিশ্বাস কৰিব নোৱাৰোঁ কাকো।”
দিনেশ: বাইদেউ, ভণ্টি দুজনী ভাল যেন লাগিছে। থাকক দে। এনেও আপা চলি নাৰখু। তহঁতে গাভৰু আপী কেটা থাকাটে। ভণ্টি তোমালোকৰ ৰূম পাক্কা। কালিৰ পে থাইকপা পাইৰবা।

দুয়ো একেলগে থেংকিউ দাদা।

দিনেশ: পিচে, তোমালোকৰ নাম দুটা?
দুয়ো থতমত খাই আৰু দুয়োৰে মুখলৈ চায়।
১ম জনী: মোৰ নাম কৃষ্ণা
২ য় জনী: মোৰ নাম জ্যোতিকা।
দিনেশ: বৰ ধুনীয়া নাম। মোৰ নাম দিনেশ।

দুয়ো বাই বুলি কৈ বেগাবেগীকৈ আহে।

৭ম দৃশ্য:

কৃষ্ণাই কুঁৱাৰ পাৰত কাপোৰ ধুই থাকে। দিনেশে ভিতৰৰ পৰা দেখি ওলাই আহে।  কৃষ্ণাই লাহেকৈ হাঁহে।
দিনেশ: কুঁৱাৰ পৰা পানী তুলিছা যে? মটৰ চলোৱা আকৌ।
কৃষ্ণা: কাৰেণ্ট নাই। কালি বাইদেউহঁতে পানী নুতুলিলে চাগৈ।
দিনেশ: অহ পাহৰিলে চাগে। বয়স হৈছে যে?
কৃষ্ণাই হাঁহে। দিনেশে কুঁৱাৰ পৰা পানী তুলি দিয়ে।
দিনেশ: তোমাৰ হাঁহিটো ইমান ধুনীয়া। হাঁহিলে মুকুতা সৰে। ঘৰত বিয়াৰ কথা ভাবিছে নেকি?
কৃষ্ণা: নাই, এতিয়াই ভাবা নাই।
দিনেশ: ভাবিব দিবাচোন? মোৰ তোমাক বৰ ভাল লাগে হা।
কৃষ্ণাই লৰালৰিকৈ কাপোৰ ধুই ৰূমলৈ আহে। আহি দেখে বাব্লু বহি আছে। বাব্লুৱে কৃষ্ণাক দেখি হাঁহি মাৰে আৰু টোপোলা এটা দেখুৱাই কয়
বাব্লু: ৰসগোল্লা আনিছোঁ। খোৱাহি দেই। তোমাৰ বান্ধবীক খুৱাই দিব খুজিলোঁ কিন্তু নাখালে জানা?
জ্যোতিকা: মই ৰসগোল্লা ভাল নাপাওঁ। আৰু আপুনি যাওক। মালিকে দেখিলে বিশেষকৈ বাইদেউহঁতে দেখিলে গালি দিব।
বাব্লু: ইস, কি গালি দিব? দুজনী ফুল কুমলীয়া ছোৱালী অকলে থাকে খবৰহে লৈছোঁ কিবা? আৰু ডেকা ল’ৰা এজন হৈ খবৰ নকৰিম নেকি কিবা?
জ্যোতিকা: হ’লেও নাহিব। আমি ভাল নাপাওঁ। তাতে আজিকালি আপোনালোকৰ মালিকজন মহেশ কলিতা নে কি সেইজনেও লগ পালে নিজে আগধৰি মাতে। আৰু ইয়ালৈ মালিকৰ তাত কিবা কিবি বিচৰাৰ চলেৰে আহে। আৰু আমাৰ ৰূমৰ ফালে জুমি জুমি চায়।
বাব্লু: কি খুৰাদেউৱে মাতে। ৰহ, বুঢ়াক দিম মজা। মই থাকোতে কোনে তোমাক চাব আহে? ঘৈণীয়েকক লগাম।  তুমি চিন্তা নকৰিবা। কিবা অসুবিধা হ’লে মোক ক’বা দেই ধুনু।

কৃষ্ণাই চৰচৰনী খাই গোল্লা খাওঁতে আৰু জ্যোতিকাই মুখখন ঘূৰাই দিয়ে। বাব্লু যায়।

কৃষ্ণা আৰু জ্যোতিকাই কপালত চপৰিয়াই।

৮ম দৃশ্য:

ৰেখাই বাৰাণ্ডাত কিতাপ এখন পঢ়ি থাকে। এনেতে মহেশ কলিতাৰ ঘৈণীয়েক কৰুণা সোমাই আহে। ৰেখাই হাঁহি মাৰি মাতে ভিতৰলৈ।
কৰুণা: মই বহিবলৈ অহা নাই। কথা এটাহে ক’বলৈ আহিছোঁ।
ৰেখা: কি কথা বৌ?
কৰুণা: তোমালোকৰ ভাৰাঘৰৰ ছোৱালী কেইজনীক অলপ নজৰ দিবা। মোৰ মানুহজনক ফুচুলাই থাকে দেখিলে। আনকি বাব্লুও সিহঁতৰ পিছত পৰিছে আজিকালি। আৰু ৰাজেশ বোলা দোকানীজনৰ তাতো বৰকৈ যাই ইহঁতে।
ৰেখা: কি? ৰাজেশৰ তাতো যায়?
কৰুণা: তোমালোকৰ দাদাৰাও বৰ কথা পাতে। মই বেলকণিৰ পৰা দেখিছোঁ নহয়।  বাব্লুৱে কৈছে কৃষ্ণা বোলাজনীক বোলে চিনেমা দেখাবও নিছে। লগত ৰাজেশো আছিল আৰু সেই জ্যোতিকা নে কি তায়ো আছিল।
মই যাওঁ। কথাখিনি ক’লোঁ।

পাকঘৰত জিকিমিকি আৰু চিকিমিকিয়ে ভাত বনাই থাকে। ৰেখাই ধুমুহাৰ দৰে গৈ বহে ওচৰত।
চিকিমিকি: কি হ’লে? গটাই গাল দুখান লাল পৰি আইছি?
ৰেখা: মৰমী ভাৰাতীয়াৰ বাবে। বৰ গুণ গাইছলি নহয় চাইৰোফালে ৰৈ বৈ গেছি।
জিকিমিকি: ক’ৰ কি কবা আহা। আপীচলিৰ বদনাম গাবা নাপ্পে।
ৰেখা: মই গাবা খুজা নাই। মহেশ কইলতাৰ ঘৈণ্নাকে গাইছি আহি। আৰু আমাৰ দাদা আৰু তাহাঁত তাতে থাকা বাব্লুই বোলে প্ৰেমোত পচ্চি দুয়োৰে।
জিকিমিকি আৰু চিকিমিকি একেলগে কি?
ৰেখা: অ’! আৰু ৰাজেশ দোকানীৰ লগতো ভাল দুয়োৰে। তুহুন দুয়োহে কাকো পটাবা নল্লি আৰু তুহাৰ কাৰণে মইও ৰবা লাগা হৈছি। নহলি ৰাজেশক মোৰ ভালে লাগে। তাহুন দুয়ো আহিয়ে সবকে পাগ্লা কৈচ্চি।
এনেতে দিনেশ দাস সোমাই আহে আৰু ভাত খোজে।
জিকিমিকি: ভাত খাবি ৰহ! আগতে কৌ কি হৈছি এগ্লাখান?
দিনেশ: কি হ’ল?
চিকিমিকি: তই বোলে ভাৰাঘৰৰ কৃষ্ণা নামৰ আপীটুক লাইন মাৰা? হৈনা কথাটু?
দিনেশ: লাইন নামাৰু। ভাল পাঙ আৰু বিয়া কৰাম। তহঁতে বাধা নেদিবি।
দিনেশ ওলাই যায়। বায়েকহঁতে চাই থাকে। বেক গ্ৰাউণ্ডত কৰুণ সুৰ এটি বাজে।

৮ম দৃশ্য:

ৰাজেশৰ দোকান। ভিতৰত কৃষ্ণ, জ্যোতিশ, কুন্তল আৰু ৰাজেশ বহি থাকে। দোকানখনৰ আধা দৰ্জা বন্ধ।
কৃষ্ণ: খবৰটো পাক্কা নে?
ৰাজেশ: ষোল অনা পাক্কা।
জ্যোতিশ: মই তেতিয়াই মানা কৰিছিলোঁ। কোনেও নুশুন। এতিয়া পা মজাটো।
ৰাজেশ: কি কৰিবি এতিয়া? বাব্লুৱে মাকহঁতক আনিব গৈছে  যোৰহাটলৈ।
কুন্তল: অব ক্যা কৰেগা? মামলাটো গম্ভীৰ হৈ গ’ল।
জ্যোতিশ: মনে মনে থাকক। আপোনাৰে আইডিয়া আছিল এইবোৰ। আমাক ছোৱালী সজাই ভাৰাঘৰ ল’বলৈ কোৱা। কৃষ্ণৰ পৰা কৃষ্ণা আৰু জ্যোতিশৰ পৰা জ্যোতিকা বনোৱা।পাউদাৰ, লিপষ্টিক সানি আচল ৰূপ পাহৰি গৈছোঁ।
কৃষ্ণ: ছোৱালীৰ দৰে খোজ কাঢ়ি, কথা পাতি আজিকালি তেনেকুৱা ল’ৰাৰ চাল চলন, মাত কথা পাহৰি গৈছোঁ। তাতে দিনেশে বিয়াৰ প্ৰস্তাব দিছে আৰু অমৰীশ পুৰী বায়েক কেইজনীয়েও মত দিছে।
জ্যোতিশ: মোক বাব্লুৱে ইমান লিপষ্টিক, কাজল উপহাৰ দিছে। মই দোকানে দিব পাৰিম।
ৰাজেশ: হুহ, সব মোৰ দোকানৰ পৰা বাকী কৰি নিছে। এটকাও দিয়া নাই।
কুন্তল: লেকীন অব ক্যা কৰেগা? কিবা একটা কৰিবই লাগিব না।
কৃষ্ণ আৰু জ্যোতিশে একেলগে
“কিবা কৰিম মানে আজিয়ে পলাম ঘৰ এৰি। নাথাকোঁ গুৱাহাটীত। ঘৰত গৈ খেতি কৰিম”
    ।।।।।।।।।।।।। সমাপ্ত ।।‌‌।‌।‌‌।‌‌‌।।।।।।।

☆ ★ ☆ ★ ☆

16 Comments

  • ৰিণ্টু

    চুপাৰ-ডুপাৰ হিট

    Reply
  • কমলা দাস

    😂😂😂 মজা চিনেমা

    Reply
  • হাঁ হাঁ ৷ কি টুইস্ত!

    Reply
    • ডলী

      ধন্যবাদ

      Reply
      • দীক্ষিতা

        এইখন চুপাৰ ডুপাৰ হিট ফিলিম।

        Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া ।এজ অলৱেজ

    Reply
  • Anonymous

    মই মোৰ মানুহজনক বেয়া পাইছো। ইমান ধুনীয়া মানুহজনী থাকোতে লোকক লাইন মাৰিবলৈ যায়।

    Reply
  • পূৰবী

    মই মোৰ মানুহজনক বেয়া পাইছো। ইমান ধুনীয়া মানুহজনী থাকোতে লোকক লাইন মাৰিবলৈ যায়।

    Reply
  • অভিজিত কলিতা

    হা হা। পাগল হম হাঁ‌হি হাঁ‌হি

    Reply
  • জয়ন্ত দাস

    মজ্জা হৈছে৷ চুপাৰহিট৷

    Reply

Leave a Reply

Your email address will not be published.